মোৰ সতীৰ্থ ভাৰতীয়সকল,
নমস্কাৰ!
২৬ নৱেম্বৰ হৈছে প্ৰতিজন ভাৰতীয়ৰ বাবে এক অপৰিসীম গৌৰৱৰ দিন। ১৯৪৯ চনৰ এই দিনটোতে সংবিধান সমিতিয়ে ভাৰতৰ সংবিধান গ্ৰহণ কৰিছিল। ই হৈছে এক পবিত্ৰ দস্তাবেজ, যিয়ে স্পষ্টতা আৰু দৃঢ় বিশ্বাসেৰে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰি আহিছে। সেয়েহে, প্ৰায় এটা দশক পূৰ্বে ২০১৫ চনত এন ডি এ চৰকাৰে ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
আমাৰ সংবিধানৰ শক্তিয়ে মোৰ দৰে এজন সাধাৰণ তথা অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ পৰা অহা ব্যক্তিক ২৪ বছৰৰো অধিক সময় ধৰি নিৰন্তৰভাৱে চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম কৰি তুলিছে। মই এতিয়াও ২০১৪ চনৰ সেই মুহূৰ্তবোৰ মনত ৰাখিছো, যেতিয়া মই প্ৰথমবাৰৰ বাবে সংসদলৈ আহিছিলো আৰু গণতন্ত্রৰ সৰ্বশ্ৰেষ্ঠ মন্দিৰৰ খটখটি স্পৰ্শ কৰি প্ৰণিপাত কৰিছিলো। পুনৰ ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফলৰ পাছত যেতিয়া মই সংবিধান সদনৰ কেন্দ্ৰীয় হলত প্ৰৱেশ কৰিলো, শ্ৰদ্ধাৰ চিনস্বৰূপে সংবিধানখনক মই মোৰ কপালত লগাই প্ৰণিপাত কৰো। এই সংবিধানখনে মোৰ দৰে আন কেইবাজনো লোকক সপোন দেখাৰ ক্ষমতা দিছে আৰু সেই দিশত কাম কৰাৰ শক্তি প্ৰদান কৰিছে।
সংবিধান দিৱসত আমি সংবিধান সভাৰ পূৰ্বৰ সকলো অনুপ্ৰেৰণাদায়ী সদস্যক স্মৰণ কৰো, যাৰ সভাপতিত্ব কৰিছিল ড০ ৰাজেন্দ্ৰ প্ৰসাদে, যিয়ে সংবিধান প্ৰস্তুতিত অৰিহণা যোগাইছিল। আমি ড০ বাবাচাহেব আম্বেদকাৰৰ প্ৰচেষ্টাক স্মৰণ কৰো, যিয়ে উল্লেখনীয় দূৰদৰ্শিতাৰ সৈতে খচৰা সমিতিৰ সভাপতিত্ব কৰিছিল। সংবিধান সভাৰ কেইবাগৰাকীও বিশিষ্ট মহিলা সদস্যই তেওঁলোকৰ চিন্তাশীল হস্তক্ষেপ আৰু দূৰদৰ্শী দৃষ্টিভংগীৰে সংবিধানক সমৃদ্ধ কৰিছিল।
মোৰ মন ২০১০ বৰ্ষলৈ ঘূৰি যায়। এই সময়ছোৱাত ভাৰতৰ সংবিধানে ৬০ বছৰ সম্পূৰ্ণ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে এই উপলক্ষ্যই ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ যোগ্য গুৰুত্ব লাভ কৰা নাছিল। কিন্তু সংবিধানৰ প্ৰতি আমাৰ সামূহিক কৃতজ্ঞতা আৰু প্ৰতিশ্ৰুতি প্ৰকাশ কৰিবলৈ আমি গুজৰাটত ‘সংবিধান গৌৰৱ যাত্ৰা’ৰ আয়োজন কৰিছিলো। আমাৰ সংবিধানখন এটা হাতীৰ ওপৰত স্থাপন কৰা হৈছিল আৰু মই বিভিন্ন ক্ষেত্ৰৰ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ সন্মান লাভ কৰিছিলো।
যেতিয়া সংবিধানখনে ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, আমি সিদ্ধান্ত লওঁ যে ই ভাৰতৰ জনসাধাৰণৰ বাবে এক অসাধাৰণ মাইলৰ খুঁটিত পৰিণত হ’ব। এই ঐতিহাসিক মুহূৰ্তটো স্মৰণ কৰিবলৈ সংসদত এখন বিশেষ অধিৱেশনৰ আয়োজন কৰাৰ লগতে দেশজোৰা কাৰ্যসূচী আৰম্ভ কৰাৰ সৌভাগ্য আমাৰ হৈছিল। এই কাৰ্যসূচীসমূহত অভিলেখসংখ্যক জনসাধাৰণৰ অংশগ্ৰহণ দেখা গৈছিল।
এই বছৰৰ সংবিধান দিৱস বিভিন্ন কাৰণত বিশেষ।
এইবাৰ দুগৰাকী অসাধাৰণ ব্যক্তিত্ব- চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী পালন কৰা হয়। দুয়োগৰাকীয়ে আমাৰ ৰাষ্ট্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। চৰ্দাৰ পেটেলৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বই ভাৰতৰ ৰাজনৈতিক একত্ৰীকৰণ নিশ্চিত কৰিছিল। তেওঁৰ অনুপ্ৰেৰণা আৰু দৃঢ় বিশ্বাসৰ সাহসেই ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আমাৰ পদক্ষেপসমূহক পথ প্ৰদৰ্শন কৰিছিল। ভাৰতৰ সংবিধান এতিয়া জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে বলৱৎ হৈ পৰিছে, যিয়ে জনসাধাৰণ, বিশেষকৈ মহিলা আৰু প্রান্তীয় সম্প্ৰদায়ৰ বাবে সকলো সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে। ভগৱান বীৰছা মুণ্ডাৰ জীৱনে আমাৰ জনজাতীয় সম্প্ৰদায়ৰ বাবে ন্যায়, মৰ্যাদা আৰু সবলীকৰণ নিশ্চিত কৰাৰ বাবে ভাৰতৰ সংকল্পক অনুপ্ৰাণিত কৰি আহিছে।
এই বছৰ আমি বন্দে মাতৰমৰ ১৫০ সংখ্যক বাৰ্ষিকীও উদযাপন কৰিছো, যাৰ শব্দবোৰ যুগ যুগ ধৰি ভাৰতীয়সকলৰ সামূহিক সংকল্পৰ সৈতে প্ৰতিধ্বনিত হয়। একে সময়তে আমি শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ বাৰ্ষিকী উদযাপন কৰো, যাৰ জীৱন আৰু ত্যাগে আমাক সাহস, সহানুভূতি আৰু শক্তিৰে আলোকিত কৰি আছে।
এই সকলো ব্যক্তিত্ব আৰু মাইলৰ খুঁটিয়ে আমাক কৰ্তব্যৰ প্ৰাথমিকতাৰ কথা সোঁৱৰাই দিয়ে, যিসমূহৰ বিষয়ে সংবিধানৰ অনুচ্ছেদ ৫১ এ-ৰ মৌলিক কৰ্তব্যৰ ওপৰত সমৰ্পিত অধ্যায়ৰ জৰিয়তেও গুৰুত্ব আৰোপ কৰা হৈছে। এই কৰ্তব্যসমূহে আমাক সামূহিকভাৱে সামাজিক আৰু অৰ্থনৈতিক প্ৰগতি কিদৰে লাভ কৰিব পাৰি, সেই বিষয়ে পথ প্ৰদৰ্শন কৰে। মহাত্মা গান্ধীয়ে সদায় নাগৰিকৰ কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে সুন্দৰভাৱে সম্পাদন কৰা কৰ্তব্যই এক সংগতিপূৰ্ণ অধিকাৰৰ সৃষ্টি কৰে আৰু প্ৰকৃত অধিকাৰ হৈছে কৰ্তব্য পালনৰ ফল।
ইতিমধ্যে এই শতিকা আৰম্ভ হোৱাৰ ২৫ বছৰ পাৰ হৈ গৈছে। এতিয়াৰ পৰা মাত্ৰ দুটা দশকৰ পিছত আমি ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিম। ২০৪৯ চনত সংবিধান গৃহীত হোৱাৰ এশ বছৰ হ’ব। আমি প্ৰস্তুত কৰা নীতি, আজি আমি লোৱা সিদ্ধান্ত আৰু আমাৰ সামূহিক কাৰ্য্যই ভৱিষ্যৎ প্ৰজন্মৰ জীৱন গঢ়ি তুলিব।
ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে সদায় আমাৰ ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিব লাগিব।
আমাৰ দেশে আমাক বহুতো দিছে আৰু ইয়ে গভীৰ কৃতজ্ঞতাৰ ভাব কঢ়িয়াই আনে। যেতিয়া আমি এই অনুভূতিৰে জীয়াই থাকো, তেতিয়া কৰ্তব্য পালন কৰাৰ বিষয়টো আমাৰ বাবে অবিচ্ছেদ্য অংগ হৈ পৰে। কৰ্তব্য পালনৰ ক্ষেত্ৰত, প্ৰতিটো কাম আমাৰ সম্পূৰ্ণ সামৰ্থ্যৰে তথা সমর্পণেৰে কৰাটো আমাৰ বাবে অনিবাৰ্য হৈ পৰে। আমাৰ প্ৰতিটো কাৰ্যই সংবিধানক শক্তিশালী কৰিব লাগে আৰু ৰাষ্ট্ৰীয় লক্ষ্য তথা স্বাৰ্থসমূহক আগুৱাই নিব লাগে। আমাৰ সংবিধান প্ৰণেতাসকলে কল্পনা কৰা সপোনবোৰ পূৰণ কৰাটো আমাৰ দায়িত্ব। যেতিয়া আমি এই কৰ্তব্যবোধৰ সৈতে কাম কৰিম, আমাৰ ৰাষ্ট্ৰৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰগতি বহুগুণে বৃদ্ধি পাব।
আমাৰ সংবিধানে আমাক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে। নাগৰিক হিচাপে আমি পঞ্জীয়নভুক্ত হৈ থকা ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় নিৰ্বাচনত ভোটদানৰ সুযোগ কেতিয়াও নেহেৰুওৱাটো আমাৰ কৰ্তব্য। আনক উৎসাহিত কৰাৰ উদ্দশ্যেৰে, ১৮ বছৰ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিবলৈ আমি প্ৰতিবছৰে ২৬ নৱেম্বৰত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিশেষ অনুষ্ঠান আয়োজন কৰাৰ কথা ভাবিব পাৰো। এনেদৰে আমাৰ প্ৰথমবাৰৰ ভোটদাতাসকলে অনুভৱ কৰিব যে শিক্ষাৰ্থী হোৱাৰ উপৰি তেওঁলোক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণকাৰী।
যেতিয়া আমি আমাৰ যুৱপ্ৰজন্মক দায়িত্ব আৰু গৌৰৱৰ ভাৱনাৰে অনুপ্ৰাণিত কৰিম, তেতিয়া তেওঁলোক গোটেই জীৱন গণতন্ত্ৰৰ মূল্যবোধৰ প্ৰতি দায়বদ্ধ হৈ থাকিব। এই দায়বদ্ধতাৰ ভাৱনাই হৈছে এক শক্তিশালী ৰাষ্ট্ৰৰ ভেঁটি।
আহক, আমি সংবিধান দিৱসত এই মহান ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমাৰ কৰ্তব্য পালন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰো। ইয়াৰ দ্বাৰা আমি সকলোৱে এখন উন্নত আৰু সবল বিকশিত ভাৰত গঢ়ি তোলাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰো।
আপোনাৰ,
নৰেন্দ্ৰ মোদী






