
প্ৰধানমন্ত্ৰী মহোদয়, ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হোৱাৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ। এয়া ৰাজনৈতিক অলৌকিকতাৰ দৰে। *-

প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপোনাক ইয়াত নাইচত আদৰণি জনাবলৈ পোৱাটো হৈছে এক বৃহৎ সন্মান। কেইমাহমানৰ আগতে আমি যৌথভাৱে মুম্বাইত ‘ইয়াৰ অব ফ্ৰন্স-ভাৰত ইনোভেশ্যন’ আৰম্ভ কৰিছিলো। ভাৰতে উদ্ভাৱন কৰিছে নে নাই, বৰঞ্চ ভাৰতৰ সৈতে অংশীদাৰিত্বৰে কোনে উদ্ভাৱন কৰিব প্ৰশ্ন সেইটো নাছিল... প্ৰিয় প্ৰধানমন্ত্ৰী, মই আপোনাক ইয়ালৈ অহাৰ বাবে অভিনন্দন জনাইছোঁ, আৰু মাত্ৰ কেইদিনমানৰ আগতে, আপুনি ভাৰতৰ স্বাধীনতাৰ পিছত সৰ্বাধিক দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হৈ পৰিল। আপোনাৰ দৃঢ় সংকল্প আৰু আপোনাৰ দেশৰ সামৰ্থ্যক প্ৰতিফলিত কৰা এক দীঘলীয়া যাত্ৰা; সঁচাকৈয়ে ই উল্লেখযোগ্য। সেয়েহে আমি আপোনাক আমাৰ মাজত ইয়াত পাই অতিকে গৌৰৱান্বিত।

ভাৰতীয়-মূলৰ অষ্ট্ৰেলিয়ান সম্প্ৰদায়ৰ অসাধাৰণ অৱদানক স্বীকৃতি নিদিলে আধুনিক অষ্ট্ৰেলিয়াৰ কাহিনী সম্পূৰ্ণ হ’ব নোৱাৰে। উদ্যোগিতা আৰু উদ্ভাৱনৰ পৰা স্বাস্থ্যসেৱা, শিক্ষা, প্ৰযুক্তি আৰু জনসেৱালৈকে—ভাৰতীয়-অষ্ট্ৰেলিয়ানসকলে দেশখনৰ সফলতা গঢ় দিয়াত অব্যাহতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰত যেতিয়া এক বিশ্বব্যাপী অৰ্থনৈতিক শক্তিকেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশে আগবাঢ়িছে, তেতিয়া বাণিজ্য, বিনিয়োগ, শিক্ষা, প্ৰযুক্তি আৰু গভীৰ জনসাধাৰণ-স্তৰৰ সম্পৰ্কৰ জৰিয়তে আমাৰ দুয়োখন দেশৰ মাজৰ সেতুবন্ধন আৰু অধিক শক্তিশালী হৈ উঠিছে। একেলগে, অষ্ট্ৰেলিয়া আৰু ভাৰতে একবিংশ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্বসমূহৰ অন্যতম গঢ়ি তুলিছে।

এই ভ্ৰমণৰ পূৰ্বে দ্বিপাক্ষিক মিছনৰ অংশ হিচাপে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ শেষ ইটালী ভ্ৰমণ হৈছিল ২০০০ চনত, অৰ্থাৎ ২৬ বছৰ পূৰ্বে। আৰু আজি, এই ভ্ৰমণৰ জৰিয়তে আমি কেৱল সেই ব্যৱধান দূৰ কৰাই নহয়, একেলগে আমাৰ দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদান কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছোঁ।

আমি ভাৰতত উপস্থিত থকা এই কেইবছৰত দেশখনত বহু পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। ইয়াৰ এটা উল্লেখযোগ্য উদাহৰণ হৈছে ভাৰতৰ ভিতৰত ৰাজ্যসমূহৰ মাজত বাণিজ্যিক প্ৰক্ৰিয়া সৰল কৰা। আজি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত জাহাজ নিৰ্মাণৰ বিষয়ে উল্লেখ কৰিছে, আৰু বিষয়টো মোৰ অতি আগ্ৰহৰ। কিয়নো বিশ্বৰ মেৰিন কোটিংছ উদ্যোগৰ ২৫ শতাংশ আমাৰ দখলত আছে, অৰ্থাৎ আমাৰ বজাৰ অংশীদাৰিত্ব ২৫ শতাংশ। সেয়ে, ভাৰতত যিমান অধিক জাহাজ নিৰ্মাণ হ’ব, সিমানেই ভাৰতত আমাৰ ব্যৱসায় বৃদ্ধিৰ সুযোগ সৃষ্টি হ’ব।

ভাৰতত ব্যৱসায় কৰাৰ প্ৰক্ৰিয়া সৰলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নিষ্ঠা আৰু একাগ্ৰতাই সামগ্ৰিক ব্যৱসায়িক পৰিৱেশ উন্নত কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীক ইয়াত পাই তেওঁৰ দৃষ্টিভংগী শুনিবলৈ পোৱাটো আমাৰ বাবে অত্যন্ত উপযোগী হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকা, ইয়াৰ সংযোগ আৰু অভিজ্ঞতা অত্যন্ত তাৎপৰ্যপূৰ্ণ।

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ নিৰ্ণায়ক অগ্ৰগতি বহুলাংশে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শিতা, দৃঢ় সংকল্প আৰু ব্যক্তিগত নেতৃত্বৰ ফল।

আমি ৯০,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমাৰ যাত্ৰা মাত্ৰ আৰম্ভ হৈছে। আমি কেনেদৰে আৰু অধিক বিনিয়োগ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰি আছোঁ। আমি তাত এআই মডেলসমূহৰ প্ৰশিক্ষণৰ কাম কৰি আছোঁ, আৰু মোৰ বিশ্বাস যে ভাৰতে কেৱল বৰ্তমানৰ বিনিয়োগকাৰীসকলক ধৰি ৰখাই নহয়, প্ৰযুক্তিত বিনিয়োগৰ জৰিয়তে অধিক সমৃদ্ধিশালী ভৱিষ্যৎ গঢ়ি তোলাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব অসাধাৰণ। সেই লক্ষ্যৰ প্ৰতিয়ে আমি প্ৰতিশ্ৰুতিবদ্ধ।

মোৰ মতে, ভাৰত নিঃসন্দেহে সঠিক পথত আগবাঢ়িছে, আৰু স্বাভাৱিকভাৱেই সেয়া প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সম্ভৱ হৈছে।

মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ হৈছিল ভাইব্ৰেণ্ট গুজৰাটত। সেই সময়ত মোক বিশেষভাৱে মুগ্ধ কৰা বিষয়সমূহৰ ভিতৰত অন্যতম আছিল বন্দৰ খণ্ডৰ বিষয়ে তেওঁৰ বিস্তৃত জ্ঞান আৰু অৰ্থনৈতিক অগ্ৰগতি ত্বৰান্বিত কৰাত পৰিবহণ খণ্ডসমূহৰ গুৰুত্ব সম্পৰ্কে তেওঁৰ গভীৰ বুজাবুজি। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা সময়ছোৱাত লাভ কৰা অভিজ্ঞতাৰ ফলত বন্দৰ খণ্ডৰ বিষয়ে তেওঁৰ অতি নিৰ্দিষ্ট আৰু গভীৰ জ্ঞান আছিল।

আপোনাৰ নেতৃত্বৰ বাবে মই আপোনাক (প্ৰধানমন্ত্ৰী মোদী) অভিনন্দন জনাইছো। বাণিজ্য মন্ত্ৰী হিচাপে ২০১৩ চনত মই অন্তিমবাৰ ভাৰত ভ্ৰমণ কৰিছিলো আৰু নতুন দিল্লীৰ ৰাজপথত মই যি পৰিৱৰ্তন দেখিলোঁ আৰু পৰৱৰ্ৰতী দিনকেইটাত মুম্বাইত মই যি পৰিৱৰ্তন দেখিবলৈ পাম, সেয়া সহজে অনুমেয়। এয়া এক অৰ্থনৈতিক অলৌকিক ঘটনা যিটো আমি প্ৰত্যক্ষ কৰিছো।