মোৰ সতীৰ্থ ভাৰতীয়সকল,

নমস্কাৰ!

২৬ নৱেম্বৰ হৈছে প্ৰতিজন ভাৰতীয়ৰ বাবে এক অপৰিসীম গৌৰৱৰ দিন। ১৯৪৯ চনৰ এই দিনটোতে সংবিধান সমিতিয়ে ভাৰতৰ সংবিধান গ্ৰহণ কৰিছিল। ই হৈছে এক পবিত্ৰ দস্তাবেজ, যিয়ে স্পষ্টতা আৰু দৃঢ় বিশ্বাসেৰে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰি আহিছে। সেয়েহে, প্ৰায় এটা দশক পূৰ্বে ২০১৫ চনত এন ডি এ চৰকাৰে ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আমাৰ সংবিধানৰ শক্তিয়ে মোৰ দৰে এজন সাধাৰণ তথা অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ পৰা অহা ব্যক্তিক ২৪ বছৰৰো অধিক সময় ধৰি নিৰন্তৰভাৱে চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম কৰি তুলিছে। মই এতিয়াও ২০১৪ চনৰ সেই মুহূৰ্তবোৰ মনত ৰাখিছো, যেতিয়া মই প্ৰথমবাৰৰ বাবে সংসদলৈ আহিছিলো আৰু গণতন্ত্রৰ সৰ্বশ্ৰেষ্ঠ মন্দিৰৰ খটখটি স্পৰ্শ কৰি প্ৰণিপাত কৰিছিলো। পুনৰ ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফলৰ পাছত যেতিয়া মই সংবিধান সদনৰ কেন্দ্ৰীয় হলত প্ৰৱেশ কৰিলো, শ্ৰদ্ধাৰ চিনস্বৰূপে সংবিধানখনক মই মোৰ কপালত লগাই প্ৰণিপাত কৰো। এই সংবিধানখনে মোৰ দৰে আন কেইবাজনো লোকক সপোন দেখাৰ ক্ষমতা দিছে আৰু সেই দিশত কাম কৰাৰ শক্তি প্ৰদান কৰিছে।

সংবিধান দিৱসত আমি সংবিধান সভাৰ পূৰ্বৰ সকলো অনুপ্ৰেৰণাদায়ী সদস্যক স্মৰণ কৰো, যাৰ সভাপতিত্ব কৰিছিল ড০ ৰাজেন্দ্ৰ প্ৰসাদে, যিয়ে সংবিধান প্ৰস্তুতিত অৰিহণা যোগাইছিল। আমি ড০ বাবাচাহেব আম্বেদকাৰৰ প্ৰচেষ্টাক স্মৰণ কৰো, যিয়ে উল্লেখনীয় দূৰদৰ্শিতাৰ সৈতে খচৰা সমিতিৰ সভাপতিত্ব কৰিছিল। সংবিধান সভাৰ কেইবাগৰাকীও বিশিষ্ট মহিলা সদস্যই তেওঁলোকৰ চিন্তাশীল হস্তক্ষেপ আৰু দূৰদৰ্শী দৃষ্টিভংগীৰে সংবিধানক সমৃদ্ধ কৰিছিল।

মোৰ মন ২০১০ বৰ্ষলৈ ঘূৰি যায়। এই সময়ছোৱাত ভাৰতৰ সংবিধানে ৬০ বছৰ সম্পূৰ্ণ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে এই উপলক্ষ্যই ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ যোগ্য গুৰুত্ব লাভ কৰা নাছিল। কিন্তু সংবিধানৰ প্ৰতি আমাৰ সামূহিক কৃতজ্ঞতা আৰু প্ৰতিশ্ৰুতি প্ৰকাশ কৰিবলৈ আমি গুজৰাটত ‘সংবিধান গৌৰৱ যাত্ৰা’ৰ আয়োজন কৰিছিলো। আমাৰ সংবিধানখন এটা হাতীৰ ওপৰত স্থাপন কৰা হৈছিল আৰু মই বিভিন্ন ক্ষেত্ৰৰ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ সন্মান লাভ কৰিছিলো।

যেতিয়া সংবিধানখনে ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, আমি সিদ্ধান্ত লওঁ যে ই ভাৰতৰ জনসাধাৰণৰ বাবে এক অসাধাৰণ মাইলৰ খুঁটিত পৰিণত হ’ব। এই ঐতিহাসিক মুহূৰ্তটো স্মৰণ কৰিবলৈ সংসদত এখন বিশেষ অধিৱেশনৰ আয়োজন কৰাৰ লগতে দেশজোৰা কাৰ্যসূচী আৰম্ভ কৰাৰ সৌভাগ্য আমাৰ হৈছিল। এই কাৰ্যসূচীসমূহত অভিলেখসংখ্যক জনসাধাৰণৰ অংশগ্ৰহণ দেখা গৈছিল।

এই বছৰৰ সংবিধান দিৱস বিভিন্ন কাৰণত বিশেষ।

এইবাৰ দুগৰাকী অসাধাৰণ ব্যক্তিত্ব- চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী পালন কৰা হয়। দুয়োগৰাকীয়ে আমাৰ ৰাষ্ট্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। চৰ্দাৰ পেটেলৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বই ভাৰতৰ ৰাজনৈতিক একত্ৰীকৰণ নিশ্চিত কৰিছিল। তেওঁৰ অনুপ্ৰেৰণা আৰু দৃঢ় বিশ্বাসৰ সাহসেই ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আমাৰ পদক্ষেপসমূহক পথ প্ৰদৰ্শন কৰিছিল। ভাৰতৰ সংবিধান এতিয়া জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে বলৱৎ হৈ পৰিছে, যিয়ে জনসাধাৰণ, বিশেষকৈ মহিলা আৰু প্রান্তীয় সম্প্ৰদায়ৰ বাবে সকলো সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে। ভগৱান বীৰছা মুণ্ডাৰ জীৱনে আমাৰ জনজাতীয় সম্প্ৰদায়ৰ বাবে ন্যায়, মৰ্যাদা আৰু সবলীকৰণ নিশ্চিত কৰাৰ বাবে ভাৰতৰ সংকল্পক অনুপ্ৰাণিত কৰি আহিছে।

এই বছৰ আমি বন্দে মাতৰমৰ ১৫০ সংখ্যক বাৰ্ষিকীও উদযাপন কৰিছো, যাৰ শব্দবোৰ যুগ যুগ ধৰি ভাৰতীয়সকলৰ সামূহিক সংকল্পৰ সৈতে প্ৰতিধ্বনিত হয়। একে সময়তে আমি শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ বাৰ্ষিকী উদযাপন কৰো, যাৰ জীৱন আৰু ত্যাগে আমাক সাহস, সহানুভূতি আৰু শক্তিৰে আলোকিত কৰি আছে।

এই সকলো ব্যক্তিত্ব আৰু মাইলৰ খুঁটিয়ে আমাক কৰ্তব্যৰ প্ৰাথমিকতাৰ কথা সোঁৱৰাই দিয়ে, যিসমূহৰ বিষয়ে সংবিধানৰ অনুচ্ছেদ ৫১ এ-ৰ মৌলিক কৰ্তব্যৰ ওপৰত সমৰ্পিত অধ্যায়ৰ জৰিয়তেও গুৰুত্ব আৰোপ কৰা হৈছে। এই কৰ্তব্যসমূহে আমাক সামূহিকভাৱে সামাজিক আৰু অৰ্থনৈতিক প্ৰগতি কিদৰে লাভ কৰিব পাৰি, সেই বিষয়ে পথ প্ৰদৰ্শন কৰে। মহাত্মা গান্ধীয়ে সদায় নাগৰিকৰ কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে সুন্দৰভাৱে সম্পাদন কৰা কৰ্তব্যই এক সংগতিপূৰ্ণ অধিকাৰৰ সৃষ্টি কৰে আৰু প্ৰকৃত অধিকাৰ হৈছে কৰ্তব্য পালনৰ ফল।

ইতিমধ্যে এই শতিকা আৰম্ভ হোৱাৰ ২৫ বছৰ পাৰ হৈ গৈছে। এতিয়াৰ পৰা মাত্ৰ দুটা দশকৰ পিছত আমি ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিম। ২০৪৯ চনত সংবিধান গৃহীত হোৱাৰ এশ বছৰ হ’ব। আমি প্ৰস্তুত কৰা নীতি, আজি আমি লোৱা সিদ্ধান্ত আৰু আমাৰ সামূহিক কাৰ্য্যই ভৱিষ্যৎ প্ৰজন্মৰ জীৱন গঢ়ি তুলিব।

ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে সদায় আমাৰ ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিব লাগিব।

আমাৰ দেশে আমাক বহুতো দিছে আৰু ইয়ে গভীৰ কৃতজ্ঞতাৰ ভাব কঢ়িয়াই আনে। যেতিয়া আমি এই অনুভূতিৰে জীয়াই থাকো, তেতিয়া কৰ্তব্য পালন কৰাৰ বিষয়টো আমাৰ বাবে অবিচ্ছেদ্য অংগ হৈ পৰে। কৰ্তব্য পালনৰ ক্ষেত্ৰত, প্ৰতিটো কাম আমাৰ সম্পূৰ্ণ সামৰ্থ্যৰে তথা সমর্পণেৰে কৰাটো আমাৰ বাবে অনিবাৰ্য হৈ পৰে। আমাৰ প্ৰতিটো কাৰ্যই সংবিধানক শক্তিশালী কৰিব লাগে আৰু ৰাষ্ট্ৰীয় লক্ষ্য তথা স্বাৰ্থসমূহক আগুৱাই নিব লাগে। আমাৰ সংবিধান প্ৰণেতাসকলে কল্পনা কৰা সপোনবোৰ পূৰণ কৰাটো আমাৰ দায়িত্ব। যেতিয়া আমি এই কৰ্তব্যবোধৰ সৈতে কাম কৰিম, আমাৰ ৰাষ্ট্ৰৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰগতি বহুগুণে বৃদ্ধি পাব।

আমাৰ সংবিধানে আমাক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে। নাগৰিক হিচাপে আমি পঞ্জীয়নভুক্ত হৈ থকা ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় নিৰ্বাচনত ভোটদানৰ সুযোগ কেতিয়াও নেহেৰুওৱাটো আমাৰ কৰ্তব্য। আনক উৎসাহিত কৰাৰ উদ্দশ্যেৰে, ১৮ বছৰ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিবলৈ আমি প্ৰতিবছৰে ২৬ নৱেম্বৰত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিশেষ অনুষ্ঠান আয়োজন কৰাৰ কথা ভাবিব পাৰো। এনেদৰে আমাৰ প্ৰথমবাৰৰ ভোটদাতাসকলে অনুভৱ কৰিব যে শিক্ষাৰ্থী হোৱাৰ উপৰি তেওঁলোক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণকাৰী।

যেতিয়া আমি আমাৰ যুৱপ্ৰজন্মক দায়িত্ব আৰু গৌৰৱৰ ভাৱনাৰে অনুপ্ৰাণিত কৰিম, তেতিয়া তেওঁলোক গোটেই জীৱন গণতন্ত্ৰৰ মূল্যবোধৰ প্ৰতি দায়বদ্ধ হৈ থাকিব। এই দায়বদ্ধতাৰ ভাৱনাই হৈছে এক শক্তিশালী ৰাষ্ট্ৰৰ ভেঁটি।

আহক, আমি সংবিধান দিৱসত এই মহান ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমাৰ কৰ্তব্য পালন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰো। ইয়াৰ দ্বাৰা আমি সকলোৱে এখন উন্নত আৰু সবল বিকশিত ভাৰত গঢ়ি তোলাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰো।

আপোনাৰ,

নৰেন্দ্ৰ মোদী

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।