শেহতীয়া মন কী বাত অনুষ্ঠানত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এগজাম ৱয়ৰিঅৰৰ নতুন আৰু শেহতীয়া সংস্কৰণটো আগবঢ়োৱা হৈছে। বহুকেইটা মঞ্চৰ জৰিয়তে দিয়া আগতীয়া ফৰমাইচৰ আধাৰত ই উপলব্ধ হব। (https://amzn.to/3eaYOHH) বা (https://bit.ly/3eeUVl8).ৰ জৰিয়তে এই ফৰমাইচ দিব পৰা যাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচনা কৰা এগজাম ৱয়ৰিঅৰ নামৰ গ্ৰন্থখন প্ৰথম বাৰৰ বাবে প্ৰকাশিত হৈছিল ২০১৮ চনত। জীৱনক অনুপ্ৰাণিত কৰিব পৰা, ভয় আঁতৰাই সাহসৰে পৰীক্ষাত অৱতীৰ্ণ হব পৰাকৈ প্ৰস্তুতি চলোৱাৰ লগতে অন্যান্য বিভিন্ন উদ্ভাৱনী ভাৱনা, কথা-বতৰা, দিক-দৰ্শী চিন্তাৰ সমাহাৰৰে গ্ৰন্থখন যুগুতাই উলিওৱা হৈছে। ইয়াৰ জৰিয়তে জ্ঞানৰ অন্বেষণৰ যাত্ৰাক উদযাপন কৰিব পৰা এক পৰিৱেশ ৰচনা কৰাৰ লগতে শিক্ষা আহৰণক কেৱল নম্বৰ আহৰণৰ সমল কৰাৰ পৰিৱৰ্তে শিকণৰ মাধ্যম কৰি লোৱাতহে বিশেষ গুৰুত্ব আৰোপ কৰিব খোজা হৈছে। 

গ্ৰন্থখন বহুকেইটা ভাষাত প্ৰকাশ কৰাৰ লগতে ইয়াৰ ব্ৰেইলী সংস্কৰণ প্ৰকাশৰো দিহা কৰা হৈছে। গ্ৰন্থখনৰ প্ৰথম সংস্কৰণটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু শিক্ষকসকলৰ মাজতো বিপুল জনপ্ৰিয়তা অৰ্জন কৰাৰ সুবাদত এইটো সংস্কৰণ অন্যতম সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ হিচাপেও পৰিগণিত হৈছিল।

শেহতীয়া তিনিটা বছৰত, প্ৰধানমন্ত্ৰীয়ে শিক্ষা খণ্ডৰে জড়িত বিভিন্ন লোকৰে মত-বিনিময়ৰ লগতে সংশ্লিষ্টসকলে এই প্ৰসংগত বিভিন্ন তথ্যৰ লগতে আগবঢ়োৱা চিন্তা-ভাৱনা, ধাৰণা তথা দিহা-পৰামৰ্শ আদি লাভ কৰিছে। 

মহামাৰীয়ে সৃষ্টি কৰা অভুতপূৰ্ব পৰিৱেশটোৰ পাচত, শিক্ষাখণ্ডকে ধৰি আন প্ৰতিটো খণ্ডই কাম-কাজ অব্যাহত ৰখাৰ বাবে নিজৰ কাম-কাজৰ গতি-প্ৰকৃতিৰ উত্তৰণ সাধনৰ প্ৰাসংগিকতা আহি পৰিছিল। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এগজাম ৱয়ৰিঅৰৰ এটি নতুন সংস্কৰণ যুগুতাই উলিওৱাৰ প্ৰাসংগিকতা অনুভৱ কৰিছিল।

এগজাম ৱয়ৰিঅৰৰ নতুন সংস্কৰণটোত মানসিক স্বাস্থ্য, লক্ষ্য-প্ৰাপ্তি, শ্ৰেণীকোঠাৰ চাৰিসীমা অতিক্ৰমী কৰা চিন্তাকে ধৰি অন্যান্য বহু প্ৰসংগকো অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। অভিভাৱকসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে পৰিয়ালৰ মাজত প্ৰযুক্তিৰ ভূমিকা, উত্সাহ, ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ সুস্থতা নিশ্চিত কৰাৰ লগতে অন্যান্য বহু প্ৰসংগও সন্নৱিষ্ট কৰিছে।

এগজাম ৱয়ৰিঅৰৰ প্ৰথমটো সংস্কৰণক ৰাইজে আদৰি লোৱাৰ মূলতে হৈছে গ্ৰন্থখনত সন্নৱিষ্ট কৰা প্ৰতিটো বিষয়বস্তু সন্দৰ্ভত কথোপকথন সম্বলিত কাৰ্যাৱলীৰ সংযোজন। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰন্থখনৰ নতুন সংস্কৰণটোত এনে কাৰ্যাৱলীৰ বিস্তৃত সংযোজন ঘটোৱাৰ উপৰি ইয়াক নৰেন্দ্ৰ মোদী এপ্-ৰ এগজাম ৱয়ৰিঅৰ মডিউলৰেও সংযোজিত কৰাৰ দিহা কৰা হৈছে। এই এপ্-ত সংযোজিত এগজাম ৱয়ৰিঅৰ মডিউল-য়ে গ্ৰন্থখনৰ প্ৰযুক্তি-সামাজিক দিশটোৰো অভিজ্ঞতা দান কৰিছে।

এগজাম ৱয়ৰিঅৰ নতুন আৰু শেহতীয়া সংস্কৰণটো বহুকেইটা মঞ্চৰ জৰিয়তে দিয়া আগতীয়া ফৰমাইচৰ আধাৰত উপলব্ধ হব। (https://amzn.to/3eaYOHH) বা (https://bit.ly/3eeUVl8).ৰ জৰিয়তে এই ফৰমাইচ দিব পৰা যাব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India