প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ত আজাদী কা অমৃত মহোৎসৱৰ অধীনত আয়োজিত ইউনিটি ইন ক্ৰিয়েটিভিটি প্ৰতিযোগিতাৰ বিজয়ী তথা অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনাইছে।
দেশখনৰ ভিন্ন প্ৰান্তৰ ৫ লাখৰো অধিক লোকে উৎসাহেৰে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ২৭২ গৰাকী বিজয়ীক নিৰ্বাচিত কৰা হৈছে। তেওঁলোকৰ সৃজনীশীলতাৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ে তেওঁলোকক বঁটা প্ৰদান কৰিছে। দিল্লীৰ নেহৰু পাৰ্কত এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেল অনুষ্ঠিত হৈছে।
অমৃত মহোৎসৱৰ এলানি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“আশ্চৰ্য্যকৰ সৃজনীশীলতাৰে ভৰা দেশপ্ৰেমৰ এই মনোভাৱে #UnityInCreativity ক এক নতুন মাত্ৰা প্ৰদান কৰিছে। লাখ-লাখ দেশবাসীৰ সক্ৰিয় অংশগ্ৰহণে সকলোকে অনুপ্ৰাণিত কৰিছে। বিজয়ীসকলৰ লগতে সকলো অংশগ্ৰহণকাৰীকে অলেখ অভিনন্দন জনালো।”
अद्भुत रचनात्मकता से भरी देशभक्ति की इस भावना ने #UnityInCreativity की एक नई मिसाल पेश की है। जिस प्रकार लाखों देशवासियों ने इसमें बढ़-चढ़कर भागीदारी की, वो हर किसी को प्रेरित करने वाला है। विजेताओं के साथ ही सभी प्रतिभागियों को बहुत-बहुत शुभकामनाएं। https://t.co/b25XwOsXJy
— Narendra Modi (@narendramodi) February 8, 2023


