প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ৰ পুৰুষৰ ৫০০০ মিটাৰ টি১১ ইভেণ্টত স্বৰ্ণ পদক জয়ৰ বাবে অংকুৰ ধামাক অভিনন্দন জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“পুৰুষৰ ৫০০০ মিটাৰ টি১১ ইভেণ্টত স্বৰ্ণ পদক জয়ৰ বাবে অংকুৰ ধামাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁৰ প্ৰদৰ্শন আশ্বৰ্যজনক আৰু ই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি তুলিছে। তেওঁ নতুন দিগন্ত স্পৰ্শ কৰক!”
Heartiest congratulations to @AnkurAthlete on the exceptional Gold Medal win in Men's 5000m T11. His remarkable performance was awe-inspiring and has made our nation proud. May he continue to chase new horizons! pic.twitter.com/HSEgjVXito
— Narendra Modi (@narendramodi) October 23, 2023


