মোৰ প্ৰিয় দেশবাসী,
নমস্কাৰ!
সমগ্ৰ দেশে নৱৰাত্ৰিৰ শুভাৰম্ভণি উদযাপন কৰাৰ সময়তে আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই উৎসৱে সকলোৰে বাবে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক।
এইবাৰ উৎসৱৰ বতৰে আনন্দৰ আন এক কাৰণ কঢ়িয়াই আনিছে। ২২ ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰ কাৰ্যকৰী হৈছে, সমগ্ৰ দেশতে ‘জিএছটি বচট উৎসৱ’ বা ‘জিএছটি সঞ্চয় উৎসৱ’ আৰম্ভ হৈছে।
এই সংস্কাৰসমূহে সঞ্চয়ৰ প্ৰসাৰ ঘটাব আৰু কৃষক, মহিলা, যুৱ, দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, ব্যৱসায়ী বা এম এছ এম ইকে সমাজৰ প্ৰতিটো শ্ৰেণীকে প্ৰত্যক্ষভাৱে লাভৱান কৰিব। এই সংস্কাৰসমূহে অধিক বৃদ্ধি আৰু বিনিয়োগক উৎসাহিত কৰিব আৰু প্ৰতিখন ৰাজ্য আৰু অঞ্চলৰ অগ্ৰগতি ত্বৰান্বিত কৰিব।
পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ইয়াত মূলতঃ দুটা শ্লেব থাকিব, ৫% আৰু ১৮%।
দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে খাদ্য, ঔষধ, চাবোন, টুথপেষ্ট, বীমা আৰু আন বহুতো সামগ্ৰী এতিয়া হয় কৰমুক্ত হ’ব, নহয় আটাইতকৈ কম ৫% কৰ শ্লেবত পৰিব। পূৰ্বে ১২% কৰ আৰোপ কৰা সামগ্ৰীত এতিয়া প্ৰায় সম্পূৰ্ণৰূপে ৫% কৰ আৰোপ কৰা হৈছে।
বিভিন্ন দোকানী আৰু ব্যৱসায়ীয়ে সংস্কাৰৰ আগৰ আৰু পিছৰ কৰ পাৰ্থক্য দেখুওৱা "তেতিয়া আৰু এতিয়া" বুলি লিখা ফলক লগোৱা দেখি মনটো আনন্দিত হৈছে।
যোৱা কেইবছৰমানৰ ভিতৰত, ২৫ কোটি লোকে দৰিদ্ৰতা অতিক্ৰম কৰি এক উচ্চাকাংক্ষী নব্য-মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰিছে।
তদুপৰি আমি আয়কৰ বহু পৰিমাণে হ্ৰাস কৰি আমাৰ মধ্যবিত্ত শ্ৰেণীৰ হাত শক্তিশালী কৰিছো, যিয়ে বাৰ্ষিক ১২ লাখ টকালৈকে আয়ৰ লোকৰ বাবে কৰ শূণ্য হোৱাটো নিশ্চিত কৰিছে।
যদি আমি আয়কৰ কৰ্তন আৰু পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰক একত্ৰিত কৰো, তেন্তে ইয়াৰ ফলত প্ৰায় ২.৫ লাখ কোটি টকা ৰাহি হ’ব।
আপোনাৰ ঘৰৰ খৰচ কমি যাব, যাৰ ফলত ঘৰ নিৰ্মাণ, বাহন ক্ৰয়, সঁজুলি ক্ৰয়, বাহিৰত খাদ্যগ্ৰহণ বা পৰিয়ালৰ অৱসৰ বিনোদন পৰিকল্পনা কৰা আদি আকাংক্ষা পূৰণ কৰাটো সহজ হ’ব।
২০১৭ চনৰ পৰা আৰম্ভ হোৱা আমাৰ দেশৰ জিএছটি যাত্ৰাই আমাৰ নাগৰিক আৰু ব্যৱসায়ীসকলক একাধিক কৰৰ ফান্দৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ল। জিএছটিয়ে দেশক অৰ্থনৈতিকভাৱে একত্ৰিত কৰিলে। ‘এক দেশ, এক কৰে’ অভিন্নতা আৰু সকাহ প্ৰদান কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে সক্ৰিয় অংশগ্ৰহণেৰে জিএছটি পৰিষদে জনসাধাৰণৰ হিতাৰ্থে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।
এতিয়া এই নতুন সংস্কাৰসমূহে আমাক আৰু আগুৱাই লৈ গৈছে, ব্যৱস্থাটোক সৰল কৰি তুলিছে, কৰৰ হাৰ হ্ৰাস কৰাৰ লগতে জনসাধাৰণৰ অধিক সঞ্চয়ৰ ব্যৱস্থা কৰিছে।
আমাৰ ক্ষুদ্ৰ উদ্যোগ, দোকানী, ব্যৱসায়ী, উদ্যোগী আৰু এমএছএমই সমূহেও অধিক ব্যৱসায়ৰ সুচলতা আৰু অনুপালনৰ সুচলতাৰ সুবিধা লাভ কৰিব। কম কৰ, কম মূল্য আৰু সহজ নিয়মে উন্নত বিক্ৰী, অনুপালন বোজা হ্ৰাস আৰু বিশেষকৈ এমএছএমই খণ্ডত সুযোগ বৃদ্ধি পোৱাটোকে সূচাইছে।
আমাৰ সামূহিক লক্ষ্য ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়ি তোলা। ইয়াত উপনীত হ’বলৈ আত্মনিৰ্ভৰশীলতাৰ পথত আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয়। এই সংস্কাৰসমূহে আমাৰ থলুৱা উৎপাদনৰ আধাৰ শক্তিশালী কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ পথ প্ৰশস্ত কৰে।
আহক, এই ধাৰাত আমিও এই উৎসৱৰ বতৰত ভাৰতত নিৰ্মিত সামগ্ৰীসমূহ আকোঁৱালি লোৱাৰ প্ৰতিশ্ৰুতি দিওঁ। ইয়াৰ অৰ্থ হ’ল ব্ৰেণ্ড বা কোম্পানী যিয়েই নহওক কিয়, এজন ভাৰতীয়ৰ ঘাম আৰু কঠোৰ পৰিশ্ৰমেৰে নিৰ্মিত স্বদেশী সামগ্ৰী ক্ৰয় কৰা।
যেতিয়াই আপুনি আমাৰ নিজৰ শিল্পী, শ্ৰমিক আৰু উদ্যোগৰ দ্বাৰা নিৰ্মিত সামগ্ৰী ক্ৰয় কৰে, তেতিয়াই আপুনি বহু পৰিয়ালক জীৱিকা উপাৰ্জন কৰাত সহায় কৰাৰ লগতে আমাৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে।
আমাৰ দোকানী আৰু ব্যৱসায়ীসকলকো মেড ইন ইণ্ডিয়াৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহ্বান জনাইছো।
আহক, গৌৰৱেৰে কওঁ – আমি যি কিনিম সেয়া স্বদেশী৷
আহক, গৌৰৱেৰে কওঁ – আমি যি বিক্ৰী কৰিম সেয়া স্বদেশী৷
মই লগতে ৰাজ্য চৰকাৰসমূহক উদ্যোগ আৰু উৎপাদনক উৎসাহিত কৰাৰ লগতে বিনিয়োগৰ পৰিৱেশ উন্নত কৰিবলৈ আহ্বান জনাইছো।
আকৌ এবাৰ 'জিএছটি সঞ্চয় মহোৎসৱ'ৰ জৰিয়তে আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সুখ আৰু সঞ্চয়ৰে ভৰা সময়ৰ কামনা কৰিলো।
এই সংস্কাৰসমূহে প্ৰতিটো ভাৰতীয় পৰিয়াললৈ অধিক সমৃদ্ধি কঢ়িয়াই আনক।




