ভাৰতীয় জনতা পাৰ্টি হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল আৰু দেশজুৰি দলটোৰ সক্ৰিয় উপস্থিতি আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে কৃষক, দৰিদ্ৰ, প্রান্তীয়, যুৱ, মহিলা আৰু নৱ-মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা পূৰণ কৰি এক সামগ্ৰিক আৰু উন্নয়নমুখী প্ৰশাসনীয় যুগৰ সূচনা কৰিছে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে তৃতীয়বাৰৰ বাবে অভিলেখসংখ্যক জনাদেশ লাভ কৰে। শ্ৰী মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অৰ্থনৈতিক সংস্কাৰ, ডিজিটেল আন্তঃগাঁথনি আৰু কল্যাণমূলক কাৰ্যসূচীৰ ওপৰত দলটোৰ গুৰুত্বই ইয়াৰ সফলতাত অৰিহণা যোগাইছে।

ৰাষ্ট্ৰপতি ভৱনত ২০২৪ চনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা শ্ৰী নৰেন্দ্ৰ মোদী

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ আৰু ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তিনি দশকৰ ভিতৰত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপি হৈছে প্ৰথম দল। এই কৃতিত্ব অৰ্জন কৰা ই প্ৰথম অনা-কংগ্ৰেছী দল।

ৰাষ্ট্ৰপতি ভৱনত ২০১৪ চনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা শ্ৰী নৰেন্দ্ৰ মোদী

বিজেপিৰ ইতিহাস বহু পুৰণি, ১৯৮০ৰ দশকৰ, যেতিয়া শ্ৰী অটল বিহাৰী বাজপেয়ীৰ সভাপতিত্বত দলটোৰ জন্ম হৈছিল। বিজেপিৰ পূৰ্বসূৰী ভাৰতীয় জনসংঘ ১৯৫০, ৬০ আৰু ৭০ ৰ দশকত ভাৰতীয় ৰাজনীতিত সক্ৰিয় আছিল আৰু ইয়াৰ নেতা শ্ৰী শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে স্বাধীন ভাৰতৰ প্ৰথম কেবিনেটত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৭ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত জনসংঘ শ্ৰী মোৰাৰজী দেশাইৰ অধীনত জনতা পাৰ্টি চৰকাৰৰ এক অবিচ্ছেদ্য অংশ আছিল। ভাৰতৰ ইতিহাসত এয়া প্ৰথম অনা-কংগ্ৰেছী চৰকাৰ আছিল।

BJP: For a strong, stable, inclusive& prosperous India

নতুন দিল্লীত বিজেপিৰ এখন সভাত শ্ৰী এল কে আদৱানী, শ্ৰী অটল বিহাৰী বাজপেয়ী আৰু শ্ৰী মুৰলী মনোহৰ যোশী

বিজেপি শক্তিশালী, আত্মনিৰ্ভৰশীল, সামগ্ৰিক আৰু সমৃদ্ধ ভাৰত গঢ়ি তুলিবলৈ সংকল্পবদ্ধ, যি আমাৰ প্ৰাচীন সংস্কৃতি আৰু লোকাচাৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰে। দলটো পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দিকদৰ্শনত 'অখণ্ড মানৱতাবাদ'ৰ ভাৱধাৰাৰ জৰিয়তে গভীৰভাৱে অনুপ্ৰাণিত হৈছে। বিজেপিয়ে ভাৰতীয় সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা, বিশেষকৈ ভাৰতৰ যুৱপ্ৰজন্মৰ পৰা সমৰ্থন আহৰণ কৰি আহিছে।

তুলনামূলকভাৱে কম সময়ৰ ভিতৰতে, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত বিজেপি এক গুৰুত্বপূৰ্ণ শক্তি হৈ পৰিছে। ১৯৮৯ চনত (সূচনা কালৰ ৯ বছৰ পাছত) লোকসভাত দলৰ আসনৰ সংখ্যা (১৯৮৪ চনত) দুখনৰ পৰা ৮৬ খনলৈ বৃদ্ধি হৈছিল আৰু বিজেপি কংগ্ৰেছবিৰোধী আন্দোলনৰ কেন্দ্ৰত আছিল যাৰ ফলত ১৯৮৯-১৯৯০ চনলৈ ভাৰত শাসন কৰা নেচনেল ফ্ৰণ্ট গঠন হৈছিল। ১৯৯০ ৰ দশকত বিজেপিয়ে কেইবাখনো ৰাজ্যত চৰকাৰ গঠন কৰাৰ সমান্তৰালকৈ এই উত্থান অব্যাহত আছিল। ১৯৯১ চনত বিজেপি লোকসভাৰ মুখ্য বিৰোধী দল হৈ পৰে, যি এটা যুৱ দলৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব।

bjp-namo-in3

নতুন দিল্লীত এখন দলীয় সভাত বিজেপি নেতাসকল

১৯৯৬ চনৰ গ্ৰীষ্মকালত শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে, যি হৈছে সম্পূৰ্ণ অনা-কংগ্ৰেছী দলৰ প্ৰথম প্ৰধানমন্ত্ৰী। বিজেপিয়ে ১৯৯৮ আৰু ১৯৯৯ চনৰ নিৰ্বাচনত জনসাধাৰণৰ জনাদেশ লাভ কৰিছিল, শ্ৰী বাজপেয়ীৰ অধীনত ১৯৯৮-২০০৪ চনৰ পৰা ৬ বছৰ দেশ শাসন কৰিছিল। শ্ৰী বাজপেয়ীৰ অধীনত এন ডি এ চৰকাৰক এতিয়াও ইয়াৰ উন্নয়নমূলক পদক্ষেপৰ বাবে স্মৰণ কৰা হয়, যিয়ে ভাৰতক প্ৰগতিৰ নতুন উচ্চতালৈ লৈ গৈছিল

bjp-namo-in2

নতুন দিল্লীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা শ্ৰী অটল বিহাৰী বাজপেয়ী

শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৮৭ চনত মূলসুঁতিৰ ৰাজনীতিৰ সৈতে জড়িত হৈছিল আৰু এবছৰত গুজৰাট বিজেপিৰ সাধাৰণ সম্পাদক হৈছিল। ১৯৮৭ চনৰ ন্যায় যাত্ৰা আৰু ১৯৮৯ চনত লোক শক্তি যাত্ৰাৰ আঁৰত তেওঁৰ সাংগঠনিক দক্ষতা নিহিত আছিল। এই প্ৰচেষ্টাবোৰে গুজৰাটত বিজেপি শাসনলৈ অহাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, প্ৰথমে ১৯৯০ চনত চমু সময়ৰ বাবে আৰু তাৰ পাছত ১৯৯৫ চনৰ পৰা আজিলৈকে। শ্ৰী মোদী ১৯৯৫ চনত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হৈছিল আৰু ১৯৯৮ চনত তেওঁক দলীয় সংগঠনৰ এক গুৰুত্বপূৰ্ণ পদ সাধাৰণ সম্পাদক (সংগঠন)ৰ দায়িত্ব দিয়া হয়। তিনি বছৰৰ পাছত ২০০১ চনত দলটোৱে তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ দায়িত্ব অৰ্পণ কৰে। তেওঁ ২০০২, ২০০৭ আৰু ২০১২ চনত পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

বিজেপিৰ বিষয়ে অধিক জানক, দলৰ ‘অফিচিয়েল ৱে’বছাইট’ চাওক

ভাৰতীয় জনতা পাৰ্টীৰ ‘এক্স একাউণ্ট’

শ্ৰী এল কে আদৱানীজীৰ ‘ৱে’বছাইট’

শ্ৰী ৰাজনাথ সিঙৰ ‘ৱে’বছাইট’

ৰাজনাথ সিঙৰ ‘এক্স একাউণ্ট’

শ্ৰী নীতিন গাডকাৰীৰ ‘ৱে’বছাইট’

নীতিন গাডকাৰীৰ ‘এক্স একাউণ্ট’

 

বিজেপিৰ মুখ্যমন্ত্ৰীসকল

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ‘এক্স একাউণ্ট’

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘এক্স একাউণ্ট’

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘ৱে’বছাইট’

গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তৰ ‘এক্স একাউণ্ট’

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘এক্স একাউণ্ট’

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ‘এক্স একাউণ্ট’

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ ‘ৱে’বছাইট’

ভূপেন্দ্ৰ পেটেলৰ ‘এক্স একাউণ্ট’

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, মানিক সাহাৰ এক্স একাউণ্ট

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইৰ এক্স একাউণ্ট

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ এক্স একাউণ্ট

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ এক্স একাউণ্ট

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব চাইনীৰ ৱেবছাইট

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব চাইনীৰ এক্স একাউণ্ট

উৰিষ্যাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিৰ এক্স একাউণ্ট

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, দেৱেন্দ্ৰ ফডনৱিশৰ 'এক্স একাউণ্ট'

দিল্লীৰ মুখ্যমন্ত্ৰী, ৰেখা গুপ্তাৰ এক্স একাউণ্ট

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India exports $140 million worth of goods to UK at zero duty on Day 1 of trade pact implementation

Media Coverage

India exports $140 million worth of goods to UK at zero duty on Day 1 of trade pact implementation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings of Lord Jagannath
July 16, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, seeking blessings of Lord Jagannath on the sacred occasion of Rath Yatra:

“देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥"

Shri Modi also expressed the hope that the divine grace of Lord Jagannath would infuse new energy into the lives of all countrymen.

The Prime Minister posted on X:

महाप्रभु जगन्नाथ की रथ यात्रा के पावन अवसर पर मेरी कामना है कि उनका आशीर्वाद हम सभी पर सदैव बना रहे। उनकी दिव्य कृपा से सभी देशवासियों के जीवन में नई ऊर्जा का संचार हो।

देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥