নতুনকৈ অন্তৰ্ভুক্ত নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিয়োগ পত্ৰ বিতৰণ কৰে
"সেৱাৰ প্ৰতি নিযুক্তিপ্ৰাপক সকলৰ আন্তৰিকতাই দেশক ইয়াৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম কৰি তুলিব"
"নাৰীশক্তি বন্দন অধিনিয়ম’ হৈছে নতুন সংসদত ৰাষ্ট্ৰৰ বাবে এক নতুন আৰম্ভণি"
"প্ৰযুক্তিয়ে দুৰ্নীতি বন্ধ কৰিছে, বিশ্বাসযোগ্যতাক প্ৰগাঢ় কৰিছে, জটিলতা হ্ৰাস কৰিছে আৰু স্বাচ্ছন্দ্য বৃদ্ধি কৰিছে"
"চৰকাৰৰ নীতিসমূহ এক নতুন মানসিকতা, নিৰন্তৰ নিৰীক্ষণ, অভিযানৰ ৰূপত ৰূপায়ণ আৰু গণ অংশগ্ৰহণৰ ওপৰত আধাৰিত, যি স্মাৰণযোগ্য লক্ষ্য পূৰণৰ পথ প্ৰশস্ত কৰিছে"।

নমস্কাৰ,

 

আজিৰ ৰোজগাৰ মেলাত চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক মোৰ আন্তৰিক অভিনন্দন। অপৰিসীম কঠোৰ পৰিশ্ৰমৰ অন্তত আপোনালোক সকলোৱে এই সফলতা অৰ্জন কৰিছে। আপোনাসৱক লাখ লাখ প্ৰাৰ্থীৰ মাজৰ পৰা বাছনি কৰা হৈছে; সেয়েহে, এই সফলতাই আপোনাসৱৰ জীৱনত যথেষ্ট গুৰুত্ব বহন কৰে।

 

বৰ্তমান সমগ্ৰ দেশতে গণেশ চতুৰ্থী উৎসৱ উদযাপিত হৈ হৈছে। এনে এক পৱিত্ৰ সময়তে, আপোনালোক সকলোৱে আপোনাসৱৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিছে। ভগৱান গণেশ হৈছে সফলতাৰ দেৱতা। মই আশা কৰোঁ যে আপোনাসৱৰ সেৱা কৰাৰ সংকল্পই দেশৰ লক্ষ্যসমূহ পূৰ্ণ কৰিব।

 

বন্ধুসকল,

 

আজি আমাৰ দেশে ঐতিহাসিক সাফল্য আৰু সিদ্ধান্তৰ সাক্ষী হৈছে। কেইদিনমান পূৰ্বে, দেশৰ জনসংখ্যাৰ আধা অংশই নাৰী শক্তি বন্দন অধিনিয়মৰ ৰূপত এক বৃহৎ সাফল্য লাভ কৰিছিল। ৩০ বছৰ ধৰি স্থগিত হৈ ৰোৱা মহিলা সংৰক্ষণৰ বিষয়টো এতিয়া দুয়োখন সদনত অভিলেখসংখ্যক ভোটৰ সৈতে গৃহীত হৈছে।

 

আপোনাসৱে কল্পনা কৰক, এইটো কিমান ডাঙৰ সাফল্য! এই দাবী সেই সময়ৰ পৰাই উত্থাপন হৈছিল যেতিয়া আপোনালোকৰ বেছিভাগৰে জন্মই হোৱা নাছিল। এই সিদ্ধান্ত দেশৰ নতুন সংসদৰ প্ৰথম অধিৱেশনত লোৱা হৈছে। এক প্ৰকাৰে, নতুন সংসদত দেশৰ এক নতুন ভৱিষ্যত আৰম্ভ হৈছে।

 

বন্ধুসকল,

 

আজি, এই ৰোজগাৰ মেলাত আমাৰ বৃহৎ সংখ্যক ছোৱালীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে। আজি ভাৰতৰ কন্যাসকলে মহাকাশক্ষেত্ৰৰ পৰা ক্ৰীড়ালৈকে কেইবাটাও নতুন অভিলেখ গঢ়িছে। নাৰী শক্তিৰ এই সফলতাৰ বাবে মই অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰো। চৰকাৰৰ নীতিসমূহো হৈছে মহিলা সবলীকৰণৰ বাবে নতুন দুৱাৰ মুকলি কৰাটো নিশ্চিত কৰা। আমাৰ ছোৱালীবোৰে এতিয়া দেশৰ সশস্ত্ৰ বাহিনীত নিয়োজিত হৈ দেশৰ সেৱাৰ পথত আগবাঢ়িছে। মহিলা শক্তিয়ে কিদৰে সদায় এক নতুন শক্তিৰে প্ৰতিটো ক্ষেত্ৰত পৰিৱৰ্তন আনিছে সেয়া আমি সকলোৱে অনুভৱ কৰিছোঁ। এই ৫০% লোকৰ বাবে সুশাসনৰ নতুন ধাৰণাৰ ওপৰত আপোনাসৱে কাম কৰা উচিত।

 

বন্ধুসকল,

আজি একবিংশ শতিকাৰ ভাৰতৰ আশা-আকাংক্ষা বহুত বেছি, চৰকাৰৰ ওপৰত আমাৰ সমাজৰ আশাও যথেষ্ট বেছি। এই নতুন ভাৰতৰ আশ্চৰ্যকৰ সফলতাবোৰ আপোনাসৱে নিজেই চাব পাৰে! এইখন সেইখন ভাৰত যিয়ে কেইদিনমান আগতে চন্দ্ৰত ত্ৰিৰংগা উত্তোলন কৰিছিল। এইখন নতুন ভাৰতৰ সপোন বহুত বেছি। দেশে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প লৈছে।

 

আমি অহা কেইবছৰমানৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ গৈ আছো। আজি, যিহেতু দেশত বহুতো কিবাকিবি হৈ আছে, সেয়ে প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ ভূমিকা যথেষ্ট বৃদ্ধি হ'ব। আপোনাসৱে সদায় চিটিজেন ফাৰ্ষ্টৰ ভাবনাৰে কাম কৰিব লাগিব। আপোনাসৱে প্ৰযুক্তিৰ সৈতে ডাঙৰ হোৱা এটা প্ৰজন্মৰ অংশ। যিবোৰ গেজেট আপোনাসৱৰ পিতৃ-মাতৃয়ে ভালদৰে চলাব নোৱাৰে সেইবোৰ আপোনাসৱে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে।

 

এতিয়া আপোনাসৱে আপোনাসৱৰ কৰ্মক্ষেত্ৰত প্ৰযুক্তিৰ এই সুবিধা ব্যৱহাৰ কৰিব লাগিব। আমি প্ৰযুক্তিৰ সহায়ত শাসন ব্যৱস্থাত নতুন পৰিৱৰ্তন সাধন কৰিব পৰা উপায় বিচাৰি উলিয়াব লাগিব। আপোনাসৱে চাব লাগিব যে আপোনাসৱে প্ৰযুক্তিৰ জৰিয়তে আপোনাসৱৰ নিজ নিজ ক্ষেত্ৰত দক্ষতাক কিদৰে অধিক উন্নত কৰিব পাৰে?

 

বন্ধুসকল,

যোৱা ৯ বছৰত আপোনাসৱে দেখিছে যে প্ৰযুক্তিগত পৰিৱৰ্তনৰ ফলত শাসন কিদৰে সহজ হৈ পৰিছে। আগতে ৰেলৰ টিকট পাবলৈ বুকিং কাউণ্টাৰত দীঘলীয়া শাৰী আছিল। প্ৰযুক্তিয়ে এই প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে। আধাৰ কাৰ্ড, ডিজিটেল লকাৰ আৰু ই-কে ৱাই চিয়ে নথিপত্ৰৰ জটিলতা দূৰ কৰিছে। গেছ চিলিণ্ডাৰ বুক কৰাৰ পৰা বিদ্যুতৰ বিল পৰিশোধলৈকে, সকলোবোৰ এতিয়া এপৰ জৰিয়তে হৈ আছে। ডিবিটিৰ জৰিয়তে চৰকাৰী আঁচনিৰ অধীনত পুঁজি পোনপটীয়াকৈ মানুহৰ একাউণ্টত উপনীত হৈছে। ডিজি যাত্ৰাই আমাৰ যাত্ৰা সহজ কৰি তুলিছে। ইয়াৰ অৰ্থ হৈছে প্ৰযুক্তিয়ে দুৰ্নীতি হ্ৰাস কৰিছে, বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে, জটিলতা হ্ৰাস কৰিছে আৰু আৰাম বৃদ্ধি কৰিছে।

 

আপোনাসৱে এই দিশত অধিক কাম কৰিব লাগিব। দৰিদ্ৰলোকৰ প্ৰতিটো প্ৰয়োজনীয়তা কেনেকৈ সহজে পূৰণ কৰিব পাৰি আৰু প্ৰযুক্তিৰ জৰিয়তে চৰকাৰৰ প্ৰতিটো কাম কিদৰে সৰল কৰিব পাৰি তাৰ বাবে আপোনাসৱে নতুন উপায়, অভিনৱ উপায় বিচাৰিব লাগিব, আৰু ইয়াক আগুৱাই নিব লাগিব।

 

বন্ধুসকল,

যোৱা ৯ বছৰত, আমাৰ নীতিয়ে আৰু অধিক ডাঙৰ ডাঙৰ লক্ষ্য প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিছে। আমাৰ নীতিবোৰ এক নতুন মানসিকতা, নিৰন্তৰ নিৰীক্ষণ, মিছন মোডত ৰূপায়ণ আৰু গণ অংশগ্ৰহণৰ ওপৰত আধাৰিত। ৯ বছৰত চৰকাৰে মিছন মোডত নীতি ৰূপায়ণ কৰিছে। স্বচ্ছ ভাৰতেই হওঁক বা জল জীৱন মিছনেই হওঁক, এই সকলো আঁচনিত ১০০শতাংশ সংপৃক্ততাৰ লক্ষ্যৰে কাম কৰা হৈছে। চৰকাৰৰ প্ৰতিটো স্তৰত আঁচনিসমূহৰ নিৰীক্ষণ কৰা হৈছে।

 

মই ব্যক্তিগতভাৱে প্ৰগতি মঞ্চৰ জৰিয়তে প্ৰকল্পসমূহৰ অগ্ৰগতিৰ ওপৰত নজৰ ৰাখোঁ। এই প্ৰচেষ্টাবোৰৰ মাজত, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰ ৰূপায়ণ কৰাৰ আটাইতকৈ ডাঙৰ দায়িত্ব আপোনাসৱৰ দৰে সকলো নৱনিযুক্ত চৰকাৰী কৰ্মচাৰীৰ ওপৰত। যেতিয়া আপোনাসৱৰ দৰে লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰী সেৱাত যোগদান কৰে, তেতিয়া নীতিবোৰ কাৰ্যকৰী কৰাৰ গতি আৰু পৰিমাণো বৃদ্ধি হয়। ইয়াৰ ফলত চৰকাৰৰ বাহিৰতো নিযুক্তিৰ সুযোগ সৃষ্টি হয়। ইয়াৰ উপৰিও, নতুন কৰ্ম-সংস্কৃতিও গঢ় লৈ উঠিছে।

 

বন্ধুসকল,

 

আজি, বিশ্ব অৰ্থনীতিত প্ৰত্যাহ্বানৰ মাজত, ভাৰতৰ জিডিপি দ্ৰুতগতিত বৃদ্ধি পাইছে। আমাৰ উৎপাদন আৰু ৰপ্তানি দুয়োটাতে যথেষ্ট বৃদ্ধি হৈছে। দেশখনে আজি প্ৰথমবাৰৰ আন্তঃগাঁথনিৰ বাবে যিমান বিনিয়োগ কৰিছে, সেয়া ইয়াৰ পূৰ্বে কেতিয়াও কৰা হোৱা নাছিল। আজি দেশত নতুন নতুন খণ্ডৰ বিস্তাৰ হৈছে। আজি নৱীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, প্ৰতিৰক্ষা আৰু পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব বিকাশ দেখা গৈছে।

 

মোবাইল ফোনৰ পৰা এয়াৰক্ৰাফ্ট কেৰিয়াৰলৈকে, কৰোনা ভেকছিনৰ পৰা ফাইটাৰ জেটলৈকে, ভাৰতৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শক্তি সকলোৰে সন্মুখত আছে। ২০২৫ চনৰ ভিতৰত কেৱল ভাৰতৰ মহাকাশ অৰ্থনীতিয়ে ৬০হাজাৰ কোটি টকাতকৈও অধিক হ'ব বুলি ধাৰণা কৰা হৈছে। অৰ্থাৎ আজি দেশৰ যুৱপ্ৰজন্মৰ বাবে নিৰন্তৰ নতুন সুযোগ আৰু নিযুক্তিৰ সম্ভাৱনা সৃষ্টি হৈ আছে।

 

বন্ধুসকল,

আপোনাসৱৰ পৰৱৰ্তী ২৫ বছৰৰ কেৰিয়াৰ 'আজাদী কা অমৃতকাল'ৰ পৰৱৰ্তী ২৫ বছৰৰ দৰেই গুৰুত্বপূৰ্ণ। আপোনাসৱে দলবদ্ধ কামক সৰ্বাধিক অগ্ৰাধিকাৰ দিব লাগিব। আপোনাসৱে দেখিছে যে সফলতাৰে আয়োজন কৰা জি-২০ বৈঠকসমূহ এই মাহত এই দেশত সমাপ্ত হৈছে। দিল্লীকে ধৰি দেশৰ ৬০খন চহৰত ২০০তকৈও অধিক সভাৰ আয়োজন কৰা হৈছিল।

 

এই সময়ছোৱাত বিদেশী অতিথিসকলে আমাৰ দেশৰ বৈচিত্ৰ্যৰ ৰং প্ৰত্যক্ষ কৰিছে। জি-২০ এনে এক অনুষ্ঠান আছিল যিয়ে আমাৰ পৰম্পৰা, সংকল্প আৰু অতিথিপৰায়ণতাৰ মনোভাৱ প্ৰতিফলিত কৰিছিল। জি-২০ সন্মিলনৰ সফলতা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন বিভাগৰ সফলতা। সকলোৱে এই অনুষ্ঠানটোৰ বাবে এটা দল হিচাপে কাম কৰিছিল। মই আনন্দিত যে আজি আপোনাসৱেও চৰকাৰী কৰ্মচাৰীৰ টীম ইণ্ডিয়াৰ অংশ হ'বলৈ গৈ আছে।

 

বন্ধুসকল,

 

আপোনালোক সকলোৱে দেশৰ উন্নয়ন যাত্ৰাত চৰকাৰৰ সৈতে পোনপটীয়াকৈ কাম কৰাৰ সুযোগ পাইছে। মই আপোনাসৱক এই যাত্ৰাত শিকাৰ অভ্যাস বজাই ৰাখিবলৈ অনুৰোধ জনাইছো। অনলাইন লাৰ্ণিং পৰ্টেল–'iGoT Karmayogi'ৰ জৰিয়তে আপোনাসৱে আপোনাসৱৰ পচন্দৰ পাঠ্যক্ৰমত যোগদান কৰিব পাৰে।

মই বিচাৰো আপোনালোক সকলোৱে এই সুবিধাৰ গ্ৰহণ কৰক। আকৌ এবাৰ, মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। ভাৰতৰ সংকল্পক সফল কৰাৰ বাবে আপোনালোক সকলোকে মোৰ শুভেচ্ছা। আপোনাসৱৰ পৰিয়ালৰ সদস্যসকলকো মোৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন। আপোনাসৱে নিজে উন্নতি কৰক আৰু এই ২৫ বছৰ আপোনাসৱৰ লগতে দেশৰ। এনে এক বিৰল সংমিশ্ৰণ খুব কমেইহে পোৱা যায়, কিন্তু আপোনাসৱে পাইছে।

 

বন্ধুসকল আহক, সংকল্প লওঁ আৰু আগবাঢ়ি যাওঁ। দেশৰ বাবে জীয়াই থাকো; দেশৰ বাবে কিবা কৰোঁ। মই আপোনাসৱক শুভেচ্ছা জনাইছোঁ।

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.