বাগুৰুম্বা দহৌৱে আমাৰ মহান বড়ো পৰম্পৰাক সন্মানিত কৰিছে: প্ৰধানমন্ত্ৰী
২০২০ বৰ্ষৰ বড়ো শান্তি চুক্তিয়ে বছৰ বছৰজোৰা সংঘাতৰ অন্ত পেলোৱাৰ লগতে আস্থা ঘূৰাই আনিছে আৰু সহস্ৰাধিক যুৱক-যুৱতীয়ে হিংসা ত্যাগ কৰি মূলসুঁতিত যোগদান কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰতিভাৱান বড়ো যুৱক-যুৱতীসকল আজি অসমৰ সাংস্কৃতিক দূত হিচাপে পৰিগণিত হৈছে: প্ৰধানমন্ত্ৰী
অসমৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস, শক্তি আৰু প্ৰগতিৰ সৈতে ভাৰতৰ বিকাশৰ কাহিনী দ্ৰুততৰ হৈছে: প্ৰধানমন্ত্ৰী

নমস্কাৰ! খুলুমবাই!

মা খৌবৌৰ? মাঘ বিহু আৰু মাঘ দোমাশী উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছো।

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী জী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সন্মানীয় নাগৰিক আৰু অসমৰ মোৰ ভাই-ভনীসকল।

মোৰ সৌভাগ্য যে অসমৰ সংস্কৃতি আৰু বড়ো পৰম্পৰাক মই অতি ওচৰৰ পৰা চোৱাৰ সুযোগ পাইছো। প্ৰধানমন্ত্ৰী হিচাপে মই যিমানবাৰ অসমলৈ আহিছো, আগতে এনেদৰে কোনো প্ৰধানমন্ত্ৰী অহা নাছিল। অসমৰ কলা-সংস্কৃতিয়ে যাতে এখন ডাঙৰ মঞ্চ পায়, মোৰ সদায় সেয়াই কাম্য। বৃহৎ অনুষ্ঠানৰ জৰিয়তে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ পৰিচয় প্ৰতিষ্ঠা কৰা উচিত। ইয়াৰ বাবে পূৰ্বেও নিৰন্তৰ প্ৰচেষ্টা চলাই অহা হৈছে। বিহু সম্পৰ্কীয় বৃহৎ অনুষ্ঠান, ঝুমুইৰ বিনন্দিনীৰ নৃত্য, ডেৰ বছৰ পূৰ্বে দিল্লীত অনুষ্ঠিত বড়োলেণ্ড মহোৎসৱ বা অন্য সাংস্কৃতিক অনুষ্ঠান, অসমৰ কলা-সংস্কৃতিৰ মাজত যি আনন্দ আছে, সেই আনন্দ লাভ কৰাৰ কোনো সুযোগ মই এৰি নিদিও। আজি আকৌ এবাৰ বাগুৰুম্বাৰ এই অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটো বড়োসকলৰ পৰিচয়ৰ এক জীৱন্ত উদযাপন। এয়া বড়ো সমাজ আৰু অসমৰ ঐতিহ্যৰ প্ৰতিও সন্মান। এই অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ সকলো শিল্পীক মই মোৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছো।

 

বন্ধুসকল,

বাগুৰুম্বা দহৌ কেৱল এটা উৎসৱেই নহয়। বড়োসকলৰ মহান পৰম্পৰাক সন্মানিত কৰাৰ বাবে, বড়ো সমাজৰ মহান ব্যক্তিত্বক স্মৰণ কৰাৰ বাবে এটা মাধ্যম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, গুৰুদেৱ কালিচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, সতীশ চন্দ্ৰ বসুমতাৰী, মোৰাদাম ব্ৰহ্ম, কনকেশ্বৰ নাৰ্জাৰীকে ধৰি সমাজ সংস্কাৰ, সাংস্কৃতিক নৱজাগৰণ আৰু ৰাজনৈতিক চেতনাৰ শক্তি প্ৰদান কৰা এনে বহুতো মহান ব্যক্তিত্ব আছে। এই উপলক্ষে বড়ো সমাজৰ সকলো মহান ব্যক্তিত্বৰ ওচৰত মই শ্ৰদ্ধা নিবেদিছো।

বন্ধুসকল,

বিজেপিয়ে অসমৰ সংস্কৃতিক সমগ্ৰ ভাৰতৰ গৌৰৱ বুলি বিবেচনা কৰে। ভাৰতৰ ইতিহাস কেৱল অসমৰ অতীত, অসমৰ ইতিহাসৰ সৈতেহে সম্পূৰ্ণ। আৰু সেইবাবেই বিজেপি চৰকাৰৰ দিনত বাগুৰুম্বা দহৌ, বিহুক ৰাষ্ট্ৰীয় পৰিচয় দিয়া হৈছে, আমাৰ প্ৰচেষ্টাৰ জৰিয়তে চৰাইদেউ ময়দামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত স্থান লাভ কৰিছে, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে।

ভাই-ভনীসকল,

আমি বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদাও প্ৰদান কৰিছো। বড়ো ভাষাত শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমি এটা পৃথক সঞ্চালকালয়ো গঠন কৰিছো। আমাৰ এই অংগীকাৰৰ বাবেই বাথৌ ধৰ্মক পূৰ্ণ সন্মানেৰে স্বীকৃতি দিয়া হৈছে আৰু বাথৌ পূজাত ৰাজ্যিক বন্ধৰ দিন ঘোষণা কৰা হৈছে। কেৱল বিজেপিৰ চৰকাৰতেই এফালে মহান বীৰযোদ্ধা লাচিত বৰফুকনৰ এক বৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আনফালে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰা হৈছে। একেদৰে শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আৰু সামাজিক সম্প্ৰীতিৰ পৰম্পৰা, জ্যোতিপ্ৰসাদ আগৰৱালা জীৰ কলা আৰু চেতনা, বিজেপি চৰকাৰে অসমৰ প্ৰত্যেক ঐতিহ্য আৰু গৌৰৱৰ প্ৰতি সন্মানক নিজৰ সৌভাগ্য বুলি ভাবে। কাকতালীয়ভাৱে আজি জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ মৃত্যু বাৰ্ষিকীও। মই তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো।

 

বন্ধুসকল,

আজি যেতিয়া মই ইয়ালৈ আহিছো, মোৰ মনত বহুত কথা চলি আছে। মোৰ অসম যে ইমান আগুৱাই গৈছে, সেই কথা ভাবি মই আৱেগিক হৈ পৰিছো। যিসময়ত প্ৰতি দুদিনতে ৰক্তপাত হৈছিল, আজি সেই ঠাইত সংস্কৃতিৰ ৰং-বিৰঙৰ শোভাযাত্ৰা চলিছে। যি সময়ত গুলীৰ ধ্বনি শুনা গৈছিল, আজি খাম আৰু ছিফুঙৰ মধুৰ ধ্বনি শুনা গৈছে। য'ত পূৰ্বে সান্ধ্য আইনৰ নিস্তব্ধতা আছিল, আজি তাত সংগীতৰ সুৰ প্ৰতিধ্বনিত হৈছে। পূৰ্বতে অশান্তি আৰু অস্থিৰতা আছিল, আজি বাগুৰুম্বাৰ এনে আকৰ্ষণীয় প্ৰদৰ্শন হ'ব। এনে এক বৃহৎ অনুষ্ঠান কেৱল অসমৰ বাবে নহয়। এই সাফল্য সমগ্ৰ ভাৰতৰ। অসমৰ এই পৰিৱৰ্তনৰ বাবে প্ৰতিজন দেশবাসী গৌৰৱান্বিত।

বন্ধুসকল,

মই সন্তুষ্ট যে মোৰ অসমৰ জনসাধাৰণ, মোৰ বড়ো ভাই-ভনীসকলে মোৰ ওপৰত আস্থা ৰাখিছে। শান্তি আৰু উন্নয়নৰ যি দায়িত্ব আপোনালোকে ডাবল ইঞ্জিনৰ চৰকাৰক দিছিল, সেই দায়িত্ব আমি আপোনালোকৰ আশীৰ্বাদেৰে পূৰণ কৰি দেখুৱাইছো। ২০২০ চনৰ বড়ো শান্তি চুক্তিয়ে বছৰ বছৰ ধৰি চলি থকা সংঘাতৰ অন্ত পেলাইছে। এই চুক্তিৰ পিছত, আস্থা ঘূৰি আহিল আৰু সহস্ৰাধিক যুৱকে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিৰ পথ গ্ৰহণ কৰিলে। এই চুক্তিৰ পিছত বড়ো অঞ্চলত শিক্ষা আৰু বিকাশৰ নতুন সুযোগ সৃষ্টি হ'ল। শান্তি কেৱল আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সীমিত হৈ ৰোৱা নাই, বৰঞ্চ ই দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে।

বন্ধুসকল,

অসমৰ শান্তি, অসমৰ বিকাশ আৰু অসমৰ গৌৰৱৰ মুলতে যদি কোনো ব্যক্তি আছে, তেন্তে সেয়া হৈছে অসমৰ যুৱক-যুৱতীসকল। অসমৰ যুৱক-যুৱতীসকলে শান্তি প্ৰতিষ্ঠাৰ বাবে যি পথ বাচি লৈছে, সেই পথক মই আৰু আমি সকলোৱে উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যাব লাগিব। শান্তি চুক্তিৰ পিছৰে পৰা আমাৰ চৰকাৰে বড়োলেণ্ডৰ বিকাশৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। চৰকাৰে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া দ্ৰুত গতিত আগুৱাই নিছে, হাজাৰ হাজাৰ যুৱক-যুৱতীক কোটি কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে, যাতে তেওঁলোকে নতুন জীৱন আৰম্ভ কৰিব পাৰে।

 

বন্ধুসকল,

বিজেপি চৰকাৰৰ প্ৰচেষ্টাৰ ফল আজি আমাৰ সকলোৰে সন্মুখত আছে। মোৰ প্ৰতিভাৱান বড়ো যুৱক-যুৱতীসকল আজি অসমৰ সাংস্কৃতিক দূত হৈ উঠিছে। ক্ৰীড়াৰ ক্ষেত্ৰতো বড়ো সমাজৰ পুত্ৰ-কন্যাই গৌৰৱ কঢ়িয়াই আনিছে। আজি নতুন আত্মবিশ্বাসেৰে তেওঁলোকে মুকলিভাৱে নতুন সপোন দেখিছে, তেওঁলোকৰ সপোন পূৰণ কৰিছে আৰু অসমৰ বিকাশৰ গতিও দ্ৰুত কৰি তুলিছে।

বন্ধুসকল,

যেতিয়া আমি অসমৰ কলা, সংস্কৃতি আৰু পৰিচয়ক সন্মান কৰো, তেতিয়া কিছু লোক সমস্যাত পৰে। আপোনালোকে জানে, অসমৰ সন্মানক লৈ কোনটো দলৰ লোকসকল অসন্তুষ্ট? উত্তৰটো মাত্ৰ এটা - কংগ্ৰেছ দল! ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰা দলটো কোনটো? কংগ্ৰেছ দল! কোনটো দলে অসমৰ অৰ্ধপৰিবাহী ইউনিটৰ বিৰোধিতা কৰিছিল? কংগ্ৰেছৰ কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ। তেওঁ অসমৰ অৰ্ধপৰিবাহী ইউনিট স্থাপনৰ বিৰোধিতা কৰিছিল।

​​বন্ধুসকল,

আজিও মই যেতিয়া অসমৰ সংস্কৃতিৰ সৈতে জড়িত কোনো বস্ত্ৰ পিন্ধো, যদি গামোচাখনো মোৰ লগত থাকে, তেতিয়া কোনটো দলে অসমক উপহাস কৰে? কংগ্ৰেছ দল।

ভাই-ভনীসকল,

বহু দশক ধৰি অসম আৰু বড়োলেণ্ড মূল সুঁতিৰ পৰা বিচ্ছিন্ন হৈ আছিল, ইয়াৰ বাবে কেৱল কংগ্ৰেছেই দায়ী। কংগ্রেছে নিজৰ ৰাজনৈতিক স্বার্থত অসমৰ অস্থিৰতা সৃষ্টি কৰিলে, কংগ্রেছে অসমক হিংসাৰ জুইৰ মাজত দলিয়াই দিলে, স্বাধীনতাৰ পাছত অসমৰ বাবেও বিভিন্ন সমস্যা আছিল। কিন্তু কংগ্রেছে কি কৰিলে? এই সমস্যাবোৰৰ সমাধান বিচাৰি উলিওৱাৰ পৰিৱৰ্তে কংগ্রেছে এই সমস্যাবোৰক লৈ নিজৰ ৰাজনৈতিক সুযোগ ল’লে। বিশ্বাসৰ প্ৰয়োজন আছিল কিন্তু কংগ্ৰেছে বিভাজন বৃদ্ধি কৰিছিল। আলোচনাৰ প্ৰয়োজন আছিল, কিন্তু কংগ্রেছে অৱহেলা কৰিলে আৰু বাৰ্তালাপৰ পথ বন্ধ কৰিলে! বিশেষকৈ, বড়োলেণ্ড অঞ্চলৰ, বড়োলেণ্ডবাসীৰ কণ্ঠ কেতিয়াও শুনা হোৱা নাছিল। যেতিয়া অসমৰ জনসাধাৰণৰ ৰোগ নিৰাময়ৰ প্ৰয়োজন আছিল, যেতিয়া অসমৰ জনসাধাৰণৰ সেৱা কৰাৰ প্ৰয়োজন আছিল, তেতিয়া কংগ্ৰেছে অনুপ্ৰৱেশকাৰীসকলক আদৰাত ব্যস্ত আছিল, তেওঁলোকৰ বাবে অসমৰ দুৱাৰ মুকলি কৰি দিছিল।

 

বন্ধুসকল,

কংগ্রেছে অসমৰ জনসাধাৰণক নিজৰ বুলি নাভাবে। কংগ্রেছৰ লোকসকলে বিদেশী অনুপ্রৱেশকাৰীসকলক বেছি ভাল পায়। কাৰণ তেওঁলোক ইয়ালৈ আহে আৰু কংগ্রেছৰ ভোট বেংক হিচাপে পৰিগণিত হয়। সেইবাবেই কংগ্ৰেছৰ শাসনকালত বিদেশী অনুপ্ৰৱেশকাৰীয়ে অসমৰ লাখ লাখ বিঘা ভূমি দখল কৰি আছিল আৰু কংগ্ৰেছ চৰকাৰে তেওঁলোকক সহায় কৰি আছিল। মই সুখী যে আজি হিমন্ত জীৰ চৰকাৰে অসমৰ লাখ লাখ বিঘা ভূমি অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা উচ্ছেদ কৰিছে।

​​বন্ধুসকল,

কংগ্ৰেছে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে চাই আহিছে। যিসকল কংগ্ৰেছীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক প্ৰয়োজনীয় বুলি গণ্য কৰা নাছিল, তেওঁলোকৰ দৃষ্টি অসমৰ বিকাশৰ ফালে কেনেকৈ গ'লহেঁতেন? বড়োসকলৰ আশা-আকাংক্ষাৰ কথা ভাবিবলৈ তেওঁলোকৰ সময় ক'ত আছিল? সেইবাবেই কংগ্রেছৰ চৰকাৰসমূহে ইচ্ছাকৃতভাৱে এই অঞ্চলটোক সমস্যাৰ মাজলৈ ঠেলি দিছে।

ভাই-ভনীসকল,

আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰেও কংগ্ৰেছৰ সেই পাপ মোচন কৰাৰ কাম কৰি আছে। আজি ইয়াত যি গতিত উন্নয়ন হৈছে, সেয়া আপোনালোকৰ সন্মুখত আছে। আমি বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিলো। বড়োলেণ্ড অঞ্চলৰ উন্নত বিকাশৰ বাবে ১৫০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ দিয়া হৈছে। কোকৰাঝাৰত মেডিকেল কলেজ আৰু হাস্পতাল আৰম্ভ কৰা হয়। তামুলপুৰত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কামো ত্বৰান্বিত হৈছে। নাৰ্ছিং কলেজ আৰু পেৰা-মেডিকেল প্ৰতিষ্ঠানসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰা হৈছে। পলিটেকনিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহো গোবৰ্ধনা, পৰ্বতঝোৰা আৰু হৰিশিঙাৰ দৰে অঞ্চলত নিৰ্মাণ কৰা হৈছিল।

 

 

​বন্ধুসকল,

বড়োলেণ্ডৰ বাবে এক পৃথক কল্যাণ বিভাগ আৰু বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ কল্যাণৰ বাবে উন্নত নীতি-নিৰ্ধাৰণত সহায়ক হ'ব।

বন্ধুসকল,

বিজেপি চৰকাৰে হৃদয়ৰ দূৰত্ব দূৰ কৰিছে, অসম-দিল্লীৰ দূৰত্ব অন্ত পেলাইছে আৰু উন্নত আন্তঃগাঁথনিৰ জৰিয়তে অসমৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চলৰ দূৰত্বও হ্ৰাস কৰিছে। পূৰ্বতে যিবোৰ অঞ্চলত যাতায়াত কৰাটো কঠিন আছিল, সেইবোৰ অঞ্চলত এতিয়া ঘাইপথ নিৰ্মাণ কৰা হৈছে। এনে পথ নিৰ্মাণ কৰা হৈছে যাতে এই অঞ্চলত নতুন সুযোগ সৃষ্টি হয়। কোকৰাঝাৰক ভূটান সীমান্তৰ সৈতে সংযোগ কৰা বিশমুৰি-সৰলপাৰা পথ প্ৰকল্পৰ বাবে কোটি কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰে'ল প্ৰকল্পটোও আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আমি ইয়াক এক বিশেষ ৰে’ল প্ৰকল্প হিচাপে ঘোষণা কৰিছো। আমি ইয়াক 'এক্ট ইষ্ট পলিচি'ৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তুলিছো। ইয়াৰ সম্পূৰ্ণ হোৱাৰ পিছত বাণিজ্য আৰু পৰ্যটন দুয়োটাই এক গতি লাভ কৰিব।

বন্ধুসকল,

যেতিয়া এখন সমাজ ইয়াৰ মূলৰ সৈতে সংযুক্ত হৈ থাকে, যেতিয়া আলোচনা আৰু আস্থা শক্তিশালী হয় আৰু যেতিয়া সমান সুযোগ সকলো শ্ৰেণীৰ লোকৰ বাবে উপলব্ধ হয়, তেতিয়া ইতিবাচক পৰিৱৰ্তন পৰিলক্ষিত হয়। অসম আৰু বড়োলেণ্ডৰ যাত্ৰা সেই দিশত আগবাঢ়িছে। অসমৰ আত্মবিশ্বাসৰ পৰা, অসমৰ সম্ভাৱনাৰ পৰা, অসমৰ প্ৰগতিৰ পৰা, ভাৰতৰ বিকাশৰ কাহিনীয়ে নতুন শক্তি লাভ কৰিছে। আজি অসমে দ্ৰুত বিকাশশীল ৰাজ্যসমূহৰ মাজত নিজৰ পৰিচয় দাঙি ধৰিছে। অসমৰ অৰ্থনীতি দ্ৰুত গতিত আগবাঢ়িছে। এই বিকাশত, এই পৰিৱৰ্তনত বড়োলেণ্ড আৰু ইয়াৰ জনসাধাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পুনৰবাৰ আপোনালোক সকলোকে আজিৰ অনুষ্ঠানৰ বাবে বহুত বহুত শুভকামনা জনাইছো। সকলোকে বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds India’s 7.8% GDP growth
August 31, 2026

The Prime Minister, Shri Narendra Modi has termed India’s 7.8% GDP growth in first quarter of FY 2026-27 a “herculean feat”. Shri Modi said that the achievement reflects the collective strength and resilience of the people of India, despite oil price shocks, supply chain disruptions and global uncertainties.

Shri Modi posted on X:

India’s exemplary GDP growth of 7.8% during Q1 of FY 2026-27 is a herculean feat.

The collective strength of our people ensured India delivered such growth despite oil price shocks and supply chain issues in the midst of global uncertainties.

Doomsayers were doomed and India bloomed…yet again!