“ভাৰতীয় ইতিহাসত, মিৰাট কেৱল এখন চহৰেই নহয়, বৰঞ্চ সংস্কৃতি আৰু শক্তিৰো এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ"
“দেশখনত ক্ৰীড়াৰ বিকাশ সাধনৰ অৰ্থে, যুৱ সমাজৰ ক্ৰীড়াৰ ওপৰত বিশ্বাস থকাটো প্ৰয়োজনীয় আৰু ক্ৰীড়াক বৃত্তি হিচাপে ল'বলৈ উৎসাহিত কৰাটো উচিত। এয়া মোৰ সংকল্প আৰু মোৰ সপোন"
“গাওঁ আৰু সৰু চহৰসমূহত ক্ৰীড়া আন্তঃগাঁথনিৰ আগমনৰ লগে-লগেই, এই ঠাইসমূহৰপৰা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে"
“সম্পদ আৰু নতুন শাখাৰ সৈতে উদীয়মান ক্ৰীড়া বাতাবৰণে নতুন সম্ভাৱনা সৃষ্টি কৰিছে। ই ক্ৰীড়াৰ দিশে আগবাঢ়ি যোৱাটো সঠিক সিদ্ধান্ত বুলি সমাজখনত বিশ্বাস প্ৰোথিত কৰিছে"
“মিৰাট কেৱল ভকেল ফৰ লোকেলেই নহয় বৰঞ্চ ই লোকেলকো গ্ল’বেললৈ পৰিৱৰ্তন কৰিছে"
“আমাৰ লক্ষ্য স্পষ্ট। যুৱ সমাজ কেৱল আদৰ্শ হোৱাই নহয় বৰঞ্চ তেওঁলোকৰ আদৰ্শকো স্বীকৃতি প্ৰদান কৰিব লাগে"

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

উত্তৰপ্রদেশৰ ৰাজ্যপাল শ্রীমতী আনন্দিবেন পেটেলজী, ৰাজ্যখনৰ জনপ্রিয় মুখ্যমন্ত্রী শ্রী যোগী আদিত্যনাথজী, উপ-মুখ্যমন্ত্রী শ্রী কেশৱ প্রসাদ মৌর্যজী, মোৰ কেন্দ্রীয় মন্ত্রিসভাৰ সদস্য শ্রী সঞ্জীৱ বালানজী, জেৰেৰেল ভি কে সিং-জী, মন্ত্রী শ্রী দীনেশ খটিকজী, শ্রী উপেন্দ্র তিৱাৰীজী, শ্রী কপিল দেৱ আগৰৱালজী, সাংসদ শ্রী সত্যপাল সিংজী, শ্রী ৰাজেন্দ্র আগৰৱালজী, শ্রী বিজয়পাল সিং তোমৰজী, শ্রীমতী কান্তা কর্দমজী, বিধায়ক ভাই সৌমেন্দ্র কুমাৰজিজী, ভাই সংগীত সোমজী, ভাই জিতেন্দ্র সতৱালজী, ভাই সত্যপ্রকাশ আগৰৱালজী, মীৰাট জিলা পৰিষদৰ অধ্যক্ষ শ্রী গৌৰৱ চৌধুৰীজী, মুজফ্ফৰনগৰ জিলা পৰিষদৰ অধ্যক্ষ শ্রী বীৰপালজী, উপস্থিত অন্যান্য জনপ্রতিনিধিসকল আৰু মীৰাট, মুজফ্ফৰনগৰ আৰু দূৰ-দূৰণিৰ বিভিন্ন অঞ্চলৰ পৰা বিপুল সংখ্যাত ইয়ালৈ অহা মোৰ প্রিয় ভাই-ভনীসকল, আপোনালোক সকলোকে ২০২২ চনৰ বাবে বহুত বহুত শুভকামনা জনাইছো।

বছৰৰ আৰুম্ভণিতে মীৰাটলৈ আহি আজিৰ এই ক্রীড়া বিশ্ববিদ্যালয় উদ্বোধন কৰাটো মোৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। ভাৰতৰ ইতিহাসত মীৰাটৰ স্থান সঁচাকৈয়ে এক চহৰ হিচাপেই নহয়, বৰঞ্চ আমাৰ দেশৰ সংস্কৃতি, আমাৰ সামর্থ্যৰ এক গুৰুত্বপূর্ণ কেন্দ্র৷ ৰামায়ণ আৰু মহাভাৰতৰ কালৰে পৰা আৰুম্ভ কৰি জৈন তীৰ্থাংকৰসকলকে ধৰি গুৰু নানকৰ পাঁচ প্রত্যক্ষ অনুগামী ‘পঞ্জ-পেয়াৰো’ৰ অন্যতম ভাই, ভাই ধর্ম সিংহলৈকে মীৰাটে দেশৰ আস্থাক প্রাণশক্তি যোগাই আহিছে।

সিন্ধু সভ্যতাৰ পৰা আৰুম্ভ কৰি দেশৰ প্রথম স্বাধীনতা সংগ্রাম, চিপাহী বিদ্রোহৰ সময়লৈকে এই এলেকাই বিশ্বক ভাৰতৰ সামর্থ্য কি হ’ব পাৰে বাৰে বাৰে দেখুৱাই আহিছে। ১৮৫৭ চনত বাবা ঔঘড়নাথ মন্দিৰৰ পৰা স্বাধীনতাৰ আকাংক্ষাৰ ধিমিক ধিমিক জুই যিদৰে ক্রমে দাউদাউকৈ জ্বলি উঠিল, দিল্লী অভিযানৰ আহ্বান যিদৰে জনমানসত বিয়পি পৰিল, সেই জুইৰ পোহৰে পৰাধীনতাৰ অন্ধকাৰ আঁতৰাই দেশবাসীক নতুন পোহৰ দেখুৱালে৷ স্বাধীনতাৰ এই প্রেৰণালৈ আগুৱাই যোৱাৰ ফলতে এদিন আমি স্বাধীন হ’লো আৰু আজি গৌৰৱেৰে আমাৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো৷ মোৰ সৌভাগ্য যে ইয়ালৈ অহাৰ পূৰ্বে মোৰ বাবা ঔঘড়নাথ মন্দিৰলৈ যোৱাৰ সুযোগ হ’ল৷ মই অমৰ জোৱান জ্যোতিত সন্মান জনালো৷ স্বাধীনতা সংগ্রাম সংগ্রহালয়ত সেই অনুভূতিক অনুভৱ কৰিছো, যি দেশৰ বাবে স্বাধীনতা সংগ্রামীসকলৰ মনত কিবা এটা কৰি দেখুওৱাৰ তীব্র আকাংক্ষাত পৰিণত হৈছিল।

ভাই-ভনীসকল,

মীৰাট দেশৰ আন এগৰাকী মহান সন্তান মেজৰ ধ্যানচাঁদজীৰো কর্মস্থলী আছিল। কেইমাহমান পূৰ্বে কেন্দ্রীয় চৰকাৰে দেশৰ সৰ্বোচ্চ ক্রীড়া পুৰস্কাৰৰ নাম আমাৰ প্রিয় ‘দদ্দা’ বা মেজৰ ধ্যানচাঁদজীৰ নামেৰে নামকৰণ কৰিলে৷ আজি মীৰাটৰ ক্রীড়া বিশ্ববিদ্যালয়ো মেজৰ ধ্যানচাঁদজীৰ নানতে সমর্পণ কৰি দেশবাসীক উৎসৰ্গা কৰা হৈছে। যেতিয়া এই বিশ্ববিদ্যালয়ৰ নাম মেজৰ ধ্যানচাঁদজীৰ দৰে ক্রীড়াবিদৰ নামৰ সৈতে যুক্ত হয়, তেতিয়া তাঁৰ পৰাক্রমতো প্রেৰণা যোগায়, কিন্তু তেওঁৰ নামৰ মাজতো এক বার্তা আছে। তেওঁৰ নামৰ যি প্রধান শব্দ, সেয়া হ’ল ‘ধ্যান’৷ ধ্যান কেন্দ্রিভূত কৰি একাগ্রভাবে তৎপৰ হৈ পৰিশ্রম নকৰিলে কেতিয়াও সাফল্য নাহে, সেইবাবে যি বিশ্ববিদ্যালয়ে নাম ধ্যানচাঁদৰ সৈতে জড়িত হৈছে, তেতিয়া তাত প্রশিক্ষণলৈ সম্পূর্ণ ‘ধ্যান’ দি পৰিশ্রম কৰা নৱ প্রজন্মৰ যুৱক-যুৱতীসকলে দেশৰ নাম উজ্জ্বল কৰিবই, এয়া মোৰ দৃঢ় বিশ্বাস।

মই উত্তৰপ্রদেশৰ নৱ প্রজন্মক ৰাজ্যখনৰ প্রথম ক্রীড়া বিশ্ববিদ্যালয়ৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো। মই নিশ্চিত যে ৭০০ কোটি টকা ব্যয়সাপেক্ষ নির্মীয়মান এই আধুনিক বিশ্ববিদ্যালয় বিশ্বৰ শ্রেষ্ঠ ক্রীড়া বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম হৈ উঠিব। ইয়াত নৱ প্রজন্মৰ সন্তান-সন্ততিসকলে ক্রীড়া সংক্রান্তীয় আন্তর্জাতিক মানৰ সা-সুবিধা পোৱাৰ লগতে ইয়াত ক্রীড়াক এক বৃত্তি হিচাপে বাছি লোৱাৰ বাবে প্রয়োজনীয় দক্ষতা উন্নয়নৰ কামো সুনিশ্চিত কৰিব৷ ইয়াৰ পৰা প্রতি বছৰে ১ হাজাৰতকৈ অধিক সন্তান-সন্ততিয়ে উন্নতমানৰ খেলুৱৈ সৃষ্টি কৰিব৷ অর্থাৎ, স্বাধীনতা সংগ্রামীসকলৰ নগৰী, মুক্তিযোদ্ধাসকলৰ নগৰী এতিয়া ক্রীড়াবিদৰ নগৰী হিচাপে ইয়াৰ পৰিচয়ক আৰু অধিক শক্তিশালী কৰি তুলিব।

বন্ধুসকল,

পূৰ্বৰ চৰকাৰসমূহৰ সময়ত উত্তৰপ্রদেশত অপৰাধীসকলে তেওঁলোকৰ খেল খেলিছিল, মাফিয়াবোৰে তেওঁলোকৰ খেল খেলিছিল৷ আগতে এই ৰাজ্যত বেদখলীৰৰ প্ৰতিযোগিতা হৈছিল৷ কন্যাসকলক অসন্মান কৰা, শ্লীলতাহানি কৰা লোকসকলে বুক ফুলাই ঘুৰি ফুৰিছিল৷ আমাৰ মীৰাটৰ চৌপাশৰ অঞ্চলসমূহৰ বাসিন্দাই কেতিয়াও পাহৰিব নোৱাৰে যে কিদৰে মানুহৰ ঘৰ-বাৰী জ্বনাই দিয়া হৈছিল, আৰু এই ধৰণৰ খেলত তদানিন্তন শাসনাধিষ্ঠ দলৰ লোকজন পাৰদর্শী আছিল৷ মানুহে যি তেওঁলোকৰ বংশ পৰম্পৰাত পোৱা ঘৰ-বাৰী, সম্পত্তি এৰি পলাই যাবলৈ বাধ্য হৈছিল, সেয়া পূৰ্বৰ চৰকাৰসমূহৰ এই খেলৰে ফল।

আগতে হোৱা খেলৰ বিপৰীতে এতিয়া যোগীজীৰ চৰকাৰে সেই অপৰাধীসকলৰ সৈতে জে’ল জে’ল খেলিছে। পাঁচ বছৰৰ পূৰ্বে এই মীৰাটৰ কন্যাসকল সন্ধিয়া হোৱাৰ পাছত ঘৰৰ বাহিৰ ওলাবলৈ ভয় কৰিছিল। আজি মীৰাটৰ কন্যাই সমগ্ৰ দেশৰ নাম উজ্জ্বল কৰিছে। আগতে ইয়াত, এই মীৰাটৰ সতীগঞ্জ বজাৰত চোৰাং গাড়ী কিনা বেচাৰ যি খেলা চলিছিল, সেয়া এতিয়া ‘অন্ত’ পৰিছে। এতিয়া উত্তৰপ্রদেশত প্রকৃত ক্রীড়াক উৎসাহ দিয়া হৈছে৷ উত্তৰপ্রদেশৰ যুৱ সম্প্রদায়ে প্রকৃত ক্রীড়াবিশ্বত নিজৰ পৰাক্রম দেখুৱাৰ সুযোগ পাইছে৷

বন্ধুসকল,

আমাৰ শাস্ত্রত কোৱা হৈছে–

“মহাজন য়েন গতাঃ স পন্থাঃ”

অর্থাৎ, যি পথত মহান ব্যক্তিসলল, মহাপুৰুষসকল গৈছে, সেয়াই আমাৰ পথ। কিন্তু এতিয়া ভাৰত সলনি হৈছে। এতিয়া আমি একবিংশ শতিকাত আছো আৰু এই একবিংশ শতিকাৰ নতুন ভাৰতত আটাইতকৈ ডাঙৰ দায়িত্ব আমাৰ যুৱ সম্প্রদায়ৰ কান্ধত ন্যস্ত কৰা হৈছে। সেইবাবে এতিয়া এই মন্ত্রও সলনি হৈছে। একবিংশ শতিকাৰ মন্ত্র হোৱা উচিৎ-

“য়ুবা জন গতাঃ স পন্থাঃ”

অর্থাৎ, যি পথত যুৱক-যুৱতীসকল আগুৱাই যাব, সেই পথেই এতিয়া দেশবাসীৰ পথ হ’ব। যিদশ যুৱক-যুৱতীসকলে খোজ দিব, লক্ষ্যও নিজৰ পৰাই চৰণ চুম্বন কৰিবলৈ আৰুম্ভ কৰিব। যুৱক-যুৱতীসল নতুন ভাৰতৰ কর্ণধাৰ। তেওঁলোকেই নতুন ভাৰতক বিস্তাৰ কৰিব। যুৱক-যুৱতীসকলে নতুন ভাৰতৰ নিয়ন্ত্রক হৈ উঠিব৷ তেওঁলোকেই নতুন ভাৰতক নেতৃত্ব দিব৷ আমাৰ আজিৰ যুৱ সম্প্রদায়ৰ ওচৰত প্রাচীনতাৰ ঐতিহ্যও আছে, লগতে আধুনিকতাৰ জ্ঞানো আছে, সেইবাবে যি দিশত যুৱ সম্প্রদায় চলিব, সেই দিশতে ভাৰত আগুৱাব আৰু যিদশত ভাৰত আগুৱাব সেই দিশতে এতিয়া সমগ্ৰ পৃথিৱী আগুৱাব৷। আজি আমি যদি চাও যে বিজ্ঞানৰ পৰা আৰুম্ভ কৰি সাহিত্যলৈকে, ষ্টার্ট-আপৰ পৰা আৰুম্ভ কৰি ক্রীড়ালৈকে, সকলো ক্ষেত্রত ভাৰতৰ যুৱ সম্প্রদায়ে নিজৰ কৃতিত্বৰ পতাকা উৰুৱাইছে৷

ভাই-ভনীসকল,

ক্রীড়া বিশ্বত অংশগ্রহণকাৰী আমাৰ যুৱক-যুৱতীসকলে আগতেও সামর্থ্যবান আছিল৷ তেওঁলোক পৰিশ্রম আগতেও কেতিয়াও থকমি ৰোৱা নাছিল৷ আমাৰ দেশৰ ক্রীড়া সংস্কৃতিও যুগ যুগ ধৰি অত্যন্ত সমৃদ্ধ আছিল। আমাৰ গাঁওসমূহত প্রতিটো উৎসৱত, প্রতিটো পৰ্বত ক্রীড়া প্রতিযোগিতা এক গুৰুত্বপূর্ণ অংগ৷ মীৰাটত যি ডংগল হয়, তাত অংশগ্রহণ কৰিলে যি ঘিৰ ‘পিপে’ আৰু লাড্ডু পুৰস্কাৰ পাই, তাৰ স্বাদ পোৱাৰ বাবে সকলোৱে সেই খেলত অংশগ্রহণ কৰিব বিচাৰে৷ কিন্তু এইটোও সত্য যে পূর্বৰ চৰকাৰসমূহৰ নীতিৰ ফলত তেওঁলোকৰ খেলা আৰু খেলুৱৈসকলৰ প্রতি চোৱাৰ দৃষ্টিভংগী পৃথক আছিল। পূৰ্বতে চহৰৰ কোনো যুৱকে যেতিয়া নিজৰ পৰিচয় খেলুৱৈ হিচাপে দিয়ে, যদি তেওঁলোকে কয় যে মইও খেলুৱৈ, অমুক খেল খেলো বা অমুক খেলত মই সাফল্য পাইছো, তেতিয়ান সন্মুখৰ মানুহজনে কি প্ৰশ্ন কৰিছিল জানে নে? সন্মুখৰ লোকজনে প্ৰশ্ন কৰিছিল, হয়, বাবা, খেলাধূলা কৰ ঠিকেই আছে, কিন্তু কাম কি কৰ? অর্থাৎ, খেলাধূলাক কোনো সন্মানজনক বুলি ধৰা নহৈছিল৷।

গাঁৱত যদি কোনোৱে নিজক খেলুৱৈ বুলি কৈছিল, তেতিয়া গাঁৱৰ লোকসকলে কৈছিল, “ও! তেতিয়াহ’লে সেনাবাহিনী বা পুলিচত চাকৰি পোৱাৰ বাবে খেল?” অর্থাৎ, খেলাধূলাৰ প্রতি ভাৱনা আৰু সামগ্রিক চিন্তাধাৰাৰ পৰিধি অত্যন্ত সীমাবদ্ধ হৈছিল। পূর্বৰ চৰকাৰসমূহে যুৱ সম্প্রদায়ৰ এই সামর্থ্যক কোনো গুৰুত্বই দিয়া নাছিল৷ এই চৰকাৰসমূহৰ দায়িত্ব আছিল যি সমাজত খেলাধূলাৰ প্রতি যি ভাৱনা আছিল, সেই ভাৱনাক সলনি খেল আৰু খেলুৱৈক ইয়াৰ পৰা বাহিৰ কৰি অনা। কিন্তু তেওঁলোকে ওলোটাটো কৰিছে। অধিকাংশ খেলৰ প্রতি দেশত অনীহা ক্ৰমে বাঢ়িছিল৷ ইয়াৰ ফলত যে হকী খেলুৱৈয়ে পৰাধীন ভাৰততো মেজৰ ধ্যানচাঁদৰ দৰে প্রতিভাসকলে দেশৰ গৌৰৱ বৃদ্ধি কৰিছিল, সেই খেলুৱৈয়ে পদক পোৱাৰ বাবে আমি বহুত দশক অপেক্ষা কৰিবলগীয়া হ’ল৷

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত য’ত হকী প্রাকৃতিক ঘাঁহৰ মজিয়াৰ পৰা ‘এষ্ট্ৰোটার্ফ’ৰ দিশত আগুৱাই গৈছে, তাত আমি ইমান দিন ঘাঁহৰ মজিয়াতে পৰি আছিলো। যেতিয়া আমি অৱশেষত জাগি উঠিলো, তেতিয়ালৈ বহুত দেৰি হৈ গৈছে। তাৰ ওপৰত প্রশিক্ষণৰ পৰা আৰম্ভ কৰি টিম নির্বাচনলৈকে প্রতিটো স্তৰত স্বজন-তোষণ, পৰিয়ালতন্ত্র, জাতপাত আৰু দুর্নীতিৰ খেলা। ক্রমাগত প্রতিটো পদক্ষেপত বৈষম্য আৰু অস্বচ্ছতাই আমাৰ হকীৰ জগতক মলিন কৰি ৰাখিছিল। বন্ধুসকল, হকী কেৱল এটা উদাহৰণ৷ এয়া সকলো খেলৰে কাহিনী আছিল। পৰিৱর্তিত প্রযুক্তি, পৰিৱর্তিত চাহিদা, পৰিৱর্তিত দক্ষতাৰ বাবে দেশৰ পূর্বৰ চৰকাৰসমূহে উন্নত পৰিৱেশ গঢ় দিব পৰা নাছিল৷

বন্ধুসকল,

দেশৰ যুৱ সম্প্রদায়ৰ যি অসীম প্রতিভা আছিল, সেয়া চৰকাৰৰ অনীহাৰ বাবে, বিভিন্ন প্রতিকূলতাৰ শৃংখলত আৱদ্ধ হৈছিল। ২০১৪ চনৰ পাছত সেই শৃংখল ভাঙি বাহিৰ কৰাৰ বাবে আমি প্রতিটো স্তৰত সংস্কাৰ সাধন কৰিছো৷ খেলুৱৈসকলৰ সামর্থ্য বৃদ্ধিৰ বাবে আমি চৰকাৰ খেলুৱৈসকলক চাৰিটা অস্ত্র প্ৰদান কৰিছো৷ খেলুৱৈসকলে বিচাৰে ক্রীড়া সঁজুলি, খেলুৱৈসকলে বিচাৰে আধুনিক প্রশিক্ষণৰ সুবিধা, খেলুৱৈসকলে বিচাৰে আন্তঃৰাষ্ট্ৰীয় এক্সপ’জাৰ, আৰু খেলুৱৈসকলে বিচাৰে নির্বাচনৰ ক্ষেত্রত স্বচ্ছতা। আমাৰ চৰকাৰে বিগত বছৰসমূহত ভাৰতৰ খেলুৱৈসকলে যাতে এই চাৰিটা অস্ত্র নিশ্চিতভাৱে পায়, সেয়া সুনিশ্চিত কৰিবলৈ সর্বোচ্চ অগ্রাধিকাৰ দিছে। আমি ক্রীড়াক্ষেত্রৰ যুৱক-যুৱতীসকলৰ ফিটনেছ আৰু তেওঁলোকৰ কর্মসংস্থাপন, স্বৰোজগাৰ, তেওঁলোকৰ কেৰিয়াৰৰ সৈতে যুক্ত কৰিছে। ‘টার্গেট অলিম্পিক পডিয়াম স্কিম’ অর্থাৎ, ‘টপছ’ এনে এক প্রচেষ্টাৰে অন্যতম৷

আজি চৰকাৰে দেশৰ শীর্ষ খেলুৱৈসকলৰ খোৱা-বোৱা, ফিটনেচৰ পৰা আৰম্ভ কৰি প্রশিক্ষণলৈকে বিভিন্ন পৰ্যায়ত লাখ লাখ, কোটি কোটি টকা খৰচ কৰিছে। ‘খেলো ইণ্ডিয়া অভিযান’ৰ মাধ্যমে আজি অতি কম বয়সতে দেশৰ বিভিন্ন প্রান্তৰ পৰা প্রতিভাক চিহ্নিত কৰা হৈছে৷ এনে খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় মানৰ এথলীট হিচাপে গঢ়ি তুলিবলৈ, তেওঁলোকক সকলো ধৰণৰ সম্ভাৱ্য সাহায্য কৰা হৈছে। এই প্রচেষ্টাসমূহৰ ফলত আজি যেতিয়া ভাৰতৰ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় ক্রীড়াত অংশগ্রহণ কৰে, তেতিয়া তেওঁলোকৰ প্রদর্শনক বিশ্ববাসীয়ে দেখি প্রশংসা কৰে৷ বিগত বৰ্ষত আমি অলিম্পিক আৰু পেৰালিম্পিকত দেখিছো, যা ইতিহাসত কেতিয়াও হোৱা নাই, সেয়াই বিগত বছৰ মোৰ দেশৰ বীৰ পুত্র-কন্যাসকলে কৰি দেখুৱালে৷ তেওঁলোকে ইমান পদক লাভ কৰিলে, ইমান পদক পালে, যি সমগ্ৰ দেশে সমস্বৰে কৈছে– ‘ক্রীড়া জগতত ভাৰতৰ উদয় হৈছে’৷

ভাই-ভনীসকল,

আজি আমি দেখিছো যে উত্তৰপ্রদেশ, উত্তৰাখণ্ডৰ বহুত সৰু সৰু গাঁৱৰ সাধাৰণ পৰিয়ালৰ পৰা ল’ৰা-ছোৱালী ওলাই আহি ভাৰতক প্রতিনিধিত্ব কৰিছে৷ এইসকল খেলুৱৈ, আমাৰ ল’ৰা-ছোৱালী আগুৱাই আহিছে, য’ত আগতে ধনী পৰিয়ালৰ যুৱক-যুৱতীয়েহে অংশগ্রহণ কৰিব পাৰিছিল৷ এই এলেকাৰ বহুত খেলুৱৈয়ে অলিম্পিক আৰু পেৰালিম্পিকত দেশৰ প্রতিনিধিত্ব কৰিছে৷ চৰকাৰে গাঁৱে গাঁৱে যি আধুনিক ক্রীড়া আন্তঃগাঁথনি গঢ়ি তুলিছে, এয়া তাৰে ফল৷ আগতে ভাল ষ্টেডিয়াম কেৱল ডাঙৰ ডাঙৰ চহৰসমূহতে আছিল। আজি গাঁৱত হোৱা বাবেই খেলুৱৈসকলে এই সুবিধা পাইছে।

বন্ধুসকল,

আমি যেতিয়াই এক নতুন কর্ম-সংস্কৃতিক আগুৱাই নিয়াৰ চেষ্টা কৰো, যেতিয়া ইয়াৰ বাবে তিনিটা বস্তুৰ প্রয়োজন হয় – সান্নিধ্য, ভাৱনা আৰু সম্পদ। ক্রীড়াৰ সৈতে আমাৰ সান্নিধ্য বহুত শতিকা পুৰণি৷ কিন্তু ক্রীড়া সংস্কৃতি গঢ়ি তোলাৰ বাবে কেৱল খেলাৰ লগতে আমাৰ কেৱল সম্পর্ক থাকিলেই কাম নচলে, আমাক ইয়াৰ বাবে নতুন চিন্তা-ভাবনাৰো প্রয়োজন। দেশত বিভিন্ন ক্রীড়াৰ উন্নয়নৰ বাবে প্রয়োজনীয় হ’ল আমাৰ যুৱক-যুৱতীসকলৰ মনত খেলক লৈ আত্মবিশ্বাস গঢ়ি তোলা। খেলক তেওঁলোকৰ বৃত্তিত পৰিণত কৰাৰ সাহস বৃদ্ধি কৰা আৰু এয়াই মোৰো সংকল্প, মোৰ সপোনো এনেধৰণৰে আছিল। মই বিচাৰো, যিদৰে মানুহে অন্যান্য বৃত্তিক গ্ৰহণ কৰে, তেনেদৰেই আমাৰ নৱ প্রজন্মই ক্রীড়াক সেই দৃষ্টিৰে চাওক। আমি এইটো বুজাব লাগিব যে যিসকলে খেলাধূলাত যাব, সকলোৱেই বিশ্বৰ ১ নম্বৰ নহয়৷ এয়া সম্ভৱো নহয়। ইয়াৰ কোনো প্রয়োজনো নাই। দেশত যেতিয়া ক্রীড়াৰ পৰিৱেশ গঢ় লৈ উঠিব, তেতিয়া ক্রীড়া ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি ক্রীড়া সম্পৰ্কীয় লেখা-মেলা, ক্রীড়া সাংবাদিকতা, ক্রীড়া মনস্তত্ত্ব–এনে ক্রীড়াবিষয়ক বিভিন্ন বৃত্তি হিচাপে বাছি লোৱাৰ সম্ভাৱনা গঢ় দিব লাগিব৷ লাহে লাহে সমাজত এই বিশ্বাস জন্ম ল’ব যে যুৱক-যুৱতীসকল খেলৰ দিশত যোৱাটো এক সঠিক সিদ্ধান্ত। এনে পৰিৱেশ গঢ়ি তোলাৰ বাবে প্রয়োজন হয় অর্থৰ৷ যেতিয়া আমি প্রয়োজনীয় ধন আৱণ্টন কৰি প্রয়োজনীয় আন্তঃগাঁথনিৰ বিকাশ কৰো, তেতিয়া ক্রীড়া সংস্কৃতি শক্তিশালী হ’বলৈ আৰম্ভ কৰে৷ যদি খেলাধূলাৰ বাবে প্রয়োজনীয় সম্পদ আৱণ্টন কৰা থাকে, তেতিয়াহ’লে দেশত ক্রীড়া সংস্কৃতিয়েও প্রয়োজনীয় আকাৰ ল’ব, বিস্তাৰিত হ’ব।

সেইবাবে আজি এই ধৰণৰ ক্রীড়া বিশ্ববিদ্যালয় গঢ় লৈ উঠাটো বহুত জৰুৰী৷ এই ক্রীড়া বিশ্ববিদ্যালয়ে খেলৰ সংস্কৃতিক পুষ্পিত আৰু জাতিষ্কাৰ কৰাৰ ক্ষেত্রত নাৰ্চাৰীৰ দৰে কাম কৰে৷ সেইবাবেই স্বাধীনতাৰ সাত দশক পাছত ২০১৮চনত আমাৰ চৰকাৰে প্রথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰে আমাৰ উত্তৰ-পূব ভাৰতৰ মণিপুৰত৷ বিগত সাত বছৰত সমগ্ৰ দেশত ক্রীড়া-শিক্ষা আৰু দক্ষতাৰ সৈতে জড়িত বহুত প্রতিষ্ঠানক আধুনিক ৰূপত গঢ়ি তোলা হৈছে৷ আজি ইয়াত মেজৰ ধ্যানচাঁদ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে, যি ক্রীড়া বিশ্ববিদ্যালয়ে, ক্রীড়াক্ষেত্রত উচ্চশিক্ষাৰ আৰুও এক শ্রেষ্ঠ প্রতিষ্ঠান হিচাপে দেশে উপহাৰ পালে।

বন্ধুসকল,

খেল জগতৰ সৈতে জড়িত আৰু এটা কথা আমি মনত ৰাখিব লাগিব৷ মই জানো যে মীৰাটৰ জনতাই এই কথা ভালদৰেই জানে৷ ক্রীড়াৰ সৈতে যুক্ত সেৱা আৰু সৰঞ্জামৰ বিশ্ব বজাৰ লাখ কোটি টকাৰ৷ ইয়াত মীৰাটৰ পৰাই এতিয়া শতাধিক দেশলৈ বিভিন্ন ক্রীড়া সঁজুলি ৰপ্তানি হয়। মীৰাট লোকেলৰ বাবে যেনে ভোকেল হৈছে, লোকেলক তেনে সাফল্যৰে গ্ল’বেল কৰি তুলিছে। আজি সমগ্ৰ দেশত এনে বহু স্পোর্টছ ক্লাষ্টাৰো বিকশিত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ’ল দেশক ক্রীড়াৰ বিভিন্ন সৰঞ্জাম আৰু উপকৰণ উৎপাদনৰ ক্ষেত্রতো আত্মনির্ভৰ কৰি তোলা।

এতিয়া যি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰম্ভ কৰা হৈছে, এই ৰাষ্ট্ৰীয় শিক্ষানীতিতো ক্রীড়াক অগ্রাধিকাৰ দিয়া হৈছে৷ পাঠ্যক্রমত ক্রীড়াক এতিয়া সেই শ্রেণীতে ৰখা হৈছে, যিদৰে বিজ্ঞান, বাণিজ্য, গণিত, ভুগোল অথবা অন্যান্য বিষয়ক লৈ পঢ়া-শুনা কৰা হয়। আগতে ক্রীড়াক ‘অতিৰিক্ত পাঠ্যক্ৰমৰ কাম-কাজ’ বুলি ধৰা হৈছিল, কিন্তু এতিয়া স্কুলত স্পোর্টছ এক প্রধান বিষয় হিচাপে থাকিব৷ ইয়াক ইমান গুৰুত্ব দিয়া হ’ব, যিমান অন্য যিকোনো বিষয়ক দিয়া হয়।

বন্ধুসকল,

উত্তৰপ্রদেশৰ যুৱ সম্প্রদায়ৰ ইমান প্রতিভা আছে, আমাৰ উত্তৰপ্রদেশৰ যুৱক-যুৱতীসকলে ইমানেই প্রতিভাবান যে তেওঁলোকৰ বাবে যিকোনো আকাশ সৰু প্রমাণিত হ’ব৷ সেইবাবে উত্তৰপ্রদেশত দ্বৈত ইঞ্জিনৰ চৰকাৰে বহু বিশ্ববিদ্যালয় স্থাপন কৰিছে। গোৰক্ষপুৰত ‘মহাযোগী গুৰু গোৰক্ষনাথ আয়ুষ বিশ্ববিদ্যালয়’, প্রয়াগৰাজত ‘ড০ ৰাজেন্দ্র প্রসাদ আইন বিশ্ববিদ্যালয়’, লক্ষ্ণৌত ‘ৰাজ্যিক ফৰেন্সিক বিজ্ঞান প্ৰতিষ্ঠান’, আলিগড়ত ‘ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়’, চাহাৰানপুৰত ‘মা শাকুম্বৰী বিশ্ববিদ্যালয়’ আৰু মীৰাটেত ‘মেজৰ ধ্যানচাঁদ ক্ৰীড়া বিশ্ববিদ্যালয়’, আমাৰ উদ্দেশ্য পৰিষ্কাৰ৷ আমাৰ যুৱক-যুৱতীসকলে কেৱল ৰোল মডেলেই নহয়, তেওঁলোক সমাজত তেওঁলোকৰ ভূমিকা সম্পর্কেও অৱগত হ’ব৷

বন্ধুসকল,

চৰকাৰৰ ভূমিকা অভিভাৱকৰ দৰে হয়। যোগ্যতা থাকিলে উৎসাহ দিব লাগে আৰু ভুল কৰিলে তাক দুৰলৈ পঠাই দিলে নহ’ব৷ আজি যোগীজীৰ নেতৃত্বাধীন চৰকাৰে যুৱক-যুৱতীসকলৰ অভিলেখসংখ্যক চৰকাৰী চাকৰিত নিযুক্তি দিছে৷ আইটিআইৰ পৰা প্রশিক্ষণ প্রদান কৰি হাজাৰ হাজাৰ যুৱক-যুৱতীক ডাঙৰ ডাঙৰ কোম্পানীত চাকৰিৰ ব্যৱস্থা কৰি দিছে৷ নেশনেল শিক্ষানবিচ প্রকল্পই হওক বা প্রধানমন্ত্রী কৌশল বিকাশ যোজনাই হওক–লাখ লাখ যুৱক-যুৱতী ইয়াৰ জৰিয়তে উপকৃত হৈছে৷ এইবাৰ অটলজীৰ জয়ন্তী উপলক্ষে উত্তৰপ্রদেশ চৰকাৰে শিক্ষার্থীসকলৰ ব্যৱহাৰৰ বাবে টেবলেট আৰু স্মার্ট ফোন দিয়াৰ অভিযানো আৰম্ভ কৰিছে।

বন্ধুসকল,

কেন্দ্রীয় চৰকাৰৰ আন এক প্রকল্প সম্পর্কে উত্তৰপ্রদেশৰ নৱ প্রজন্মৰ যুৱক-যুৱতীসকলেৰ জনাটো অতি প্রয়োজনীয়। সেই প্রকল্প হ’ল ‘স্বামীত্ব যোজনা’৷ এই যোজনাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে গাঁৱত বসবাস কৰা জনগণক তেওঁলোকৰ সম্পত্তিৰ মালিকীস্বত্ত সংক্রান্ত কাগজ প্ৰদান কৰিছে৷ মালিকীস্বত্ত পালে গাঁৱৰ যুৱক-যুৱতীসকলে নিজৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে বেংকৰ পৰা সহজতে ঋণ লাব কৰিব৷ এই মালিকীস্বত্তই দুখীয়া, দলিত, বঞ্চিত, পীড়িত, পিছপৰা শ্ৰেণীৰ প্রত্যেক বর্গৰ লোকক তেওঁলোকৰ ঘৰৰ ওপৰ বেদখলৰ চিন্তাৰ পৰা মুক্তি প্ৰদান কৰিব৷ মই অতিশয় আনন্দিত যে যোগীজিৰ চৰকাৰে অতি ক্ষিপ্ৰতাৰে এই ‘স্বামীত্ব যোজনা’ক আগুৱাই নিছে। ইতিমধ্যে উত্তৰপ্রদেশৰ ৭৫খন জিলাত ২৩ লক্ষাধিক ‘মালিকীস্বত্ত’ দিয়া হৈছে৷ নির্বাচনৰ পাছত যোগীজীৰ চৰকাৰে এই অভিযানক আৰু অধিক ত্বৰান্বিত কৰিব৷

ভাই-ভনীসকল,

এই এলেকাৰ অধিকাংশ যুৱক-যুৱতীয়েই গ্রামাঞ্চলত থাকে৷ গ্রামীণ অর্থনীতিক শক্তিশালী কৰি তোলাৰ বাবে আমাৰ চৰকাৰে একেৰাহে কাম কৰি আহিছে। ‘প্রধানমন্ত্রী কিষাণ সন্মান নিধি’ৰ জৰিয়তে উত্তৰপ্রদেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত প্রত্যক্ষ নগদ হস্তান্তৰ বা ডিবিটিৰ জৰিয়তে কোটি কোটি টকা হস্তান্তৰ কৰা হৈছে৷ ইয়াৰ দ্বাৰা এই এলেকাৰ ক্ষুদ্র কৃষকসকলো বহুত উপকৃত হৈছে৷

বন্ধুসকল,

যিসকলে আগতে ক্ষমতাত আছিল, তেওঁলোকে আপোনালোকৰ পৰা কুঁহিয়াৰ কিনি তাৰ দাম বিভিন্ন কিস্তিত অলপ অলপ কৈ দিছিল৷ যোগীজীৰ চৰকাৰৰ আমোলত কৃষকসকলৰ পৰা যিমান কুঁহিয়াৰ ক্ৰয় কৰা হৈছে আৰু যিমান টকা কৃষকসকলে পাইছে, সিমান পূর্বৰ দুখন চৰকাৰৰ আমোলত পোৱা নাছিল। পূর্বৰ দুখন চৰকাৰে চেনি কলসমূহ পানীৰ দৰত বিক্ৰী কৰিছে। এইকথা আপোনালোকে মোতকৈ পৰা ভালদৰে জানে৷ জানে নে নাজানে? বহুত চেনি কল পূর্বৰ চৰকাৰসমূহে কম দামত বিক্ৰী কৰিছিল। বহুত দুর্নীতি হৈছে৷ যোগীজীৰ চৰকাৰৰ আমোলত আৰু নতুনকৈ কোনো চেলি কল বিক্ৰী কৰা হোৱা নাই, সেইবোৰ লকআউট কৰা হোৱা নাই, বৰঞ্চ সেইবোৰ উৎপাদন বৃদ্ধিহে পাইছে। ইয়াৰ সমান্তৰালভাৱে ন-ন চেনি কল খোলা হয়। এতিয়া উত্তৰপ্রদেশত কুঁহিয়াৰৰ পৰা উৎপাদিত ইথানল উৎপাদনো দ্রুতগতিত আগুৱাই গৈছে। বিগত চাৰে চাৰি বছৰত উত্তৰপ্রদেশৰ পৰা প্রায় ১২ হাজাৰ কোটি টকাৰ ইথানল বিভিন্ন তেল কোম্পানীসমূহে ক্ৰয় কৰিছে। চৰকাৰে কৃষি আন্তঃগাঁথনি আৰু খাদ্য প্রস্তুতকৰণ– এই ধৰণৰ উদ্যোগসমূহো দ্রুতগতিত সম্প্রসাৰিত কৰিছে। আজি গ্রামীণ আন্তঃগাঁথনি উন্নয়নৰ দিশত মজুতভাণ্ডাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে, শীতলীকৰণ গৃহ নিৰ্মাণ কৰিবলৈ ১ লাখ কোটি টকা খৰচ কৰা হৈছে।

ভাই-ভনীসকল,

দ্বৈত ইঞ্জিনৰ চৰকাৰে যুৱ সম্প্রদায়ৰ সামর্থ্যৰ লগতে এই এলেকাৰ সামর্থ্য বৃদ্ধিৰ বাবেও কাম কৰিছে। মীৰাটৰ ৰেউৰি-গজক, হেণ্ডলুম, ব্রাছ বেণ্ড, বস্ত্র ইত্যাদিৰ ব্যৱসায় ইয়াৰ পৰিচয়ক গৌৰৱান্বিত কৰিছে। মীৰাট-মুজফ্ফৰনগৰত আৰু বহুত ক্ষুদ্র আৰু অতিক্ষুদ্র উদ্যোগ যাতে গঢ় লৈ উঠে, তাৰ সমান্তৰালভাৱে ডাঙৰ উদ্যোগৰ আধাৰ গঢ় লৈ উঠে, ইয়াৰ কৃষিজাত সামগ্ৰী, ইয়াৰ প্রতিটো সামগ্ৰীয়ে যাতে নতুন বজাৰ পায়, সেইবোৰ সুনিশ্চিত কৰিবলৈ বৰ্তমান বিভিন্ন পদক্ষেপ লোৱা হৈছে। সেইবাবে আজি এই অঞ্চলক দেশৰ আটাইতকৈ আধুনিক আৰু আটাইতকৈ কানেক্টেড ৰিজিয়ন গঢ়ি তোলাৰ বাবে কাম চলিছে। দিল্লী-মীৰাট এক্সপ্রেছৱে নিৰ্মাণ কৰাৰ ফলত আজি দিল্লীৰ দূৰত্ব মাত্র ১ ঘণ্টালৈ হ্ৰাস হৈছে। কিছুদিন পূৰ্বে যি গংগা এক্সপ্রেছৱেৰ কাম আৰম্ভ হৈছে, সেয়াও মীৰাটৰ পৰাই আৰম্ভ হ’ব। এই মীৰাটৰ যোগাযোগ ব্যৱস্থাই উত্তৰপ্রদেশৰ অন্যান্য চহৰৰ সৈতে নিবিড় সম্পর্ক গঢ়ি তুলিব, সকলো আদানপ্রদানক সহজ কৰি তুলিব। দেশৰ প্রথম আঞ্চলিক ৰেপিড ৰে’ল ট্রানজিট ব্যৱস্থাইও মীৰাটক ৰাজধানীৰ সৈতে যুক্ত কৰিছে। মীৰাট দেশৰ প্রথমখন এনে চহৰ হ’ব, য’ত মেট্রো আৰু হাইস্পীড ৰে’ল একেলগে চলিব। মীৰাটৰ আইটি পার্ক, যি পূর্বৰ চৰকাৰৰ বাবে কেৱল এক ঘোষণা আছিল, আমি সেইটো বাস্তৱায়িত কৰাৰ কাম সম্পন্ন কৰি উদ্বোধনো কৰিছো।

বন্ধুসকল,

ইয়াত দুগুণ লাভ, দুগুণ গতিয়েই দ্বৈত ইঞ্জিন চৰকাৰৰ পৰিচয়। এই পৰিচয়ক আৰু অধিক শক্তিশালী কৰিব লাগিব৷ মোৰ পশ্চিম-উত্তৰপ্রদেশৰ জনগণে জানে যে আপোনালোকে এই দিশত হাত মেলিলে লক্ষ্ণৌত যোগীজীক পাবে আৰু সেইফালে হাত মেলিলে দিল্লীত আমাক পাব৷ উন্নয়নৰ গতিক আৰু অধিক ত্বৰান্বিত কৰিব লাগিব৷ নতুন বছৰত আমি নতুন উদ্দীপনাৰে আগুৱাই যাম। মোৰ নৱ প্রজন্মৰ বন্ধুসকল, আজি সমগ্ৰ ভাৰতে মীৰাটৰ শক্তি দেখিবলৈ পাইছে, পশ্চিম-উত্তৰপ্রদেশৰ শক্তি দেখিবলৈ পাইছে, নৱ প্রজন্মৰ লোকসকলৰ শক্তি দেখিবলৈ পাইছে। এই শক্তিয়েই দেশৰ প্ৰকৃত শক্তি। এই শক্তিক আৰু অধিক উৎসাহ যোগোৱাৰ বাবে এক নতুন বিশ্বাসেৰে পুনৰবাৰ আপোনালোকক মেজৰ ধ্যানচাঁদ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে বহুত বহুত শুভকামনা জনাইছো!

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

বন্দে মাতৰম! বন্দে মাতৰম!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Calls For ‘Drug-Free India’, Urges Families To Join 100-Week Campaign

Media Coverage

PM Modi Calls For ‘Drug-Free India’, Urges Families To Join 100-Week Campaign
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
12 Years of Transformation: PM Modi Highlights India’s Progress in Independence Day Address
August 15, 2026

In his Independence Day address, Prime Minister Shri Narendra Modi highlighted India’s transformation over the last 12 years, outlining the progress made across manufacturing, digital infrastructure, basic amenities, energy security, youth empowerment, innovation, social security and other key sectors.

Key highlights from the Prime Minister’s address include:

1. Manufacturing: Scale and Self-Reliance

Over the last 12 years:

  • Defence production has increased nearly 4 times.
  • Khadi and Village Industries production has increased nearly 5 times.
  • Electronics manufacturing has increased nearly 7 times.
  • Modern railway coach production has increased 21 times.
  • Mobile phone production has increased 35 times.

2. Digital India and Innovation

The Prime Minister highlighted the rapid expansion of India’s digital and innovation ecosystem:

  • Internet consumers have increased nearly 4 times.
  • Patent grants have increased 4 times.
  • Digital transactions have increased around 100 times.
  • India has built a significantly larger digital and innovation ecosystem.

3. Faster Delivery of Basic Amenities

The Prime Minister highlighted the faster pace at which basic facilities are reaching ordinary citizens:

  • Tap-water connections have been provided at an average annual pace nearly 15 times faster.
  • LPG connections have been provided at an annual pace nearly 6 times faster.
  • Toilets for the poor have been constructed at an annual pace nearly 4 times faster.
  • Pucca houses for the poor have been provided at an annual pace nearly 3 times faster.
  • Hundreds of obsolete laws have been abolished.
  • Modern public transport, including metro systems, has reached several more cities.

4. Building the Semiconductor Ecosystem

The Prime Minister highlighted India’s progress in building domestic semiconductor capabilities:

  • India earlier had no major semiconductor manufacturing plant.
  • A complete semiconductor ecosystem is now being built in India.
  • Three semiconductor plants have been initiated.
  • India has also started exporting chips.

5. Securing Critical Minerals

Highlighting the importance of critical minerals for emerging technologies, the Prime Minister referred to the steps being taken to strengthen India’s capabilities in this sector:

  • National Critical Mineral Mission has been launched.
  • Critical Mineral Corridor has been announced in the Budget.
  • Agreements have been signed with several countries for critical mineral supplies.

6. Strengthening Energy Security

The Prime Minister underlined that energy security is an essential condition for building a developed India, particularly as technologies such as chips, AI and data centres require huge quantities of electricity.

Underlining the role of nuclear energy, the Prime Minister highlighted:

  • The SHANTI Act as a major reform in the nuclear energy sector.
  • India crossing an important milestone in Fast Breeder Nuclear Technology.
  • The potential of the technology to play a major role in making India self-reliant in nuclear fuel.

7. Expanding Oil and Gas Exploration

The Prime Minister highlighted the change in India’s approach towards offshore exploration:

  • Nearly 99% of India’s offshore area was earlier classified as a No-Go Area.
  • The approach has now changed from No-Go Area to Go Ahead Area.
  • Previously restricted areas have been opened for exploration.
  • This has created possibilities for discovering new oil and gas reserves.

8. Energy Diversification

The Prime Minister highlighted the rapid expansion in different sources of energy.

City Gas Distribution

  • 2014: Available in fewer than 70 cities.
  • Today: Available in around 700 cities.

Piped Cooking Gas

 

  • 2014: Around 20–22 lakh households.
  • Today: Nearly 1.75 crore households.

Solar Energy

 

  • 2014: Around 2 GW.
  • Today: Around 160 GW.

PM Surya Ghar Muft Bijli Yojana

 

  • The scheme has crossed 50 lakh households.
  • Lakhs of families are benefiting through lower or zero electricity bills.
  • Families can also sell surplus electricity and earn.
  • Assistance of up to around ₹80,000 per household is available.

9. Railways: Electrification and Future Fuels

The Prime Minister highlighted the transformation of Indian Railways:

  • In 2014, after nearly 90 years, only around 30% of the railway network had been electrified.
  • Today, Indian Railways has moved towards near-complete electrification.
  • India has started work on its first Made-in-India hydrogen train.
  • It is being developed as the world’s longest and most powerful hydrogen train.

10. India’s Resilience During Global Crises

The Prime Minister said that the capabilities built over the last 10–12 years were tested during:

  • COVID-19 pandemic.
  • Russia-Ukraine war.
  • Conflicts in West Asia.

11. Affordable Fertiliser for Farmers

Highlighting the Government’s efforts to protect farmers from high global fertiliser prices, the Prime Minister stated:

  • Urea: Around ₹3,000 per bag internationally; Indian farmers get it for less than ₹300.
  • DAP: More than ₹5,000 internationally; Indian farmers get it for ₹1,350.

12. Trade and Export Opportunities

The Prime Minister highlighted the new opportunities being created for Indian producers and exporters:

  • Since 2014, India has entered into FTAs with around 40 countries.
  • New opportunities have opened for agriculture, fisheries, MSMEs, textiles and other export sectors.

13. Youth at the Centre of Viksit Bharat

The Prime Minister said that India’s youth have a major role in building Viksit Bharat and highlighted the new pathways opened up for them:

  • Startup India: New avenues for innovation and entrepreneurship.
  • ₹1 lakh crore Research Fund: New opportunities for young researchers.
  • Digital India: Empowerment through affordable data.
  • Skill India: National skills ecosystem.
  • Space Sector: Opened for private participation.
  • National Drone Policy: New opportunities for young entrepreneurs and innovators.
  • Khelo India: Strengthened sports ecosystem.

14. Education and Innovation

The Prime Minister highlighted the expansion of educational and innovation opportunities:

  • National Education Policy 2020: Introduced after a gap of 35 years.
  • Universities: Fewer than 350 during 2004–2014; around 650 new universities added in the following decade.
  • Medical Colleges: Fewer than 400 before 2014; around 850 today.
  • More than 10,000 Atal Tinkering Labs have been established in schools.
  • Focus has been placed on developing a technology and innovation mindset from an early age.

15. Startups, Space and AI

The Prime Minister highlighted India’s growing startup and innovation ecosystem:

  • An Indian space startup has launched a Made-in-India rocket.
  • India now has around 2.5 lakh registered startups.
  • AI is creating new opportunities for young Indians.
  • India hosted the AI Impact Summit this year.

16. New Sectors and New Opportunities

Bioeconomy

  • 2014: Around ₹60,000 crore.
  • Today: Nearly ₹20 lakh crore.
  • The expansion is creating new jobs and entrepreneurial opportunities.

Electric Vehicles

 

  • Towards the end of the previous decade: Around 1.5 lakh EVs sold annually.
  • Last year: Around 25 lakh EVs sold.

Aviation

 

  • New airports and routes are creating employment.
  • MRO is opening new opportunities.
  • India is moving towards Made-in-India aircraft manufacturing.
  • The Made-in-India C-295 defence transport aircraft has successfully completed its flight.

17. Rural Empowerment through SVAMITVA

The Prime Minister highlighted the impact of the SVAMITVA initiative:

  • Around 3.25 crore families have received property cards.
  • Around ₹140 lakh crore of economic potential has been unlocked in rural areas.
  • Property records are enabling villagers to access bank loans against their property.
  • New avenues for rural employment, self-employment and entrepreneurship have opened up.

18. Growth in Defence Exports

The Prime Minister highlighted the expansion of India’s defence exports:

  • Defence exports have increased more than 50 times.
  • Indian defence equipment is now exported to around 100 countries.

19. Women-Led Development: Lakhpati Didi

Highlighting the growing role of women in India’s development:

  • The target of 3 crore Lakhpati Didis has been achieved.
  • Women from general, Dalit, backward and tribal families have become Lakhpati Didis.

20. Expanding Social Security

The Prime Minister highlighted the expansion of social security coverage:

  • Before 2014, around 25 crore people were covered by social security.
  • Today, around 100 crore Indians are covered by one or another social security scheme.

21. Ayushman Bharat

The Prime Minister highlighted the financial relief provided to families through Ayushman Bharat:

  • Beneficiary families have avoided an estimated ₹2 lakh crore in medical expenditure.