শ্ৰী চিপি ৰাধাকৃষ্ণন জী এটি সাধাৰণ কৃষক পৰিয়ালৰ সন্তান আৰু তেওঁ ওৰেটো জীৱন জনসেৱাৰ বাবে উৎসৰ্গা কৰিছেঃ প্ৰধানমন্ত্ৰী
সেৱা, সমৰ্পণ আৰু সংযম শ্ৰী চিপি ৰাধাকৃষ্ণন জীৰ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংগ হৈ আহিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”

শ্ৰী মোদীয়ে আস্থা প্ৰকাশেৰে কয় যে শীতকালীন অধিৱেশনে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়সমূহত আলোচনা কৰিবলৈ সাজু হোৱাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষৰ নেতৃত্বই ৰাজ্যসভাৰ কাৰ্য্যকলাপক অধিক সমৃদ্ধ কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এজন কৃষক পৰিয়ালৰ সন্তান অধ্যক্ষ ৰাধাকৃষ্ণনে ওৰেটো জীৱন সমাজ সেৱাৰ বাবে উৎসৰ্গা কৰিছে। শ্ৰী মোদীয়ে কয়, “সমাজ সেৱা তেওঁৰ নিৰন্তৰ পৰিচয় হৈ আহিছে। ৰাজনীতি আছিল মাত্ৰ এটা দিশ, কিন্তু সেৱাৰ মনোভাৱ তেওঁৰ জীৱনৰ কামৰ আধাৰ আছিল।“ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে জনকল্যাণৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাই সমাজৰ সেৱাক মূল্য দিয়া সকলোকে প্ৰেৰণা যোগায়।

অধ্যক্ষগৰাকীৰ বিস্তৃত ৰাজহুৱা পৰিক্ৰমাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে কয়ৰ ব’ৰ্ডক ঐতিহাসিকভাৱে অধিক-প্ৰদৰ্শনকাৰী প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা সম্পৰ্কে ব্যক্ত কৰে। ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু পুডুচেৰীৰ ৰাজপ্যাল আৰু লেফটেনেন্ট গৱৰ্ণৰ হিচাপে তেওঁ আগবঢ়োৱা নিষ্ঠাবান সেৱাৰ কথা উল্লেখ কৰে। বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ জনজাতীয় সমাজসমূহৰ সৈতে তেওঁৰ গভীৰ সংযোগক প্ৰশংসাৰে কয় যে তেওঁ প্ৰায়ে দুৰ্গম গাঁওসমূহ ভ্ৰমণ কৰে আৰু ইয়াৰ ৰাইজৰ প্ৰয়োজনীয়তা বুজিবলৈ তেওঁলোকৰ গৃহতে ৰাতিটো কটায়। তেওঁ কয়, “ৰাজ্যপালৰ দায়িত্বত অধিষ্ঠিত হৈ থকাৰ সময়তো আপোনাৰ সেৱাৰ মনোভাৱ বৃদ্ধি পাইছিল।“

বছৰ-বছৰ ধৰি ব্যক্তিগত সান্নিধ্যৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ৰাধাকৃষ্ণনে প্ৰট’কলৰ বাধাৰ উৰ্ধত থাকি নিজকে পৃথক কৰি তুলিছিল। “ৰাজহুৱা জীৱনত প্ৰট’কলৰ বাহিৰত জীয়াই থকাৰ এক বিশেষ মাদকতা আছে আৰু আমি সদায় আপোনাৰ মাজত সেই শক্তিক দেখি আহিছো”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অধ্যক্ষ ৰাধাকৃষ্ণনৰ যদিও নিজস্ব গভীৰ পৰিচয় থকা “ডলাৰ চিটি”ত জন্ম হৈছিল, তথাপিও তেওঁ ডলাৰ চিটিৰ নিপীড়িত, প্ৰান্তিক অথবা অনগ্ৰসৰ সমাজৰ লোকসকলৰহে কল্যাণ সাধনত গুৰুত্ব প্ৰদান কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে শিশু অৱস্থাত শ্ৰী চিপি ৰাধাকৃষ্ণন অবিনাশী মন্দিৰৰ পুখুৰীৰ পানীত উটি গৈছিল। তেওঁ উল্লেখ কৰে যে অধ্যক্ষ আৰু তেওঁৰ পৰিয়ালবৰ্গই তেওঁৰ অস্তিত্বক প্ৰায়ে ঐশ্বৰিক অনুগ্ৰহৰ ফলশ্ৰুতি বুলি অভিহিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী লাল কৃষ্ণ আদৱানীৰ নিৰ্ধাৰিত যাত্ৰাৰ কিছু সময়ৰ পূৰ্বে কইম্বাটুৰত সংঘটিত হোৱা ভয়াৱহ বোমা বিস্ফোৰণৰ কথাও উল্লখ কৰে। এই বিস্ফোৰণত প্ৰায় ৬০-ৰ পৰা ৭০ জন লোকৰ প্ৰাণহানি হৈছিল আৰু অধ্যক্ষগৰাকী ইয়াৰ পৰাও কোনোমতে ৰক্ষা পৰিছিল।

শ্ৰী মোদীয়ে কয়, “ঐশ্বৰিক হস্তক্ষেপমূলক এই ঘটনাসমূহে তেওঁৰ সমাজ সেৱাত নিজকে অধিক নিয়োজিতকৰণৰ সংকল্পক গভীৰ কৰি তুলিছিল।“ তেওঁ লগতে কয় যে এনে জীৱন অভিজ্ঞতাক অধিক ইতিবাচকতা আৰু দায়বদ্ধতালৈ ৰূপান্তৰিত কৰা কাৰ্য্যই অধ্যক্ষগৰাকীৰ উল্লেখযোগ্য চৰিত্ৰকে প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অধ্যক্ষ ৰাধাকৃষ্ণনে প্ৰথমবাৰ কাশী ভ্ৰমণৰ সময়ত মা গংগাৰ আশীৰ্বাদত গভীৰভাৱে অনুপ্ৰাণিত হৈছিল আৰু আমিষ খাদ্য ত্যাগ কৰাৰ ব্যক্তিগত প্ৰতিজ্ঞা গ্ৰহণ কৰিছিল। এই সিদ্ধান্তই খাদ্যৰ পছন্দৰ ওপৰত কোনো বিচাৰতকৈ তেওঁৰ আধ্যাত্মিক সংবেদনশীলতা আৰু তেওঁ অনুভৱ কৰা অভ্যন্তৰীণ প্ৰেৰণাক প্ৰতিফলিত কৰে। "আপোনাৰ ছাত্ৰ জীৱনৰ পৰাই আপোনাৰ নেতৃত্বৰ গুণসমূহ স্পষ্ট হৈ আহিছে। আজি আপুনি আমাক সকলোকে ৰাষ্ট্ৰীয় নেতৃত্বৰ দিশত পথ প্ৰদৰ্শন কৰিবলৈ ইয়াত উপস্থিত হৈছে। এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়", শ্ৰী মোদীয়ে লগতে কয়।

শ্ৰী মোদীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত অধ্যক্ষগৰাকীৰ সাহসী স্থিতিৰ কথা দোহাৰি কয় যে তেওঁ সম্পদৰ সীমাবদ্ধতা সত্ত্বেও গণতন্ত্ৰৰ প্ৰত্যাহ্বানেৰে মোকাবিলাৰে অদম্য মনোভাৱ আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল। "আপোনাৰ গণতন্ত্ৰৰ বাবে সংগ্ৰামত আপুনি একাধিক জনসচেতনতা কাৰ্য্যসূচীও ৰূপায়ণ কৰিছিল। আপুনি যি ধৰণেৰে জনতাক অনুপ্ৰাণিত কৰিছিল, সেয়া সকলো গণতন্ত্ৰ অনুৰাগীৰ বাবে প্ৰেৰণাৰ উৎস হৈয়েই আছে আৰু থাকিব", শ্ৰী মোদীয়ে লগতে কয়।

তেওঁৰ সাংগঠনিক দূৰদৰ্শিতাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষ ৰাধাকৃষ্ণনক তেওঁৰ ওপৰত ন্যস্ত কৰা প্ৰতিটো দায়িত্ব পালন কৰা, নতুন ধাৰণাক আকোৱালি লোৱা, ঐক্যৰ পোষকতা কৰা, কনিষ্ঠ নেতাসকলক সুযোগ প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে। “কইম্বাটুৰৰ জনসাধাৰণে আপোনাক তেওঁলোকৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল, আনকি সদনতো আপুনি আপোনাৰ সমষ্টিৰ উন্নয়নৰ প্ৰয়োজনীয়তাক ধাৰাবাহিকভাৱে উজ্জ্বল কৰি তুলিছিল, জনসাধাৰণ আৰু সংসদ উভয়ৰে আগত যথোচিত প্ৰাধান্য দিছিল”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষ ৰাধাকৃষ্ণনৰ এগৰাকী সাংসদ হিচাপে, ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে আৰু এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে এই বিশাল অভিজ্ঞতাই সদন আৰু ৰাষ্ট্ৰক প্ৰেৰণা যোগাব বুলি আস্থা প্ৰকাশ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare