অপাৰেচন সিন্দূৰৰ সফলতা, সীমান্তৰ গভীৰতাত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান ধ্বংসৰ শক্তি আৰু সন্ত্ৰাসবাদীক ৰক্ষা কৰিবলৈ অহা পাকিস্তানক ঘন্টাৰ ভিতৰতে নতশিৰ কৰোঁৱাৰ ক্ষমতা, এইসমূহ সামৰ্থ্যৰ জৰিয়তে সমগ্ৰ বিশ্বই ভাৰতৰ নতুন মুখখন প্ৰত্যক্ষ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰত হৈছে বিশ্বৰ দ্ৰুত-বৰ্ধমান প্ৰধান অৰ্থনীতিঃ প্ৰধানমন্ত্ৰী
যোৱা ১১ বছৰত আমাৰ অৰ্থনীতি ১০-ম স্থানৰ পৰা শীৰ্ষ পাঁচলৈ উন্নীত হৈছে। আমি এতিয়া শীৰ্ষ তিনি অৰ্থনীতিৰ অন্যতম হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছোঁঃ প্ৰধানমন্ত্ৰী
ডিজিটেল ইণ্ডিয়াৰ সৈতে হাতে-হাত ধৰি এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
প্ৰযুক্তিত আত্ম-নিৰ্ভৰ হোৱাটো আমাৰ পৰৱৰ্তী বৃহৎ অগ্ৰাধিকাৰ হ’ব লাগেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ৭,১৬০ কোটি টকা মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনৰ লগতে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-৩ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেখেতে বেংগালুৰুৰ কেএছআৰ ৰেলৱে ষ্টেচনত তিনিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে কৰ্ণাটকৰ ভূমিত ভৰি দিয়াৰ লগে-লগে তেখেতৰ নিজৰ-নিজৰ ভাৱ এটা অনুভৱ হৈছে। কৰ্ণাটকৰ সংস্কৃতিৰ সমৃদ্ধি, জনসাধাৰণৰ মৰম, হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা কানাড়া ভাষাৰ মধুৰতাত আলোকপাতেৰে শ্ৰী মোদীয়ে বেংগালুৰুৰ প্ৰধান দেৱতা অন্নম্মা থাইৰ শ্ৰী-চৰণত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ভাষণৰ আৰম্ভণি কৰে। শতিকা পূৰ্বে নদপ্ৰভূ কেম্পেগৌড়াই বেংগালুৰু চহৰৰ ভেটি স্থাপন কৰাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেম্পেগৌড়াই পৰম্পৰাৰে বদ্ধমূল এখনি চহৰৰ কল্পনাৰ লগতে চহৰখনে যাতে প্ৰগতিৰ নতুন শিখৰতো আৰোহণ কৰে, তাত গুৰুত্ব আৰোপ কৰিছিল। “বেংগালুৰুৱে সদায় সেই মনোভাৱক জীয়াই আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিছে তথা আজিও বেংগালুৰুৱে সেই সপোনকেই বাস্তৱায়িত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“আজি বেংগালুৰুৱে এখনি নব্য ভাৰতৰ উত্থানৰ প্ৰতীক হৈ পৰা এখন চহৰ হিচাপে আত্মপ্ৰকাশ কৰিছে”, শ্ৰী মোদীয়ে ইয়াক এনে এখন চহৰ হিচাপে অভিহিত কৰি কয়, ইয়াৰ আত্মাই দাৰ্শনিক প্ৰজ্ঞাক মূৰ্ত কৰি তুলিছে আৰু ইয়াৰ কাৰ্য্যই প্ৰযুক্তিগত বিশেষজ্ঞতাক প্ৰতিফলিত কৰিছে। তেখেতে কয় যে বেংগালুৰু এনে এখনি চহৰ, যিয়ে ভাৰতক গৌৰৱেৰে বিশ্ব আইটি মেপত স্থাপিত কৰিছে, বেংগালুৰুৰ সফলতাৰ কাহিনীৰ কৃতিত্বৰ গৰাকী হৈছে ইয়াৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভা।

 

“একবিংশ শতিকাত নগৰ পৰিকল্পনা আৰু নগৰ আন্তঃগাঁথনি আমাৰ চহৰসমূহৰ বাবে অত্যন্ত প্ৰয়োজনীয়” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বেংগালুৰুৰ দৰে চহৰসমূহ ভৱিষ্যতৰ বাবে সাজু হ’ব লাগিব। তেখেতে কয় যে শেহতীয়া বছৰ কেইটাত ভাৰত চৰকাৰে বেংগালুৰুত হাজাৰ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰিছে আৰু আজি এই অভিযানে নতুন গতি লাভ কৰিছে। শ্ৰী মোদীয়ে বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনেৰে মেট্ৰ’ৰ পৰ্য্যায়-৩ ৰ আধাৰশিলা স্থাপন কৰে। লগতে দেশৰ ভিন্ন প্ৰান্ত সংযোগী তিনিখন নতুন বন্দে ভাৰত ৰেলৰ ফ্লেগ অফ কৰে। তেখেতে লগতে কয় যে বেংগালুৰু আৰু বেলাগাভিৰ মাজত বন্দে ভাৰত সেৱা আৰম্ভ হোৱাৰ লগে-লগে বেলাগাভিৰ বাণিজ্য আৰু পৰ্যটনৰ উত্থান ঘটিব। ইয়াৰ উপৰিও নাগপুৰ আৰু পুনেৰ মাজত তথা শ্ৰী মাতা বৈষ্ণো দেৱী কাট্ৰা আৰু অমৃতসৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ আৰম্ভ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সেৱাসমূহে লাখ-লাখ ভক্তক উপকৃত কৰিব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটাব। তেখেতে এই প্ৰকল্পসমূহ আৰু নতুন বন্দে ভাৰত ৰেল কেইখনৰ বাবে বেংগালুৰু, কৰ্ণাটক আৰু সমগ্ৰ দেশবাসীক অভিনন্দন জ্ঞাপন কৰে।

অপাৰেচন সিন্দূৰৰ পিছত এয়া তেখেতৰ প্ৰথম বেংগালুৰু ভ্ৰমণ বুলি উল্লেখেৰে শ্ৰী মোদীয়ে সীমান্তৰ গভীৰতাত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান ধ্বংসৰ সামৰ্থ্যৰ কথা ব্যক্তৰে অপাৰেচন সিন্দূৰত ভাৰতীয় বাহিনীৰ সফলতাত আলোকপাত কৰে। সন্ত্ৰাসবাদীক ৰক্ষা কৰিবলৈ অহা পাকিস্তানক ঘন্টাৰ ভিতৰতে নতশিৰ হ’বলৈ বাধ্য কৰোঁৱা ভাৰতৰ শক্তিত গুৰুত্ব আৰোপ কৰে। “সমগ্ৰ বিশ্বই নব্য ভাৰতৰ এই নতুন মুখখন প্ৰত্যক্ষ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আৰু কয় যে অপাৰেচন সিন্দূৰৰ সফলতাৰ কাৰণ হৈছে প্ৰযুক্তিৰ শক্তি আৰু প্ৰতিৰক্ষা খণ্ডত মেক ইন ইণ্ডিয়াৰ সামৰ্থ্য। তেখেতে এই সাফল্যত বেংগালুৰু আৰু কৰ্ণাটকৰ যুৱক-যুৱতীসকলৰ উল্লেখযোগ্য বৰঙণিৰ কথা স্বীকাৰ কৰে আৰু এই সফলতাত তেওঁলোকৰ এনে ভূমিকাৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে।

বিশ্বৰ প্ৰধান চহৰসমূহৰ সমান্তৰালভাৱে বেংগালুৰুৱে এতিয়া স্বীকৃতি লাভ কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে কেৱল বৈশ্বিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাই নহয়, বৰঞ্চ নেতৃত্বও প্ৰদান কৰিব লাগিব। তেখেতে কয় যে অগ্ৰগতি তেতিয়াহে সাধন হ’ব, যেতিয়া আমাৰ চহৰসমূহ স্মাৰ্ট, দ্ৰুত আৰু কাৰ্য্যক্ষম হ’ব। তেখেতে আধুনিক আন্তঃগাঁথনি প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ গভীৰ মনোনিৱেশ কাৰ্য্যত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আৰভি ৰোডৰ পৰা বোম্মাচন্দ্ৰালৈ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে, যিয়ে বেংগালুৰুৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলক সংযুক্ত কৰিব। তেখেতে কয় যে বাছাৱনাগুডি আৰু ইলেক্ট্ৰনিক চিটিৰ মাজত যাত্ৰাৰ সময় এতিয়া যথেষ্ট হ্ৰাস পাব। ইয়াৰ দ্বাৰা লাখ-লাখ লোকৰ জীৱন-যাপন আৰু কামৰ সহজতা বৃদ্ধি পাব বুলিও তেখেতে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ইয়েল্ল’ লাইন উদ্বোধনৰ সমান্তৰালভাৱে বেংগালুৰু মেট্ৰ’ৰ তৃতীয় পৰ্য্যায়— অৰ্থাৎ অৰেঞ্জ লাইনৰ— আধাৰশিলাও স্থাপন কৰা হৈছে। তেখেতে কয় যে কাৰ্য্যক্ষম হৈ উঠিলে ইয়েল্ল’ লাইনৰ সৈতে সংগতি ৰাখি অৰেঞ্জ লাইনে ২৫ লাখ যাত্ৰীৰ দৈনিক যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলশ্ৰুতিত বেংগালুৰুৰ পৰিবহণ ব্যৱস্থা সুদৃঢ় হ’ব আৰু নতুন শিখৰত আৰোহণ কৰিব বুলিও তেখেতে কয়। শ্ৰী মোদীয়ে আৰু কয় যে বেংগালুৰু মেট্ৰ’ৱে দেশত ৰাজহুৱা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক নতুন আৰ্হি প্ৰৱৰ্তন কৰিছে। তেখেতে কয় যে ইনফ’ছিছ ফাউণ্ডেচন, বাঅ’কন আৰু ডেল্টা ইলেক্ট্ৰনিক্সৰ দৰে কোম্পানীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মেট্ৰ’ ষ্টেচনৰ বাবে অংশগত ধন আগবঢ়াইছে। তেখেতে চিএছআৰ-ৰ এই অভিনৱ ব্যৱহাৰক প্ৰেৰণাৰ উৎস হিচাপে প্ৰশংসা কৰে আৰু কৰ্পৰেট খণ্ডক অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

“ভাৰত বৰ্তমান বিশ্বৰ দ্ৰুত-বৰ্ধমান প্ৰধান অৰ্থনীতি। বিগত এঘাৰ বছৰত ভাৰতৰ অৰ্থনীতি বিশ্বজুৰি ১০-ম স্থানৰ পৰা শীৰ্ষ পাঁচলৈ উন্নীত হৈছে আৰু শীৰ্ষ তিনি অৰ্থনীতিৰ অন্যতম হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে”, শ্ৰী মোদীয়ে এইদৰে কয়। তেখেতে এনে ক্ষীপ্ৰতাৰ কাৰণ স্পষ্ট উদ্দেশ্য আৰু সৎ প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত “ৰিফৰ্ম, পাৰ্ফম আৰু ট্ৰেন্সফৰ্ম”-ৰ মনোভাৱ বুলি কয়। আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪-ত মেট্ৰ’ সেৱা মাত্ৰ পাঁচখন চহৰতে সীমাবদ্ধ আছিল। আজি তেখেতে লগতে কয় যে মেট্ৰ’ নেটৱৰ্কৰ ২৪ খন চহৰৰ ১,০০০ কিমি-ৰো অধিক দূৰত্বত বিস্তৃতিৰে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মেট্ৰ’ নেটৱৰ্কসম্পন্ন দেশ হিচাপে পৰিগণিত হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে ২০১৪-ৰ পূৰ্বে মাত্ৰ প্ৰায় ২০ হাজাৰ কিমি ৰেলপথত বিদ্যুৎ সংযোগ আছিল। কিন্তু কেৱল যোৱা এঘাৰ বছৰতে ৪০ হাজাৰ কিমি-ৰো অধিক ৰেলপথত বিদ্যুৎ সংযোগ কৰা হৈছে, যিয়ে বহনক্ষম পৰিবহণ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতিক প্ৰতিফলিত কৰিছে।

ভাৰতৰ কৃতিত্ব কেৱল ভূমিতে নহয়, বৰঞ্চ আকাশতো দৃশ্যমান হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪-ত ভাৰতত মাত্ৰ ৭৪ টা বিমানবন্দৰ আছিল আৰু আজি এই সংখ্যা ১৬০-ৰো অধিকলৈ বৃদ্ধি পাইছে। এই সংখ্যা এতিয়া ত্ৰিশলৈ বৃদ্ধি পাইছে। তেখেতে জলপথ আন্তঃগাঁথনিৰ উল্লেখযোগ্য অগ্ৰগতিৰ কথাও উল্লেখেৰে কয় যে ২০১৪-ত মাত্ৰ তিনিটা ৰাষ্ট্ৰীয় জলপথহে কাৰ্য্যক্ষম হৈ আছিল; এই সংখ্যা এতিয়া ত্ৰিশলৈ বৃদ্ধি পাইছে।

 

স্বাস্থ্য আৰু শিক্ষা খণ্ডত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি কাৰ্য্যত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ২০১৪-লৈকে দেশত মাত্ৰ ৭ খন এইমছ আৰু ৩৮৭ খন চিকিৎসা মহাবিদ্যালয় আছিল, কিন্তু আজি ২২ খন এইমছ আৰু ৭০৪ খন চিকিৎসা মহাবিদ্যালয়ে জনসাধাৰণক সেৱা আগবঢ়াই আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১১ বছৰত সমগ্ৰ দেশতে এক লাখৰো অধিক নতুন চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ সংযোজন কৰা হৈছে। তেখেতে উক্ত সম্প্ৰসাৰণৰ প্ৰভাৱত গুৰুত্ব আৰোপেৰে কয় যে বৰ্ধিত সুযোগৰ ফলশ্ৰুতিত মধ্যবিত্ত-শ্ৰেণীৰ সন্তানসকল বহুখিনি লাভান্বিত হৈছে। শ্ৰী মোদীয়ে আৰু কয় যে যোৱা ১১ বছৰত আইআইটি-ৰ সংখ্যা ১৬-ৰ পৰা ২৩-লৈ, আইআইআইটি-ৰ সংখ্যা ৯-ৰ পৰা ২৫-লৈ আৰু আইআইএম-ৰ সংখ্যা ১৩-ৰ পৰা ২১-লৈ বৃদ্ধি পাইছে। তেখেতে কয় যে আজি ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত যথেষ্ট বেছি সুযোগ লাভ কৰিছে।

আজি ৰাষ্ট্ৰখন দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে-লগে দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰো জীৱন যাত্ৰা একে গতিৰে ৰূপান্তৰিত হৈছে বুলি দৃঢ়তাৰে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪ কোটিৰো অধিক পকী ঘৰৰ ব্যৱস্থা কৰা হৈছে। তেখেতে কয় যে চৰকাৰে এতিয়া আৰু ৩ কোটি গৃহ নিৰ্মাণ কৰিবলৈ সাজু হৈছে। শ্ৰী মোদীয়ে কয় যে মাত্ৰ ১১ বছৰতে সমগ্ৰ দেশতে ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। তেখেতে কয় যে এই পদক্ষেপে কোটি-কোটি মাতৃ-ভগ্নীক মৰ্যাদা প্ৰদানেৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত আৰু সুৰক্ষা প্ৰদান কৰিছে।

“ভাৰতৰ উন্নয়নৰ দ্ৰুত গতিক দেশৰ অৰ্থনৈতিক বিকাশে পৰিচালিত কৰিছে”, বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ২০১৪-ৰ পূৰ্বে ভাৰতৰ মুঠ ৰপ্তানিৰ পৰিমাণ আছিল মাত্ৰ ৪৬৮ বিলিয়ন ডলাৰৰ যদিও আজি এই পৰিমাণ ৮২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ভাৰতে ম’বাইল ফোন আমদানি কৰিছিল, কিন্তু এতিয়া, দেশখনে ম’বাইল হেণ্ডছেটৰ শীৰ্ষ পাঁচ ৰপ্তানিকাৰীৰ অন্যতম দেশ হৈ পৰিছে। তেখেতে কয় যে এই ৰূপান্তৰত বেংগালুৰুৱে এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে ২০১৪-ৰ পূৰ্বে ভাৰতৰ ইলেক্ট্ৰনিকছৰ ৰপ্তানিৰ পৰিমাণ প্ৰায় ৬ বিলিয়ন ডলাৰৰ আছিল, যি পৰিমাণ এতিয়া প্ৰায় ৩৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

এঘাৰ বছৰ পূৰ্বে ভাৰতৰ অট’ম’বাইলৰ ৰপ্তানিৰ পৰিমাণ প্ৰায় ১৬ বিলিয়ন ডলাৰৰ আছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এই পৰিমাণ দুগুণৰো অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলশ্ৰুতিত ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অট’ম’বাইলৰ ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। এই সাফল্যসমূহে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক সুদৃঢ় কৰিছে বুলি উল্লেখেৰে তেখেতে একত্ৰিত হৈ ৰাষ্ট্ৰখন আগবাঢ়ি যাব আৰু এখনি উন্নত ভাৰত গঢ়ি তুলিব বুলি দৃঢ়তাৰে কয়।

 

“ডিজিটেল ইণ্ডিয়াৰ সৈতে হাতে-হাত ধৰি এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰা কৰা হৈছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইণ্ডিয়া এআই মিছনৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰত বিশ্ব এআইত নেতৃত্ব প্ৰদানৰ দিশত আগবাঢ়িছে। তেখেতে লগতে কয় যে ছেমিকণ্ডাক্টৰ মিছনেও গতি লাভ কৰিছে আৰু ভাৰতত অতি সোনকালেই নিজা মেড-ইন-ইণ্ডিয়া চিপ উপলব্ধ হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত কম খৰচী, উচ্চ-প্ৰযুক্তিৰ মহাকাশ অভিযানৰ বিশ্ব নিদৰ্শন হৈ পৰিছে। তেখেতে গুৰুত্ব আৰোপেৰে কয় যে ভাৰতে ভৱিষ্যতৰ প্ৰযুক্তিৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছে আৰু এই অগ্ৰগতি লাভ কাৰ্য্যৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল দৰিদ্ৰসকলৰ সবলীকৰণ। ডিজিটেলাইজেচন এতিয়া দেশৰ প্ৰতিখন গাঁৱত উপনীত হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইউপিআই-ৰ জৰিয়তে বিশ্বৰ বাস্তৱ-সময়ৰ লেনদেনৰ ৫০%-ৰো অধিক ভাৰতত সম্পন্ন হৈছে। তেখেতে কয় যে প্ৰযুক্তিয়ে চৰকাৰ আৰু নাগৰিকৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰিছে। তেখেতে কয় যে আজি ২,২০০-ৰো অধিক চৰকাৰী সেৱা ম’বাইল প্লেটফৰ্মত উপলব্ধ। তেখেতে লগতে কয় যে উমাং এপৰ জৰিয়তে নাগৰিকে ঘৰৰ পৰাই চৰকাৰী কাম-কাজ সম্পন্ন কৰিব পাৰে, একেদৰে ডিজিলকাৰৰ জৰিয়তে চৰকাৰী চাৰ্টিফিকেটৰ পৰিচালনাৰ সমস্যা নোহোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়া এআই-সৃষ্ট ভাবুকি ধৰা পেলোৱাৰ দৰে প্ৰযুক্তিবিদ্যাত বিনিয়োগ কৰিছে। ডিজিটেল বিপ্লৱৰ সুফল সমাজৰ সকলো ব্যক্তিয়ে লাভ কৰা কাৰ্য্য নিশ্চিত কৰা হৈছে। তেখেতে কয় যে বেংগালুৰুৱে এই ৰাষ্ট্ৰীয় প্ৰচেষ্টাত সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছে।

“প্ৰযুক্তিত আত্ম-নিৰ্ভৰ হোৱাটো আমাৰ পৰৱৰ্তী বৃহৎ অগ্ৰাধিকাৰ হ’ব লাগে”, বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আৰু কয় যে ভাৰতীয় টেক কোম্পানীসমূহে সমগ্ৰ বিশ্বৰ বাবে চফ্টৱেৰ আৰু সামগ্ৰী বিকশিতকৰণেৰে বিশ্বজুৰি নিজৰ নাম উজলাইছে। তেখেতে কয় যে এতিয়া ভাৰতৰ নিজৰ প্ৰয়োজনীয়তাক অধিক ব্যাপকভাৱে অগ্ৰাধিকাৰ প্ৰদানৰ সময় আহি পৰিছে আৰু নতুন সামগ্ৰীৰ বিকাশ সাধন কাৰ্য্যক ত্বৰান্বিত কৰিব লাগিব। কিয়নো বিশেষকৈ এতিয়া প্ৰতিটো ডমেইনতে চফ্টৱেৰ আৰু এপ ব্যৱহাৰ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে ভাৰতে এই ক্ষেত্ৰত নতুন শিখৰত উপনীত হোৱাটো অতিশয় প্ৰয়োজনীয়। উদীয়মান ক্ষেত্ৰসমূহত নেতৃত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীভূত প্ৰচেষ্টাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে মেক ইন ইণ্ডিয়া আৰু উৎপাদন খণ্ডত বেংগালুৰু আৰু কৰ্ণাটকৰ প্ৰভাৱ বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে আহ্বান জনাই কয় যে ভাৰতৰ সামগ্ৰীসমূহে জিৰ’ ডিফেক্ট, জিৰ’ ইফেক্ট মানদণ্ড অনুসৰণ কৰিব লাগিব, অৰ্থাৎ ইয়াৰ গুণগত মান ত্ৰুটিহীন হ’ব লাগে আৰু পৰিবেশৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ পৰিব নালাগে। তেখেতে আস্থা প্ৰকাশেৰে কয় যে কৰ্ণাটকৰ প্ৰতিভাই আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ নেতৃত্ব প্ৰদান কৰিব।

 

শ্ৰী মোদীয়ে কয় যে সেয়া কেন্দ্ৰীয় চৰকাৰেই হওঁক বা ৰাজ্য চৰকাৰেই হওঁক, সকলো জনসাধাৰণৰ সেৱাৰ প্ৰতি দায়বদ্ধ। তেখেতে নাগৰিকৰ জীৱন যাত্ৰাৰ অগ্ৰগতি সাধনৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে এই দিশত এটা মূল দায়িত্ব হৈছে নতুন সংস্কাৰ সাধন কাৰ্য্য। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত দশকত কেন্দ্ৰীয় চৰকাৰ ধাৰাবাহিকভাৱে সংস্কাৰ সাধনৰ দিশত আগবাঢ়িছে। উদাহৰণ হিচাপে তেখেতে আইনক ডিক্ৰিমিনেলাইজেচনৰ বাবে জন বিশ্বাস বিধেয়ক গৃহীত হোৱাৰ কথা উল্লেখ কৰে আৰু জন বিশ্বাস ২.০-ৰো প্ৰৱৰ্তন কৰা হৈছে বুলি ঘোষণা কৰে। তেখেতে ৰাজ্য চৰকাৰসমূহক অপ্ৰয়োজনীয় বিধান থকা আইনসমূহ চিনাক্ত কৰি সেইসমূহ নিৰ্মূলৰ দিশত কাম কৰিবলৈ উৎসাহিত কৰে। শ্ৰী মোদীয়ে চৰকাৰী কৰ্মচাৰীসকলক দক্ষতা-ভিত্তিক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে মিছন কৰ্মযোগী পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে। তেখেতে পৰামৰ্শ প্ৰদানেৰে কয় যে ৰাজ্যসমূহে নিজৰ বিষয়াসকলৰ বাবেও এই শিক্ষণ কাঠামো অভিযোজিত কৰিব পাৰে। আকাংক্ষী জিলা কাৰ্য্যসূচী আৰু আকাংক্ষী ব্লক কাৰ্য্যসূচীত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহক একেদৰেই বিশেষ মনোযোগৰ প্ৰয়োজনীয়তা থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ আহ্বান জনায়। এনে যৌথ পদক্ষেপেই কৰ্ণাটকক উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰাব বুলি আস্থা প্ৰকাশেৰে ৰাজ্য পৰ্য্যায়ত নিৰন্তৰ সংস্কাৰ সাধনৰ প্ৰচেষ্টাৰ আহ্বান জনাই তেখেতে ভাষণৰ সামৰণি মাৰে আৰু আমি একেলগে এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী পৰিপূৰণ কৰিম বুলি দৃঢ়তাৰে কয়।

এই কাৰ্য্যসূচীত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলট, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লাল, শ্ৰী এইচ.ডি. কুমাৰাস্বামী, শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী ভি. সোমান্না, সুশ্ৰী শোভা কাৰণ্ডলাজেকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

পটভূমি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৭,১৬০ কোটি টকা মূল্যৰ ১৬ টা ষ্টেচনৰ সৈতে ১৯ কিমিৰো অধিক দৈৰ্ঘ্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-২ প্ৰকল্পৰ আৰভি ৰোড (ৰাগীগুড্ডা)-ৰ পৰা বোম্মাচন্দ্ৰালৈ ইয়েল্ল’ লাইন উদ্বোধন কৰে। এই ইয়েল্ল’ লাইন মুকলিৰ লগে-লগে বেংগালুৰুৰ কাৰ্য্যকৰী মেট্ৰ’ নেটৱৰ্ক ৯৬ কিমিৰো অধিক বৃদ্ধি পাব, যিয়ে অঞ্চলটোৰ গৰিষ্ঠসংখ্যক লোকক সেৱা আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে ১৫,৬১০ কোটিৰো অধিক টকা মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-৩ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৩১ টা ইলাভেটেড ষ্টেচনৰ সৈতে প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য ৪৪ কিমিৰো অধিক হ’ব। এই আন্তঃগাঁথনি প্ৰকল্পই আৱাসিক, ঔদ্যোগিক, বাণিজ্যিক আৰু শৈক্ষিক অঞ্চলসমূহৰ বাবে চহৰখনৰ ক্ৰমবৰ্ধমান পৰিবহণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ পৰা ৩ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰো ফ্লেগ অফ কৰে। ৰেল কেইখনে বেংগালুৰুৰ পৰা বেলাগাভিলৈ, অমৃতসৰৰ পৰা শ্ৰী মাতা বৈষ্ণো দেৱী কাট্ৰা আৰু নাগপুৰ (আজনী)-ৰ পৰা পুনেলৈ চলাচল কৰিব। এই তীব্ৰবেগী ৰেলসমূহে আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু যাত্ৰীসকলক বিশ্বমানৰ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.