প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ সীধীত হোৱা বাছ দুৰ্ঘটনাত মানুহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ পিএমএনআৰএফৰ পৰা প্ৰত্যেক মৃতকৰ আত্মীয়ক দুই লাখকৈ টকা আৰু আহতসকলক ৫০,০০০কৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়াৰ কথাও ঘোষণা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
"মধ্যপ্ৰদেশৰ সীধীত হোৱা বাছ দুৰ্ঘটনা দুখজনক। এই দুখৰ সময়ত মোৰ সমবেদনা সেই লোকসকলৰ সৈতে আছে যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। মধ্যপ্ৰদেশ চৰকাৰে সকলো প্ৰভাৱিতক সম্ভৱপৰ সাহায্য প্ৰদান কৰি আছে।"
"মধ্যপ্ৰদেশত হোৱা দুৰ্ঘটনাত প্ৰত্যেক মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা দুই লাখকৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়া হ'ব। আহতসকলক ৫০,০০০কৈ টকা দিয়া হ'ব।"
The bus accident in Sidhi, MP is anguishing. In this sad hour, my thoughts are with those who have lost their loved ones. I wish the injured a quick recovery. The MP Government is providing all possible assistance to all those affected: PM @narendramodi
— PMO India (@PMOIndia) February 25, 2023


