ভাৰতৰ জি-২০ সন্মিলনক লৈ ৪ পাব্লিকেচন উন্মোচন
“যুৱক-যুৱতীসকল আগুৱাই অহা মাত্ৰেকে এনে অনুষ্ঠানৰ সফলতা নিশ্চিত”
“যোৱা ৩০ দিনত প্ৰতিটো ক্ষেত্ৰতে অভূতপূৰ্ব কাৰ্য্যকলাপ দেখা গ’ল। ভাৰতৰ সফলতা অতুলনীয়”
“সৰ্বসন্মতি সম্পন্ন নতুন দিল্লী ঘোষণাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা হৈছে”
“শক্তিশালী কূটনৈতিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাৰতে নতুন সুযোগ, নতুন বন্ধু আৰু নতুন বজাৰ লাভ কৰিছে, যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিছে”
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ এনে সফলতাৰ কৃতিত্ব ৰাষ্ট্ৰখনৰ যুৱ-সমাজৰ শক্তি বুলি কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অধিৱেশনৰ কথাও উল্লেখেৰে ইয়াত প্ৰথমখন বিধেয়ক নাৰীশক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ কথা দোহাৰে।
ভৌতিক আন্তঃগাঁথনিত ১০ লাখ কোটি টকাৰ বিনিয়োগ দেখা গৈছে”, তেখেতে লগতে কয়।
“মোৰ শক্তি ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত নিহিত হৈ আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে ভাৰতৰ যুৱক-যুৱতীসকলৰ উন্নত ভৱিষ্যতৰ বাবে অক্লান্তভাৱে কাম কৰাৰ আশ্বাস প্ৰদান কৰে
তেখেতে ভাৰতক শীৰ্ষ তিনি অৰ্থনীতিলৈ নিয়াৰ নিশ্চয়তা পুনৰ উল্লেখেৰে কয়, “সেইবাবেই মোক মা ভাৰতীৰ বাবে আৰু ১৪০ কোটি ভাৰতীয়ৰ বাবে আপোনালোকৰ সমৰ্থন আৰু সহযোগিতাৰ প্ৰয়োজন।”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।

 

দুসপ্তাহ পূৰ্বে জি-২০ সন্মিলনৰ সময়ত ভাৰত মণ্ডপমত ব্যস্ততাপূৰ্ণ পৰিবেশৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ আৰম্ভ কৰি কয় যে ই এক সম্পূৰ্ণ সক্ৰিয় স্থানত পৰিণত হৈছে। তেখেতে আনন্দ প্ৰকাশেৰে কয় যে একেটা স্থানেই আজি ভাৰতৰ ভৱিষ্যতৰ সাক্ষী হৈছে। ভাৰতে জি-২০ৰ দৰে অনুষ্ঠান আয়োজনৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰিছে আৰু ইয়াৰ বাবে সমগ্ৰ বিশ্বই তবধ মানিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ যুৱক-যুৱতীসকল এনে এক অনুষ্ঠানৰ অংশ হোৱাৰ দৃষ্টিকোণেৰে এয়া কোনো আচৰিত কথা নহয়। “যুৱক-যুৱতীসকল আগুৱাই অহা মাত্ৰেকে এনে অনুষ্ঠানৰ সফলতা নিশ্চিত”, তেখেতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ এনে সফলতাৰ কৃতিত্ব ৰাষ্ট্ৰখনৰ যুৱ-সমাজৰ শক্তি বুলি কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এখন ঘটি থকা ঠাইলৈ ৰূপান্তৰিত হৈছে। যোৱা ৩০ দিনৰ কাৰ্য্যকলাপৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিছে। তেখেতে সফল চন্দ্ৰযান অভিযানৰ কথা স্মৰণ কৰে। “আমাৰ দেশত ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ২৩ আগষ্ট বিশেষ হৈ পৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। এই সফলতাৰ ক্ষণতেই ভাৰতে সৌৰ অভিযান সফলতাৰে আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, চন্দ্ৰযানে ৩ লাখ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে আৰু সৌৰ প্ৰকল্পটোৱে ১৫ লাখ কিলোমিটাৰ পথ অতিক্ৰম কৰিব। “ভাৰতৰ ৰেঞ্জৰ কোনো তুলনা আছে নেকি”, তেখেতে এইবুলি ৰসিকতা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে বিগত ৩০ দিনত ভাৰতৰ কূটনীতিয়ে নতুন শিখৰত আৰোহণ কৰিছে। তেখেতে জি-২০ৰ পূৰ্বে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ কথা স্মৰণেৰে ভাৰতৰ প্ৰচেষ্টাৰে ছখন নতুন ৰাষ্ট্ৰক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল বুলি কয়। দক্ষিণ আফ্ৰিকাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰীচ ভ্ৰমণৰ কথা উল্লেখ কৰে। যি ভ্ৰমণ চাৰি দশকৰ ভিতৰত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ আছিল। জি-২০ সন্মিলনৰ পূৰ্বে ইণ্ডোনেছিয়াত বিশ্বৰ কেইবাগৰাকীও নেতাক লগ পোৱাৰ কথাও উল্লেখ কৰে। ভাৰত মণ্ডপমত বিশ্বৰ অগ্ৰগতিৰ বাবে অসংখ্য গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৈশ্বিক মেৰু-বিভাজনৰ বাতাবৰণত একেখন মঞ্চতে সকলো সদস্য ৰাষ্ট্ৰৰ বাবে এক উমৈহতীয়া ভিত্তি বিচাৰি উলিওৱাটো চৰকাৰৰ বাবে এক বিশেষ কৃতিত্ব। “সৰ্বসন্মতি সম্পন্ন নতুন দিল্লী ঘোষণাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা হৈছে”, ভাৰতে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ফলাফলৰ নেতৃত্ব বহন কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। একবিংশ শতিকাৰ দিশ সম্পূৰ্ণৰূপে সলনিৰ ক্ষমতা থকা জি-২০ৰ পৰিৱৰ্তনশীল সিদ্ধান্তৰাজি সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আফ্ৰিকান ইউনিয়নক জি-২০ত অন্তৰ্ভুক্তকৰণৰ কথা উল্লেখ কৰে।

 

জি-২০ সন্মিলনৰ ঠিক পিছতে ছৌদি আৰৱৰ যুৱৰাজে ভাৰত ভ্ৰমণেৰে ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগৰ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, তেখেত যোৱা ৩০ দিনত বিশ্বৰ প্ৰায় আধা অংশ সামৰি ৮৫ গৰাকী বিশ্ব নেতাৰ সৈতে মিলিত হৈছে। ভাৰতৰ ক্ৰমবৰ্ধমান আন্তৰ্জাতিক প্ৰফাইলৰ সুফল সম্পৰ্কে ব্যাখ্যা আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বাবে ভাৰতে নতুন সুযোগ, নতুন বন্ধু আৰু নতুন বজাৰ লাভ কৰিছে, যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিছে।

বিগত ৩০ দিনত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি সমাজ আৰু দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীটোক সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বকৰ্মা জয়ন্তীৰ শুভ ক্ষণত পিএম বিশ্বকৰ্মা যোজনা আৰম্ভৰ কথা উল্লেখ কৰে। তেখেতে ১ লাখৰো অধিক যুৱক-যুৱতীক কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ৰোজগাৰ মেলাৰ কথা উল্লেখ কৰে। ৰোজগাৰ মেলাৰ আৰম্ভণিৰেপৰাই ৬ লাখৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনৰ উদ্বোধনী অধিৱেশনৰ কথাও উল্লেখেৰে ইয়াত প্ৰথমখন বিধেয়ক নাৰীশক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ কথা দোহাৰে।

 

বৈদ্যুতিক গতিশীলতাৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাক সবলীকৰণৰ বাবে নতুন আঁচনিত অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে। অন্যান্য পৰিঘটনাৰ লগতে শ্ৰী মোদীয়ে নতুন দিল্লীৰ দ্বাৰকাত যশোভূমি কনভেনচন চেন্টাৰ উদ্বোধনৰ কথাও স্পৰ্শ কৰে। বাৰাণসীত এখন নতুন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন আৰু ৯ বন্দে ভাৰত ৰেলৰ ফ্লেগ অফৰ কথা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰদেশৰ এটা শোধনাগাৰত পেট্ৰ’কেমিকেল কমপ্লেক্সৰ আধাৰশিলা স্থাপনৰ লগতে নবীকৰণযোগ্য শক্তিৰ আইটি পাৰ্ক, মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আৰু ৰাজ্যখনত ছটা নতুন ঔদ্যোগিক খণ্ডৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে। “এই সকলোবোৰ উন্নয়ন নিয়োগ সৃষ্টি আৰু যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰে সম্পৰ্কীয়”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে য’ত আশাবাদ, সুযোগ আৰু মুকলি মন বিদ্যমান, তাতেই যুৱক-যুৱতীসকল আগবাঢ়িবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱক-যুৱতীসকলক ডাঙৰ চিন্তা কৰিবলৈ কয়। তেখেতে কয় যে কোনো অনুষ্ঠানক সৰু বুলি গণ্য কৰা উচিত নহয় আৰু প্ৰতিটো কাম-কাজক মানদণ্ডলৈ ৰূপান্তৰিতকৰণৰ প্ৰচেষ্টা হাতত ল’ব লাগে। তেখেতে জি-২০ৰ উদাহৰণেৰে এয়া কেৱল কূটনৈতিক আৰু দিল্লীকেন্দ্ৰিক পৰিঘটনা হ’ব পাৰিলেহেঁতেন বৰঞ্চ “ভাৰতে জি-২০ক জনচালিত ৰাষ্ট্ৰীয় আন্দোলন কৰি তুলিলে”, বুলি তেখেতে কয়। জি-২০ ইউনিভাৰ্চিটি কানেক্টত ১০০ ৰোধিক বিশ্ববিদ্যালয়ৰ ১ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণৰ বাবে তেখেতে যুৱক-যুৱতীসকলক প্ৰশংসা কৰে। চৰকাৰে জি-২০ক বিদ্যালয়, উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ প্ৰতিষ্ঠানৰ ৫ কোটি ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ লৈ গ’ল।

অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰৰ গুৰুত্বৰ কথা পুনৰবাৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ আৰু যুৱক-যুৱতী উভয়ৰে বাবে এই সময়ছোৱাৰ কৰ্তব্যৰাজিত আলোকপাত কৰে। অৰিহণা যোগোৱা কাৰকসমূহত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অতি কম সময়ৰ ভিতৰতে দেশখন দশম স্থানৰপৰা ৫ম সৰ্ববৃহৎ অৰ্থনীতিলৈ পৰিণত ভাৰত দ্ৰুত-বৰ্ধমান অৰ্থনীতিসমূহৰ অন্যতম। ভাৰতৰ প্ৰতি বিশ্বব্যাপী আস্থা প্ৰবল হৈ উঠিছে আৰু দেশখনত অভিলেখ পৰিমাণৰ বৈদেশিক বিনিয়োগ সম্পন্ন হৈছে। ৰপ্তানি, উৎপাদন আৰু সেৱা খণ্ডই নতুন শিখৰত আৰোহণ কৰিছে। মাত্ৰ ৫ বছৰত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই আহি ভাৰতৰ নব্য মধ্যবিত্ত শ্ৰেণী হিচাপে পৰিগণিত হৈছে। “ভৌতিক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিৰ অগ্ৰগতিয়ে উন্নয়নৰ নতুন গতি নিশ্চিত কৰিছে। ভৌতিক আন্তঃগাঁথনিত ১০ লাখ কোটি টকাৰ বিনিয়োগ দেখা গৈছে”, তেখেতে লগতে কয়।

যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ইপিএফঅ’ৰ পে-ৰোলত প্ৰায় ৫ কোটি পঞ্জীয়ন হৈছে। ইয়াৰে ৩.৫ কোটি প্ৰথমবাৰৰ বাবে ইপিএফঅ’ৰ পৰিসৰলৈ আহিছে, অৰ্থাৎ এয়া তেওঁলোকৰ প্ৰথম আনুষ্ঠানিক ব্লক। ২০১৪ৰ পিছত দেশখনত ষ্টাৰ্টআপৰ অসাধাৰণ বৰ্ধনৰ কথাও তেখেতে উল্লেখেৰে ১০০ৰো কমৰপৰা আজি ১ লাখৰো অধিকলৈ এয়া বৃদ্ধিৰ কথা ব্যক্ত কৰে। “ভাৰত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ম’বাইল হেণ্ডছেট নিৰ্মাতা কোম্পানী। ২০১৪ৰ তুলনাত প্ৰতিৰক্ষা ৰপ্তানি ২৩ গুণ বৃদ্ধি পাইছে। মুদ্ৰা যোজনাই যুৱক-যুৱতীসকলক নিয়োগ সৃষ্টিকাৰী কৰি তুলিছে”, তেখেতে কয়। তেখেতে অৱগত কৰে যে এই আঁচনিখনৰ ফলশ্ৰুতিত ৮ কোটি প্ৰথমবাৰৰ বাবে উদ্যোগী সৃষ্টি হৈছে আৰু বিগত ৯ বছৰত ভাৰতত ৫ লাখ কমন চাৰ্ভিচ চেন্টাৰ মুকলি কৰা হৈছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনত ঘটি থকা ইতিবাচক পৰিঘটনাসমূহৰ বাবে ৰাজনৈতিক সুস্থিৰতা, নীতিৰ স্পষ্টতা আৰু গণতান্ত্ৰিক মূল্যবোধক কৃতিত্ব প্ৰদান কৰে। বিগত ৯ বছৰত চৰকাৰে দুৰ্নীতি ৰোধৰ বাবে নিৰলস প্ৰচেষ্টা গ্ৰহণৰ কথা উল্লেখেৰে মধ্যভোগীক নিয়ন্ত্ৰণেৰে ব্যৱস্থাত লিকেজ ৰোধৰ অৰ্থে প্ৰযুক্তিভিত্তিক ব্যৱস্থা ৰূপায়ণৰ উদাহৰণ দাঙি ধৰে।

“ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাৰ বাবে স্বচ্ছ, স্পষ্ট আৰু সুস্থিৰ শাসন অপৰিহাৰ্য্য”, বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ভাৰতৰ যুৱক-যুৱতীসকল যদি দৃঢ়প্ৰতিজ্ঞ হয়, তেন্তে ২০৪৭ৰ ভিতৰত ভাৰতক এখনি উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হোৱাৰপৰা একোৱেই বাধা দিব নোৱাৰে বুলি তেখেতে কয়। তেখেতে দৃঢ়তাৰে কয় যে সমগ্ৰ বিশ্বই ভাৰত আৰু ইয়াৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাক এতিয়া স্বীকাৰ কৰিছে। তেখেতে কয় যে ভাৰত আৰু ইয়াৰ যুৱ প্ৰগতি বিশ্বৰ প্ৰগতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। যুৱক-যুৱতীসকলৰ মনোভাৱেই তেখেতক ৰাষ্ট্ৰখনৰ হৈ অংগীকাৰ কৰিবলৈ শক্তি প্ৰদান কৰিছে বুলি উল্লেখেৰে কয় যে তেখেতে বিশ্ব মঞ্চত ভাৰতৰ দৃষ্টিভংগী ব্যক্তকৰণৰ বেলিকা ভাৰতৰ যুৱক-যুৱতীসকলেই তেখেতৰ আঁৰৰ প্ৰেৰণা হিচাপে অৱস্থান কৰি আহিছে। “মোৰ শক্তি ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত নিহিত হৈ আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে ভাৰতৰ যুৱক-যুৱতীসকলৰ উন্নত ভৱিষ্যতৰ বাবে অক্লান্তভাৱে কাম কৰাৰ আশ্বাস প্ৰদান কৰে।

স্বচ্ছ ভাৰত অভিযানৰ সফলতাত যুৱক-যুৱতীসকলৰ অৱদানত আপ্লুত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক গান্ধী জয়ন্তীৰ এদিন পূৰ্বেই ২০২৩ৰ ১ অক্টোবৰত সমগ্ৰ দেশতে অনুষ্ঠিতব্য এক বিস্তৃত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতৰ দ্বিতীয়টো আহ্বান আছিল ডিজিটেল লেনদেন সম্পৰ্কে প্ৰচাৰ কৰা। তেখেতে তেওঁলোকক এসপ্তাহৰ ভিতৰত কমেও ৭ জন লোকক ইউপিআইৰ ব্যৱহাৰ সম্পৰ্কে শিকাবলৈ কয়। তেখেতৰ তৃতীয়টো অনুৰোধ আছিল ভকেল ফৰ লোকেল সম্পৰ্কীয়। উৎসৱৰ বতৰত ‘মেড ইন ইণ্ডিয়া’ উপহাৰ ক্ৰয় কৰিবলৈ কোৱাৰ লগতে মূলতঃ থলুৱা বস্তুৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেখেতে তেওঁলোকক দৈনন্দিন ব্যৱহাৰৰ বস্তুৰ তালিকা এখন প্ৰস্তুতেৰে তাৰ ভিতৰত কিমান বিদেশত প্ৰস্তুত সামগ্ৰী আছে, সেয়া চোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ কয়। তেখেতে কয় যে আমাৰ অজ্ঞাতে বহু বিদেশত নিৰ্মিত সামগ্ৰীয়ে আমাৰ জীৱনত অধিকাৰ কৰি আছে আৰু সেইসমূহপৰা মুক্তি দেশখনৰ বাবেই গুৰুত্বপূৰ্ণ।

ভাৰতৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় চৌহদসমূহ ‘ভকেল ফৰ লোকেল’ৰ বাবে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হ’ব পাৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক খাদীক কেম্পাছৰ ফেশ্বন ষ্টেটমেন্ট হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেখেতে খাদী ফেশ্বন শ্ব’ অনুষ্ঠিতকৰণৰ লগতে কলেজৰ সাংস্কৃতিক উৎসৱত বিশ্বকৰ্মাসকলৰ কৰ্মৰাজিক আলোকপাতৰ পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা তিনি আহ্বান আজিৰ যুৱ-প্ৰজন্মৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ উন্নতিৰ বাবে বুলি উল্লেখেৰে তেখেতে এই সংকল্পৰেই যুৱক-যুৱতীসকলে আজি ভাৰত মণ্ডপমৰপৰা প্ৰস্থান কৰিব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ অগ্ৰদূতসকলৰ দৰে আমি দেশৰ বাবে প্ৰাণ-বিসৰ্জনৰ আৱশ্যকতা নাই যদিও ৰাষ্ট্ৰখনৰ বাবে জীয়াই থকাৰ সকলো সুযোগ আমাৰ হাতত আছে। “বন্ধুসকল, তোমালোকক মোৰ সহযাত্ৰী হ’বলৈ আহ্বান জনাইছোঁ”, এইবুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱক-যুৱতীসকলক উৎসাহিত কৰে। “আত্মনিৰ্ভৰ ভাৰতে সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিছে আৰু আত্মবিশ্বাসক নতুন শিখৰত উপনীত কৰিছে”, তেখেতে লগতে কয়। তেখেতে ভাৰতক শীৰ্ষ তিনি অৰ্থনীতিলৈ নিয়াৰ নিশ্চয়তা পুনৰ উল্লেখেৰে কয়, “সেইবাবেই মোক মা ভাৰতীৰ বাবে আৰু ১৪০ কোটি ভাৰতীয়ৰ বাবে আপোনালোকৰ সমৰ্থন আৰু সহযোগিতাৰ প্ৰয়োজন।”

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকে।

 

পটভূমি

জি-২০ জন ভাগিদাৰী আন্দোলনত দেশৰ ভিন্ন বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ ৫ কোটিৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণেৰে অভিলেখ সৃষ্টি কৰিছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ়ি তোলা আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। এই কাৰ্য্যসূচীত সমগ্ৰ ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ ১ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰথমতে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৭৫খন বিশ্ববিদ্যালয়ৰ বাবে পৰিকল্পনা কৰা এই পদক্ষেপে অৱশেষত সমগ্ৰ ভাৰতৰ ১০১খন বিশ্ববিদ্যালয়ক সংযোগ কৰে।

জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপৰ অধীনত সমগ্ৰ দেশতে কেইবাটাও কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। ইয়াত উচ্চ শিক্ষানুষ্ঠানসমূহে ব্যাপকভাৱে অংশগ্ৰহণ কৰে। প্ৰথমতে বিশ্ববিদ্যালয়ৰ বাবে আৰম্ভ কৰা কাৰ্য্যসূচীয়ে ক্ষীপ্ৰতাৰে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহকো সামৰি লয়।

জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ স্থানত অংশগ্ৰহণ কৰে প্ৰায় ৩,০০০ ছাত্ৰ-ছাত্ৰী, ফেকাল্টি মেম্বাৰ আৰু অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য্যসকলে। ইয়াৰোপৰি, দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলেও এই অনুষ্ঠানত অনলাইন মাধ্যমেৰে অংশগ্ৰহণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 
Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”