প্ৰধানমন্ত্ৰীয়ে সকলোকে নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে
২২ ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব: প্ৰধানমন্ত্ৰী
প্ৰতিজন নাগৰিকলৈ আহি আছে জি এছ টিৰ সুবিধাৰ এক নতুন ঢৌঃ প্ৰধানমন্ত্ৰী
জি এছ টি সংস্কাৰে ভাৰতৰ বৃদ্ধিৰ কাহিনীক ত্বৰান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী
নতুন জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হৈছে, এতিয়া মাত্ৰ ৫% আৰু ১৮% কৰ স্লেবহে থাকিব: প্ৰধানমন্ত্ৰী
জি এছ টি কম হ’লে নাগৰিকে নিজৰ সপোন পূৰণ কৰাত সহজ হ’ব: প্ৰধানমন্ত্ৰী
নাগৰিকক সেৱা আগবঢ়োৱাৰ সাৰমৰ্ম পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰত স্পষ্টভাৱে প্ৰতিফলিত হৈছে: প্ৰধানমন্ত্ৰী
দেশখনক যি লাগে আৰু ভাৰতত যি বনাব পাৰি, সেয়া ভাৰতৰ ভিতৰতে বনাব লাগেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ সমৃদ্ধিয়ে আত্মনিৰ্ভৰশীলতাৰ পৰা শক্তি আহৰণ কৰিবঃ প্ৰধানমন্ত্ৰী
আহক এনে সামগ্ৰী ক্ৰয় কৰো যিবোৰ মেড ইন ইণ্ডিয়া: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰিৰ আৰম্ভণিতে দেশৰ  সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ মন্তব্য কৰে যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই  দেশখনে আত্মনিৰ্ভৰ ভাৰত অভিযানত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াব। ২২ ছেপ্টেম্বৰৰ সূৰ্য্য উদয়ৰ পৰা আৰম্ভ কৰি দেশত পৰৱৰ্তী প্ৰকল্পৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰততে জি এছ টি ৰাহি  উৎসৱ(সঞ্চয় মহোৎসৱ) আৰম্ভ হৈছে। তেওঁ কয় যে এই উৎসৱে সঞ্চয় বৃদ্ধি কৰিব আৰু মানুহে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰাত সহজ হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সঞ্চয় উৎসৱৰ সুফল দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী আৰু উদ্যোগীসকলৰ মাজত একেদৰেই পৰিলক্ষিত হ'ব । তেওঁ মন্তব্য কৰে যে এই উৎসৱৰ বতৰত প্ৰতিখন  ঘৰতে সুখ আৰু মধুৰতা বৃদ্ধি পাব। সকলোকে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ কোটি কোটি পৰিয়াললৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনীক ত্বৰান্বিত কৰিব, ব্যৱসায়িক কাৰ্য্যকলাপ সৰল কৰিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব।

ভাৰতে ২০১৭ চনত জি এছ টি সংস্কাৰৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰাৰক  কথা  স্মৰণ কৰি   দেশৰ অৰ্থনৈতিক ইতিহাসৰ এটা পুৰণি অধ্যায়ৰ অন্ত পেলাব আৰু নতুন অধ্যায়ৰ আৰম্ভণিৰ সূচনা কৰিব বুলি  শ্ৰী মোদীয়ে উল্লেখ কৰে।   দশক দশক ধৰি নাগৰিক আৰু ব্যৱসায়ীসকল কৰৰ এক জটিল জালত  সোমাই পৰিছিল —অক্ট্ৰয়, প্ৰৱেশ কৰ, বিক্ৰী কৰ, আবকাৰী, আবকাৰী, ভেট, আৰু সেৱা কৰ—সমগ্ৰ দেশতে  ডজন ডজন লেভি আছিল। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে এখন চহৰৰ পৰা আন এখন চহৰলৈ সামগ্ৰী পৰিবহণ কৰিবলৈ হ’লে একাধিক চেকপইণ্ট পাৰ হৈ যাব লাগিছিল, অসংখ্য প্ৰ-পত্ৰ পূৰণ কৰিব লাগিছিল  আৰু প্ৰতিটো স্থানতে ভিন্ন কৰ নিয়ম মানি চলিব লাগিছিল।  । তেওঁ ২০১৪ চনৰ ব্যক্তিগত স্মৃতি ৰোমন্থন কৰি তেওঁ যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল সেই সময়ত  বিদেশী কাকতত প্ৰকাশিত এটা আকৰ্ষণীয় উদাহৰণৰ কথা উল্লেখ কৰে। লেখাটোত বাংগালুৰুৰ পৰা হায়দৰাবাদলৈ—মাত্ৰ ৫৭০ কিলোমিটাৰ দূৰত্ব—মাত্ৰ ৫৭০ কিলোমিটাৰ দূৰত্বত সামগ্ৰী প্ৰেৰণ কৰাত কোম্পানী এটাই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বৰ্ণনা কৰা হৈছিল, তাত কোৱা হৈছিল  যে কোম্পানীটোৱে বাংগালুৰুৰ পৰা ইউৰোপলৈ আৰু তাৰ পিছত পুনৰ হায়দৰাবাদলৈ সামগ্ৰী প্ৰেৰণ কৰাটো পছন্দ কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে কৰ আৰু টোলৰ জটিলতাৰ বাবেই  এনে হৈছিল। তেওঁ পুনৰ কয় যে পূৰ্বৰ উদাহৰণটো অগণন দৃষ্টান্তৰ ভিতৰৰে  মাত্ৰ এটা । তেওঁ আলোকপাত কৰে যে একাধিক কৰৰ জটিল জালৰ বাবে লাখ লাখ কোম্পানী আৰু কোটি কোটি নাগৰিকে দৈনিক কষ্টৰ সন্মুখীন হৈছিল। শ্ৰী মোদীয়ে  কয় যে এখন চহৰৰ পৰা আন এখন চহৰলৈ সামগ্ৰী পৰিবহণৰ বৰ্ধিত খৰচ শেষত দুখীয়াই বহন কৰিবলগীয়া হয়  আৰু সাধাৰণ   গ্ৰাহকৰ পৰা সেয়া  আদায় কৰা হয়।

প্ৰচলিত কৰ জটিলতাৰ পৰা দেশ খনক মুক্ত কৰাটো অতি প্ৰয়োজনীয় বুলি জোৰ দি শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২০১৪ চনত  কাৰ্যভাৰ লাভ কৰাৰ লগে লগে চৰকাৰে জনসাধাৰণ আৰু দেশৰ স্বাৰ্থত জি এছ টিক অগ্ৰাধিকাৰ দিছিল। তেওঁ আলোকপাত কৰে যে সকলো অংশীদাৰৰ সৈতে ব্যাপক আলোচনা কৰা হৈছিল, ৰাজ্যসমূহে উত্থাপন কৰা প্ৰতিটো উদ্বেগক সম্বোধন কৰা হৈছিল আৰু প্ৰতিটো প্ৰশ্নৰ সমাধান বিচাৰি উলিওৱা হৈছিল। তেওঁ উল্লেখ কৰে যে সকলো ৰাজ্যকে একত্ৰিত কৰি স্বাধীন ভাৰতত এনে কীৰ্তিচিহ্নস্বৰূপ কৰ সংস্কাৰ সম্ভৱ হৈ উঠিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ যৌথ প্ৰচেষ্টাৰ ফলস্বৰূপে দেশখন একাধিক কৰৰ জটিলতাৰ  পৰা মুক্ত হৈ সমগ্ৰ দেশতে এক  ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে এক দেশ -এক কৰৰ সপোন বাস্তৱায়িত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সংস্কাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সময়ৰ পৰিৱৰ্তন তথা  জাতীয় প্ৰয়োজনীয়তাৰ বিকাশৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সমানেই অপৰিহাৰ্য হৈ পৰে। তেওঁ কয় যে দেশৰ বৰ্তমানৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন জি এছ টি সংস্কাৰসমূহ ৰূপায়ণ কৰা হৈছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে নতুন গাঁথনিৰ অধীনত মূলতঃ ৫% আৰু ১৮% কৰ স্লেবহে থাকিব। ইয়াৰ অৰ্থ হ’ল দৈনন্দিন ব্যৱহাৰ হোৱা  বেছিভাগ বস্তুৱেই অধিক সুলভ হৈ পৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ খাদ্য সামগ্ৰী, ঔষধ, চাবোন, টুথব্ৰাছ, টুথপেষ্ট, স্বাস্থ্য আৰু জীৱন বীমা আদিক  তালিকাভুক্ত কৰে,  যিবোৰ হয় কৰমুক্ত হ’ব,  নহয় মাত্ৰ ৫% কৰ আকৰ্ষণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে  উল্লেখ কৰে যে পূৰ্বে ১২% কৰ আৰোপ কৰা বস্তুবোৰৰ ভিতৰৰে ৯৯%—কাৰ্যতঃ সকলোবোৰ—এতিয়া ৫% কৰ স্লেবৰ অধীনলৈ অনা হৈছে।

বিগত এঘাৰ বছৰত ২৫ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ পৰা মুক্ত হৈ  দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি এক উল্লেখযোগ্য নব্য মধ্যবিত্ত শ্ৰেণী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে এই নব্য মধ্যবিত্ত শ্ৰেণীৰ নিজস্ব আকাংক্ষা আৰু সপোন আছে। তেওঁ উল্লেখ কৰে যে এই বছৰ চৰকাৰে ১২ লাখ টকা পৰ্যন্ত আয় কৰমুক্ত কৰি কৰ ৰেহাইৰ উপহাৰ দিছে। ফলত মধ্যবিত্তীয় শ্ৰেণীৰ লোকৰ  জীৱনলৈ যথেষ্ট সহজতা আৰু সুবিধা আহি পৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এতিয়া দৰিদ্ৰ আৰু নব্য মধ্যবিত্ত শ্ৰেণীৰ উপকৃত হোৱাৰ পাল। তেওঁ কয় যে তেওঁলোকে ডাবল লাভ  অৰ্জন  কৰিছে—প্ৰথমে আয়কৰ সকাহৰ জৰিয়তে আৰু এতিয়া জি এছ টি হ্ৰাসৰ জৰিয়তে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে জি এছ টিৰ হাৰ কম হ’লে নাগৰিকৰ বাবে ব্যক্তিগত সপোন পূৰণ কৰাটো সহজ হৈ পৰিব—সেয়া ঘৰ নিৰ্মাণ কৰাই হওক, টিভি বা ফ্ৰীজ ক্ৰয় কৰাই হওক, স্কুটাৰ, বাইক বা গাড়ী কিনাই হওক—এই সকলোবোৰৰ খৰচ এতিয়া কম হ’ব। তেওঁ লগতে কয় যে ভ্ৰমণো অধিক সুলভ হ’ব, কিয়নো বেছিভাগ হোটেলৰ কোঠাৰ জি এছ টি হ্ৰাস কৰা হৈছে। জি এছ টি সংস্কাৰৰ প্ৰতি দোকানীসকলৰ উৎসাহী সঁহাৰিত শ্ৰী মোদীয়ে সুখ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে তেওঁলোকে জি এছ টি হ্ৰাসৰ সুবিধাসমূহ গ্ৰাহকৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বহু ঠাইত মূল্যৰ তুলনা প্ৰদৰ্শন কৰা ব’ৰ্ডসমূহ—সংস্কাৰৰ পূৰ্বে আৰু পিছত—বিশেষভাবে প্ৰদৰ্শন কৰা  হৈছে।

 

‘নাগৰিক দেৱ ভৱ’ৰ মন্ত্ৰ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰত স্পষ্টভাৱে প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে যেতিয়া আয়কৰ ৰেহাই আৰু জি এছ টি হ্ৰাসৰ সংমিশ্ৰণ ঘটিব, তেতিয়া বিগত এটা বছৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ফলত ভাৰতৰ জনসাধাৰণৰ বাবে ২.৫ লাখ কোটি টকাতকৈ অধিক সঞ্চয় হ’ব। তেওঁ দৃঢ়তাৰে কয় যে ঠিক এই কাৰণেই তেওঁ ইয়াক ‘ৰাহি উৎসৱ’ বুলি কৈছে।

 

উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আত্মনিৰ্ভৰশীলতাৰ পথত অটল দায়বদ্ধতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ এটা ডাঙৰ দায়িত্ব এম এছ এম ইসমূহৰ ওপৰত আছে—ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু কুটিৰ উদ্যোগসমূহৰ ওপৰত আছে। তেওঁ দৃঢ়তাৰে কয় যে যি বস্তুৱে   জনসাধাৰণৰ প্ৰয়োজন পূৰণ কৰে আৰু দেশৰ ভিতৰতে উৎপাদন কৰিব পৰা যায়, সেয়া ঘৰুৱাভাৱে উৎপাদন কৰিব লাগিব।

 

জি এছ টিৰ হাৰ হ্ৰাস আৰু সৰলীকৃত পদ্ধতিয়ে ভাৰতৰ এম এছ এম ই, ক্ষুদ্ৰ উদ্যোগ আৰু কুটিৰ উদ্যোগসমূহক যথেষ্ট উপকৃত কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই সংস্কাৰে তেওঁলোকৰ বিক্ৰী বৃদ্ধি কৰিব আৰু তেওঁলোকৰ কৰৰ বোজা হ্ৰাস কৰিব। ফলত দুগুণ সুবিধা হ’ব। তেওঁ এম এছ এম ইৰ পৰা বহু আশা প্ৰকাশ কৰে আৰু ভাৰতৰ অৰ্থনীতিৰ সমৃদ্ধিৰ শিখৰত মেৰুদণ্ড হিচাপে তেওঁলোকৰ ঐতিহাসিক ভূমিকাৰ বিষয়ে  আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ উৎপাদন আৰু সামগ্ৰীৰ মান  এসময়ত বিশ্বজুৰি স্বীকৃতিপ্ৰাপ্ত আৰু উচ্চমানৰ আছিল। শ্ৰী মোদীয়ে সেই গৌৰৱ পুনৰ লাভ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি ক্ষুদ্ৰ উদ্যোগসমূহত নিৰ্মিত সামগ্ৰীসমূহে বিশ্বৰ উচ্চতম মান  পূৰণ কৰিব লাগিব বুলি আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ উৎপাদনে মৰ্যাদা আৰু উৎকৃষ্টতাৰে সকলো মাপকাঠী অতিক্ৰম কৰিব লাগিব  আৰু ভাৰতীয় সামগ্ৰীৰ মানে  দেশৰ বিশ্বজনীন পৰিচয় তথা প্ৰতিপত্তি বৃদ্ধি কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে সকলো অংশীদাৰক এই লক্ষ্য আগত ৰাখি কাম কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে স্বদেশীৰ মন্ত্ৰই যেনেকৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামক সবল কৰি তুলিছিল, ঠিক তেনেদৰেই ই দেশ খনৰ সমৃদ্ধিৰ দিশত কৰা যাত্ৰাক শক্তিশালী কৰিব। তেওঁ আলোকপাত কৰে যে বহু বিদেশী বস্তু অজানিতে আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে, আৰু নাগৰিকে প্ৰায়ে পকেটত থকা ফণীখনো  বিদেশী নে স্বদেশী সেই কথাও গম নাপায়। শ্ৰী মোদীয়ে এনে নিৰ্ভৰশীলতাৰ পৰা নিজকে মুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি দেশৰ যুৱক-যুৱতীসকলৰ কঠোৰ পৰিশ্ৰম আৰু ঘাম  মিহলি হৈ থকা মেড ইন ইণ্ডিয়া হোৱা সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। প্ৰতিখন  ঘৰ  স্বদেশীৰ প্ৰতীক হ’বলৈ আৰু প্ৰতিখন দোকানক স্বদেশী সামগ্ৰীৰে সজাবলৈ তেওঁ আহ্বান জনায়। প্রধানমন্ত্রীয়ে  নাগৰিকসকলক স্বাধীনতাৰ প্রতি নিজৰ দায়বদ্ধতা সগৌৰৱেৰে ঘোষণা কৰিবলৈ উৎসাহিত কৰি কয় —“মই স্বদেশী কিনো,” “মই স্বদেশী বিক্ৰী কৰো”—আৰু এই মানসিকতা প্রতিজন ভাৰতীয়ৰ অন্তর্নিহিত হ’ব লাগিব । তেওঁ দৃঢ়তাৰে কয় যে এনে পৰিৱৰ্তনে ভাৰতৰ বিকাশ ত্বৰান্বিত কৰিব। তেওঁ সকলো ৰাজ্য চৰকাৰক আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশী অভিযানক পূৰ্ণ শক্তি আৰু উৎসাহেৰে নিজৰ অঞ্চলত উৎপাদন বৃদ্ধি কৰি আৰু বিনিয়োগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি সক্ৰিয়ভাৱে সমৰ্থন কৰিবলৈ আহ্বান জনায়। তেওঁ দৃঢ়তাৰে কয় যে যেতিয়া কেন্দ্ৰ আৰু ৰাজ্যসমূহ একেলগে আগবাঢ়িব, তেতিয়া স্বাৱলম্বী ভাৰতৰ সপোন পূৰণ হ’ব, প্ৰতিখন ৰাজ্যৰ বিকাশ হ’ব, ভাৰত এখন উন্নত দেশ হ’ব। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে জি এছ টি ৰাহি  উৎসৱ আৰু নৱৰাত্ৰিৰ শুভ অনুষ্ঠানৰ বাবে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address during inauguration of the Swami Vivekananda Cultural Youth Centre-Viveka Smaraka in Mysuru
August 01, 2026

एल्लरिगू नन्ना नमस्कारगलु।

रामकृष्ण मठ और रामकृष्ण मिशनबेलूर मठ के अध्यक्ष परम पूज्य स्वामी गौतमानंद जी महाराज, श्री रामकृष्ण आश्रम, मैसुरू के अध्यक्ष पूज्य स्वामी मुक्तिदानंद जी, रामकृष्ण मठ और रामकृष्ण मिशन के ट्रस्टी पूज्य स्वामी यादवेंद्रानंद जी, राज्यपाल श्री थावरचंद गहलोत जी, मुख्यमंत्री श्री डी.के. शिवकुमार जी, सांसद यदुवीर कृष्णदत्त चामराज वाडियार जी, विधायक विजयेंद्र येदियुरप्पा जी, के. हरीश गौड़ा जी, अन्य महानुभाव, पूज्य संतगण और भाईयों और बहनों।

सर्वप्रथम मैं मैसूरू की अधिष्ठात्री देवी मां चामुंडेश्वरी को प्रणाम करता हूं। अभी दो दिन पहले ही हम सभी ने गुरू पूर्णिमा भी मनाई है। आप सब जानते हैं, मेरी यात्रा जहां से शुरू हुई और आज मैं जहां हूं, इसमें राम कृष्ण मिशन का बहुत अहम योगदान है। मैं तीन महीने पहले हावड़ा में बेलूर मठ गया था। सभी पूज्य संतों से सतसंग करने का अवसर मिला था। मेरा सौभाग्य है कि आज मुझे फिर मैसूरू में श्री रामकृष्ण आश्रम से जुड़े संतों से, मेरे गुरू बंधुओं से मिलने का, उनसे आशीर्वाद लेने का अवसर मिला है। आप सभी की उपस्थिति की वजह से, आज मैसूरू की इस पवित्र भूमि पर मुझे एक अलग ही ऊर्जा अनुभव हो रही है। मैं आप सभी संतों के चरणों में सादर प्रणाम करता हूं।

साथियों,

मैसूरू भारत की अनादि सांस्कृतिक चेतना का केंद्र रहा है। यहां के मंदिर, यहां की परंपराएं और उत्सव, मैसूरू का दशहरा, यहां के भव्य महल, इसका संगीत और साहित्य, भारत की विरासत इस शहर के कण-कण में रची बसी है। और यह देखकर बहुत संतोष मिलता है। इस शहर ने इस विरासत को उसी कुशलता से सहेजा भी है, संवारा भी है। श्री रामकृष्ण आश्रम और स्वामी विवेकानंद जी की स्मृतियां भी मैसुरू की विरासत का ही एक समृद्ध हिस्सा हैं। कुछ देर पहले मैं उस ऐतिहासिक भवन में भी गया था, जहां स्वामी विवेकानंद जी ने अपने प्रवास के दौरान कुछ समय बिताया था। कर्नाटका के कितने ही विद्वान और मनीषी इस स्थान से जुड़े रहे हैं। राष्ट्रकवि कुवेम्पु जैसे महापुरुष जब मैसुरू में थे, उनका भी श्रीरामकृष्ण आश्रम से गहरा जुड़ाव था। आज स्वामी विवेकानंद कल्चरल यूथ सेंटर, यानी विवेका स्मारका के उद्घाटन के जरिए, हम इस मिशन को नया विस्तार दे रहे हैं। इसके लिए मैं श्रीरामकृष्ण आश्रम और इससे जुड़े सभी विद्वानों को हार्दिक बधाई देता हूं।

साथियों,

व्यक्ति से विभूति का निर्माण एकाएक नहीं होता। इसके लिए हमें जीवन की अनगिनत परीक्षाएँ देनी होती हैं। साधना करनी होती है, तप करना होता है, खुद को तपाना पड़ता है, खपाना पड़ता है। ख्याति के बाद तो संसार पीछे खड़ा होता है। लेकिन, तप के समय महान विभूतियों को पहचानना आसान नहीं होता। जो साधक को तपस्या में पहचानता है, वो उसकी सिद्धि का सहभागी भी होता है।

इसलिए भाइयों बहनों,

स्वामी विवेकानंद के जीवन में मैसुरू का इतना अहम योगदान था। करीब 130 वर्ष पहले, स्वामी जी, एक युवा संन्यासी के रूप में भ्रमण करते हुए मैसुरू आए थे। तब उनकी प्रसिद्धि वैसी नहीं थी। लेकिन, विचार उतने ही ऊंचे थे। उस समय उन्हें जिन लोगों ने पहचाना, जो उनके साथ जुड़े, उनमें से एक प्रमुख नाम मैसुरू के तत्कालीन महाराजा का भी था। जब स्वामी विवेकानंद जी अमेरिका में थे, तो उन्होंने वहाँ से मैसुरू के तत्कालीन महाराजा को एक पत्र लिखा था। उसमें उन्होंने स्वयं महाराजा के सहयोग का उल्लेख किया था।

साथियों,

स्वामी विवेकानंद जी ने भारतीय चेतना को आत्मसात किया था। उन्होंने शास्त्रों को आत्मसात किया था जो कहते हैं- “परं परोपकारार्थं यो जीवति स जीवति”। अर्थात्, वास्तव में वही जीता है जो दूसरों के लिए जीता है। इसी मंत्र पर चलते हुए, मैसुरू के इस श्री रामकृष्ण आश्रम ने पिछले वर्ष अपने सौ साल पूरे किए हैं। शिक्षा और स्वास्थ्य से जुड़ी सेवाएँ हों, या प्राकृतिक आपदा में राहत कार्य, श्री रामकृष्ण आश्रम ने स्वामी विवेकानंद जी की विरासत को जीवंत रखा है। मुझे विश्वास है विवेका स्मारका साधकों और श्रद्धालुओं के लिए आत्मिक उत्थान का तीर्थ बनेगा। स्वामी विवेकानंद जी की प्रेरणा थी- ‘शिव ज्ञाने जीव सेवा’। यानी जीव की सेवा ही शिव की सेवा है। हमें इस विवेका स्मारक में इसलिए, ऐसे युवाओं को गढ़ना है, जिनके लिए समाज और राष्ट्र के हित, गरीब-वंचित के दुःख, अपने सुख-दुःख से ऊपर हों। जिन युवाओं के लिए राष्ट्र प्रथम ही सर्वोपरि मंत्र हो, मां भारती की सेवा ही जिनका जीवन लक्ष्य हो।

साथियों,

स्वामी विवेकानंद जी युवाओँ की शिक्षा को राष्ट्र निर्माण का मजबूत आधार मानते थे। उन्होंने स्वयं ये देखा था कि कैसे दुनिया के देश अपने युवाओं को शिक्षित बना रहे हैं। लेकिन दुर्भाग्य से तब भारत गुलाम था। भारत के युवा भी गुलामी की जंजीरों में जक़ड़े हुए थे। उस दौर से लेकर अब तक, भारत के युवा ने एक लंबी यात्रा तय की है। भारत का जो युवा कभी जंजीरों में था, आज वो युवा दुनिया के विकास को गति दे रहा है।

· आज भारत की अर्थव्यवस्था, सबसे तेजी से आगे बढ़ रही है।

· किसकी वजह से? भारत के युवाओँके सामर्थ्य से।

· आज भारत में दुनिया की तीसरा सबसे बड़ा स्टार्ट-अप इकोसिस्टम है।

· किसकी वजह से? भारत के युवाओँ के सामर्थ्य से।

· आज भारत दुनिया का दूसरा सबसे बड़ा मोबाइल फोन निर्माता बन चुका है।

· किसकी वजह से?

· भारत के युवाओं के सामर्थ्य से।

· आज भारत से बने Digital Solutions, दुनिया के अनेक देशों के लिए प्रेरणा बन रहे हैं।

· किसकी वजह से?

· भारत के युवाओं के सामर्थ्य से।

· आज भारत सेमीकंडक्टर मैन्युफैक्चरिंग की नई यात्रा पर तेज़ी से आगे बढ़ रहा है।

· किसकी वजह से?

· भारत के युवाओं के सामर्थ्य से।

· आज भारत AI, Deep Tech, Space Technology और Innovation के नए अध्याय लिख रहा है।

· किसकी वजह से?

· भारत के युवाओं के सामर्थ्य से।

अभी कुछ दिन पहले ही हमने देखा है, भारत के युवाओं ने अंतरिक्ष में कमाल कर दिया है। पहली बार युवाओं का बनाया हुआ एक प्राइवेट कंपनी का रॉकेट, अंतरिक्ष तक पहुंचा है। आज कोई भी सेक्टर हो, भारत युवा अपना दम-खम दिखा रहा है। हम सभी अपने आसपास देख रहे हैं, आज छोटे से छोटे व्यवसाय में लगा युवा, भारत की डिजिटल इकॉनमी को आगे बढ़ा रहा है। वो मुद्रा लोन के जरिए नई शुरुआत कर रहा है। वो देश की स्टार्टअप revolutionको लीड कर रहा है। आत्मनिर्भर भारत का अभियान हो, मेक इन इंडिया का अभियान हो, इसकी सफलता के पीछे भारत के युवाओं की ही ताकत है।

साथियों,

किसी भी देश में, युवाओं का सामर्थ्य तभी उस राष्ट्र की शक्ति बनता है, जब उसे सही अवसर मिले, जब उसे सही दिशा मिले, और जब उसे अपनी ही धरती पर बड़े सपने देखने, उन्हें पूरा करने का भरोसा मिले। और इसमें बहुत बड़ी भूमिका हमारे शिक्षा संस्थानों की होती है। मुझे खुशी है कि आज भारत में शिक्षण संस्थाओँ की संख्या लगातार बढ़ रही है। पिछले 12 वर्षों में, 650 से ज्यादा नई यूनिवर्सिटीज बनी हैं। पिछले 12 वर्षों में करीब 14 हजार नए कॉलेज बने हैं। 4 हजार से ज्यादा नई ITI बनाई गई हैं। 9 नए आई.आई.एम, 7 नई आई.आई.टी, और13 नए एम्स भी स्थापित किए गए हैं। आज देश में MBBS की सीटें करीब 1 लाख 40 हजार हो चुकी हैं। मेडिकल कॉलेजों की संख्या बढ़कर 823 हो गई है।

साथियों,

एक ओर हम एजुकेशन इनफ्रास्ट्रक्चर को modernize कर रहे हैं। साथ ही, शिक्षा व्यवस्था को भी आधुनिक जरूरतों के हिसाब से ढाला जा रहा है। नेशनल एजुकेशन पॉलिसी, भारत के युवाओँ को 21वीं सदी के अनुरूप तैयार करने का माध्यम बन रही है।

साथियों,

स्कूली शिक्षा में भी बड़े स्तर पर काम हुआ है। देशभर में 14 हजार से ज्यादा पीएम श्री स्कूल विकसित किए गए हैं। शिक्षा केवल किताबी न रहे, बच्चों में इनोवेशन और साइंटिफिक टेंपरामेंट विकसित हो, इसके लिए,10 हजार से ज्यादा अटल टिंकरिंग लैब्स स्थापित हुई हैं।

साथियों,

स्वामी विवेकानंद जी, राष्ट्र उत्थान के लिए शिक्षा के साथ-साथ समानता को भी उतना ही अहम मानते थे। शिक्षा में भेदभाव न हो, अवसरों में भेदभाव न हो, आज ये देश का विज़न बन गया है। आज बेटियाँ भी सैनिक स्कूलों में एड्मिशन ले रहीं हैं। एनडीए में बेटियां राष्ट्र के लिए योगदान दे रही हैं। आज मेडिकल और इंजीनियरिंग जैसी पढ़ाई मातृभाषा में करने की सुविधा हो गई है। इससे, भाषा के आधार पर अवसरों में होने वाले भेदभाव पर लगाम लग रही है।

साथियों,

युवा शक्ति का स्वस्थ, अनुशासित और आत्मविश्वास से भरे रहना उतना ही जरूरी है। जो देश खेलों को महत्व देते हैं, वहां के युवाओं में इन तीनों गुणों का तेजी से विकास होता है। इसलिए आज खेलों को राष्ट्र निर्माण की एक महत्वपूर्ण धारा के रूप में देखा जा रहा है। खेलो इंडिया यूथ गेम्स, यूनिवर्सिटी गेम्स, पैरा गेम्स और विंटर गेम्स जैसे आयोजनों ने देशभर के युवाओं को अपनी प्रतिभा दिखाने का मंच दिया है। आज देशभर में आधुनिक स्पोर्ट्स इंफ्रास्ट्रक्चर का विस्तार हो रहा है, खेलो इंडिया सेंटर के माध्यम से सुविधाएं बढ़ रही हैं, गांवों से लेकर छोटे शहरों तक नई प्रतिभाओं की पहचान की जा रही है।

और साथियों,

आज इस अभियान के परिणाम भी साफ - साफ दिखाई दे रहे हैं। अंतरराष्ट्रीय खेल प्रतियोगिताओं में भारत का प्रदर्शन बेहतर होता जा रहा है। हमारे खिलाड़ी नए-नए कीर्तिमान बना रहे हैं, हमारी बेटियां देश का गौरव बढ़ा रही हैं।

साथियों,

स्वामी विवेकानंद जी की तरह, हमें विवेका स्मारका, बड़े उद्देश्य के लिए कार्य करने की प्रेरणा देता है। ऐसे स्थान पर मैं हमारे युवाओं से कुछ आग्रह करना चाहता हूं।

साथियों,

मैसुरू को अक्सर भारत के सबसे स्वच्छ शहरों में स्थान मिला है। मैं इसके लिए यहां के लोगों को हृदय से बधाई देता हूं। क्या इस अवसर पर हम ये संकल्प ले सकते हैं, कि भविष्य में स्वच्छता के संकल्प को निरंतर मजबूत करते रहेंगे। हमें यहाँ की प्राकृतिक संपदाओं को संरक्षित करना चाहिए। हमें पर्यावरण से जुड़े संकल्प लेने चाहिए। हमें पानी की हर बूंद बचाने के लिए मिशन मोड में काम करना होगा।

साथियों,

आज ही यहां ‘वाल्मीकि रामायण’ के कन्नड़ा अनुवाद का विमोचन भी हुआ है। मैं कन्नड़ा भाषा से जुड़ी एक अपील भी करना चाहता हूं। कर्नाटका महान लेखकों और कवियों की धरती है। कन्नड़ा भाषी लोग हमेशा से पढ़ने की संस्कृति के लिए जाने जाते हैं। स्मार्टफोन के इस युग में इस स्वभाव को और बढ़ावा मिलना चाहिए। क्या हम युवा पीढ़ी को कन्नड़ा साहित्य से गहराई से जुड़ने के लिए प्रेरित कर सकते हैं।

साथियों,

मैसुरू अपने सिल्क, चंदन और हस्तशिल्प के लिए प्रसिद्ध है। जब भी हम किसी को उपहार दें, तो क्या हम ये सुनिश्चित कर सकते हैं कि वो किसी भारतीय के हाथों और पसीने से बनी चीज हो? इससे हमारी संस्कृति को बढ़ावा मिलेगा, साथ ही, एक और परिवार को आर्थिक सहायता भी मिलेगी।

साथियों,

स्वामी विवेकानंद जी ने जिस तरह के भारत का सपना देखा था, उसे पूरा करने का दायित्व आज की पीढ़ी पर है। मुझे विश्वास है, विवेका स्मारका इसके लिए एक ऊर्जा स्रोत का काम करेगा। मैं एक बार फिर, यहां एकत्र पूज्य संतजनों गुरू बंधुओं और मैसुरू के लोगों को नमन करते हुए मेरी वाणी को विराम देता हूं। आप सबका बहुत-बहुत धन्यवाद।