প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অন্ধ্ৰ প্ৰদেশৰ গান্টুৰ, তামিলনাডুৰ তিৰুপুৰ আৰু কৰ্ণাটকৰ হুবলি ভ্ৰমণ কৰিব৷ এই তিনিওখন ৰাজ্যতে তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

অন্ধ্ৰ প্ৰদেশত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ যাত্ৰাকালৰ প্ৰথমটো গন্তব্যস্থান হ’ব অন্ধ্ৰ প্ৰদেশৰ গাণ্টুৰ য’ত তেওঁ য়েটুকাৰ বাইপাছত বিভিন্ন প্ৰকল্প মুকলি কৰিব৷

দেশৰ শক্তি নিৰাপত্তাক সৱলীকৰণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণ লিমিটেড (আইএছপিআৰএল)ৰ ১.৩৩ মেট্ৰিকটন বিশাখাপট্টনম কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণ(এছপিআৰ)ৰ সুবিধা দেশবাসীলৈ উচৰ্গা কৰিব৷

অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা–গোদাৱৰী সংগমত অৱস্থিত অ’এনজিচিৰ বশিষ্ঠ আৰু এছ১ উন্নয়নমূলক প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব৷

তেওঁ কৃষ্ণপট্টনমত ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ (বিপিচিএল)ৰ নতুন টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব৷

এই প্ৰকল্পসমূহৰ দ্বাৰা অন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত গেছভিত্তিক উদ্যোগসমূহে অধিক সুবিধা লাভ কৰিব পাৰিব৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী তিৰুপুৰ আৰু তামিলনাডুলৈ ৰাওনা হ’ব৷

 

তামিলনাডুত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুপুৰত পেৰুমানাল্লুৰ গাঁৱত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

তিৰুপুৰত তেওঁ ইএছআইচি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ ত্ৰিচী বিমানবন্দৰৰ নতুন সংবদ্ধ বিল্ডিং আৰু চেন্নাই বিমানবন্দৰৰ আধুনিকীকৰণৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব৷

তেওঁ চেন্নাইৰ ইএছআইচিৰ ৪৭০খন বিচনাযুক্ত চিকিৎসালয় ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷

এই উপলক্ষে বিপিচিএলৰ এন্ন’ৰ বন্দৰীয় টাৰ্মিনেল ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰা হ’ব৷

প্ৰধানমন্ত্ৰী মোদীয়ে চেন্নাই বন্দৰৰ পৰা চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (চিপিচিএল)ৰ মানালি শোধনাগাৰলৈ খাৰুৱা তেলৰ পাইপলাইনো মুকলি কৰিব৷ ইয়াৰ জৰিয়তে খাৰুৱা তেলৰ সুৰক্ষিত পৰিবহণ সম্ভৱ হ’ব৷

প্ৰধানমন্ত্ৰীয়ে চেন্নাই মেট্ৰ’ৰ অংশ এজি–ডিএমএছ মেট্ৰ’ ষ্টেচনৰ পৰা ৱাশ্বাৰমেনপেট মেট্ৰ’ ষ্টেচনলৈ যাত্ৰীবাহী সেৱা মুকলি কৰিব৷ এই ১০ কিলোমিটাৰ চেন্নাই মেট্ৰ’ৰ পৰ্যায়–১ৰ অংশ৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী কৰ্ণাটকৰ হুবলিলৈ ৰাওনা হ’ব৷

কৰ্ণাটকত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ যাত্ৰাৰ অন্তিম পৰ্যায়ত তেওঁ কৰ্ণাটকৰ হুবলিলৈ যাব৷ তেওঁ হুবলিৰ গাব্বুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে আইআইটি ধাৰৱাড় আৰু আইআইআইটি–ধাৰৱাড়ৰ আধাৰশিলা স্থাপন কৰিব৷

এই উপলক্ষে ধাৰৱাড়ৰ চিটী গেছ বিতৰণ প্ৰকল্প ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰা হ’ব৷ চৰকাৰে সমগ্ৰ দেশতে স্বচ্ছ ইন্ধনৰ উপলব্ধতা সহজলভ্য কৰি তোলাৰ বাবে চিটী গেছ বিতৰণ (চিজিডি)ৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাত গুৰুত্ব প্ৰদান কৰিছে৷

দেশৰ শক্তি নিৰাপত্তাক সৱলীকৰণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণ লিমিটেড (আইএছপিআৰএল)ৰ ১.৫ মেট্ৰিকটন মাংগালোৰ কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণ (এছপিআৰ)আৰু ২.৫ মেট্ৰিকটন পাডুৰ এছপিআৰৰ সুবিধা দেশবাসীলৈ উচৰ্গা কৰিব৷

১৮ কিলোমিটাৰ দৈৰ্ঘৰ চিকজাজুৰ–মায়াকণ্ডা অংশৰ দ্বৈতকৰণ আন এক উল্লেখযোগ্য প্ৰকল্প হিচাপে বিবেচিত হৈছে৷ এই অংশটো ১৯০ কিলোমিটাৰ দৈৰ্ঘৰ হুবলি–চিকজাজুৰ দ্বৈতকৰণ প্ৰকল্পৰ অংশ আৰু ই দক্ষিণ পশ্চিম ৰে’লৱেৰ বেংগালুৰু–হুব্বালিত অৱস্থিত৷

প্ৰধানমন্ত্ৰীয়ে ৩৪৬ কিলোমিটাৰ দৈৰ্ঘৰ হছপেট–হুবলি–ভাস্ক’ ডা গামা পথৰ বৈদ্যুতিকীকৰণৰো মুকলি কৰিব৷

তাৰোপৰি সকলোৰে বাবে গৃহ প্ৰতিশ্ৰুতিৰ উদ্দেশ্য সাধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধাৰৱাড়ত পিএমএৱাই (ইউ)ৰ অধীনত নিৰ্মিত ২৩৮৪টা গৃহৰ ই–গৃহ প্ৰৱেশৰো সাক্ষী হৈ ৰ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived