Government committed to ensuring a house to the homeless by 2022: PM Modi
Perpetrators of Pulwama attack will be made to pay heavy price: PM Modi
Projects launched in Yavatmal will help generate new jobs as well as empower the poor: PM

শ্রী নৰেন্দ্র মোদীয়ে আজি প্রধানমন্ত্রী আবাস যোজনাৰ (পিএমএৱাই) অধীনত ঘৰ লাভ কৰা ভালেমান লোকৰ হাতত ঘৰৰ ছাবি তুলি দিয়ে।

তেওঁ কয়, পিএমএৱাই প্রকল্পৰ অধীনত যাবাৎমলত প্রায় ১৪,৫০০টা নতুন ঘৰ নিৰ্মাণ কৰা হৈছে। আগন্তুক ২০২২ চনৰ ভিতৰত দেশৰ ‘সকলোৰে বাবে ঘৰ’ – চৰকাৰ এই লক্ষ্যত উপনীত হ’ব। মানুহে এটা পকী ঘৰত বাস কৰাৰ স্বপ্ন পূৰণ কৰিব এই ঘৰসমূহে।

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্র গ্রামীণ জীৱন-জীৱিকা মিশ্যনৰ অধীনত আত্মসহায়ক গোটসমূহৰ মহিলাসকলৰ হাতত চেক আৰু প্ৰমাণপত্ৰও তুলি দিয়ে।

প্রধানমন্ত্রীয়ে লগতে কয়, যাবাৎমলৰ অনুষ্ঠান উন্নয়নৰ পঞ্চধাৰেই এক সম্প্রসাৰিত অংশ, যাৰ মাধ্যমেৰে শিশুসকলৰ শিক্ষা, যুৱক-যুৱতীসকলৰ জীৱন-জীৱিকা, প্রবীণ নাগৰিকসকলৰ বাবে ঔষধ, কৃষকসকলৰ কৰ তথা জন-অভিযোগ নিষ্পত্তিৰ দৰে বিষয়সমূহ কার্যকৰী কৰা হৈ থাকে।

প্রধানমন্ত্রীয়ে আজি বুতাম টিপি ৫০০ কোটি টকাৰ বিভিন্ন পথ নিৰ্মাণ প্রকল্পোৰো আধাৰশিলা মুকলি কৰে। তেওঁ ভিডিঅ’ লিংকৰ মাধ্যমেৰে হামসফৰ আজনি (নাগপুৰ)-পুণেৰ মাজত পতাকা দেখুৱাই ৰে’যাত্ৰাৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রীয়ে কয়, পথ আৰু ৰে’ল প্ৰকল্পৰ মাধ্যমেৰে যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটোৱাৰ মাধ্যমেৰেই উন্নয়ন সম্ভৱপৰ হৈ উঠিব আৰু বর্তমান এই প্রকল্পসমূহৰ দ্বাৰা যাবাৎমল আৰু নিকটৱর্তী এলেকাৰ সৰ্বাঙ্গীন উন্নয়ন সম্ভৱ হ’ব।

আজি ইয়াতেই আয়োজন কৰা এক গনসভাত প্রধানমন্ত্রীয়ে কয়, পুলৱামাৰ আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি সকলো গভীৰ শোকত আছো। মহাৰাষ্ট্রৰ দুই সাহসী জোৱানেও দেশৰ বাবে তেওঁলোকৰ জীৱন উছৰ্গা কৰিছে। আমি এই ঘটনাত পৰিয়ালৰ লোক হেৰুওৱা শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো। শ্বহীদসকলৰ অৱদান কেতিয়াও অথলে যাবলৈ দিয়া নহ’ব। পৰৱর্তী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সময়, স্থান আৰু তদন্ত পদ্ধতিৰ ক্ষীপ্ৰতা আৰু তীব্ৰতা নিৰ্ধাৰণৰ বাবে দেশৰ নিৰাপত্তা বাহিনীক পূর্ণ স্বাধীনতা দিয়া হৈছে, এনেদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে। আমি যদিহে আমাৰ স্বপ্নৰ বাস্তৱায়ন আৰু দেশৰ উন্নয়ন কৰি থাকো তেন্তে সেয়া আমাৰ দেশৰ সাহসী সেনাসকলৰ ত্যাগৰ বাবেই সম্ভৱ হৈছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

প্রধানমন্ত্রীয়ে লগতে কয়, ছিক্‌ল চেল ৰোগৰ চিকিত্সাৰ বাবে গৱেষণাৰ বাবে চন্দ্রপুৰত এটা গৱেষণা কেন্দ্র নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানতে প্রধানমন্ত্রীয়ে সহস্ত্রকুণ্ড একলব্য আদৰ্শ আবাসিক বিদ্যালয়খনো উদ্বোধন কৰে। ১৫ একৰ ভূমিত নিৰ্মাণ কৰা এই বিদ্যালয়ত ভালেমান অত্যাধুনিক সুযোগ-সুবিধা সন্নিৱিষ্ট কৰা হৈছে। স্কুলখন গঢ়ি ওঠাত স্থানীয় এলেকাৰ ল’ৰা ছোৱালীবোৰৰ শিক্ষাৰ আসা-আকাঙ্খা পূৰ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। আদিবাসী এলেকাত এক হেজাৰ একলব্য আদৰ্শ আবাসিক স্কুল গঢ়ি তোলাৰ প্রকল্পৰ আওতাত এই বিদ্যালয়খন গঢ়ি তোলা হৈছে।

 

প্রধানমন্ত্রীয়ে কয়, “আদিবাসীসকলৰ ‘জনধনৰ পৰা বন-ধন’ পর্যায়লৈ উন্নীত কৰিবলৈ চৰকাৰ বিশেষভাৱে প্রতিশ্রুতিবদ্ধ। জনধন প্রকল্পত দৰিদ্র লোকসকলক অর্থনৈতিক অন্তর্ভুক্তিকৰণ কৰা হৈছে। আনফালে, বনধন প্রকল্পত অৰণ্য অঞ্চলৰ বিভিন্ন সামগ্রীৰ মাধ্যমেৰে দৰিদ্র লোকসকলৰ আয় বৃদ্ধি হ’ব। আদিবাসীসকলে যাতে তেওঁলোকৰ বিভিন্ন সামগ্রীৰ উপযুক্ত মূল্য লাভ কৰে, তাৰ বাবেই চৰকাৰে বনধন কেন্দ্র গঢ়ি তুলিছে।”

 

স্বাধীনতা সংগ্রামত আদিবাসী বীৰসকলেযি ত্যাগ স্বীকার কৰিছে সেয়া উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, দেশ জুৰি বিভিন্ন সংগ্রহালয় আৰু স্মাৰকৰ মাধ্যমেৰে আমি সেইসকলৰ বীৰৰ স্মৃতি সুৰক্ষিত কৰি ৰাখিছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI to remain free for consumers, says Payments Council of India

Media Coverage

UPI to remain free for consumers, says Payments Council of India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch