Biofuels can power India’s growth in 21st century: PM Modi
Biofuels can help reduce import dependency on crude oil. They can contribute to a cleaner environment: PM Modi
Biofuels can generate additional income for farmers and boost rural employment: PM Modi
Under the ethanol blending programme, by mixing ethanol with petrol, nearly Rs. 4,000 crore have been saved; this has also benefitted farmers: PM Modi
We are working to make BioCNG from trash; CNG usage is being ramped up in public transport; we are trying to reduce dependence on CNG import: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিশ্ব জৈৱ ইন্ধন দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ সমবেত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি, বিশেষকৈ কৃষক, বিজ্ঞান, উদ্যোগী, শিক্ষাৰ্থী, চৰকাৰী বিষয়াবৰ্গৰ লগতে বিধানপালিকাৰ একাংশ লোকক সম্বোধন কৰে।

তেওঁ কয় যে জৈৱ ইন্ধনে একবিংশ শতিকাত ভাৰতক এক সতেজ গতি প্ৰদান কৰিব। তেওঁ লগতে কয় যে এই ইন্ধন শস্যৰ পৰা উৎপাদন কৰা হ’ব, যি ব্যৱস্থাই গাঁৱৰ লগতে চহৰৰ লোকসকলৰ জীৱন পৰিৱৰ্তন সাধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি থকা অৱস্থাতে জৈৱ ইন্ধনৰ পৰা ইথানল উৎপাদনৰ পৰিকল্পনা কৰা হৈছিল। ২০১৪ৰ পাছত ইথানল মিশ্ৰণ কাৰ্যসূচীৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা হয়। তেওঁ কয় যে কৃষকসকলক উপকৃত কৰাৰ উপৰি এই ব্যৱস্থাই বিগত বৰ্ষত ৪,০০০ কোটি টকা মুল্যৰ বিদেশী মুদ্ৰা ৰাহি কৰাত সহায় কৰিছে আৰু অহা চাৰি বছৰৰ ভিতৰত এই সংখ্যা ১২,০০০ কোটিলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৈৱ পদাৰ্থক জৈৱ ইন্ধনলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ বিনিয়োগ কৰিছে। ইয়াৰ বাবে ১২টা আধূনিক শোধনাগাৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰক্ৰিয়াই বৃহৎ পৰিমাণৰ সংস্থাপনৰ সূযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ জনধন, বন্ধন আৰু গোৱৰধনৰ দৰে আঁচনিসমূহে দুখীয়া, জনজাতীয় লোক তথা কৃষকসকলৰ জীৱনৰ পৰিৱৰ্তন সাধনত সহায় কৰিছে। তেওঁ কয় যে জৈৱ ইন্ধনৰ ৰূপান্তৰশীল সক্ষমতা তেতিয়াহে বাস্তৱ ক্ষেত্ৰত অনুভৱ কৰিব পৰা যাব, যেতিয়া শিক্ষাৰ্থী, শিক্ষক, বিজ্ঞানী, উদ্যোগী আৰু সাধাৰণ জনতাই এই ক্ষেত্ৰত অংশগ্ৰহণ কৰিব। তেওঁ উপস্থিত সকলোকে গ্ৰামাঞ্চলত জৈৱ ইন্ধনৰ সুবিধা গ্ৰহনত সহায় কৰাৰ বাবে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে “জৈৱ ইন্ধনৰ ৰাষ্ট্ৰীয় নীতি ২০১৮” শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰে। তদুপৰি, “Proactive and Responsive Facilitation, by Interactive and Virtuous Environmental Single-window Hub” (PARIVESH) ৰো শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

बायोफ्यूल सिर्फ विज्ञान नहीं है बल्कि वो मंत्र है जो 21वीं सदी के भारत को नई ऊर्जा देने वाला है

बायोफ्यूल यानि फसलों से निकला ईंधन, कूड़े-कचरे से निकला ईंधन

ये गांव से लेकर शहर तक के जीवन को बदलने वाला है

आम के आम, गुठली के दाम की जो पुरानी कहावत है, उसका ये आधुनिक रूप है: PM

— PMO India (@PMOIndia) August 10, 2018

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi

Media Coverage

'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুলাই 2026
July 15, 2026

Rooted in Tradition, Built for Tomorrow: PM Modi’s Blueprint for a Developed India