International Solar Alliance (ISA) has created a large platform in order to ensure climate justice, says PM Modi
Role being played by oil wells today will one day be played by sun rays: PM Modi at 1st assembly of ISA
We have decided to generate 40% of our electricity using non fossil fuel based resources by 2030: PM Modi
To fulfill the goals of Paris Agreement, we have started working on the action plan for the deployment of renewable energy: PM Modi
Along with Solar and Wind power, we are working fast on B3 i.e Biomass-Biofuel-Bioenergy: PM Modi at 1st assembly of ISA 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথমখন অধিৱেশন মুকলি কৰে৷ এই একেটা অনুষ্ঠানতে দ্বিতীয় আইঅ’আৰএ পুনৰ নৱীকৰণ শক্তি মন্ত্ৰীবৰ্গৰ সন্মিলন আৰু দ্বিতীয় বিশ্বজনীন আৰই-ইনভেষ্ট (পুনৰ নৱীকৰণ শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী)ৰো মুকলি কৰা হয়৷ এই অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছো উপস্থিত আছিল৷

উপস্থিত ব্যক্তিসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১৫০ৰ পৰা ২০০ বছৰ ধৰি মানৱ জাতিয়ে প্ৰয়োজনীয় শক্তিৰ বাবে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰ কৰি আহিছে৷ তেওঁ কয় যে প্ৰকৃতিয়ে এতিয়া শক্তিৰ অন্য বিকল্প যেনে সৌৰ, বতাহ আৰু পানীৰ দৰে বহনক্ষম শক্তি সন্ধানৰ প্ৰতি সংকেত প্ৰদান কৰিছে৷ এই সংক্ৰান্তত তেওঁ ভৱিষ্যতে যেতিয়া মানুহে একবিংশ শতিকাত মানৱ কল্যাণৰ বাবে স্থাপিত কোনো সংস্থাৰ বিষয়ে উল্লেখ কৰিব তেতিয়া এই আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ নাম তালিকাৰ শীৰ্ষত থাকিব বুলি আশা প্ৰকাশ কৰে৷ তেওঁ কয় যে জলবায়ু নায্যতা নিশ্চিতিৰ ক্ষেত্ৰত এইখন এখন উল্লেখযোগ্য মঞ্চ৷ তেওঁ কয় যে আন্তৰ্জাতিক সৌৰ সহযোগিতাই ভৱিষ্যতে অ’পেকক প্ৰতিষ্ঠাপিত কৰি শক্তিৰ প্ৰধান যোগানকৰ্তা হিচাবে বিবেচিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত পুনৰ নৱীকৰণ শক্তিৰ ব্যৱহাৰ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে৷ তেওঁ কয় যে ভাৰতে পেৰিচ চুক্তিৰ কাৰ্যকৰী পৰিকল্পনা ৰূপায়ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ ২০৩০ চনৰ ভিতৰত ভাৰতৰ মুঠ প্ৰয়োজনীয় শক্তি অ-জীৱাশ্ম উৎসৰ পৰা ৪০ শতাংশ পৰ্যন্ত সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে ভাৰতে এক নতুন আত্মবিশ্বাসৰ ‘‘দৰিদ্ৰতাৰ পৰা শক্তি’’লৈ উত্তৰণ কৰাত সমৰ্থ হৈছে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে শক্তি সৃষ্টিৰ লগতে শক্তিৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ এই প্ৰসংগত তেওঁ ৰাষ্ট্ৰীয় শক্তি ভাণ্ডাৰ অভিযানৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে এই অভিযানৰ অধীনত চৰকাৰে চাহিদা সৃষ্টি, স্থানীয় পৰ্যায়ত নিৰ্মাণ, উদ্ভাৱন আৰু শক্তি সঞ্চয়ৰ দিশত লক্ষ্য নিৰ্ধাৰণ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰ আৰু বায়ু শক্তিৰ উপৰিও ভাৰতে বায়’মাচ, বায়’ফুৱেল আৰু বায়’-এনাৰ্জীৰ ওপৰতো কাম কৰি আছে৷ ভাৰতৰ পৰিবহণ খণ্ড স্বচ্ছ ইন্ধন যুক্ত হোৱাৰ প্ৰয়াস কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে জৈৱিক পেলনীয়া দ্ৰব্যৰ পৰা বায়’ফুৱেল ৰূপান্তৰণৰ জৰিয়তে ভাৰতে প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰি আছে৷   

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA

Media Coverage

India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Speaks with UAE President
March 17, 2026
PM Conveys Eid Greetings and Discusses current Situation in West Asia

The Prime Minister spoke with HH Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE, and conveyed advance Eid greetings. PM Modi and the President discussed the current situation in West Asia. The Prime Minister reiterated India’s strong condemnation of all attacks on the UAE that have resulted in loss of innocent lives and damage to civilian infrastructure.

The Prime Minister and the UAE President agreed on the importance of ensuring safe and free navigation through the Strait of Hormuz. Shri Modi emphasized that both nations will continue to work together for the early restoration of peace, security, and stability in the region.

The Prime Minister wrote on X;

"Spoke with my brother HH Sheikh Mohamed bin Zayed Al Nahyan, President of the UAE and conveyed advance Eid greetings.

We discussed the current situation in West Asia. Reiterated India’s strong condemnation of all attacks on the UAE that have resulted in loss of innocent lives and damage to civilian infrastructure.

We agreed on the importance of ensuring safe and free navigation through the Strait of Hormuz.

We will continue to work together for the early restoration of peace, security and stability in the region."