এক ঐতিহাসিক ভ্ৰমণ আৰু চিৰস্থায়ী অংশীদাৰিত্ব

 

চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে ২০২৫ চনৰ ১৫ জুনৰ পৰা ১৬ জুনলৈ চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে  আমন্ত্ৰণ জনোৱা ভাৰতৰ  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰো অধিক সময়ৰ পিছত প্ৰথমবাৰৰ বাবে কৰা  চাইপ্ৰাছলৈ  ভ্ৰমণ। সেয়ে  প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত গভীৰ আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰ সুদৃঢ় কৰি তুলিছে । এই ভ্ৰমণে কেৱল  ঐতিহাসিকভাবেই  গুৰুত্বপূ্ৰ্ণ নহয়, ই দুয়োখন দেশৰ মাজত ভৱিষ্যতৰ  যৌথ কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক বিশ্বাস তথা সন্মানৰ মাজত শিপাই  থকা অংশীদাৰিত্বৰৰ কথাও  প্ৰতিফলিত কৰিছে।

চাইপ্ৰাছ আৰু ভাৰতৰ মাজত সহযোগিতাৰ ক্ৰমবৰ্ধমান বিস্তৃতি আৰু গভীৰতাক আলোকপাত কৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক, আঞ্চলিক  আৰু বিশ্বজোৰা বিষয়সমূহ সন্দৰ্ভত ব্যাপক আলোচনাত মিলিত হয়। তেওঁলোকে অৰ্থনৈতিক, প্ৰযুক্তিগত আৰু জনসাধাৰণৰ সম্পৰ্কৰ শেহতীয়া অগ্ৰগতিক  আদৰণি জনায়, যিয়ে  দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ গতিশীল আৰু বিৱৰ্তনশীল প্ৰকৃতিক প্ৰতিফলিত কৰিছে।

 

মূল্যবোধ, স্বাৰ্থ, আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু দৃষ্টিভংগীৰ ক্ৰমবৰ্ধমান সংহতি স্বীকাৰ কৰি দুয়োপক্ষই মূল খণ্ডসমূহৰ মাজত এই অংশীদাৰিত্বক অধিক আগুৱাই নিয়াৰ বাবে নিজৰ সংকল্পৰ কথা  প্ৰকাশ কৰিছে।চাইপ্ৰাছ আৰু ভাৰতে আঞ্চলিক তথা  বিশ্ব শান্তি, সমৃদ্ধি আৰু স্থিতিশীলতাত অৰিহণা যোগোৱা বিশ্বাসযোগ্য আৰু অপৰিহাৰ্য অংশীদাৰ হিচাপে নিজৰ সহযোগিতা গভীৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

 

তেওঁলোকে তলত উল্লেখ কৰা যৌথ ঘোষণাপত্ৰৰ  বিষয়ত সহমতত উপনীত হয়:

 

মূল্যবোধ আৰু বিশ্বব্যাপী প্ৰতিশ্ৰুতি

দুয়োগৰাকী নেতাই শান্তি, গণতন্ত্ৰ, আইনৰ শাসন, ফলপ্ৰসূ বহুপক্ষীয়তাবাদ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি তেওঁলোকৰ  দায়বদ্ধতাৰ বিষয়ে  আলোকপাত কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ ওপৰত ভিত্তি কৰি নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি সমৰ্থন পুনৰ সুদৃঢ় কৰে, ৰাষ্ট্ৰসংঘৰ সাগৰ সম্পৰ্কীয় আইনৰ বিষয় সন্মিলন  (UNCLOS)ৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰে, যাতায়তৰ স্বাধীনতা আৰু সাৰ্বভৌম সামুদ্ৰিক অধিকাৰৰ ক্ষেত্ৰতো সহমতত উপনীত হয়।

 

নেতাদ্বয়ে  সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি অদম্য সমৰ্থন পুনৰ দৃঢ় কৰে। তেওঁলোকে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু ইউক্ৰেইনৰ যুদ্ধকে ধৰি আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহকলৈয়ো বিশদভাবে আলোচনা কৰে। ভাৰতে পাৰমাণৱিক যোগানকাৰী গোটত যোগদানৰ গুৰুত্বক  স্বীকৃতি দি বিশ্বব্যাপী  পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ গুৰুত্বৰ বিষয়েও দুয়োগৰাকী নেতাই আলোচনা কৰে।

 

নেতাদ্বয়ে  ৰাষ্ট্ৰসংঘ আৰু কমনৱেলথকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মাজত সমন্বয় শক্তিশালী কৰাৰ  বিষয়তো মত পোষণ কৰে আৰু ২০২৪ চনৰ এপিয়া(Apia) কমনৱেলথ মহাসাগৰীয় ঘোষণাপত্ৰ ৰূপায়ণৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়। একেদৰে  সাগৰীয় প্ৰশাসনক বিশ্বৰ বহনক্ষমতা আৰু স্থিতিস্থাপকতাৰ স্তম্ভ হিচাপে উজ্জ্বল কৰি তোলাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয় । এই প্ৰেক্ষাপটত ২০২৪ চনৰ এপ্ৰিল মাহত চাইপ্ৰাছত অনুষ্ঠিত হোৱা উদ্বোধনী কমনৱেলথ মহাসাগৰ মন্ত্ৰীসকলৰ বৈঠকত বহনক্ষম সাগৰীয় প্ৰশাসনক আগুৱাই নিয়াৰ বাবে আৰু সমগ্ৰ কমনৱেলথৰ সদস্য ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য  বৃদ্ধি  কৰাৰ বাবে ব্লু চাৰ্টাৰ চেণ্টাৰ অৱ এক্সেলেন্স স্থাপন কৰাৰ বিষয়টোৱেও আলোচনাত গুৰুত্ব লাভ কৰে।

 

দুয়োগৰাকী  নেতাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অধিক ফলপ্ৰসূ, কাৰ্যক্ষম আৰু সমসাময়িক ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানসমূহৰ দূৰ কৰিব পৰাকৈ শক্তিশালী কৰি তোলাৰ উপায়কে ধৰি সংস্কাৰৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সংস্কাৰৰ আন্তঃৰাষ্ট্ৰীয় আলোচনাত আগবাঢ়ি যোৱাৰ প্ৰতিও সমৰ্থন প্ৰকাশ কৰে দুয়োগৰাকী নেতাই। লগতে এইক্ষেত্ৰত  তেওঁলোকে  আলোচনাৰ দিশত আগবাঢ়ি যোৱাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।   ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ সৈতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ  তথা শক্তি  বৃদ্ধিৰ বাবে চাইপ্ৰাছে পুনৰ সমৰ্থন আগবঢ়ায়।

 

দুয়োপক্ষই বহুপক্ষীয় মঞ্চত ইখন দেশে সিখন দেশৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰাকে ধৰি ৰাষ্ট্ৰসংঘত ঘনিষ্ঠ সহযোগিতা বজাই ৰাখিবললৈ সন্মত হয়।

 

ৰাজনৈতিক আলোচনা

 

দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ ৰাজনৈতিক আলোচনা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন খণ্ডত সমন্বয় সুশৃংখলিত কৰি  সহযোগিতাৰে  আগুৱাই যৱাৰ বাবে চাইপ্ৰাছ গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতীয় গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত থকা দ্বিপাক্ষিক ব্যৱস্থাসমূহ অধিক সক্ৰিয়  কৰিবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। তেনে মন্ত্ৰালয়সমূহে দুয়োখন দেশৰ সংশ্লিষ্ট  কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি  কাৰ্য্য পৰিকল্পনাত অন্তৰ্ভুক্ত সহযোগিতাৰ ক্ষেত্ৰসমূহৰ ৰূপায়ণৰ দিশটো নিৰীক্ষণ কৰিব।

 

সাৰ্বভৌমত্ব আৰু শান্তিৰ বাবে সমৰ্থন

 

চাইপ্ৰাছ আৰু ভাৰতে ৰাষ্ট্ৰসংঘৰ চুক্তিবদ্ধ কাঠামো আৰু  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি  ৰাজনৈতিক সমতা থকা দ্বিমণ্ডলীয়, দ্বি-সম্প্ৰদায় ভিত্তিক  সহযোগিতাৰ ভিত্তিত চাইপ্ৰাছকলৈ উত্থাপিত  প্ৰশ্নসমূহৰ স্থায়ী নিষ্পত্তি কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ  প্ৰচেষ্টাসমূহ পুনৰ আৰম্ভ কৰাৰ প্ৰতি দৃঢ়তাৰে নিজৰ  দায়বদ্ধতা প্ৰকাশ কৰে।

 

ভাৰতে চাইপ্ৰাছ গণৰাজ্যৰ স্বাধীনতা, সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা   আৰু ঐক্যৰ প্ৰতি অটল তথা ধাৰাবাহিক সমৰ্থনৰ কথা  পুনৰবাৰ প্ৰকাশ কৰে। এই সন্দৰ্ভত দুয়োপক্ষই অৰ্থপূৰ্ণ আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ কৰিবলৈ একপক্ষীয় কাৰ্য্য পৰিহাৰ কৰাটো অতি প্ৰয়োজনীয় বুলি সহমত প্ৰকাশ কৰে।

 

নিৰাপত্তা, প্ৰতিৰক্ষা, আৰু সংকটৰ  সময়ত  সহযোগিতা

 

চাইপ্ৰাছ আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় আৰু সীমা অতিক্ৰম কৰি হোৱা  সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদক নিৰ্দ্বিধায় নিন্দা কৰে আৰু শান্তি তথা স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰিব পৰা ভাবুকি প্ৰতিহত কৰাৰ বাবে  নিজৰ দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ়তাৰে ব্যক্ত  কৰে।

 

সীমা অতিক্ৰম কৰি হোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ খনলৈ  চাইপ্ৰাছে পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰতৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত  সন্ত্ৰাসবাদী আক্ৰমণত সাধাৰণ নাগৰিকৰ প্ৰাণ হানি হোৱাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে দুয়োগৰাকী নেতাই। তেওঁলোকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ কথা  পুনৰবাৰ উল্লেখ কৰে আৰু যিকোনো পৰিস্থিতিতেই এনে কাৰ্য্যক কোনো ন্যায্যতা প্ৰদান কৰাৰ বিৰোধিতা   কৰে। তেওঁলোকে লগতে আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা উচিত বুলি সহমত প্ৰকাশ কৰে।

 

নেতাদ্বয়ে  সকলো ৰাষ্ট্ৰকে অন্য দেশৰ সাৰ্বভৌমত্বক সন্মান জনাবলৈ  আহ্বান জনায় আৰু সীমা অতিক্ৰম কৰি হোৱা সন্ত্ৰাসবাদক তীব্ৰ নিন্দা কৰে। সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক ভাঙি পেলোৱা  , সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল ধ্বংস  কৰা, সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ভাঙি পেলোৱা, সন্ত্ৰাসবাদৰ সৈতে জড়িত অপৰাধীসকলক ক্ষিপ্ৰতাৰে ন্যায়ৰ কাঠগড়ালৈ  অনাৰো আহ্বান  জনায় । সীমান্তৰ সিপাৰৰ পৰা হোৱা  সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এক ব্যাপক, সমন্বিত আৰু স্থায়ী পদ্ধতিৰ প্ৰয়োজনীয়তাৰ বিষয়তো তেওঁলোকে গুৰুত্ব আৰোপ কৰে আৰু এইক্ষেত্ৰত  সহযোগিতামূলক, দ্বিপাক্ষিক আৰু বহুপক্ষীয় ব্যৱস্থাৰ সৈতে কাম কৰাৰ  বিষয়ত সহমত প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ বহুপক্ষীয় প্ৰচেষ্টাক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি ৰাষ্ট্ৰসংঘৰ কাঠামোৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সৰ্বাংগীন চুক্তিখন ক্ষিপ্ৰতাৰে চূড়ান্ত কৰি গ্ৰহণৰ আহ্বান জনায়। তেওঁলোকে ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় ইউনিয়নে ঘোষণা কৰা  সকলো সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠন, সংশ্লিষ্ট প্ৰক্সি গোট, সন্ত্ৰাসবাদীক  সুবিধা প্ৰদানকাৰী আৰু পৃষ্ঠপোষকৰ বিৰুদ্ধে ১২৬৭ ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা সমিতিৰ অধীনত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ৰাষ্ট্ৰসংঘ আৰু বিত্তীয় কাৰ্য্য টাস্ক ফ’ৰ্চ (এফ এ টি এফ)ৰ জৰিয়তে  সন্ত্ৰাসবাদীৰ বিত্তীয় মাধ্যমসমূহ ধ্বংস  কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণৰ বিষয়তো তেওঁলোকে দৃঢ় প্ৰতিশ্ৰুতিৰ কথা  পুনৰবাৰ প্ৰকাশ কৰে।

 

আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিৱেশৰ ভিতৰত  নতুনকৈ  আহি পৰা প্ৰত্যাহ্বানসমূহৰ কথা  স্বীকাৰ কৰি নেতাদ্বয়ে  কৌশলগত স্বায়ত্তশাসন, প্ৰতিৰক্ষা প্ৰস্তুতি আৰু প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ গুৰুত্বৰ  বিষয়ত  আলোকপাত কৰে।

তেওঁলোকে চাইবাৰ সুৰক্ষা আৰু উদীয়মান প্ৰযুক্তিৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰি  প্ৰতিৰক্ষা উদ্যোগৰ মাজত সহযোগিতাকে ধৰি নিজৰ প্ৰতিৰক্ষা তথা  নিৰাপত্তা সম্পৰ্কীয়  সহযোগিতা শক্তিশালী  কৰিবলৈ সন্মত হয়।

 

ভাৰত আৰু চাইপ্ৰাছ দুয়োখন দেশৰ মাজতে  গভীৰ শিপাই থকা নৌসেনাৰ পৰম্পৰাৰ কথাও তেওঁলোকে স্বীকাৰ কৰে। দুয়োখন দেশকে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দি নেতাদ্বয়ে সামুদ্ৰিক ডমেইনত অন্তৰ্ভুক্ত কৰিবলৈ সহযোগিতাৰ সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে ভাৰতীয় নৌসেনাৰ জাহাজসমূহক অধিক  চলাচলৰ বাবে উৎসাহিত কৰা আৰু সামুদ্ৰিক  ডমেইন সম্পৰ্কীয়  সজাগতা তথা আঞ্চলিক নিৰাপত্তা বৃদ্ধিৰ বাবে যৌথ সামুদ্ৰিক প্ৰশিক্ষণ আৰু অনুশীলনৰ সুযোগ বিচাৰি উলিয়াব বুলি মতপোষণ কৰে।

 

সাম্প্ৰতিক  বিশ্ব সংকটৰ  পৰিপ্ৰেক্ষিতত  দুয়োপক্ষই জৰুৰীকালীন প্ৰস্তুতি আৰু সংকটৰ সময়ত সমন্বিত  সঁহাৰিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিগত দিনৰ  সফল প্ৰচেষ্টাৰ ভিত্তিত নেতাদ্বয়ে  আঁতৰাই নিয়া, অনুসন্ধান তথা  উদ্ধাৰ (SAR) অভিযানত সহযোগিতা ৰক্ষা  কৰি যাবলৈ  সন্মত হয়।

 

সংযোগ আৰু আঞ্চলিক সহযোগিতা

 

চাইপ্ৰাছ আৰু ভাৰতে আঞ্চলিক সহযোগিতা বৃদ্ধিৰ   সেতু হিচাপে কাম কৰাৰ কৌশলগত দৃষ্টিভংগী  গ্ৰহণ কৰাৰ বিষয়েও তেওঁলকে সহমত প্ৰকাশ কৰে। দুয়োগৰাকী  নেতাই ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ তাৎপৰ্য্যৰ বিষয়ত  আলোকপাত কৰে, যি হৈছে শান্তি, অৰ্থনৈতিক সংহতি আৰু বহনক্ষম উন্নয়নক লাভাৱান্বিত কৰা এক পৰিৱৰ্তনশীল পদক্ষেপ। আইএমইচিক গঠনমূলক আঞ্চলিক সহযোগিতাৰ অনুঘটক হিচাপে অভিহিত কৰি  তেওঁলোকে পূব ভূমধ্যসাগৰ আৰু  মধ্যপ্ৰাচ্যত স্থিতিশীলতা বৃদ্ধিৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি কথা  পুনৰবাৰ উল্লেখ কৰে । লগতে  ভাৰত উপদ্বীপৰ পৰা মধ্যপ্ৰাচ্যৰ মাজেৰে ইউৰোপলৈ সংযোগ আৰু আন্তঃসংযোগৰ কৰিডৰ গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়তো তেওঁলোকে  আলোকপাত কৰে।

 

দুয়োগৰাকী নেতাই ইউৰোপৰ প্ৰৱেশদ্বাৰ হিচাপে চাইপ্ৰাছৰ ভূমিকা আৰু এই প্ৰেক্ষাপটত ট্ৰেন্সশ্বিপমেণ্ট, ষ্ট’ৰেজ, বিতৰণ আৰু লজিষ্টিকছৰ বাবে আঞ্চলিক কেন্দ্ৰ হিচাপে কাম কৰাৰ সম্ভাৱনাক স্বীকৃতি দিয়ে।  তেওঁলোকে চাইপ্ৰাছত থকা ভাৰতীয় জাহাজ কোম্পানীসমূহে অৰ্থনৈতিক আৰু অধিক শক্তিশালী কৰাৰ উপায় হিচাপে চাইপ্ৰাছ ভিত্তিক তথা ভাৰতীয় সামুদ্ৰিক সেৱা প্ৰদানকাৰীসকলৰ যৌথ উদ্যোগৰ জৰিয়তে সামুদ্ৰিক সহযোগিতাক উন্নত  কৰাৰ বিষয়ত সহমত ব্যক্ত কৰে।

 

ইউৰোপীয় ইউনিয়ন–ভাৰত কৌশলগত সংযোগ

 

২০২৬ চনৰ আৰম্ভণিতে ইউৰোপীয় সংঘৰ পৰিষদৰ  সন্মিলনত চাইপ্ৰাছে সভাপতিত্ব কৰিব। এই কথাৰ  প্ৰতি লক্ষ্য ৰাখি দুয়োগৰাকী  নেতাই ইউৰোপীয় ইউনিয়ন-ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ়তাৰে উল্লেখ  কৰে। তেওঁলোকে ভাৰতলৈ  কলেজ অব কমিছনাৰছৰ  ভ্ৰমণৰ কথা স্মৰণ কৰে আৰু ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত আলোচনাৰ আৰম্ভণি তথা এই ভ্ৰমণৰ সময়ত চিনাক্ত কৰা অগ্ৰাধিকাৰৰ ক্ষেত্ৰসমূহত ইতিমধ্যে হোৱা অগ্ৰগতিৰ  বিষয়ত  সন্তুষ্টি প্ৰকাশ কৰে।।  য’ত বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সামুদ্ৰিক সংযোগ, স্বচ্ছ আৰু সেউজ শক্তি  আৰু মহাকাশৰ দৰে বিষয়সমূহ  অন্তৰ্ভুক্ত হৈ আছে।

 

ইউৰোপীয় ইউনিয়ন-ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ উন্নতিৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে চাইপ্ৰাছে। দুয়োপক্ষই ইউৰোপীয় ইউনিয়ন–ভাৰত মুক্ত বাণিজ্য চুক্তিখনৰ উল্লেখযোগ্য অৰ্থনৈতিক তথা কৌশলগত সম্ভাৱনাক স্বীকৃতি দি চলিত বৰ্ষৰ শেষৰ ফালে  ইয়াৰ সমাপ্তি কৰিবলৈ সাজু বুলি প্ৰকাশ কৰে। ইউৰোপীয় ইউনিয়ন–ভাৰত বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ জৰিয়তে চলি থকা কামৰ প্ৰতিও তেওঁলোকে সমৰ্থন প্ৰকাশ কৰে আৰু এই গুৰুত্বপূৰ্ণ বিশ্ব অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে ২০২৫ চনৰ কৌশলগত ৰোডমেপৰ বাহিৰেও আগন্তুক দিনত এইক্ষেত্ৰত একেই  দৃষ্টিভংগী  বাহাল  ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।

 

বাণিজ্য, উদ্ভাৱন, প্ৰযুক্তি তথা  অৰ্থনৈতিক সুযোগ

 

চাইপ্ৰাছ আৰু ভাৰতৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা কৌশলগত সহযোগিতাক  স্বীকৃতি দি নেতাদ্বয়ে  বৰ্ধিত বাণিজ্য, বিনিয়োগ আৰু বিজ্ঞান, উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ জৰিয়তে অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিয়ে।

 

দুযো খন দেশৰ সহযোগিতা আগবঢ়াই নিবলৈ দুয়োগৰাকী নেতাই  কয় যে তেওঁলোকে ব্যৱসায়িক প্ৰতিনিধিকে ধৰি ভাৰত ভ্ৰমণ কৰা চাইপ্ৰাছৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল এটাক আদৰণি জনোৱাৰ লগতে বিনিয়োগৰ সুযোগ প্ৰসাৰিত কৰাৰ বাবে চাইপ্ৰাছ–ভাৰত ব্যৱসায়িক মঞ্চৰ আয়োজন কৰাৰ বিষয়টোক   আদৰণি জনাব। দুয়োগৰাকী নেতাই চাইপ্ৰাছ–ভাৰতৰ মাজত  সহযোগিতামূলক অৰ্থমৈতিক অংশীদাৰিত্ব বৃদ্ধিৰ বাবে  বাণিজ্যিক মেজমেল অনুষ্ঠিত কৰাৰ বিষয়তো সহমত প্ৰকাশ কৰে।

 

দুয়োগৰাকী  নেতাই গৱেষণা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত কৰা, ষ্টাৰ্টআপ, শৈক্ষিক প্ৰতিষ্ঠান, আৰু উদ্যোগৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলা  আৰু কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আন্তঃগাঁথনি তথা  গৱেষণাৰ দৰে মূল খণ্ডসমূহত উদ্ভাৱন সম্পৰ্কীয়  বিনিময়ক সমৰ্থন কৰিবলৈ  সন্মত হয়।  ইয়াৰ লক্ষ্য হৈছে আনুষংগিক ক্ষেত্ৰত  বুজাবুজিৰ চুক্তি সম্পাদন কৰা।

 

গতিশীলতা, পৰ্যটন আৰু মানুহৰ মাজত সম্পৰ্ক উন্নীতকৰণ

 

দুয়োগৰাকী নেতাই জনসাধাৰণৰ সম্পৰ্কক অৰ্থনৈতিক তথা সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰাৰ বাবে কৌশলগত সম্পদ হিচাপে স্বীকৃতি দিয়ে। ২০২৫ চনৰ শেষৰ ফালে দুয়ো পক্ষই মবিলিটি পাইলট প্ৰগ্ৰেম এৰেঞ্জমেণ্ট চূড়ান্ত কৰাৰ কাম কৰিব বুলিও সহমতত উপনীত হয়।

 

দুয়োপক্ষই সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কৰ জৰিয়তে পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাৰ  গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে পৰ্যটনৰ বিকাশ আৰু চাইপ্ৰাছ  তথা ভাৰতৰ মাজত প্ৰত্যক্ষ বিমান সংযোগ স্থাপনৰ লগতে অংশীদাৰিত্বৰ জড়িয়তে  বিমান পথ বৃদ্ধিৰ সুযোগ বিচাৰি উলিয়াবলৈ সন্মত হয়।  যাতে  দুয়োখন দেশৰ মাজত  ভ্ৰমণৰ ক্ষেত্ৰত  সহজতা বৃদ্ধি আৰু দ্বিপাক্ষিক আদান-প্ৰদান সম্প্ৰসাৰিত হয়।  

 

ভৱিষ্যতৰ বাবে: ২০২৫-২০২৯ চনৰ কাৰ্য্য পৰিকল্পনা

 

এই যুটীয়া ঘোষণাই চাইপ্ৰাছ আৰু ভাৰতৰ মাজত থকা কৌশলগত বন্ধনক পুনৰ সুদৃঢ় কৰিছে। দুয়োগৰাকী  নেতাই চলি থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিত  সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে  এইক্ষেত্ৰত অধিক  অংশীদাৰিত্বই নিজৰ  নিজৰ  অঞ্চল আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটাব  বুলি  প্ৰত্যয়ৰে কয়।

নেতাদ্বয়ে  এই বিষয়ত  সহমতত উপনীত হয় যে চাইপ্ৰাছ আৰু ভাৰতৰ মাজত অহা পাঁচ বছৰৰ বাবে দ্বিপাক্ষিক সম্পৰ্কৰ পথ প্ৰদৰ্শনৰ অৰ্থে  এক কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা হ’ব আৰু সেয়া চাইপ্ৰাছ গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতীয় গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্বাৱধানত কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
173 years of Indian Railways: From steam engines to India’s first hydrogen train

Media Coverage

173 years of Indian Railways: From steam engines to India’s first hydrogen train
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.