‘‘আমি পৰিৱৰ্তনৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু চৰকাৰে ইয়াক অব্যাহত ৰাখিব৷ দেশত বিত্তীয় স্থিৰতা বাহাল ৰাথিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু অৰ্থনৈতিক উত্তৰণৰ দিশত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছে’’ ~প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ প্ৰাথমিক গুৰুত্ব হ’ল অৰ্থনীতিৰ বিভিন্ন দিশৰ নৱজাগৰণৰ দ্বাৰা উত্থান৷ এই নৱজাগৰণে অৰ্থনৈতিক উত্তৰণত প্ৰভূত সহায় কৰিব আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ কক্ষপথ সৱলীকৰণ কৰিব৷
নিৰ্মাণ খণ্ড- অৰ্থনৈতিক উত্তৰণৰ প্ৰধান চালিকা শক্তি
মেক ইন ইণ্ডিয়াই ভাৰতক ২৫টা নিৰ্ধাৰিত খণ্ডৰ নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে৷
ভাৰত এতিয়া বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ ম’বাইল নিৰ্মাণকাৰী দেশ, ‘মেক ইন ইণ্ডিয়া’ক ধন্যবাদ৷ এই উত্তৰণৰ সম্যক আভাস পাবলৈ হ’লে আমি দেখিছো যে ২০১৪ চনলৈ দেশত কেৱল ২ টা ম’বাইল ফোন নিৰ্মাণৰ উদ্যোগ আছিল আৰু এতিয়া ২০১৮ চনত ইয়াৰ সংখ্যা ১২০টালৈ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নয়ডাত বিশ্বৰ সবাতোকৈ বৃহৎ ম’বাইল উদ্যোগ স্থাপন কৰিছে আৰু য’ত একেটা ইউনিটতে বৃহৎ সংখ্যক কৰ্মচাৰীয়ে কাম কৰিব৷
যদি আমি উৎপাদিত ম’বাইল হেণ্ডছেটৰ সংখ্যা পৰিলক্ষিত কৰো তেন্তে দেখা পাম যে ভাৰতত ২০১৪ চনত ৬ কোটি ম’বাইল হেণ্ডছেট নিৰ্মাণ হৈছিল, ২০১৭-১৮ বৰ্ষত এই সংখ্যা বৃদ্ধি হৈ ২২.৫ কোটি হৈছে৷ ভাৰতত ২০১৭-১৮ বৰ্ষত ১.৩২ লাখ কোটি টকাৰ ম’বাইল নিৰ্মাণ হৈছে৷ ২০১৪ চনত এই সংখ্যা আছিল ১৮,৯৯২ কোটি টকা৷
মেক ইন ইণ্ডিয়াই নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিছে আৰু বৈদেশিক বিনিয়োগসমূহকো আকৰ্ষিত কৰিছে৷ ২০১৭-১৮ বৰ্ষত এফডিআইৰ আমেৰিকান ডলাৰত ৬১.৯৬ বিলিয়ন ডলাৰৰ অভিলেখ সৃষ্টি হৈছে৷ বিনিয়োগৰ পৰিমাণ বৃদ্ধি অৰ্থাৎ অধিক চাকৰিৰ সৃষ্টি আৰু অধিক উন্নতি৷

এমএছএমইলৈ সহায়ৰ হাত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ এমএছএমইক সৱলীকৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যিয়ে লক্ষাধিক ভাৰতীয়ক নিয়োজনৰ সুবিধা প্ৰদান কৰিছে৷ তাৰোপৰি ততোধিক নিয়োজনৰ অৱকাশৰো সৃষ্টি কৰিছে।
আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এমএছএমইৰ গুৰুত্ব তথা মুদ্ৰা (MUDRA)ই কিদৰে এই ক্ষেত্ৰত সহায় কৰিছে সেই বিষয়ে উল্লেখ কৰি কয়-
‘‘মুদ্ৰা যোজনাৰ জৰিয়তে এমএছএমই ক্ষেত্ৰত অগ্ৰগতি হৈছে৷ ভাৰতৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এমএছএমইয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি এই খণ্ডক অগ্ৰগতিৰ অধিক সুবিধা প্ৰদান কৰিছে৷’’
২০১৫ বৰ্ষত মুকলি হোৱা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই)উদ্যমীসকলক (বিশেষকৈ এমএছএমইসমূহৰ) বিনামূলীয়া বেংক ঋণ দিয়াৰ ব্যৱস্থাৰে প্ৰৱৰ্তন কৰা হৈছিল৷
শেহতীয়াকৈ ১৩ কোটি ক্ষুদ্ৰ মুদ্ৰা উদ্যমীয়ে মুদ্ৰা যোজনাৰ অধীনত ৬.২ লাখ কোটিৰ মূলধন লাভ কৰিছে৷ উল্লেখ্য, যোৱা ৩টা বৰ্ষৰ ভিতৰতে ৩.৪৯ কোটি নতুন উদ্যমী এই যোজনাৰ দ্বাৰা লাভান্বিত হৈছে৷ তাৰোপৰি, মুদ্ৰা হিতাধিকাৰীসকলৰ ৭০ শতাংশতকৈও অধিক হ’ল মহিলা৷ বঞ্চিতসকলক আৰ্থ-সামাজিকভাৱে সৱলীকৰণ কৰাৰ উদ্দেশ্য মুদ্ৰা হিতাধিকাৰীসকলৰ ভিতৰত ৫০ শতাংশতকৈও অধিক লোক হ’ল এছচি/এছটি/অ’বিচি৷
৫০ কোটিৰ পৰা ২৫০ কোটি টকা পৰ্যন্ত বাৰ্ষিক টাৰ্ণ অভাৰৰ মজলীয়া খণ্ডৰ উদ্যমীসকলক অগ্ৰগতি প্ৰদান কৰাৰ বাবে তেওঁলোকৰ ঔদ্যোগিক কৰ ২৫ শতাংশ কৰা হৈছে যি পূৰ্বতে ৩০ শতাংশ আছিল৷

এনডিএ চৰকাৰৰ অধীনত গ্ৰহণ কৰা অৰ্থনৈতিক নৱজাগৰণসমূহ
এনডিএ চৰকাৰৰ অধীনত গ্ৰহণ কৰা পৰিৱৰ্তনমূলক কাৰ্যসূচীৰ জৰিয়তে দেশত আমূল পৰিৱৰ্তন হৈছে৷ বিগত চাৰিটা বৰ্ষত গ্ৰহণ কৰা বেংকিং সংস্কাৰ, কৰ সংস্কাৰ, বিশেষ খণ্ড কিছুমানৰ সংস্কাৰৰ দ্বাৰা সাধাৰণ মানুহৰ জীৱন শৈলী সহজ হৈ পৰিছে৷
বেংকিং সংস্কাৰ
এনডিএ চৰকাৰে এনপিএৰ আমোলত বৃদ্ধি হোৱা পুৰণি সমস্যাসমূহ সংশোধন কৰাৰ বাবে ইনছলভেন্সি এণ্ড বেংক্ৰাপ্টটি কোড (আইবিচি)ৰ প্ৰণয়ন কৰিছে৷ আইবিচিয়ে ঋণৰ সমস্যাসমূহ সমাধান কৰাৰ পথ উলিয়াই বেংকিং খণ্ডক অগ্ৰগতি প্ৰদান কৰিছে৷
২,১১,০০০ কোটি টকাৰ ঋণ প্ৰদানেৰে পিএছবিৰ পুনৰ মূলধনীকৰণ কৰি তথা চাকৰিৰ সৃষ্টি কৰি এনডিএ চৰকাৰে অন্য এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷
তাৰোপৰি, এনডিএ চৰকাৰে বিভিন্ন পিএছবিসমূহৰ পৰৱৰ্তী একক সমাপনৰ বাবে বিভিন্ন পদক্ষেপৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

কৰ সংস্কাৰ
এনডিএ চৰকাৰৰ আমোলত কৰ সংস্কাৰৰ ক্ষেত্ৰত আটাইতকৈ বৃহৎ পদক্ষেপটো হ’ল পণ্য সামগ্ৰী আৰু সেৱা কৰ আইন (জিএছটি)৷ চৰকাৰে জিএছটি প্ৰণয়নৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই জিএছটি ২০১৭ চনত প্ৰণয়ন কৰা হৈছিল৷ ইয়াক সমগ্ৰ দেশতে প্ৰণয়ন কৰা হৈছে৷
জিএছটি প্ৰণয়নৰ দ্বাৰা-
ক্ষুদ্ৰ ব্যৱসায়ী আৰু গ্ৰাহকসকলে বিভিন্ন ধৰণৰ কৰৰ পৰা মুক্ত হৈছে৷ পৰিবহণ ব্যয়ৰ হ্ৰাস তথা অন্য কোনো ধৰণৰ ব্যয় নোহোৱাকৈ গ্ৰাহকসকলে কম মূল্যৰ দ্বাৰা লাভান্বিত হৈছে৷
ইয়াৰোপৰি এনডিএ চৰকাৰৰ অধীনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল কৰৰ অভিযোগসমূহৰ নিবাৰণ আৰু কৰৰ পৰিক্ষেত্ৰ বৃদ্ধি৷ বিগত চাৰিটা বৰ্ষত আইটিআৰ ফাইলৰ সংখ্যা ৮০.৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে ৷ ২০১৩-১৪ বৰ্ষত কৰ ৰিটাৰ্ণৰ সংখ্যা আছিল ৩.৭৯ কোটি কিন্তু ২০১৭-১৮ বৰ্ষত ইয়াৰ সংখ্যা ৬.৮৪ কোটিলৈ বৃদ্ধি পায়৷
বিশেষ ক্ষেত্ৰসমূহৰ সংস্কাৰ
বেংকিং আৰু কৰ সংস্কাৰৰ উপৰিও কিছুমান বিশেষ ক্ষেত্ৰটো সংস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাৰ দ্বাৰা দেশৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন ঘটিছে৷
ব্যক্তিগত খণ্ডৰ বাবে বাণিজ্যিক কয়লা খনি মুকলি কৰা হৈছে৷ প্ৰায় ৮৯টা কয়লা খনি স্বচ্ছ আৱণ্টন প্ৰক্ৰিয়াৰ জৰিয়তে আৱণ্টিত কৰা হৈছে৷ এই ৮৯টা কয়লা খনিৰ ৩১টা ই-নিলামযোগে আৰু ৫৮টা চৰকাৰী উদ্যোগৰ দ্বাৰা আৱণ্টিত কৰা হৈছে৷
আৰইআৰএ- দা ৰিয়েল ইষ্টেট (ৰেগুলেচন এণ্ড ডেভেলপমেণ্ট) এক্টৰ প্ৰণয়নৰ জৰিয়তে গৃহ ক্ৰেতাসকল নিৰ্মাণকাৰীৰ হাতোৰাৰ পৰা মুক্ত হৈ নিজৰ অধিকাৰ সম্পৰ্কে সজাগ হৈছে৷
শ্ৰমিক সংস্কাৰ
এনডিএ চৰকাৰৰ অধীনত বিগত চাৰিটা বৰ্ষত শ্ৰমিক সংশোধনৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যাৰ দ্বাৰা সমগ্ৰ ভাৰততে কৰ্মচাৰীসকলৰ জীৱন সহজ হৈ পৰিছে৷
ইউএএন নম্বৰ (ইউনিভাৰ্ছেল একাউণ্ট নম্বৰ)ৰ প্ৰৱৰ্তনৰ জৰিয়তে কৰ্মচাৰীসকলে তেওঁলোকৰ ভৱিষ্য নিধিৰ বাবে চৰকাৰী কাৰ্যালয়লৈ দৌৰা-দৌৰি কৰাটো বন্ধ হৈছে৷ আনকি তেওঁলোকে কৰ্মস্থান পৰিৱৰ্তন কৰিলেও কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়৷
শ্ৰম সুবিধা প’ৰ্টেল আৰু লেনদেনৰ এক ধনাত্মক সংশোধনী আইনে (২০১৭) গঠনাত্মক আৰু ন্যূনতম শ্ৰমৰ মূল্য নিশ্চিত কৰিছে৷
শক্তিশালী অৰ্থনৈতিক বুনিয়াদ আৰু অন্তঃৱৰ্তী স্বীকৃতি
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰত বিগত চাৰিটা বৰ্ষত ভাৰতীয় অৰ্থনীতিয়ে বৃহৎ সাফল্যৰ মুখ দেখিবলৈ সমৰ্থ হৈছে আৰু বিভিন্ন দিশত অন্তঃৱৰ্তী মূল্যায়নত আগুৱাবলৈ সমৰ্থ হৈছে৷
২০০৫ চনত বিশ্বৰ জিডিপিত ভাৰতৰ অংশ ১.৭৫ শতাংশ হৈছিল যি ৮ বছৰৰ মূৰত ২০১৩ চনত ২.৪৩ শতাংশলৈ বৃদ্ধি হৈছে৷ কিন্তু ২০১৭ চনত ভাৰতৰ বিশ্বৰ জিডিপিত ৩.০৮ শতাংশ হয় আৰু এয়াও কেৱল চাৰি বছৰৰ ব্যৱধানতে সম্পন্ন হৈছে৷
২০১৮-১৯ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপি ৮.২%লৈ বৃদ্ধি হয়৷ ইয়াৰ দ্বাৰা ভাৰত চীনতকৈ দ্ৰুত গতিত উত্থান হোৱাটো প্ৰদৰ্শিত হৈছে৷ ভাৰতৰ বিদেশী মুদ্ৰাৰ জমাৰ পৰিমাণো বৃদ্ধি হৈছে৷
শক্তিশালী বুনিয়াদৰ অৰ্থনীতিৰ উপৰিও ভাৰতে বিগত চাৰিটা বৰ্ষত বিভিন্ন দিশত সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷ ১৪ বছৰত প্ৰথমবাৰলৈ ভাৰতৰ মূল্যায়ন বিএএ২ৰ পৰা বিএএ৩লৈ বৃদ্ধি হৈছে৷ ২০১৭ চনত ইজ অৱ ডুয়িঙৰ দিশত ভাৰতৰ স্থান ১০০ নম্বৰলৈ আহিছে যি ২০১৪ চনত ১৪২ নম্বৰত আছিল৷ ক্ৰমাগত গতিত বৃদ্ধি পোৱা চৰকাৰৰ বিভিন্ন সংশোধনীমূলক কাৰ্যৰ দ্বাৰা ভাৰতে বিশ্ব অৰ্থনীতিত এক উজ্বল স্থান দখল কৰিবলৈ সমৰ্থ হৈছে৷




