ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্থায়ী প্ৰতিনিধি নিক্কি হেলীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
ৰাষ্ট্ৰদূত হেলীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হৈ প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জৰিয়তে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈও শুভকামনা জনায় আৰু তেওঁলোকৰ পূৰ্বৰ বৈঠক আৰু আলোচনাসমূহৰ কথা স্মৰণ কৰে৷

ৰাষ্ট্ৰদূত হেলীয়ে ভাৰত আৰু আমেৰিকাৰ মাজত থকা গভীৰ সম্পৰ্ক বিশেষকৈ কৌশলগত আৰু প্ৰতিৰক্ষা ক্ষেত্ৰৰ সম্পৰ্কৰ কথা উল্লেখ কৰে৷ সন্ত্ৰাস প্ৰতিৰোধী ব্যৱস্থাকে ধৰি ভাৰত আৰু আমেৰিকাৰ সহযোগিতা বৃদ্ধিৰ বিভিন্ন দিশ সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে৷ শক্তিশালী ভাৰত-মাৰ্কিন সম্পৰ্ক গোলকীয় শান্তি আৰু সমৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি তেওঁলোকে বিশ্বাস প্ৰকাশ কৰে৷
মাৰ্কিন ৰাষ্ট্ৰপতিৰ দক্ষিণ এছিয়া আৰু ইণ্ডো-পেচিফিক ৰণনীতিক মোদীয়ে আদৰণি জনায়৷ একেদৰে কোৰিয়ান উপদ্বীপক পৰমাণু মুক্ত কৰাত ট্ৰাম্পৰ ভূমিকাকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷


