প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ-II বিন আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৫–১৬ ডিচেম্বৰত জৰ্ডানৰ হাশ্বিমিত সাম্ৰাজ্য ভ্ৰমণ কৰিব।এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা আব্দুল্লাহ দ্বিতীয় বিন আল হুছেইনক সাক্ষাৎ কৰি ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত দুয়ো মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই ভ্ৰমণে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সংযোগ আৰু অধিক শক্তিশালী কৰিব। তদুপৰি, এই ভ্ৰমণে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ লগতে আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাক দোঁহাৰে।

প্ৰধানমমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৬–১৭ ডিচেম্বৰলৈ ইথিওপিয়া ভ্ৰমণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ইথিওপিয়া প্ৰথম ভ্ৰমণ। তেওঁ প্ৰধানমন্ত্ৰী ড আবি আহমেদ আলীৰ সৈতে ভাৰত–ইথিওপিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত ব্যাপক আলোচনাত মিলিত হ’ব। গ্ল’বেল ছাউথৰ অংশীদাৰ হিচাপে এই ভ্ৰমণে বন্ধুত্ব আৰু দ্বিপাক্ষিক সহযোগিতাৰ ঘনিষ্ঠ সম্পৰ্ক আগুৱাই নিয়াৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ উমৈহতীয়া প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি হ’ব।


প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ অন্তিম পৰ্যায়ত ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৭-১৮ ডিচেম্বৰলৈ চুলতানেত অফ ওমান ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় ওমান ভ্ৰমণ। ভাৰত আৰু ওমানৰ মাজত শতিকা পুৰণি বন্ধুত্বৰ বান্ধোন, বাণিজ্যিক সংযোগ আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ আধাৰত এক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অংশীদাৰ আছে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ সম্পূৰ্ণ কৰিব আৰু ২০২৩ চনৰ ডিচেম্বৰ মাহত মহামহিম ওমানৰ চুলতানৰ ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণে দুয়োপক্ষৰ বাবে বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, নিৰাপত্তা, প্ৰযুক্তি, কৃষি আৰু সংস্কৃতিৰ ক্ষেত্ৰসমূহৰ লগতে পাৰস্পৰিক আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত মত বিনিময়কে ধৰি দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিস্তৃত পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi