ভাৰত এখন অযুত প্ৰত্যাশাৰ দেশ৷ শক্তিশালী অৰ্থনীতি, ৰাষ্ট্ৰভিত্তিক নীতি, সাহসী প্ৰতিৰক্ষাবাহিনী আৰু উত্তৰণশীল শক্তিৰ দেশ হিচাপে ভাৰত বিশ্বৰ নৱ প্ৰত্যাশা হোৱাটো পৰিলক্ষিত হৈছে৷
বিশ্বৰ সৰ্ববৃহৎ উদ্যোগসমূহ ব্যৱস্থাপনাৰ জৰিয়তে ভাৰতে ইয়াৰ শক্তিশালী অৰ্থনৈতিক স্থিতিৰ প্ৰমাণ দিছে৷ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে দেশৰ অৰ্থনৈতিক স্থিতি উত্তৰণ কৰিছে৷ আজি ভাৰত বিনিয়োগকাৰীৰ বাবে আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈছে৷ ২০১৩ আৰু ২০১৭ বৰ্ষৰ সময়চোৱাত শেহতীয়া মূল্যৰ ভিত্তিত জিডিপি ৩১ শতাংশ বৃদ্ধি হৈছে যি বিশ্বজনীনভাৱে জিডিপি ৪ শতাংশ অতিক্ৰম কৰিছে৷
ভাৰতৰ বিকশিত অৰ্থনীতিৰ দ্বাৰা অন্য ৰাষ্ট্ৰসমূহৰ সৈতে সম্বন্ধৰ উত্তৰণ হোৱাত সহায়ক বিবেচিত হৈছে৷ এয়া চৰকাৰৰ কূটনৈতিক প্ৰয়াসৰ ফলত প্ৰথমবাৰৰ বাবে ভাৰতে এটা নহয়, দুটা নহয়, তিনিটাকৈ সন্মানীয় গোটত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ সেয়ে হৈছে মিছাইল টেকন’ল’জী কণ্ট্ৰ’ল ৰেজিমি (এমটিচিআৰ), ৱাছেনাৰ এৰেঞ্জমেণ্ট (ডব্লিউএ) আৰু অষ্ট্ৰেলিয়া গ্ৰুপ (এজি)৷ এই প্ৰখ্যাত গোটসমূহত অন্তৰ্ভুক্তিৰ জৰিয়তে ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশৰ কাৰ্যসূচীত উচ্চ প্ৰযুক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে৷
আনহাতে ভাৰতে সফলতাৰে ইণ্টাৰনেচনেল ট্ৰিবুনেল অন দা ল’ অৱ দা ছীজ (আইটিএলঅ’এছ)ত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷ সাগৰত আনৱাৰেণ্টেড দাবীৰ প্ৰয়াসক নাকচ কৰাৰ বাবে ভাৰতে অন্য ৰাষ্ট্ৰসমূহক অতিক্ৰম কৰি শক্তিশালী নেতৃত্ব প্ৰদান কৰিছে৷
ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা ভাৰতে ইয়াৰ শত্ৰুক সম্পূৰ্ণ সামৰ্থৰ সৈতে পৰাভূত কৰিবলৈ সক্ষম বুলি বিশ্বাসৰ উদয় হৈছে৷ সীমাত প্ৰণয়ন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ পদক্ষেপৰ জৰিয়তে ভাৰতৰ মিলিটেৰী শক্ৰিৰ পৰাক্ৰম প্ৰদৰ্শিত হৈছে৷ চৰকাৰে ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাবাহিনীক সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰিছে৷ তাৰোপৰি সৈন্যসকলৰ বিভিন্ন দীৰ্ঘদিনীয়া দাবী পূৰণ তথা ‘এটা পদ, এটা পেন্সন’ৰ আঁচনিও সফলভাৱে ৰূপায়িত হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈন্যবাহিনীৰ আধুনিকীকৰণ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে ৰূপায়িত কৰা হৈছে আৰু অস্ত্ৰৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা অভাৱৰ চাহিদা তথা আন্তঃগাঁথনি পূৰণ কৰা হৈছে৷

মসৃণ শক্তিৰ পদক্ষেপৰ দ্বাৰা ভাৰতে ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ সমগ্ৰ বিশ্বখনেই এক পৰিয়ালৰ পথত খোজ দিছে৷ আমাৰ সামঞ্জস্যতাৰ বিশ্বাস তথা সামুহিক অংশগ্ৰহণৰ দ্বাৰা সমগ্ৰ বিশ্বৰ সমস্যাসমূহৰ সমাধানৰ বাবে অগ্ৰসৰ হৈছো৷ বিশ্বই সন্মুখীন হোৱা তেনেধৰণৰ এটা সমস্যা হ’ল জলবায়ু পৰিৱৰ্তনৰ সমস্যা৷ তাৰোপৰি ভাৰতে পেৰিচত চিঅ’পি২১ত নেতৃত্ব বহন কৰাৰ উপৰিও আন্তৰ্জাতিক সৌৰ সহযোগিতাতো নেতৃত্ব বহন কৰিছে৷ এই অন্যন্য মৈত্ৰীত ১০০তকৈও অধিক দেশ সৌৰ শক্তিৰ দ্বাৰা শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে সংঘবদ্ধ হৈছে৷
আনহাতে ভাৰতৰ মসৃণ শক্তিৰ পথে বাসপোযোগী উন্নত গ্ৰহৰ পথ প্ৰদৰ্শন কৰিছে, যোগাভ্যাসে বিশ্বজনীন স্বীকৃতি লাভ কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছেঃ
‘‘যেতিয়া আমি বিশ্ব শান্তিৰ কথা কওঁ, তেতিয়া এই ৰাষ্ট্ৰসমূহৰ মাজত শান্তি থকা আৱশ্যক৷ ইয়াৰ দ্বাৰাহে সমাজত শান্তি বিয়পোৱা সম্ভৱ৷ এটা শান্তিপ্ৰিয় পৰিয়ালেহে শান্তিপূৰ্ণ সমাজলৈ অৰিহণা আগবঢ়াব পাৰে৷ এজন শান্তিপ্ৰিয় ব্যক্তিয়েহে এটা শান্তিপূৰ্ণ পৰিয়াল গঠন কৰিব পাৰে৷ যোগাভ্যাস হ’ল ব্যক্তি, পৰিয়াল, সমাজ, ৰাষ্ট্ৰ আৰু সমগ্ৰ বিশ্বৰ মাজত অন্তৰ্নিহিত শান্তি সৃষ্টি কৰাৰ এটা পথ৷’’
২১ জুনত আন্তৰ্জাতিক যোগ দিৱস ঘোষণাৰ দ্বাৰা এই প্ৰাচীন পৰম্পৰাই পুনৰ একবিংশ শতিকাত বিশ্বৰ গুৰুত্ব লভিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা এই প্ৰস্তাৱক ১৭৩ খন দেশে সমৰ্থন জনাইছিল যি ৰাষ্ট্ৰসংঘৰ ইতিহাসৰ এক বিৰল ঘটনা৷ তাৰোপৰি ইউনেস্ক’ৰ দ্বাৰাও যোগাভ্যাস মানৱতাৰ সাংস্কৃতিক পৰম্পৰা হিচাপে স্বীকৃত হৈছে৷ সমগ্ৰ বিশ্বৰ লোকে স্বাস্থ্য তথা আধ্যাত্মিক শান্তিৰ বাবে দৈনিক যোগাভ্যাস কৰা আৰম্ভ কৰিছে৷ আনুষ্ঠানিক সমৰ্থনৰ দ্বাৰা যোগাভ্যাস বিশ্বজনীন হৈ উঠিছে৷
ভাৰতে মহাকাশ কাৰ্যসূচীৰ দ্বাৰা প্ৰযুক্তিৰ অন্য এটা ক্ষেত্ৰতো উদ্ভাসিত হ’বলৈ সমৰ্থ হৈছে৷ বিশ্বমানৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ দ্বাৰা মহাকাশ উদ্যোগৰ অগ্ৰগতি ঘটিছে৷ ইছৰ’য়ে একেটা উৎক্ষেপণতে ১০৪টা উপগ্ৰহ উৰুৱাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল য’ত আমেৰিকা যুক্তৰাষ্ট্ৰ, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড, ইজৰাইল, কাজাখাস্তান আৰু ইউএইৰ ১০১ টা উপগ্ৰহও আছিল৷ আইআৰএনএছএছ-১জিৰ সফল মুকলিৰ দ্বাৰা ভাৰতৰ স্বদেশী বিশ্বজনীন নেভিগেচন ব্যৱস্থা স্থাপন হৈছে৷ ইয়াৰ সৈতে ভাৰতে নিজা উপগ্ৰহীয় নেভিগেচন ব্যৱস্থা থকা দেশসমূহৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে৷
বিভিন্ন ক্ষেত্ৰত ভাৰতীয়সকলে প্ৰদৰ্শন কৰা সাফল্যৰ দ্বাৰা সকলোৰে বাবে উন্নত ভৱিষ্যত নিৰ্মাণ হৈছে৷ বিজ্ঞান, প্ৰযুক্তি, অৰ্থনীতিৰ উত্তৰণৰ দ্বাৰা কেৱল আমাৰ দেশৰ সমস্যা সমাধান কৰায়েই নহয়, বিশ্বৰ অন্য প্ৰান্তৰো সমস্যা সমাধানৰ সাফল্যৰ কাহিনী সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷




