শিক্ষাৰ্থীসকলে বিভিন্ন উদ্যোগৰ পেছাদাৰীসকলৰ কাষ চপা উচিত আৰু তেওঁলোকে কেনেদৰে কাম কৰে সেয়া বুজি পাব লাগেঃ প্ৰধানমন্ত্ৰী
অধ্যয়ন আৰু কলাক পৃথকভাৱে চাব নালাগেঃ প্ৰধানমন্ত্ৰী
অধ্যয়নৰ পৰা সৃষ্টি হোৱা মানসিক চাপ আৰু ভাগৰ দূৰ কৰিবলৈ কলা ব্যৱহাৰ কৰা উচিতঃ প্ৰধানমন্ত্ৰী
নাগৰিকসকলক ৰাস্তাত আৱৰ্জনা বা থু নেপেলাবলৈ, ৰঙা লাইটত ৰ’বলৈ আৰু খাদ্য নষ্ট নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
প্ৰতিটো সৰু পদক্ষেপে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তুলিবঃ প্ৰধানমন্ত্ৰী
অনুশাসন হৈছে মূল চাবিকাঠি, অনুপ্ৰেৰণাই কেৱল ইয়াক বৃদ্ধি কৰেঃ প্ৰধানমন্ত্ৰী
প্ৰযুক্তিৰ দাস হ’ব নালাগেঃ প্ৰধানমন্ত্ৰী
প্ৰযুক্তি হৈছে মহান শিক্ষক, ইয়াক গ্ৰহণ কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
ভ্ৰমণ কেৱল ঠাই চাবলৈ নহয়, বৰং ইয়াক ছাত্ৰ হিচাপে বুজিবলৈহেঃ প্ৰধানমন্ত্ৰী
ভাৰত অতুলনীয়-ভ্ৰমণ আৰু অন্বেষণ কৰকঃ প্ৰধানমন্ত্ৰী
যিয়েই অধ্যয়ন কৰা নহওক কিয়, সেয়া কেতিয়াও অথলে নাযায়, ই মনত সংৰক্ষিত হৈ থাকেঃ প্ৰধানমন্ত্ৰী
শিক্ষাৰ ক্ষেত্ৰত সংগ্ৰাম কৰা লোকসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগে আৰু তেওঁলোকক শিকাত সহায় কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
ক্ৰীড়াক জীৱনৰ অংশ কৰি লোৱাটো গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
নেতা হ’বলৈ, আগ-ভাগ লোৱাৰ মানসিকতা গঢ়ি তুলিব লাগেঃ প্ৰধানমন্ত্ৰী
এজন ভাল নেতাই ধাৰণাসমূহ স্পষ্টভাৱে আৰু ফলপ্ৰসূভাৱে প্ৰচাৰ কৰা উচিতঃ প্ৰধানমন্ত্ৰী
শক্তিশালী আন্তঃগাঁথনি হৈছে দীৰ্ঘম্যাদী উন্নয়নৰ ভেটিঃ প্ৰধানমন্ত্ৰী
কেৱল পঢ়িয়েই নহয়, লিখিও অনুশীলন কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
কেৱল সফলতাৰ দ্বাৰা প্ৰভাৱিত হ’ব নালাগে, মহান মানুহৰ সাধাৰণ আৰম্ভণিৰ পৰা শিকিব লাগেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ প্ৰগতি ইয়াৰ জনজাতীয় সম্প্ৰদায়ৰ দ্বাৰা সমৃদ্ধ হৈছেঃ প্ৰধানমন্ত্ৰী
জীৱনত কেতিয়াও স্থিৰ হ’ব নালাগে, সদায় অধিকৰ বাবে চেষ্টা কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
আমি নিজৰ বিষয়ে চিন্তা কৰাটো গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
দিনটোত কমেও এবাৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
তুলনাৰ দ্বাৰা চাপৰ সন্মুখীন হোৱাৰ পৰিবৰ্তে শিকিবলৈ তথা আৰু ভাল কৰিবলৈ চেষ্টা কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
অভিভাৱকসকলে ঘৰত তুলনা কৰা পৰিবেশ গঢ়ি তুলিবলৈ উৎসাহিত কৰা উচিত নহয়ঃ প্ৰধানমন্ত্ৰী
নিজতকৈ ভাল মানুহৰ পৰা শিকিব লাগেঃ প্ৰধানমন্ত্ৰী
সদায় নিজৰ ওপৰত বিশ্ব

প্ৰধানমন্ত্ৰীঃ মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে  ঠিক সেয়াই  দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷

প্ৰধানমন্ত্ৰীঃ ভানাক্কাম!

ছাত্ৰ-ছাত্ৰী: ভানাক্কাম, ছাৰ!

প্ৰধানমন্ত্ৰীঃ তোমালোক সকলোৱে কিবা খাবলৈ পাইছা নে ?

ছাত্ৰ-ছাত্ৰী: ছাৰ, আমি ইতিমধ্যে খাইছো।

প্ৰধানমন্ত্ৰীঃ তোমালোকে কি খালা?

ছাত্ৰ-ছাত্ৰী : আমি ঘৰৰ পৰা খাদ্য লৈ আহিছিলো।

প্ৰধানমন্ত্ৰী : ঘৰৰ পৰা, বহুত ভাল কথা।

ছাত্ৰ: আপোনাক  সন্মুখত দেখি মোৰ চকু দুটাকে বিশ্বাস কৰিব পৰা নাই ।

ছাত্ৰ: প্ৰথমে মই এক নাটকীয় পৰিবেশৰ আশা কৰিছিলো,কাৰণ তেওঁ প্ৰধানমন্ত্ৰী।  কিন্তু তেওঁ অতি সহজ, নম্ৰ আৰু মাটিৰ সৈতে মিলি থকা মানুহ ..

ছাত্ৰ: তেওঁ সোমাই অহাত  মই আচৰিত হৈ পৰিলো । সঁচাকৈয়ে তেওঁ মহান।

প্ৰধানমন্ত্ৰীঃ বহু বছৰ ধৰি পৰীক্ষা পে চৰ্চাৰ জৰিয়তে দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি আহিছো। মই এই কামটো শিকাবলৈ নহয়, শিকিবলৈহে কৰো। মোৰ বাবে ই এক ডাঙৰ শিক্ষণৰ অভিজ্ঞতা। সেইবাবেই আজি তামিলনাডুৰ যুৱক-যুৱতীসকলক লগ পাইছো- আপোনালোকৰ পৰা শিকিবলৈ। গতিকে  তোমালোকৰ কোনোবাই যদি কিবা শ্বেয়াৰ কৰিব বিচৰা তেন্তে মই ইয়াত শুনিবলৈ আহিছো। কোনে আৰম্ভ কৰিব?

ছাত্ৰ: মোৰ নাম ছবি জৈন। মই এটা ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰো। মই কি কি বিষয়ৰ বিষয়ে জানিব লাগে আৰু শৈক্ষিক পৰ্যায়ত মই মোৰ ষ্টাৰ্টআপত সহায় কৰিবলৈ কি কৰিব লাগিব?

প্ৰধানমন্ত্ৰীঃ আপুনি একেবাৰে ঠিক কথা কৈছে। আজিকালি যেতিয়াই যুৱক-যুৱতীক লগ পাওঁ তেতিয়াই তেওঁলোকে লগে লগে ষ্টাৰ্টআপৰ কথা কয়। প্ৰথমে তোমালোকে কি কৰিব বিচাৰে তাত মনোনিৱেশ কৰা উচিত। কিছুমান ষ্টাৰ্টআপ প্ৰযুক্তিগত উদ্ভাৱনৰ কথা-কোনোবাই ড্ৰোন নিৰ্মাণ কৰিব বিচাৰে, কোনোবাই ঘৰতে বিদ্যুতৰ বাবে নতুন ব্যৱস্থা সৃষ্টি কৰিব বিচাৰে। তুমি হয়তো কেইজনমান বন্ধুক চিনি পোৱা, যিসকল প্ৰযুক্তিৰ বিশেষজ্ঞ, আন এজন, যিজন বিত্তীয় ক্ষেত্ৰত ভাল। চাৰিজন বন্ধুৰ এটা সৰু দল গঠন কৰি কাষতে কিবা এটা আৰম্ভ কৰা। ষ্টাৰ্টআপৰ বাবে ২৫ বছৰ বয়সৰ কোনো প্ৰয়োজনীয়তা নাই-যিকোনো সময়তে আৰম্ভ কৰিব পাৰি। সৰু সৰু ষ্টাৰ্টআপবোৰো বৃদ্ধি পাব পাৰে। যদি তুমি আগ্ৰহী, তেন্তে সেয়া আচৰিত হৈ উঠিব। কিছুমান ষ্টাৰ্টআপলৈ যোৱা , প্ৰজেক্ট ৰিপৰ্ট প্ৰস্তুত কৰা আৰু তেওঁলোকক সৎভাৱে কোৱা , “মই স্কুলৰ ছাত্ৰ, স্কুলৰ প্ৰজেক্ট বনাইছো।তেওঁলোকে তোমালোকৰ লগত শ্বেয়াৰ কৰিব।ক্ৰমান্বয়ে তোমালোকে  ইয়াক কেনেকৈ কৰিব পাৰি সেই বিষয়ে জ্ঞান লাভ কৰিব পাৰিবা।

ছাত্ৰ: ছাৰ, পঢ়া-শুনাত বেছি মনোনিৱেশ কৰিলে মোৰ ৰুচিক অৱহেলা হ’ব বুলি মোৰ সদায় ভয় লাগে। কিন্তু যদি মই মোৰ ৰুচিক বেছিকৈ গুৰুত্ব দিওঁ তেন্তে মোৰ পঢ়া-শুনাৰ ক্ষতি হ’ব। দুয়োটাৰে মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি?

প্ৰধানমন্ত্ৰীঃ চোৱা, প্ৰথম কথা, এয়া  দুটা পৃথক কথা নহয়। কিয় তেনেকৈ ভাবে? দুয়োটা উপযোগী। উদাহৰণস্বৰূপে ধৰি  লোৱা তুমি  শিল্পক ভালপোৱা, আৰু তুমি বিজ্ঞান বিষয় অধ্যয়ন কৰি আছা,  যিয়ে এটা পৰীক্ষাগাৰ আৰু ৰাসায়নিক পদাৰ্থ মিহলোৱাৰ সৈতে জড়িত। কাগজ এখন লৈ লেবটো আঁকিব পাৰা, ৰং কৰিব পাৰা, বটলত ৰাসায়নিক পদাৰ্থৰ নামৰ লেবেল লগাব পাৰা। তাৰ পিছত যদি পাঠটোত কোৱা হয় যে দুটা ৰাসায়নিক পদাৰ্থ মিহলাই এটা নিৰ্দিষ্ট ৰং উৎপন্ন কৰিব পাৰি, তেন্তে সেইদৰে  তুমি পাত্ৰত আঁকিব পাৰা। এইদৰে তোমাৰ শিল্পকৰ্মটো হৈ যাব আৰু  তোমাৰ পাঠটোও মনত ৰখা হৈ যাব। গতিকে দুয়োটাকে সুন্দৰকৈ একত্ৰিত কৰিব পাৰি। শিল্প বা শিল্পৰ প্ৰতি থকা আকৰ্ষণেও পঢ়া-শুনাৰ পৰা ক্লান্তি দূৰ কৰাত সহায় কৰিব পাৰে। দৈনিক আধা ঘণ্টা বা সপ্তাহত দুবাৰ ইয়াৰ বাবে উচৰ্গা কৰিব পাৰে। সমাজৰ বাবে প্ৰয়োজনীয় শিক্ষা কৰিব লাগিব , কিন্তু ব্যক্তিগত জীৱনৰ বাবে যি উপযোগী সেয়াও কাষে কাষে চলাব পাৰি।

 

ছাত্ৰ: ২০৪৭ চনৰ ভিতৰত আমাৰ দেশখনে উন্নত ৰাষ্ট্ৰৰ শাৰীত যোগদান কৰিবলৈ ওলাইছে।মোৰ প্ৰশ্ন হ’ল: আমি যুৱক-যুৱতীসকলে ইয়াক লাভ কৰিবলৈ কি কৰিব পাৰো?

প্ৰধানমন্ত্ৰীঃ মই আনন্দিত যে দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰো ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ সপোন আছে।এই কথাই মোক অতিশয় আনন্দিত কৰিছে। এতিয়া মই আহ্লাদিত হৈ পৰিছো! ২০৪৭ চনত এখন উন্নত ভাৰতৰ অৰ্থ কি? ছিংগাপুৰৰ কথা শুনিছেনে? এসময়ত  এখন সৰু মাছমৰীয়াৰ গাঁও আছিল। সেয়া আজি বহু উন্নত হৈ পৰিছে। লি কুয়ান ইউৱে কৈছিল: “আমি যদি এখন উন্নত দেশ হ’ব বিচাৰো, তেন্তে আমি উন্নত ৰাষ্ট্ৰৰ অভ্যাস গ্ৰহণ কৰিব লাগিব।” আমি তৃতীয় বিশ্বৰ দেশৰ দৰে আচৰণ কৰিব নোৱাৰো- ক’তো জাবৰ পেলাই, ক’তো থু পেলোৱাৰ দৰে কম কৰিব নোৱাৰে। সৰু সৰু কথাবোৰো গুৰুত্বপূৰ্ণ। যেনে, ৰঙা লাইটত স্কুটিখন সঠিকভাৱে ৰখাব লাগে। বা ঘৰত সিদ্ধান্ত লওক যে খাদ্য খোৱাৰ পিছত কোনো খাদ্য অপচয় নহ’ব। কল্পনা কৰকচোন সকলোৱে যদি এই কাম কৰিলেহেঁতেন-কিমান খাদ্য ৰাহি হ’লহেঁতেন, কিমান লাভ হ’লহেঁতেন! নাগৰিক হিচাপে আমি যদি এনেধৰণৰ পদ্ধতি অনুসৰণ কৰোঁ, তেন্তে আমি নিঃসন্দেহে  এখন উন্নত ভাৰতত অৰিহণা যোগাইছো। এতিয়া ভোকেল ফৰ লোকেল বুলি  কোৱা।কোৱা ভাৰতত নিৰ্মিত সামগ্ৰী কিনিম। মই মেড ইন ইণ্ডিয়াক সমৰ্থন কৰিম। একাংশ ধনী লোকে বিয়াৰ বাবে ডুবাইলৈ যোৱাৰ কথা ভাবে। কিয়? ভাৰতত কিহৰ অভাৱ? যদি আমি নাগৰিক হিচাপে সৰু সৰু কামৰ দায়িত্ব লওঁ, তেন্তে আমি নিশ্চিতভাৱে এখন উন্নত ভাৰত গঢ়াত অৰিহণা যোগাব পাৰিম।

ছাত্ৰ : আমি স্তম্ভিত হৈ পৰিলোঁ। অ’ মাই গড, প্ৰধানমন্ত্ৰীয়ে আচলতে এই কথাটোৰ প্ৰতি গুৰুত্ব দিছিল আৰু আমাক কৈছিল যে সৰু সৰু খোজবোৰেই গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীঃ চাওক, প্ৰতিটো যুগত নতুন প্ৰযুক্তি আহিলেই সদায় আলোচনা চলি থাকে। কম্পিউটাৰ অহাৰ সময়ত  মানুহে ভাবিছিল  কি হ’ব। সদায় এনেকুৱাই হৈ আহিছে। আমি একো ভয় কৰা উচিত নহয়। আমাৰ প্ৰচেষ্টা হ’ব লাগে যাতে আমি ইয়াৰ দাস নহওঁ। মই মোৰ জীৱনত সিদ্ধান্ত গ্ৰহণকাৰী হৈ থাকিব লাগিব; প্ৰযুক্তি মোৰ পৰিচালক  হ’ব নালাগে। যেনে, কিছুমান ল’ৰা-ছোৱালী ম’বাইল ফোনৰ দাস হৈ পৰিছে-ফোন অবিহনে খাব নোৱাৰে; টিভি অবিহনে তেওঁলোকে জীয়াই থাকিব নোৱাৰে।

তাৰমানে তেওঁলোক দাস হৈ পৰিছে। আমি দৃঢ়তাৰে সিদ্ধান্ত ল’ব লাগিব: মই দাস নহ’ম। প্ৰযুক্তি আমাৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা উচিত। যদি মই এআইক সোধো, “এই বিষয়ত কোনখন কিতাপ সৰ্বোত্তম?” আৰু ই মোক যি পথ প্ৰদৰ্শন কৰিব, সেয়া উপযোগী। কিন্তু যদি মই কওঁ, “মই পঢ়িব নোৱাৰো, আপুনি মাত্ৰ কিতাপখনৰ  ভিতৰত কি আছে কওক,” তেন্তে সেয়া ভুল। চাকৰিৰ স্বৰূপ সদায় সলনি হৈ থাকিব। আগতে মানুহে ম’হৰ গাড়ীৰে যাত্ৰা কৰিছিল; এতিয়া তেওঁলোকে বিমানেৰে যাত্ৰা কৰে। চাকৰি সলনি হ’ল, কিন্তু জীৱনটো চলি থাকিল। আমি প্ৰযুক্তিক বুজিব লাগিব, নিজকে সম্প্ৰসাৰিত কৰিব লাগিব আৰু ইয়াৰ দ্বাৰা আমাৰ কামত মূল্য সংযোজন কৰিব লাগিব। যদি আমি এই কাম কৰোঁ, তেন্তে প্ৰযুক্তি যিমানেই উন্নত নহওক কিয়, ই আমাৰ বাবে সদায় উপযোগী হৈ থাকিব। আমি ইয়াক ভয় কৰাৰ প্ৰয়োজন নাই।

 

ছাত্ৰ: মই কেতিয়াও বিশ্বাস কৰা নাছিলো যে মইয়েই নিৰ্বাচিত হ’ম, আমাৰ প্ৰধানমন্ত্ৰীৰ সৈতে ইমান সুন্দৰ  অনুষ্ঠানত উপস্থিত থকাৰ সুবিধা  পাম।

ছাত্ৰ: সঁচাকৈয়ে এটা ডাঙৰ অভিজ্ঞতা এয়া । মই সম্পূৰ্ণৰূপে আপ্লুত হৈ পৰিছো।

ছাত্ৰ : তেওঁক প্ৰধানমন্ত্ৰীতকৈ পৰিয়ালৰ দৰে কোনোবা এজন যেন  অনুভৱ হৈছিল।

প্ৰধানমন্ত্ৰীঃ বন্ধুসকল, কইম্বাটুৰৰ আমাৰ যুৱ সংগীসকল পঢ়া-শুনাৰ লগতে এআই, ষ্টাৰ্টআপ আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ বিষয়েও অতি সচেতন। মই ক’ব পাৰো যে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ সংকল্পক নতুন শক্তি প্ৰদান কৰা যুৱ ভাৰতৰ যুৱ চিন্তাধাৰাৰ প্ৰতিফলন  এয়া।

প্ৰধানমন্ত্ৰীঃ বন্ধুসকল, পৰীক্ষা পে চৰ্চাৰ অৰ্থ হ’ল একেলগে বহি কথা পতা, ইজনে সিজনৰ পৰা শিকিব পৰা। এই ধাৰাবাহিকতা অব্যাহত ৰাখি কইম্বাটুৰৰ অনুষ্ঠিত কৰাৰ  কেইসপ্তাহমানৰ পিছত আমাৰ আলোচনা চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত উপস্থিত হ’ল। তাতো ল’ৰা-ছোৱালীবোৰৰ লগত বহুত আমোদজনক কথা-বতৰা পাতিলোঁ৷ আৰু ক’ব লাগিব, কেৱল আলোচনাই নাছিল-স্থানীয় খাদ্যৰ সোৱাদ ল’বলৈও পাইছিলোঁ৷ তোমালোকেও সেয়া  উপভোগ কৰিব পাৰিবা।

 

 

ছাত্ৰ : জয় জোহৰ ছাৰ।

প্ৰধানমন্ত্ৰীঃ জয় জোহৰ।

প্ৰধানমন্ত্ৰীঃ তেওঁলোকে তোমাক কিবা খাবলৈ দিলে নে?

ছাত্ৰ : হয় ছাৰ।

ছাত্ৰ: ছাৰ, আপুনি ইমানবোৰ সভাত উপস্থিত থাকে। আমাৰ লগত ইয়াত কিবা এটা খাব বিচাৰিবনে?

প্ৰধানমন্ত্ৰীঃ এয়া কেনেকৈ তৈয়াৰ কৰা হৈছে?

ছাত্ৰ: ছাৰ, আমি আটাক সৰু সৰু বৃত্তৰ আকৃতি দি ভাজি লওঁ।

প্ৰধানমন্ত্ৰীঃ অ’, আৰু?

ছাত্ৰ: ই টেঙা।

প্ৰধানমন্ত্ৰীঃ মানুহে এয়া কেতিয়া খায়?

ছাত্ৰ: ছাৰ, বেছিভাগেই দীপাৱলীৰ সময়ত খায়।

প্ৰধানমন্ত্ৰীঃ দীপাৱলীৰ সময়ত দেখিছোঁ।

ছাত্ৰ: হয়, বেছিভাগেই দীপাৱলীৰ সময়ত খায়।

প্ৰধানমন্ত্ৰীঃ মহাৰাষ্ট্ৰত ইয়াক কি বুলি কোৱা হয় জানানে?, ইয়াক চকলি বুলি কোৱা হয়।

ছাত্ৰ-ছাত্ৰী: হয়  ছাৰ।

প্ৰধানমন্ত্ৰীঃ মহাৰাষ্ট্ৰত ইয়াক চকলি বুলি কোৱা হয়।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ আৰু এইটো কি?

ছাত্ৰ: ছাৰ এইখন খুৰ্মী।

প্ৰধানমন্ত্ৰীঃ অহ।

ছাত্ৰ: ইয়াক গুৰ, আটা, আৰু চেমোলিনাৰ পৰা তৈয়াৰ কৰা হয়।

প্ৰধানমন্ত্ৰীঃ ধন্যবাদ, এনে আচৰিত খাদ্য আগবঢ়োৱাৰ বাবে।

ছাত্ৰ: তেওঁক খুৰ্মী দিয়া হৈছিল আৰু তাৰ পিছত তেওঁ ব্যক্তিগতভাৱে আমাৰ প্ৰত্যেককে এটাকৈ টুকুৰা খুৱাইছিল। এয়া বৰ আচৰিত আছিল।

প্ৰধানমন্ত্ৰীঃ তোমালোকৰ  মনতো কিছু প্ৰশ্ন থাকিব লাগিব। আজি তোমালোকে  সুধিবলৈ সুযোগ পাইছা।

ছাত্ৰ-ছাত্ৰী: হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ আগবাঢ়ক।

ছাত্ৰ: আমি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ পিছত ফুৰিবলৈ  যাবলৈ মন যায়। ভাৰতৰ পাঁচটা ঠাইৰ পৰামৰ্শ দিব পাৰিবনে য’ত আমি যাব পাৰো?

প্ৰধানমন্ত্ৰীঃ তোমালোক কোনখন জিলাৰ?

 

ছাত্ৰ: ছাৰ, মই ৰায়পুৰৰ।

প্ৰধানমন্ত্ৰীঃ ৰায়পুৰৰ । তোমাৰ  তহচিলত কি কি ঠাই আছে তাৰ তালিকা এখন প্ৰস্তুত কৰা। এঘণ্টা বা দুঘণ্টা সময় লাগিব। তাৰ পিছত তোমাৰ জিলাত যিবোৰ ঠাই  আছে সেইবোৰৰ তালিকা এখন প্ৰস্তুত কৰা , যিবোৰ তুমি দেখা নাই৷ তাৰ পিছত সিদ্ধান্ত লোৱা যে তোমাৰ ৰাজ্যত, ছত্তীশগড়ত কি আছে, যিটো তুমি  ভ্ৰমণ কৰা নাই। য’তেই নোযোৱা  ছাত্ৰ হিচাপে যাবা-তেতিয়াই পৰ্যটন উপভোগ্য হৈ পৰে৷ ৰে’লৰ দবাত ভ্ৰমণ কৰা, লগত খাদ্য লৈ যাবা, চাবা অভিজ্ঞতা কেনেকুৱা, ভিৰৰ আচৰণ কেনেকুৱা, মানুহে কেনেকৈ কথা পাতে। এয়া জীৱনৰ এক আনন্দ আৰু শিক্ষণৰ অভিজ্ঞতা৷ ভাৰত ইমানেই বৈচিত্ৰ্যৰে ভৰপূৰ যে এই সকলোবোৰ চাবলৈ এটা জীৱন যথেষ্ট নহয়।

 

 

ছাত্ৰ: ছাৰ মোৰ প্ৰশ্নটো হ’ল: কেতিয়াবা পৰীক্ষাৰ সময়ত আমি ৰিভাইছ কৰিব নোৱাৰো, যাৰ বাবে আমাৰ মনটো অস্থিৰ হৈ পৰে। পৰীক্ষাৰ সময়ত আৰু পৰীক্ষা হলত সোমোৱাৰ আগতে আমি কেনেকৈ মনটোক শান্ত কৰি ৰাখিব পাৰো?

প্ৰধানমন্ত্ৰীঃ পৰীক্ষাৰ আগৰ সপ্তাহটোলৈ চোৱাচোন  ।বিশ্বাস ৰাখা যে তুমি  যি শুনিছা, যি অধ্যয়ন কৰিছা, সেয়া অপচয় হোৱা নাই। ক’ৰবাত জমা কৰি ৰখা হৈছে। শান্ত হৈ বহি থাকা, চিন্তা নকৰিবা আৰু কাগজখন অহাৰ লগে লগে চাবা। আন এটা কথা: যদি তুমি  এজন ভাল ছাত্ৰ হ’ব বিচাৰা তেন্তে বিষয়টো আয়ত্বত থাকিব লাগিব। তেতিয়াহে তুমি  এজন ভাল ছাত্ৰ হ’বা। কোনো বিষয়ক  কেনেকৈ আকৰ্ষণীয়   কৰিব পাৰি? এজন ভাল খেলুৱৈ , এজন ভাল খেলুৱৈ কেনেকৈ হয়?

 

ছাত্ৰ: অনুশীলন, সামঞ্জস্য, অনুশাসন আৰু ৰুটিনৰ জৰিয়তে।

প্ৰধানমন্ত্ৰীঃ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ অবিৰতভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ থাকে-পৰি যায়, ন’ক ডাউন হয়, হাৰি যায়,কিন্তু পুনৰ  জয়ী হয়, আগবাঢ়ি যায়। তেনেকৈয়ে তেওঁ খেলুৱৈ হৈ পৰে। এটা পৰামৰ্শ দিম৷ তোমালোকৰ  ক্লাছত পঢ়া-শুনাত অলপ দুৰ্বল কিছুমান ছাত্ৰ-ছাত্ৰী নিশ্চয় আছে। তাৰে এজনক তোমাৰ  বন্ধু কৰি লোৱা । এই কৌশলে তোমাক বহুত সহায় কৰিব। তেওঁক কোৱা, “আজি মই তোমাক অংক শিকাব বিচাৰিছো।” তেওঁক গণিত শিকাবলৈ তুমি  যি কষ্ট আৰু মনোযোগ দিবা, সেইটোৱে তোমাৰ  নিজৰ গণিতক শক্তিশালী কৰি তুলিব, নহয়নে?

 

ছাত্ৰ: হয় ছাৰ, হ’ব।

ছাত্ৰ: মই টাইকোৱাণ্ডো খেলো আৰু ভৱিষ্যতে এজন খেলুৱৈ হ’ব বিচাৰো। পঢ়া-শুনা আৰু ক্ৰীড়াৰ মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি?

প্ৰধানমন্ত্ৰীঃ জীৱনত শিক্ষাৰ প্ৰয়োজন, সমাজতো ইয়াৰ প্ৰয়োজন। ইয়াক কেতিয়াও তুচ্ছজ্ঞান কৰা উচিত নহয়। “মই খেলত ভাল, গতিকে পঢ়াৰ প্ৰয়োজন নাই” বুলি ভবাটো ভুল । কিন্তু লগতে নাভাবিবা যে কেৱল শিক্ষাই সকলো  কৰিব। তোমাৰ  প্ৰতিভা আছে, যিয়েই নহওক, ইয়াৰ বিকাশ হ’ব লাগিব। খেলুৱৈ হ’বলৈ খেলাটো এটা বিষয়, কিন্তু জীৱনত খেলা-ধূলা কৰাটোও অতি গুৰুত্বপূৰ্ণ। জীৱন ৰক্ষা কৰিবলৈ খেলা-ধূলা থাকিব লাগিব; জীৱনত খেলা-ধূলা থাকিব লাগিব। খেলিবই লাগিব আৰু তুমি পঢ়া-শুনা কৰিব লাগিব, যাতে মানুহে নকয়, “তেওঁ একো নাজানে, সেইবাবেই খেলপথাৰতে থাকে।” তুমি  পঢ়া-শুনাৰ লগতে খেলৰ ক্ষেত্ৰতো শক্তিশালী হ’ব লাগিব।

ছাত্ৰ: তেওঁ যিয়েই কৈছে, মই মোৰ জীৱনত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম। আজিৰ কথা খিনি  মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো।

 

ছাত্ৰ: ছাৰ মোৰ প্ৰশ্ন হ'ল: কেইবছৰমান আগতে আপুনি স্বচ্ছ ভাৰত আৰম্ভ কৰিছিল। আমাৰ ৰায়পুৰো উন্নয়নৰ দিশত আগবাঢ়িছে। ছাত্ৰ হিচাপে আমি কেনেকৈ উন্নয়নত অৰিহণা যোগাব পাৰো বা আমাৰ পৰিবেশ ৰক্ষা কৰিব পাৰো?

 

প্ৰধানমন্ত্ৰীঃ প্ৰাকৃতিক সম্পদৰ সুৰক্ষা আমাৰ প্ৰকৃতিৰ অংশ হ’ব লাগে। লাহে লাহে আমি মানুহক জড়িত কৰিব লাগিব, পৰিৱৰ্তন আহিব। যদি আমি নিজৰ জীৱনত কিছুমান নিয়ম পালন কৰো-উদাহৰণস্বৰূপে পানী। কোৱাচোন, যদি মই দাঁত ব্ৰাছ কৰি আছো আৰু পানী পৰি আছে তেন্তে মই বন্ধ কৰি দিব লাগে। মুখ ধুওঁতেহে পানী ব্যৱহাৰ কৰিব লাগে। এইবোৰ সৰু সৰু কথা। এবাৰ এখন গাঁও ভ্ৰমণ কৰিছিলো। দূৰৰ পৰা দেখাত  এখন হাবি যেন লাগিছিল, অতি সেউজীয়া। মই সুধিলোঁ, “এইটো কি?” তেওঁলোকে ক’লে, “এইখন স্কুল।” তেওঁলোকে ক’লে যে অঞ্চলটো শুকান, কিন্তু এই বিদ্যালয়খন সেউজীয়া। তাত এজন শিক্ষক আছিল। পেট্ৰ’ল পাম্পৰ পৰা তেলৰ পাত্ৰ  সংগ্ৰহ কৰিছিল। ল’ৰা-ছোৱালীকেইটাক ক’লে, “আপোনাৰ ঘৰৰ পৰা  খাদ্য মিহসি হৈ থকা পানী এই বটলবোৰত প্ৰতিদিনে আনিব।” ল’ৰা-ছোৱালীবোৰে সেই পানীৰে ভৰোৱা বটলবোৰ আনিলে। প্ৰতিটো শিশুক পানী দিবলৈ এজোপাকৈ গছ দিলে। পানীত থকা খাদ্যৰ কণিকাবোৰে সাৰ হিচাপে কাম কৰিলে। ইয়াৰ বাবেই গোটেই স্কুলখন সেউজীয়া হৈ পৰিল। এজন শিক্ষকে ইমান ডাঙৰ পৰিৱৰ্তন আনিলে। যেতিয়া আমি মানৱীয়ভাৱে কাম কৰো তেতিয়া পৰিৱৰ্তন আৰম্ভ হয়। এইবোৰ সৰু সৰু কাম আমি সহজে কৰিব পাৰো। সমাজৰ পৰিবেশ আমাৰ স্বভাৱৰ অংগ হ’ব লাগিব।

ছাত্ৰ : আপুনি ইমান বছৰে দেশৰ নেতৃত্ব দি আহিছে। দেশৰ নেতা হিচাপে আপুনি আমাৰ, ভৱিষ্যত প্ৰজন্মৰ পৰা আহিবলগীয়াসকলৰ  নেতা হিচাপে কি কি গুণ আশা কৰে?

প্ৰধানমন্ত্ৰীঃ তুমি  নেতা হ’ব বিচৰা নে নিৰ্ভীক হ’ব বিচৰা?

ছাত্ৰ : দুয়োটাই।

প্ৰধানমন্ত্ৰীঃ প্ৰথমে নিৰ্ভীক হোৱা।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ মনৰ মাজত সিদ্ধান্ত লোৱা: আনে কৰক বা নকৰক, মই কৰিম। যেতিয়া এইটো আহিব, যেতিয়া তুমি  নিজৰ পৰা আৰম্ভ কৰিবা, তেতিয়া নেতৃত্বৰ উত্থান হ’বলৈ আৰম্ভ কৰিব। উদাহৰণস্বৰূপে, যদি আৱৰ্জনা পৰি আছে আৰু  তুমি  সেইটো তুলি লোৱা, তোমাৰ  লগত খোজকাঢ়ি যোৱা চাৰিজন মানুহেও সেইটো তুলিবলৈ মন কৰিব। তাৰমানে তুমি  নেতা হৈ পৰিলা নহয়নে? ভাল কথা। এজন নেতাৰ ভূমিকা পালনৰ  বাবে আমি সদায় নিজকে প্ৰস্তুত কৰিব লাগিব। এটা ভাল বিশ্বাস, এটা ভাল চিন্তা লাগিব। কিন্তু নেতৃত্ব মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা, ৰাজনৈতিক দল গঠন কৰা, আড়ম্বৰপূৰ্ণ ভাষণ দিয়া নহয়। নেতৃত্বৰ অৰ্থ হ’ল তোমাৰ কথাটো দহজনক বুজাব পৰাৰ গুণ থকা- সেয়া জাপি দিয়া নহয়, বুজাই দিয়া। বুজাবলৈ প্ৰথমে বুজিব লাগিব। আনক বুজি পোৱা সকলেহে লোকক বুজাব পাৰে। যিসকলে আনক বুজি নাপায় তেওঁলোকে একো বুজাব নোৱাৰে। গতিকে আমাৰ প্ৰচেষ্টা আনক বুজি পোৱাৰ বাবে হ’ব লাগিব।

 

ছাত্ৰ: তেওঁ খুব ভালকৈ বুজাই দিলে যে  কোনো কামৰ দায়িত্ব ল’লে নেতৃত্বৰ গুণবোৰ তেওঁৰ মাজত থাকিব লাগিব।

ছাত্ৰ : প্ৰধানমন্ত্ৰীক লগ পাইছিলো।

ছাত্ৰ : মোৰ বৰ ভাগ্য ।

ছাত্ৰ: ই আছিল আচৰিত, যিটো অভিজ্ঞতা জীৱনত অতি কম সংখ্যক লোকেহে লাভ কৰে।

প্ৰধানমন্ত্ৰীঃ পৰীক্ষাৰ প্ৰস্তুতিৰ অভিজ্ঞতা, পৰীক্ষাৰ সময়ত অহা চিন্তা, মানসিক চাপ, আৰু মানুহৰ আশা—এই সকলোবোৰ প্ৰশ্ন অহৰহ আমাৰ আলোচনাৰ অংশ হৈ পৰিছে। পৰীক্ষা পে চৰ্চাৰ উদ্দেশ্য হৈছে আমাৰ ডেকা বন্ধুসকলে এইবোৰ বিষয়ত মুকলিকৈ কথা কোৱাৰ সুবিধা পোৱা। পৰীক্ষ পে চৰ্চা কেৱল ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতিৰ কথাই নহয়। ছাত্ৰ-ছাত্ৰীৰ  প্ৰশ্নবোৰ শুনিলে স্বাভাৱিকতে মোৰ হৃদয় চুই যায়। মই উপলব্ধি কৰিছোঁ যে জীৱনৰ বহু কথা  আমাৰ ডেকা বন্ধুসকলৰ মনত অহৰহ ক্ৰীড়া কৰি থাকে। এতিয়া মই তোমালোকক গুজৰাটলৈ লৈ যাম, য’ত ল’ৰা-ছোৱালীবোৰে, বিশেষকৈ মোৰ জনজাতি বেল্টৰ জনজাতীয় ল’ৰা-ছোৱালীবোৰে এনেকুৱা প্ৰশ্ন কৰিছিল যিবোৰে মোক সঁচাকৈয়ে আচৰিত কৰি তুলিছিল।

ছাত্ৰ : নমস্তে ছাৰ। দেৱ মগৰা গাঁৱলৈ স্বাগতম।

প্ৰধানমন্ত্ৰী : আচৰিত। মোক কোৱা হৈছিল যে আজি সকলোৱে হিন্দীত কথা ক'ব...

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰী : ঠিক আছে।

ছাত্ৰ: ছাৰ আহিলে , আমি দেখিলোঁ যে তেওঁ ৱাৰলী আৰ্ট  অংকিত  কোট পিন্ধিছে। আমাৰ জনজাতীয় সমাজত ৱাৰলী শিল্পৰ অতি গুৰুত্ব আছে, গতিকে সেয়া  দেখি আমি বৰ আনন্দিত অনুভৱ কৰিলোঁ।

ছাত্ৰ : তেওঁক লগ পাই আমি বৰ উৎসাহিত হৈছিলো। আন যিকোনো শিশুৱে তেওঁক সুধিবলগীয়া ইমানবোৰ প্ৰশ্ন আছে। কিন্তু আমি সৌভাগ্যৱান যে তেওঁৰ লগত কথা পতাসকলৰ একোজন হৈছো।

প্ৰধানমন্ত্ৰীঃ তুমি  কিমান দূৰৰ পৰা আহিছা?

ছাত্ৰ : আমি দেদিয়াপাদৰ পৰা ইয়ালৈ আহিছো।

প্ৰধানমন্ত্ৰীঃ দেদিয়াপাদৰ পৰা। ভাল।

ছাত্ৰ : মই মাণ্ডৱীৰ ছাৰ।

প্ৰধানমন্ত্ৰীঃ মাণ্ডৱী , ভাল। তোমাৰ নাম কি?

ছাত্ৰ: জয়।

প্ৰধানমন্ত্ৰীঃ জয় আৰু অভি। তুমি ইমান ডাঙৰ

ছাত্ৰ : হয়।

প্ৰধানমন্ত্ৰীঃ তেওঁলোকৰ পৰা সকলোৱে সাহস লাভ কৰিলে নে নাই?

ছাত্ৰ: হয় ছাৰ, আমি কৰিলোঁ।

প্ৰধানমন্ত্ৰীঃ আগতেও এবাৰ মোক লগ কৰিবলৈ আহিছিল।

প্ৰধানমন্ত্ৰীঃ ঠিক আছে, কোৱাচোন, কিবা সুধিব বিচৰা নেকি, কিবা এটা জানিব বিচৰা নেকি?

ছাত্ৰ: ছাৰ, আমাৰ পিতৃ-মাতৃয়ে আমাক কৈছিল যে আগতে কিছুমান জনজাতীয় অঞ্চল বহুত পিছপৰা আছিল। তেওঁলোকে  আমাক কৈছে  যে গুজৰাটৰ জনজাতীয় অঞ্চলৰ প্ৰতি আপোনাৰ বহুত মৰম আছে আৰু তাত আপুনি পৰিৱৰ্তন আনিছে। গতিকে মই জানিব বিচাৰো, ইয়াৰ বাবে  প্ৰেৰণা ক’ৰ পৰা পালে?

প্ৰধানমন্ত্ৰীঃ পাল-চিত্ৰৰীয়া ঘটনাৰ বিষয়ে জানানে?

ছাত্ৰ : হয়।

প্ৰধানমন্ত্ৰীঃ তাত জনজাতীয় সমাজে স্বাধীনতাৰ বাবে এক বৃহৎ সংগ্ৰাম কৰিছিল। এবাৰ ভয়ংকৰ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। সেই সময়ত মই সেই অঞ্চলত বহু দিন থাকি কাম কৰিছিলো। তেতিয়া মই অনুভৱ কৰিলোঁ যে শিক্ষাৰ বিষয়ত  গুৰুত্ব দিব লাগে। পিছলৈ সুযোগ পাই, মুখ্যমন্ত্রী হোৱাৰ লগে লগে মই তাত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিলোঁ৷ তোমালোকে  আচৰিত হ’বা— এনেকুৱা এটা সময় আছিল যেতিয়া উমৰগামৰ পৰা আম্বাজীলৈকে এখনো বিজ্ঞান বিদ্যালয় নাছিল। পিছত দেখিলা—এতিয়া দুখন বিশ্ববিদ্যালয়, বিজ্ঞান বিদ্যালয়, অভিযান্ত্ৰিক আই টি আই, বহুত পৰিৱৰ্তন আহিছে। ইয়াৰ ফলত যথেষ্ট লাভ হৈছে।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ আজিও তোমালোকে  নিশ্চয় জানা যে মই পিএম জনমন যোজনাৰ সৃষ্টি কৰিলোঁ। জনজাতীয়সকলৰ মাজতো কিছুমান অঞ্চল আৰু কিছুমান মানুহ  পিছ পৰি ৰৈছিল। গতিকে তেওঁলোকৰ বাবে এখন  সুকীয়া আঁচনি, , সুকীয়া বাজেট প্ৰস্তুত কৰিবলগীয়া হ’ল৷ তেতিয়াৰ পৰাই মই অনুভৱ কৰিছিলো যে আমি যিমানেই শিক্ষাৰ বিষয়ত  গুৰুত্ব দিম , সিমানেই দ্ৰুতগতিত উন্নয়ন হ’ব। মনৰ আন এটা ইচ্ছা  আছিল যে মই উমৰগামৰ পৰা আম্বাজীলৈ ঘাইপথ নিৰ্মাণ কৰিম। উন্নয়নৰ বাবে আন্তঃগাঁথনি অতি প্ৰয়োজনীয়। মানুহে যাত্ৰা আৰম্ভ কৰিলে, গতিকে মই সেই দিশত মনোনিৱেশ কৰিলোঁ।

ছাত্ৰ: মোৰ প্ৰশ্ন হ’ল: পহলগাম আক্ৰমণৰ পিছত আমাৰ পৰিয়ালে ইয়াৰ পিছত কি হ’ব সেই বিষয়ে আলোচনা কৰি আছিল। গোটেই দেশখনে আপোনাৰ ফালে চাই আছিল। তাৰ পিছত অপাৰেচন সিন্দূৰ হ’ল আৰু আমাৰ সেনা জয়ী হ’ল। এনে পৰিস্থিতিত আপুনি আপোনাৰ মানসিক চাপ কেনেকৈ চম্ভালিলে? আমি কেৱল পৰীক্ষাৰ মানসিক চাপৰ সন্মুখীন হম।

প্ৰধানমন্ত্ৰীঃ তোমালোকে পৰীক্ষাৰ মানসিক চাপ অনুভৱ কৰা।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ তোমাৰ পুৰণি পৰীক্ষাৰ দিনবোৰ মনত পৰিলে , পুৰণি পৰীক্ষাবোৰ মনত পৰিলে অনুভৱ কৰিবা—হয়, সেই সময়তো টেনচন আছিল, কিন্তু এবাৰ হৈ যোৱাৰ পিছত  একো নাছিল।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ সেয়া নহয়নে?

ছাত্ৰ: হয় ছাৰ, হয়।

প্ৰধানমন্ত্ৰীঃ পৰীক্ষাৰ বাবে সৰ্বোত্তম কাম হ’ল কাগজত লিখি সমাধান কৰা, লিখাৰ অভ্যাস গঢ়ি তোলা। বেছিভাগ মানুহেই কেৱল পঢ়ে।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ যদি তুমি  নিজে এনেদৰে অনুশীলন কৰা তেন্তে মই নিশ্চিত যে তুমি কেতিয়াও মানসিক চাপ অনুভৱ নকৰা।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ আমি যি কৰো সেয়া হ’ল গোটেই দিনটো কিতাপ পঢ়া। অ’ কেতিয়াবা হাঁহো। আজি মানুহে উপলব্ধি নকৰা আন এটা অতি গুৰুত্বপূৰ্ণ কথা হ’ল টোপনি। ভাল টোপনি মাৰিব লাগিব। তোমালোকে   হয়তো ভাবিবা, “এইজন কেনেকুৱা প্ৰধানমন্ত্ৰী, যি টোপনিৰ কথা ক’বলৈ আহিছে? আমি পৰীক্ষাৰ কথা সুধিছিলো।” কিন্তু যদি তোমালোকে  উপযুক্ত টোপনি মাৰা, তেন্তে বাকী সময়খিনি তোমালোক সতেজ হৈ থাকিবা, নতুন চিন্তাৰে, নতুন ধাৰণাৰে, আৰু োমালোকৰ  মনটো উল্লাসিত হ’ব।

ছাত্ৰ : হয় ছাৰ। আমি ডাক্তৰ, অভিযন্তা বা বিষয়া হ’ব বিচাৰো। আমি আমাৰ কেৰিয়াৰ কেনেকৈ বাছি ল’ব লাগে?

প্ৰধানমন্ত্ৰীঃ এমাহত যদি তুমি দহটা বেলেগ বেলেগ কথা কোৱা তেন্তে তোমাৰ  পৰিয়ালে কি ক’ব? “এইটোৰ কোনো দিশ নাই।” ভাল কথা যে তুমি কাৰোবাৰ পৰা অনুপ্ৰাণিত হৈ  ভাবিছা, “মই তেনেকুৱা হ’লে কি হ’ব?” মহান হোৱাৰ আকাংক্ষা কৰাটো ভুল নহয়। কিন্তু ইতিমধ্যে মহান হৈ পৰা মানুহৰ লগত নিজকে তুলনা নকৰিবা৷ তেওঁলোকে ক’ৰ পৰা আৰম্ভ কৰিছিল তাত গুৰুত্ব দিবা। যদি তোমাৰ  মনোযোগ তাত থাকে, তেন্তে তুমি  ক’বা, “হয়, মই ইয়াৰ পৰা আৰম্ভ কৰিম।” কোনোবাই হয়তো ক’ব, “মই ক্ৰিকেটাৰ হৈ পৰিলোঁ।”  অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে ৪:০০ বজাত সাৰ পাই চাইকেল চলাই ষ্টেডিয়ামলৈ গৈ দুঘণ্টা ধৰি অনুশীলন কৰিলে। তেতিয়া তুমি  উপলব্ধি কৰিলা, “অ’, ইমান কষ্টৰ প্ৰয়োজন।” তাৰ পিছত তুমি  আৰম্ভ কৰিলা। এই মুহূৰ্তত তুমি মাথোঁ দেখিছা, “তেওঁ শতক অৰ্জন কৰিলে, তেওঁৰ ফটো কাগজত ওলাইছে।” সপোনৰ বাবে জীয়াই থাকিবলৈ শিকা, সপোন অনুযায়ী জীৱন গঢ়ি তোলা। কিন্তু হুলস্থুল কৰিলে সফলতাই হুলস্থুল কৰিব।

ছাত্ৰ : হয়।

প্ৰধানমন্ত্ৰীঃ তুমি  এক নম্বৰ হোৱাৰ লগে লগে সফলতাই হুলস্থুল কৰিব, নহয়নে?

ছাত্ৰ: হয় ছাৰ, হয় ।

প্ৰধানমন্ত্ৰীঃ গোটেই স্কুলখনেই গম পাব নহয়নে?

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ গোটেই গাঁওখনে গম পাব নহয়নে?

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ গতিকে সেয়াই আমাৰ প্ৰচেষ্টা হ’ব লাগে।

ছাত্ৰ: ছাৰে যি ক’লে, যি শুনিলোঁ, মই এই সকলোবোৰ কথা মোৰ জীৱনৰ বাবে চিন্তা কৰিলোঁ, আগবাঢ়ি যাবলৈ আৰু কিবা এটা হ’বলৈ।

প্ৰধানমন্ত্ৰীঃ আহা।

ছাত্ৰ: ছাৰ, এতিয়া আমি আপোনাক আমাৰ সংস্কৃতিৰ লগত জড়িত কিছুমান বস্তু  দেখুৱাম। ছাৰ এইবোৰ কাৰ্ডবৰ্ডত নিৰ্মিত ৱাৰলী পেইন্টিং। এই সকলোবোৰ আমাৰ সংস্কৃতিৰ লগত জড়িত। ছাৰ, আমি আমাৰ জনজাতীয় অঞ্চলৰ জনজাতীয় শিল্পকৰ্মও উপস্থাপন কৰিলোঁ— যেনে  চিত্ৰকলা, এইটো লিপ্পান আৰ্ট  আৰু এইখন মই বনোৱা পিথোৰা আৰ্ট।

প্ৰধানমন্ত্ৰীঃ তুমি  নিজেই বনাইছা?

ছাত্ৰ : হয় ছাৰ। মই  আপোনাৰ  বাবে বনাইছো।

প্ৰধানমন্ত্ৰীঃ তোমাৰ নাম কি?

ছাত্ৰ: কিষাণ।

প্ৰধানমন্ত্ৰীঃ এয়া তোমাৰ  হাতৰ আখৰ নেকি?

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ অ’ আচৰিত।

ছাত্ৰ : ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ কিমান উৎকৃষ্ট!

ছাত্ৰ : আমি এইবোৰ আমাৰ ঘৰৰ বেৰত বনাইছো আৰু আমি এইবোৰক পূজা কৰো।

প্ৰধানমন্ত্ৰীঃ বাহ, গতিকে তুমি এজন মহান শিল্পী হৈ পৰিলা!

ছাত্ৰ : হয় ছাৰ। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে মোৰ ছবিবোৰ লৈ যোৱাত মই অতি সুখী অনুভৱ কৰিছো আৰু ছাৰে আমাৰ লগত ইমান বন্ধুত্বপূৰ্ণভাৱে কথা পাতিলে যে আমাৰ নিজৰ বন্ধু-বান্ধৱীৰ লগত কথা পাতি থকা যেন লাগিল।

ছাত্ৰ: আপোনাৰ প্ৰতি মোৰ প্ৰশ্নটো হ’ল: আপোনাৰ শিক্ষকসকলে আপোনাৰ জীৱনত কি ভূমিকা পালন কৰিছিল?

প্ৰধানমন্ত্ৰী : বহুত ডাঙৰ ভূমিকা, বহুত ডাঙৰ ভূমিকা। মই কোৱাৰ দৰে মোৰ ছাৰে আমাক দৈনিক কৈছিল যে লাইব্ৰেৰীলৈ গৈ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত সম্পাদকীয়ৰ পৰা এটা বাক্য বাছি লৈ লিখি থৈ পিছদিনা আলোচনা কৰিব লাগে। তেনেকুৱা বহু কথাই আছিল। উদাহৰণস্বৰূপে  মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে পাৰমাৰ নামৰ এজন ফিটনেচৰ শিক্ষক আছিল। শাৰীৰিক ফিটনেছৰ ওপৰত তেওঁ অতি জোৰ দিছিল। তেওঁ আমাক যোগ শিকাইছিল, তেওঁ আমাক মল্লযুদ্ধ শিকাইছিল। আমি খেলুৱৈ হোৱা নাছিলো, কিন্তু আমি বুজি পাইছিলো যে শৰীৰৰ বাবে ফিটনেছ অতি প্ৰয়োজনীয়। গতিকে প্ৰতিজন শিক্ষকে জীৱনত ভূমিকা পালন কৰে। পৃথিৱীত যিমানেই মহান ব্যক্তিক লগ নাপাওক কিয়, তেওঁলোকৰ জীৱনত সদায় দুটা বস্তু বিচাৰি পাব: এটা, তেওঁলোকে ক’ব যে তেওঁলোকৰ জীৱনত তেওঁলোকৰ মাকৰ ভূমিকা আছিল অতি ডাঙৰ।

ছাত্ৰ : হয়।

প্ৰধানমন্ত্ৰীঃ আৰু দ্বিতীয়তে ক’ব যে তেওঁলোকৰ জীৱনত তেওঁলোকৰ শিক্ষকৰ বহুত ডাঙৰ ভূমিকা আছিল।

ছাত্ৰ : প্ৰতিটো ক্ষেত্ৰতে আমাৰ দেশ আগবাঢ়িছে। গতিকে আমাৰ দেশখনক আৰু অধিক আগুৱাই নিয়াৰ বাবে জনজাতীয় সমাজে কি অৱদান আগবঢ়াব পাৰে, কবনে?

প্ৰধানমন্ত্ৰীঃ বহুত! চোৱা, জনজাতীয় সমাজৰ বাবেই আজি দেশখন আগবাঢ়িছে। আজি জনজাতীয় সমাজৰ বাবেই দেশৰ পৰিবেশ সংৰক্ষিত হৈ আছে। তেওঁলোকে প্ৰকৃতিক পূজা কৰে, প্ৰকৃতিক ৰক্ষা কৰে। আজিও আমাৰ দেশৰ সেনাবাহিনীত গৰিষ্ঠসংখ্যক পুত্ৰ-কন্যা জনজাতীয় সমাজৰ পৰাই আহিছে৷ আজি দেশৰ প্ৰতিটো ক্ষেত্ৰতে কোনো বৈষম্য  থাকিব নালাগে। আমাৰ বাবে কোনো পাৰ্থক্য নাই। আমাৰ খেলুৱৈ আছে আৰু আমাৰ জনজাতীয় সন্তানে বহুত কাম কৰিব পাৰে। তেওঁলোকৰ বিকাশে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। জানানে, শেহতীয়াকৈ মহিলা ক্ৰিকেট দলটোৱে জয়লাভ কৰিছে নহয়নে?

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ মধ্যপ্ৰদেশৰ ক্ৰান্তি গৌড় নামৰ ছোৱালী এজনী আছে। তেওঁ এগৰাকী জনজাতীয় কন্যা।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ ক্ৰীড়াত নাম অৰ্জন কৰিছে।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰী : আৰু আচলতে আমাৰ দেশৰ বহু খেলুৱৈ জনজাতীয় সমাজৰ আৰু তেওঁলোকে বৃহৎ গৌৰৱ কঢ়িয়াই আনিছে। একেদৰে প্ৰতিভা! তোমাৰ ইমান ডাঙৰ প্ৰতিভা আছে। যদি তুমি  প্ৰযুক্তি শিকা, তেন্তে এই সামৰ্থ্য আৰু অধিক আগবাঢ়িব।

 

 

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ গতিকে জীৱনটো কেৱল এটা চাকৰিৰ বাবেই হ’ব নোৱাৰে।

ছাত্ৰ: হয়।

প্ৰধানমন্ত্ৰীঃ সপোন  হ’ব লাগিব যে মই এটা নিৰ্দিষ্ট ধৰণৰ জীৱন যাপন কৰিব বিচাৰো  আৰু তাৰ বাবে মই মোৰ জীৱনটো গঢ় দিম। যদি আমি এনে কৰো তেন্তে আমি বহুত উপকৃত হম। গান এটা ।

ছাত্ৰ: জংগালু ৰেনাৰী তু পাহাদু ৰেনাৰী, জাংগালু ৰেনাৰী তু পাহাদু ৰেনাৰী... (গীতটি সম্পূৰ্ণ স্পষ্ট নহয়)

ছাত্ৰ: আমি সকলোৱে তেওঁৰ বাবে এটা গীত গাইছিলো, যিটো আছিল মগী মাতাৰ বিষয়ে— তেওঁ ক’ত থাকে, কেনেকৈ থাকে। সেই সকলোবোৰ কথা গীতটোত আছিল।

ছাত্ৰ: ছাৰৰ লগত আমাৰ বহুত কথা-বতৰা হৈছিল—জীৱনত কেনেকৈ সদায় সুখী হৈ থাকিব পাৰি, কেনেকৈ মানসিক চাপ দূৰ কৰিব পাৰি, কেনেকৈ সময় পৰিচালনা কৰিব পাৰি, লগতে পৰীক্ষাৰ বাবে কেনেকৈ ভয় নকৰাকৈ পঢ়িব পাৰি।

ছাত্ৰ : প্ৰথমতে মোৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলো যে প্ৰধানমন্ত্ৰী আমাৰ সন্মুখত আছে। সময় কিদৰে পাৰ হৈ  গ’ল আমিও গমেই নাপালো।  

প্ৰধানমন্ত্ৰীঃ আমাৰ পৰীক্ষা পে চৰ্চাৰ যাত্ৰাই  অষ্টলক্ষ্মী অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চল পালেহি।  গুৱাহাটীৰে বৈ যোৱা ব্ৰহ্মপুত্ৰত আনন্দৰে জাহাজত চলি  গৈ থাকিল পৰীক্ষা পে চৰ্চা।

ছাত্ৰ: নমস্কাৰ, ছাৰ।

প্ৰধানমন্ত্ৰীঃ অনুগ্ৰহ কৰি বহা ।

ছাত্ৰ: প্ৰণাম, মাননীয় প্ৰধানমন্ত্ৰী। আমি সকলোৱে আপোনাক এখন গামোচা উপহাৰ দিব বিচাৰিছো।

প্ৰধানমন্ত্ৰী : অৱশ্যেই। অসমত গামোচা  থাকিবই! বঢ়িয়া।

ছাত্ৰ: তেওঁৰ উপস্থিতিয়ে পৰিবেশ  সুন্দৰ  কৰিছিল, অতি সুন্দৰ। সকলো উদ্বিগ্নতা নাইকিয়া হৈ গ’ল। আমি একেলগে তেওঁৰ লগত বহুত কথা পাতিলোঁ।

প্ৰধানমন্ত্ৰীঃ তোমালোকে  আগতে কেতিয়াবা টিভিত পৰীক্ষা পে চৰ্চা অনুষ্ঠানটো চাইছানে?

ছাত্ৰ-ছাত্ৰী: হয় ছাৰ, চাইছো।

প্ৰধানমন্ত্ৰী : ভাল। সেই কিতাপখন তোমালোকে  কেতিয়াবা দেখিছানে?

ছাত্ৰ-ছাত্ৰী: হয় ছাৰ। এক্সাম ৱাৰিয়ৰ্ছ।

প্ৰধানমন্ত্ৰীঃ গতিকে এইখন পঢ়াৰ পিছত বা অনুষ্ঠানটো চোৱাৰ পিছত পৰীক্ষাৰ পূৰ্বে তোমালোকে  কি পাৰ্থক্য দেখিলা? কি লাভ কৰিলা?

ছাত্ৰ: আমাৰ এতিয়া পৰীক্ষালৈ ইমান ভয় নাথাকে। পৰীক্ষাক উৎসৱ হিচাপে পালন কৰিবলৈ আপুনি দিয়া  মন্ত্ৰই আমাৰ পৰীক্ষাৰ প্ৰতি ভয় কমাই দিছে।

প্ৰধানমন্ত্ৰীঃ কিন্তু পৰিয়ালৰ লোকেহে ভয় খুৱাই থাকে নহয়নে?

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ হয়।

ছাত্ৰ: তেওঁলোকে সোধে, “তুমি  কিয় এটা নম্বৰ হেৰুৱালা, সেই এটা নম্বৰ ক’লৈ গ’ল?”

প্ৰধানমন্ত্ৰীঃ জীৱনত যদি আমি সন্তুষ্ট হৈ কওঁ, “ এয়াইযথেষ্ট, আৰু কি লাগে?” তাৰ পিছত অগ্ৰগতি বন্ধ হৈ যায়।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ জিকাৰ ইচ্ছা মনত থাকিব লাগিব। তাৰ বাবে মই এটা মন্ত্ৰ দিলোঁ।

ছাত্ৰ: ছাৰ, আমি আনৰ লগত প্ৰতিযোগিতা কৰা উচিত নহয়নে।

প্ৰধানমন্ত্ৰীঃ ব্ৰাভো! হয়। মই কওঁ যে আমি নিজৰ লগত অবিৰতভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব লাগিব। কোনোবাই হয়তো ক’ব, “তুমি  ৯৯ পালা, ১০০ নাপালা কিয়?” সেয়াই  তেওঁলোকৰ দৃষ্টিভংগী৷ কিন্তু তুমি  নিজকে প্ৰশ্ন কৰিব লাগিব, “মোৰ জীৱনত এই পৰিৱৰ্তন কিয় হ’ল? এইক্ষেত্ৰত   অভাৱ কি?কাৰণ কি আছিল?” ভাল। মনত প্ৰশ্ন থাকিলে সুধিব লাগে।

ছাত্ৰ: মোৰ প্ৰশ্ন হ’ল: মই শুনিছো যে আপোনাৰ দৈনন্দিন জীৱনত আপুনি সুস্থ হৈ থাকিবলৈ এখন  বিশেষ খাদ্য তালিকা অনুসৰণ কৰে। গতিকে আমি ছাত্ৰ-ছাত্ৰীসকলে শক্তিশালী হৈ থাকিবলৈ,  মনোযোগ বঢ়াবলৈ  আৰু পৰীক্ষাত  সৰ্বোত্তম প্ৰদৰ্শন কৰিবলৈ কি যাদুকৰী খাদ্য খাব  লাগিব?

প্ৰধানমন্ত্ৰীঃ সত্যটো হ’ল মোৰ কোনো  নিৰ্দিষ্ট খাদ্যৰ তালিকা নাই, কাৰণ আগতে মই বিভিন্ন পৰিয়ালৰ ঘৰত খাইছিলো। একমাত্ৰ কথাটো আছিল যে মই যিহেতু নিৰামিষভোজী গতিকে নিৰামিষ খাদ্যহে খাম। সেই ঘৰত যিখিনি উপলব্ধ আছিল, মই সেয়াই খাইছিলো। কেতিয়াবা নিজৰ বাবে ৰান্ধিব লগা হৈছিল। কেতিয়াবা খিচিৰি ৰান্ধিছিলো। খিচিৰি খোৱা নে?

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ তোমাৰ খাদ্যাভ্যাস তোমাৰ  পছন্দ অনুসৰি হ’ব লাগে। সেয়া ঔষধৰ দৰে হ’ব নালাগে,  যিটো তোমাক  জোৰকৈ খাবলৈ দিয়ে। পেট ভৰাই খাব বিচৰা নে হৃদয় তৃপ্ত কৰিবলৈ খাব বিচৰা সেই  সিদ্ধান্তহে লোৱা।

ছাত্ৰ : হৃদয় সন্তুষ্ট কৰিবলৈ।

প্ৰধানমন্ত্ৰী: আৰু সাধাৰণতে যি হয়, কোনোবাই মানা নকৰালৈকে  বহু  মানুহে খায়েই  থাকে। পেট ভৰাবলৈ  খাদ্য খায়। কিন্তু বুকুখন ভৰি যোৱাকৈ উশাহ নলয়। দিনত যেতিয়াই সুযোগ পোৱা  তেতিয়াই দীঘলকৈ উশাহ লোৱা ,  যেতিয়ালৈকে তোমাৰ  শৰীৰটো সম্পূৰ্ণৰূপে ভৰি নপৰে। সম্ভৱ হ’লে কেইমুহূৰ্তমান উশাহ  ধৰি ৰাখি তাৰ পিছত লাহে লাহে এৰি দিবা। আমি যি কৰো সেয়া হ’ল খাদ্য খোৱা, কিন্তু আন পঞ্চাশটা কামৰ ভিতৰত আমি আমাৰ শৰীৰক শেষ অগ্ৰাধিকাৰ দিওঁ। শেষৰ অগ্ৰাধিকাৰ। এতিয়া কোৱাচোন, তোমালোকৰ মাজৰ কেইজনে সূৰ্য্য উদয় চাম ​​বুলি নিয়ম বনাই লৈছা? কিমান জনে?

প্ৰধানমন্ত্ৰীঃ সূৰ্য্য উদয়।

ছাত্ৰ-ছাত্ৰী: আমি চাওঁ ছাৰ!

প্ৰধানমন্ত্ৰীঃ ইয়াৰ ফলত শৰীৰে সতেজতা আৰু শক্তি লাভ কৰে।  আমি ইয়াক অভ্যাস হিচাবে গঢ়ি  তুলিব লাগিব। শৰীৰক প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব।

ছাত্ৰ: ছাৰ, প্ৰায়ে আমাৰ পিতৃ-মাতৃয়ে আমাক বন্ধু-বান্ধৱীৰ লগত তুলনা কৰে। তেওঁলোকে আমাক নিজৰ ভাই-ভনীৰ লগত তুলনা কৰিলে চাপ আৰু বৃদ্ধি পায় । এনে পৰিস্থিতিত আমি কি কৰা উচিত?

প্ৰধানমন্ত্ৰীঃ ধৰি  লোৱা তোমাৰ  দেউতাই কয়, “ভনীয়েকৰ হাতৰ আখৰলৈ চাওক, কিমান ধুনীয়া।” এজন ভাল মানুহে কি ক’ব? তেওঁ ভনীয়েকক ক’ব, “মোৰ হাতৰ আখৰ কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে শিকাওক।” আন এজন ব্যক্তিয়ে ভাবিব, “মোৰ মা-দেউতাই মোৰ ভণ্টীকহে বেছি  ভালপায়। তেওঁলোকে তেওঁৰ  হাতৰ আখৰৰ প্ৰশংসা কৰে।মই কিমান কষ্ট কৰি আছো তেওঁলোকে দেখা নাই।” পৰিয়ালত যদি কাৰোবাৰ ভাল গুণৰ কথা কোৱা হয়, তেন্তে আমি সেই গুণটো আমাৰ ভাই বা ভনীৰ পৰা শিকিবলৈ চেষ্টা কৰা উচিত।  আমি আমাৰ পিতৃ-মাতৃক কোৱা উচিত, “আপোনালোকে  ভাল কিবা এটা আঙুলিয়াই দিলে। মোৰ এই গুণ নাই। অনুগ্ৰহ কৰি কওক মই কেনেকৈ ইয়াক আয়ত্ব কৰিব পাৰো।” তেতিয়া অভিভাৱকে দেখিব যে তুমি  বেয়া পোৱা নাই, বৰঞ্চ তুমি  শিকিবলৈ চেষ্টা কৰিছা। অভিভাৱকসকলে তুলনাৰ পৰা আঁতৰি থাকিব লাগে। মই সদায় অভিভাৱকক কওঁ: অনুগ্ৰহ কৰি এটা শিশুক আনৰ সন্মুখত ইমান প্ৰশংসা নকৰিব যে আনটো শিশুৱে অৱহেলিত অনুভৱ কৰে। যদি আমাৰ ঘনিষ্ঠ কোনোবা এজন কোনো কামত ভাল হয়, তেন্তে আমি মনে মনে তেওঁলোকক আমাৰ গুৰু বুলি গণ্য কৰা উচিত। তেওঁলোকে জনা উচিত নহয় যে তুমি তেওঁলোকক তোমাৰ গুৰু বুলি গণ্য কৰিছা। উদাহৰণ স্বৰূপে, “তুমি বেডমিণ্টন খুব ভাল খেলা।মই কি ভুল কৰিছো,দেখুৱাই দিয়া  অনুগ্ৰহ কৰি মোক শিকোৱা।” তেতিয়া তেওঁলোকে নিজকে শ্ৰেষ্ঠ অনুভৱ নকৰিব। তেওঁলোকে ভাবিব, “তেওঁ মোৰ পৰা শিকিব বিচাৰে।” তেওঁলোকে তোমাক  সমান   বুলি ভাবিব।

ছাত্ৰ: নাৰ্ভাছনেছ স্পষ্টভাৱে আছিল, কিন্তু একে সময়তে মই অতি উত্তেজিত অনুভৱ কৰিছিলো। মোদী জীক লগ কৰিবলৈ গৈ বৰ ভাল লাগিল। মোৰ ক্ষেত্ৰত  এনেকুৱা কিবা এটা হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। কিন্তু যেতিয়া হ’ল, তেতিয়া মই অত্যন্ত সুখী হৈ পৰিলোঁ।

ছাত্ৰ: ছাৰ, প্ৰায়ে ছাত্ৰ-ছাত্ৰীয়ে মঞ্চত বা মানুহৰ সন্মুখত কথা ক’বলৈ অসুবিধাৰ পায়।  আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ আপুনি আমাক কি পৰামৰ্শ দিব?

প্ৰধানমন্ত্ৰীঃ তোমালোকক পৰামৰ্শ দিব লাগিলে কি ক’ব লাগিব? আহা, আগবাঢ়ি আহা, সকলোৱে আগবাঢ়ি আহা। কোনোবাই যদি এটা, দুটা, তিনিটা কথা ক’বলগীয়া হয়, তেন্তে কেনে  হ’ব?

ছাত্ৰ: ছাৰ, আমাৰ আত্মবিশ্বাস থাকিব লাগে, হয়।

প্ৰধানমন্ত্ৰীঃ আত্মবিশ্বাসৰ দুটা শব্দৰ। কোন দুটা শব্দ?

ছাত্ৰ: আত্ম (আত্মা) আৰু বিশ্বাস (বিশ্বাস)।

প্ৰধানমন্ত্ৰীঃ নিজৰ ওপৰত বিশ্বাস থকাজনে কেতিয়াও ভয় অনুভৱ নকৰে। নিজৰ ওপৰত বিশ্বাস আছেনে?

ছাত্ৰ : হয় ছাৰ আছে।

প্ৰধানমন্ত্ৰীঃ নিজৰ ওপৰত বিশ্বাস থাকিলে যিকোনো বস্তুকে জয় কৰিব পাৰি। আত্মবিশ্বাস থকা ব্যক্তিয়ে কি কৰে? গোটেই পৰিস্থিতিটো তেওঁ মনতে অধ্যয়ন কৰে। স্বামী বিবেকানন্দই এবাৰ চিকাগোত তেওঁৰ বিখ্যাত ভাষণৰ পিছত এখন চিঠি লিখিছিল।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ বিবেকানন্দক অতিশয় প্ৰশংসা কৰা হৈছিল।

ছাত্ৰ : হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ কিন্তু তেওঁ শিষ্যলৈ লিখিছিল যে যেতিয়া তেওঁ চিকাগোত কথা ক’বলগীয়া হৈছিল তেতিয়া তেওঁ বৰ অস্থিৰ হৈ পৰিছিল। তেওঁ ভাবিছিল, “ইমানবোৰ মহান পণ্ডিত, ইমানবোৰ বয়োজ্যেষ্ঠ, ইমানবোৰ তপস্বী—মই কি ক’ম?” তেওঁ লিখিছিল যে তেওঁ বৰ অস্থিৰ হৈ পৰিছিল। তাৰ পাছত তেওঁ মাতৃ সৰস্বতীক স্মৰণ কৰি প্ৰাৰ্থনা কৰিলে- “মা, মোৰ ভিতৰৰ সকলো শক্তি জাগ্ৰত কৰা, মই শিকি অহা সকলো কথা একেলগে মোৰ জিভালৈ আনি দিয়া।” এনেকৈ প্ৰাৰ্থনা কৰি তেওঁ  মঞ্চলৈ গ’ল। “চিষ্টাৰছ এণ্ড ব্ৰাদাৰ্ছ অৱ আমেৰিকা” বুলি কোৱাৰ লগে লগে  দৰ্শকে দুইমিনিট ধৰি অবিৰতভাৱে হাত চাপৰি বজাই থাকিল। সেয়া হৈ পৰিল এটা টাৰ্নিং পইণ্ট। তেওঁ উপলব্ধি কৰিলে, “নাই মই ভবাৰ দৰে নহয়।মোৰ ভিতৰত কিবা এটা আছে।” আত্মবিশ্বাস আহিল। সকলোৰে জীৱনত, আনকি মহান বক্তা, মহান খেলুৱৈ— শচীন টেণ্ডুলকাৰক কেতিয়াও শূন্য ৰানত ওলাই যোৱা দেখিছানে?

ছাত্ৰ: হয়।

প্ৰধানমন্ত্ৰীঃতেওঁ  হতাশাত মূৰত গুজি  বহি আছিল নেকি?

ছাত্ৰ : নাই ছাৰ।

প্ৰধানমন্ত্ৰী: তাৰমানে আমি পৰিস্থিতি নিৰীক্ষণ কৰিব লাগিব, মূল্যায়ন কৰিব লাগিব  আৰু তাৰ পিছত ভাবিব লাগিব, “ঠিক আছে, মই কৰিব পাৰো।” আত্মবিশ্বাস শব্দৰ সঁচা অৰ্থত নিজৰ ওপৰত বিশ্বাস কৰা। আমাৰ কাৰণে আন কোনেও সেয়া নকৰে। আমি নিজেই কৰিব লাগিব।

ছাত্ৰ : আপোনাৰ আগত এটা গীত গাব বিচাৰিছো।

প্ৰধানমন্ত্ৰীঃ হয়, গান এটা গোৱা।

ছাত্ৰ: হয়, ড° ভূপেন হাজৰিকাৰ গীত।

প্ৰধানমন্ত্ৰীঃ অ’ আচৰিত, অনুগ্ৰহ কৰি গোৱা।

ছাত্ৰ: (অসমীয়া ভাষাত গীত)

প্ৰধানমন্ত্ৰী : উৎকৃষ্ট।

ছাত্ৰ: আমাৰ গাঁৱত, আমাৰ ঘৰৰ ওচৰত, এখন চাহ বাগিচা আছে। মায়ে আঠ বছৰ ধৰি তাত চাহপাত চিঙাৰ কাম কৰি আছে।

প্ৰধানমন্ত্ৰী: অ’, তেন্তে তুমি  চাহ বাগিচাৰ।

ছাত্ৰ : হয়।

প্ৰধানমন্ত্ৰীঃ তুমি ভালকৈ পঢ়া, মায়ে  তোমাক  পঢ়ুৱায়  আৰু তেওঁ  চাহ বাগিচাতো কাম কৰে। গতিকে কি লৈ আহিছা?

ছাত্ৰ : আপোনাৰ বাবে চাহপাত লৈ আহিছো।

প্ৰধানমন্ত্ৰীঃ তেন্তে  চাহ বনাবই লাগিব। তোমাক অশেষ ধন্যবাদ। মাৰ মাতৃলৈ মোৰ শ্ৰদ্ধা  জনালো।

ছাত্ৰ: মই কেতিয়াও ভবা নাছিলো যে চাহ বাগিচাৰ সন্তান  হৈয়ো  প্ৰধানমন্ত্ৰীক লগ পাম। মই বিশ্বাস কৰিব নোৱাৰো যে মই আচলতে তেওঁক লগ পাইছো।

ছাত্ৰ: প্ৰজন্মৰ ব্যৱধান থাকিলেও যেতিয়া তেওঁ আমাৰ কথা বুজি পায়, তেতিয়া বৰ ভাল লাগে।

প্ৰধানমন্ত্ৰীঃ তোমালোকে  দেখিলা যে  আমি কেনেকৈ পৰীক্ষাৰ কথা পাতিলো, লগতে স্থানীয় সংগীতৰ কথাও, অসমৰ চাহৰ কথাও—এইবোৰো পৰীক্ষা পে চৰ্চাৰ স্মৰণীয় অংশ হৈ পৰিল। পৰীক্ষা এটা সুযোগ আৰু সুস্থ প্ৰতিযোগিতাৰ মনোভাৱে আমাৰ প্ৰস্তুতিক অধিক  ভাল কৰি তোলে। এই সকলো  আলোচনাত ঠাইবোৰ বেলেগ বেলেগ, ছাত্ৰ-ছাত্ৰী বেলেগ বেলেগ, অভিজ্ঞতা বেলেগ বেলেগ। কিন্তু প্ৰতিটো আলোচনাৰ উদ্দেশ্য একেই আছিল: প্ৰতিগৰাকী ছাত্ৰৰ কথা শুনা, বুজি পোৱা আৰু একেলগে কিবা এটা শিকিব পৰা। সকলোলৈ মোৰ শুভেচ্ছা জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government