“ক্ৰীড়া মনোভাৱে ভৱিষ্যতে সকলো খেলুৱৈৰ বাবে সফলতাৰ দুৱাৰ মুকলি কৰিব”
“আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাই স্থানীয় প্ৰতিভা বৃ্দ্ধি কৰাই নহয় সমগ্ৰ অঞ্চলটোৰ খেলুৱৈসকলৰ মনোবলত উদ্গনি যোগায়”
“সাংসদ খেল মহাকুম্ভ এক নতুন পথ, এক নতুন ব্যৱস্থা”
“ক্ৰীড়া জগতত দেশৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলাৰ ক্ষেত্ৰত সাংসদ খেল মহাকুম্ভৰ এক বৃহৎ ভূমিকা আছে”
“সাংসদ খেল মহাকুম্ভই ক্ৰীড়াৰ ভৱিষ্যতৰ এক ভৱিষ্যৎ আন্তঃগাঁথনিৰ শক্তিশালী ভেটি স্থাপন কৰে”
“২০১৪ চনৰ তুলনাত ক্ৰীড়া মন্ত্ৰালয়ৰ বাজেট আবণ্টন প্ৰায় ৩ গুণ বৃদ্ধি হৈছে”

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, গোৰখপুৰৰ সাংসদ ৰবি কিষাণ শুক্লাজী, যুৱ খেলুৱৈসকল, প্ৰশিক্ষক, অভিভাৱক-অভিভাৱিকা আৰু সহকৰ্মীসকল!

অনুষ্ঠানৰ আৰম্ভণিতে, মই মহাযোগী গুৰু গোৰখনাথৰ এই পবিত্ৰ ভূমিক নমস্কাৰ জনাইছোঁ। মই 'সাংসদ খেল' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আপোনাসৱ সকলোৱে বহুত কঠোৰ পৰিশ্ৰম কৰিছে। এই প্ৰতিযোগিতাত কিছুমান খেলুৱৈয়ে জিকিছে, আনহাতে আন কিছুমানে পৰাজয়ৰ সন্মুখীন হৈছে। খেলপথাৰেই হওঁক বা দৈনন্দিন জীৱনতেই হওঁক, জয় আৰু পৰাজয় জীৱনৰ অংশ। মই খেলুৱৈসকলক কব বিচাৰিম যে তেওঁলোক যিহেতু এই পৰ্যায়লৈ আহিছে, গতিকে তেওঁলোক পৰাজিত নহয়। আপোনাসৱে বহুত শিকিছে, জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিছে আৰু ই হৈছে বিজয়ৰ আটাইতকৈ ডাঙৰ মূলধন।আপোনাসৱৰ ক্ৰীড়া মনোভাৱে ভৱিষ্যতে আপোনাসৱৰ বাবে জীৱনৰ সফলতাৰ দুৱাৰ কেনেদৰে মুকলি কৰিব সেয়া আপোনাসৱে উপলব্ধি কৰিব।

মোৰ যুৱ বন্ধুসকল,

মোক জানিব পাৰিছোঁ যে কুস্তি, কাবাডী, হকী আদি ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন, লোকগীত, লোক নৃত্য, তবলা, বাঁহী আদি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে শিল্পীসকলে। এইটো এটা অতি সুন্দৰ, প্ৰশংসনীয় আৰু অনুপ্ৰেৰণাদায়ক পদক্ষেপ। ক্ৰীড়া,শিল্প-সংস্কৃতি আৰু সংগীত-যিয়েই নহওঁক, সকলো ঠাইতে প্ৰতিভাৰ স্বীকৃতিৰ বাবে এই উছাহৰ প্ৰয়োজন। আমাৰ ভাৰতীয় পৰম্পৰা, লোক ৰীতি-নীতিসমূহ আগুৱাই নিব লাগিব, ই আমাৰ নৈতিক দায়িত্ব। ৰবি কিষাণজী নিজেই এগৰাকী প্ৰতিভাশালী শিল্পী, সেয়েহে তেওঁ কলাৰ গুৰুত্ব ভালদৰে বুজি পোৱাটো স্বাভাৱিক। এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মই ৰবি কিষাণজীক বিশেষভাৱে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

মই যোৱা কেইসপ্তাহমানত এনেধৰণৰ সংসদ খেল মহাকুম্ভত অংশগ্ৰহণ কৰি আছোঁ। এয়া তৃতীয় খেল মহাকুম্ভ। মই বিশ্বাস কৰোঁ যে যদি ভাৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া শক্তি হৈ উঠিব লাগে, তেন্তে আমি নতুন উপায় বিচাৰিব লাগিব আৰু নতুন ব্যৱস্থা গঢ়ি তুলিব লাগিব। এই সংসদ খেল মহাকুম্ভ এনেকুৱা এটা উপায় আৰু ব্যৱস্থা। ক্ৰীড়া প্ৰতিভা উন্নত কৰাৰ বাবে স্থানীয় পৰ্যায়ত নিয়মীয়া ক্ৰীড়া প্ৰতিযোগিতা হোৱাটো অতি গুৰুত্বপূৰ্ণ। লোকসভা পৰ্যায়ত এনে প্ৰতিযোগিতাই কেৱল স্থানীয় প্ৰতিভা বৃদ্ধি কৰাই নহয়, সমগ্ৰ অঞ্চলটোৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰে। আপোনাসৱে দেখিছে, গোৰখপুৰত খেল মহাকুম্ভ অনুষ্ঠিত হোৱাৰ সময়ত প্ৰায় ১৮,০০০-২০,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এইবাৰ এই সংখ্যা প্ৰায় ২৪,০০০-২৫,০০০লৈ বৃদ্ধি পাইছে। ইয়াৰে প্ৰায় ৯,০০০ যুৱ খেলুৱৈ আমাৰ ছোৱালীৰে গঠিত। আপোনালোকৰ মাজত হাজাৰ হাজাৰ যুৱক আছে যি সৰু গাওঁ বা সৰু চহৰৰ পৰা আহিছে। ইয়াৰ জৰিয়তে এইটো স্পষ্ট হৈ পৰিছে যে কেনেকৈ সংসদ খেল প্ৰতিযোগিতাবোৰ যুৱ খেলুৱৈসকলক নতুন সুযোগ দিয়াৰ বাবে এখন নতুন মঞ্চ হৈ পৰিছে।

বন্ধুসকল,

আমি কিশোৰ বয়সৰ শিশুসকলক দৈহিক উচ্চতা বৃদ্ধি কৰাৰ বাবে কিবা ওখ বস্তুত ওলমি থকা বা গছৰ ডাল ধৰি থকা প্ৰায়ে দেখিবলৈ পাওঁ । অৰ্থাৎ বয়স যিয়েই নহওঁক কিয়, সদায়ে সুস্থ হৈ থকাৰ এক অন্তৰ্নিহিত আকাংক্ষা থাকে। এনে এক সময় আছিল যেতিয়া গাঁৱৰ মেলাবোৰত বহুতো ক্ৰীড়া কাৰ্যকলাপ আৰু খেল-ধেমালি আছিল। আখাৰাবোৰতো বিভিন্ন খেলৰ আয়োজন কৰা হৈছিল। কিন্তু সময় সলনি হ'ল আৰু এই সকলো পুৰণি প্ৰণালী ক্ৰমান্বয়ে হ্ৰাস হ'বলৈ ধৰিলে। পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে বিদ্যালয়সমূহত পিটি ক্লাছবোৰো সময় অতিবাহিত কৰাৰ পিৰিয়ড হিচাপে গণ্য কৰা হৈছিল। এনেধৰণৰ মানসিকতা গঢ়ি উঠাৰ বাবে দেশখনৰ তিনি-চাৰিটা প্ৰজন্ম ক্ষতিগ্ৰস্ত হয়। ফলস্বৰূপে, ভাৰতত কোনো ক্ৰীড়া সুবিধা বৃদ্ধি হোৱা নাছিল বা নতুন ক্ৰীড়া প্ৰণালীয়ে আকাৰ লোৱা নাছিল। যেতিয়া আপোনাসৱে টিভিত বিভিন্ন প্ৰতিভা সন্ধান কাৰ্যসূচী চায়, আপোনাসৱে দেখিব যে বহুতো শিশু সৰু চহৰৰ। একেদৰে, আমাৰ দেশত যথেষ্ট লুকাই থকা আৰু সুপ্ত সম্ভাৱনা আছে যি ওলাই আহিবলৈ আগ্ৰহী। ক্ৰীড়া জগতত এনে সম্ভাৱনা কঢ়িয়াই অনাত সংসদ খেল মহাকুম্ভৰ এক ডাঙৰ ভূমিকা আছে। আজি, বিজেপিৰ শ শ সাংসদে দেশত এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কল্পনা কৰক, ইমান বৃহৎ সংখ্যক যুৱ খেলুৱৈয়ে আগবাঢ়ি যোৱাৰ সুযোগ পাইছে। ইয়াৰে বহুতো খেলুৱৈয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাব। আপোনালোকৰ মাজৰ বহুতে অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ হৈ পদক জিকিব। সেয়েহে, মই সাংসদ খেল মহাকুম্ভক এক শক্তিশালী ভেটি হিচাপে বিবেচনা কৰোঁ যাৰ ওপৰত ভৱিষ্যতৰ এক বিশাল অট্টালিকা নিৰ্মাণ হ'বলৈ গৈ আছে।

বন্ধুসকল,

খেল মহাকুম্ভৰ দৰে অনুষ্ঠানৰ লগতে আজি দেশখনে সৰু চহৰসমূহত স্থানীয় পৰ্যায়ত ক্ৰীড়া সুবিধা নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গোৰখপুৰৰ আঞ্চলিক ক্ৰীড়া ষ্টেডিয়াম ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। গোৰখপুৰৰ গ্ৰাম্য অঞ্চলত যুৱসকলৰ বাবে ১০০ তকৈও অধিক খেলপথাৰ নিৰ্মাণ কৰা হৈছে। জানিব পাৰিছোঁ যে চৌৰী চৌৰাত এখন গ্ৰাম্য মিনি ষ্টেডিয়ামো নিৰ্মাণ কৰা হৈছে। খেলো ইণ্ডিয়া আন্দোলনৰ অধীনত, অন্যান্য ক্ৰীড়া সুবিধাৰ লগতে খেলুৱৈসকলৰ প্ৰশিক্ষণৰ প্ৰতিও মনোযোগ দিয়া হৈছে। এতিয়া দেশখন এক সামগ্ৰিক দৃষ্টিভংগীৰে আগবাঢ়িছে। এই বছৰৰ বাজেটত এই সন্দৰ্ভত কেইবাটাও ব্যৱস্থা হাতত লোৱা হৈছে। ২০১৪ চনৰ তুলনাত, ক্ৰীড়া মন্ত্ৰালয়ৰ বাজেট এতিয়া প্ৰায় তিনিগুণ অধিক। আজি দেশখনত বহুতো আধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। টপছ-ৰ দৰে আঁচনিৰ জৰিয়তে খেলুৱৈসকলক প্ৰশিক্ষণৰ বাবে লাখ লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে। খেলো ইণ্ডিয়াৰ লগতে ফিট ইণ্ডিয়া আৰু যোগৰ দৰে অভিযানেও জনপ্ৰিয়তা লাভ কৰিছে। ভাল পুষ্টিৰ বাবে বাজৰা অৰ্থাৎ মোটা শস্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জোৱাৰ, বাজৰা আদিৰ দৰে মোটা শস্যক প্ৰধান খাদ্যৰ তালিকাত ৰখা হৈছে। সেইকাৰণে এতিয়া দেশখনে মোটা শস্যবোৰক শ্ৰী অন্ন নামেৰে নামকৰণ কৰিছে। আপোনালোক সকলোৱে এই অভিযানত যোগদান কৰিব লাগিব আৰু দেশৰ এই অভিযানৰ নেতৃত্ব দিব লাগিব। আজি যিদৰে ভাৰতীয় খেলুৱৈসকলে অলিম্পিক আৰু অন্যান্য ডাঙৰ প্ৰতিযোগিতাত পদক জিকিছে, আপোনাসৱৰ দৰে যুৱ খেলুৱৈসকলে সেই ধাৰাক আগুৱাই নিব।

মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোক সকলোৱে জিলিকি উঠিব আৰু আপোনাসৱৰ সফলতাই দেশলৈ সুনাম কঢ়িয়াই আনিব। শুভকামনাৰ সৈতে, আপোনালোক সকলোকে বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends Civil Investiture Ceremony-II at Rashtrapati Bhavan
June 23, 2026

The Prime Minister, Shri Narendra Modi today attended the Civil Investiture Ceremony-II at Rashtrapati Bhavan, where the Padma Awards were presented.

The Prime Minister said that the awards celebrate exceptional service and dedication across diverse fields.

Shri Modi noted that each awardee represents the best of the nation’s commitment to society.

The Prime Minister said that the life journeys of the awardees inspire countless citizens and remind everyone of the power of hard work and service.

In a post on X, Shri Modi said;

“Attended the Civil Investiture Ceremony-II at Rashtrapati Bhavan, where the Padma Awards were presented. They celebrate exceptional service and dedication across diverse fields. Each awardee represents the best of our commitment to society. Their life journeys inspire countless citizens and remind everyone of the power of hard work and service.

@PadmaAwards”