QuoteLaunches various new initiatives under e-court project
QuotePays tributes to the victims of 26/11 terrorist attack
Quote“India is moving ahead with force and taking full pride in its diversity”
Quote“‘We the people’ in the Preamble is a call, an oath and a trust”
Quote“In the modern time, the Constitution has embraced all the cultural and moral emotions of the nation”
Quote“Identity of India as the mother of democracy needs to be further strengthened”
Quote“Azadi ka Amrit Kaal is ‘Kartavya Kaal’ for the nation”
Quote“Be it people or institutions, our responsibilities are our first priority”
Quote“Promote the prestige and reputation of India in the world as a team during G20 Presidency”
Quote“Spirit of our constitution is youth-centric”
Quote“We should talk more about the contribution of the women members of the Constituent Assembly”

ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুড় জী, কেন্দ্ৰীয় আইন মন্ত্ৰী শ্ৰী কিৰণ জী, ন্যায়াধীশ শ্ৰী সঞ্জয় কিষাণ কৌল জী, ন্যায়াধীশ শ্ৰী এছ আব্দুল নাজিৰ জী, ৰাজ্যিক আইন মন্ত্ৰী শ্ৰী এছপি সিং ৱাঘেল জী, এটৰ্নী জেনেৰেল আৰ. ভেংকটাৰমণি জী, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি বিকাশ সিং জী, উপস্থিত অন্যান্য ন্যায়াধীশ, বিশিষ্ট অতিথি, ভদ্ৰ পুৰুষ-মহিলাসকল,

|

নমস্কাৰ!

সংবিধান দিৱস উপলক্ষে আপোনালোকৰ লগতে সকলো দেশবাসীক শুভেচ্ছা জনাইছো! ১৯৪৯ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতে নিজৰ বাবে নতুন ভৱিষ্যতৰ ভেটি স্থাপন কৰিছিল। এইবাৰৰ সংবিধান দিৱসটোও বিশেষ কাৰণ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, আমি সকলোৱে অমৃত মহোৎসৱ উদযাপন কৰিছো।

আধুনিক ভাৰতৰ সপোন দেখা সংবিধান নিৰ্মাতা সকলোকে বাবাছাহেব আম্বেদকাৰকে ধৰি সংবিধান সভাৰ সকলো সদস্যক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। বিগত সাতটা দশকত সংবিধানৰ বিকাশ আৰু সম্প্ৰসাৰণৰ যাত্ৰাত বিধানণ্ডল, ন্যায়পালিকাৰ আৰু কাৰ্যপালিকাৰ অগণন লোকেও অৰিহণা যোগাইছে। এই সুযোগতে দেশৰ হৈ তেওঁলোক সকলোৰে প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

|

বন্ধুসকল,

আজি ২৬/১১ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰো দিন৷ ১৪ বছৰ পূৰ্বে যেতিয়া ভাৰতে ইয়াৰ সংবিধান আৰু দেশৰ নাগৰিসকলৰ অধিকাৰৰ দিৱস উদযাপন কৰি আছিল, সেই দিনাই মানৱতাৰ শত্ৰুসকলে ভাৰতত সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল৷ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণত যিসকলৰ মৃত্যু হৈছিল, মই তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷

বন্ধুসকল,

আজিৰ বিশ্বজনীন পৰিস্থিতিত সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত। ভাৰতৰ দ্ৰুত বিকাশ, ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু ভাৰতৰ ক্ৰমৱৰ্ধমান আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তিৰ মাজতে বিশ্বই আমাৰ ফালে বহুত আশাৰে চাই আছে। যিখন দেশৰ স্বাধীনতা বজাই ৰাখিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল, যিখন দেশ বিভাজিত হ’ব বুলি কোৱা হৈছিল,  নিজৰ সকলো বৈচিত্ৰ্যৰ বাবে গৌৰৱ কৰি আজি সেইখন দেশ পূৰ্ণ শক্তিৰে আগবাঢ়িছে৷ আৰু এই সকলোবোৰৰ আঁৰত আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আমাৰ সংবিধান।

|

আমাৰ সংবিধানৰ প্ৰস্তাৱনাৰ আৰম্ভণিতে লিখা ‘আমি জনসাধাৰণ’ শব্দটো কেৱল তিনিটা শব্দ নহয়। 'আমি জনসাধাৰণ' এটা আহ্বান, এটা প্ৰতিজ্ঞা, এটা বিশ্বাস। সংবিধানত লিখা এই অনুভূতি, ভাৰতৰ সেই মৌলিক অনুভূতি, যিখন ভাৰতে বিশ্বৰ গণতন্ত্ৰৰ মাতৃ হৈ আহিছে। এই অনুভূতি আমি বৈশালী গণৰাজ্যৰ লগতে বেদৰ গীততো একে আত্মা দেখিবলৈ পাওঁ।

মহাভাৰততো কোৱা হৈছে

लोक-रंजनम् एव अत्रराज्ञां धर्मः सनातनः।

सत्यस्य रक्षणं चैवव्यवहारस्य चार्जवम्॥

অৰ্থাৎ জনসাধাৰণক, অৰ্থাৎ নাগৰিকক সুখী কৰি ৰাখি, সত্য আৰু সহজ আচৰণৰ সৈতে থিয় দিয়া, এইটোৱেই ৰাষ্ট্ৰৰ আচৰণ হোৱা উচিত। আধুনিক প্ৰেক্ষাপটত ভাৰতৰ সংবিধানত দেশৰ এই সকলোবোৰ সাংস্কৃতিক আৰু নৈতিক আৱেগ সন্নিৱিষ্ট কৰা হৈছে।

মই সন্তুষ্ট যে আজি গণতন্ত্ৰৰ মাতৃ হিচাপে দেশে এই প্ৰাচীন আদৰ্শ আৰু সংবিধানৰ মনোভাৱক নিৰন্তৰ শক্তিশালী কৰি তুলিছে। আজি জনসমৰ্থক নীতিৰ শক্তিৰে দেশৰ দৰিদ্ৰ, দেশৰ মাতৃ-ভগ্নীক সবলীকৰণ কৰা হৈছে। আজি সাধাৰণ মানুহৰ বাবে আইনবোৰ সৰল কৰা হৈছে। আমাৰ ন্যায়পালিকাইও সময়োপযোগী ন্যায়ৰ বাবে অহৰহ বহু অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আছে। আজিও উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰা ই-প্ৰচেষ্টাৱলী আৰম্ভ কৰাৰ সুযোগ পাইছো। এই আৰম্ভণিৰ বাবে আৰু ‘ন্যায়ৰ সহজতা’ৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

|

বন্ধুসকল,

এইবাৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা কৰ্তব্যৰ কথাত গুৰুত্ব দিছিলোঁ। এয়া আমাৰ সংবিধানৰ আত্মাৰ স্বয়ংক্ৰিয় প্ৰকাশ। মহাত্মা গান্ধীয়ে কৈছিল যে- 'আমাৰ অধিকাৰ আমাৰ সেই কৰ্তব্য, যিটো আমি প্ৰকৃত সততা আৰু নিষ্ঠাৰে পালন কৰো'। আজি অমৃতকালত যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি আগন্তুক ২৫ বছৰৰ যাত্ৰা আৰম্ভ কৰিছো, তেতিয়া সংবিধানৰ এই মন্ত্ৰ দেশৰ বাবে সংকল্প হৈ পৰিছে।

স্বাধীনতাৰ এই অমৃতকাল দেশৰ বাবে কৰ্তব্যৰ সময়। ব্যক্তিয়েই হওক বা সংগঠনেই হওক, আমাৰ দায়িত্ব আজি আমাৰ প্ৰথম অগ্ৰাধিকাৰ। আমি আমাৰ কৰ্তব্যৰ পথত খোজ দিহে দেশক উন্নয়নৰ এক নতুন উচ্চতালৈ লৈ যাব পাৰো। আজি ভাৰতৰ সন্মুখত নতুন সুযোগ সৃষ্টি হৈছে, ভাৰতে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি আগুৱাই গৈছে।

এসপ্তাহৰ পাছত ভাৰতেও জি-২০ৰ অধ্যক্ষতাৰ পদ লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। এয়া এক বৃহৎ সুযোগ। আহক আমি টিম ইণ্ডিয়া হিচাপে বিশ্বত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি কৰোঁ, বিশ্বলৈ ভাৰতৰ অৱদান আগবঢ়াই নিওঁ, এয়াও আমাৰ সকলোৰে সামূহিক দায়িত্ব। গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ পৰিচয় আমি শক্তিশালী কৰিব লাগিব।

বন্ধুসকল,

আমাৰ সংবিধানৰ আৰু এটা বৈশিষ্ট্য আছে, যিটো আজিৰ যুৱ ভাৰতত আৰু অধিক প্ৰাসংগিক হৈ পৰিছে। আমাৰ সংবিধান নিৰ্মাতাসকলে আমাক এনে এখন সংবিধান দিছে যিখন মুক্ত, ভৱিষ্যতবাদী আৰু আধুনিক দৃষ্টিভংগীৰ বাবে পৰিচিত। গতিকে স্বাভাৱিকতে আমাৰ সংবিধানৰ মনোভাৱ যুৱকেন্দ্ৰিক।

|

আজি ক্ৰীড়াই হওক বা ষ্টাৰ্টআপেই হওক, তথ্য প্ৰযুক্তিয়েই হওক বা ডিজিটেল পেমেণ্টেই হওক, ভাৰতৰ উন্নয়নৰ প্ৰতিটো দিশতে যুৱ শক্তিয়ে নিজৰ স্থান দখল কৰিছে। আমাৰ সংবিধান আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভৱিষ্যতৰ দায়িত্বও এই যুৱক-যুৱতীসকলৰ কান্ধত নিহিত হৈ আছে।

সেইবাবে আজি সংবিধান দিৱসত চৰকাৰ আৰু দেশৰ ন্যায়পালিকাৰ ব্যৱস্থাৰ প্ৰতিও অনুৰোধ জনাম। বৰ্তমানৰ যুৱক-যুৱতীসকলৰ মাজত সংবিধান সম্পৰ্কে বুজাবুজি বৃদ্ধি কৰিবলৈ হ’লে তেওঁলোক সাংবিধানিক বিষয়ৰ বিতৰ্ক আৰু আলোচনাৰ অংশ হোৱাটো প্ৰয়োজনীয়। আমাৰ সংবিধানখন যেতিয়া প্ৰস্তুত কৰা হৈছিল, দেশত আগতে কেনে পৰিস্থিতি আছিল, সেই সময়ত সংবিধান সভাৰ বিতৰ্কত কি হৈছিল, এই সকলোবোৰ বিষয়ৰ প্ৰতি আমাৰ যুৱক-যুৱতীসকল সচেতন হোৱা উচিত। ইয়াৰ ফলত সংবিধানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু অধিক বৃদ্ধি পাব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলৰ মাজত সমতা আৰু সৱলীকৰণৰ দৰে বিষয়সমূহ বুজিবলৈ এক দৃষ্টিভংগীৰ গঢ় লৈ উঠিব।

উদাহৰণস্বৰূপে আমাৰ সংবিধান সভাত ১৫গৰাকী মহিলা সদস্য আছিল। আৰু তাৰে এগৰাকী আছিল ‘দক্ষয়িনী ভেলায়ুধন’, যিগৰাকী নাৰী এক প্ৰকাৰে বঞ্চিত সমাজৰ পৰা ওলাই আহি সেই স্থানত উপনীত হৈছিল। দলিত, শ্ৰমিকৰ সৈতে জড়িত বহু বিষয়ত গুৰুত্বপূৰ্ণ হস্তক্ষেপ কৰিছিল। দুৰ্গাবাই দেশমুখ, হান্সা মেহতা, ৰাজকুমাৰী অমৃত কৌৰ আৰু আন বহু মহিলা সদস্যইও মহিলা সম্পৰ্কীয় বিষয়ত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁলোকৰ অৱদানৰ বিষয়ে খুব কমেইহে আলোচনা কৰা হয়।

|

যেতিয়া আমাৰ যুৱক-যুৱতীসকলে এইবোৰ গম পাব তেতিয়া তেওঁলোকেও তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ পাব। ইয়াৰ দ্বাৰা সংবিধানৰ প্ৰতি যি আনুগত্যৰ সৃষ্টি হ’ব, সেই আনুগত্যই আমাৰ গণতন্ত্ৰ, আমাৰ সংবিধান আৰু দেশৰ ভৱিষ্যত শক্তিশালী কৰিব। স্বাধীনতাৰ সোণালী যুগত এয়াও দেশৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন। আশা কৰোঁ, সংবিধান দিৱসে এই দিশত আমাৰ সংকল্পক অধিক শক্তি প্ৰদান কৰিব।

এই বিশ্বাসেৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো!

  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 30, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 13, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
  • Babla sengupta December 24, 2023

    Babla sengupta
  • Gaurav Seth December 05, 2022

    kanpur ma
  • Saurabh Chaurasia December 03, 2022

    हर हर महादेव
  • Mohit Pandey November 30, 2022

    Good Afternoon Honourable Prime Minister Sir, It was 3-4 years back in one of your speech you've Said 'Kuch Likhte Wikhte hain' and laughed On that Speech then I started writing skills, ideas, and Connected dots from every sector how to make india 5 Trillion Economy till 2022 and unfortunately I throwed that notebook with taped in silver adhesive tape and droped in Guptar Ghat Kanpur dustbin 3 years back and now this time I've prepared 5 Trillion Economy alone means 5 Trillion Total 8-9+ Trillion in my notebook (Memory card') for next 3-4 years (indian economy) but there is no proper mechanism or channel whom I can handover and it goes in right hand either Finance Minister or to your Administrative team in kanpur and trying it from last 6 Months here but can't write too much cause it's risky if any spam caught this So now this time I wanted to burn the 'Magic Memory card' ( Best possible ways to generate economy) or will be dropped wherever you tell by car number or proper mechanism please consider into this matter it's urgent and very important for our economy and growth. Please send anyone to collect this Magic Memory card. Thank you, Modi JI 🙏, 🇮🇳 Jai Hind.
  • T RAJA M A M L November 30, 2022

    pm modiji addressed in supreme court during constitutional day functions. Cristal clearly pion out that we the people's of india solemnly trust have faith and should follow the indian constitution. is real a genius leaderships addressed.
  • Samarendra Sarkar November 29, 2022

    🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor

Media Coverage

'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মে’ 2025
May 20, 2025

Citizens Appreciate PM Modi’s Vision in Action: Transforming India with Infrastructure and Innovation