Launches various new initiatives under e-court project
Pays tributes to the victims of 26/11 terrorist attack
“India is moving ahead with force and taking full pride in its diversity”
“‘We the people’ in the Preamble is a call, an oath and a trust”
“In the modern time, the Constitution has embraced all the cultural and moral emotions of the nation”
“Identity of India as the mother of democracy needs to be further strengthened”
“Azadi ka Amrit Kaal is ‘Kartavya Kaal’ for the nation”
“Be it people or institutions, our responsibilities are our first priority”
“Promote the prestige and reputation of India in the world as a team during G20 Presidency”
“Spirit of our constitution is youth-centric”
“We should talk more about the contribution of the women members of the Constituent Assembly”

ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুড় জী, কেন্দ্ৰীয় আইন মন্ত্ৰী শ্ৰী কিৰণ জী, ন্যায়াধীশ শ্ৰী সঞ্জয় কিষাণ কৌল জী, ন্যায়াধীশ শ্ৰী এছ আব্দুল নাজিৰ জী, ৰাজ্যিক আইন মন্ত্ৰী শ্ৰী এছপি সিং ৱাঘেল জী, এটৰ্নী জেনেৰেল আৰ. ভেংকটাৰমণি জী, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি বিকাশ সিং জী, উপস্থিত অন্যান্য ন্যায়াধীশ, বিশিষ্ট অতিথি, ভদ্ৰ পুৰুষ-মহিলাসকল,

নমস্কাৰ!

সংবিধান দিৱস উপলক্ষে আপোনালোকৰ লগতে সকলো দেশবাসীক শুভেচ্ছা জনাইছো! ১৯৪৯ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতে নিজৰ বাবে নতুন ভৱিষ্যতৰ ভেটি স্থাপন কৰিছিল। এইবাৰৰ সংবিধান দিৱসটোও বিশেষ কাৰণ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, আমি সকলোৱে অমৃত মহোৎসৱ উদযাপন কৰিছো।

আধুনিক ভাৰতৰ সপোন দেখা সংবিধান নিৰ্মাতা সকলোকে বাবাছাহেব আম্বেদকাৰকে ধৰি সংবিধান সভাৰ সকলো সদস্যক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। বিগত সাতটা দশকত সংবিধানৰ বিকাশ আৰু সম্প্ৰসাৰণৰ যাত্ৰাত বিধানণ্ডল, ন্যায়পালিকাৰ আৰু কাৰ্যপালিকাৰ অগণন লোকেও অৰিহণা যোগাইছে। এই সুযোগতে দেশৰ হৈ তেওঁলোক সকলোৰে প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আজি ২৬/১১ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰো দিন৷ ১৪ বছৰ পূৰ্বে যেতিয়া ভাৰতে ইয়াৰ সংবিধান আৰু দেশৰ নাগৰিসকলৰ অধিকাৰৰ দিৱস উদযাপন কৰি আছিল, সেই দিনাই মানৱতাৰ শত্ৰুসকলে ভাৰতত সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল৷ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণত যিসকলৰ মৃত্যু হৈছিল, মই তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷

বন্ধুসকল,

আজিৰ বিশ্বজনীন পৰিস্থিতিত সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত। ভাৰতৰ দ্ৰুত বিকাশ, ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু ভাৰতৰ ক্ৰমৱৰ্ধমান আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তিৰ মাজতে বিশ্বই আমাৰ ফালে বহুত আশাৰে চাই আছে। যিখন দেশৰ স্বাধীনতা বজাই ৰাখিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল, যিখন দেশ বিভাজিত হ’ব বুলি কোৱা হৈছিল,  নিজৰ সকলো বৈচিত্ৰ্যৰ বাবে গৌৰৱ কৰি আজি সেইখন দেশ পূৰ্ণ শক্তিৰে আগবাঢ়িছে৷ আৰু এই সকলোবোৰৰ আঁৰত আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আমাৰ সংবিধান।

আমাৰ সংবিধানৰ প্ৰস্তাৱনাৰ আৰম্ভণিতে লিখা ‘আমি জনসাধাৰণ’ শব্দটো কেৱল তিনিটা শব্দ নহয়। 'আমি জনসাধাৰণ' এটা আহ্বান, এটা প্ৰতিজ্ঞা, এটা বিশ্বাস। সংবিধানত লিখা এই অনুভূতি, ভাৰতৰ সেই মৌলিক অনুভূতি, যিখন ভাৰতে বিশ্বৰ গণতন্ত্ৰৰ মাতৃ হৈ আহিছে। এই অনুভূতি আমি বৈশালী গণৰাজ্যৰ লগতে বেদৰ গীততো একে আত্মা দেখিবলৈ পাওঁ।

মহাভাৰততো কোৱা হৈছে

लोक-रंजनम् एव अत्रराज्ञां धर्मः सनातनः।

सत्यस्य रक्षणं चैवव्यवहारस्य चार्जवम्॥

অৰ্থাৎ জনসাধাৰণক, অৰ্থাৎ নাগৰিকক সুখী কৰি ৰাখি, সত্য আৰু সহজ আচৰণৰ সৈতে থিয় দিয়া, এইটোৱেই ৰাষ্ট্ৰৰ আচৰণ হোৱা উচিত। আধুনিক প্ৰেক্ষাপটত ভাৰতৰ সংবিধানত দেশৰ এই সকলোবোৰ সাংস্কৃতিক আৰু নৈতিক আৱেগ সন্নিৱিষ্ট কৰা হৈছে।

মই সন্তুষ্ট যে আজি গণতন্ত্ৰৰ মাতৃ হিচাপে দেশে এই প্ৰাচীন আদৰ্শ আৰু সংবিধানৰ মনোভাৱক নিৰন্তৰ শক্তিশালী কৰি তুলিছে। আজি জনসমৰ্থক নীতিৰ শক্তিৰে দেশৰ দৰিদ্ৰ, দেশৰ মাতৃ-ভগ্নীক সবলীকৰণ কৰা হৈছে। আজি সাধাৰণ মানুহৰ বাবে আইনবোৰ সৰল কৰা হৈছে। আমাৰ ন্যায়পালিকাইও সময়োপযোগী ন্যায়ৰ বাবে অহৰহ বহু অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আছে। আজিও উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰা ই-প্ৰচেষ্টাৱলী আৰম্ভ কৰাৰ সুযোগ পাইছো। এই আৰম্ভণিৰ বাবে আৰু ‘ন্যায়ৰ সহজতা’ৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

এইবাৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা কৰ্তব্যৰ কথাত গুৰুত্ব দিছিলোঁ। এয়া আমাৰ সংবিধানৰ আত্মাৰ স্বয়ংক্ৰিয় প্ৰকাশ। মহাত্মা গান্ধীয়ে কৈছিল যে- 'আমাৰ অধিকাৰ আমাৰ সেই কৰ্তব্য, যিটো আমি প্ৰকৃত সততা আৰু নিষ্ঠাৰে পালন কৰো'। আজি অমৃতকালত যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি আগন্তুক ২৫ বছৰৰ যাত্ৰা আৰম্ভ কৰিছো, তেতিয়া সংবিধানৰ এই মন্ত্ৰ দেশৰ বাবে সংকল্প হৈ পৰিছে।

স্বাধীনতাৰ এই অমৃতকাল দেশৰ বাবে কৰ্তব্যৰ সময়। ব্যক্তিয়েই হওক বা সংগঠনেই হওক, আমাৰ দায়িত্ব আজি আমাৰ প্ৰথম অগ্ৰাধিকাৰ। আমি আমাৰ কৰ্তব্যৰ পথত খোজ দিহে দেশক উন্নয়নৰ এক নতুন উচ্চতালৈ লৈ যাব পাৰো। আজি ভাৰতৰ সন্মুখত নতুন সুযোগ সৃষ্টি হৈছে, ভাৰতে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি আগুৱাই গৈছে।

এসপ্তাহৰ পাছত ভাৰতেও জি-২০ৰ অধ্যক্ষতাৰ পদ লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। এয়া এক বৃহৎ সুযোগ। আহক আমি টিম ইণ্ডিয়া হিচাপে বিশ্বত ভাৰতৰ প্ৰতিপত্তি বৃদ্ধি কৰোঁ, বিশ্বলৈ ভাৰতৰ অৱদান আগবঢ়াই নিওঁ, এয়াও আমাৰ সকলোৰে সামূহিক দায়িত্ব। গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ পৰিচয় আমি শক্তিশালী কৰিব লাগিব।

বন্ধুসকল,

আমাৰ সংবিধানৰ আৰু এটা বৈশিষ্ট্য আছে, যিটো আজিৰ যুৱ ভাৰতত আৰু অধিক প্ৰাসংগিক হৈ পৰিছে। আমাৰ সংবিধান নিৰ্মাতাসকলে আমাক এনে এখন সংবিধান দিছে যিখন মুক্ত, ভৱিষ্যতবাদী আৰু আধুনিক দৃষ্টিভংগীৰ বাবে পৰিচিত। গতিকে স্বাভাৱিকতে আমাৰ সংবিধানৰ মনোভাৱ যুৱকেন্দ্ৰিক।

আজি ক্ৰীড়াই হওক বা ষ্টাৰ্টআপেই হওক, তথ্য প্ৰযুক্তিয়েই হওক বা ডিজিটেল পেমেণ্টেই হওক, ভাৰতৰ উন্নয়নৰ প্ৰতিটো দিশতে যুৱ শক্তিয়ে নিজৰ স্থান দখল কৰিছে। আমাৰ সংবিধান আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভৱিষ্যতৰ দায়িত্বও এই যুৱক-যুৱতীসকলৰ কান্ধত নিহিত হৈ আছে।

সেইবাবে আজি সংবিধান দিৱসত চৰকাৰ আৰু দেশৰ ন্যায়পালিকাৰ ব্যৱস্থাৰ প্ৰতিও অনুৰোধ জনাম। বৰ্তমানৰ যুৱক-যুৱতীসকলৰ মাজত সংবিধান সম্পৰ্কে বুজাবুজি বৃদ্ধি কৰিবলৈ হ’লে তেওঁলোক সাংবিধানিক বিষয়ৰ বিতৰ্ক আৰু আলোচনাৰ অংশ হোৱাটো প্ৰয়োজনীয়। আমাৰ সংবিধানখন যেতিয়া প্ৰস্তুত কৰা হৈছিল, দেশত আগতে কেনে পৰিস্থিতি আছিল, সেই সময়ত সংবিধান সভাৰ বিতৰ্কত কি হৈছিল, এই সকলোবোৰ বিষয়ৰ প্ৰতি আমাৰ যুৱক-যুৱতীসকল সচেতন হোৱা উচিত। ইয়াৰ ফলত সংবিধানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু অধিক বৃদ্ধি পাব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলৰ মাজত সমতা আৰু সৱলীকৰণৰ দৰে বিষয়সমূহ বুজিবলৈ এক দৃষ্টিভংগীৰ গঢ় লৈ উঠিব।

উদাহৰণস্বৰূপে আমাৰ সংবিধান সভাত ১৫গৰাকী মহিলা সদস্য আছিল। আৰু তাৰে এগৰাকী আছিল ‘দক্ষয়িনী ভেলায়ুধন’, যিগৰাকী নাৰী এক প্ৰকাৰে বঞ্চিত সমাজৰ পৰা ওলাই আহি সেই স্থানত উপনীত হৈছিল। দলিত, শ্ৰমিকৰ সৈতে জড়িত বহু বিষয়ত গুৰুত্বপূৰ্ণ হস্তক্ষেপ কৰিছিল। দুৰ্গাবাই দেশমুখ, হান্সা মেহতা, ৰাজকুমাৰী অমৃত কৌৰ আৰু আন বহু মহিলা সদস্যইও মহিলা সম্পৰ্কীয় বিষয়ত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁলোকৰ অৱদানৰ বিষয়ে খুব কমেইহে আলোচনা কৰা হয়।

যেতিয়া আমাৰ যুৱক-যুৱতীসকলে এইবোৰ গম পাব তেতিয়া তেওঁলোকেও তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ পাব। ইয়াৰ দ্বাৰা সংবিধানৰ প্ৰতি যি আনুগত্যৰ সৃষ্টি হ’ব, সেই আনুগত্যই আমাৰ গণতন্ত্ৰ, আমাৰ সংবিধান আৰু দেশৰ ভৱিষ্যত শক্তিশালী কৰিব। স্বাধীনতাৰ সোণালী যুগত এয়াও দেশৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন। আশা কৰোঁ, সংবিধান দিৱসে এই দিশত আমাৰ সংকল্পক অধিক শক্তি প্ৰদান কৰিব।

এই বিশ্বাসেৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.