“অমৃত কাল’ৰ বাজেটে ত্বৰান্বিত কৰিব ‘সেউজ বিকাশ’ৰ গতি”
“এইখন চৰকাৰৰ প্ৰতিখন বাজেটে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি নতুন যুগৰ সংস্কাৰ প্ৰক্ৰিয়াই আগুৱাই নিছে”
“বাজেটখনত কৰা ‘সেউজ শক্তি’ সম্পৰ্কীয় ঘোষণাসমূহে বুনিয়াদ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যত-প্ৰজন্মৰ বাবে পথ প্ৰশস্ত কৰিব”
‘সেউজ শক্তি’ৰ গোলকীয় বজাৰখনত ভাৰতক মুখ্য খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এইখন বাজেটে”
‘নৱীকৰণযোগ্য শক্তি’ৰ উত্পাদনী সামৰ্থ্য সংযোজনৰ ক্ষেত্ৰত ২০১৪ চনৰ পৰা মুখ্য অৰ্থনীতিৰ দেশৰ সমূহৰ মাজত ভাৰত হৈছে দ্ৰুততম”
“ভাৰতত সৌৰশক্তি, বায়ুশক্তি আৰু জৈৱ গেছৰ সম্ভাৱনা আমাৰ ব্যক্তিগত খণ্ডৰ বাবে কোনো সোণৰ খনি কিম্বা তৈল-ক্ষেত্ৰতকৈ কম নহয়”
“বাহণ স্ক্ৰেপেজ নীতি’ ভাৰতৰ ‘সেউজ বিকাশ’ৰ ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ”
“সেউজ শক্তি’ৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ বিশাল সম্ভাৱনীয়তা আছে ভাৰতৰ। ই ‘সেউজীয়া নিয়োগ’ সৃষ্টিৰ লগতে বিশ্ব-মংগলক উত্সাহিত কৰিব”
“এইখন বাজেট কেৱল এক সুযোগেই নহয়, ইয়াত আমাৰ ভৱিষ্যত সুৰক্ষাৰ নিশ্চয়তাও আছে”

নমস্কাৰ!

২০১৪ ৰপৰা ভাৰতৰ প্ৰতিখন বাজেটতে এটা নিৰ্দিষ্ট ধৰণ আছে। তেতিয়াৰেপৰা আমাৰ চৰকাৰৰ প্ৰতিখন বাজেটে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণৰ লগতে নতুন যুগৰ সংস্কাৰ সাধনক উদ্দীপনা যোগাই আহিছে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ বাবে ভাৰতৰ কৌশলৰ তিনিটা মূল স্তম্ভ আছে। প্ৰথমতে, নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি; দ্বিতীয়তে, আমাৰ অৰ্থনীতিত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস আৰু তৃতীয়তে, দেশৰ ভিতৰত গেছ ভিত্তিক অৰ্থনীতিৰ দিশত ক্ষীপ্ৰতাৰে আগবঢ়া। এই কৌশলৰ অংশ হিচাপে পৰৱৰ্তী বাজেটসমূহত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে, সেয়া ইথানল মিশ্ৰণেই হওঁক, পিএম-কুসুম আঁচনিয়েই হওঁক, সৌৰ উৎপাদনৰ বাবে ইনচেনটিভেই হওঁক, ছাদৰ ওপৰত সৌৰ আঁচনিয়েই হওঁক, কয়লা গেছীকৰণেই হওঁক বা বেটাৰী সংৰক্ষণেই হওঁক। এইবাৰৰ বাজেটতো উদ্যোগটোৰ বাবে সেউজ ক্ৰেডিট আছে আৰু কৃষকসকলৰ বাবে পিএম প্ৰণাম আঁচনিও আছে। গাঁওসমূহৰ বাবে গোবৰ ধন যোজনা আৰু চহৰ অঞ্চলৰ বাবে বাহন স্ক্ৰেপিং নীতি আছে। সেউজ হাইড্ৰজেনত গুৰুত্ব প্ৰদানৰ লগতে জলাশয় সংৰক্ষণৰ ওপৰতো সমানেই গুৰুত্ব আৰোপ কৰা হৈছে। সেউজ বিকাশ সন্দৰ্ভত এইবাৰৰ বাজেটত গ্ৰহণ কৰা ব্যৱস্থাৰাজি দৰাচলতে আমাৰ নৱ-প্ৰজন্মৰ এটি উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা।

বন্ধুসকল,

ভাৰতে নবীকৰণযোগ্য শক্তি সম্পদৰ ক্ষেত্ৰত কমাণ্ডিং স্থান নিশ্চিত কৰিলে ই সমগ্ৰ বিশ্বতে এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। এই বাজেটে গ্ল’বেল গ্ৰীন এনাৰ্জি বজাৰত ভাৰতক আগশাৰীৰ প্লেয়াৰ হিচাপে প্ৰতিষ্ঠা কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেয়েহে, শক্তি জগতৰ সৈতে জড়িত প্ৰতিজন অংশীদাৰক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাইছো। আজি বিশ্বই নিজৰ নবীকৰণযোগ্য শক্তি যোগান শৃংখলৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছে। এই কথা মনত ৰাখি ভাৰতে এই বৰ্ষৰ বাজেটত প্ৰতিজন সেউজ বিনিয়োগকাৰীক এই খণ্ডত বিনিয়োগৰ সৰ্বোত্তম সুযোগ প্ৰদান কৰিছে। এই খণ্ডৰ ষ্টাৰ্ট-আপসমূহৰ বাবেও ই অতিশয় সুবিধাজনক হ’ব।

বন্ধুসকল,

২০১৪ ৰপৰা ভাৰতে প্ৰধান অৰ্থনীতিসমূহৰ ভিতৰত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা সংযোজনৰ ক্ষেত্ৰত সৰ্বাধিক গতিত আগবাঢ়িছে। আমাৰ ট্ৰেক ৰেকৰ্ডে দেখুৱাই যে ভাৰতে নবীকৰণযোগ্য শক্তিৰ লক্ষ্য বহু পূৰ্বেই পৰিপূৰণ কৰিছে। আমাৰ সংস্থাপিত বিদ্যুৎ ক্ষমতাত ৪০ শতাংশ অজীৱাশ্ম ইন্ধনৰ বৰঙণিৰ লক্ষ্য ভাৰতে ৯ বছৰ পূৰ্বেই পূৰণ কৰিছিল। ভাৰতে পাঁচ মাহ পূৰ্বেই পেট্ৰ’লত ১০% ইথানল মিশ্ৰণৰ লক্ষ্যতো উপনীত হৈছিল। ভাৰতে ২০৩০ ৰপৰা ২০২৫-২৬ লৈ ২০% ইথানল মিশ্ৰণৰ লক্ষ্যও আগবঢ়াই নিছে। ২০৩০ ৰ ভিতৰত ভাৰতে ৫০০ গিগাৱাট অজীৱাশ্ম ভিত্তিক বিদ্যুৎ ক্ষমতা আহৰণ কৰিব। আমাৰ চৰকাৰে যিদৰে জৈৱ ইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, ই সকলো বিনিয়োগকাৰীলৈ এক বিশাল সুযোগ আগবঢ়াইছে। শেহতীয়াকৈ মই ই-২০ ইন্ধনো মুকলি কৰিছো। আমাৰ দেশত কৃষি আৱৰ্জনাৰ অভাৱ নাই। গতিকে বিনিয়োগকাৰীসকলে দেশখনৰ চুকে-কোণে ইথানল প্লান্ট স্থাপনৰ সুযোগ হেৰুৱাব নালাগে। ভাৰতত সৌৰ, বতাহ আৰু জৈৱ গেছৰ সম্ভাৱনা আমাৰ ব্যক্তিগত খণ্ডৰ বাবে সোণৰ খনি বা তৈলক্ষেত্ৰতকৈ কম নহয়।

বন্ধুসকল,

ভাৰতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত প্ৰতি বছৰে ৫ এমএমটি গ্ৰীন হাইড্ৰজেন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ব্যক্তিগত খণ্ডক উৎসাহিতকৰণৰ বাবে এই অভিযানৰ অৰ্থে ১৯,০০০ কোটিৰো অধিক টকাৰ ব্যৱস্থা কৰা হৈছে। গ্ৰীন হাইড্ৰজেন উৎপাদনৰ লগতে আপোনালোকলৈ আন বহুতো বিকল্প আছে। উদাহৰণস্বৰূপে, ইলেক্ট্ৰ’লাইজাৰ নিৰ্মাণ, সেউজ তীখা নিৰ্মাণ, দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাবে ফুয়েল চেল নিৰ্মাণ আদিত বহু বিনিয়োগৰ সুযোগ আহি পৰিছে।

বন্ধুসকল,

ভাৰতত গৰুৰ গোবৰৰপৰা ১০,০০০ মিলিয়ন ঘনমিটাৰ বাঅ’গেছ আৰু কৃষি-অৱশিষ্টৰপৰা ১.৫ লাখ মিলিয়ন ঘনমিটাৰ গেছ উৎপাদনৰ সম্ভাৱনা আছে। ইয়াৰদ্বাৰা আমাৰ দেশৰ চহৰসমূহত গেছ বিতৰণলৈ আঠ শতাংশ পৰ্য্যন্ত অৰিহণা যোগাব পাৰি। এই সম্ভাৱনাৰাজিৰ পৰিপ্ৰেক্ষিতত আজি গোবৰ ধন যোজনা ভাৰতৰ জৈৱ ইন্ধন কৌশলৰ এক গুৰুত্বপূৰ্ণ উপাদান। এইবাৰৰ বাজেটত গোবৰ ধন যোজনাৰ অধীনত ৫০০ টা নতুন উদ্যোগ স্থাপনৰ কথা ঘোষণা কৰিছে চৰকাৰে। এইসমূহ পূৰ্বৰ গোবৰ গেছ প্ৰকল্পৰ দৰে নহয়। এই আধুনিক উদ্যোগসমূহৰ বাবে চৰকাৰে ব্যয় কৰিব ১০,০০০ কোটি টকা। চৰকাৰৰ "ৱাষ্ট টু এনাৰ্জী" কাৰ্য্যক্ৰমে দেশখনৰ ব্যক্তিগত খণ্ড আৰু এমএছএমইসমূহৰ বাবে এক নতুন বজাৰ সৃষ্টি কৰিছে। গাঁৱৰ কৃষি আৱৰ্জনাসমূহৰ লগতে চহৰসমূহৰ পৌৰসভাৰ গোটা আৱৰ্জনাসমূহৰপৰা চিবিজি উৎপাদনো তেওঁলোকৰ বাবে এক বৃহৎ সুযোগ। ব্যক্তিগত খণ্ডটোক উৎসাহিত কৰিবলৈ চৰকাৰে কৰ ৰেহাইৰ লগতে আৰ্থিক সাহায্যৰো ব্যৱস্থা কৰিছে।

বন্ধুসকল,

ভাৰতৰ যান-বাহন স্ক্ৰেপিং নীতি সেউজ বিকাশৰ কৌশলৰ এক গুৰুত্বপূৰ্ণ অংশ। বাহন স্ক্ৰেপিং কৰিবলৈ উৎসাহিতকৰণৰ স্বাৰ্থত চৰকাৰে এইবাৰৰ বাজেটত ৩,০০০ কোটি টকাৰ ব্যৱস্থা কৰিছে। অহা কেইমাহমানৰ ভিতৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰায় তিনি লাখ বাহন স্ক্ৰেপিং কৰা হ’ব। ১৫ বছৰৰো অধিক পুৰণি এই বাহনসমূহৰ ভিতৰত আৰক্ষীয়ে ব্যৱহাৰ কৰা বাহনসমূহ তথা আমাৰ চিকিৎসালয়সমূহৰ এম্বুলেন্স আৰু আমাৰ ৰাজহুৱা পৰিবহণৰ বাছসমূহো অন্তৰ্ভুক্ত হৈছে। বাহন স্ক্ৰেপিং আপোনালোক সকলোৰে বাবে এক বিশাল বজাৰত পৰিণত হ’ব। ‘ৰিইউজ, ৰিচাইকল আৰু ৰিক’ভাৰী’ৰ নীতি অনুসৰণেৰে ই আমাৰ বৃত্তাকাৰ অৰ্থনীতিকো এক নতুন উদ্দীপনা প্ৰদান কৰিব। ভাৰতৰ যুৱক-যুৱতীসকল আৰু আমাৰ ষ্টাৰ্ট-আপসমূহকো বৃত্তাকাৰ অৰ্থনীতিৰ ভিন্ন মাধ্যমত যোগদান কৰিবলৈ আহ্বান জনাইছো।

বন্ধুসকল,

ভাৰতে আগন্তুক ৬-৭ বছৰত বেটাৰীৰ সংৰক্ষণ ক্ষমতা ১২৫ গিগা ৱাট ঘন্টালৈ বৃদ্ধি কৰিব লাগিব। এই বৃহৎ লক্ষ্যৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ বাবে একাধিক নতুন সুযোগৰ সঞ্চাৰ হ’ব। এই লক্ষ্য পৰিপূৰণৰ বাবে লাখ-লাখ কোটি টকা বিনিয়োগৰ প্ৰয়োজন হ’ব। বেটাৰী ডেভেলপাৰসকলক সহায় কৰিবলৈ চৰকাৰে এই বছৰৰ বাজেটত ভায়েবিলিটি গেপ ফাণ্ডিং আঁচনিও ঘোষণা কৰিছে।

বন্ধুসকল,

জলভিত্তিক পৰিবহণ ভাৰতৰ এক বৃহৎ খণ্ড, যিয়ে অদূৰ ভৱিষ্যতে গতি লাভ কৰিবলৈ আগবাঢ়িছে। আজি ভাৰতে ইয়াৰ উপকূলীয় পথৰ জৰিয়তে মাত্ৰ ৫ শতাংশ সামগ্ৰীহে পৰিবহণ কৰে। একেদৰে ভাৰতত মাত্র ২ শতাংশ সামগ্ৰীহে অভ্যন্তৰীণ জলপথেৰে পৰিবহণ কৰা হয়। ভাৰতত যিদৰে জলপথসমূহক বিকশিত কৰা হৈছে, ইয়াৰ পৰিপ্ৰেক্ষিতত আপোনালোক সকলোৰে বাবে বহু সুযোগ আহি পৰিব।

বন্ধুসকল,

সেউজ শক্তি প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে বিশ্বত আগভাগ ল’ব পাৰে। ভাৰতত গ্ৰীন জব বৃদ্ধিৰ উপৰিও ই বৈশ্বিক ভালৰ ক্ষেত্ৰতো বহুখিনি সহায় কৰিব। এই বাজেটে কেৱল আপোনালোকৰ বাবে সুযোগ প্ৰশস্তকৰণেই নহয়, বৰঞ্চ ই আপোনালোকৰ ভৱিষ্যতৰ নিশ্চয়তাও প্ৰদান কৰিব। বাজেটৰ প্ৰতিটো ব্যৱস্থা কাৰ্য্যকৰী কৰিবলৈ আমি ক্ষীপ্ৰতাৰে আৰু একেলগে কাম কৰিব লাগিব। আজিৰ ৱেবিনাৰত আপোনালোক সকলোৱে বিতংভাৱে আলোচনা কৰিব। এই আলোচনা বাজেটত কি থাকিব লাগিছিল বা কি হ’ব নালাগিছিল, তেনে প্ৰেক্ষাপটত নহয়। বাজেট উত্থাপনেৰে ইতিমধ্যে সংসদত দাখিল কৰা হৈছে। এতিয়া এই বাজেটৰ প্ৰতিটো ব্যৱস্থা কাৰ্য্যকৰীভাৱে ৰূপায়ণ কৰাটো চৰকাৰ আৰু দেশবাসীৰ কৰ্তব্য, দেশৰ সেউজ বিকাশ নিশ্চিত কৰিবলৈ কেনেকৈ নতুন-নতুন উদ্ভাৱন কৰিব পাৰি, সেই সময় সমাগত। বাজেট প্ৰস্তাৱ কাৰ্য্যকৰীকৰণৰ অৰ্থে আপোনালোকৰ সৈতে খোজ দিবলৈ চৰকাৰ সাজু হৈছে। আকৌ এবাৰ এই ৱেবিনাৰলৈ সময় প্ৰদানৰ বাবে সকলো বিনিয়োগকাৰী, ষ্টাৰ্ট-আপ, কৃষি ক্ষেত্ৰৰ ৰাইজ, বিশেষজ্ঞ আৰু শিক্ষাবিদসকলক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু এই ৱেবিনাৰৰ সফলতা কামনা কৰিছো।

বহু-বহু ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."