বিশ্বই ভাৰতক আস্থাত লৈছে, বিশ্বই ভাৰতক বিশ্বাস কৰিছে আৰু বিশ্বই ভাৰতৰ সৈতে অৰ্ধপৰিবাহী ভৱিষ্যত গঢ়ি তুলিবলৈ সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
চিপছ হৈছে ডিজিটেল হীৰা: প্ৰধানমন্ত্ৰী
কাগজ-পত্ৰৰ কাম যিমান কম হ’ব, সিমান সোনকালেই ৱাফাৰৰ কাম আৰম্ভ হ’ব পাৰেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ আটাইতকৈ সৰু চীপে অতি সোনকালে বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনক আগুৱাই নিবঃ প্ৰধানমন্ত্ৰী
সেই দিন বেছি দূৰত নহয়, যেতিয়া বিশ্বই ক’ব ডিজাইনড ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়া, ট্ৰাষ্টেড বাই দ্য ৱৰ্ল্ড: প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ জী, ছেমিৰ অধ্যক্ষ অজিত মনোচা জী, ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগী, ভিন্ন দেশৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতিথিসকল, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগীসকল, ভিন্ন ৰাজ্যৰ পৰা অহা মোৰ যুৱ-ছাত্ৰ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!

মই কালি নিশা জাপান আৰু চীন ভ্ৰমণৰ পৰা উভতি আহিলোঁ। মই তালৈ যোৱা আৰু ঘূৰি অহাৰ বাবে আপোনালোকে হাত চাপৰি বজাইছে। আৰু আজি যশোভূমিৰ প্ৰতি আকাংক্ষা আৰু বিশ্বাসেৰে ভৰা এই হলটোত আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোক সকলোৰে জ্ঞাত যে মোৰ প্ৰযুক্তিৰ প্ৰতি স্বাভাৱিক আকৰ্ষণ আছে। শেহতীয়াকৈ জাপান ভ্ৰমণৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ সৈতে টকিঅ’ ইলেক্ট্ৰন কাৰখানা প্ৰত্যক্ষৰ সুযোগ পাইছিলোঁ। আৰু তেওঁলোকৰ চিইঅ’সকলে কৈছিল যে মোদী চাহাব আহিছে। বন্ধুসকল,

প্ৰযুক্তিৰ প্ৰতি মোৰ এই প্ৰৱণতাই মোক বাৰে-বাৰে আপোনালোকৰ মাজলৈ লৈ আহে। সেইবাবেই আজিও আপোনালোকৰ মাজত থাকি মই অত্যন্ত সন্তোষ পাইছোঁ।

বন্ধুসকল,

ইয়াত সমগ্ৰ বিশ্বৰ অৰ্ধপৰিবাহীৰ সৈতে জড়িত বিশেষজ্ঞসকল সমবেত হৈছে, ইয়াত ৪০-৫০ খনৰো অধিক দেশৰ প্ৰতিনিধিসকল আছে, ভাৰতৰ উদ্ভাৱন আৰু যুৱ শক্তিকো ইয়াত দেখা গৈছে। আৰু এই সভাই এটাই বাৰ্তা প্ৰদান কৰিছে - বিশ্বই ভাৰতক বিশ্বাস কৰে, বিশ্বই ভাৰতত বিশ্বাস কৰে আৰু বিশ্ব ভাৰতৰ সৈতে অৰ্ধপৰিবাহী ভৱিষ্যৎ গঢ়ি তুলিবলৈ সাজু।

 

মই ছেমিকন ইণ্ডিয়াত ভাগ ল’বলৈ অহা সকলোকে অভিনন্দন জনাইছোঁ। এখনি উন্নত ভাৰতৰ যাত্ৰাত, এখনি আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰাত আপোনালোক সকলো আমাৰ অতি গুৰুত্বপূৰ্ণ অংশীদাৰ।

বন্ধুসকল,

মাথো কেইদিনমান পূৰ্বে এই বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ জিডিপিৰ পৰিসংখ্যা প্ৰকাশ পাইছে। আকৌ এবাৰ ভাৰতে প্ৰতিটো আশা, প্ৰতিটো পূৰ্বানুমান, প্ৰতিটো মূল্যায়নতকৈ উন্নত প্ৰদৰ্শন কৰিছে। এফালে সমগ্ৰ বিশ্বৰ অৰ্থনীতিক লৈ উদ্বেগৰ পৰিবেশে বিৰাজৰ সময়তে অৰ্থনৈতিক স্বাৰ্থপৰতাই সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। তেনে এটা পৰিবেশতে ভাৰতে ৭.৮ শতাংশ লাভৰে বিকাশৰ পৰিচয় দাঙি ধৰিছে। আৰু এই বৃদ্ধি প্ৰতিটো খণ্ডতে যথাঃ উৎপাদন, সেৱা, কৃষি, নিৰ্মাণ, উৎসাহ সকলোতে বিদ্যমান। ভাৰতৰ আজি যি গতিৰে বৃদ্ধি ঘটিছে, এই গতিয়ে আমাৰ সকলোৰে মাজত, উদ্যোগটোত, দেশৰ প্ৰতিজন নাগৰিকৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছে। এয়াই হৈছে বিকাশৰ দিশ, যিয়ে ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ দিশত দ্ৰুতগতিত ধাৱমান কৰিছে।

বন্ধুসকল,

অৰ্ধপৰিবাহীৰ জগতখনত এটা কথা প্ৰচলিত। যেনেকৈ তেল ক’লা সোণ, ঠিক তেনেকৈ চিপ হৈছে ডিজিটেল হীৰা। আমাৰ যোৱা শতিকাটোক তেলে গঢ় দিছিল। তেলৰ কূপে বিশ্বৰ ভাগ্য নিৰ্ণয় কৰিছিল। এনে তেলৰ কূপসমূহৰ পৰা কিমান পেট্ৰলিয়াম আহৰণ কৰা হয়, তাৰ ভিত্তিত বিশ্ব অৰ্থনীতিৰ উঠা-নমা হৈ থাকে। কিন্তু একবিংশ শতিকাৰ শক্তি এটা সৰু চিপতে সীমাবদ্ধ হৈ পৰিছে। এই চিপবোৰৰ আকাৰ সৰু হ’ব পাৰে, কিন্তু ইয়াৰ শক্তিয়ে বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰত এক ব্যাপক উদ্দীপনা যোগাব পাৰে। আৰু সেইবাবেই আজি অৰ্ধপৰিবাহীৰ বৈশ্বিক বজাৰখনৰ মূল্য ৬০০ বিলিয়ন ডলাৰত উপনীত হৈছে। আৰু অহা কেইবছৰমানৰ ভিতৰতে এই বজাৰখনৰ মূল্যই এক ট্ৰিলিয়ন ডলাৰো অতিক্ৰম কৰিব। আৰু মোৰ বিশ্বাস, অৰ্ধপৰিবাহী খণ্ডত ভাৰত যি গতিৰে আগবাঢ়িছে, সেই গতিৰে ভাৰতে এই এক ট্ৰিলিয়ন মূল্যৰ বজাৰ অংশীদাৰিত্বত গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব লাভ কৰিব।

বন্ধুসকল,

মই এই ক্ষেত্ৰত ভাৰতৰ গতিৰ অৱলোকন কৰিব খুজিছোঁ। ২০২১-ত আমি ছেমিকন ইণ্ডিয়া কাৰ্য্যসূচী আৰম্ভ কৰিছিলো, ২০২৩-ৰ ভিতৰত ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী উদ্যোগলৈ অনুমোদন জনোৱা হৈছিল। ২০২৪-ত আমি আৰু কিছু প্ৰকল্পত অনুমোদন জনাইছিলোঁ, ২০২৫-ত আমি আৰু ৫ টা প্ৰকল্পত অনুমোদন জনাওঁ। এইসমূহত মুঠতে ওঠৰ বিলিয়ন ডলাৰ বিনিয়োগ অৰ্থাৎ ১০ টা অৰ্ধপৰিবাহী প্ৰকল্পত ডেৰ লাখ কোটিৰো অধিক টকাৰ বিনিয়োগ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা বৃদ্ধি পাইছে।

 

বন্ধুসকল,

আপোনাসৱৰ নিশ্চয় ভাৰতৰ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত এই গতি সম্পৰ্কে জ্ঞাত। ফাইলৰ পৰা ফেক্টৰীলৈ সময় যিমানেই কম হ’ব, কাগজ-পত্ৰৰ কামো সিমানেই কম হ’ব, একেদৰে ৱেফাৰৰ কাম সিমানেই সোনকালে আৰম্ভ হ’ব। আমাৰ চৰকাৰে এই পন্থাৰে কাম কৰি আছে। আমি ৰাষ্ট্ৰীয় ছিংগল উইণ্ড’ ব্যৱস্থা ৰূপায়ণ কৰিছোঁ। ইয়াৰ লগে-লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সকলো অনুমোদন একেখন মঞ্চতে সম্পন্ন হৈছে। ইয়াৰ ফলশ্ৰুতিত আমাৰ বিনিয়োগকাৰীসকল বহু কাগজ-পত্ৰৰ কামৰপৰা মুক্ত হৈছে। আজি সমগ্ৰ দেশতে প্লাগ এণ্ড প্লে’ আন্তঃগাঁথনিৰ আৰ্হিত ছেমিকণ্ডাক্টৰ পাৰ্ক স্থাপন কৰা হৈছে। এই পাৰ্কসমূহ ভূমি, বিদ্যুৎ যোগান, বন্দৰ, বিমানবন্দৰ এই সকলোবোৰৰ সৈতে সংযুক্ত হোৱাৰ লগতে ইয়াত দক্ষ ৱৰ্কাৰ পুলৰ সুবিধা আছে। আৰু ইয়াৰ সৈতে ইনচেন্টিভ যোগ কৰা মাত্ৰেকে উদ্যোগটো প্ৰস্ফূতিত নিশ্চিত। পিএলআই প্ৰৰোচনাই হওঁক বা ডিজাইন লিংকড গ্ৰান্টেই হওঁক, ভাৰতে এণ্ড টু এণ্ড কেপেবিলিটি আগবঢ়াইছে। সেইবাবেই বিনিয়োগো অবিৰতভাৱে আহি আছে। ভাৰত এতিয়া বেকএণ্ডৰ পৰা ফুল ষ্টেক ছেমিকণ্ডাক্টৰ নেচনৰ অভিমুখে অগ্ৰসৰ হৈছে। ভাৰতৰ আটাইতকৈ সৰু চিপে বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনক আগুৱাই নিয়াৰ দিনটোলৈ বেছি পৰ নাই। যদিও আমাৰ যাত্ৰা দেৰিকৈ আৰম্ভ হৈছিল, তথাপিও এতিয়া কোনো শক্তিয়েই আমাক বাধা দিব নোৱাৰে। মই জানিব পাৰিছোঁ যে চিজি পাৱাৰৰ পাইলট প্লান্ট ৪-৫ দিন আগতে অৰ্থাৎ ২৮ আগষ্টৰ পৰা আৰম্ভ হৈছে। কেনছৰ পাইলট প্লান্টো আৰম্ভ হ’ব। ইতিমধ্যে মাইক্ৰন আৰু টাটাৰ টেষ্ট চিপ প্ৰস্তুত কৰা হৈছে। মই পূৰ্বে কোৱাৰ দৰেই এই বৰ্ষৰ পৰাই বাণিজ্যিক চিপ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ পৰাই অৰ্ধপৰিবাহী খণ্ডত ভাৰত কিমান দ্ৰুতগতিত আগবাঢ়িছে, তাৰ উমান পোৱা যায়।

বন্ধুসকল,

ভাৰতৰ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত সফলতাৰ কাহিনী কোনো এটা উপাংশ, কোনো এটা প্ৰযুক্তিতে সীমাবদ্ধ নহয়। আমি এটা সম্পূৰ্ণ বাতাবৰণ গঢ়ি তুলিছোঁ। আমি এনে এক ব্যৱস্থা গঢ়ি তুলিছোঁ য’ত ডিজাইন, উৎপাদন, পেকেজিং আৰু উচ্চ প্ৰযুক্তিৰ যন্ত্ৰ সকলো ইয়াত ভাৰততে উপলব্ধ। আমাৰ অৰ্ধপৰিবাহী মিছন কেৱল এটা ফেব বা এটা চিপ নিৰ্মাণতে সীমাবদ্ধ নহয়। আমি এনে এক অৰ্ধপৰিবাহী বাতাবৰণ গঢ়ি তুলিছোঁ, যিয়ে ভাৰতক আত্মনিৰ্ভৰ আৰু বিশ্বজুৰি প্ৰতিযোগিতামূলক কৰি তুলিছে।

বন্ধুসকল,

ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ আন এক বিশেষত্ব আছে। এই ক্ষেত্ৰত বিশ্বৰ অতি উন্নত প্ৰযুক্তিৰে আগবাঢ়িছে ভাৰত। আমাৰ গুৰুত্ব ভাৰতত নিৰ্মিত চিপৰ জৰিয়তে উদীয়মান প্ৰযুক্তিসমূহক নতুন শক্তি প্ৰদান কৰা। নয়ডা আৰু বেংগালুৰুত নিৰ্মাণ হৈ থকা আমাৰ ডিজাইন চেন্টাৰসমূহে বিশ্বৰ কিছুমান উন্নত চিপ নিৰ্মাণৰ কাম কৰি আছে। এইসমূহ চিপত কোটি-কোটি ট্ৰেঞ্জিষ্টৰ আছে। এই চিপসমূহে একবিংশ শতিকাৰ ইমাৰ্চিভ প্ৰযুক্তিসমূহক নতুন শক্তি প্ৰদান কৰিব।

 

বন্ধুসকল,

ভাৰতে বিশ্বৰ অৰ্ধপৰিবাহী খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰতো অহৰহভাৱে কাম কৰি আছে। আজি আমি চহৰসমূহত আকাশচুম্বী অট্টালিকাসমূহ দেখিবলৈ পাওঁ, আমি উন্নত ফিজিকেল আন্তঃগাঁথনি দেখিবলৈ পাওঁ। এনে আন্তঃগাঁথনিসমূহৰ ভেটি হৈছে তীখা। আৰু আমাৰ ডিজিটেল আন্তঃগাঁথনিৰ ভিত্তি হৈছে গুৰুত্বপূৰ্ণ খনিজ। সেইবাবেই ভাৰতে আজি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ কাম আৰম্ভ কৰিছে। আমি ইয়াতেই বিৰল খনিজ পদাৰ্থৰ চাহিদা পূৰণ কৰাত নিয়োজিত হৈ আছোঁ। যোৱা চাৰি বছৰত আমি গুৰুত্বপূৰ্ণ খনিজ প্ৰকল্পৰ বহু কাম কৰিছোঁ।

বন্ধুসকল,

আমাৰ চৰকাৰে ষ্টাৰ্ট-আপ আৰু এমএছএমই-সমূহেও অৰ্ধপৰিবাহী খণ্ডৰ বিকাশত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিবেচনা কৰিছে। আজি ভাৰতে বিশ্বৰ অৰ্ধপৰিবাহী ডিজাইন প্ৰতিভাৰ ২০ শতাংশ অৱদান আগবঢ়াইছে। ভাৰতৰ যুৱক-যুৱতীসকল হৈছে অৰ্ধপৰিবাহী উদ্যোগৰ সৰ্ববৃহৎ মানৱ মূলধন ফেক্টৰী। মই আমাৰ যুৱ উদ্যোগী, উদ্ভাৱক আৰু ষ্টাৰ্ট-আপসমূহক আগুৱাই আহিবলৈ আহ্বান জনাইছোঁ, চৰকাৰে আপোনালোকৰ সৈতে হাতে-হাত ধৰি কাম কৰি আছে। আপোনালোকৰ বাবে ডিজাইন লিংকড ইনচেন্টিভ আঁচনি আৰু চিপছ-টু-ষ্টাৰ্টআপ কাৰ্য্যক্ৰম ৰূপায়ণ কৰা হৈছে। ডিজাইন লিংকড ইনচেন্টিভ আঁচনিকো নতুন ৰূপ দিবলৈ ওলাইছে চৰকাৰে। আমি এই খণ্ডত ভাৰতীয় বৌদ্ধিক সম্পত্তি (IP) বিকশিতকৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা পুঁজিৰে শেহতীয়াকৈ আৰম্ভ হোৱা সহযোগিতায়ো আপোনালোকক সহায় কৰিব।

বন্ধুসকল,

বহু ৰাজ্যই ইয়াতো অংশগ্ৰহণ কৰিছে, বহু ৰাজ্যই অৰ্ধপৰিবাহী খণ্ডৰ বাবে বিশেষ নীতি নিৰ্ধাৰণ কৰিছে, এই ৰাজ্যসমূহে নিজ-নিজ ৰাজ্যত বিশেষ আন্তঃগাঁথনিত গুৰুত্ব আৰোপ কৰিছে। মই লগতে দেশৰ সকলো ৰাজ্যকে নিজ-নিজ ৰাজ্যত অৰ্ধপৰিবাহী বাতাবৰণ গঢ়ি তোলাৰ লগতে নিজ-নিজ ৰাজ্যত বিনিয়োগৰ পৰিবেশৰ বৰ্ধনৰ বাবে আন ৰাজ্যৰ সৈতে সুস্থ প্ৰতিযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ।

 

বন্ধুসকল,

আজি ভাৰতে ৰিফৰ্ম, পাৰ্ফম আৰু ট্ৰেন্সফৰ্ম মন্ত্ৰ অনুসৰণ কৰিছে। অনাগত সময়ছোৱাত আমি পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন কাৰ্য্যৰ নতুন পৰ্য্যায় আৰম্ভ কৰিম। ভাৰত অৰ্ধপৰিবাহী অভিযানৰ পৰৱৰ্তী পৰ্য্যায় সন্দৰ্ভতো আমি কাম কৰি আছোঁ। মই ইয়ালৈ অহা সকলো বিনিয়োগকাৰীকে জনাব বিচাৰিছোঁ যে আমি আপোনালোকক মুক্ত মনেৰে আদৰিবলৈ সাজু হৈছোঁ। আৰু আপোনালোকৰ ভাষাত ডিজাইন ৰেডি, মাস্ক এলাইন কৰা হৈছে। এতিয়া নিখুঁতভাৱে সম্পাদন আৰু ব্যাপকভাৱে প্ৰদানৰ সময়। আমাৰ নীতিসমূহ কেৱল হ্ৰস্বম্যাদী সংকেত নহয়, বৰঞ্চ এয়া দীৰ্ঘম্যাদী অংগীকাৰ। আপোনালোকৰ প্ৰতিটো প্ৰয়োজনেই আমি পূৰণ কৰিম। সেই দিনটোলৈ বেছি দিন নাই, যেতিয়া সমগ্ৰ বিশ্বই ক’ব- ডিজাইনড ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়া, ট্ৰাষ্টেড বাই দ্য ৱৰ্ল্ড। আমাৰ প্ৰতিটো প্ৰচেষ্টাই সফল হওঁক, প্ৰতিটো বাইট উদ্ভাৱনেৰে ভৰি পৰক আৰু আমাৰ যাত্ৰা সদায় ক্ৰুটিমুক্ত তথা উন্নত প্ৰদৰ্শনেৰে ভৰা হওঁক। এই অনুভৱেৰেই আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জনালোঁ!

 

অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"