মণিপুৰৰ ৰেল সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছেঃ প্ৰধানমন্ত্ৰী
আমি মণিপুৰত দৰিদ্ৰ লোক-অনুকূল উন্নয়ন পদক্ষেপৰাজি আগবঢ়াই আছোঁঃ প্ৰধানমন্ত্ৰী
মণিপুৰত আশা আৰু বিশ্বাসৰ এক নতুন প্ৰভাত হৈছেঃ প্ৰধানমন্ত্ৰী
আমি মণিপুৰক শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছোঁঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী অজয় ​​ভাল্লা ডাঙৰীয়া, ৰাজ্য প্ৰশাসনৰ আন-আন বিষয়াবৰ্গ আৰু মোৰ সন্মুখত উপস্থিত মণিপুৰৰ মোৰ ভাই-ভনীসকল। আপোনালোক আটাইকে নমস্কাৰ জনালোঁ।

মণিপুৰ সাহস আৰু বীৰত্বৰ ভূমি। ইয়াৰ শাৰী-শাৰী পাহাৰ প্ৰকৃতিৰ এক বহুমূলীয়া উপহাৰ আৰু এই পাহাৰসমূহ আপোনালোক সকলোৰে অক্লান্ত শ্ৰমৰ প্ৰতীকো। মই মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাইছোঁ। আজি ধাৰাষাৰ বৰষুণৰ মাজতো আপোনালোক হিলদ’ল ভাঙি ইয়ালৈ আহিছে, এই স্নেহৰ বাবে আপোনাসৱৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। প্ৰবল বৃষ্টিপাতৰ বাবে মোৰ হেলিকপ্টাৰখন ইয়ালৈ নহাত পথেৰেই অহাৰ সিদ্ধান্ত লৈছিলোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাস্তাত দেখা পোৱা দৃশ্যসমূহে মোক সন্তোষ প্ৰদান কৰিলে। মোৰ মনে কৈছে ভগৱানে ভালেই কৰিলে। মোৰ হেলিকপ্টাৰখন নহাৰ বাবে মই এই দৃশ্য দেখিবলৈ পালোঁ। মই ৰাস্তাৰে আহি থাকোঁতে আবাল-বৃদ্ধ-বনিতা সকলোৱে মোক যিদৰে মৰম দিলে, হাতত ত্ৰিৰংগা লৈ সকলোৱে সম্ভাষণ জনোৱা কাৰ্য্যক মই কেতিয়াও পাহৰিব নোৱাৰিম। মই মূৰ দোঁৱাই মণিপুৰবাসীক প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

অঞ্চলটোৰ সংস্কৃতি, পৰম্পৰা, বৈচিত্ৰ্য আৰু স্পন্দনশীলতা ভাৰতৰ এক প্ৰধান শক্তি। “মণিপুৰ” নামটোৰ মূল শব্দ হৈছে “মণি” আৰু সেই মুকুতাৰ দৰেই ৰাজ্যখনেও আগন্তুক সময়ছোৱাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উজ্জ্বলতা বৃদ্ধি কৰিব। ভাৰত চৰকাৰে মণিপুৰৰ উন্নয়নৰ যাত্ৰাক ত্বৰান্বিতকৰণৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। এই মনোভাৱেৰেই আজি মই মণিপুৰৰ ৰাইজৰ মাজলৈ আহিছোঁ। আজি প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন কৰা হৈছে। এইসমূহ প্ৰকল্পই মণিপুৰৰ জনসাধাৰণৰ, বিশেষকৈ পাহাৰত বসবাস কৰা জনজাতীয় সমাজসমূহৰ জীৱনযাত্ৰাৰ অগ্ৰগতি সাধন কৰিব। উক্ত প্ৰকল্পসমূহে অঞ্চলটোৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সা-সুবিধাৰ উন্মেষ ঘটাব। মই মণিপুৰ আৰু চুৰাচান্দপুৰৰ ৰাইজক এই নতুন পদক্ষেপসমূহৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

সীমান্তৱৰ্তী এখন ৰাজ্য হিচাপে মণিপুৰৰ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সদায় এক বৃহৎ প্ৰত্যাহ্বানে দেখা দি আহিছে। উন্নত পথৰ অভাৱৰ বাবে জনসাধাৰণ অসুবিধাৰ সন্মুখীন হৈ আহিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ উদ্বেগ হৃদয়ংগম কৰিছে। ২০১৪-ৰ পৰাই মই মণিপুৰৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে মনোনিৱেশ কৰি আহিছোঁ আৰু ভাৰত চৰকাৰে এই সমস্যা সমাধানৰ বাবে দুটা স্তৰত কাম কৰি আহিছে। প্ৰথমে মণিপুৰৰ ৰেল আৰু পথ আন্তঃগাঁথনিৰ বাজেট বহুগুণে বৃদ্ধি কৰা হৈছিল। দ্বিতীয়তে, কেৱল চহৰসমূহলৈকে নহয়, বৰঞ্চ গাঁৱসমূহলৈকো পথ সংযোগ সম্প্ৰসাৰণৰ প্ৰয়াস কৰা হৈছিল।

বন্ধুসকল,

শেহতীয়া বছৰ কেইটাত ইতিমধ্যে অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ক্ষেত্ৰত ৩,৭০০ কোটি টকা ব্যয় কৰা হৈছে। ৰাজ্যখনত ৮,৭০০ কোটি টকা মূল্যৰ নতুন ঘাইপথ প্ৰকল্পৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। পূৰ্বে এই অঞ্চলৰ গাঁওসমূহলৈ আহ-যাহ কৰাটো অত্যন্ত কঠিন কাম আছিল— এই সম্পৰ্কে ইয়াৰ জনসাধাৰণ ভালদৰে অৱগত। কিন্তু এতিয়া শ-শ গাঁৱলৈ পথ সংযোগ সম্প্ৰসাৰিত হৈছে। ইয়াৰ ফলশ্ৰুতিত পাহাৰীয়া গাঁও আৰু জনজাতীয় সমাজসমূহ যথেষ্ট উপকৃত হৈছে।

 

বন্ধুসকল,

আমাৰ চৰকাৰৰ আমোলত মণিপুৰৰ ৰেল সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছে। জিৰিবাম–ইম্ফল ৰেল লাইনে অতি সোনকালেই ৰাজধানী ইম্ফলক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। এই প্ৰকল্পত চৰকাৰে ২২,০০০ কোটি টকা বিনিয়োগ কৰিছে। ৪০০ কোটি টকা ব্যয়-সাপেক্ষে নিৰ্মাণ কৰা ইম্ফল বিমানবন্দৰে অঞ্চলটোৰ বিমান সংযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিছে। এই বিমানবন্দৰৰ পৰা দেশৰ আন-আন প্ৰান্তলৈ হেলিকপ্টাৰ সেৱাও আৰম্ভ হৈছে। এনে ক্ৰমবৰ্ধমান যোগাযোগ ব্যৱস্থাই মণিপুৰৰ জনসাধাৰণৰ যাতায়াতৰ সা-সুবিধা বৰ্ধনৰ লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে।

বন্ধুসকল,

ভাৰতৰ দ্ৰুতগতিত উন্নয়ন সাধন হৈছে আৰু অতি সোনকালেই দেশখন বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। উন্নয়নৰ সুফলৰাজি দেশৰ প্ৰতিটো প্ৰান্তত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ আমি অহৰহভাৱে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ। এটা সময় আছিল যেতিয়া দিল্লীত কৰা এটা ঘোষণা মণিপুৰৰ দৰে অঞ্চলসমূহৰ লোকসকলে বাস্তৱত পৰিণত হোৱা দেখিবলৈ দশক-দশক সময় লাগিছিল। কিন্তু আজি চুৰাচান্দপুৰ আৰু মণিপুৰ ৰাষ্ট্ৰখনৰ বাকী অংশৰ সমান্তৰালভাৱে আগবাঢ়িছে। আমাৰ চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে পকী ঘৰ নিৰ্মাণৰ বাবে এখনি দেশজোৰা আঁচনি আৰম্ভ কৰিছে। মণিপুৰৰ হাজাৰ-হাজাৰ গৃহস্থীও এই পদক্ষেপৰ জৰিয়তে উপকৃত হৈছে। ইতিমধ্যে ৰাজ্যখনত প্ৰায় ৬০,০০০ এনে গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অঞ্চলটোত পূৰ্বে বিদ্যুতৰ ব্যাপক নাটনিৰ সমস্যাই দেখা দিছিল। কিন্তু চৰকাৰে ৰাইজক এই কষ্টৰ পৰা মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে আৰু ফলস্বৰূপে মণিপুৰৰ এক লাখৰো অধিক গৃহস্থীয়ে বিনামূলীয়া বিদ্যুৎ সংযোগ লাভ কৰিছে।

বন্ধুসকল,

মণিপুৰৰ মাতৃ-ভগ্নীসকলে দীৰ্ঘদিন ধৰি পানী লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছিল। এই সমস্যা সমাধানৰ বাবে চৰকাৰে ‘হৰ ঘৰ নল ছে জল’ আঁচনিৰ শুভাৰম্ভ কৰিলে। বিগত কেইবছৰমানৰ পৰা সমগ্ৰ দেশৰ ১৫ কোটিৰো অধিক গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে। ৭–৮ বছৰ পূৰ্বে মণিপুৰৰ মাত্ৰ ২৫,০০০ৰ পৰা ৩০,০০০ গৃহস্থীত পাইপেৰে পানী যোগানৰ ব্যৱস্থা আছিল। কিন্তু আজি ৰাজ্যখনৰ ৩.৫ লাখৰো অধিক গৃহস্থীয়ে টেপৰ পানীৰ সুবিধা লাভ কৰিছে। অতি সোনকালেই মণিপুৰৰ প্ৰতিঘৰ গৃহস্থীয়ে বাসস্থানতে পাইপেৰে পানী যোগান লাভ কৰিব বুলি মই আশাবাদী।

 

বন্ধুসকল,

পূৰ্বৰ সময়ছোৱাত পাহাৰীয়া আৰু জনজাতীয় অঞ্চলসমূহত উন্নত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় কেৱল সপোন আছিল। সেই সময়ছোৱাত ইয়াৰ ৰাইজৰ অসুস্থতাৰ বেলিকা কেৱল চিকিৎসালয়লৈ যাবলৈকে বহু সময় লাগিছিল। ভাৰত চৰকাৰৰ প্ৰচেষ্টাত এতিয়া পৰিস্থিতি সলনি হৈছে আৰু চুৰাচান্দপুৰত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। এতিয়া ইয়াত নতুন চিকিৎসকসকলে শিক্ষাগ্ৰহণ কৰিছে আৰু স্বাস্থ্যসেৱাৰ অগ্ৰগতি সাধন হৈছে। স্বাধীনতাৰ পিছতো বহু দশক ধৰি মণিপুৰৰ পাহাৰীয়া অঞ্চলসমূহত এখনো চিকিৎসা মহাবিদ্যালয় নাছিল। বৰ্তমানৰ চৰকাৰখনে এই সপোনক বাস্তৱ ৰূপ প্ৰদান কৰিছে। ‘পিএম-ডিভাইন’ আঁচনিৰ অধীনত চৰকাৰে ৰাজ্যখনৰ পাঁচখন পাহাৰীয়া জিলাত আধুনিক স্বাস্থ্য সেৱাৰ বিকাশ সাধন কৰি আছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আহিছে। এই আঁচনিৰ অধীনত মণিপুৰৰো প্ৰায় ২.৫ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিছে। এই সুবিধা অবিহনে ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালসমূহে নিজৰ সঞ্চয়ৰ পৰা ৩৫০ কোটি টকা ব্যয় কৰিবলগীয়া হ’লহেঁতেন। এই সমগ্ৰ ব্যয় ভাৰত চৰকাৰে বহন কৰিছে। প্ৰতিজন দৰিদ্ৰ নাগৰিকৰ উদ্বেগ দূৰ কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

বন্ধুসকল,

মণিপুৰ আশা আৰু আকাংক্ষাৰ ভূমি। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই উল্লেখযোগ্য অঞ্চলটোক হিংসাই আগুৰি ধৰিছে। মই ক্ষন্তেক পূৰ্বে শিবিৰসমূহত বসবাস কৰা ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিছিলোঁ। তেওঁলোকৰ সৈতে মত-বিনিময় কৰিছিলোঁ। কিন্তু এতিয়া মণিপুৰত আশা আৰু বিশ্বাসৰ এক নতুন প্ৰভাত হৈছে।

বন্ধুসকল,

যিকোনো অঞ্চলৰ উন্নয়নৰ বাবে শান্তি প্ৰতিষ্ঠা কৰাটো অতিশয় প্ৰয়োজনীয় আৰু বিগত এঘাৰ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বহু দীৰ্ঘদিনীয়া সংঘাত তথা বিবাদৰ সমাধান কৰা হৈছে। জনতাই শান্তিৰ পথ বাছি লৈছে আৰু উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। শেহতীয়াকৈ পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ ভিন্ন গোটৰ সৈতে আলোচনা সম্পন্ন হোৱা কাৰ্য্য সন্তোষৰ কথা। এই প্ৰচেষ্টাসমূহ ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰেই অংশ। ইয়াৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ অৰ্থে পাৰস্পৰিক আলোচনা, সন্মানৰ মনোভাৱ আৰু পাৰস্পৰিক বুজাবুজিত গুৰুত্ব আৰোপ কৰা হৈছে। মই সকলো সংগঠনকে শান্তিৰ পথত আগবাঢ়ি যাবলৈ আৰু নিজৰ আকাংক্ষা পূৰণ কৰিবলৈ আহ্বান জনাইছোঁ। মই কওঁ যে মই ইয়াৰ জনসাধাৰণৰ সৈতে একেলগে থিয় দিছোঁ আৰু ভাৰত চৰকাৰ মণিপুৰবাসীৰ কাষত আছে।  

 

বন্ধুসকল,

মণিপুৰৰ জন-জীৱনক পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ ভাৰত চৰকাৰে যৎপৰোনাস্তি চেষ্টা গ্ৰহণ কৰিছে। চৰকাৰে স্থানচ্যুত হোৱা পৰিয়ালসমূহৰ বাবে ৭,০০০ নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। শেহতীয়াকৈ প্ৰায় ৩,০০০ কোটি টকাৰ বিশেষ পেকেজত অনুমোদন জনোৱা হৈছে। স্থানচ্যুত ব্যক্তিসকলক সহায়ৰ বাবে ৫০০ কোটি টকা বিশেষভাৱে আবন্টন জনোৱা হৈছে।

বন্ধুসকল,

মই মণিপুৰৰ জনজাতীয় যুৱক-যুৱতীসকলৰ সপোন আৰু সংগ্ৰামৰ বিষয়ে ভালদৰেই জ্ঞাত। সেয়েহে তেওঁলোকৰ উদ্বেগৰাজি দূৰ কৰিবলৈ একাধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰে স্থানীয় শাসন সংস্থাসমূহক সুদৃঢ়কৰণৰ বাবে কাম কৰি আছে আৰু তেওঁলোকৰ উন্নয়নৰ বাবে উপযুক্ত পুঁজিৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

আজি প্ৰতিখন জনজাতীয় সমাজৰ উন্নয়ন সাধন ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। পোন-প্ৰথমবাৰৰ বাবে জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত সমগ্ৰ মণিপুৰৰ ৫০০-ৰো অধিক গাঁৱৰ উন্নয়ন সাধনৰ কাম অব্যাহত আছে। জনজাতীয় অঞ্চলসমূহত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছে। মণিপুৰতো ১৮ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। বিদ্যালয়-মহাবিদ্যালয়সমূহৰ আধুনিকীকৰণে পাহাৰীয়া জিলাসমূহৰ শৈক্ষিক সা-সুবিধাসমূহৰ যথেষ্ট বৃদ্ধি ঘটাব।

 

বন্ধুসকল,

মণিপুৰৰ সংস্কৃতিয়ে সদায় নাৰী সবলীকৰণক প্ৰসাৰিত কৰি আহিছে। চৰকাৰে মহিলা সবলীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। মণিপুৰৰ কন্যাসকলক লালন-পালনৰ বাবে চৰকাৰে কৰ্মৰত মহিলাৰ হোষ্টেল নিৰ্মাণ কৰি আছে।

বন্ধুসকল,

আমি মণিপুৰক শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছোঁ। মই ৰাইজক মণিপুৰৰ উন্নয়নৰ বাবে, স্থানচ্যুত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে মণিপুৰ চৰকাৰক সম্ভৱপৰ সকলো ধৰণে সহায় কৰি যাব বুলি আশ্বাস প্ৰদান কৰিছোঁ। মই আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু আপোনালোকে মোক দিয়া মৰম তথা জনোৱা সন্মানৰ বাবে মণিপুৰবাসীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত সমস্বৰে কওঁচোন আহক-

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
38 Per Cent Women In Rural And Semi-Urban Use UPI Weekly For Daily Essentials: Survey

Media Coverage

38 Per Cent Women In Rural And Semi-Urban Use UPI Weekly For Daily Essentials: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government places great emphasis on bringing a 'technology culture' to agriculture: PM Modi
March 06, 2026
This year’s Union Budget gives a strong push to agriculture and rural transformation : PM
Government has continuously strengthened the agriculture sector ,major efforts have reduced the risks for farmers and provided them with basic economic security: PM
If we scale high-value agriculture together, it will transform agriculture into a globally competitive sector: PM
As export-oriented production increases, employment will be created in rural areas through processing and value addition: PM
Fisheries can become a major platform for export growth, a high-value, high-impact sector of rural prosperity: PM
The government is developing digital public infrastructure for agriculture through AgriStack: PM
Technology delivers results when systems adopt it, institutions integrate it, and entrepreneurs build innovations on it: PM

नमस्कार !

बजट वेबिनार सीरीज के तीसरे वेबिनार में, मैं आप सभी का अभिनंदन करता हूं। इससे पहले, टेक्नोलॉजी, रिफॉर्म्स और इकोनॉमिक ग्रोथ जैसे अहम विषयों पर दो वेबिनार हो चुके हैं। आज, Rural Economy और Agriculture जैसे अहम सेक्टर पर चर्चा हो रही है। आप सभी ने बजट निर्माण में अपने मूल्यवान सुझावों से बहुत सहयोग दिया, और आपने देखा होगा बजट में आप सबके सुझाव रिफ्लेक्ट हो रहे हैं, बहुत काम आए हैं। लेकिन अब बजट आ चुका है, अब बजट के बाद उसके full potential का लाभ देश को मिले, इस दिशा में भी आपका अनुभव, आपके सुझाव और सरल तरीके से बजट का सर्वाधिक लोगों को लाभ हो। बजट का पाई-पाई पैसा जिस हेतु से दिया गया है, उसको परिपूर्ण कैसे करें? जल्द से जल्द कैसे करें? आपके सुझाव ये वेबिनार के लिए बहुत अहम है।

साथियों,

आप सभी जानते हैं, कृषि, एग्रीकल्चर, विश्वकर्मा, ये सब हमारी अर्थव्यवस्था का मुख्य आधार है। एग्रीकल्चर, भारत की लॉन्ग टर्म डेवलपमेंट जर्नी का Strategic Pillar भी है, और इसी सोच के साथ हमारी सरकार ने कृषि सेक्टर को लगातार मजबूत किया है। करीब 10 करोड़ किसानों को 4 लाख करोड़ रुपए से अधिक की पीएम किसान सम्मान निधि मिली है। MSP में हुए Reforms से अब किसानों को डेढ़ गुना तक रिटर्न मिल रहा है। इंस्टिट्यूशनल क्रेडिट कवरेज 75 प्रतिशत से अधिक हो चुका है। पीएम फसल बीमा योजना के तहत लगभग 2 लाख करोड़ रुपए के क्लेम सेटल किए गए हैं। ऐसे अनेक प्रयासों से किसानों का रिस्क बहुत कम हुआ है, और उन्हें एक बेसिक इकोनॉमिक सिक्योरिटी मिली है। इससे कृषि क्षेत्र का आत्मविश्वास भी बढ़ा है। आज खाद्यान्न और दालों से लेकर तिलहन तक देश रिकॉर्ड उत्पादन कर रहा है। लेकिन अब, जब 21वीं सदी का दूसरा क्वार्टर शुरू हो चुका है, 25 साल बीत चुके हैं, तब कृषि क्षेत्र को नई ऊर्जा से भरना भी उतना ही आवश्यक है। इस साल के बजट में इस दिशा में नए प्रयास हुए हैं। मुझे विश्वास है, इस वेबिनार में आप सभी के बीच हुई चर्चा, इससे निकले सुझाव, बजट प्रावधानों को जल्द से जल्द जमीन पर उतारने में मदद करेंगे।

साथियों,

आज दुनिया के बाजार खुल रहे हैं, ग्लोबल डिमांड बदल रही है। इस वेबिनार में अपनी खेती को एक्सपोर्ट ओरिएंटेड बनाने पर भी ज्यादा से ज्यादा चर्चा आवश्य़क है। हमारे पास Diverse Climate है, हमें इसका पूरा फायदा उठाना है। एग्रो क्लाइमेटिक जोन, उस विषय में हम बहुत समृद्ध है। इस साल का बजट इन सब बातों के लिए अनगिनत नए अवसर देने वाला बजट है। प्रोडक्टिविटी बढ़ाने की दिशा तय करता है, और एक्सपोर्ट स्ट्रेंथ को बढ़ावा देता है। बजट में हमने high value agriculture पर फोकस किया है। नारियल, काजू, कोको, चंदन, ऐसे उत्पादों के regional-specific promotion की बात कही है, और आपको मालूम है, दक्षिण के हमारे जो राज्य हैं खासकर केरल है, तमिलनाडु है, नारियल की पैदावार बहुत करते हैं। लेकिन अब वो क्रॉप, वो सारे पेड़ इतने पुराने हो चुके हैं कि उसकी वो क्षमता नहीं रही है। केरल के किसानों को अतिरिक्त लाभ हो, तमिलनाडु के किसानों को अतिरिक्त लाभ हो। इसलिए इस बार कोकोनट पर एक विशेष बल दिया गया है, जिसका फायदा आने वाले दिनों में हमारे इन किसानों को मिलेगा।

साथियों,

नॉर्थ ईस्ट की तरफ देखें, अगरवुड बहुत कम लोगों को मालूम है, जो ये अगरबत्ती शब्द है ना, वो अगरवुड से आया हुआ है। अब हिमालयन राज्यों में टेम्परेट नट क्रॉप्स, और इन्हें बढ़ावा देने का प्रस्ताव बजट में रखा गया है। जब एक्सपोर्ट ओरिएंटेड प्रोडक्शन बढ़ेगा, तो ग्रामीण क्षेत्रों में प्रोसेसिंग और वैल्यू एडिशन के जरिए रोजगार सृजन होगा। इस दिशा में एक coordinated action कैसे हो, आप सभी स्टेकहोल्डर्स मिलकर जरूर मंथन करें। अगर हम मिलकर High Value Agriculture को स्केल करते हैं, तो ये एग्रीकल्चर को ग्लोबली कंपेटिटिव सेक्टर में बदल सकता है। एग्री experts, इंडस्ट्री और किसान एक साथ कैसे आएं, किसानों को ग्लोबल मार्केट से जोड़ने के लिए किस तरह से गोल्स सेट किए जाएं, क्वालिटी, ब्रांडिंग और स्टैंडर्ड्स, ऐसे हर पहलू, इन सबको कैसे प्रमोट किया जाए, इन सारे विषयों पर चर्चा, इस वेबिनार को, इसके महत्व को बढ़ाएंगे। मैं एक और बात आपसे कहना चाहूंगा। आज दुनिया हेल्थ के संबंध में ज्यादा कॉनशियस है। होलिस्टिक हेल्थ केयर और उसमें ऑर्गेनिक डाइट, ऑर्गेनिक फूड, इस पर बहुत रुचि है। भारत में हमें केमिकल फ्री खेती पर बल देना ही होगा, हमें नेचुरल फार्मिंग पर बल देना होगा। नेचुरल फार्मिंग से, केमिकल फ्री प्रोडक्ट से दुनिया के बाजार तक पहुंचने में हमारे लिए एक राजमार्ग बन जाता है। उसके लिए सर्टिफिकेशन, लेबोरेटरी ये सारी व्यवस्थाएं सरकार सोच रही है। लेकिन आप लोग इसमें भी जरूर अपने विचार रखिए।

साथियों,

एक्सपोर्ट बढ़ाने में एक बहुत बड़ा फैक्टर फिशरीज सेक्टर का पोटेंशियल भी है। भारत दुनिया का दूसरा सबसे बड़ा मछली उत्पादक देश भी है। आज हमारे अलग-अलग तरह के जलाशय, तालाब, ये सब मिलाकर लगभग 4 लाख टन मछली उत्पादन होता है। जबकि इसमें 20 लाख टन अतिरिक्त उत्पादन की संभावना मौजूद है। अब विचार कीजिए आप, 4 लाख टन से हम अतिरिक्त 20 लाख टन जोड़ दें, तो हमारे गरीब मछुआरे भाई-बहन हैं, उनकी जिंदगी कैसी बदल जाएगी। हमारे पास Rural Income को डायवर्सिफाई करने का अवसर है। फिशरीज एक्सपोर्ट ग्रोथ का बड़ा प्लेटफॉर्म बन सकता है, दुनिया में इसकी मांग है। इस वेबिनार से अगर बहुत ही प्रैक्टिकल सुझाव निकलते हैं, तो कैसे रिज़रवॉयर, उसकी पोटेंशियल की सटीक मैपिंग की जाए, कैसे क्लस्टर प्लानिंग की जाए, कैसे फिशरीज डिपार्टमेंट और लोकल कम्युनिटी के बीच मजबूत कोऑर्डिनेशन हो, तो बहुत ही उत्तम होगा। हैचरी, फीड, प्रोसेसिंग, ब्रांडिंग, एक्सपोर्ट, उसके लिए आवश्यक लॉजिस्टिक्स, हर स्तर पर हमें नए बिजनेस मॉडल विकसित करने ही होंगे। ये Rural Prosperity, ग्रामीण समृद्धि के लिए, वहां की हाई वैल्यू, हाई इम्पैक्ट सेक्टर के रूप में परिवर्तित करने का एक अवसर है हमारे लिए, और इस दिशा में भी हम सबको मिलकर काम करना है, और आप आज जो मंथन करेंगे, उसके लिए, उस कार्य के लिए रास्ता बनेगा।

साथियों,

पशुपालन सेक्टर, ग्रामीण इकोनॉमी का हाई ग्रोथ पिलर है। भारत आज दुनिया का सबसे बड़ा मिल्क प्रोड्यूसर है, Egg प्रोडक्शन में हम दूसरे स्थान पर है। हमें इसे और आगे ले जाने के लिए ब्रीडिंग क्वालिटी, डिजीज प्रिवेंशन और साइंटिफिक मैनेजमेंट पर फोकस करना होगा। एक और अहम विषय पशुधन के स्वास्थ्य का भी है। मैं जब One Earth One Health की बात करता हूं, तो उसमें पौधा हो या पशु, सबके स्वास्थ्य की बात शामिल है। भारत अब वैक्सीन उत्पादन में आत्मनिर्भर है। फुट एंड माउथ डिजीज, उससे पशुओं को बचाने के लिए सवा सौ करोड़ से अधिक डोज पशुओं को लगाई जा चुकी है। राष्ट्रीय गोकुल मिशन के तहत टेक्नोलॉजी का विस्तार किया जा रहा है। हमारी सरकार में अब पशुपालन क्षेत्र के किसानों को किसान क्रेडिट कार्ड का भी लाभ मिल रहा है। निजी निवेश को प्रोत्साहित करने के लिए एनिमल हसबेंड्री इंफ्रास्ट्रक्चर डेवलपमेंट फंड की शुरुआत भी की गई है, और आपको ये पता है हम लोगों ने गोबरधन योजना लागू की है। गांव के पशुओं के निकलने वाला मलमूत्र है, गांव का जो वेस्ट है, कूड़ा-कचरा है। हम गोबरधन योजना में इसका उपयोग करके गांव भी स्वच्छ रख सकते हैं, दूध से आय होती है, तो गोबर से भी आय हो सकती है, और एनर्जी सिक्योरिटी की दिशा में गैस सप्लाई में भी ये गोबरधन बहुत बड़ा योगदान दे सकता है। ये मल्टीपर्पज बेनिफिट वाला काम है, और गांव के लिए बहुत उपयोगी है। मैं चाहूंगा कि सभी राज्य सरकारें इसको प्राथमिकता दें, इसको आगे बढ़ाएं।

साथियों,

हमने पिछले अनुभवों से समझा है कि केवल एक ही फसल पर टिके रहना किसान के लिए जोखिम भरा है। इससे आय के विकल्प भी सीमित हो जाते हैं। इसलिए, हम crop diversification पर फोकस कर रहे हैं। इसके अलावा, National Mission on Edible Oils And Pulses, National Mission on Natural Farming, ये सभी एग्रीकल्चर सेक्टर की ताकत बढ़ा रहे हैं।

साथियों,

आप भी जानते हैं एग्रीकल्चर स्टेट सब्जेक्ट है, राज्यों का भी एक बड़ा एग्रीकल्चर बजट होता है, हमें राज्यों को भी निरंतर प्रेरित करना है कि वो अपना दायित्व निभाने में, हम उनको कैसे मदद दें, हमारे सुझाव उनको कैसे काम आएं। राज्य का भी एक-एक पैसा जो गांव के लिए, किसान के लिए तय हुआ है, वो सही उपयोग हो। हमें बजट प्रावधानों को जिला स्तर तक मजबूत करना होगा। तभी नई पॉलिसीज का ज्यादा से ज्यादा फायदा उठाया जा सकता है।

साथियों,

ये टेक्नोलॉजी की सदी है और सरकार का बहुत जोर एग्रीकल्चर में टेक्नोलॉजी कल्चर लाने पर भी है। आज e-NAM के माध्यम से मार्केट एक्सेस का डेमोक्रेटाइजेशन हुआ है। सरकार एग्रीस्टैक के जरिए, एग्रीकल्चर के लिए डिजिटल पब्लिक इंफ्रास्ट्रक्चर विकसित कर रही है। इसके तहत डिजिटल पहचान, यानी किसान आईडी बनाई जा रही है। अब तक लगभग 9 करोड़ किसानों की किसान आईडी बन चुकी है, और लगभग 30 करोड़ भूमि पार्सलों का डिजिटल सर्वे किया गया है। भारत-विस्तार जैसे AI आधारित प्लेटफॉर्म, रिसर्च इंस्टीट्यूशंस और किसानों के बीच की दूरी कम कर रहे हैं।

लेकिन साथियों,

टेक्नोलॉजी तभी परिणाम देती है, जब सिस्टम उसे अपनाएं, संस्थाएं उसे इंटीग्रेट करें और एंटरप्रेन्योर्स उस पर इनोवेशन खड़ा करें। इस वेबिनार में आपको इससे जुड़े सुझावों को मजबूती से सामने लाना होगा। हम टेक्नोलॉजी को कैसे सही तरीके से इंटीग्रेट करें, इस दिशा में इस वेबिनार से निकले सुझावों की बहुत बड़ी भूमिका होगी।

साथियों,

हमारी सरकार ग्रामीण समृद्धि के निर्माण के लिए प्रतिबद्ध है। प्रधानमंत्री आवास योजना, स्वामित्व योजना, पीएम ग्रामीण सड़क योजना, स्वयं सहायता समूहों को आर्थिक मदद, इसने रूरल इकोनॉमी को निरंतर मजबूत किया है। लखपति दीदी अभियान की सफलता को भी हमें नई ऊंचाई देनी है। अभी तक गांव की 3 करोड़ महिलाओं को लखपति दीदी बनाने में हम सफल हो चुके हैं। अब 2029 तक, 2029 तक 3 करोड़ में और 3 करोड़ जोड़ना है, और 3 करोड़ और लखपति दीदियां बनाने का लक्ष्य तय किया गया है। ये लक्ष्य और तेजी से कैसे प्राप्त किया जाए, इसे लेकर भी आपके सुझाव महत्वपूर्ण होंगे।

साथियों,

देश में स्टोरेज का बहुत बड़ा अभियान चल रहा है। लाखों गोदाम बनाए जा रहे हैं। स्टोरेज के अलावा एग्री एंटरप्रेन्योर्स प्रोसेसिंग, सप्लाई चैन, एग्री-टेक, एग्री-फिनटेक, एक्सपोर्ट, इन सब में इनोवेशन और निवेश बढ़ाना आज समय की मांग है। मुझे विश्वास है आज जो आप मंथन करेंगे, उससे निकले अमृत से ग्रामीण अर्थव्यवस्था को नई ऊर्जा मिलेगी। आप सबको इस वेबिनार के लिए मेरी बहुत-बहुत शुभकामनाएं हैं, और मुझे पूरा विश्वास है कि जमीन से जुड़े हुए विचार, जड़ों से जुड़े हुए विचार, इस बजट को सफल बनाने के लिए, गांव-गांव तक पहुंचाने के लिए बहुत काम आएंगे। आपको बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद। नमस्कार।