মণিপুৰৰ ৰেল সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছেঃ প্ৰধানমন্ত্ৰী
আমি মণিপুৰত দৰিদ্ৰ লোক-অনুকূল উন্নয়ন পদক্ষেপৰাজি আগবঢ়াই আছোঁঃ প্ৰধানমন্ত্ৰী
মণিপুৰত আশা আৰু বিশ্বাসৰ এক নতুন প্ৰভাত হৈছেঃ প্ৰধানমন্ত্ৰী
আমি মণিপুৰক শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছোঁঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী অজয় ​​ভাল্লা ডাঙৰীয়া, ৰাজ্য প্ৰশাসনৰ আন-আন বিষয়াবৰ্গ আৰু মোৰ সন্মুখত উপস্থিত মণিপুৰৰ মোৰ ভাই-ভনীসকল। আপোনালোক আটাইকে নমস্কাৰ জনালোঁ।

মণিপুৰ সাহস আৰু বীৰত্বৰ ভূমি। ইয়াৰ শাৰী-শাৰী পাহাৰ প্ৰকৃতিৰ এক বহুমূলীয়া উপহাৰ আৰু এই পাহাৰসমূহ আপোনালোক সকলোৰে অক্লান্ত শ্ৰমৰ প্ৰতীকো। মই মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাইছোঁ। আজি ধাৰাষাৰ বৰষুণৰ মাজতো আপোনালোক হিলদ’ল ভাঙি ইয়ালৈ আহিছে, এই স্নেহৰ বাবে আপোনাসৱৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। প্ৰবল বৃষ্টিপাতৰ বাবে মোৰ হেলিকপ্টাৰখন ইয়ালৈ নহাত পথেৰেই অহাৰ সিদ্ধান্ত লৈছিলোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাস্তাত দেখা পোৱা দৃশ্যসমূহে মোক সন্তোষ প্ৰদান কৰিলে। মোৰ মনে কৈছে ভগৱানে ভালেই কৰিলে। মোৰ হেলিকপ্টাৰখন নহাৰ বাবে মই এই দৃশ্য দেখিবলৈ পালোঁ। মই ৰাস্তাৰে আহি থাকোঁতে আবাল-বৃদ্ধ-বনিতা সকলোৱে মোক যিদৰে মৰম দিলে, হাতত ত্ৰিৰংগা লৈ সকলোৱে সম্ভাষণ জনোৱা কাৰ্য্যক মই কেতিয়াও পাহৰিব নোৱাৰিম। মই মূৰ দোঁৱাই মণিপুৰবাসীক প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

অঞ্চলটোৰ সংস্কৃতি, পৰম্পৰা, বৈচিত্ৰ্য আৰু স্পন্দনশীলতা ভাৰতৰ এক প্ৰধান শক্তি। “মণিপুৰ” নামটোৰ মূল শব্দ হৈছে “মণি” আৰু সেই মুকুতাৰ দৰেই ৰাজ্যখনেও আগন্তুক সময়ছোৱাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উজ্জ্বলতা বৃদ্ধি কৰিব। ভাৰত চৰকাৰে মণিপুৰৰ উন্নয়নৰ যাত্ৰাক ত্বৰান্বিতকৰণৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। এই মনোভাৱেৰেই আজি মই মণিপুৰৰ ৰাইজৰ মাজলৈ আহিছোঁ। আজি প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন কৰা হৈছে। এইসমূহ প্ৰকল্পই মণিপুৰৰ জনসাধাৰণৰ, বিশেষকৈ পাহাৰত বসবাস কৰা জনজাতীয় সমাজসমূহৰ জীৱনযাত্ৰাৰ অগ্ৰগতি সাধন কৰিব। উক্ত প্ৰকল্পসমূহে অঞ্চলটোৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সা-সুবিধাৰ উন্মেষ ঘটাব। মই মণিপুৰ আৰু চুৰাচান্দপুৰৰ ৰাইজক এই নতুন পদক্ষেপসমূহৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

সীমান্তৱৰ্তী এখন ৰাজ্য হিচাপে মণিপুৰৰ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সদায় এক বৃহৎ প্ৰত্যাহ্বানে দেখা দি আহিছে। উন্নত পথৰ অভাৱৰ বাবে জনসাধাৰণ অসুবিধাৰ সন্মুখীন হৈ আহিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ উদ্বেগ হৃদয়ংগম কৰিছে। ২০১৪-ৰ পৰাই মই মণিপুৰৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে মনোনিৱেশ কৰি আহিছোঁ আৰু ভাৰত চৰকাৰে এই সমস্যা সমাধানৰ বাবে দুটা স্তৰত কাম কৰি আহিছে। প্ৰথমে মণিপুৰৰ ৰেল আৰু পথ আন্তঃগাঁথনিৰ বাজেট বহুগুণে বৃদ্ধি কৰা হৈছিল। দ্বিতীয়তে, কেৱল চহৰসমূহলৈকে নহয়, বৰঞ্চ গাঁৱসমূহলৈকো পথ সংযোগ সম্প্ৰসাৰণৰ প্ৰয়াস কৰা হৈছিল।

বন্ধুসকল,

শেহতীয়া বছৰ কেইটাত ইতিমধ্যে অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ক্ষেত্ৰত ৩,৭০০ কোটি টকা ব্যয় কৰা হৈছে। ৰাজ্যখনত ৮,৭০০ কোটি টকা মূল্যৰ নতুন ঘাইপথ প্ৰকল্পৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। পূৰ্বে এই অঞ্চলৰ গাঁওসমূহলৈ আহ-যাহ কৰাটো অত্যন্ত কঠিন কাম আছিল— এই সম্পৰ্কে ইয়াৰ জনসাধাৰণ ভালদৰে অৱগত। কিন্তু এতিয়া শ-শ গাঁৱলৈ পথ সংযোগ সম্প্ৰসাৰিত হৈছে। ইয়াৰ ফলশ্ৰুতিত পাহাৰীয়া গাঁও আৰু জনজাতীয় সমাজসমূহ যথেষ্ট উপকৃত হৈছে।

 

বন্ধুসকল,

আমাৰ চৰকাৰৰ আমোলত মণিপুৰৰ ৰেল সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছে। জিৰিবাম–ইম্ফল ৰেল লাইনে অতি সোনকালেই ৰাজধানী ইম্ফলক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। এই প্ৰকল্পত চৰকাৰে ২২,০০০ কোটি টকা বিনিয়োগ কৰিছে। ৪০০ কোটি টকা ব্যয়-সাপেক্ষে নিৰ্মাণ কৰা ইম্ফল বিমানবন্দৰে অঞ্চলটোৰ বিমান সংযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিছে। এই বিমানবন্দৰৰ পৰা দেশৰ আন-আন প্ৰান্তলৈ হেলিকপ্টাৰ সেৱাও আৰম্ভ হৈছে। এনে ক্ৰমবৰ্ধমান যোগাযোগ ব্যৱস্থাই মণিপুৰৰ জনসাধাৰণৰ যাতায়াতৰ সা-সুবিধা বৰ্ধনৰ লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে।

বন্ধুসকল,

ভাৰতৰ দ্ৰুতগতিত উন্নয়ন সাধন হৈছে আৰু অতি সোনকালেই দেশখন বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। উন্নয়নৰ সুফলৰাজি দেশৰ প্ৰতিটো প্ৰান্তত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ আমি অহৰহভাৱে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ। এটা সময় আছিল যেতিয়া দিল্লীত কৰা এটা ঘোষণা মণিপুৰৰ দৰে অঞ্চলসমূহৰ লোকসকলে বাস্তৱত পৰিণত হোৱা দেখিবলৈ দশক-দশক সময় লাগিছিল। কিন্তু আজি চুৰাচান্দপুৰ আৰু মণিপুৰ ৰাষ্ট্ৰখনৰ বাকী অংশৰ সমান্তৰালভাৱে আগবাঢ়িছে। আমাৰ চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে পকী ঘৰ নিৰ্মাণৰ বাবে এখনি দেশজোৰা আঁচনি আৰম্ভ কৰিছে। মণিপুৰৰ হাজাৰ-হাজাৰ গৃহস্থীও এই পদক্ষেপৰ জৰিয়তে উপকৃত হৈছে। ইতিমধ্যে ৰাজ্যখনত প্ৰায় ৬০,০০০ এনে গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অঞ্চলটোত পূৰ্বে বিদ্যুতৰ ব্যাপক নাটনিৰ সমস্যাই দেখা দিছিল। কিন্তু চৰকাৰে ৰাইজক এই কষ্টৰ পৰা মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে আৰু ফলস্বৰূপে মণিপুৰৰ এক লাখৰো অধিক গৃহস্থীয়ে বিনামূলীয়া বিদ্যুৎ সংযোগ লাভ কৰিছে।

বন্ধুসকল,

মণিপুৰৰ মাতৃ-ভগ্নীসকলে দীৰ্ঘদিন ধৰি পানী লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছিল। এই সমস্যা সমাধানৰ বাবে চৰকাৰে ‘হৰ ঘৰ নল ছে জল’ আঁচনিৰ শুভাৰম্ভ কৰিলে। বিগত কেইবছৰমানৰ পৰা সমগ্ৰ দেশৰ ১৫ কোটিৰো অধিক গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে। ৭–৮ বছৰ পূৰ্বে মণিপুৰৰ মাত্ৰ ২৫,০০০ৰ পৰা ৩০,০০০ গৃহস্থীত পাইপেৰে পানী যোগানৰ ব্যৱস্থা আছিল। কিন্তু আজি ৰাজ্যখনৰ ৩.৫ লাখৰো অধিক গৃহস্থীয়ে টেপৰ পানীৰ সুবিধা লাভ কৰিছে। অতি সোনকালেই মণিপুৰৰ প্ৰতিঘৰ গৃহস্থীয়ে বাসস্থানতে পাইপেৰে পানী যোগান লাভ কৰিব বুলি মই আশাবাদী।

 

বন্ধুসকল,

পূৰ্বৰ সময়ছোৱাত পাহাৰীয়া আৰু জনজাতীয় অঞ্চলসমূহত উন্নত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় কেৱল সপোন আছিল। সেই সময়ছোৱাত ইয়াৰ ৰাইজৰ অসুস্থতাৰ বেলিকা কেৱল চিকিৎসালয়লৈ যাবলৈকে বহু সময় লাগিছিল। ভাৰত চৰকাৰৰ প্ৰচেষ্টাত এতিয়া পৰিস্থিতি সলনি হৈছে আৰু চুৰাচান্দপুৰত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। এতিয়া ইয়াত নতুন চিকিৎসকসকলে শিক্ষাগ্ৰহণ কৰিছে আৰু স্বাস্থ্যসেৱাৰ অগ্ৰগতি সাধন হৈছে। স্বাধীনতাৰ পিছতো বহু দশক ধৰি মণিপুৰৰ পাহাৰীয়া অঞ্চলসমূহত এখনো চিকিৎসা মহাবিদ্যালয় নাছিল। বৰ্তমানৰ চৰকাৰখনে এই সপোনক বাস্তৱ ৰূপ প্ৰদান কৰিছে। ‘পিএম-ডিভাইন’ আঁচনিৰ অধীনত চৰকাৰে ৰাজ্যখনৰ পাঁচখন পাহাৰীয়া জিলাত আধুনিক স্বাস্থ্য সেৱাৰ বিকাশ সাধন কৰি আছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আহিছে। এই আঁচনিৰ অধীনত মণিপুৰৰো প্ৰায় ২.৫ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিছে। এই সুবিধা অবিহনে ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালসমূহে নিজৰ সঞ্চয়ৰ পৰা ৩৫০ কোটি টকা ব্যয় কৰিবলগীয়া হ’লহেঁতেন। এই সমগ্ৰ ব্যয় ভাৰত চৰকাৰে বহন কৰিছে। প্ৰতিজন দৰিদ্ৰ নাগৰিকৰ উদ্বেগ দূৰ কৰাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

বন্ধুসকল,

মণিপুৰ আশা আৰু আকাংক্ষাৰ ভূমি। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই উল্লেখযোগ্য অঞ্চলটোক হিংসাই আগুৰি ধৰিছে। মই ক্ষন্তেক পূৰ্বে শিবিৰসমূহত বসবাস কৰা ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিছিলোঁ। তেওঁলোকৰ সৈতে মত-বিনিময় কৰিছিলোঁ। কিন্তু এতিয়া মণিপুৰত আশা আৰু বিশ্বাসৰ এক নতুন প্ৰভাত হৈছে।

বন্ধুসকল,

যিকোনো অঞ্চলৰ উন্নয়নৰ বাবে শান্তি প্ৰতিষ্ঠা কৰাটো অতিশয় প্ৰয়োজনীয় আৰু বিগত এঘাৰ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বহু দীৰ্ঘদিনীয়া সংঘাত তথা বিবাদৰ সমাধান কৰা হৈছে। জনতাই শান্তিৰ পথ বাছি লৈছে আৰু উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। শেহতীয়াকৈ পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ ভিন্ন গোটৰ সৈতে আলোচনা সম্পন্ন হোৱা কাৰ্য্য সন্তোষৰ কথা। এই প্ৰচেষ্টাসমূহ ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰেই অংশ। ইয়াৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ অৰ্থে পাৰস্পৰিক আলোচনা, সন্মানৰ মনোভাৱ আৰু পাৰস্পৰিক বুজাবুজিত গুৰুত্ব আৰোপ কৰা হৈছে। মই সকলো সংগঠনকে শান্তিৰ পথত আগবাঢ়ি যাবলৈ আৰু নিজৰ আকাংক্ষা পূৰণ কৰিবলৈ আহ্বান জনাইছোঁ। মই কওঁ যে মই ইয়াৰ জনসাধাৰণৰ সৈতে একেলগে থিয় দিছোঁ আৰু ভাৰত চৰকাৰ মণিপুৰবাসীৰ কাষত আছে।  

 

বন্ধুসকল,

মণিপুৰৰ জন-জীৱনক পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ ভাৰত চৰকাৰে যৎপৰোনাস্তি চেষ্টা গ্ৰহণ কৰিছে। চৰকাৰে স্থানচ্যুত হোৱা পৰিয়ালসমূহৰ বাবে ৭,০০০ নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। শেহতীয়াকৈ প্ৰায় ৩,০০০ কোটি টকাৰ বিশেষ পেকেজত অনুমোদন জনোৱা হৈছে। স্থানচ্যুত ব্যক্তিসকলক সহায়ৰ বাবে ৫০০ কোটি টকা বিশেষভাৱে আবন্টন জনোৱা হৈছে।

বন্ধুসকল,

মই মণিপুৰৰ জনজাতীয় যুৱক-যুৱতীসকলৰ সপোন আৰু সংগ্ৰামৰ বিষয়ে ভালদৰেই জ্ঞাত। সেয়েহে তেওঁলোকৰ উদ্বেগৰাজি দূৰ কৰিবলৈ একাধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰে স্থানীয় শাসন সংস্থাসমূহক সুদৃঢ়কৰণৰ বাবে কাম কৰি আছে আৰু তেওঁলোকৰ উন্নয়নৰ বাবে উপযুক্ত পুঁজিৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

আজি প্ৰতিখন জনজাতীয় সমাজৰ উন্নয়ন সাধন ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। পোন-প্ৰথমবাৰৰ বাবে জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত সমগ্ৰ মণিপুৰৰ ৫০০-ৰো অধিক গাঁৱৰ উন্নয়ন সাধনৰ কাম অব্যাহত আছে। জনজাতীয় অঞ্চলসমূহত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছে। মণিপুৰতো ১৮ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। বিদ্যালয়-মহাবিদ্যালয়সমূহৰ আধুনিকীকৰণে পাহাৰীয়া জিলাসমূহৰ শৈক্ষিক সা-সুবিধাসমূহৰ যথেষ্ট বৃদ্ধি ঘটাব।

 

বন্ধুসকল,

মণিপুৰৰ সংস্কৃতিয়ে সদায় নাৰী সবলীকৰণক প্ৰসাৰিত কৰি আহিছে। চৰকাৰে মহিলা সবলীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। মণিপুৰৰ কন্যাসকলক লালন-পালনৰ বাবে চৰকাৰে কৰ্মৰত মহিলাৰ হোষ্টেল নিৰ্মাণ কৰি আছে।

বন্ধুসকল,

আমি মণিপুৰক শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছোঁ। মই ৰাইজক মণিপুৰৰ উন্নয়নৰ বাবে, স্থানচ্যুত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে মণিপুৰ চৰকাৰক সম্ভৱপৰ সকলো ধৰণে সহায় কৰি যাব বুলি আশ্বাস প্ৰদান কৰিছোঁ। মই আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু আপোনালোকে মোক দিয়া মৰম তথা জনোৱা সন্মানৰ বাবে মণিপুৰবাসীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত সমস্বৰে কওঁচোন আহক-

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
MSMEs’ contribution to GDP rises, exports triple, and NPA levels drop

Media Coverage

MSMEs’ contribution to GDP rises, exports triple, and NPA levels drop
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of grasping the essence of knowledge
January 20, 2026

The Prime Minister, Shri Narendra Modi today shared a profound Sanskrit Subhashitam that underscores the timeless wisdom of focusing on the essence amid vast knowledge and limited time.

The sanskrit verse-
अनन्तशास्त्रं बहुलाश्च विद्याः अल्पश्च कालो बहुविघ्नता च।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥

conveys that while there are innumerable scriptures and diverse branches of knowledge for attaining wisdom, human life is constrained by limited time and numerous obstacles. Therefore, one should emulate the swan, which is believed to separate milk from water, by discerning and grasping only the essence- the ultimate truth.

Shri Modi posted on X;

“अनन्तशास्त्रं बहुलाश्च विद्याः अल्पश्च कालो बहुविघ्नता च।

यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥”