A very special day for Rajasthan, development initiatives across aviation, energy and connectivity will strengthen infrastructure, accelerate growth and improve ease of living: PM
Regardless of how massive and unforeseen a challenge may be, New India neither backs away from its resolves nor slows its momentum: PM
Today itself, the new airport terminal was inaugurated in Jodhpur; this will provide a new impetus to tourism, trade, and employment in the Marwar region: PM
The resolve and efforts of the 21st century's New India have triumphed over the greatest energy crisis of the 21st century: PM
India made the right decisions at every level, accurately assessed the crisis in a timely manner, formulated an effective strategy, and utilized India's resources in a balanced way; It positively leveraged India's diplomatic power, and that is how India managed to emerge from the crisis: PM
India made the right decisions at every level and managed to emerge from the energy crisis: PM
Today, I thank and express my gratitude to our 1.4 billion citizens for the resolute way they stood by the country during these difficult times: PM
It is on the strength of the trust of our 1.4 billion citizens that the nation has been able to move forward: PM
Now, the governments of Rajasthan and Haryana will collaborate to deliver water to Shekhawati, benefiting the people of the entire adjoining Shekhawati region: PM

ভাৰত মাতা কি জয়।

ভাৰত মাতা কি জয়।

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

মোক কোৱা হৈছে যে আজি ৰাজস্থানৰ ১০-১২ হাজাৰ স্থানত এই কাৰ্যসূচীৰ বাবে লাখ লাখ লোক একত্ৰিত হৈছে। এতিয়াও মই স্ক্ৰীণখনলৈ চালে কেৱল মানুহ, মানুহ আৰু মানুহহে দেখা পাইছো। প্ৰযুক্তিৰ জৰিয়তে ৰাজস্থানৰ প্ৰতিটো প্ৰান্তৰ পৰা মোৰ ভাই-ভনীসকল ইয়াত সংযোজিত হৈছে আৰু মই তেওঁলোক সকলোকে প্ৰণাম জনাইছো।

বন্ধুসকল,

এই প্ৰচণ্ড গৰমত ইমানবোৰ ঠাইত এনে বৃহৎ সমাৱেশেৰে আমাক আশীৰ্বাদ কৰাটোৱে প্ৰমাণ কৰে যে বিজেপি চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ বিশ্বাস কিমান দৃঢ়। এই সমৰ্থন আৰু মৰমৰ বাবে মই ৰাজস্থানৰ মাটিৰ ওচৰত চিৰকৃতজ্ঞ।

 

ভাই-ভনীসকল,

এই ভূখণ্ঠই অগণন বীৰৰ বিক্ৰমৰ সাক্ষী হৈ আহিছে। এই ৰণক্ষেত্ৰৰ প্ৰতিটো ধূলিকণাই আমাক আত্মমৰ্যাদাক সকলোৰে ওপৰত ৰাখিবলৈ শিকাইছে। আৰু আত্মমৰ্যাদা ব্যক্তিৰেই হওক বা ৰাষ্ট্ৰৰে নহওক কিয়, কেৱল তেতিয়াহে উচ্চ হৈ থাকিব পাৰে, যেতিয়া ই স্বাৱলম্বী হয়, যেতিয়া ই আনৰ ওপৰত অতি কম নিৰ্ভৰ কৰে। আজি ৰাজস্থানৰ মাটিৰ পৰা ভাৰতে উন্নত আৰু স্বাৱলম্বী হোৱাৰ দিশত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি এই শোধনাগাৰটো দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰা হৈছে। এই শোধনাগাৰটোৱে ইয়াৰ হাজাৰ হাজাৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিব। এই শোধনাগাৰৰ বাবে মই বিশেষকৈ ৰাজস্থানৰ যুৱপ্ৰজন্মক অভিনন্দন জনাইছো।

বন্ধুসকল,

আজিৰ দিনটোৱে প্ৰমাণ কৰে যে বিজেপি চৰকাৰসমূহে কেৱল আধাৰশিলা স্থাপন কৰিয়েই ক্ষান্ত নাথাকে; আমি প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ দিনে-নিশাই কাম কৰোঁ। মাত্ৰ দুমাহ পূৰ্বে ইয়াত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতো যি ক্ষিপ্ৰতাৰে কাম সম্পূৰ্ণ কৰা হ’ল, সেয়া এক অসাধাৰণ প্ৰচেষ্টাৰ উদাহৰণ। আপোনালোকে দেখুৱাই দিলে যে প্ৰত্যাহ্বান যিমানেই ডাঙৰ বা অপ্ৰত্যাশিত নহওক কিয়, নতুন ভাৰতে নিজৰ সংকল্পৰ পৰা পিছহুহকি নাহে আৰু ইয়াৰ গতিও লেহেমীয়া হ'বলৈ নিদিয়ে।

ভাই-ভনীসকল,

আজি ৰাজস্থানত উন্নয়নৰ আন বহুতো মাইলৰ খুঁটি স্থাপন কৰা হৈছে। আজিয়েই যোধপুৰত নতুন বিমানবন্দৰ টাৰ্মিনেল উদ্বোধন কৰা হৈছে। মই ছচিয়েল মিডিয়াত দেখিবলৈ পালোঁ যে নতুন টাৰ্মিনেলটোৰ স্থাপত্য আৰু অভ্যন্তৰীণ সজ্জা সকলোতে ট্ৰেণ্ড হৈ পৰিছে—চৌপাশে কেৱল ৰাজস্থানৰ ৰং দৃশ্যমান হৈছে।

বন্ধুসকল,

ই মাৰৱাড়ৰ পৰ্যটন, বাণিজ্য আৰু নিয়োগৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব। যোধপুৰৰ সৈতে জড়িত সকলোকে মই বিশেষভাৱে সম্ভাষণ জনাইছো। যোধপুৰৰ পৰাই আজিপৰা ‘উড়ান’ আঁচনিৰ এক নতুন পৰ্যায়ো আৰম্ভ হৈছে। ইয়াৰ অধীনত সৰু চহৰ আৰু দুৰ্গম অঞ্চলসমূহক বিমান সংযোগৰ জৰিয়তে সংযোগ কৰা হ’ব। ইয়াৰ সমান্তৰালভাৱে জয়পুৰৰ মেট্ৰ’ও সম্প্ৰসাৰণ কৰা হ’ব।

 

ভাই-ভনীসকল,

শ্বেখাৱাটী অঞ্চলৰ পানীৰ সংকট সমাধানৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰো অন্ত পৰিবলৈ গৈ আছে। এই সকলোবোৰ প্ৰকল্পৰ বাবে মই ৰাজস্থানৰ মোৰ ভাই-ভনীসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজি ৰাজস্থানৰ প্ৰায় ৫৪,০০০ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰও লাভ কৰিছে। মই তেওঁলোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকৰ যুৱ শক্তিয়ে ৰাজস্থানৰ উজ্জ্বল ভৱিষ্যতক আৰু অধিক শক্তিশালী কৰিব।

বন্ধুসকল,

ৰাজস্থানৰ এই মাটিৰ পৰা মই আমাৰ দেশৰ আন এক শক্তিৰ বিষয়েও ক’ব বিচাৰো। আপোনালোকে দেখিবলৈ পাইছে যে পশ্চিম এছিয়াৰ যুদ্ধই কেনেকৈ সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে। প্ৰতিখন দেশেই চিন্তিত। এই যুদ্ধই একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ শক্তি সংকটৰ সৃষ্টি কৰিছে। ডাঙৰ ডাঙৰ ৰাষ্ট্ৰসমূহে ইন্ধনৰ নাটনিৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে।

কিন্তু বন্ধুসকল,

একবিংশ শতিকাৰ এই আটাইতকৈ ডাঙৰ শক্তি সংকটৰ বিৰুদ্ধে একবিংশ শতিকাৰ নতুন ভাৰতৰ ইচ্ছাশক্তি আৰু প্ৰচেষ্টা জয়ী হৈছে। ভাৰতে প্ৰতিটো স্তৰতে সঠিক সিদ্ধান্ত লৈছিল, সময়মতে সংকটৰ মূল্যায়ন কৰিছিল, কাৰ্যকৰী ৰণনীতি প্ৰস্তুত কৰিছিল, সম্পদসমূহ সন্তুলিতভাৱে ব্যৱহাৰ কৰিছিল আৰু নিজৰ কূটনৈতিক শক্তিক ইতিবাচকভাৱে প্ৰয়োগ কৰিছিল। এইদৰেই ভাৰতে এই সংকট অতিক্ৰম কৰিলে।

বন্ধুসকল,

যেতিয়া কিছুমান শক্তি ৰাজহুৱাভাৱে উৰাবাতৰি আৰু ভয় বিয়পোৱাত ব্যস্ত আছিল, তেতিয়া আঁৰত দিনে-নিশাই ব্যাপক কাম চলি আছিল। নীতিগত আৰু কূটনৈতিক পৰ্যায়ত গ্ৰহণ কৰা ধৈৰ্য্য, প্ৰচেষ্টা আৰু সংবেদনশীল পদক্ষেপসমূহ—ইতিহাসে এদিন ইয়াক অভূতপূৰ্ব বুলি লিপিৱদ্ধ কৰিব। মই এটা উদাহৰণ দিওঁ: এলপিজি, বা ৰন্ধন গেছ। আমি সকলোৱে জানো যে আমাৰ এলপিজিৰ প্ৰয়োজনৰ প্ৰায় ৬০ শতাংশ আমদানি কৰা হৈছিল আৰু তাৰ ৯০ শতাংশই হৰমুজ প্ৰণালীৰ জৰিয়তে উপসাগৰীয় দেশসমূহৰ পৰা আহিছিল। হঠাৎ যুদ্ধৰ পৰিস্থিতিয়ে সেই যোগান প্ৰায় বন্ধ কৰি দিলে। আপোনালোকে কল্পনা কৰিব পাৰে যে আমাৰ দেশত কেনে ধৰণৰ হাহাকাৰ হ’ব পাৰিলেহেঁতেন। কিন্তু ৰাজস্থানৰ মাটিয়ে আমাক প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনাবলৈ শিকাইছে। সেইবাবেই সংকট আৰম্ভ হোৱাৰ লগে লগে আমি শোধনাগাৰসমূহৰ ক্ষমতাৰ ওপৰত গুৰুত্ব দিলোঁ। ঔদ্যোগিক ব্যৱহাৰৰ গেছ উৎপাদন বন্ধ কৰি এলপিজি উৎপাদনৰ দিশত ব্যৱহাৰ কৰা হ’ল। মাত্ৰ সাত দিনৰ ভিতৰত এলপিজি উৎপাদন বৃদ্ধি পালে, পূৰ্বৰ ৩৫,০০০ মেট্ৰিক টনৰ পৰা সংকটৰ সময়ত ৫৪,০০০ মেট্ৰিক টন হ’লগৈ। পূৰ্বে কেতিয়াও এলপিজি উৎপাদন নকৰা শোধনাগাৰসমূহকো ইয়াৰ বাবে প্ৰস্তুত কৰা হ’ল।

 

বন্ধুসকল,

সমগ্ৰ চাহিদাৰ বোজা যাতে অকল এলপিজিৰ ওপৰত নপৰে, তাৰ বাবে চৰকাৰে পিএনজি সংযোগ অৰ্থাৎ পাকঘৰৰ বাবে পাইপলাইনযুক্ত প্ৰাকৃতিক গেছৰো সম্প্ৰসাৰণ কৰিলে। অতি কম সময়ৰ ভিতৰতে ভাৰতে ১১ লাখতকৈও অধিক পৰিয়ালক পিএনজিৰ সৈতে সংযোগ কৰিলে।

ভাই-ভনীসকল,

এফালে আমি যোগান নিশ্চিত কৰিলোঁ, আনফালে ঘৰুৱা গ্ৰাহকৰ ওপৰত যাতে গধুৰ বোজা নপৰে, তাকো চালোঁ। সেই পৰিস্থিতিত এটা ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ২,০০০ টকালৈকে বৃদ্ধি পাব পাৰিলেহেঁতেন, সেয়া আছিল ডাঙৰ ডাঙৰ বজাৰ বিশেষজ্ঞৰ অনুমান। কিন্তু এতিয়াও ঘৰুৱা এলপিজি চিলিণ্ডাৰ ৯৫০ টকাতকৈ কম মূল্যত যোগান ধৰা হৈছে। দৰিদ্ৰ লোকসকলৰ বাবে উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ মূল্য ৬৫০ টকাতকৈ কম। মাত্ৰ দুদিন পূৰ্বে চৰকাৰে বাণিজ্যিক গেছৰ মূল্যও বহু পৰিমাণে হ্ৰাস কৰিছে। ইয়াৰ পৰা দেখা যায় আমাৰ চৰকাৰে কিমান সংবেদনশীলতাৰে কাম কৰি আছে।

বন্ধুসকল,

যুদ্ধই ডিজেল আৰু পেট্ৰ’লৰ ক্ষেত্ৰতো এক ডাঙৰ সংকটৰ সৃষ্টি কৰিছিল। আমাৰ দেশত ডাঙৰ তেলৰ কুঁপ নাই। যেতিয়া সংকট গভীৰ হৈছিল, খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰৰ পৰা ১২০ ডলাৰলৈ বৃদ্ধি পাইছিল। আমদানিৰ পথ বন্ধ হৈ পৰিছিল। বহু দেশত ডিজেল আৰু পেট্ৰ’লৰ মূল্য ৪০ ৰ পৰা ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছিল। কিছুমান দেশত ইন্ধন আনকি কোটা ভিত্তিত বিতৰণ কৰা হৈছিল। কিন্তু ভাৰতত এটা দিনৰ বাবেও তেনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। উৰাবাতৰি বিয়পোৱা হৈছিল, মানুহক ভয় খুৱাই দিয়া হৈছিল, ৰাজনীতি কৰা হৈছিল, কিন্তু অসৎ উদ্দেশ্য থকাসকল সফল নহ’ল। আনকি দুৰ্গম অঞ্চলসমূহতো সামান্য বাধাৰ বাহিৰে কোনো ডাঙৰ যোগান সংকট হোৱা নাছিল। কেৱল এপ্ৰিল আৰু জুন মাহৰ ভিতৰতে তেল কোম্পানীসমূহে ডিজেল আৰু পেট্ৰ’লত ৭৫,০০০ কোটিতকৈও অধিক টকাৰ লোকচান ভৰিবলগীয়া হৈছিল। সেয়া এটা নতুন শোধনাগাৰ নিৰ্মাণৰ খৰচৰ সমান। চৰকাৰী কোষাগাৰে এই বোজা বহন কৰিলে। আমি আবকাৰী শুল্কও প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰিলোঁ, যাৰ ফলত ৰাইজৰ ওপৰত অতিৰিক্ত চাপ নপৰাটো নিশ্চিত হ’ল।

 

বন্ধুসকল,

যুদ্ধৰ এই সময়ছোৱাত আন দেশৰ সৈতে ভাৰতৰ বন্ধুত্ব অমূল্য প্ৰমাণিত হ’ল। এই সংকটৰ পূৰ্বে ভাৰতে প্ৰায় ২৫-২৬ খন দেশৰ পৰা ইন্ধন আৰু শক্তি আমদানি কৰিছিল। কিন্তু সংকটৰ সময়ত ভাৰতৰ কূটনীতি জিলিকি উঠিল। আন ৰাষ্ট্ৰৰ সৈতে আমাৰ সুদৃঢ় সম্পৰ্কই আমাক বহুখিনি সহায় কৰিলে। ভাৰতে ৪০ খনতকৈও অধিক দেশৰ পৰা ইন্ধন আমদানি কৰিবলৈ আৰম্ভ কৰিলে। ভাৰতে বিশ্বক এক স্পষ্ট বাৰ্তা দিলে: আমাৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু নাগৰিকৰ কল্যাণেই সৰ্বোপৰি। 'নাগৰিক দেৱো ভৱ', এয়াই আমাৰ মন্ত্ৰ।

বন্ধুসকল,

দেশে হঠাতে অহা এনে এক প্ৰত্যাহ্বানক কোনো সংযোগবশতঃ অতিক্ৰম কৰা নাই। ইয়াৰ আঁৰত আছে এক দশকতকৈও অধিক সময় ধৰি অনুসৰণ কৰা দূৰদৰ্শী নীতিৰ সফলতা। আজি আমি ৰাজস্থান ৰিফাইনেৰী উদ্বোধন কৰিছো। আমি ২০১৭ চনতে ইয়াৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ। কিন্তু ২০১৮ চনৰ পৰা ২০২৩ চনলৈ ৰাজস্থানত কংগ্ৰেছ চৰকাৰ আছিল। তেওঁলোকৰ অসহযোগিতাৰ বাবে ইয়াত কাম প্ৰায় স্তব্ধ হৈ পৰিছিল। কিন্তু ডাবল ইঞ্জিন চৰকাৰ অহাৰ লগে লগে কাম দ্ৰুতগতিত আগবাঢ়িল আৰু আজি আমি ইয়াক দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিছোঁ। আপোনালোকে মোৰ কাৰ্যশৈলী জানে, আমি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰোঁ, সেইবোৰ উদ্বোধন কৰোঁ। এইদৰেই ভাৰতে নিজৰ শোধনাগাৰ ক্ষমতা ক্ৰমাগতভাৱে সম্প্ৰসাৰণ কৰি আহিছে। আমেৰিকাত যোৱা ৫০ বছৰত এটাও নতুন শোধনাগাৰ নিৰ্মাণ হোৱা নাই। ইউৰোপৰ শোধনাগাৰ ক্ষমতা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ইফালে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম শোধনাগাৰ ক্ষমতা সম্পন্ন দেশ হিচাপে পৰিগণিত হৈছে। আৰু আমি ইয়াতে থমকি ৰোৱা নাই, অনাগত বছৰবোৰত এই ক্ষমতা আৰু বৃদ্ধি পাব। এই প্ৰচেষ্টাসমূহৰ বাবেই ভাৰতে শতিকাৰ আটাইতকৈ ডাঙৰ শক্তি সংকটৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তাক অতিক্ৰম কৰিবলৈ সক্ষম হ’ল।

বন্ধুসকল,

বিশ্বজুৰি হোৱা যুদ্ধ আৰু অশান্তিয়ে আমাৰ কৃষকসকলৰ বাবেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। বৰ্তমানৰ পশ্চিম এছিয়াৰ সংকট, উপসাগৰীয় সংকট আৰু ইয়াৰ পূৰ্বে ইউক্ৰেইন যুদ্ধই বিশ্বজুৰি সাৰৰ নাটনিৰ সৃষ্টি কৰিছিল। ইউক্ৰেইন যুদ্ধৰ পিছত এটা ইউৰিয়া বেগৰ মূল্য ৩,০০০ টকাতকৈ ওপৰলৈ বৃদ্ধি পাইছিল। কিন্তু আমি আমাৰ কৃষকসকলক প্ৰতি বেগ ইউৰিয়া মাত্ৰ ৩০০ টকাতে যোগান ধৰি থাকিলোঁ। ইয়াৰ বাবে চৰকাৰে কোষাগাৰৰ পৰা লাখ লাখ কোটি টকা খৰচ কৰি ৰাজসাহায্য দিলে। যোগান শৃংখল ব্যাহত হৈছিল যদিও ভাৰতে ইয়াৰ সমাধান বিচাৰি উলিয়ালে। চৰকাৰে বিকল্প পথৰ সন্ধান কৰিলে। সাৰ সংগ্ৰহৰ বাবে বহু দেশত থকা আমাৰ দূতাবাসসমূহক বিশেষ দায়িত্ব দিয়া হৈছিল। আমদানিৰ সমান্তৰালভাৱে আমি ঘৰুৱা উৎপাদন বৃদ্ধি কৰিলোঁ। আমি প্ৰাকৃতিক কৃষিৰ দৰে বিকল্পকো প্ৰসাৰিত কৰিলোঁ। আৰু আমি চোৰাং বজাৰ তথা ক’লা বজাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ।

 

বন্ধুসকল,

একেদৰে আমি আমাৰ উদ্যোগ আৰু এমএছএমইসমূহৰো যত্ন লৈছিলোঁ। এমএছএমইসমূহে বৰ্ধিত ব্যয়ৰ মুখামুখি হৈছিল। গতিকে, আমি জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টি আঁচনিৰ এক নতুন পৰ্যায় আৰম্ভ কৰিলোঁ। এই আঁচনিৰ অধীনত বেংকসমূহে এমএছএমইসমূহক ২০ শতাংশ পৰ্যন্ত অতিৰিক্ত ঋণ প্ৰদান কৰিছিল আৰু চৰকাৰে এই ঋণৰ বাবে ১০০ শতাংশ গেৰাণ্টি দিছিল আৰু এয়াই হৈছে মোদীৰ গেৰাণ্টি। ইয়াৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগ আৰু কুটিৰ উদ্যোগসমূহ বিশেষভাবে উপকৃত হৈছিল। এনে সিদ্ধান্তৰ ফলস্বৰূপে আজি আমাৰ ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগসমূহ সুৰক্ষিত অনুভৱ কৰিছে।

বন্ধুসকল,

আমাৰ চৰকাৰে ধাৰাবাহিকভাৱে সিদ্ধান্ত লৈ আহিছে কাৰণ ভাৰতৰ শক্তিৰ ওপৰত আমাৰ বিশ্বাস আছিল। আমাৰ নাগৰিকসকলৰ ক্ষমতা আৰু বুদ্ধিমত্তাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছিল। আজি মই ১৪০ কোটি ভাৰতীয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। কঠিন সময়ত দেশৰ কাষত দৃঢ়তাৰে থিয় দিয়াৰ বাবে, উৰাবাতৰি, ভয় আৰু বিভ্ৰান্তিৰ বিৰোধিতা কৰাৰ বাবে, অস্থিৰতা বিয়পোৱাৰ ষড়যন্ত্ৰক পৰাস্ত কৰাৰ বাবে মই দেশবাসীক প্ৰণাম জনাইছো। এই বিশ্বাসেই দেশখনক আগুৱাই লৈ গৈছে। যিসকলে ভাৰতক ব্যৰ্থ হোৱা দেখিবলৈ বিচাৰিছিল, আনকি ব্যৰ্থতাৰ ভৱিষ্যদ্বাণীও কৰিছিল, তেওঁলোক আজি নিশ্চয় হতাশাত ডুবি গৈছে।

বন্ধুসকল,

উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ সমান্তৰালভাৱে মই মাৰ নামত এটা খেজৰি  গছৰ পুলি ৰোপণ কৰাৰ সৌভাগ্যও লাভ কৰিছিলোঁ। ৰাজস্থানত খেজৰি গছৰ গুৰুত্ব কিমান, মই জানো। মৰুভূমিৰ সম্প্ৰসাৰণ ৰোধ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই গছপুলি ৰোপণো আমাৰ কাৰ্য-সংস্কৃতিৰ এক উদাহৰণ। আমি আমাৰ পৰিৱেশক সুৰক্ষা দিয়াৰ সমান্তৰালভাৱে প্ৰগতিৰ নতুন শিখৰত উপনীত হ'ব লাগিব। এই দৃষ্টিভংগীৰে আমাৰ চৰকাৰে শক্তিৰ বিকল্প উৎসৰ ওপৰত কাম কৰি আছে। বিশেষকৈ ইয়াত ৰাজস্থানত, সূৰ্য্য দেৱতাৰ আশীৰ্বাদধন্য এই ভূমিত বিশ্বমানৰ সৌৰ উদ্যান গঢ়ি তোলা হৈছে। 'পিএম সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি'ৰ অধীনত ৰাজস্থানৰ ১,৫০,০০০ তকৈও অধিক ঘৰ ইতিমধ্যে সৌৰ শক্তিৰ সৈতে সংযোগ কৰা হৈছে। 'পিএম কুসুম আঁচনি'ৰ অধীনত ৰাজস্থানৰ কৃষকসকলক ৬৫,০০০তকৈ অধিক সৌৰ পাম্প প্ৰদান কৰা হৈছে।

 

বন্ধুসকল,

সংকল্পৰ আঁৰৰ উদ্দেশ্য যদি স্পষ্ট হয়, তেন্তে আটাইতকৈ কঠিন সংকল্পও পূৰণ কৰিব পৰা যায়। বিজেপি আৰু কংগ্ৰেছৰ মাজত এইটোৱেই ডাঙৰ পাৰ্থক্য।

বন্ধুসকল,

ৰাজস্থানৰ পানীৰ সমস্যা সমাধান কৰাটো আন এক ডাঙৰ উদাহৰণ। আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ চৰকাৰসমূহে ৰাজস্থানৰ পানীৰ সংকট সমাধানৰ বাবে কেতিয়াও কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাছিল। কিন্তু বিজেপিয়ে বিভাজনৰ ৰাজনীতি নকৰে। বিজেপিয়ে 'ৰাষ্ট্ৰ প্ৰথম' ভাৱনাৰে কাম কৰে। যেতিয়া আমি গুজৰাতত পানীৰ প্ৰকল্পত কাম কৰি আছিলোঁ আৰু ৰাজস্থানৰ সৈতে পানী ভগাই লোৱাৰ প্ৰশ্ন উত্থাপন হৈছিল, মোৰ স্পষ্টকৈ মনত আছে, সমগ্ৰ ভাৰততে ৰাজ্যসমূহে পানীৰ বাবে দশক দশক ধৰি যুঁজ দি আহিছে। ৰাজস্থানৰ মানুহে ভাবিছিল গুজৰাতে নৰ্মদাৰ পানী ভগাই দিবনে নাই। কিন্তু আমাৰ ভাগ্য ভাল আছিল যে ৰাজস্থান আৰু গুজৰাত দুয়োখন ঠাইতে বিজেপি চৰকাৰ আছিল। সেই সময়ত মই গুজৰাতৰ মুখ্যমন্ত্ৰী আছিলোঁ আৰু ইয়াত বাইদেউ বসুন্ধৰা জী মুখ্যমন্ত্ৰী আছিল। আমি কোনো সংঘাত নোহোৱাকৈ, কোনো বিবাদ নোহোৱাকৈ, কোনো আন্দোলন বা যুদ্ধ নোহোৱাকৈ নৰ্মদাৰ পানী ৰাজস্থানৰ সৈতে ভগাই ল’লোঁ। আজি ৰাজস্থানৰ বহু গাঁৱে মাতৃ নৰ্মদাৰ পানী লাভ কৰিছে। অলপতে ভজনলাল জীয়ে এই সাফল্যৰ কথা আবেগিকভাৱে প্ৰকাশ কৰিছে।

ভাই-ভনীসকল,

এতিয়া ৰাজস্থান আৰু হাৰিয়ানা দুয়োখন ৰাজ্যতে বিজেপি চৰকাৰ থকাৰ বাবে প্ৰথমবাৰৰ বাবে পাৰস্পৰিক সন্মতিৰ জৰিয়তে সমাধান ওলাইছে। ৰাজস্থান আৰু হাৰিয়ানাই মিলি শ্বেখাৱাটীলৈ পানী আনিব। অলপতে এখন চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ অধীনত হাথনিকুণ্ড বেৰেজৰ পৰা ভূগৰ্ভস্থ পাইপলাইনৰ জৰিয়তে ৰাজস্থানলৈ পানী অনা হ’ব। ইয়াৰ দ্বাৰা ছিকাৰ, চুৰু, ঝুনঝুনু আৰু সমগ্ৰ শ্বেখাৱাটী অঞ্চলৰ লাখ লাখ লোক উপকৃত হ’ব। এই প্ৰকল্পত প্ৰায় ৩৪,০০০ কোটি টকা ব্যয় কৰা হ’ব।

বন্ধুসকল,

ভৱিষ্যতে উচ্চ যমুনা অৱবাহিকাত ৰেণুকা, লাখৱাৰ আৰু কিশাউ বান্ধ সম্পূৰ্ণ হ’লে ৰাজস্থান আৰু অধিক উপকৃত হ’ব। গাঁৱে গাঁৱে টেপৰ পানী যোগান ধৰাৰ কামো ক্ষিপ্ৰতাৰে আগবাঢ়িছে। ‘ৰামজল সেতু’ প্ৰকল্প এই দৃষ্টিভংগীৰে ফল। ইয়াৰ সমান্তৰালভাৱে ৰাজস্থানে ‘জল সঞ্চয়, জন ভাগীদাৰী’ অভিযানত ডাঙৰ ভূমিকা পালন কৰিছে। ইয়াৰ অধীনত সমগ্ৰ দেশতে প্ৰায় ২৫ লাখ চোক পিট  নিৰ্মাণ কৰা হৈছে। কেৱল ৰাজস্থানতে ১,২৫,০০০তকৈও অধিক চোক পিট নিৰ্মাণ কৰা হৈছে। ইয়াৰ দ্বাৰা পানী সংৰক্ষণ হৈছে আৰু ভূগৰ্ভস্থ পানীৰ স্তৰ উন্নত হৈছে। এই প্ৰচেষ্টাৰ বাবে মই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ তথা শ্বেখাৱাটীৰ ৰাইজক অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি যেতিয়াই দেশে কোনো সংকল্প লয় বা লক্ষ্য নিৰ্ধাৰণ কৰে, ৰাজস্থান ইয়াৰ কেন্দ্ৰবিন্দুত থাকে। ইয়াত অতি দ্ৰুতগতিত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। নতুন অভিলেখ গঢ়ি তোলা হৈছে। আজি জয়পুৰ মেট্ৰ’ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন আৰু যোধপুৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ উদ্বোধনে ৰাজস্থানৰ উন্নয়নক আৰু অধিক গতি দিব আৰু ইয়াক নতুন ডেউকা প্ৰদান কৰিব। জয়পুৰ মেট্ৰ’ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হ’লে জয়পুৰৰ মুঠ মেট্ৰ’ নেটৱৰ্ক ৫০ কিলোমিটাৰ অতিক্ৰম কৰিব। পূব-পশ্চিম আৰু উত্তৰ-দক্ষিণ মেট্ৰ’ নেটৱৰ্কসমূহ ইটোৰ সৈতে সিটো সংযোগ হ’ব। ইয়াৰ দ্বাৰা কেৱল থলুৱা বাসিন্দাৰ জীৱন সহজ হ’ব এনে নহয়, পৰ্যটকসকলৰ বাবেও অধিক সুবিধা হ’ব।

বন্ধুসকল,

অনাগত সময়ত আমি উন্নয়নৰ নতুন মাত্ৰাত উপনীত হ’ব লাগিব। মই নিশ্চিত যে আপোনালোকে ডাবল ইঞ্জিন চৰকাৰক এইদৰেই আশীৰ্বাদ দি থাকিব। আমি একেলগে ৰাজস্থানৰ বাবে এটা নতুন ভৱিষ্যত গঢ়ি তুলিম। এই বিশ্বাসেৰে মই পুনৰ এবাৰ ৰাজস্থান আৰু দেশবাসীক এই শোধনাগাৰ তথা অন্যান্য উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছো। মোৰ সৈতে কওক—

ভাৰত মাতা কী জয়।

ৰাজস্থানৰ শক্তি প্ৰদৰ্শন কৰিবলৈ দুয়োখন হাত ওপৰলৈ দাঙি কওক—

ভাৰত মাতা কি জয়।

ভাৰত মাতা কি জয়।

ভাৰত মাতা কি জয়।

আপোনালোকক বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”