Kisan Suryodaya Yojana will be a new dawn for farmers in Gujarat: PM Modi
In the last two decades, Gujarat has done unprecedented work in the field of health, says PM Modi
PM Modi inaugurates ropeway service at Girnar, says more and more devotees and tourists will now visit the destination

নমস্কাৰ,

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল জী, গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ শ্ৰী চি. আৰ. পাটিল জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়কসকলৰ লগতে মোৰ কৃষক ভাই-ভনীসকল, গুজৰাটৰ ভাই-ভনীসকল৷

মা অম্বেৰ আশীৰ্বাদত আজি গুজৰাটৰ বিকাশৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰা হৈছে৷ আজি কিষাণ সূৰ্যোদয় যোজনা, গিৰনাৰ ৰ’পৱে আৰু দেশৰ ভিতৰতে সৰ্ববৃহৎ তথা অত্যাধূনিক হৃদৰোগ চিকিৎসালয় গুজৰাটে লাভ কৰিছে৷ এই তিনিওটা প্ৰকল্প গুজৰাটৰ শক্তি, ভক্তি আৰু স্বাস্থ্যৰ প্ৰতীক৷ এই সকলো প্ৰকল্পৰ বাবে গুজৰাটবাসীক বহুক বহুত শুভেচ্ছা জনাইছো৷

ভাই-ভনীসকল, গুজৰাট সদায় অসাধাৰণ সামৰ্থ্যৰ লোকৰ জন্মভূমি৷ পূজ্য বাপু আৰু চৰ্দাৰ পেটেলৰ পৰা আদি কৰি গুজৰাটৰ বহু সুপুত্ৰই দেশৰ সামাজিক আৰু আৰ্থিক দিশত নেতৃত্ব বহন কৰি আহিছে৷ মই আনন্দিত হৈছো যে কিষাণ সূৰ্যোদয় যোজনাৰ জৰিয়তে গুজৰাটে পুনৰ এক নতুন আঁচনিৰে আগুৱাই যাব৷ সূজলাম-সুফলাম আৰু ছাউনী প্ৰকল্পৰ পাছত এতিয়া সূৰ্যোদয় যোজনাই গুজৰাটৰ কৃষকৰ বাবে মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷

কিষাণ সূৰ্যোদয় যোজনাত গুজৰাটৰ কৃষকসকলৰ প্ৰয়োজনীয়তাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হ’ব৷ বিদ্যুৎ ক্ষেত্ৰত বছৰ বছৰ ধৰি গুজৰাটত কাম চলি আছে, সেইটোৱে এই যোজনা আধাৰ হিচাপে কাম কৰিব৷ এটা সময় আছিল গুজৰাটত বিদ্যুৎ বহু নাটনি হৈ আছিল, ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰাটো প্ৰত্যাহ্বান হিচাপে ধৰা দিছিল৷ সন্তানৰ পঢ়া-শুনাই হওক, কৃষকৰ জলসিঞ্চনেই হওক, উদ্যোগৰ লাভেই হওক ইত্যাদি সকলোতে প্ৰভাৱিত কৰিছিল৷ সেয়েহে বিদ্যুতৰ উৎপাদনৰ পৰা আৰম্ভ কৰি ট্ৰান্সমিচনলৈকে, প্ৰতিটো ক্ষেত্ৰত সক্ষমতা সৃষ্টি কৰাৰ বাবে মিচন মোডত কাম কৰা হ’ল৷

গুজৰাট দেশত প্ৰথমখন ৰাজ্য, যি সৌৰ শক্তিৰ বাবে এক দশক পূৰ্বে ব্যাপক নীতি প্ৰস্তুত কৰিছিল৷ যেতিয়া ২০১০ত পাটনত সৌৰ শক্তি প্লাণ্টৰ উদ্বোধন কৰা হৈছিল, তেতিয়া কোনেও কল্পনাই কৰা নাছিল যে এদিন ভাৰতে বিশ্বক এক সূৰ্য, এক বিশ্ব, এক গ্ৰিডৰ মাৰ্গদৰ্শন কৰিব৷ বৰ্তমান উৎপাদন আৰু ব্যৱহাৰ দুয়োটা দিশতে ভাৰত বিশ্বৰ অগ্ৰণী দেশসমূহৰ অন্যতম৷ বিগত ৬ বছৰত দেশৰ সৌৰ শক্তিৰ উৎপাদনৰ দিশত ভাৰত বিশ্বৰ পঞ্চম স্থানত উপনীত হৈছে আৰু এই দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছে৷

ভাই-ভনীসকল,

যিসকল গাঁৱৰ সৈতে জড়িত নহয়, খেতি পথাৰৰ সৈতে জড়িত নহয়, তেওঁলোকে হয়তো নাজানে যে কৃষকসকলে জলসিঞ্চনৰ বাবে বেছিভাগ সময়তে ৰাতিহে বিদ্যুৎ লাভ কৰিছিল৷ তেনে ক্ষেত্ৰত কৃষকসকলে জলসিঞ্চনৰ সময়ত উজাগৰী নিশা পাৰ কৰিব লাগিছিল৷ জুনাগড় আৰু গিৰ সোমনাথৰ দৰে এলেকাত, য’ৰ পৰা কিষাণ সূৰ্যোদয় যোজনা আৰম্ভ হৈছে, তাত বন্য জীৱজন্তৰ অধিক বিপদ আছে৷ সেইবাবে কিষাণ সূৰ্যোদয় যোজনা কেৱল ৰাজ্যৰ কৃষকসকলকে সুৰক্ষাকে নিদিয়ে, বৰঞ্চ তেওঁলোকৰ জীৱনত নতুন সূৰ্য উদয় হ’ব৷ কৃষকসকলে ৰাতিৰ বিপৰীতে পুৱাৰে পৰা নিশা ৯ বজালৈকে তিনিটা ফেজত বিদ্যুৎ লাভ কৰিব, সেয়া নতুন সূৰ্যোদয়েই নহয় জানো৷

মই গুজৰাট চৰকাৰক ইয়াৰ বাবে অভিনন্দন জনাইছো যে বাকী ব্যৱস্থাসমূহত প্ৰভাৱিত নকৰাকৈ, ট্ৰান্সমিচনৰ সম্পূৰ্ণ নতুন সক্ষমতা সৃষ্টি কৰি এই কাম কৰা হৈছে৷ এই যোজনাৰ অধীনত অহা ২-৩ বছৰত প্ৰায় ৩.৫ হাজাৰ কিলোমিটাৰ চাৰ্কিট কিলোমিটাৰ নতুন ট্ৰান্সমিচন লাইন সংস্থাপনৰ কাম কৰা হ’ব৷ মোক জনোৱা মতে অহা কেইটামান দিনলৈকে সহস্ৰাধিক গাঁৱত এই যোজনা ৰূপায়ণ কৰা হ’ব৷ ইয়াৰে অধিকাংশ গাঁও আদিবাসী বসতি প্ৰধান এলেকা৷ যেতিয়া সম্পূৰ্ণ গুজৰাটত এই যোজনা সম্প্ৰসাৰণ কৰা হ’ব, তেতিয়া লাখ লাখ কৃষকৰ জীৱনত পৰিৱৰ্তন আহিব৷

বন্ধুসকল,

কৃষকৰ আয় দুগুন কৰাৰ বাবে, ব্যয় কম কৰাৰ বাবে, তেওঁলোকৰ অসুবিধা দূৰ কৰাৰ বাবে পৰিৱৰ্তিত সময়ৰ লগে লগে আমিও নিজৰ প্ৰয়াস বৃদ্ধি কৰিব লাগিব৷ কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী যিকোনো স্থানত বিক্ৰীৰ স্বাধীনতা প্ৰদান কৰাই হওক বা হাজাৰ হাজাৰ কৃষকক উৎপাদক সংগঠন গঠন কৰাই হওক অথবা জলসিঞ্চনৰ অসম্পূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰাৰ কামেই হওক বা দেশজুৰি কোটি কোটি কৃষকক ভূমি স্বাস্থ্য কাৰ্ড প্ৰদান কৰাই হওক ইত্যাদি সকলোবোৰ দেশক কৃষি খণ্ডৰ শক্তিশালী কৰাৰ লগতে কৃষকৰ সুবিধাৰ বাবে কৰা হৈছে৷ ইয়াৰ বাবে একেৰাহে নতুন নতুন আঁচনি লৈ অহা হৈছে৷

দেশত আজি অন্নদাতাক শক্তিদাতা হিচাপে গঢ়াৰ বাবে কাম কৰি থকা হৈছে৷ কুসুম যোজনাৰ অধীনত কৃষকসকল, কৃষক উৎপাদন সংগঠন, সমবায়, পঞ্চায়ত, এনে প্ৰতিটো সংস্থাৰ পৰিত্যক্ত ভূমিত সৰু সৰু সৌৰ প্লাণ্ট স্থাপনত সহায় কৰা হৈছে৷ দেশজুৰি লাখ লাখ কৃষকৰ সৌৰ পাম্প গ্ৰিডৰ জৰিয়তে জড়িত কৰা হৈছে৷ ইয়াৰ পৰা যি বিদ্যুৎ উৎপাদন হ’ব, সেয়া কৃষকৰ প্ৰয়োজনীয়তাৰ ভিত্তিত নিজৰ জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব আৰু অতিৰিক্ত বিদ্যুৎ বিক্ৰী কৰিব পাৰিব৷ দেশজুৰি প্ৰায় ১৭.৫লাখ কৃষক পৰিয়ালে সৌৰ পাম্পৰ জৰিয়তে উপকৃত হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলে জলসিঞ্চলনৰ সহায় লাভ কৰাৰ লগতে তেওঁলোকৰ অতিৰিক্ত আয়ো হ’ব৷

বন্ধুসকল,

গুজৰাটে বিজুলীৰ সমান্তৰালভাৱে জলসিঞ্চন আৰু খোৱা পানীৰ ক্ষেত্ৰতো সুন্দৰ কাম কৰিছে৷ এই কাৰ্যসূচীৰ সৈতে জড়িত আমি সকলোৱে জানো যে গুজৰাটত খোৱা পানীৰ স্থিতি কেনে৷ বছৰ বছৰ ধৰি বাজেটৰ অধিকাংশ ধন খোৱা পানীৰ বাবেই ব্যয় কৰা হয়৷  বহু লোকে নাজানে যে গুজৰাটৰ খোৱা পানীৰ ক্ষেত্ৰত আৰ্থিক বোজা অধিক আছিল৷ বিগত দই দশকৰ প্ৰচেষ্টাৰ অন্তত আজি গুজৰাটৰ সেই জিলাসমূহত, সেই গাঁওসমূহতো পানী প্ৰদান কৰা হৈছে, য’ত আগতে কোনোও ভাবিবও পৰা নাছিল৷

আজি যেতিয়া আমি চৰ্দাৰ সৰোবৰলৈ চাও, নৰ্মদা জীৰ পানী গুজৰাটৰ খৰাংপীড়িত এলেকালৈকে প্ৰদান কৰা নলাৰ নেটৱৰ্ক চাও, পানী গ্ৰিডৰ চাও, তেতিয়া গুজৰাটৰ জনসাধাৰাণৰ প্ৰচেষ্টাক লৈ গৌৰৱ অনুভৱ হয়৷  গুজৰাটৰ প্ৰায় ৮০শতাংশ ঘৰত আজি নলসংযোগী পানী প্ৰদান কৰা হৈছে৷ অতি শীঘ্ৰে গুজৰাট দেশৰ সেই ৰাজ্যসমূহৰ শাৰীত উপনীত হ’ব, য’ত প্ৰতিঘৰতে নলযোগে পানী প্ৰদান কৰা হ’ব৷ সাধাৰণতে যেতিয়া আজি গুজৰাটত কিষাণ সূৰ্যোদয় যোজনা আৰম্ভ হৈছে, তেতিয়া সকলোৱে এটা প্ৰণ, মন্ত্ৰ পুনৰ দোঁহাৰিব৷ সেয়া হৈছে-প্ৰতিটোপাল পানী, অধিক শস্য৷ যেতিয়া কৃষকসকলে দিনত বিদ্যুৎ লাভ কৰিব, তেতিয়া আমি অধিক পৰিমাণে পানী ৰাহি কৰাটো জোৰ দিব লাগিব৷ অন্যথা বিদ্যুৎ আহি আছে বুলিয়েই পানী হৈ থাকিবলৈ দি আৰামত বহি থাকিলে গুজৰাট ধ্বংস হৈ যোৱাই নহয়, পানীও শেষ হৈ যাব আৰু জীৱনো সমস্যাৰ সন্মুখীন হ’ব৷ দিনতে বিদ্যুৎ লাভৰ ফলত কৃষকসকলৰ বাব ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাটো সহজ হ’ব৷ গুজৰাটত ক্ষুদ্ৰ জলসিঞ্চনৰ ক্ষেত্ৰত যথেষ্ট প্ৰগতি হৈছে, কিষাণ সূযোদয় যোজনাই ইয়াক আৰু অধিক সম্প্ৰসাৰিত কৰিব৷

ভাই-ভনীসকল,

গুজৰাটত আজি ‘সৰ্বোদয়’ৰ লগতে ‘আৰোগ্যদয়ো’ হৈছে৷ এই ‘আৰোগ্যদয়’ নিজাকৈ এক নতুন দৃষ্টিভংগী৷ আজি ভাৰত সৰ্ববৃহৎ হৃদৰোগৰ হাস্পতাল হিচাপে ইউএন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজি এণ্ড ৰিছাৰ্চ চেণ্টাৰো উদ্বোধন কৰা হৈছে৷ এইখন দেশত সেইসমূহ অতিবিশিষ্ট চিকিৎসালয়ৰ অন্তৰ্গত, য’ত বিশ্বমান আন্তঃগাঁথনিও আছে আৰু সেইদৰে আধূনিক স্বাস্থ্য সুবিধাও আছে৷ পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে হৃদৰোগজনিত সমস্যা দিনে দিনে বৃদ্ধি পাইছে৷ সৰু সৰু ল’ৰা-ছোৱালীও এই ৰোগত আক্ৰান্ত হৈছে৷ এই চিকিৎসালয় কেৱল গুজৰাটৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও ডাঙৰ সুবিধা৷

ভাই-ভনীসকল,

বিগত দুটা দশকত গুজৰাটে আৰোগ্যৰ ক্ষেত্ৰত অভূতপূৰ্ব কাম কৰিছে৷ সেয়া লাগিলে আধূনিক হাস্পতালৰ নেটৱৰ্কেই হওক বা, মেডিকেল কলেজ বা স্বাস্থ্য কেন্দ্ৰই হওক, গাঁৱে-গাঁৱে উন্নত স্বাস্থ্য-সুবিধাৰ সৈতে জড়িত বহু কাম কৰা হৈছে৷ বিগত ৬ বছৰত দেশত স্বাস্থ্য সেৱাৰ সৈতে জড়িত বহু আঁচনি আৰম্ভ কৰা হৈছে, তাৰ লাভো গুজৰাটে পাবলৈ সক্ষম হৈছে৷ আয়ুষ্মান ভাৰত যোজনাৰ অধীনত গুজৰাটৰ ২১লাখ লোকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে৷ সুলভ মূল্যৰ ঔষধ প্ৰদানৰ বাবে পাঁচ শতাধিক জনঔষধি কেন্দ্ৰ গুজৰাটত খোলা হৈছে৷ ইয়াৰ জৰিয়তে গুজৰাট সাধাৰণ ৰোগীৰ প্ৰায় ১০০ কোটি টকা ৰাহি হৈছে৷

ভাই-ভনীসকল,

আজি গুজৰাটে লাভ কৰা তৃতীয়টো উপহাৰ আস্থা আৰু পৰ্যটনৰ সৈতে জড়িত৷ গিৰনাৰ পৰ্বতত মা অম্বেও বিৰাজমান হৈ আছে, গোৰখনাথ শিখৰো আছো, গুৰু দট্টাত্ৰেৰ শিখৰো আছে আৰু জৈন মন্দিৰো আছে৷ ইয়াৰ হাজাৰ চিৰি বগাই যি শিখৰত উপনীত হ’ব লগা হৈছিল, ই অদ্ভূত শান্তিৰ অনুভৱ দিয়ে৷ এতিয়া ইয়াৰ বিশ্বমান ৰ’পৱে নিৰ্মাণ কৰাৰ ফলত সকলোৰে সুবিধা হ’ব, সকলোৱে এই মন্দিৰ দৰ্শনৰ সুবিধা লাভ কৰিব৷ এই মন্দিৰ দৰ্শনৰ বাবে ৫-৭ ঘণ্টাৰ প্ৰয়োজন হৈছিল আৰু এই ৰ’পৱেৰ ফলত ৭-৮ মিনিটতে যাব পাৰিব৷ ৰ’পৱেৰ যাত্ৰাই এডভেন্সাৰৰ প্ৰতি উৎসাহিত কৰিব, উৎসুকতাও বৃদ্ধি কৰিব৷ এই নতুন সুবিধাৰ বাবে তালৈ অধিক ভক্তৰ আগমণ হ’ব, অধিক পৰ্যটকো আহিব৷

বন্ধুসকল,

আজি যিটো ৰ’পৱেৰ আৰম্ভ হৈছে, সেইটো গুজৰাটৰ চতুৰ্থটো ৰ’পৱে৷ বনাছকাণ্ঠাত মা অম্বেৰ দৰ্শনৰ বাবে, পাৱাগঢ়ত, সৎপুড়াত আৰু তিনিটা ৰ’পৱেৰ কাম কৰি থকা হৈছে৷ যদি গিৰনাৰ ৰ’পৱেত বালাষ্টাছে বাধা প্ৰদান নকৰিলেহেতেন, তেতিয়া ইমান পলম নহ’লহেতেন, তেতিয়া জনসাধাৰণ, পৰ্যটক যথেষ্ট উপকৃত হ’লহেতেন৷ এখন দেশ হিচাপে আমি ভাৱিব লাগিব যে যেতিয়া সুবিধা প্ৰদান কৰিবলগীয়া ব্যৱস্থাৰ নিৰ্মাণ কৰা হয়, তেতিয়া কাম নোহোৱাকৈ থাকিলে দেশৰ কিমান ক্ষতি হয়৷৷ এই ৰ’পৱেৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলে যথেষ্ট সংস্থাপন লাভ কৰিব৷

বন্ধুসকল,

বিশ্বৰ ডাঙৰ ডাঙৰ পৰ্যটনস্থলী, আস্থাৰে জড়িত কেন্দ্ৰই এই কথা স্বীকাৰ কৰি আহিছে যে আমাৰ ইয়াত অধিকাংশ লোক তেতিয়াই আহিব, যেতিয়া আমি পৰ্যটকক আধূনিক সুবিধা প্ৰদান কৰিম৷ আজি যেতিয়া পৰ্যটকে ক’ৰবাত ফুৰিবলৈ যায়, নিজৰ পৰিয়ালক লৈ যায়, তেতিয়া তেওঁলোকে সহজ জীৱন যাপনৰ লগতে সহজে ভ্ৰমণৰ সুবিধাও বিচাৰে৷ গুজৰাটত এনে বহু স্থান আছে, য’ত ভাৰতৰে নহয়, বিশ্বৰ সৰ্ববৃহৎ পৰ্যটনস্থলী হোৱাৰ ক্ষমতা আছে৷ গুজৰাটত বহু প্ৰসিদ্ধ মন্দিৰ আছে৷ সেইবোৰক সুন্দৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিব পাৰি৷

আস্থাৰ স্থলীৰ উপৰি গুজৰাটত বহু স্থানক সক্ষমতা অদ্ভূত৷ এতিয়া আপোনালোকেই দেখিছে যে দ্বাৰকাৰ শিৱৰাজপুৰ সমুদ্ৰতীৰে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে, ব্লু ফ্লেগ প্ৰমাণপত্ৰ৷ এনে স্থানসমূহৰ বিকাশ কৰিলে তালৈ অধিক মাত্ৰাত পৰ্যটক আহিব আৰু লগতে সংস্থাপনৰো নতুন সূযোগ সৃষ্টি হ’ব৷ আপোনালোকে চাওক চৰ্দাৰ চাহাবৰ নামত সমৰ্পিত ষ্টেছ্যু অৱ ইউনিটী বিশ্বৰ সৰ্বোচ্চ প্ৰতিমা, এতিয়া কিমান সংখ্যক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে৷

যেতিয়া এই ক’ৰোনা আৰম্ভ হ’ল, তাৰ পূৰ্বে ৪৫লাখতকৈ অধিক লোকে ষ্টেছ্যু অৱ ইউনিটী প্ৰত্যক্ষ কৰিছে৷ ইমান কম সময়ত ৪৫লাখ লোক সাধাৰণ কথা নহয়৷ এতিয়া ষ্টেছ্যু অৱ ইউনিটী পুনৰ মুকলি কৰা হৈছে, সেয়েহে এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব৷ সেইদৰে আন এটা সৰু উদাহৰণ দিছো-আহমেদাবাদৰ কাকৰিয়া হ্ৰদ৷ এটা সময় আছিল, তালৈ কোনো যোৱা নাছিল, পৃথক ৰাস্তা লৈছিল৷ ইয়াৰ সামান্য সংস্কাৰ সাধন কৰা হ’ল, অলপ পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি সুবিধা গঢ় দিয়া হ’ল, তাৰ পাছত এতিয়ালৈকে ৭৫লাখতকৈ অধিক লোকে হ্ৰদ চাবলৈ গৈছে৷ কেৱল আহমেদাবাদ চহৰ ভিতৰতে ৭৫লাখ মধ্যবিত্ত, নিম্ন মধ্য বিত্ত শ্ৰেণীৰ পৰিয়ালৰ বাবে এই স্থান আকৰ্ষণৰ কেন্দ্ৰবিন্দু পৰিণত হ’ল আৰু বহু লোকে উপাৰ্জনৰো পথ লাভ কৰিলে৷ এই  পৰিৱৰ্তনসমূহে পৰ্যটকৰ সংখ্যা লগতে স্থানীয় লোক উপাৰ্জন বৃদ্ধিত যথেষ্ট সহায় কৰিছে৷ পৰ্যটন এনে এক ক্ষেত্ৰ, য’ত কম পুঁজি ব্যয়ৰে অধিকসংখ্যক লোকে সংস্থাপন লাভ কৰে৷

গুজৰাটী বন্ধুসকলৰ লগতে বিশ্বৰ বিভিন্ন স্থানত থকা গুজৰাটী বোৱাৰী-জীয়ৰীৰ প্ৰতি মোৰ আহ্বান এই যে গুজৰাটৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ আজি সমগ্ৰ বিশ্বত গুজৰাটক জিলিকাই তোলক৷ যিসময়ত গুজৰাটত নতুন নতুন আকৰ্ষণৰ কেন্দ্ৰ স্থাপন কৰা হৈছে, ভৱিষ্যতেও নিৰ্মাণ হ’বলগীয়া প্ৰকল্পসমূহৰ সন্দৰ্ভত অৱগত কৰি বিশ্বক আকৰ্ষিত কৰক৷ গুজৰাটক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে পৰিচিত কৰক৷ এই ভাৱনাৰে আমি আগুৱাই যাব লাগিব৷

পুনৰবাৰ, সকলো গুজৰাটী ভাই-ভনীক এই আধূনিক সুবিধাসমূহৰ বাবে বহুত বহু অভিনন্দন জনাইছো৷ মা অম্বেৰ আশীৰ্বাদত গুজৰাটে বিকাশৰ নতুন শিখৰত উপনীত হওক, এয়াই মোৰ প্ৰাৰ্থনা৷ গুজৰাট সুস্থ থাকক, গুজৰাট শক্তিশালী হওক৷ এইশুভকামনাৰে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জনাইছো৷ সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"