ভাৰতৰ স্বাস্থ্য সেৱাৰ উন্নতিত চককাৰে চাৰিটা দীর্ঘম্যাদী পদক্ষেপ গ্রহণ কৰিছে : প্রধানমন্ত্রী
ভাৰতৰ স্বাস্থ্য ক্ষেত্রৰ ক্ষমতা আৰু প্রাণৱন্ত চৰিত্ৰৰ প্রশংসা কৰিছে সমগ্ৰ বিশ্বই : প্রধানমন্ত্রী
ভাৰতে ঔষধ আৰু চিকিৎসাৰ সা-সৰঞ্জাম নিৰ্মাণৰ বাবে কেঁচামাল আমদানিৰ ওপৰত নির্ভৰশীলতা হ্ৰাস কৰিবৰ বাবে কাম কৰিব : প্রধানমন্ত্রী

নমস্কাৰ৷

এই কাৰ্যসূচী, যিটো আপুনি অলপ বিশেষ ধৰণৰ যেন প্ৰত্যক্ষ কৰিছে, এইবাৰ বাজেটৰ পিছত, আমি বাজেটত নিৰ্ধাৰণ কৰা বস্তুবোৰ গ্ৰহণ কৰিবলৈ আৰু এই বাজেটৰ ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত বিভিন্ন খণ্ডৰ সৈতে কথা পাতিবলৈ সিদ্ধান্ত লৈছিলো, আৰু এপ্ৰিলৰ পৰা, যেতিয়া নতুন বাজেট কাৰ্যকৰী হ’ব, সকলো আঁচনিও একেদিনৰ পৰা প্ৰযোজ্য হ’ব। সকলো আঁচনি আগবাঢ়ক, আৰু ফেব্ৰুৱাৰী আৰু মাৰ্চত ইয়াক এই প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰিব লাগে।

 

যেতিয়া আমাৰ আগৰ তুলনাত বাজেট প্ৰায় এমাহ আগতে প্ৰিপোন হৈছে যেতিয়া আমাৰ হাতত দুমাহৰ সময় আছে। আমি কেনেকৈ সৰ্বাধিক উপকৃত হ’ম আৰু সেয়েহে আমি বিভিন্ন অঞ্চলৰ লোকসকলৰ সৈতে নিৰন্তৰে কথা পাতি আছো। এই পৰ্যন্ত আন্তঃগাঁথনি, প্ৰতিৰক্ষা খণ্ডৰ বিষয়ে আটাইতকৈ সৰ্বাধিক চৰ্চা কৰা হৈছে। আজি মই স্বাস্থ্য খণ্ডৰ লোকসকলৰ সৈতে কথা পাতিবলৈ সুযোগ পাইছো।

 

এই বছৰৰ বাজেটত স্বাস্থ্য খণ্ডত আৱণ্টন কৰা বাজেট অভূতপূৰ্ব হৈছে। প্ৰতিজন দেশবাসীক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰাটো আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে বিবেচিত হৈছে। যোৱা বছৰটো দেশৰ বাবে, বিশ্বৰ বাবে, সমগ্ৰ মানৱজাতিৰ বাবে আৰু বিশেষকৈ স্বাস্থ্য খণ্ডৰ বাবে এক প্ৰকাৰৰ অগ্নিপৰীক্ষাৰ দৰে আছিল।

 

মই সুখী যে আপুনি সকলোৱে, দেশৰ স্বাস্থ্য খণ্ডই, এই অগ্নিপৰীক্ষাত সফল হৈছো। আমি বহুতৰে জীৱন ৰক্ষা কৰাত সফল হৈছো। কেইমাহমানৰ ভিতৰত দেশখনত যিদৰে প্ৰায় ২৫০০ টা পৰীক্ষাগাৰৰ নেটৱৰ্ক সৃষ্টি হৈছিল, কিছু ডজন পৰীক্ষাৰ সৈতে, আমি আজি প্ৰায় ২১ কোটি পৰীক্ষাত উপনীত হ'বলৈ সক্ষম হৈছিলো, যিবোৰ চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সম্ভৱ হৈছে।

বন্ধুসকল,

 

ক’ৰোনাই আমাক এই শিক্ষা দিছে যে আমি আজিহে মহামাৰীৰ সৈতে যুঁজ কৰিব লাগিব এনে নহয়, বৰঞ্চ ভৱিষ্যতে এনে যিকোনো পৰিস্থিতিৰ বাবে দেশখনক প্ৰস্তুত কৰিবলৈও সাজু হৈ থাকিব লাগিব। সেয়েহে, স্বাস্থ্যসেৱা সম্পৰ্কীয় প্ৰতিটো খণ্ডক শক্তিশালী কৰাটো সমানে প্ৰয়োজনীয়। চিকিৎসা সঁজুলিৰ পৰা ঔষধ, ভেন্টিলেটৰৰ পৰা ভেকছিন, বৈজ্ঞানিক গৱেষণাৰ পৰা নিৰীক্ষণ আন্তঃগাঁথনি, চিকিৎসকৰ পৰা এপিডেম'লজিষ্টলৈকে, আমি সকলোৰে প্ৰতি মনোযোগ দিব লাগিব যাতে দেশখনে ভৱিষ্যতৰ যিকোনো স্বাস্থ্য দুৰ্যোগৰ বাবে ভালদৰে প্ৰস্তুত হ’ব পাৰে।

 

এইটো মূলতঃ প্ৰধানমন্ত্ৰী-স্বাৱলম্বী সুস্থ ভাৰত আঁচনিৰ আঁৰৰ প্ৰেৰণা। এই আঁচনিৰ অধীনত, গৱেষণাৰ পৰা পৰীক্ষা আৰু চিকিৎসালৈকে দেশত এক আধুনিক পৰিৱেশতন্ত্ৰ বিকশিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্ৰী স্বাৱলম্বী সুস্থ ভাৰত যোজনাই প্ৰতিটো বৰ্ণালীত আমাৰ ক্ষমতা বৃদ্ধি কৰিব। ১৫তম বিত্ত আয়োগে ইয়াৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত, স্বাস্থ্য সেৱাৰ ব্যৱস্থাৰ বাবে ৭০ হাজাৰ কোটি টকাতকৈ অধিক টকা আৱণ্টিত কৰিছে। অৰ্থাৎ চৰকাৰৰ গুৰুত্ব কেৱল স্বাস্থ্য সেৱাত বিনিয়োগৰ ওপৰত নহয়, দেশৰ দূৰৱৰ্তী অঞ্চলসমূহত স্বাস্থ্য সেৱা প্ৰদান কৰাও। আমি এইটোও মনত ৰাখিব লাগিব যে স্বাস্থ্য খণ্ডত বিনিয়োগ কেৱল স্বাস্থ্যৰেই নহয়, নিয়োগৰ সুযোগও বৃদ্ধি কৰে।

 

বন্ধুসকল,

 

ক’ৰোনাৰ সময়ত ভাৰতৰ স্বাস্থ্য খণ্ডই যি শক্তি দেখুৱাইছে, যি অভিজ্ঞতা আৰু শক্তি প্ৰদৰ্শন কৰা হৈছে সেই বিষয়ে বিশ্বই অতি মনোযোগেৰে লক্ষ্য কৰিছে। আজি বিশ্বৰ সকলো স্বাস্থ্য খণ্ডৰ সন্মান আৰু ভাৰতৰ স্বাস্থ্য খণ্ডৰ ওপৰত বিশ্বাস এক নতুন স্তৰত উপনীত হৈছে। আমি এই বিশ্বাসটো মনত ৰাখি আমাৰ প্ৰস্তুতি কৰিব লাগিব। আগন্তুক সময়ত ভাৰতীয় চিকিৎসকৰ চাহিদা বিশ্বত অধিক বৃদ্ধি হ'ব আৰু ইয়াৰ কাৰণটো হৈছে এই বিশ্বাস। আগন্তুক সময়ত, ভাৰতীয় নাৰ্চ, ভাৰতীয় পেৰা-মেডিকেল কৰ্মচাৰীৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পাব, আপুনি লিখি লওক। ভাৰতীয় ঔষধ আৰু ভাৰতীয় ভেকছিনে এক নতুন প্ৰত্যয় লাভ কৰিছে। আমি এইসমূহৰ বৰ্ধিত চাহিদাৰ বাবেও সাজু হ'ব লাগিব। আমাৰ চিকিৎসা শিক্ষা প্ৰণালীযতো স্বাভাৱিকভাৱে মানুহৰ চকু পৰিব আৰু ইয়াৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি হ’ব। আগন্তুক দিনবোৰত, শিক্ষাৰ্থীসকলে বিশ্বৰ আন দেশৰ পৰা চিকিৎসা শিক্ষাৰ বাবে ভাৰতলৈ অধ্যয়ন কৰিবলৈ অহাৰ সম্ভাৱনা আছে আৰু আমি ইয়াক উৎসাহিত কৰা উচিত।

 

ক’ৰোনাৰ সময়ত, আমি ভেন্টিলেটৰ আৰু অন্যান্য আনুষাংগিক নিৰ্মাণতো আয়ত্ত কৰিছো। ভাৰতেও ইয়াৰ বিশ্বব্যাপী চাহিদা পূৰণ কৰিবলৈ ত্বৰিতভাৱে কাম কৰিব লাগিব। বিশ্বক প্ৰয়োজন হোৱা আধুনিক চিকিৎসা সঁজুলিবোৰ কেনেকৈ ব্যয় সংকোচনী কৰিব পাৰি সেই বিষয়ে ভাৰতে সপোন দেখিব পাৰে নেকি? ভাৰত কেনেকৈ বিশ্বব্যাপী যোগানকাৰী হৈ পৰিব পাৰে? আৰু সুলভ ব্যৱস্থা থাকিব, বহনক্ষম ব্যৱস্থা হ'ব, ব্যৱহাৰকাৰীৰ অনুকূল প্ৰযুক্তি হ'ব; মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে বিশ্বই ভাৰতৰ ফালে প্ৰত্যক্ষ কৰিব আৰু নিশ্চিতভাৱে স্বাস্থ্য খণ্ডলৈ যাব।

বন্ধুসকল,

 

চৰকাৰৰ বাজেট নিশ্চিতভাৱে এক অনুপ্ৰেৰিত অনুঘটক। কিন্তু এইটো তেতিয়াহে হ'ব যেতিয়া আমি সকলোৱে একেলগে কাম কৰিম।

 

বন্ধুসকল,

 

স্বাস্থ্যৰ প্ৰতি আমাৰ চৰকাৰৰ দৃষ্টিভংগী আগৰ চৰকাৰৰ চিন্তাধাৰাতকৈ অলপ পৃথক। এই বাজেটৰ পিছত, আপুনিও এই প্ৰশ্নবোৰ প্ৰত্যক্ষ কৰিব য’ত পৰিচ্ছন্নতা, পুষ্টি, সুস্থতা, পোষণ, আয়ুষৰ স্বাস্থ্য পৰিকল্পনাৰ বিষয়সমূহ সম্বলিত হ'ব। এই সকলোবোৰ বস্তু এক সামগ্ৰিক পদ্ধতিৰে আগবাঢ়ি আছে।

আমাৰ চৰকাৰে এক সমন্বিত পদ্ধতিৰ দৰে আৰু এক মনোনিবেশপূৰ্ণ ধৰণে টুকুৰাৰ সলনি স্বাস্থ্য সমস্যাবোৰ সামগ্ৰিকভাৱে চাবলৈ চেষ্টা কৰি আছে। সেয়েহে আমি কেৱল দেশত চিকিৎসাই নহয় বৰঞ্চ সুস্থতাৰ ওপৰতো গুৰুত্ব দিয়া আৰম্ভ কৰিছো। আমি প্ৰতিৰোধৰ পৰা নিৰাময়লৈ এক সমন্বিত পদ্ধতি গ্ৰহণ কৰিছো। ভাৰতক সুস্থ কৰি ৰাখিবলৈ আমি ৪ টা দিশত একেলগে কাম কৰি আছো।

 

প্ৰথম দিশটো হৈছে ৰোগ প্ৰতিহত কৰা, ইয়াৰ অৰ্থ হৈছে ৰোগ প্ৰতিৰোধ আৰু সুস্থতাৰ প্ৰচাৰ। স্বচ্ছ ভাৰত অভিযান, যোগৰ ওপৰত গুৰুত্ব দিয়া, গৰ্ভৱতী মহিলা আৰু শিশুসকলক সময়মতে যত্ন আৰু চিকিৎসা, বিশুদ্ধ খোৱা পানী প্ৰদান কৰাৰ প্ৰয়াস ইয়াৰ অংশ।

 

দ্বিতীয় দিশটো হৈছে দৰিদ্ৰতম সস্তীয়া আৰু কাৰ্যকৰী চিকিৎসা প্ৰদান কৰা। আয়ুষ্মান ভাৰত যোজনা আৰু প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ দৰে আঁচনিবোৰে এই কামেই কৰি আছে।

 

তৃতীয় দিশটো হৈছে স্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱা পেছাদাৰীসকলৰ পৰিমাণ আৰু মানদণ্ড বৃদ্ধি কৰা। যোৱা ছয় বছৰ ধৰি, এই পৰিপ্ৰেক্ষিতত এইমছ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহক দেশৰ দূৰৱৰ্তী ৰাজ্যলৈও সম্প্ৰসাৰিত কৰা হৈছে। দেশত অধিক সংখ্যক চিকিৎসা মহাবিদ্যালয় সৃষ্টি কৰাৰ অন্তৰালতে হ’ল এইটো চিন্তা।

 

চতুৰ্থ দিশটো হৈছে, মিছন মোড, ফ’কাচ আৰু নিৰ্দিষ্ট সময়সীমাত আমি সমস্যাবোৰ দূৰ কৰিবলৈ কাম কৰিব লাগিব। মিছন ইন্দ্ৰধনুশক দেশৰ জনজাতীয় আৰু দূৰৱৰ্তী অঞ্চললৈ সম্প্ৰসাৰিত কৰা হৈছে।

 

দেশৰ পৰা যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুদ্ধ আৰু যক্ষ্মা দূৰ কৰাৰ বাবে বিশ্বই ২০৩০ ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, ভাৰতে ২০২৫ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আৰু মই এই সময়ত যক্ষ্মাৰোগৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ ক’ম কিয়নো সংক্ৰমিত ব্যক্তিৰ নিৰ্যাসৰ পৰাও যক্ষ্মা বিয়পে। আনকি যক্ষ্মা প্ৰতিৰোধৰ বাবে মাস্ক পিন্ধা, আগতীয়া নিৰ্ণয় আৰু চিকিৎসা, এই সকলোবোৰ বস্তু গুৰুত্বপূৰ্ণ।

 

এনে ক্ষেত্ৰত, ক’ৰোনাৰ সময়চোৱাত আমাৰ যি অভিজ্ঞতা আছে, যি হিন্দুস্তানৰ সাধাৰণ মানুহলৈ একপ্ৰকাৰে বিয়পি পৰিছে, এতিয়া আমি যক্ষ্মাৰ বাবেও সেই একে ধৰণে কাম কৰিম, সেয়েহে আমি যক্ষ্মাৰ সৈতে অতি সহজে মোকাবিলা কৰিব পাৰিম৷ আৰু, সেয়েহে, ক’ৰোনাৰ বাবে জনসাধাৰণে লাভ কৰা ক’ৰোনা অভিজ্ঞতা, অসুস্থতা পৰিহাৰ কৰাত ভাৰতৰ সাধাৰণ নাগৰিকে প্ৰদান কৰা অৱদান, সেইসমূহ প্ৰত্যক্ষ কৰি এনে লাগে যেন একেটা মডেলৰ প্ৰয়োজনীয় উন্নতিৰ সৈতে, সংযোজন-পৰিৱৰ্তনৰ সৈতে, যদি আমি যক্ষ্মাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰো, আমি ২০২৫ চনত যক্ষ্মামুক্ত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিম।

 

ঠিক সেইদৰে, আপুনি মনত ৰাখিব, আমাৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰ অঞ্চলত যাক পূৰ্বাঞ্চল বুলিও কোৱা হয়, সেই পূৰ্বাঞ্চলত, মেনিনজাইটিসৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰ শিশুৰ দুখজনক মৃত্যু ঘটিছিল। এয়া সংসদতো আলোচনা কৰা হৈছিল। এবাৰ এই বিষয়টোৰ বিষয়ে আলোচনা কৰোঁতে, আমাৰ বৰ্তমানৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীজীয়ে সেই শিশুসকলৰ মৃত্যুৰ পৰিস্থিতি দেখি কান্দি পেলাইছিল। কিন্তু তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এক প্ৰকাৰে ফ’কাচ কাৰ্য সম্পন্ন কৰিলে। সম্পূৰ্ণ বল প্ৰয়োগ কৰিলে। আজি আমি অতি আশাবাদী ফলাফল পাইছো। আমি মেনিনজাইটিসৰ বিয়পা প্ৰতিহত কৰিবলৈ, চিকিৎসাৰ সুবিধা বৃদ্ধি কৰাৰ ওপৰত জোৰ দিছো, যি এতিয়া প্ৰভাৱ দেখুৱাইছে।

 

বন্ধুসকল,

 

আমাৰ আয়ুষৰ নেটৱৰ্কে ক’ৰোনাৰ সময়ছোৱাত এক মহান কাম কৰিছে। কেৱল মানৱ সম্পদৰ বিষয়ে নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বৈজ্ঞানিক গৱেষণাৰ বিষয়েও, আমাৰ আয়ুষ আন্তঃগাঁথনিয়ে দেশত এক মহান কাম কৰিছে।

 

বিশ্বই ভাৰতৰ ঔষধ আৰু ভাৰতৰ ভেকছিনৰ লগতে আমাৰ মচলা, আমাৰ কাঢ়াৰ মহান অৱদান অনুভৱ কৰিছে। আমাৰ পৰম্পৰাগত ঔষধেও বিশ্ব মানসত এটা স্থানৰ সৃষ্টি কৰিছে। পৰম্পৰাগত ঔষধৰ সৈতে জড়িত লোক, যিসকল ইয়াৰ উৎপাদনৰ সৈতে জড়িত, যিসকল আয়ুৰ্বেদিক পৰম্পৰাৰ সৈতে পৰিচিত লোক; আমাৰ মনোযোগো বিশ্বব্যাপী হৈ থাকিব লাগে।

 

যিদৰে বিশ্বই সহজে যোগ গ্ৰহণ কৰি আছে, সেইদৰে বিশ্বই সামগ্ৰিক স্বাস্থ্য সেৱালৈ আগবাঢ়ি গৈছে। বিশ্বৰ মনোযোগ পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত স্বাস্থ্য সেৱালৈ হ’বলৈ ধৰিছে। এইক্ষেত্ৰত ভাৰতৰ পৰম্পৰাগত ঔষধ যথেষ্ট কামত আহিব পাৰে। ভাৰতৰ যি পৰম্পৰাগত ঔষধ মুখ্যতঃ ভেষজ আধাৰিত, তাৰ ফলত এয়া বিশ্বত অতি দ্ৰুতভাৱে বৃদ্ধি হ'ব পাৰে। মানুহে নিশ্চিত যে ইয়াৰ দ্বাৰা কোনো ক্ষতি নাই। আমি এইটোতো জোৰ দিব পাৰো নেকি? আমাৰ স্বাস্থ্য বাজেট আৰু এই অঞ্চলত কাম কৰা লোকসকলে একেলগে কিবা কৰিব পাৰে নেকি?

 

ক’ৰোনাৰ সময়ত আমাৰ পৰম্পৰাগত ঔষধৰ শক্তি দেখি এইটো আমাৰ বাবে এয়া আনন্দৰ বিষয় হৈ পৰিছে আৰু আয়ুৰ্বেদত পৰম্পৰাগত ঔষধত বিশ্বাস কৰা আৰু আমাৰ চিকিৎসা বৃত্তিৰ সৈতে জড়িত সকলো লোকৰ বাবে এইটো গৌৰৱৰ বিষয়, যে ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ বিশ্বব্যাপী পৰম্পৰাগত ঔষধ কেন্দ্ৰ আৰম্ভ কৰিবলৈ গৈ আছে। ইতিমধ্যে তেওঁলোকে এই বিষয়ে ঘোষণা কৰিছে। ভাৰত চৰকাৰেও এই প্ৰক্ৰিয়াটো কৰি আছে। এই যি সন্মান আমি লাভ কৰিছো ইয়াৰ জৰিয়তে বিশ্বত উপনীত হোৱাটো আমাৰ দায়িত্ব।

 

বন্ধুসকল,

 

এতিয়া পৰৱৰ্তী স্তৰত অভিগম্যতা আৰু ব্যয়সাধ্যতাৰ দিশলৈ আগবাঢ়ি যোৱাৰ সময়। সেয়েহে, স্বাস্থ্য খণ্ডত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ এতিয়া বৃদ্ধি কৰা হৈছে। ডিজিটেল স্বাস্থ্য মিছনে দেশৰ সাধাৰণ নাগৰিকসকলক সময়ত যথেষ্ট সহায় কৰিব, সুবিধা অনুসৰি কাৰ্যকৰী চিকিৎসা প্ৰদান কৰাত সহায় কৰিব৷

 

বন্ধুসকল,

 

যোৱা বছৰবোৰৰ আন এটা পদ্ধতি সলনি কৰাৰ কাম ত্বৰান্বিত কৰা হৈছে। এই পৰিৱৰ্তনবোৰ এক স্বাৱলম্বী ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি আমি বিশ্বৰ ফাৰ্মাচী হৈ উঠাৰ বাবে গৌৰৱান্বিত, কিন্তু আমি এতিয়াও কেঁচা সামগ্ৰীৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰ কৰো।

 

আমি দেখিছোঁ যে আমাৰ উদ্যোগৰ বাবে বিদেশত থকা, ঔষধ আৰু চিকিৎসা সঁজুলিবোৰৰ কেঁচা সামগ্ৰীৰ বাবে বিদেশক নিৰ্ভৰ কৰি থকাটো কিমান বেয়া হৈছে। এইটো ঠিক নহয়। সেয়েহে তেওঁলোকে দৰিদ্ৰলোকক সুলভ ঔষধ আৰু সঁজুলি প্ৰদান কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। আমি এটা উপায় বিচাৰিব লাগিব। আমি এই ক্ষেত্ৰসমূহত ভাৰতক স্বাৱলৱী কৰি ল'ব লাগিব। শেহতীয়াকৈ চাৰিটা বিশেষ আঁচনি আৰম্ভ কৰা হৈছে। বাজেটতো সেইটো উল্লেখ কৰা হৈছে, আপোনালোকে বোধহয় অধ্যয়ন কৰিছে।

 

ইয়াৰ অধীনত, দেশত ঔষধ আৰু চিকিৎসা সঁজুলিৰ কেঁচা সামগ্ৰী উৎপাদনৰ বাবে উৎপাদন Production Linked Incentives প্ৰদান কৰা হৈছে। একেদৰে, মেগা পাৰ্ক নিৰ্মাণৰ দ্বাৰাও ঔষধ আৰু চিকিৎসা সঁজুলি নিৰ্মাণৰ বাবে ভাল সঁহাৰি লাভ কৰা হৈছে।

 

বন্ধুসকল,

 

দেশখনত কেৱল অন্তিম মাইলৰ স্বাস্থ্যৰ প্ৰৱেশেই যথেষ্ট নহয়, আমি হিন্দুস্তানৰ প্ৰতিটো কোণত, দূৰ-দূৰৱৰ্তী খণ্ডত… যিদৰে আমাৰ নিৰ্বাচন হয়, যি প্ৰতিবেদন আহে, কেৱল এজন ভোটাৰৰ বাবে এটা ভোটকেন্দ্ৰ; মই ভাবো, আনকি স্বাস্থ্য খণ্ডতো শিক্ষা য'ত এজন নাগৰিক থাকিব, তাতো আমি উপনীত হ'ম। এই ক্ষেত্ৰত আমাৰ মেজাজ সলনি হোৱা উচিত আৰু আমি ইয়াৰ ওপৰত জোৰ দিব লাগিব। আমি এই ক্ষেত্ৰত সৰ্বত্ৰ চেষ্টা কৰিব লাগে। আৰু, সেয়েহে, আমি সকলো ক্ষেত্ৰতে স্বাস্থ্যৰ অতিৰিক্ততাৰ ওপৰত জোৰ দিব লাগিব। দেশক কল্যাণ কেন্দ্ৰৰ প্ৰয়োজন, দেশখনক জিলা চিকিৎসালয়ৰ প্ৰয়োজন, দেশক গুৰুত্বপূৰ্ণ যত্ন ইউনিটৰ প্ৰয়োজন, দেশক স্বাস্থ্য নিৰীক্ষণ আন্তঃগাঁথনিৰ প্ৰয়োজন, দেশক আধুনিক পৰীক্ষাগাৰৰ প্ৰয়োজন, দেশক টেলিমেডিচিনৰ প্ৰয়োজন, আমি প্ৰতিটো স্তৰত কাম কৰিব লাগিব, প্ৰতিটো স্তৰত প্ৰচাৰ কৰিব লাগিব।

 

আমি এয়া সুনিশ্চিত কৰিব লাগিব যে দেশৰ জনসাধাৰণে যাতে সৰ্বশ্ৰেষ্ঠ চিকিৎসা লাভ কৰিব পাৰে আৰু সময়মতে লাভ কৰিব পাৰে। আৰু, এই সকলোবোৰৰ বাবে, যেতিয়া কেন্দ্ৰীয় চৰকাৰ, সকলো ৰাজ্য চৰকাৰ, স্থানীয় সংস্থা আৰু দেশৰ ব্যক্তিগত খণ্ডই একেলগে কাম কৰিব,ফলাফলো উন্নত হ'ব।

 

মই আত্মবিশ্বাসী যে আমি সকলোৱে এক শক্তিশালী অংশীদাৰিত্বৰ পথ বিচাৰিব পাৰিম, এক সুস্থ আৰু সক্ষম ভাৰতৰ বাবে স্বাৱলৱী সমাধান বিচাৰিব পাৰিম। মোৰ সকলোলৈ আগ্ৰহ এয়াই যে আমি সেই লোকসকলৰ সৈতে আলোচনা কৰি আছিলো যিসকল অংশীদাৰ, এই বিষয়টোৰ জনাজাত লোকসকলৰ সৈতে... বাজেট আহিবলগীয়া আছিল, বাজেট আহিল। আপোনালোকৰ বহুতো প্ৰত্যাশা সম্ভৱতঃ ইয়াত নাই। কিন্তু এইখন অন্তিম বাজেট নহয়... পৰৱৰ্তী বাজেটত চোৱা যাব। আজি, যি বাজেট দ্ৰুত গতিত ত্বৰান্বিত হৈছে আৰু ইয়াক যিমান সোনকালে আমি ৰূপায়ণ কৰিব পাৰো, কেনেকৈ ব্যৱস্থা বিকশিত কৰিব লাগে, সাধাৰণ মানুহলৈ কেনেকৈ প্ৰদান কৰিব লাগে সেই বিষয়ত আমি গুৰুত্ব দিছো৷ মই আপোনালোক সকলোকে অনুভৱ কৰিব বিচাৰো, আজি ভাৰত চৰকাৰৰ বাজেটৰ পিছত আপোনালোকৰ কথা... আমি সংসদত আলোচনা কৰো। প্ৰথমবাৰৰ বাবে, আমি সংশ্লিষ্ট লোকসকলৰ সৈতে বাজেটৰ বিষয়ে আলোচনা কৰি আছো।

 

আৰু সেয়েহে আহক, আমি সমাধান বিচাৰো আৰু অতি দ্ৰুত গতিত আগবাঢ়ি যাও আৰু আমি সকলোৱে একেলগে আগবাঢ়ো। চৰকাৰ আৰু আপুনি পৃথক নহয়। চৰকাৰো আপোনাৰ আৰু আপুনিও দেশৰ বাবে। দেশৰ আটাইতকৈ দৰিদ্ৰলোকৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যখণ্ড, সুস্থ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি সকলোৱে ইয়াক আগুৱাই লৈ যাম। আপোনালোক সকলোৱে সময় উলিয়াইছে। আপোনালোকৰ নিৰ্দেশনা ফলদায়ী হ'ব। আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ যথেষ্ট কাৰ্যকৰী হ'ব।

মই পুনৰবাৰ… আপোনালোকে সময় উলিয়াইছে, তাৰ বাবে মই আপোনালোকৰ প্ৰতি কৃতজ্ঞ আৰু আপোনালোকৰ মূল্যৱান পৰামৰ্শবোৰে আমাক আগুৱাই লৈ যোৱাৰ বাবে বহুতো সহায়ক হ'ব। আপোনালোকে পৰামৰ্শও দিব, অংশীদাৰিত্বও আগবঢ়াব। আপোনালোকৰ প্ৰয়োজনীয়তা থাকিব, আপোনালোকে দায়িত্বও ল'ব। এই বিশ্বাসৰ সৈতে...

বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."