প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক ঘৰে ঘৰে ত্ৰিৰংগাক সামূহিক অভিযান হিচাপে পালন কৰাৰ ক্ৰমত নিজৰ ছ'চিয়েল মিডিয়া ডিপি সলাই ত্ৰিৰংগা ৰাখিবলৈ আহ্বান জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"আজি ২ আগষ্ট বিশেষ! এনে সময়ত, যিসময়ত আমি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছো, আমাৰ দেশে #HarGharTiranga-ৰ বাবে সাজু, যি আমাৰ ত্ৰিৰংগাৰ উৎসৱ পালনৰ এটা সামূহিক অভিযান। মই নিজৰ ছ'চিয়েল মিডিয়া পেজবিলাকত ডিপি সলাই দিছো আৰু আপোনালোককো সকলোকে এনে কৰিবলৈ আহ্বান জনাইছো।"
It is a special 2nd August today! At a time when we are marking Azadi Ka Amrit Mahotsav, our nation is all set for #HarGharTiranga, a collective movement to celebrate our Tricolour. I have changed the DP on my social media pages and urge you all to do the same. pic.twitter.com/y9ljGmtZMk
— Narendra Modi (@narendramodi) August 2, 2022


