Your Excellency,

প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাজী,

সন্মানীয় প্ৰতিনিধিগণ,

মিডিয়াৰ বন্ধুসকল,

নমস্কাৰ!

প্ৰধানমন্ত্ৰী দেউবাজীক ভাৰতলৈ আদৰণি জনাই মই খুবেই আনন্দিত। আজি ভাৰতীয় নৱবৰ্ষ আৰু নবৰাত্ৰিৰ পৱিত্ৰ উপলক্ষে দেউবাজীৰ শুভ আগমন হৈছে। মই তেওঁক আৰু ভাৰত তথা নেপালৰ সকলো নাগৰিকক নবৰাত্ৰিৰ বহুত বহুত শুভকামনা জনাইছো।

দেউবাজী ভাৰতৰ পুৰণি মিত্ৰ। প্ৰধানমন্ত্ৰী হিচাপে এয়া তেওঁৰ পঞ্চম ভাৰত যাত্ৰা। ভাৰত-নেপালৰ সম্পৰ্কৰ বিকাশত দেউবাজীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

 

বন্ধুসকল,

ভাৰত আৰু নেপালৰ বন্ধুত্ব, আমাৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক, এনেকুৱা মিলাপ্ৰীতি বিশ্বত আন ক'তো দেখিবলৈ পোৱা নাযায়। আমাৰ সভ্যতা, আমাৰ সংস্কৃতি, আমাৰ আদান-প্ৰদানৰ এনাজৰি প্ৰাচীন কালৰ পৰা সম্পৃক্ত। অনাদি কালৰ পৰা আমি পৰস্পৰে পৰস্পৰৰ সুখ আৰু দুখৰ সমভাগী হৈ আছো। আমাৰ বন্ধুত্বৰ আধাৰ, সেই আধাৰত আমাৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক, তেওঁলোকৰ মাজত আদান-প্ৰদান আছে। ই আমাৰ সম্পৰ্কক শক্তি দিয়ে, সম্বল দিয়ে। আৰু নেপাল সন্দৰ্ভত ভাৰতৰ নীতি, আমাৰ প্ৰয়াস, এই আত্মীয়তাৰ ভাবনাৰেই অনুপ্ৰাণিত। নেপালৰ শান্তি, প্ৰগতি আৰু বিকাশৰ যাত্ৰাত ভাৰত এক দৃঢ় সংগী হৈ আছে। আৰু সদায় থাকিব।

বন্ধুসকল,

আজি দেউবাজী আৰু মোৰ মাজত এই সকলো বিষয়, আৰু কেইবাটাও অন্য গুৰুত্বপূৰ্ণ বিষয়টো, সাৰ্থক কথা-বতৰা হৈছে। আমি নিজৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিলো। বিভিন্ন প্ৰজেক্টৰ অগ্ৰগতিৰ সমীক্ষা কৰিলো। আৰু ভৱিষ্যতৰ ৰূপ-ৰেখাৰ ওপৰতো বিচাৰ-বিমৰ্ষ কৰিলো।

আমি দুয়ো সহমত যে আমি শক্তি খণ্ডত সহযোগিতাৰ সুযোগৰ সম্পূৰ্ণ মুনাফা ল'ব লাগে। আমাৰ জইণ্ট ভিজন ষ্টেটমেণ্ট অন পাৱাৰ ক'-অপাৰেচন ভৱিষ্যতে সহযোগিতাৰ ব্লুপ্ৰিণ্ট হিচাপে প্ৰতিপন্ন হ'ব। আমি পঞ্চেশ্বৰ পৰিকল্পনাত দ্ৰুত গতিত আগবঢ়াৰ গুৰুত্বৰ ওপৰত জোৰ দিওঁ। এই প্ৰজেক্ট এই ক্ষেত্ৰৰ বিকাশৰ বাবে এক গেম চেঞ্জাৰ হিচাপে প্ৰতিপন্ন হ'ব। আমি ভাৰতীয় কোম্পানীৰ দ্বাৰা নেপালৰ হাইড্ৰ পাৱাৰ ডেভেলপমেন্ট যোজনাবিলাকত আৰু অধিক অংশীদাৰিত্বৰ বিষয়তো সন্মতি ব্যক্ত কৰোঁ। এয়া প্ৰসন্নতাৰ বিষয় যে নেপালে নিজৰ উদ্বৃত্ত শক্তি ভাৰতলৈ ৰপ্তানি কৰি আছে। ইয়াৰ ফলত নেপালৰ অৰ্থনৈতিক প্ৰগতিত ভাল যোগদান থাকিব। মই এই কথা ক'বলৈ পাই আনন্দিত হৈছো যে নেপালৰ পৰা শক্তি আমদানি কৰাৰ আৰু কেইবাটাও প্ৰস্তাৱকো স্বীকৃত কৰা হৈছে।

এই কথাক লৈ মই আনন্দিত যে নেপাল ইণ্টাৰনেচনেল ছ'লাৰ এলায়েন্সৰ সদস্য হ'ল। ইয়াৰ ফলত আমাৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী, বহনক্ষম আৰু স্বচ্ছ এনাৰ্জি উৎসাহিত হ'ব।

 

বন্ধুসকল,

প্ৰধানমন্ত্ৰী দেউবাজী আৰু মই বাণিজ্য আৰু সকলো প্ৰকাৰৰ ক্ৰছ-ব'ৰ্ডাৰ কানেক্টিভিটি, সেই পদক্ষেপসমূহক অগ্ৰাধিকাৰ দিয়াৰ ওপৰতো সন্মতি প্ৰকাশ কৰিছো। জয়নগৰ-কুৰ্থা ৰে'ললাইনৰ আৰম্ভণি ইয়াৰে এটা অংশ। দুয়োখন দেশৰ মানুহৰ মাজত সুগম, বাধাহীন আদান-প্ৰদানৰ বাবে এনেকুৱা যোজনাই ভাল বৰঙণি যোগাব।

নেপালত ৰুপে কাৰ্ডৰ আৰম্ভণিয়ে আমাৰ ফাইনেঞ্চিয়েল কানেক্টিভিটিত এক নতুন অধ্যায়ৰ সংযোজন ঘটাব। অন্য প্ৰজেক্ট যেনে নেপাল পুলিচ অকাডেমী, নেপালগঞ্জত ইণ্টেগ্ৰেটেড চেক পোষ্ট, ৰামায়ণ চাৰ্কিট আদিয়েও দুয়োখন দেশক আৰু ওচৰ চপাই আনিব।

বন্ধুসকল,

ভাৰত আৰু নেপালৰ অ'পেন ব'ৰ্ডাৰৰ অবাঞ্ছিত তত্ত্বৰ দ্বাৰা অপপ্ৰয়োগ কৰা নহওক, এই সন্দৰ্ভতো আজি আমি আলোচনা কৰো। নিজৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত গভীৰ সহযোগিতা অব্যাহত ৰখাৰ ওপৰতো আমি জোৰ দিছো। মোৰ বিশ্বাস আছে যে আজিৰ আমাৰ কথা-বতৰাই ভাৰত-নেপালৰ সম্পৰ্কৰ ভৱিষ্যতৰ বাবে মহত্বাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ ফলপ্ৰসু হিচাপে প্ৰতিপন্ন হ'ব।

দেউবাজী,

আপুনি কাইলৈ কাশীত থাকিব। নেপাল আৰু বেনাৰসৰ শতিকা পুৰণি সম্পৰ্ক আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে কাশীৰ নতুন ৰূপ দেখি আপুনি নিশ্চয় প্ৰভাৱিত হ'ব। এবাৰ আকৌ, আপোনাক আৰু আপোনাৰ প্ৰতিনিধি মণ্ডলক ভাৰতলৈ আদৰণি জনাইছো।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”