ইৰাণৰ ৰাষ্ট্ৰপতি মহামহিম মাছুদ পেজেছকিয়ানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।
ৰাষ্ট্ৰপতি পেজেস্কিয়ানে প্ৰধানমন্ত্ৰী মোদীক বিতংভাৱে অৱগত কৰাৰ লগতে অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতি, বিশেষকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ বিষয়ে তেওঁৰ মতামত ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ঘটনাৰাজিৰ বাবে ভাৰত তীব্ৰ উদ্বেগ হৈ থকা বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত শান্তি আৰু মানৱতাৰ পক্ষত থিয় দিছে। এই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীয়ে তৎকালীনভাৱে উত্তেজনা দূৰ কৰিবলৈ আলোচনা আৰু কূটনীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সম্প্ৰদায়ৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ বাবে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বাবে কাম কৰি যাবলৈ তেওঁলোকৰ মিলিত প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই ভৱিষ্যতে ঘনিষ্ঠ যোগাযোগ অক্ষুণ্ণ ৰাখিবলৈ সন্মত হয়।
Spoke with President of Iran @drpezeshkian. We discussed in detail about the current situation. Expressed deep concern at the recent escalations. Reiterated our call for immediate de-escalation, dialogue and diplomacy as the way forward and for early restoration of regional…
— Narendra Modi (@narendramodi) June 22, 2025


