স্বাধীনতাৰ পিছত চৰ্দাৰ পেটেলে ৫৫০ খনৰো অধিক ৰাজকীয় ৰাজ্যক একত্ৰিতকৰণৰ অসম্ভৱ যেন লগা কাম সম্পন্ন কৰিছিল; তেওঁৰ বাবে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ দৃষ্টিভংগী আছিল সৰ্বোচ্চঃ প্ৰধানমন্ত্ৰী
প্ৰতিজন নাগৰিকে আমাৰ ৰাষ্ট্ৰৰ ঐক্যৰ মনোভাৱক দুৰ্বল কৰা প্ৰতিটো চিন্তা বা কাৰ্য্যক পৰিহাৰ কৰিব লাগিব, আমাৰ দেশৰ বাবে এয়াই হৈছে সময়ৰ আহ্বানঃ প্ৰধানমন্ত্ৰী
এয়া লৌহ মানৱ চৰ্দাৰ পেটেলৰ ভাৰত, যিয়ে কেতিয়াও নিজৰ নিৰাপত্তা বা নিজৰ আত্ম-সন্মানৰ ক্ষেত্ৰত আপোচ নকৰেঃ প্ৰধানমন্ত্ৰী
২০১৪-ৰ পৰা আমাৰ চৰকাৰে নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদক নিৰ্ণায়ক আৰু প্ৰচণ্ড আঘাত হানিছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰীয় একতা দিৱসত আমি ভাৰতত বসবাস কৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক আঁতৰোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আজি ৰাষ্ট্ৰখনে ঔপনিৱেশিক মানসিকতাৰ প্ৰতিটো প্ৰভাৱ দূৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰখনৰ বাবে প্ৰাণ আহুতি দিয়াসকলক সন্মান জনাই আমি ‘ৰাষ্ট্ৰ প্ৰথম’-ৰ মনোভাৱক সুদৃঢ় কৰিছোঁঃ প্ৰধানমন্ত্ৰী
এখনি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ ৰাষ্ট্ৰৰ ঐক্যক ভেঙুচালি কৰিব বিচৰা প্ৰতিটো ষড়যন্ত্ৰক আমি বিফল কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ঐক্যৰ চাৰিটা স্তম্ভ হ'ল সাংস্কৃতিক ঐক্য, ভাষিক ঐক্য, সৰ্বাংগীন উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাৰ জৰিয়তে হৃদয়ৰ সংযোগঃ প্ৰধানমন্ত্ৰী
মা ভাৰতীৰ প্ৰতি ভক্তিভাৱেই হৈছে প্ৰতিজন ভাৰতীয়ৰ সৰ্বোচ্চ পূজাঃ প্ৰধানমন্ত্ৰী

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, চৰ্দাৰ পেটেলে বিশ্বাস কৰিছিল যে ইতিহাস লিখিবলৈ সময় নষ্ট হ’ব নালাগে; বৰঞ্চ ইতিহাস সৃষ্টিৰ প্ৰচেষ্টা হাতত লোৱা উচিত। চৰ্দাৰ পেটেলে গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তই ইতিহাসৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল বুলি উল্লেখেৰে তেখেতে এই প্ৰত্যয় চৰ্দাৰ পেটেলৰ ওৰেটো জীৱন কাহিনীতে স্পষ্ট হৈ পৰিছিল বুলি কয়। তেখেতে কয় যে স্বাধীনতাৰ পিছত চৰ্দাৰ পেটেলে ৫৫০ খনৰো অধিক ৰাজকীয় ৰাজ্যক একত্ৰিতকৰণৰ অসম্ভৱ যেন লগা কাম সম্পন্ন কৰিছিল। চৰ্দাৰ পেটেলৰ বাবে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ ধাৰণাটোৱেই আছিল সৰ্বোচ্চ। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই বাবেই চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী স্বাভাৱিকতে ৰাষ্ট্ৰীয় ঐক্যৰ এক বৃহৎ উৎসৱত পৰিণত হৈছে। ১৪০ কোটি ভাৰতীয়ই যেনেকৈ ১৫ আগষ্টত স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ দিনা গণৰাজ্য দিৱস উদযাপন কৰে, ঠিক তেনেদৰে একতা দিৱসৰ তাৎপৰ্য্যও এতিয়া একে মাত্ৰাত প্ৰতিভাত হৈছে। তেখেতে অৱগত কৰে যে আজি কোটি-কোটি লোকে ঐক্যৰ সংকল্প গ্ৰহণেৰে ৰাষ্ট্ৰখনৰ ঐক্যৰ মনোভাৱক সুদৃঢ়কৰণৰ প্ৰতিজ্ঞা কৰিছে। তেখেতে লগতে কয় যে একতা নগৰতে একতা মল আৰু একতা উদ্যান এই একতাৰ জৰীক সুদৃঢ়কৰণৰ প্ৰতীক হিচাপে থিয় দিছে।

 

“প্ৰতিজন নাগৰিকে আমাৰ ৰাষ্ট্ৰৰ ঐক্যৰ মনোভাৱক দুৰ্বল কৰা প্ৰতিটো চিন্তা বা কাৰ্য্যক পৰিহাৰ কৰিব লাগিব, আমাৰ দেশৰ বাবে এয়াই হৈছে সময়ৰ আহ্বান আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে একতা দিৱসৰ মূল বাৰ্তা“, তেখেতে কয়। তেখেতে আৰু কয় যে চৰ্দাৰ পেটেলে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক সৰ্বোচ্চ স্থান প্ৰদান কৰিছিল। কিন্তু চৰ্দাৰ পেটেলৰ বিয়োগৰ পিছৰ বছৰ সমূহত একেৰাহে চৰকাৰসমূহে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ প্ৰতি একেধৰণৰ গুৰুত্ব প্ৰদৰ্শন নকৰিছিল। তেখেতে কাশ্মীৰত হোৱা ভুল, উত্তৰ-পূবৰ প্ৰত্যাহ্বান, সমগ্ৰ দেশতে নক্সাল-মাওবাদী সন্ত্ৰাসবাদৰ প্ৰসাৰক ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰ্দাৰ পেটেলৰ নীতি অনুসৰণৰ পৰিৱৰ্তে সেই যুগৰ চৰকাৰসমূহে দুৰ্বল পন্থা বাছি লৈছিল, যাৰ পৰিণতিত ৰাষ্ট্ৰখনত হিংসা আৰু ৰক্তপাতৰ পৰিবেশে বিৰাজ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয়, আজিৰ নৱ প্ৰজন্মৰ বহুতৰে হয়তো জ্ঞাত নহয় যে চৰ্দাৰ পেটেলে কাশ্মীৰৰ সম্পূৰ্ণ একত্ৰীকৰণৰ কামনা কৰিছিল, ঠিক যেনেকৈ তেওঁ আন ৰাজকীয় ৰাজ্যসমূহক সফলতাৰে একত্ৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অৱশ্যে তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে এই ইচ্ছা পূৰণ হ’বলৈ নিদিছিল। শ্ৰী মোদীয়ে আৰু উল্লেখ কৰে যে কাশ্মীৰক পৃথক সংবিধান আৰু সুকীয়া প্ৰতীকৰে বিভক্ত কৰা হৈছিল। তেখেতে মন্তব্য কৰে যে কাশ্মীৰক লৈ তেতিয়াৰ শাসকীয় দলে কৰা ভুলে দশক-দশক ধৰি ৰাষ্ট্ৰখনক অস্থিৰ কৰি ৰাখিছিল। তেওঁলোকৰ দুৰ্বল নীতিৰ বাবেই কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ অবৈধ দখলৰ অধীনত পৰে আৰু পাকিস্তানে সন্ত্ৰাসবাদক অধিক ইন্ধন যোগাইছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে কাশ্মীৰ আৰু ৰাষ্ট্ৰ উভয়েই এই ভুল পদক্ষেপৰ পৰিণাম ভুগিছিল। তথাপিও তেখেতে লগতে কয় যে তেতিয়াৰ চৰকাৰে সন্ত্ৰাসবাদৰ সন্মুখত মৌন হৈ থাকিছিল।

 

বৰ্তমানৰ বিৰোধী দলটোক চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী পাহৰি যোৱা বুলি সমালোচনাৰে শ্ৰী মোদীয়ে কয় যে তেখেতৰ দলে কিন্তু এই কথা পাহৰি যোৱা নাছিল। তেখেতে কয় যে ২০১৪-ৰ পিছত ৰাষ্ট্ৰখন পুনৰবাৰ চৰ্দাৰ পেটেলৰ পৰা অনুপ্ৰাণিত হৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি কাশ্মীৰ ৩৭০ নং অনুচ্ছেদৰ শিকলিৰ পৰা মুক্ত হৈ মূলসুঁতিৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত হৈছে। তেখেতে মন্তব্য কৰে যে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ মাষ্টাৰমাইণ্ডবোৰেও এতিয়া ভাৰতৰ প্ৰকৃত শক্তি উপলব্ধি কৰিছে। অপাৰেচন সিন্দূৰৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই দেখিছে যে যদি কোনোবাই ভাৰতক প্ৰত্যাহ্বান জনাবলৈ দুঃসাহস কৰে, তেন্তে দেশখনে শত্ৰুৰ ভূখণ্ডৰ ভিতৰত আক্ৰমণ কৰি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেখেতে দৃঢ়তাৰে কয় যে ভাৰতৰ সঁহাৰি সদায় অধিক শক্তিশালী আৰু নিৰ্ণায়ক। তেখেতে কয়, ভাৰতৰ শত্ৰুবোৰৰ বাবে আমাৰ বাৰ্তা হ’ল— “এয়া লৌহ মানৱ চৰ্দাৰ পেটেলৰ ভাৰত, যিয়ে কেতিয়াও নিজৰ নিৰাপত্তা বা নিজৰ আত্ম-সন্মানৰ ক্ষেত্ৰত আপোচ নকৰে।”

“ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত বিগত এঘাৰ বছৰত ভাৰতৰ সৰ্ববৃহৎ কৃতিত্ব হৈছে নক্সাল-মাওবাদী সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি পেলোৱা কাৰ্য্য”, বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪-ৰ পূৰ্বে দেশৰ পৰিস্থিতি এনেকুৱা আছিল যে ভাৰতৰ ভিতৰৰ পৰাই নক্সাল-মাওবাদী গোটে নিজাকৈ শাসন চলাইছিল। এই ক্ষেত্ৰসমূহত ভাৰতৰ সংবিধান প্ৰযোজ্য নহৈছিল আৰু আৰক্ষী তথা প্ৰশাসনিক ব্যৱস্থাও অচল হৈ পৰিছিল। শ্ৰী মোদীয়ে কয় যে নক্সালবোৰে মুকলিকৈ নিৰ্দেশনা জাৰি কৰিছিল, পথ নিৰ্মাণত বাধা দিছিল, বিদ্যালয়, কলেজ, চিকিৎসালয়ত বোমা বিস্ফোৰণ ঘটাইছিল। প্ৰশাসন তেওঁলোকৰ সন্মুখত অসহায় হৈ পৰিছিল।

“২০১৪-ৰ পৰা আমাৰ চৰকাৰে নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদক নিৰ্ণায়ক আৰু শক্তিশালী আঘাত হানিছিল” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চহৰ অঞ্চলত বাস কৰা নক্সালৰ সমৰ্থকসকলকো— নগৰীয়া নক্সালসকলকো একাষৰীয়া কৰি ৰখা হৈছে। তেখেতে মতাদৰ্শগত যুদ্ধত জয়ী হোৱাৰ লগতে নক্সাল দুৰ্গসমূহত প্ৰত্যক্ষ আঘাত হনা হৈছে বুলি উল্লেখেৰে ইয়াৰ ফল এতিয়া সমগ্ৰ ৰাষ্ট্ৰৰ বাবে দৃশ্যমান হৈছে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪-ৰ পূৰ্বে দেশৰ প্ৰায় ১২৫ খন জিলা মাওবাদী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আজি এই সংখ্যা মাত্ৰ ১১ খনলৈ হ্ৰাস পাইছে, মাত্ৰ তিনিখন জিলা তীব্ৰ নক্সাল প্ৰভাৱৰ সন্মুখীন হৈছে। একতা নগৰৰ ভূমিৰ পৰা চৰ্দাৰ পেটেলৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক আশ্বাস প্ৰদানেৰে কয় যে যেতিয়ালৈকে ভাৰত নক্সাল-মাওবাদী ভাবুকিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়, তেতিয়ালৈকে চৰকাৰ ক্ষান্ত নহয়।

 

আজি ৰাষ্ট্ৰখনৰ ঐক্য আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি অনুপ্ৰৱেশকাৰীয়ে ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দশক-দশক ধৰি বিদেশী অনুপ্ৰৱেশকাৰীয়ে দেশত প্ৰৱেশ কৰি নাগৰিকৰ বাবে নিৰ্ধাৰিত সম্পদ জব্দৰে জনগাঁথনিগত ভাৰসাম্য বিঘ্নিতৰে ৰাষ্ট্ৰীয় ঐক্য বিপদাপন্ন কৰি আহিছে। এই গুৰুতৰ বিষয়টোৰ ক্ষেত্ৰত চকু মুদি বহি থকা পূৰ্বৰ চৰকাৰসমূহক সমালোচনাৰে তেখেতে ভোট-বেংকৰ ৰাজনীতিৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ উত্থাপন কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে পোন-প্ৰথমবাৰৰ বাবে দেশে এই বৃহৎ ভাবুকিৰ বিৰুদ্ধে নিৰ্ণায়কভাৱে যুঁজিবলৈ সংকল্প গ্ৰহণ কৰিছে। এই প্ৰত্যাহ্বানেৰে মোকাবিলাকৰণৰ অৰ্থে তেখেতে লালকিল্লাৰ পৰা জনগাঁথনি অভিযান ঘোষণাৰ কথা উল্লেখ কৰে। তেখেতে উদ্বেগ প্ৰকাশেৰে কয় যে এতিয়াও বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰা সত্বেও একাংশ ব্যক্তিয়ে ৰাষ্ট্ৰীয় কল্যাণৰ সলনি ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে এই লোকসকল অনুপ্ৰৱেশকাৰীক অধিকাৰ প্ৰদানৰ বাবে ৰাজনৈতিক যুদ্ধত লিপ্ত হৈছে আৰু ৰাষ্ট্ৰ বিভাজনৰ পৰিণতিৰ প্ৰতি উদাসীনতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু পৰিচয় বিপদাপন্ন হ’লে প্ৰতিজন নাগৰিকেই বিপদত পৰিব বুলি তেখেতে সতৰ্ক কৰি দিয়ে। সেয়ে ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰীয়ে ভাৰতত বাস কৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীকে আঁতৰোৱাৰ সংকল্পক পুনৰ দৃঢ় কৰিবলৈ ৰাষ্ট্ৰক আহ্বান জনায়।

গণতন্ত্ৰত ৰাষ্ট্ৰীয় ঐক্যৰ অৰ্থ চিন্তাৰ বৈচিত্ৰ্যকো সন্মান জনোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে গণতন্ত্ৰত সমালোচনা গ্ৰহণযোগ্য হ’লেও ব্যক্তিগত আক্ৰোষ থাকিব নালাগে। তেখেতে উদ্বেগ প্ৰকাশেৰে কয় যে স্বাধীনতাৰ পিছত ৰাষ্ট্ৰখনক নেতৃত্ব প্ৰদানৰ দায়িত্ব অৰ্পণ কৰাসকলে ‘আমি জনসাধাৰণ’-ৰ মনোভাৱক ভেঙুচালিকৰণৰ অপচেষ্টা কৰিছিল। তেখেতে কয় যে তেতিয়া ভিন্ন মতাদৰ্শৰ ব্যক্তি আৰু সংগঠনৰ বদনাম কৰা হৈছিল তথা ৰাজনৈতিক অস্পৃশ্যতাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰা হৈছিল। তেখেতে উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰসমূহে চৰ্দাৰ পেটেল আৰু তেওঁৰ উত্তৰাধিকাৰক এনে ব্যৱহাৰ কৰিছিল তথা একেদৰেই বাবা চাহেব আম্বেদকাৰক তেওঁৰ জীৱনকালত আৰু আনকি তেওঁৰ মৃত্যুৰ পিছতো উপেক্ষা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পূৰ্বৰ চৰকাৰসমূহে ডঃ ৰাম মনোহৰ লোহিয়া আৰু জয়প্ৰকাশ নাৰায়ণৰ দৰে নেতাৰ প্ৰতি একে ধৰণৰ পন্থা অৱলম্বন কৰিছিল। এই বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে সংগঠনটোৱে সন্মুখীন হোৱা ভিন্ন আক্ৰমণ আৰু ষড়যন্ত্ৰ সন্দৰ্ভত আলোকপাত কৰে। তেখেতে আৰু কয় যে এটা দল আৰু এটা পৰিয়ালৰ বাহিৰে প্ৰতিজন ব্যক্তি আৰু ধাৰণাক পৃথক কৰাৰ ইচ্ছাকৃত অপচেষ্টা চলোৱা হৈছিল।

এসময়ত দেশখনক বিভাজিত কৰা ৰাজনৈতিক অস্পৃশ্যতাৰ অৱসান ঘটা কাৰ্য্যত ৰাষ্ট্ৰই আজি গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ পেটেললৈ সন্মানাৰ্থে ঐক্যৰ প্ৰতিমূৰ্তি স্থাপন আৰু বাবা চাহেব আম্বেদকাৰৰ প্ৰতি সমৰ্পিত পঞ্চতীৰ্থ প্ৰতিষ্ঠা সন্দৰ্ভত আলোকপাত কৰে। তেখেতে কয় যে বাবা চাহেবৰ বাসগৃহ আৰু দিল্লীৰ মহাপৰিনিৰ্বান স্থানক পূৰ্বৰ শাসনৰ সময়ছোৱাত অৱহেলা কৰা হৈছিল যদিও এতিয়া ইয়াক ঐতিহাসিক স্মাৰকলৈ ৰূপান্তৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে পূৰ্বৰ চৰকাৰৰ দিনত মাত্ৰ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰহে এটা নিৰ্দিষ্ট সংগ্ৰহালয় আছিল। ইয়াৰ বিপৰীতে আমাৰ চৰকাৰে সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অৱদানক সন্মান জনাই প্ৰধানমন্ত্ৰী সংগ্ৰহালয় স্থাপন কৰিছে। তেখেতে উল্লেখ কৰে যে কৰ্পূৰী ঠাকুৰক ভাৰতৰত্ন প্ৰদান কৰা হৈছিল, আনকি বৰ্তমানৰ বিৰোধী শিৱিৰত ওৰেটো জীৱন কটোৱা প্ৰণৱ মুখাৰ্জীকো ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল। মূলায়ম সিং যাদৱৰ দৰে বিৰোধী মতাদৰ্শৰ নেতাসকলকো পদ্ম বঁটাৰে স্বীকৃতি জনোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সিদ্ধান্তসমূহ ৰাজনৈতিক মতানৈক্যৰ উৰ্ধত থাকি ৰাষ্ট্ৰীয় ঐক্যৰ মনোভাৱক সুদৃঢ়কৰণৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা হৈছে। তেখেতে লগতে কয় যে এই সৰ্বাংগীন পন্থা অপাৰেচন সিন্দূৰৰ পিছত বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰা বহুদলীয় প্ৰতিনিধি দলৰ কাৰ্য্যপন্থাটো প্ৰতিফলিত হৈছে।

 

“ৰাজনৈতিক লাভা-লাভৰ বাবে ৰাষ্ট্ৰীয় ঐক্যক আঘাত হনাৰ অপচেষ্টা ঔপনিৱেশিক মানসিকতাৰেই প্ৰতিফলন” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ বিৰোধী দলটোৱে কেৱল ব্ৰিটিছৰ পৰা ক্ষমতা আৰু দলীয় গাঁথনি উত্তৰাধিকাৰী সূত্ৰে লাভেই নহয়, বৰঞ্চ তেওঁলোকৰ বশৱৰ্তী হোৱাৰ মানসিকতাও স্বভাৱ কৰি তুলিছে। কিছুদিনৰ পাছত ৰাষ্ট্ৰখনে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তি উদযাপন কৰিব বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ১৯০৫-ত যেতিয়া ব্ৰিটিছে বংগ বিভাজন কৰিছিল, তেতিয়া বন্দে মাতৰম প্ৰতিজন ভাৰতীয়ৰ বাবে সামূহিক প্ৰতিৰোধৰ কণ্ঠ আৰু একতা তথা সংহতিৰ প্ৰতীক হৈ পৰিছিল। আনকি ইংৰাজে বন্দে মাতৰমৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ অপচেষ্টা কৰিছিল যদিও বিফল হৈছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে যিটো কাম ব্ৰিটিছে কৰিব নোৱাৰিছিল, সেয়া অৱশেষত পূৰ্বৰ চৰকাৰে কৰিলে। তেখেতে কয় যে তেওঁলোকে ধৰ্মীয়-ভিত্তিত বন্দে মাতৰমৰ এটা অংশ আঁতৰাই পেলাইছিল, যাৰ পৰিণতিত সমাজখন বিভাজিত হৈছিল আৰু তেওঁলোকে ঔপনিৱেশিক এজেণ্ডাক আগুৱাই নিছিল। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ দায়বদ্ধতাৰে ঘোষণা কৰে যে যিদিনাই বৰ্তমানৰ বিৰোধী দলটোৱে বন্দে মাতৰমক খণ্ডিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেইদিনাই ভাৰত বিভাজনৰ ভেটি স্থাপন হৈছিল। তেখেতে তেওঁলোকক আৰু সমালোচনা কৰি কয় যে তেওঁলোকে সেই গুৰুতৰ ভুলটো নকৰা হেঁতেন আজিৰ ভাৰতৰ ভাৱমূর্তি বহু বেলেগ হ’লহেঁতেন।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে সেই সময়ত ক্ষমতাত থকাসকলৰ মানসিকতাৰ বাবে দেশখনে দশক-দশক ধৰি ঔপনিৱেশিক প্ৰতীক কঢ়িয়াই লৈ ফুৰিছিল। তেখেতে কয় যে আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে ভাৰতীয় নৌসেনাৰ পতাকাৰ পৰা ঔপনিৱেশিক শাসনৰ প্ৰতীক আঁতৰাই পেলোৱা হৈছিল। তেখেতে উল্লেখ কৰে যে এই ৰূপান্তৰৰ অংশ হিচাপে ৰাজপথৰ নাম কৰ্তব্য পথ ৰখা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ স্মৃতি-বিজড়িত আন্দামানৰ চেলুলাৰ জেলক মোৰাৰজী দেশাইৰ চৰকাৰে কাৰ্য্যভাৰ গ্ৰহণৰ সময়তহে ৰাষ্ট্ৰীয় স্মাৰকৰ মৰ্য্যাদা প্ৰদান কৰা হৈছিল। তেখেতে আঙুলিয়াই দিয়ে যে আন্দামানৰ একাধিক দ্বীপৰ নাম ব্ৰিটিছ ব্যক্তিৰ নামেৰে ৰখা হৈছিল। কিন্তু এতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মানাৰ্থে এইসমূহৰ নাম সলনি কৰা হৈছে আৰু নতুন দিল্লীৰ ইণ্ডিয়া গেটত নেতাজী সুভাষৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে কেইবাটাও দ্বীপৰ নাম পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে নামকৰণ কৰা হৈছে।

এনে ঔপনিৱেশিক মানসিকতাৰ বাবেই ৰাষ্ট্ৰৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলকো উপযুক্ত সন্মান প্ৰদান কৰা হোৱা নাছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক স্থাপনেৰে তেওঁলোকৰ স্মৃতিক অমৰ কৰি তোলা হৈছে। তেখেতে উল্লেখ কৰে যে আৰক্ষী, বিএছএফ, আইটিবিপি, চিআইএছএফ, চিআৰপিএফ আৰু আন-আন অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলকে প্ৰমুখ্য কৰি ৩৬ হাজাৰ জোৱানে অভ্যন্তৰীণ নিৰাপত্তাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল, যিসকলৰ সাহসিকতাক দীৰ্ঘদিন ধৰি উপযুক্ত স্বীকৃতি প্ৰদানৰ পৰা বঞ্চিত কৰা হৈছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ চৰকাৰেই সেই শ্বহীদসকলক সন্মান জনাই আৰক্ষী স্মাৰক স্থাপন কৰিছে। “দেশখনে এতিয়া ঔপনিৱেশিক মানসিকতাৰ প্ৰতিটো প্ৰতীক আঁতৰাই ৰাষ্ট্ৰৰ বাবে বলিদান দিয়াসকলক সন্মান জনাই ‘ৰাষ্ট্ৰ প্ৰথম’-ৰ মনোভাৱক সুদৃঢ় কৰি তুলিছে”, শ্ৰী মোদীয়ে কয়।

 

ঐক্যক এখন ৰাষ্ট্ৰ আৰু সমাজৰ অস্তিত্বৰ ভেটি বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়ালৈকে সমাজত ঐক্যৰ প্ৰাধান্য থাকিব, তেতিয়ালৈকে ৰাষ্ট্ৰখনৰ অখণ্ডতা সুৰক্ষিত হৈ থাকিব। তেখেতে দৃঢ়তাৰে কয় যে এখনি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে ৰাষ্ট্ৰীয় ঐক্যক বিভাজিতকৰণৰ লক্ষ্যৰে কৰা প্ৰতিটো ষড়যন্ত্ৰক পৰাস্ত কৰিব লাগিব। তেখেতে উল্লেখ কৰে যে দেশখনে ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতিটো ফ্ৰন্টতে সক্ৰিয়ভাৱে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ঐক্যৰ চাৰিটা মূল স্তম্ভৰ ৰূপৰেখা দাঙি ধৰে, প্ৰথমটো হ’ল সাংস্কৃতিক ঐক্য। তেখেতে কয় যে ভাৰতৰ সংস্কৃতিয়ে ৰাজনৈতিক পৰিস্থিতিৰ পৰা মুক্ত হৈ হাজাৰ-হাজাৰ বছৰ ধৰি ৰাষ্ট্ৰখনক এক ঐক্যবদ্ধ সত্তা হিচাপে জীয়াই ৰাখিছে। তেখেতে বাৰটা জ্যোতিৰ্লিংগ, সাতখন পবিত্ৰ নগৰ, চাৰিখন ধাম, পঞ্চাশৰো অধিক শক্তিপীঠ আৰু তীৰ্থযাত্ৰাৰ পৰম্পৰাক ভাৰতক সচেতন আৰু প্ৰাণৱন্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা অতিশয় প্ৰয়োজনীয় শক্তি হিচাপে অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে সৌৰাষ্ট্ৰ তামিল সংগমম আৰু কাশী তামিল সংগমম আদি অনুষ্ঠানৰ জৰিয়তে এই পৰম্পৰাক আগবঢ়াই নিয়া হৈছে। তেখেতে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জৰিয়তে ভাৰতৰ গভীৰ যোগ বিজ্ঞানে নতুন বিশ্ব স্বীকৃতি লাভ কৰিছে আৰু যোগ জনতাক সংযুক্ত কৰা এক মাধ্যমত পৰিণত হৈছে।

ভাৰতৰ ঐক্যৰ দ্বিতীয় স্তম্ভ - ভাষিক ঐক্য সম্পৰ্কে বিশদভাৱে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ শ-শ ভাষা আৰু উপভাষা ৰাষ্ট্ৰখনৰ মুকলি আৰু সৃষ্টিশীল মানসিকতাৰেই প্ৰতিফলন। তেখেতে কয় যে ভাৰতৰ কোনো সম্প্ৰদায়, কৰ্তৃপক্ষ বা পন্থাই কেতিয়াও ভাষাক অস্ত্ৰৰে সজ্জিত কৰা নাই বা এটা ভাষাক আন এটা ভাষাৰ ওপৰত জাপি দিয়াৰ অপচেষ্টা কৰা নাই। এই কাৰণেই ভাষিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰত অন্যতম বৰ্ণাঢ্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে বুলিও তেখেতে কয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভাষাসমূহক দেশৰ পৰিচয়ক সুদৃঢ় কৰা সংগীতৰ সৈতে তুলনা কৰে। তেখেতে প্ৰতিটো ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে গণ্য কৰা বুলি দৃঢ়তাৰে কয় আৰু গৌৰৱেৰে উল্লেখ কৰে যে ভাৰতত বিশ্বৰ অন্যতম পুৰণি ভাষা তামিল আৰু সংস্কৃতৰ প্ৰচলন আছে। তেখেতে প্ৰতিটো ভাৰতীয় ভাষাৰ অনন্য সাহিত্যিক আৰু সাংস্কৃতিক সম্পদক স্বীকাৰেৰে কয় যে চৰকাৰে সকলোকে সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে। শ্ৰী মোদীয়ে ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাতৃভাষাত অধ্যয়ন আৰু অগ্ৰগতি লাভৰ আশা প্ৰকাশ কৰে তথা নাগৰিকসকলে আন-আন ভাৰতীয় ভাষা শিকা আৰু ইয়াৰ শলাগ ল’বলৈ আহ্বান জনায়। ভাষাসমূহ ঐক্যৰ জৰী হ’ব লাগে আৰু এয়া এদিনীয়া কাম নহয়, বৰঞ্চ অবিৰত প্ৰচেষ্টা বুলিও তেখেতে গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ ঐক্যৰ তৃতীয় স্তম্ভ বৈষম্যমুক্ত উন্নয়ন বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে দৰিদ্ৰতা আৰু বৈষম্যই হৈছে সামাজিক তন্ত্ৰৰ আটাইতকৈ পৰম দুৰ্বলতা। তেখেতে কয় যে চৰ্দাৰ পেটেলে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ দীৰ্ঘম্যাদী পৰিকল্পনা যুগুতৰ আকাংক্ষা কৰিছিল। চৰ্দাৰ পেটেলৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে ১৯৪৭-ৰ দহ বছৰ পূৰ্বেই স্বাধীনতা লাভ কৰিলেহেঁতেন যদিহে সেই সময়লৈকে দেশখনে খাদ্যৰ অভাৱৰ সংকট অতিক্ৰম কৰিলেহেঁতেন। চৰ্দাৰ পেটেলে যেনেকৈ ৰাজকীয় ৰাজ্যসমূহক একত্ৰিতকৰণৰ প্ৰত্যাহ্বান সমাধান কৰিছিল, ঠিক তেনেদৰে তেওঁ খাদ্যৰ নাটনিৰ সৈতেও সমান সংকল্পৰে মোকাবিলা কৰিলেহেঁতেন। শ্ৰী মোদীয়ে আৰু মন্তব্য কৰে যে চৰ্দাৰ পেটেলৰ দৃঢ়তা এনেকুৱাই আছিল আৰু আজি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈয়ো একেই মনোভাৱ অপৰিহাৰ্য্য। তেখেতে গৌৰৱ প্ৰকাশেৰে কয় যে চৰকাৰে চৰ্দাৰ পেটেলৰ অসমাপ্ত প্ৰতিশ্ৰুতিৰাজি পৰিপূৰণৰ বাবে কাম কৰি আছে। বিগত দশকত ২৫ কোটি নাগৰিকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত কৰা হৈছে। লাখ-লাখ দৰিদ্ৰ পৰিয়ালে গৃহ লাভ কৰিছে, প্ৰতিঘৰ গৃহস্থীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিছে, বিনামূলীয়া স্বাস্থ্যসেৱাও প্ৰদান কৰা হৈছে। তেখেতে দৃঢ়তাৰে কয় যে প্ৰতিজন নাগৰিকৰ বাবে এটি মৰ্য্যাদাসম্পন্ন জীৱন নিশ্চিত কৰা কাৰ্য্যই হৈছে ৰাষ্ট্ৰৰ মিছন আৰু দৃষ্টিভংগী উভয়ে। বৈষম্য আৰু দুৰ্নীতিমুক্ত এই নীতিসমূহে ৰাষ্ট্ৰীয় ঐক্যক সুদৃঢ় কৰি তুলিছে।

 

ৰাষ্ট্ৰীয় ঐক্যৰ চতুৰ্থটো স্তম্ভ – যোগাযোগ ব্যৱস্থাৰ জৰিয়তে হৃদয়ৰ সংযোগৰ ৰূপৰেখা দাঙি ধৰি শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশতে অভিলেখ সংখ্যক ঘাইপথ আৰু এক্সপ্ৰেছৱে’ নিৰ্মাণ কৰা হৈছে। বন্দে ভাৰত আৰু নমো ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ ৰূপান্তৰ ঘটাইছে। তেখেতে উল্লেখ কৰে যে সৰু চহৰসমূহেও এতিয়া বিমানবন্দৰৰ সুবিধা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আধুনিক আন্তঃগাঁথনিয়ে ভাৰতৰ প্ৰতি বিশ্বৰ ধাৰণা সলনি কৰাই নহয়, বৰঞ্চ উত্তৰ আৰু দক্ষিণ, পূব আৰু পশ্চিমৰ মাজৰ দূৰত্বও হ্ৰাস কৰিছে। তেখেতে কয় যে এতিয়া জনসাধাৰণে পৰ্যটন আৰু ব্যৱসায়ৰ বাবে ৰাষ্ট্ৰখনৰ ভিন্ন প্ৰান্তত সহজেই ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজৰ সংযোগ আৰু সাংস্কৃতিক আদান-প্ৰদানৰ এক নতুন যুগৰ সূচনা হৈছে বুলিও তেখেতে কয়। ইয়াৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ় হৈছে বুলি তেখেতে উল্লেখ কৰে। তেখেতে আৰু কয় যে ডিজিটেল সংযোগে জনসাধাৰণৰ মাজৰ সংযোগকো অধিক সুদৃঢ় কৰি তুলিছে।

চৰ্দাৰ পেটেলৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীয়ে এই আৱেগক প্ৰতিধ্বনিতকৰণেৰে প্ৰতিজন নাগৰিকক একে মনোভাৱকে আকোৱালি ল’বলৈ আহ্বান জনায়। তেখেতে কয় যে দেশৰ বাবে কাম কৰাতকৈ পৰম সুখ নাই আৰু মা ভাৰতীৰ প্ৰতি ভক্তিভাৱেই হৈছে প্ৰতিজন ভাৰতীয়ৰ বাবে সৰ্বোচ্চ পূজা। শ্ৰী মোদীয়ে কয় যে ১৪০ কোটি ভাৰতীয় একেলগে থিয় হোৱা মাত্ৰেকে পাহাৰৰ ৰূপ লয় আৰু তেওঁলোকে একেলগে মাত মতা মাত্ৰেকে তেওঁলোকৰ কথা ভাৰতৰ সফলতাৰ ঘোষণা হৈ পৰে। তেখেতে ৰাষ্ট্ৰখনক এক গম্ভীৰ সংকল্প হিচাপে গ্ৰহণ কৰিবলৈ, অবিভক্ত আৰু অটল হৈ থাকিবলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে যে চৰ্দাৰ পেটেলৰ প্ৰতি এয়াই হ’ব প্ৰকৃত শ্ৰদ্ধাঞ্জলি। প্রধানমন্ত্রীয়ে আত্মবিশ্বাস প্রকাশেৰে ৰাষ্ট্ৰখন একত্ৰিত হৈ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ সংকল্পক সবল আৰু উন্নত তথা আত্ম-নিৰ্ভৰ ভাৰতৰ সপোন পৰিপূৰণ কৰিব বুলি কৈ এই মনোভাৱেৰেই তেখেতে পুনৰবাৰ চৰ্দাৰ পেটেলৰ চৰণত শ্ৰদ্ধা নিবেদনেৰে ভাষণৰ সামৰণি মাৰে।

 

পটভূমি

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে চৰ্দাৰ বল্লভভাই পেটেললৈ পুষ্পাঞ্জলি অৰ্পণ আৰু ইয়াত সমবেতসকলক সম্বোধন কৰে। তেখেতে একতা দিৱসৰ সংকল্প বাক্য পাঠ কৰোৱাৰ লগতে একতা দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰে।

এই পেৰেডত বিএছএফ, চিআৰপিএফ, চিআইএছএফ, আইটিবিপি আৰু এছএছবি-ৰ লগতে ভিন্ন ৰাজ্যিক আৰক্ষী বাহিনীয়ে অংশগ্ৰহণ কৰে। এইবাৰৰ মূল আকৰ্ষণসমূহ আছিল গুজৰাট আৰক্ষীৰ অশ্ব বাহিনী, অসম আৰক্ষীৰ মটৰ চাইকেল ডেয়াৰডেভিল শ্ব’ আৰু বিএছএফ-ৰ কেমেল কন্টিজেন্ট আৰু কেমেল মাউন্টেড বেণ্ড।

 

ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযান আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত ব্যতিক্ৰমী সাহসিকতা প্ৰদৰ্শন কৰা চিআৰপিএফ-ৰ পাঁচগৰাকী শৌৰ্য্য চক্ৰ বঁটা বিজয়ী আৰু বিএছএফ-ৰ ষোল্লগৰাকী বীৰত্বৰ পদক বিজয়ীক ইয়াতে সম্বৰ্ধনা জনোৱা হয়। বিএছএফ-ৰ জোৱানসকলকো অপাৰেচন সিন্দূৰৰ সময়ত তেওঁলোকে প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে স্বীকৃতি জনোৱা হয়।

এই বৰ্ষৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডত এনএছজি, এনডিআৰএফ, গুজৰাট, জম্মু-কাশ্মীৰ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, মণিপুৰ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, উত্তৰাখণ্ড আৰু পুডুচেৰীৰ পৰা দহ প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। ইয়াৰ বিষয়বস্তু আছিল ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’। ৯০০ শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানত ভাৰতীয় সংস্কৃতিৰ সমৃদ্ধি আৰু বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰা ভাৰতৰ শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰা হয়। চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এইবাৰৰ ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন বিশেষভাৱে তাৎপৰ্য্যপূৰ্ণ।

 

প্ৰধানমন্ত্ৰীয়ে আৰম্ভ ৭.০-ৰ শিখৰত ১০০ সংখ্যক ফাউণ্ডেচন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে । “শাসন ব্যৱস্থাৰ পুনৰ কল্পনা” শীৰ্ষক বিষয়বস্তুৰে আৰম্ভৰ সপ্তম সংস্কৰণ অনুষ্ঠিত হয়। ১০০ সংখ্যক ফাউণ্ডেচন পাঠ্যক্ৰমত ভাৰতৰ ১৬ অসামৰিক সেৱা আৰু ভূটানৰ ৩ অসামৰিক সেৱাৰ ৬৬০ গৰাকী বিষয়া প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's electronics exports cross $47 billion in 2025 on iPhone push

Media Coverage

India's electronics exports cross $47 billion in 2025 on iPhone push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Visit of His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of UAE to India
January 19, 2026
S.NoAgreements / MoUs / LoIsObjectives

1

Letter of Intent on Investment Cooperation between the Government of Gujarat, Republic of India and the Ministry of Investment of the United Arab Emirates for Development of Dholera Special Investment region

To pursue investment cooperation for UAE partnership in development of the Special Investment Region in Dholera, Gujarat. The envisioned partnership would include the development of key strategic infrastructure, including an international airport, a pilot training school, a maintenance, repair and overhaul (MRO) facility, a greenfield port, a smart urban township, railway connectivity, and energy infrastructure.

2

Letter of Intent between the Indian National Space Promotion and Authorisation Centre (IN-SPACe) of India and the Space Agency of the United Arab Emirates for a Joint Initiative to Enable Space Industry Development and Commercial Collaboration

To pursue India-UAE partnership in developing joint infrastructure for space and commercialization, including launch complexes, manufacturing and technology zones, incubation centre and accelerator for space start-ups, training institute and exchange programmes.

3

Letter of Intent between the Republic of India and the United Arab Emirates on the Strategic Defence Partnership

Work together to establish Strategic Defence Partnership Framework Agreement and expand defence cooperation across a number of areas, including defence industrial collaboration, defence innovation and advanced technology, training, education and doctrine, special operations and interoperability, cyber space, counter terrorism.

4

Sales & Purchase Agreement (SPA) between Hindustan Petroleum Corporation Limited, (HPCL) and the Abu Dhabi National Oil Company Gas (ADNOC Gas)

The long-term Agreement provides for purchase of 0.5 MMPTA LNG by HPCL from ADNOC Gas over a period of 10 years starting from 2028.

5

MoU on Food Safety and Technical requirements between Agricultural and Processed Food Products Export Development Authority (APEDA), Ministry of Commerce and Industry of India, and the Ministry of Climate Change and Environment of the United Arab Emirates.

The MoU provides for sanitary and quality parameters to facilitate the trade, exchange, promotion of cooperation in the food sector, and to encourage rice, food products and other agricultural products exports from India to UAE. It will benefit the farmers from India and contribute to food security of the UAE.

S.NoAnnouncementsObjective

6

Establishment of a supercomputing cluster in India.

It has been agreed in principle that C-DAC India and G-42 company of the UAE will collaborate to set up a supercomputing cluster in India. The initiative will be part of the AI India Mission and once established the facility be available to private and public sector for research, application development and commercial use.

7

Double bilateral Trade to US$ 200 billion by 2032

The two sides agreed to double bilateral trade to over US$ 200 billion by 2032. The focus will also be on linking MSME industries on both sides and promote new markets through initiatives like Bharat Mart, Virtual Trade Corridor and Bharat-Africa Setu.

8

Promote bilateral Civil Nuclear Cooperation

To capitalise on the new opportunities created by the Sustainable Harnessing and Advancement of Nuclear Energy for Transforming India (SHANTI) Act 2025, it was agreed to develop a partnership in advance nuclear technologies, including development and deployment of large nuclear reactors and Small Modular Reactors (SMRs) and cooperation in advance reactor systems, nuclear power plant operations and maintenance, and Nuclear Safety.

9

Setting up of offices and operations of UAE companies –First Abu Dhabi Bank (FAB) and DP World in the GIFT City in Gujarat

The First Abu Dhabi Bank will have a branch in GIFT that will promote trade and investment ties. DP World will have operations from the GIFT City, including for leasing of ships for its global operations.

10

Explore Establishment of ‘Digital/ Data Embassies’

It has been agreed that both sides would explore the possibility of setting up Digital Embassies under mutually recognised sovereignty arrangements.

11

Establishment of a ‘House of India’ in Abu Dhabi

It has been agreed in Principle that India and UAE will cooperate on a flagship project to establish a cultural space consisting of, among others, a museum of Indian art, heritage and archaeology in Abu Dhabi.

12

Promotion of Youth Exchanges

It has been agreed in principle to work towards arranging visits of a group of youth delegates from either country to foster deeper understanding, academic and research collaboration, and cultural bonds between the future generations.