স্বাধীনতাৰ পিছত চৰ্দাৰ পেটেলে ৫৫০ খনৰো অধিক ৰাজকীয় ৰাজ্যক একত্ৰিতকৰণৰ অসম্ভৱ যেন লগা কাম সম্পন্ন কৰিছিল; তেওঁৰ বাবে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ দৃষ্টিভংগী আছিল সৰ্বোচ্চঃ প্ৰধানমন্ত্ৰী
প্ৰতিজন নাগৰিকে আমাৰ ৰাষ্ট্ৰৰ ঐক্যৰ মনোভাৱক দুৰ্বল কৰা প্ৰতিটো চিন্তা বা কাৰ্য্যক পৰিহাৰ কৰিব লাগিব, আমাৰ দেশৰ বাবে এয়াই হৈছে সময়ৰ আহ্বানঃ প্ৰধানমন্ত্ৰী
এয়া লৌহ মানৱ চৰ্দাৰ পেটেলৰ ভাৰত, যিয়ে কেতিয়াও নিজৰ নিৰাপত্তা বা নিজৰ আত্ম-সন্মানৰ ক্ষেত্ৰত আপোচ নকৰেঃ প্ৰধানমন্ত্ৰী
২০১৪-ৰ পৰা আমাৰ চৰকাৰে নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদক নিৰ্ণায়ক আৰু প্ৰচণ্ড আঘাত হানিছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰীয় একতা দিৱসত আমি ভাৰতত বসবাস কৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক আঁতৰোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আজি ৰাষ্ট্ৰখনে ঔপনিৱেশিক মানসিকতাৰ প্ৰতিটো প্ৰভাৱ দূৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰখনৰ বাবে প্ৰাণ আহুতি দিয়াসকলক সন্মান জনাই আমি ‘ৰাষ্ট্ৰ প্ৰথম’-ৰ মনোভাৱক সুদৃঢ় কৰিছোঁঃ প্ৰধানমন্ত্ৰী
এখনি বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ ৰাষ্ট্ৰৰ ঐক্যক ভেঙুচালি কৰিব বিচৰা প্ৰতিটো ষড়যন্ত্ৰক আমি বিফল কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ঐক্যৰ চাৰিটা স্তম্ভ হ'ল সাংস্কৃতিক ঐক্য, ভাষিক ঐক্য, সৰ্বাংগীন উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাৰ জৰিয়তে হৃদয়ৰ সংযোগঃ প্ৰধানমন্ত্ৰী
মা ভাৰতীৰ প্ৰতি ভক্তিভাৱেই হৈছে প্ৰতিজন ভাৰতীয়ৰ সৰ্বোচ্চ পূজাঃ প্ৰধানমন্ত্ৰী

মই চৰ্দাৰ পেটেল বুলি ক’ম আৰু আপোনালোক সকলোৱে ক’ব অমৰ হওঁক, অমৰ হওঁক।

চৰ্দাৰ পেটেল - অমৰ হওঁক, অমৰ হওঁক।

চৰ্দাৰ পেটেল - অমৰ হওঁক, অমৰ হওঁক।

চৰ্দাৰ পেটেল - অমৰ হওঁক, অমৰ হওঁক।

আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

চৰ্দাৰ পেটেলে বিশ্বাস কৰিছিল যে ইতিহাস লিখিবলৈ সময় নষ্ট হ’ব নালাগে; বৰঞ্চ ইতিহাস সৃষ্টিৰ প্ৰচেষ্টা হাতত লোৱা উচিত। চৰ্দাৰ পেটেলে গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তই ইতিহাসৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। এই প্ৰত্যয় চৰ্দাৰ পেটেলৰ ওৰেটো জীৱন কাহিনীতে স্পষ্ট হৈ পৰিছিল। স্বাধীনতাৰ পিছত চৰ্দাৰ পেটেলে ৫৫০ খনৰো অধিক ৰাজকীয় ৰাজ্যক একত্ৰিতকৰণৰ অসম্ভৱ যেন লগা কাম সম্পন্ন কৰিছিল। চৰ্দাৰ পেটেলৰ বাবে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ ধাৰণাটোৱেই আছিল সৰ্বোচ্চ। এই বাবেই চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী স্বাভাৱিকতে ৰাষ্ট্ৰীয় ঐক্যৰ এক বৃহৎ উৎসৱত পৰিণত হৈছে। ১৪০ কোটি ভাৰতীয়ই যেনেকৈ ১৫ আগষ্টত স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ দিনা গণৰাজ্য দিৱস উদযাপন কৰে, ঠিক তেনেদৰে একতা দিৱসৰ তাৎপৰ্য্যও এতিয়া একে মাত্ৰাত প্ৰতিভাত হৈছে। আজি কোটি-কোটি লোকে ঐক্যৰ সংকল্প গ্ৰহণেৰে ৰাষ্ট্ৰখনৰ ঐক্যৰ মনোভাৱক সুদৃঢ়কৰণৰ প্ৰতিজ্ঞা কৰিছে। একতা নগৰতে একতা মল আৰু একতা উদ্যানে এই একতাৰ জৰীক সুদৃঢ়কৰণৰ প্ৰতীক হিচাপে থিয় দিছে।

বন্ধুসকল,

প্ৰতিজন নাগৰিকে আমাৰ ৰাষ্ট্ৰৰ ঐক্যৰ মনোভাৱক দুৰ্বল কৰা প্ৰতিটো চিন্তা বা কাৰ্য্যক পৰিহাৰ কৰিব লাগিব, আমাৰ দেশৰ বাবে এয়াই হৈছে সময়ৰ আহ্বান আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে একতা দিৱসৰ মূল বাৰ্তা।

বন্ধুসকল,

চৰ্দাৰ পেটেলে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক সৰ্বোচ্চ স্থান প্ৰদান কৰিছিল। কিন্তু চৰ্দাৰ পেটেলৰ বিয়োগৰ পিছৰ বছৰ সমূহত একেৰাহে চৰকাৰসমূহে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ প্ৰতি একেধৰণৰ গুৰুত্ব প্ৰদৰ্শন নকৰিছিল। কাশ্মীৰত হোৱা ভুল, উত্তৰ-পূবৰ প্ৰত্যাহ্বান, সমগ্ৰ দেশতে নক্সাল-মাওবাদী সন্ত্ৰাসবাদৰ প্ৰসাৰে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকিৰ সৃষ্টি কৰিছিল। চৰ্দাৰ পেটেলৰ নীতি অনুসৰণৰ পৰিৱৰ্তে সেই যুগৰ চৰকাৰসমূহে দুৰ্বল পন্থা বাছি লৈছিল, যাৰ পৰিণতিত ৰাষ্ট্ৰখনত হিংসা আৰু ৰক্তপাতৰ পৰিবেশে বিৰাজ কৰিছিল।

বন্ধুসকল,

আজিৰ নৱ প্ৰজন্মৰ বহুতৰে হয়তো জ্ঞাত নহয় যে চৰ্দাৰ পেটেলে কাশ্মীৰৰ সম্পূৰ্ণ একত্ৰীকৰণৰ কামনা কৰিছিল, ঠিক যেনেকৈ তেওঁ আন ৰাজকীয় ৰাজ্যসমূহক সফলতাৰে একত্ৰিত কৰিছিল। অৱশ্যে তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে এই ইচ্ছা পূৰণ হ’বলৈ নিদিছিল। কাশ্মীৰক পৃথক সংবিধান আৰু সুকীয়া প্ৰতীকৰে বিভক্ত কৰা হৈছিল!

 

বন্ধুসকল,

কাশ্মীৰক লৈ তেতিয়াৰ শাসকীয় দলে কৰা ভুলে দশক-দশক ধৰি ৰাষ্ট্ৰখনক অস্থিৰ কৰি ৰাখিছিল। তেওঁলোকৰ দুৰ্বল নীতিৰ বাবেই কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ অবৈধ দখলৰ অধীনত পৰে আৰু পাকিস্তানে সন্ত্ৰাসবাদক অধিক ইন্ধন যোগাইছিল।

বন্ধুসকল,

কাশ্মীৰ আৰু ৰাষ্ট্ৰ উভয়েই এই ভুল পদক্ষেপৰ পৰিণাম ভুগিছিল। তথাপিও তেতিয়াৰ চৰকাৰে সন্ত্ৰাসবাদৰ সন্মুখত মৌন হৈ থাকিছিল।

বন্ধুসকল,

কংগ্ৰেছে চৰ্দাৰ পেটেলৰ দৃষ্টিভংগীৰ কথা পাহৰি গৈছিল যদিও এতিয়া আমাৰ দলে এই কথা পাহৰি যোৱা নাই। ২০১৪-ৰ পিছত ৰাষ্ট্ৰই পুনৰবাৰ চৰ্দাৰ পেটেলৰ পৰা অনুপ্ৰাণিত হৈ দৃঢ় সংকল্প গ্ৰহণ কৰে। আজি কাশ্মীৰ ৩৭০ নং অনুচ্ছেদৰ শিকলিৰ পৰা মুক্ত হৈ মূলসুঁতিৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত হৈছে। পাকিস্তান আৰু সন্ত্ৰাসবাদৰ মাষ্টাৰমাইণ্ডবোৰেও এতিয়া ভাৰতৰ প্ৰকৃত শক্তি উপলব্ধি কৰিছে। অপাৰেচন সিন্দূৰৰ সময়ত সমগ্ৰ বিশ্বই দেখিছে যে যদি কোনোবাই ভাৰতক প্ৰত্যাহ্বান জনাবলৈ দুঃসাহস কৰে, তেন্তে দেশখনে শত্ৰুৰ ভূখণ্ডৰ ভিতৰত আক্ৰমণ কৰি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভাৰতৰ সঁহাৰি সদায় অধিক শক্তিশালী আৰু নিৰ্ণায়ক। ভাৰতৰ শত্ৰুবোৰৰ বাবে আমাৰ বাৰ্তা হ’ল— এয়া লৌহ মানৱ চৰ্দাৰ পেটেলৰ ভাৰত, যিয়ে কেতিয়াও নিজৰ নিৰাপত্তা বা নিজৰ আত্ম-সন্মানৰ ক্ষেত্ৰত আপোচ নকৰে।

বন্ধুসকল,

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত বিগত এঘাৰ বছৰত ভাৰতৰ সৰ্ববৃহৎ কৃতিত্ব হৈছে নক্সাল-মাওবাদী সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি পেলোৱা কাৰ্য্য। ২০১৪-ৰ পূৰ্বে দেশৰ পৰিস্থিতি এনেকুৱা আছিল যে ভাৰতৰ ভিতৰৰ পৰাই নক্সাল-মাওবাদী গোটে নিজাকৈ শাসন চলাইছিল। এই ক্ষেত্ৰসমূহত ভাৰতৰ সংবিধান প্ৰযোজ্য নহৈছিল আৰু আৰক্ষী তথা প্ৰশাসনিক ব্যৱস্থাও অচল হৈ পৰিছিল। নক্সালবোৰে মুকলিকৈ নিৰ্দেশনা জাৰি কৰিছিল, পথ নিৰ্মাণত বাধা দিছিল, বিদ্যালয়, কলেজ, চিকিৎসালয়ত বোমা বিস্ফোৰণ ঘটাইছিল। প্ৰশাসন তেওঁলোকৰ সন্মুখত অসহায় হৈ পৰিছিল।

 

বন্ধুসকল,

২০১৪-ৰ পৰা আমাৰ চৰকাৰে নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদক নিৰ্ণায়ক আৰু শক্তিশালী আঘাত হানিছিল। চহৰ অঞ্চলত বাস কৰা নক্সালৰ সমৰ্থকসকলকো— নগৰীয়া নক্সালসকলকো একাষৰীয়া কৰি ৰখা হৈছে। মতাদৰ্শগত যুদ্ধত জয়ী হোৱাৰ লগতে নক্সাল দুৰ্গসমূহত প্ৰত্যক্ষ আঘাত হনা হৈছে। ইয়াৰ ফল এতিয়া সমগ্ৰ ৰাষ্ট্ৰৰ বাবে দৃশ্যমান হৈছে। ২০১৪-ৰ পূৰ্বে দেশৰ প্ৰায় ১২৫ খন জিলা মাওবাদী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আজি এই সংখ্যা মাত্ৰ ১১ খনলৈ হ্ৰাস পাইছে, মাত্ৰ তিনিখন জিলা তীব্ৰ নক্সাল প্ৰভাৱৰ সন্মুখীন হৈছে। একতা নগৰৰ ভূমিৰ পৰা চৰ্দাৰ পেটেলৰ উপস্থিতিত মই ৰাষ্ট্ৰক আশ্বাস প্ৰদান কৰিব খুজিছোঁ যে যেতিয়ালৈকে ভাৰত নক্সাল-মাওবাদী ভাবুকিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়, তেতিয়ালৈকে চৰকাৰ ক্ষান্ত নাথাকে।

বন্ধুসকল,

আজি ৰাষ্ট্ৰখনৰ ঐক্য আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি অনুপ্ৰৱেশকাৰীয়ে ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিছে। দশক-দশক ধৰি বিদেশী অনুপ্ৰৱেশকাৰীয়ে দেশত প্ৰৱেশ কৰি নাগৰিকৰ বাবে নিৰ্ধাৰিত সম্পদ জব্দৰে জনগাঁথনিগত ভাৰসাম্য বিঘ্নিতৰে ৰাষ্ট্ৰীয় ঐক্য বিপদাপন্ন কৰি আহিছে। এই গুৰুতৰ বিষয়টোৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে চকু মুদি বহি আছিল। তেওঁলোকে ভোট-বেংকৰ ৰাজনীতিৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰিছিল। পোন-প্ৰথমবাৰৰ বাবে দেশে এই বৃহৎ ভাবুকিৰ বিৰুদ্ধে নিৰ্ণায়কভাৱে যুঁজিবলৈ সংকল্প গ্ৰহণ কৰিছে। এই প্ৰত্যাহ্বানেৰে মোকাবিলাকৰণৰ অৰ্থে মই লালকিল্লাৰ পৰা জনগাঁথনি অভিযান ঘোষণা কৰিছিলোঁ।

কিন্তু বন্ধুসকল,

এতিয়াও বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰা সত্বেও একাংশ ব্যক্তিয়ে ৰাষ্ট্ৰীয় কল্যাণৰ সলনি ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এই লোকসকল অনুপ্ৰৱেশকাৰীক অধিকাৰ প্ৰদানৰ বাবে ৰাজনৈতিক যুদ্ধত লিপ্ত হৈছে আৰু ৰাষ্ট্ৰ বিভাজনৰ পৰিণতিৰ প্ৰতি উদাসীনতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু পৰিচয় বিপদাপন্ন হ’লে প্ৰতিজন নাগৰিকেই বিপদত পৰিব। সেয়ে ৰাষ্ট্ৰীয় একতা দিৱসত মই ভাৰতত বাস কৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীকে আঁতৰোৱাৰ সংকল্পক পুনৰ দৃঢ় কৰিবলৈ ৰাষ্ট্ৰক আহ্বান জনাইছোঁ।

বন্ধুসকল,

আমি গণতন্ত্ৰত ৰাষ্ট্ৰীয় ঐক্যৰ কথা ক’বলৈ যাওঁতে ইয়াৰ এটা মাত্ৰা হৈছে চিন্তাৰ বৈচিত্ৰ্যকো সন্মান জনোৱা কাৰ্য্য। গণতন্ত্ৰত সমালোচনা গ্ৰহণযোগ্য হ’লেও ব্যক্তিগত আক্ৰোষ থাকিব নালাগে। স্বাধীনতাৰ পিছত ৰাষ্ট্ৰখনক নেতৃত্ব প্ৰদানৰ দায়িত্ব অৰ্পণ কৰাসকলে ‘আমি জনসাধাৰণ’-ৰ মনোভাৱক ভেঙুচালিকৰণৰ অপচেষ্টা কৰিছিল। তেতিয়া ভিন্ন মতাদৰ্শৰ ব্যক্তি আৰু সংগঠনৰ বদনাম কৰা হৈছিল তথা ৰাজনৈতিক অস্পৃশ্যতাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰা হৈছিল। পূৰ্বৰ চৰকাৰসমূহে চৰ্দাৰ পেটেল আৰু তেওঁৰ উত্তৰাধিকাৰক এনে ব্যৱহাৰ কৰিছিল তথা একেদৰেই বাবা চাহেব আম্বেদকাৰক তেওঁৰ জীৱনকালত আৰু আনকি তেওঁৰ মৃত্যুৰ পিছতো উপেক্ষা কৰিছিল। পূৰ্বৰ চৰকাৰসমূহে ডঃ ৰাম মনোহৰ লোহিয়া আৰু জয়প্ৰকাশ নাৰায়ণৰ দৰে নেতাৰ প্ৰতি একে ধৰণৰ পন্থা অৱলম্বন কৰিছিল। এই বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে। কিন্তু সংগঠনটো আজিলৈকে ভিন্ন আক্ৰমণ আৰু ষড়যন্ত্ৰৰ সন্মুখীন হৈ আহিছে। এটা দল আৰু এটা পৰিয়ালৰ বাহিৰে প্ৰতিজন ব্যক্তি আৰু ধাৰণাক পৃথক কৰাৰ ইচ্ছাকৃত অপচেষ্টা চলোৱা হৈছিল।

 

ভ্ৰাতৃ-ভগ্নীসকল,

এসময়ত দেশখনক বিভাজিত কৰা ৰাজনৈতিক অস্পৃশ্যতাৰ অৱসান ঘটা কাৰ্য্যত ৰাষ্ট্ৰই আজি গৌৰৱ অনুভৱ কৰিছে। চৰ্দাৰ পেটেললৈ সন্মানাৰ্থে ঐক্যৰ প্ৰতিমূৰ্তি স্থাপন আৰু বাবা চাহেব আম্বেদকাৰৰ প্ৰতি সমৰ্পিত পঞ্চতীৰ্থ প্ৰতিষ্ঠা কৰা হৈছে। বাবা চাহেবৰ বাসগৃহ আৰু দিল্লীৰ মহাপৰিনিৰ্বান স্থানক পূৰ্বৰ শাসনৰ সময়ছোৱাত অৱহেলা কৰা হৈছিল যদিও এতিয়া ইয়াক ঐতিহাসিক স্মাৰকলৈ ৰূপান্তৰিত কৰা হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত মাত্ৰ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰহে এটা নিৰ্দিষ্ট সংগ্ৰহালয় আছিল। ইয়াৰ বিপৰীতে আমাৰ চৰকাৰে সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অৱদানক সন্মান জনাই প্ৰধানমন্ত্ৰী সংগ্ৰহালয় স্থাপন কৰিছে। কৰ্পূৰী ঠাকুৰক ভাৰতৰত্ন প্ৰদান কৰা হৈছিল, আনকি বৰ্তমানৰ বিৰোধী শিৱিৰত ওৰেটো জীৱন কটোৱা প্ৰণৱ মুখাৰ্জীকো ভাৰতৰত্নৰে সন্মানিত কৰা হৈছিল। মূলায়ম সিং যাদৱৰ দৰে বিৰোধী মতাদৰ্শৰ নেতাসকলকো পদ্ম বঁটাৰে স্বীকৃতি জনোৱা হৈছে। এই সিদ্ধান্তসমূহ ৰাজনৈতিক মতানৈক্যৰ উৰ্ধত থাকি ৰাষ্ট্ৰীয় ঐক্যৰ মনোভাৱক সুদৃঢ়কৰণৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা হৈছে। এই সৰ্বাংগীন পন্থা অপাৰেচন সিন্দূৰৰ পিছত বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰা বহুদলীয় প্ৰতিনিধি দলৰ কাৰ্য্যপন্থাটো প্ৰতিফলিত হৈছে।

বন্ধুসকল,

ৰাজনৈতিক লাভা-লাভৰ বাবে ৰাষ্ট্ৰীয় ঐক্যক আঘাত হনাৰ অপচেষ্টা ঔপনিৱেশিক মানসিকতাৰেই প্ৰতিফলন। বৰ্তমানৰ বিৰোধী দলটোৱে কেৱল ব্ৰিটিছৰ পৰা ক্ষমতা আৰু দলীয় গাঁথনি উত্তৰাধিকাৰী সূত্ৰে লাভেই নহয়, বৰঞ্চ তেওঁলোকৰ বশৱৰ্তী হোৱাৰ মানসিকতাও স্বভাৱ কৰি তুলিছে। কিছুদিনৰ পাছত ৰাষ্ট্ৰখনে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তি উদযাপন কৰিব। ১৯০৫-ত যেতিয়া ব্ৰিটিছে বংগ বিভাজন কৰিছিল, তেতিয়া বন্দে মাতৰম প্ৰতিজন ভাৰতীয়ৰ বাবে সামূহিক প্ৰতিৰোধৰ কণ্ঠ আৰু একতা তথা সংহতিৰ প্ৰতীক হৈ পৰিছিল। আনকি ইংৰাজে বন্দে মাতৰমৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ অপচেষ্টা কৰিছিল যদিও বিফল হৈছিল। যিটো কাম ব্ৰিটিছে কৰিব নোৱাৰিছিল, সেয়া অৱশেষত পূৰ্বৰ চৰকাৰে কৰিলে। তেওঁলোকে ধৰ্মীয়-ভিত্তিত বন্দে মাতৰমৰ এটা অংশ আঁতৰাই পেলাইছিল, যাৰ পৰিণতিত সমাজখন বিভাজিত হৈছিল আৰু তেওঁলোকে ঔপনিৱেশিক এজেণ্ডাক আগুৱাই নিছিল। যিদিনাই বৰ্তমানৰ বিৰোধী দলটোৱে বন্দে মাতৰমক খণ্ডিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেইদিনাই ভাৰত বিভাজনৰ ভেটি স্থাপন হৈছিল। তেওঁলোকে সেই গুৰুতৰ ভুলটো নকৰা হেঁতেন আজিৰ ভাৰতৰ ভাৱমূর্তি বহু বেলেগ হ’লহেঁতেন।

বন্ধুসকল,

সেই সময়ত ক্ষমতাত থকাসকলৰ মানসিকতাৰ বাবে দেশখনে দশক-দশক ধৰি ঔপনিৱেশিক প্ৰতীক কঢ়িয়াই লৈ ফুৰিছিল। আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতহে ভাৰতীয় নৌসেনাৰ পতাকাৰ পৰা ঔপনিৱেশিক শাসনৰ প্ৰতীক আঁতৰাই পেলোৱা হৈছিল। এই ৰূপান্তৰৰ অংশ হিচাপে ৰাজপথৰ নাম কৰ্তব্য পথ ৰখা হৈছিল। স্বাধীনতা সংগ্ৰামৰ স্মৃতি-বিজড়িত আন্দামানৰ চেলুলাৰ জেলক মোৰাৰজী দেশাইৰ চৰকাৰে কাৰ্য্যভাৰ গ্ৰহণৰ সময়তহে ৰাষ্ট্ৰীয় স্মাৰকৰ মৰ্য্যাদা প্ৰদান কৰা হৈছিল। আন্দামানৰ একাধিক দ্বীপৰ নাম ব্ৰিটিছ ব্যক্তিৰ নামেৰে ৰখা হৈছিল। কিন্তু এতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মানাৰ্থে এইসমূহৰ নাম সলনি কৰা হৈছে আৰু নতুন দিল্লীৰ ইণ্ডিয়া গেটত নেতাজী সুভাষৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে কেইবাটাও দ্বীপৰ নাম পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে নামকৰণ কৰা হৈছে।

 

বন্ধুসকল,

এনে ঔপনিৱেশিক মানসিকতাৰ বাবেই ৰাষ্ট্ৰৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলকো উপযুক্ত সন্মান প্ৰদান কৰা হোৱা নাছিল। এতিয়া ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক স্থাপনেৰে তেওঁলোকৰ স্মৃতিক অমৰ কৰি তোলা হৈছে। আৰক্ষী, বিএছএফ, আইটিবিপি, চিআইএছএফ, চিআৰপিএফ আৰু আন-আন অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলকে প্ৰমুখ্য কৰি ৩৬ হাজাৰ জোৱানে অভ্যন্তৰীণ নিৰাপত্তাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল, যিসকলৰ সাহসিকতাক দীৰ্ঘদিন ধৰি উপযুক্ত স্বীকৃতি প্ৰদানৰ পৰা বঞ্চিত কৰা হৈছিল। আমাৰ চৰকাৰেই সেই শ্বহীদসকলক সন্মান জনাই আৰক্ষী স্মাৰক স্থাপন কৰিছে। দেশখনে এতিয়া ঔপনিৱেশিক মানসিকতাৰ প্ৰতিটো প্ৰতীক আঁতৰাই ৰাষ্ট্ৰৰ বাবে বলিদান দিয়াসকলক সন্মান জনাই ‘ৰাষ্ট্ৰ প্ৰথম’-ৰ মনোভাৱক সুদৃঢ় কৰি তুলিছে।

মোৰ প্ৰিয় দেশবাসী,

ঐক্যই হৈছে এখন ৰাষ্ট্ৰ আৰু সমাজৰ অস্তিত্বৰ ভেটি। যেতিয়ালৈকে সমাজত ঐক্যৰ প্ৰাধান্য থাকিব, তেতিয়ালৈকে ৰাষ্ট্ৰখনৰ অখণ্ডতা সুৰক্ষিত হৈ থাকিব। এখনি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে ৰাষ্ট্ৰীয় ঐক্যক বিভাজিতকৰণৰ লক্ষ্যৰে কৰা প্ৰতিটো ষড়যন্ত্ৰক পৰাস্ত কৰিব লাগিব। দেশখনে ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতিটো ফ্ৰন্টতে সক্ৰিয়ভাৱে কাম কৰি আছে। মই ভাৰতৰ ঐক্যৰ চাৰিটা মূল স্তম্ভৰ ৰূপৰেখা দাঙি ধৰিব খুজিছোঁ। প্ৰথমটো হ’ল সাংস্কৃতিক ঐক্য। ভাৰতৰ সংস্কৃতিয়ে ৰাজনৈতিক পৰিস্থিতিৰ পৰা মুক্ত হৈ হাজাৰ-হাজাৰ বছৰ ধৰি ৰাষ্ট্ৰখনক এক ঐক্যবদ্ধ সত্তা হিচাপে জীয়াই ৰাখিছে। বাৰটা জ্যোতিৰ্লিংগ, সাতখন পবিত্ৰ নগৰ, চাৰিখন ধাম, পঞ্চাশৰো অধিক শক্তিপীঠ আৰু তীৰ্থযাত্ৰাৰ পৰম্পৰা হৈছে ভাৰতক সচেতন আৰু প্ৰাণৱন্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা অতিশয় প্ৰয়োজনীয় শক্তি। সৌৰাষ্ট্ৰ তামিল সংগমম আৰু কাশী তামিল সংগমম আদি অনুষ্ঠানৰ জৰিয়তে এই পৰম্পৰাক আগবঢ়াই নিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জৰিয়তে ভাৰতৰ গভীৰ যোগ বিজ্ঞানে নতুন বিশ্ব স্বীকৃতি লাভ কৰিছে আৰু যোগ জনতাক সংযুক্ত কৰা এক মাধ্যমত পৰিণত হৈছে।

বন্ধুসকল,

ভাৰতৰ ঐক্যৰ দ্বিতীয় স্তম্ভ হৈছে ভাষিক ঐক্য! ভাৰতৰ শ-শ ভাষা আৰু উপভাষা ৰাষ্ট্ৰখনৰ মুকলি আৰু সৃষ্টিশীল মানসিকতাৰেই প্ৰতিফলন। ভাৰতৰ কোনো সম্প্ৰদায়, কৰ্তৃপক্ষ বা পন্থাই কেতিয়াও ভাষাক অস্ত্ৰৰে সজ্জিত কৰা নাই বা এটা ভাষাক আন এটা ভাষাৰ ওপৰত জাপি দিয়াৰ অপচেষ্টা কৰা নাই। এই কাৰণেই ভাষিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰত অন্যতম বৰ্ণাঢ্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ ভাষাসমূহ দেশৰ পৰিচয়ক সুদৃঢ় কৰা সংগীতৰ লেখীয়া। মই প্ৰতিটো ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে গণ্য কৰি আহিছোঁ, লগতে গৌৰৱেৰে ক’ব খুজিছোঁ যে ভাৰতত বিশ্বৰ অন্যতম পুৰণি ভাষা তামিল আৰু সংস্কৃতৰ প্ৰচলন আছে। প্ৰতিটো ভাৰতীয় ভাষাৰ অনন্য সাহিত্যিক আৰু সাংস্কৃতিক সম্পদৰাজি অনস্বীকাৰ্য্য। আমাৰ চৰকাৰে সকলোকে সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে। ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাতৃভাষাত অধ্যয়ন আৰু অগ্ৰগতি লাভ কৰিব বুলি আশাবাদী। মই নাগৰিকসকলে আন-আন ভাৰতীয় ভাষা শিকা আৰু ইয়াৰ শলাগ ল’বলৈ আহ্বান জনাইছোঁ। ভাষাসমূহ ঐক্যৰ জৰী হ’ব লাগে আৰু এয়া এদিনীয়া কাম নহয়, বৰঞ্চ অবিৰত প্ৰচেষ্টা।

 

বন্ধুসকল,

ভাৰতৰ ঐক্যৰ তৃতীয়টো স্তম্ভ হৈছে বৈষম্যমুক্ত উন্নয়ন। দৰিদ্ৰতা আৰু বৈষম্যই হৈছে সামাজিক তন্ত্ৰৰ আটাইতকৈ পৰম দুৰ্বলতা। চৰ্দাৰ পেটেলে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ দীৰ্ঘম্যাদী পৰিকল্পনা যুগুতৰ আকাংক্ষা কৰিছিল। ভাৰতে ১৯৪৭-ৰ দহ বছৰ পূৰ্বেই স্বাধীনতা লাভ কৰিলেহেঁতেন যদিহে সেই সময়লৈকে দেশখনে খাদ্যৰ অভাৱৰ সংকট অতিক্ৰম কৰিলেহেঁতেন। চৰ্দাৰ পেটেলে যেনেকৈ ৰাজকীয় ৰাজ্যসমূহক একত্ৰিতকৰণৰ প্ৰত্যাহ্বান সমাধান কৰিছিল, ঠিক তেনেদৰে তেওঁ খাদ্যৰ নাটনিৰ সৈতেও সমান সংকল্পৰে মোকাবিলা কৰিলেহেঁতেন। চৰ্দাৰ পেটেলৰ দৃঢ়তা এনেকুৱাই আছিল আৰু আজি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈয়ো একেই মনোভাৱ অপৰিহাৰ্য্য। মই গৌৰৱেৰে ক’ব খুজিছোঁ যে চৰকাৰে চৰ্দাৰ পেটেলৰ অসমাপ্ত প্ৰতিশ্ৰুতিৰাজি পৰিপূৰণৰ বাবে কাম কৰি আছে। বিগত দশকত ২৫ কোটি নাগৰিকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত কৰা হৈছে। লাখ-লাখ দৰিদ্ৰ পৰিয়ালে গৃহ লাভ কৰিছে, প্ৰতিঘৰ গৃহস্থীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিছে, বিনামূলীয়া স্বাস্থ্যসেৱাও প্ৰদান কৰা হৈছে। মই দৃঢ়তাৰে ক’ব খুজিছোঁ যে প্ৰতিজন নাগৰিকৰ বাবে এটি মৰ্য্যাদাসম্পন্ন জীৱন নিশ্চিত কৰা কাৰ্য্যই হৈছে ৰাষ্ট্ৰৰ মিছন আৰু দৃষ্টিভংগী উভয়ে। বৈষম্য আৰু দুৰ্নীতিমুক্ত এই নীতিসমূহে ৰাষ্ট্ৰীয় ঐক্যক সুদৃঢ় কৰি তুলিছে।

 

বন্ধুসকল,

ৰাষ্ট্ৰীয় ঐক্যৰ চতুৰ্থটো স্তম্ভ হৈছে যোগাযোগ ব্যৱস্থাৰ জৰিয়তে হৃদয়ৰ সংযোগ। সমগ্ৰ দেশতে অভিলেখ সংখ্যক ঘাইপথ আৰু এক্সপ্ৰেছৱে’ নিৰ্মাণ কৰা হৈছে। বন্দে ভাৰত আৰু নমো ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ ৰূপান্তৰ ঘটাইছে। সৰু চহৰসমূহেও এতিয়া বিমানবন্দৰৰ সুবিধা লাভ কৰিছে। এই আধুনিক আন্তঃগাঁথনিয়ে ভাৰতৰ প্ৰতি বিশ্বৰ ধাৰণা সলনি কৰাই নহয়, বৰঞ্চ উত্তৰ আৰু দক্ষিণ, পূব আৰু পশ্চিমৰ মাজৰ দূৰত্বও হ্ৰাস কৰিছে। এতিয়া জনসাধাৰণে পৰ্যটন আৰু ব্যৱসায়ৰ বাবে ৰাষ্ট্ৰখনৰ ভিন্ন প্ৰান্তত সহজেই ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজৰ সংযোগ আৰু সাংস্কৃতিক আদান-প্ৰদানৰ এক নতুন যুগৰ সূচনা হৈছে। ইয়াৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ় হৈছে। ডিজিটেল সংযোগে জনসাধাৰণৰ মাজৰ সংযোগকো অধিক সুদৃঢ় কৰি তুলিছে।

বন্ধুসকল,

চৰ্দাৰ পেটেলে কৈছিল, “মই দেশৰ বাবে কাম কৰি পৰম সন্তোষ পাওঁ।” ময়ো আজি দেশবাসীক একেই আহ্বান জনাই ক’ব খুজিছোঁ যে দেশৰ বাবে কাম কৰাতকৈ পৰম সুখ নাই আৰু মা ভাৰতীৰ প্ৰতি ভক্তিভাৱেই হৈছে প্ৰতিজন ভাৰতীয়ৰ বাবে সৰ্বোচ্চ পূজা। ১৪০ কোটি ভাৰতীয় একেলগে থিয় হোৱা মাত্ৰেকে পাহাৰৰ ৰূপ লয় আৰু তেওঁলোকে একেলগে মাত মতা মাত্ৰেকে তেওঁলোকৰ কথা ভাৰতৰ সফলতাৰ ঘোষণা হৈ পৰে। মই ৰাষ্ট্ৰখনক এক গম্ভীৰ সংকল্প হিচাপে গ্ৰহণ কৰিবলৈ, অবিভক্ত আৰু অটল হৈ থাকিবলৈ আহ্বান জনাইছোঁ। চৰ্দাৰ পেটেলৰ প্ৰতি এয়াই হ’ব প্ৰকৃত শ্ৰদ্ধাঞ্জলি। মই আত্মবিশ্বাসেৰে ক’ব খুজিছোঁ যে ৰাষ্ট্ৰখন একত্ৰিত হৈ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ সংকল্পক সবল আৰু উন্নত তথা আত্ম-নিৰ্ভৰ ভাৰতৰ সপোন পৰিপূৰণ কৰিব। মই এই মনোভাৱেৰেই পুনৰবাৰ চৰ্দাৰ পেটেলৰ চৰণত শ্ৰদ্ধা নিবেদন কৰিলোঁ। দেশৰ প্ৰতিটো প্ৰান্তই শুনাকৈ আমি সমস্বৰে ভাৰত মাতা কী জয় ধ্বনি দিওঁচোন আহক।

 

 

বন্ধুসকল,

চৰ্দাৰ পেটেলে কৈছিল, “মই দেশৰ বাবে কাম কৰি পৰম সন্তোষ পাওঁ।” ময়ো আজি দেশবাসীক একেই আহ্বান জনাই ক’ব খুজিছোঁ যে দেশৰ বাবে কাম কৰাতকৈ পৰম সুখ নাই আৰু মা ভাৰতীৰ প্ৰতি ভক্তিভাৱেই হৈছে প্ৰতিজন ভাৰতীয়ৰ বাবে সৰ্বোচ্চ পূজা। ১৪০ কোটি ভাৰতীয় একেলগে থিয় হোৱা মাত্ৰেকে পাহাৰৰ ৰূপ লয় আৰু তেওঁলোকে একেলগে মাত মতা মাত্ৰেকে তেওঁলোকৰ কথা ভাৰতৰ সফলতাৰ ঘোষণা হৈ পৰে। মই ৰাষ্ট্ৰখনক এক গম্ভীৰ সংকল্প হিচাপে গ্ৰহণ কৰিবলৈ, অবিভক্ত আৰু অটল হৈ থাকিবলৈ আহ্বান জনাইছোঁ। চৰ্দাৰ পেটেলৰ প্ৰতি এয়াই হ’ব প্ৰকৃত শ্ৰদ্ধাঞ্জলি। মই আত্মবিশ্বাসেৰে ক’ব খুজিছোঁ যে ৰাষ্ট্ৰখন একত্ৰিত হৈ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ সংকল্পক সবল আৰু উন্নত তথা আত্ম-নিৰ্ভৰ ভাৰতৰ সপোন পৰিপূৰণ কৰিব। মই এই মনোভাৱেৰেই পুনৰবাৰ চৰ্দাৰ পেটেলৰ চৰণত শ্ৰদ্ধা নিবেদন কৰিলোঁ। দেশৰ প্ৰতিটো প্ৰান্তই শুনাকৈ আমি সমস্বৰে ভাৰত মাতা কী জয় ধ্বনি দিওঁচোন আহক।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

সকলোকে অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Davos 2026: Martin Sorrell says ‘Modi is on fire’, India a pocket of growth

Media Coverage

Davos 2026: Martin Sorrell says ‘Modi is on fire’, India a pocket of growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
On the Statehood Day of Manipur, Meghalaya & Tripura, PM Modi shares a Sanskrit verse highlighting continuous effort and progress
January 21, 2026

The Prime Minister, Shri Narendra Modi today extended his warm greetings to the people of Manipur, Meghalaya and Tripura as the three North Eastern states celebrate their Statehood Day.

The Prime Minister conveyed his heartfelt wishes to all brothers and sisters of the region and expressed hope that, through their own efforts, they achieve success in every sphere of life.

On the occasion, the Prime Minister also shared a Sanskrit Subhashitam highlighting the spirit of continuous effort and progress.

The Sanskrit verse-
“चरैवेति चरैवेति चरन्वै मधु विन्दति।
सूर्यास्य पश्य श्रेमाणं न मामार न जीर्यति॥” conveys that one must keep moving and keep advancing, as only a consistently diligent person can taste the sweetness of progress, just as the sun tirelessly and endlessly illuminates the world with its energy.

Shri Modi posted on X;

“आज नॉर्थ ईस्ट के तीन राज्य मणिपुर, मेघालय और त्रिपुरा अपना स्थापना दिवस मना रहे हैं। इस अवसर पर यहां के अपने सभी भाई-बहनों को मेरी बहुत-बहुत शुभकामनाएं। अपने प्रयासों से जीवन के हर क्षेत्र में उन्हें सफलता मिले, यही कामना है।

चरैवेति चरैवेति चरन्वै मधु विन्दति।

सूर्यास्य पश्य श्रेमाणं न मामार न जीर्यति॥”