কলি যুগত প্ৰভুৰ নাম জপৰ দ্বাৰাহে লৌকিক অস্তিত্বৰ সাগৰৰ পৰা মুক্তি লাভ সম্ভৱঃ প্ৰধানমন্ত্ৰী
গীতাৰ কথাই কেৱল আমাক পথ-প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ নীতিৰ দিশটোও গঢ় দিছেঃ প্ৰধানমন্ত্ৰী
আহক আমি জল সংৰক্ষণ, বৃক্ষৰোপণ, দৰিদ্ৰ লোকৰ কল্যাণ সাধন, স্বদেশী গ্ৰহণ, প্ৰাকৃতিক কৃষিকাৰ্য্যক প্ৰসাৰ, সুস্থ জীৱনশৈলীক আকোৱালি লোৱা, যোগাসন, পাণ্ডুলিপি সংৰক্ষণ আৰু কমেও ২৫ ঐতিহ্য ক্ষেত্ৰ ভ্ৰমণৰ নটা সংকল্প গ্ৰহণ কৰোঃ প্ৰধানমন্ত্ৰী
তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শনৰ সন্তুষ্টি, শ্ৰীমদ্ভগৱত মন্ত্ৰৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ভালে সংখ্যক পূজনীয় সাধু-গুৰুৰ সান্নিধ্য তেওঁৰ বাবে এক পৰম সৌভাগ্যৰ কথা। তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য।

মাত্ৰ তিনিদিন পূৰ্বে গীতাৰ ভূমি কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে আজি ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আৰু জগতগুৰু শ্ৰী মাধৱাচাৰ্য্য জীৰ মহিমাৰে বিধৌত এই ভূমিলৈ অহাটো তেওঁৰ বাবে পৰম সন্তুষ্টিৰ কথা। তেওঁ উল্লেখ কৰে যে এই উপলক্ষে এক লাখ লোকে একেলগে ভাগৱতৰ শ্লোক পাঠ কৰোতে সমগ্ৰ বিশ্বৰ লোকে ভাৰতৰ সহস্ৰাব্দ পুৰণি আধ্যাত্মিক ঐতিহ্যৰ চাক্ষুস উমান লাভ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ ভূমিলৈ আহি ইয়াৰ মৰমিয়াল জনতাৰ মাজত থকা কাৰ্য্যই তেওঁক সদায় এক অনন্য অভিজ্ঞতা প্ৰদান কৰে। উড়ুপিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰাটো সদায় অসাধাৰণ অভিজ্ঞতা বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ জন্ম গুজৰাটত হ’লেও গুজৰাট আৰু উড়ুপিৰ মাজত সদায় গভীৰ আৰু বিশেষ সংযোগ আছে। শ্ৰী মোদীয়ে ইয়াত প্ৰতিষ্ঠিত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিক পূৰ্বে মাতা ৰুক্মিণীয়ে দ্বাৰকাত পূজা কৰিছিল আৰু পিছত জগদগুৰু শ্ৰী মাধৱাচাৰ্য্যই উড়ুপিত এই মূৰ্তিক পূজা কৰিছিল বুলি বিশ্বাসৰ কথা মনত পেলাই দিয়ে। তেওঁ উল্লেখ কৰে যে যোৱা বৰ্ষত তেওঁ সাগৰৰ তলত শ্ৰী দ্বাৰকা জীক দৰ্শন কৰাৰ ঐশ্বৰিক অভিজ্ঞতা লাভ কৰিছিল। তেওঁ কয় যে এই মূৰ্তি দৰ্শন কৰাৰ লগে-লগে তেওঁ যি গভীৰ পুলক অনুভৱ কৰিছিল, সেয়া কল্পনা কৰিব পাৰি আৰু এই দৰ্শনে তেওঁক অপৰিসীম আধ্যাত্মিক আনন্দ দিছিল বুলি উল্লেখ কৰে।

 

উড়ুপিলৈ অহাটো তেওঁৰ বাবে আন এটা কাৰণত বিশেষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে উড়ুপি জন সংঘ আৰু ভাৰতীয় জনতা পাৰ্টিৰ শাসন আৰ্হিৰ কৰ্মভূমি হৈ আহিছে। তেওঁ কয় যে ১৯৬৮-ত উড়ুপিৰ জনসাধাৰণে জন সংঘৰ ভি. আচাৰ্য্যক পৌৰসভালৈ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ জৰিয়তে উড়ুপিয়ে নতুন শাসন আৰ্হিৰ ভেটি স্থাপন কৰিছিল। তেওঁ উল্লেখ কৰে যে আজি যি স্বচ্ছতা অভিযান ৰাষ্ট্ৰীয় পৰ্য্যায়ত দেখা গৈছে, উড়ুপীয়ে পাঁচ দশক পূৰ্বে ইয়াক গ্ৰহণ কৰিছিল। তেওঁ কয় যে পানী যোগান আৰু নিষ্কাশন ব্যৱস্থাৰ নতুন আৰ্হি প্ৰদান কৰাৰ ক্ষেত্ৰতো উড়ুপিয়ে ১৯৭০-ত এনে কাৰ্য্যসূচী আৰম্ভ কৰিছিল। তেওঁ কয় যে আজি এই অভিযানসমূহ ৰাষ্ট্ৰীয় উন্নয়ন আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অংশ হৈ পৰিছে, দেশক আগুৱাই নিছে।

ৰামচৰিতমানসৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয়, “কলি যুগত প্ৰভুৰ নাম জপৰ দ্বাৰাহে লৌকিক অস্তিত্বৰ সাগৰৰ পৰা মুক্তি লাভ সম্ভৱ।” তেওঁ কয় যে সমাজত মন্ত্ৰ আৰু গীতাৰ শ্লোক আবৃত্তি যুগ-যুগ ধৰি চলি আহিছে যদিও এক লাখ কণ্ঠই একেলগে এই শ্লোকসমূহ একেলগে পাঠ কৰিলে এক অনন্য অভিজ্ঞতাৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ইমানখিনি লোকে গীতাৰ দৰে পবিত্ৰ গ্ৰন্থ পাঠ, এনে ঐশ্বৰিক শব্দ একেলগে অনুৰণনিত হোৱা মাত্ৰেকে এক বিশেষ শক্তিৰ উন্মেষ ঘটে। যি শক্তিয়ে মন আৰু বুদ্ধিমত্তাক এক নতুন কম্পন আৰু এক নতুন উদ্দীপনা প্ৰদান কৰে। তেওঁ কয় যে এই শক্তি আধ্যাত্মিকতাৰ শক্তি আৰু লগতে সামাজিক ঐক্যৰ শক্তি। তেওঁ উল্লেখ কৰে যে আজিৰ এক লাখ কণ্ঠৰ গীতা পাঠৰ অনুষ্ঠান এক বিশাল শক্তি ক্ষেত্ৰৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগত পৰিণত হৈছে আৰু লগতে বিশ্বক সামূহিক চেতনাৰ শক্তিও দেখুৱাইছে।

 

লক্ষ কণ্ঠ গীতাৰ ধাৰণাক ঐশ্বৰিকভাৱে প্ৰকাশ কৰা পৰম পূজ্য শ্ৰী শ্ৰী সুগুনেন্দ্ৰ তীৰ্থ স্বামীজীৰ ওচৰত তেওঁ বিশেষভাৱে প্ৰণাম কৰা বুলি ব্যক্তৰে প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বৰ জনতাক নিজৰ হাতেৰে গীতা ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰি স্বামীজীয়ে সনাতন পৰম্পৰাৰ এক বিশ্বব্যাপী গণ অভিযানৰ সূচনা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ যুৱক-যুৱতীসকলে ভাগৱতৰ আৱেগ আৰু শিক্ষাৰ সৈতে যিদৰে সংযোগ স্থাপন কৰিছে, সেয়া এক অতিশয় উল্লেখযোগ্য অগ্ৰগতি। ভাৰতত যুগ-যুগ ধৰি বেদ, উপনিষদ, শাস্ত্ৰৰ জ্ঞান পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই দিয়াৰ পৰম্পৰা আছিল বুলি উল্লেখেৰে এই কাৰ্য্যসূচীও পৰৱৰ্তী প্ৰজন্মক ভাগৱতৰ সৈতে সংযোগ কৰাৰ এক অৰ্থপূৰ্ণ প্ৰচেষ্টাত পৰিণত হোৱা বুলি তেওঁ কয়।

ইয়ালৈ অহাৰ তিনিদিন পূৰ্বে অযোধ্যাও ভ্ৰমণ কৰা বুলি অৱগত কৰি শ্ৰী মোদীয়ে কয় যে ২৫ নৱেম্বৰ অৰ্থাৎ বিবাহ পঞ্চমীৰ শুভ দিনত অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰত ধৰ্ম ধ্বজা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে অযোধ্যাৰ পৰা উড়ুপিলৈকে ভগৱান ৰামৰ অগণন ভক্ত এই অতি ঐশ্বৰিক আৰু বিশাল উদযাপনৰ সাক্ষী হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে ৰাম মন্দিৰ আন্দোলনত উড়ুপীয়ে পালন কৰা উল্লেখযোগ্য ভূমিকাৰ কথা সমগ্ৰ ৰাষ্ট্ৰই জানে। তেওঁ কয় যে দশক-দশক পূৰ্বে পৰম পূজ্য প্ৰয়াত বিশ্বেশ তীৰ্থ স্বামীজীয়ে সমগ্ৰ আন্দোলনটোক দিশ-নিৰ্দেশনা দিছিল আৰু ধ্বজাৰোহণ অনুষ্ঠান সেই অৱদানৰ ফলশ্ৰুতিক সূচিত কৰা এক উৎসৱত পৰিণত হৈছিল। তেওঁ কয় যে উড়ুপিৰ বাবে ৰাম মন্দিৰৰ নিৰ্মাণ আন এটা কাৰণত বিশেষ, কিয়নো নতুন মন্দিৰত জগতগুৰু মাধৱাচাৰ্য্য জীৰ নামত এখন বিশাল দ্বাৰ নিৰ্মাণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ভগৱান ৰামৰ এজন ভক্ত জগতগুৰু মাধৱাচাৰ্য্য জীয়ে এটা শ্লোক লিখিছিল যাৰ অৰ্থ হৈছে ভগৱান শ্ৰীৰাম ছটা ঐশ্বৰিক গুণেৰে সজ্জিত। তেওঁ পৰম ভগৱান আৰু অপৰিসীম শক্তি তথা সাহসৰ সাগৰ। তেওঁ কয় যে সেয়েহে তেওঁৰ নামেৰে ৰাম মন্দিৰ কমপ্লেক্সত এখন দ্বাৰ থকাটো কৰ্ণাটকৰ উড়ুপি আৰু সমগ্ৰ ৰাষ্ট্ৰৰ বাবে অতি গৌৰৱৰ বিষয়।

 

জগতগুৰু শ্ৰী মাধৱাচাৰ্য্যক ভাৰতৰ দ্বৈত দৰ্শনৰ (Dvaita philosophy) পথ-প্ৰদৰ্শক আৰু বেদান্তৰ উজ্জ্বল পোহৰ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সৃষ্টি কৰা উড়ুপিৰ অষ্টমঠৰ ব্যৱস্থাটো প্ৰতিষ্ঠান নিৰ্মাণ আৰু নতুন পৰম্পৰাৰ সৃষ্টিৰ এক সজীৱ উদাহৰণ। তেওঁ উল্লেখ কৰে যে ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি, বেদান্তৰ জ্ঞান, হাজাৰ-হাজাৰ লোকক খাদ্য যোগানৰ সংকল্প আছে। তেওঁ কয় যে এক প্ৰকাৰে এই ঠাইখন জ্ঞান, ভক্তি আৰু সেৱাৰ পবিত্ৰ ভূমি।

শ্ৰী মোদীয়ে কয় যে জগতগুৰু মাধৱাচাৰ্য্যৰ জন্ম হোৱা সময়ছোৱাত ভাৰতত নানা অভ্যন্তৰীণ আৰু বাহ্যিক প্ৰত্যাহ্বানে বিৰাজ কৰিছিল। সেই সময়ত তেওঁ সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো বিশ্বাসক সংযোগ কৰিব পৰা ভক্তিৰ পথ দেখুৱাইছিল। তেওঁ কয় যে এই পথ-প্ৰদৰ্শনৰ বাবেই শতিকাজুৰি তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মঠসমূহে প্ৰতিদিনে লাখ-লাখ লোকৰ সেৱা কৰি আহিছে। তেওঁ কয় যে তেওঁৰ পৰা অনুপ্ৰাণিত হৈ দ্বৈত পৰম্পৰাত বহুতো মহান ব্যক্তিৰ উত্থান ঘটিছিল যিয়ে সদায় ধৰ্ম, সেৱা আৰু ৰাষ্ট্ৰ গঠনৰ কামক আগুৱাই আনিছিল। তেওঁ উল্লেখ কৰে যে জনসেৱাৰ এই চিৰন্তন পৰম্পৰাই উড়ুপিৰ সৰ্বশ্ৰেষ্ঠ ঐতিহ্য।

জগতগুৰু মাধৱাচাৰ্য্যৰ পৰম্পৰাই হৰিদাস পৰম্পৰাক শক্তি প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পুৰন্দৰ দাস আৰু কনক দাসৰ দৰে মহান সাধুসকলে জনসাধাৰণৰ মাজলৈ সহজ, সুৰীয়া, সুলভ কানাড়া ভাষাত ভক্তিৰসৰ সঞ্চাৰ কৰিছিল। তেওঁ উল্লেখ কৰে যে তেওঁলোকৰ ৰচনাসমূহে সকলোৰে হৃদয়, আনকি সমাজৰ দৰিদ্ৰ শ্ৰেণীকো ঢুকি পাইছিল আৰু ধৰ্ম তথা সনাতন মূল্যবোধৰ সৈতে সংযোগ কৰিছিল। এই ৰচনাসমূহ আজিৰ প্ৰজন্মৰ বাবেও সমানেই প্ৰাসংগিক হৈয়ে আছে। তেওঁ কয় যে এতিয়াও যুৱক-যুৱতীসকলে ছ’চিয়েল মিডিয়াৰ ৰীলত পুৰন্দৰ দাসৰ ৰচনা “চন্দ্ৰচূড়া শিৱশংকৰ পাৰ্বতী” শুনি থাকে। এই কাৰ্য্যই তেওঁলোকৰ মনত এক পৃথক আধ্যাত্মিক আৱেগৰ সঞ্চাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিও উড়ুপিত তেওঁৰ দৰে ভক্তই যেতিয়া সৰু খিৰিকীৰে ভগৱান শ্ৰীকৃষ্ণক দৰ্শন কৰে, সেয়া কনক দাসৰ ভক্তিৰ সৈতে সংযোগ স্থাপনৰ এক সুযোগ হৈ পৰে। তেওঁ উল্লেখ কৰে যে আজি আৰু ইয়াৰ আগতেও কনক দাসৰ ওচৰত প্ৰণাম কৰাৰ সৌভাগ্য লাভ কৰি তেওঁ নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰে।

 

ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষা প্ৰতিটো যুগতে ব্যৱহাৰিক আৰু গীতাৰ শিক্ষাই কেৱল ব্যক্তিকে নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ নীতি-নিয়মকো পথ-প্ৰদৰ্শন কৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাগৱতত শ্ৰীকৃষ্ণই আমি সকলোৰে মংগলৰ বাবে কেনেদৰে কাম কৰিব লাগে সেই কথা কৈছিল। তেওঁ কয় যে ওৰেটো জীৱন জগতগুৰু মাধৱাচাৰ্য্যই এই আৱেগ কঢ়িয়াই লৈ ফুৰিছিল আৰু ভাৰতৰ ঐক্য শক্তিশালী কৰিছিল।

সবকা সাথ, সবকা বিকাশ, সৰ্বজন হিতায়া, সৰ্বজন সুখায়াৰ নীতিৰ আঁৰত ভগৱান শ্ৰী কৃষ্ণৰ শ্লোকসমূহৰ প্ৰেৰণা নিহিত হৈ আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভগৱান শ্ৰী কৃষ্ণই দৰিদ্ৰ লোকক সহায় কৰাৰ মন্ত্ৰ দিছে আৰু এই প্ৰেৰণাই আয়ুষ্মান ভাৰত তথা পিএম আৱাসৰ দৰে আঁচনিৰ আধাৰ গঠন কৰিছে। তেওঁ কয় যে ভগৱান শ্ৰী কৃষ্ণই নাৰীৰ সুৰক্ষা আৰু সবলীকৰণৰ জ্ঞান প্ৰদান কৰে। এই প্ৰজ্ঞাই ৰাষ্ট্ৰক নাৰী শক্তি বন্দন অধিনিয়মৰ ঐতিহাসিক সিদ্ধান্ত ল’বলৈ প্ৰেৰণা যোগাইছিল। তেওঁ আৰু কয় যে ভগৱান শ্ৰী কৃষ্ণই সকলোৰে কল্যাণৰ নীতি শিকায় আৰু এই নীতিয়েই হৈছে ভাৰতৰ ভেকচিন মৈত্ৰী, সৌৰ মিত্ৰতা, বসুধৈৱ কুটুম্বকম আদি নীতিৰ আধাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভগৱান শ্ৰীকৃষ্ণই যুদ্ধক্ষেত্ৰত গীতাৰ বাৰ্তা প্ৰদান কৰিছিল বুলি উল্লেখেৰে কয় যে শ্ৰীমদ্ভগৱতগীতাই আমাক কৈছে যে শান্তি আৰু সত্য ৰক্ষাৰ বাবে অন্যায়ৰ মুখামুখি তথা অন্ত পেলোৱাৰ প্ৰয়োজন হ’ব পাৰে আৰু এই নীতিয়েই ৰাষ্ট্ৰৰ নিৰাপত্তা দৃষ্টিভংগীৰ আধাৰ হৈ আছে। তেওঁ উল্লেখ কৰে যে ভাৰতে বসুধৈৱ কুটুম্বকমৰ কথা কয় আৰু ‘ধৰ্মো ৰক্ষতি ৰক্ষিতঃ’ মন্ত্ৰটোও পুনৰাবৃত্তি কৰে। তেওঁ কয় যে লালকিল্লাৰ পৰা শ্ৰীকৃষ্ণৰ কৰুণাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল আৰু একে প্ৰাচীৰৰ পৰাই মিছন সুদৰ্শন চক্ৰৰ ঘোষণাও কৰা হৈছিল। শ্ৰী মোদীয়ে কয় যে মিছন সুদৰ্শন চক্ৰৰ অৰ্থ হ’ল দেশৰ মূল স্থান, ইয়াৰ ঔদ্যোগিক আৰু ৰাজহুৱা খণ্ডৰ চাৰিওফালে সুৰক্ষামূলক প্ৰাচীৰ নিৰ্মাণ কৰা, যাক শত্ৰুৱে ভাঙিব নোৱাৰে আৰু যদি শত্ৰুৱে মৰসাহ কৰে, তেন্তে ভাৰতৰ সুদৰ্শন চক্ৰই সিহঁতক ধ্বংস কৰিব।

 

অপাৰেচন সিন্দূৰৰ কাৰ্য্যত ৰাষ্ট্ৰই এই সংকল্প প্ৰত্যক্ষ কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত কৰ্ণাটকৰ লোককে প্ৰমুখ্য কৰি কেইবাজনো দেশবাসীয়ে প্ৰাণ হেৰুৱাইছিল। তেওঁ উল্লেখ কৰে যে ইয়াৰ পূৰ্বে যেতিয়া এনে সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল, তেতিয়া চৰকাৰসমূহ অচল হৈ বহি থাকিছিল। কিন্তু এয়া এনে এখন নতুন ভাৰত যিয়ে অপশক্তিৰ আগত শিৰনত নকৰে বা নাগৰিকক সুৰক্ষা দিয়াৰ কৰ্তব্যৰ পৰাও দোদুল্যমান নহয়। “ভাৰতে শান্তি কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে আৰু লগতে শান্তি কেনেকৈ ৰক্ষা কৰিব লাগে, সেয়া জানে”, প্ৰধানমন্ত্ৰীয়ে কয়।

শ্ৰী মোদীয়ে কয় যে ভাগৱতে আমাৰ কৰ্তব্য আৰু জীৱন প্ৰতিশ্ৰুতিৰ বিষয়ে সচেতন কৰি তোলে। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ সকলোকে কেইটামান সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই আবেদনসমূহ হৈছে নটা সংকল্প। যিসমূহ আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবেও অতিশয় প্ৰয়োজনীয়। তেওঁ লগতে কয় যে সাধু সমাজে এই আবেদনসমূহক এবাৰ আশীৰ্বাদ দিলে প্ৰতিজন নাগৰিকৰ ওচৰলৈ যোৱাৰ পৰা একোৱেই বাধা দিব নোৱাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ প্ৰথম সংকল্প হ’ব লাগে জল সংৰক্ষণ, পানী সুৰক্ষা আৰু নদী সুৰক্ষা। তেওঁ কয় যে আমাৰ দ্বিতীয় সংকল্প হ’ব লাগে গছপুলি ৰোপণ। এই কথা উল্লেখ কৰি তেওঁ কয় যে “এক পেড় মা কে নাম” শীৰ্ষক দেশজোৰা অভিযানে গতি লাভ কৰিছে আৰু যদি সকলো মঠৰ শক্তি এই অভিযানত যোগ হয়, তেন্তে ইয়াৰ প্ৰভাৱ অধিক বহল হ’ব। তেওঁ উল্লেখ কৰে যে তৃতীয় সংকল্প হ’ব লাগে দেশৰ অন্ততঃ এজন দৰিদ্ৰ ব্যক্তিৰ জীৱনৰ অগ্ৰগতি সাধনৰ বাবে প্ৰচেষ্টা চলোৱা। শ্ৰী মোদীয়ে কয় যে চতুৰ্থ সংকল্প স্বদেশীৰ ধাৰণা হ’ব লাগে আৰু দায়িত্বশীল নাগৰিক হিচাপে আমি সকলোৱে স্বদেশী সা-সামগ্ৰীহে গ্ৰহণ কৰিব লাগে। তেওঁ কয় যে আজি ভাৰত আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশীৰ মন্ত্ৰেৰে আগবাঢ়িছে। আমাৰ অৰ্থনীতি, আমাৰ উদ্যোগ আৰু আমাৰ প্ৰযুক্তিয়ে নিজৰ ভৰিৰ ওপৰত দৃঢ়তাৰে থিয় দিছে। তেওঁ উল্লেখ কৰে যে সেয়েহে আমি সম্পূৰ্ণ শক্তিৰে ক’ব লাগিব—’ভকেল ফৰ লোকেল।’

 

পঞ্চম সংকল্পৰ কথা সদৰী কৰি শ্ৰী মোদীয়ে আহ্বান জনায় যে আমি প্ৰাকৃতিক কৃষি কাৰ্য্যক প্ৰসাৰিত কৰিব লাগিব। তেওঁ কয় যে ষষ্ঠ সংকল্প হ’ব লাগে সুস্থ জীৱনশৈলী গ্ৰহণ কৰা, আমাৰ খাদ্য তালিকাত বাজৰাক অন্তৰ্ভুক্ত কৰা আৰু তেলৰ সেৱন হ্ৰাস কৰা। তেওঁ উল্লেখ কৰে যে সপ্তম সংকল্প হ’ব লাগে যোগক আকোৱালি লোৱা আৰু ইয়াক জীৱনৰ অংশ কৰি তোলা। ভাৰতৰ বহু প্ৰাচীন জ্ঞান পাণ্ডুলিপিসমূহত লুকাই থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অষ্টম সংকল্পটো পাণ্ডুলিপি সংৰক্ষণ কাৰ্য্যক সমৰ্থন কৰা বুলি কয়। তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰে এই জ্ঞান সংৰক্ষণৰ বাবে জ্ঞান ভাৰতম অভিযান হাতত লৈছে আৰু জনসাধাৰণৰ সহযোগিতাই এই অমূল্য ঐতিহ্য ৰক্ষা কৰাত সহায় কৰিব।

নৱম সংকল্প হ’ব লাগে যে আমাৰ ঐতিহ্যৰ সৈতে জড়িত দেশৰ কমেও ২৫ স্থান ভ্ৰমণ কৰা হ’ব লাগে বুলি আহ্বান জনাই শ্ৰী মোদীয়ে কয় যে মাত্ৰ তিনি-চাৰি দিন পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত মহাভাৰত অভিজ্ঞতা কেন্দ্ৰ উদ্বোধন কৰা হৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ জীৱন দৰ্শনৰ সাক্ষী হ’বলৈ এই কেন্দ্ৰলৈ যাবলৈ ৰাইজক আহ্বান জনায়। শ্ৰী মোদীয়ে এই কথাও কয় যে গুজৰাটত প্ৰতি বছৰে ভগৱান শ্ৰীকৃষ্ণ আৰু মাতা ৰুক্মিণীৰ বিবাহৰ বাবে উৎসৰ্গিত মাধৱপুৰ মেলাৰ আয়োজন কৰা হয়, যিয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক আকৰ্ষিত কৰি আহিছে। অহা বছৰ ইয়াত উপস্থিত থাকিবলৈ সকলোকে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ সমগ্ৰ জীৱন আৰু গীতাৰ প্ৰতিটো অধ্যায়ত কৰ্ম, কৰ্তব্য, কল্যাণৰ বাৰ্তা আছে। তেওঁ কয় যে ভাৰতীয়সকলৰ বাবে ২০৪৭-ৰ সময়ছোৱা কেৱল অমৃত কালেই নহয়, উন্নত ভাৰত গঢ়াৰ বাবেও এক কৰ্তব্য-নিৰ্ধাৰিত যুগ। শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰতিজন নাগৰিক, প্ৰতিজন ভাৰতীয়ৰ এটা দায়িত্ব আছে। প্ৰতিজন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ নিজস্ব কৰ্তব্য আছে। তেওঁ কয় যে এই কৰ্তব্য পালনত কৰ্ণাটকৰ কঠোৰ পৰিশ্ৰমী জনসাধাৰণৰ অতি উল্লেখযোগ্য ভূমিকা আছে। তেওঁ কয় যে সকলো প্ৰচেষ্টা ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত হ’ব লাগিব আৰু এই কৰ্তব্যৰ মনোভাৱ অনুসৰণ কৰিলে উন্নত কৰ্ণাটক আৰু উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব। শ্ৰী মোদীয়ে উড়ুপিৰ ভূমিৰ পৰা নিৰ্গত শক্তি উন্নত ভাৰতৰ সংকল্পৰ পথ-প্ৰদৰ্শক হৈ থাকিব বুলি আশা প্ৰকাশেৰে তেওঁৰ ভাষণৰ সামৰণি মাৰে। এই পবিত্ৰ অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন অংশগ্ৰহণকাৰীলৈ তেওঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

 

এই কাৰ্য্যসূচীত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলট, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে উড়ুপিৰ শ্ৰীকৃষ্ণ মঠ দৰ্শন কৰি লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠান হৈছে এক লাখ অংশগ্ৰহণকাৰীৰ ভক্তিমূলক সমাৱেশ। ইয়াত ছাত্ৰ-ছাত্ৰী, সন্ন্যাসী, পণ্ডিত আৰু ভিন্ন শ্ৰেণীৰ নাগৰিকসকলকে প্ৰমুখ্য কৰি এক লাখ অংশগ্ৰহণকাৰীয়ে একেলগে শ্ৰীমদ্ভগৱতগীতা পাঠ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কৃষ্ণ দেৱালয়ৰ সন্মুখত অৱস্থিত সুৱৰ্ণ তীৰ্থ মন্তপ উদ্বোধন কৰি পবিত্ৰ কানাকানা কিন্দিৰ বাবে কানাকা কৱচ (সোণৰ আৱৰণ) উৎসৰ্গা কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
NTA terminates 47 officials amid major exam reform drive, more action ahead

Media Coverage

NTA terminates 47 officials amid major exam reform drive, more action ahead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on the occasion of Ashadhi Ekadashi
July 25, 2026

Prime Minister Shri Narendra Modi today conveyed his greetings on the sacred occasion of Ashadhi Ekadashi. He noted that this auspicious day is about the eternal message of devotion and compassion.

Shri Modi prayed that Bhagwan Vitthal’s blessings bring joy, harmony and prosperity, and guide everyone towards a better society. The Prime Minister also wished that He may strengthen our resolve to serve and work tirelessly for the welfare and dignity of every person.

In a series of posts on X, the Prime Minister shared: 

"Greetings on the sacred occasion of Ashadhi Ekadashi. This auspicious day is about the eternal message of devotion and compassion. May Bhagwan Vitthal’s blessings bring joy, harmony and prosperity and guide us towards a better society. May He strengthen our resolve to serve and work tirelessly for the welfare and dignity of every person."

"आषाढी एकादशीच्या पवित्र पर्वानिमित्त हार्दिक शुभेच्छा. हा मंगलमय दिवस भक्ती, करुणा आणि सामाजिक सलोख्याचा चिरंतन संदेश देणारा आहे. भगवान विठ्ठलाचे आशीर्वाद आपल्या सर्वांच्या आयुष्यात आनंद, सलोखा आणि समृद्धी घेऊन येवो, हीच कामना. समाजातील प्रत्येक व्यक्तीच्या कल्याणासाठी आणि सन्मानासाठी अविरत कार्य करण्याचा आपला संकल्प अधिक दृढ होवो, हीच विठ्ठल चरणी प्रार्थना."