কলি যুগত প্ৰভুৰ নাম জপৰ দ্বাৰাহে লৌকিক অস্তিত্বৰ সাগৰৰ পৰা মুক্তি লাভ সম্ভৱঃ প্ৰধানমন্ত্ৰী
গীতাৰ কথাই কেৱল আমাক পথ-প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ নীতিৰ দিশটোও গঢ় দিছেঃ প্ৰধানমন্ত্ৰী
আহক আমি জল সংৰক্ষণ, বৃক্ষৰোপণ, দৰিদ্ৰ লোকৰ কল্যাণ সাধন, স্বদেশী গ্ৰহণ, প্ৰাকৃতিক কৃষিকাৰ্য্যক প্ৰসাৰ, সুস্থ জীৱনশৈলীক আকোৱালি লোৱা, যোগাসন, পাণ্ডুলিপি সংৰক্ষণ আৰু কমেও ২৫ ঐতিহ্য ক্ষেত্ৰ ভ্ৰমণৰ নটা সংকল্প গ্ৰহণ কৰোঃ প্ৰধানমন্ত্ৰী
তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য

সকলোকে নমস্কাৰ জনালো!

জয় শ্ৰী কৃষ্ণ!

জয় শ্ৰী কৃষ্ণ!

জয় শ্ৰী কৃষ্ণ!

মই আৰম্ভ কৰাৰ পূৰ্বে একাংশ শিশুৰ হাতত অংকন দেখা পাইছো। অনুগ্ৰহ কৰি এছপিজি আৰু স্থানীয় আৰক্ষীক এয়া সংগ্ৰহ কৰাত সহায় কৰিব। পিছফালে ঠিকনা লিখিলে নিশ্চয় ধন্যবাদ পত্ৰ প্ৰেৰণ কৰিম। অনুগ্ৰহ কৰি অংকনসমূহ তেওঁলোকক দিয়ক; তেওঁলোকে সংগ্ৰহ কৰিব। শিশুসকলে ইমান কষ্ট কৰিছে। মই যদি তেওঁলোকৰ লগত অন্যায় কৰো, তেন্তে মই আঘাত পাম।

জয় শ্ৰী কৃষ্ণ!

ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শনৰ সন্তুষ্টি, শ্ৰীমদ্ভগৱত মন্ত্ৰৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ভালে সংখ্যক পূজনীয় সাধু-গুৰুৰ সান্নিধ্য মোৰ বাবে এক পৰম সৌভাগ্যৰ কথা। এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য। আৰু মোক যি সন্মান দিয়া হৈছে, মোৰ প্ৰতি যি অনুভৱ প্ৰকাশ কৰা হৈছে, মোৰ বিষয়ে কোৱা কথাখিনিৰ যোগ্য হ’বলৈ, অধিক কাম কৰিবলৈ আৰু মোক লৈ যিসমূহ আশা কৰা হৈছে, সেইসমূহ পূৰণ কৰিবলৈ যাতে মই সক্ষম হও।

ভ্ৰাতৃ-ভগ্নীসকল,

মই মাত্ৰ তিনিদিন পূৰ্বে গীতাৰ ভূমি কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিছিলো। আজি ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আৰু জগতগুৰু শ্ৰী মাধৱাচাৰ্য্য জীৰ মহিমাৰে বিধৌত এই ভূমিলৈ অহাটো মোৰ বাবে পৰম সন্তুষ্টিৰ কথা। এই উপলক্ষে এক লাখ লোকে একেলগে ভাগৱতৰ শ্লোক পাঠ কৰোতে সমগ্ৰ বিশ্বৰ লোকে ভাৰতৰ সহস্ৰাব্দ পুৰণি আধ্যাত্মিক ঐতিহ্যৰ চাক্ষুস উমান লাভ কৰে। এই অনুষ্ঠানত আমাক আশীৰ্বাদ দিবলৈ উপস্থিত থকা শ্ৰী শ্ৰী সুগুণেন্দ্ৰ তীৰ্থ স্বামীজী, শ্ৰী শ্ৰী সুশীন্দ্ৰ তীৰ্থ স্বামীজী, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উড়ুপিৰ আঠটা মঠৰ সকলো অনুগামী আৰু ইয়াত অংশগ্ৰহণ কৰা আন-আন সন্তসকল, ভদ্ৰলোক আৰু মহিলাসকল!

 

কৰ্ণাটকৰ ভূমিলৈ আহি ইয়াৰ মৰমিয়াল জনতাৰ মাজত থকা কাৰ্য্যই মোক সদায় এক অনন্য অভিজ্ঞতা প্ৰদান কৰে। উড়ুপিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰাটো সদায় অসাধাৰণ অভিজ্ঞতা। মোৰ জন্ম গুজৰাটত হ’লেও গুজৰাট আৰু উড়ুপিৰ মাজত সদায় গভীৰ আৰু বিশেষ সংযোগ আছে। ইয়াত প্ৰতিষ্ঠিত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিক পূৰ্বে মাতা ৰুক্মিণীয়ে দ্বাৰকাত পূজা কৰিছিল আৰু পিছত জগদগুৰু শ্ৰী মাধৱাচাৰ্য্যই উড়ুপিত এই মূৰ্তিক পূজা কৰিছিল বুলি এক বিশ্বাস আছে। যোৱা বৰ্ষত মই সাগৰৰ তলত শ্ৰী দ্বাৰকা জীক দৰ্শন কৰাৰ ঐশ্বৰিক অভিজ্ঞতা লাভ কৰিছিলো। এই মূৰ্তি দৰ্শন কৰাৰ লগে-লগে মই যি গভীৰ পুলক অনুভৱ কৰিছিলো, সেয়া কল্পনা কৰিব পাৰি আৰু এই দৰ্শনে মোক অপৰিসীম আধ্যাত্মিক আনন্দ দিছিল।

বন্ধুসকল,

উড়ুপিলৈ অহাটো মোৰ বাবে আন এটা কাৰণত বিশেষ। উড়ুপি জন সংঘ আৰু ভাৰতীয় জনতা পাৰ্টিৰ শাসন আৰ্হিৰ কৰ্মভূমি হৈ আহিছে। ১৯৬৮-ত উড়ুপিৰ জনসাধাৰণে জন সংঘৰ ভি. আচাৰ্য্যক পৌৰসভালৈ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ জৰিয়তে উড়ুপিয়ে নতুন শাসন আৰ্হিৰ ভেটি স্থাপন কৰিছিল। আজি যি স্বচ্ছতা অভিযান ৰাষ্ট্ৰীয় পৰ্য্যায়ত দেখা গৈছে, উড়ুপীয়ে পাঁচ দশক পূৰ্বে ইয়াক গ্ৰহণ কৰিছিল। পানী যোগান আৰু নিষ্কাশন ব্যৱস্থাৰ নতুন আৰ্হি প্ৰদান কৰাৰ ক্ষেত্ৰতো উড়ুপিয়ে ১৯৭০-ত এনে কাৰ্য্যসূচী আৰম্ভ কৰিছিল। আজি এই অভিযানসমূহ ৰাষ্ট্ৰীয় উন্নয়ন আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অংশ হৈ পৰিছে, দেশক আগুৱাই নিছে।

বন্ধুসকল,

ৰামচৰিতমানসত কৈছে, “কলি যুগত প্ৰভুৰ নাম জপৰ দ্বাৰাহে লৌকিক অস্তিত্বৰ সাগৰৰ পৰা মুক্তি লাভ সম্ভৱ।” সমাজত মন্ত্ৰ আৰু গীতাৰ শ্লোক আবৃত্তি যুগ-যুগ ধৰি চলি আহিছে যদিও এক লাখ কণ্ঠই একেলগে এই শ্লোকসমূহ একেলগে পাঠ কৰিলে এক অনন্য অভিজ্ঞতাৰ সৃষ্টি কৰে। ইমানখিনি লোকে গীতাৰ দৰে পবিত্ৰ গ্ৰন্থ পাঠ, এনে ঐশ্বৰিক শব্দ একেলগে অনুৰণনিত হোৱা মাত্ৰেকে এক বিশেষ শক্তিৰ উন্মেষ ঘটে। যি শক্তিয়ে মন আৰু বুদ্ধিমত্তাক এক নতুন কম্পন আৰু এক নতুন উদ্দীপনা প্ৰদান কৰে। এই শক্তি আধ্যাত্মিকতাৰ শক্তি আৰু লগতে সামাজিক ঐক্যৰ শক্তি। আজিৰ এক লাখ কণ্ঠৰ গীতা পাঠৰ অনুষ্ঠান এক বিশাল শক্তি ক্ষেত্ৰৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগত পৰিণত হৈছে আৰু লগতে বিশ্বক সামূহিক চেতনাৰ শক্তিও দেখুৱাইছে।

 

বন্ধুসকল,

মই লক্ষ কণ্ঠ গীতাৰ ধাৰণাক ঐশ্বৰিকভাৱে প্ৰকাশ কৰা পৰম পূজ্য শ্ৰী শ্ৰী সুগুণেন্দ্ৰ তীৰ্থ স্বামীজীৰ চৰণত বিশেষভাৱে প্ৰণাম জনাইছো। সমগ্ৰ বিশ্বৰ জনতাক নিজৰ হাতেৰে গীতা ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰি স্বামীজীয়ে সনাতন পৰম্পৰাৰ এক বিশ্বব্যাপী গণ অভিযানৰ সূচনা কৰিছে। ভাৰতৰ যুৱক-যুৱতীসকলে ভাগৱতৰ আৱেগ আৰু শিক্ষাৰ সৈতে যিদৰে সংযোগ স্থাপন কৰিছে, সেয়া এক অতিশয় উল্লেখযোগ্য অগ্ৰগতি। ভাৰতত যুগ-যুগ ধৰি বেদ, উপনিষদ, শাস্ত্ৰৰ জ্ঞান পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াই দিয়াৰ পৰম্পৰা আছিল। এই কাৰ্য্যসূচীও পৰৱৰ্তী প্ৰজন্মক ভাগৱতৰ সৈতে সংযোগ কৰাৰ এক অৰ্থপূৰ্ণ প্ৰচেষ্টাত পৰিণত হৈছে।

বন্ধুসকল,

মই ইয়ালৈ অহাৰ তিনিদিন পূৰ্বে অযোধ্যাও ভ্ৰমণ কৰিছিলো। ২৫ নৱেম্বৰ অৰ্থাৎ বিবাহ পঞ্চমীৰ শুভ দিনত অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰত ধৰ্ম ধ্বজা প্ৰতিষ্ঠা কৰা হৈছিল। অযোধ্যাৰ পৰা উড়ুপিলৈকে ভগৱান ৰামৰ অগণন ভক্ত এই অতি ঐশ্বৰিক আৰু বিশাল উদযাপনৰ সাক্ষী হৈ পৰিছে। ৰাম মন্দিৰ আন্দোলনত উড়ুপীয়ে পালন কৰা উল্লেখযোগ্য ভূমিকাৰ কথা সমগ্ৰ ৰাষ্ট্ৰই জানে। দশক-দশক পূৰ্বে পৰম পূজ্য প্ৰয়াত বিশ্বেশ তীৰ্থ স্বামীজীয়ে সমগ্ৰ আন্দোলনটোক দিশ-নিৰ্দেশনা দিছিল আৰু ধ্বজাৰোহণ অনুষ্ঠান সেই অৱদানৰ ফলশ্ৰুতিক সূচিত কৰা এক উৎসৱত পৰিণত হৈছিল। উড়ুপিৰ বাবে ৰাম মন্দিৰৰ নিৰ্মাণ আন এটা কাৰণত বিশেষ, কিয়নো নতুন মন্দিৰত জগতগুৰু মাধৱাচাৰ্য্য জীৰ নামত এখন বিশাল দ্বাৰ নিৰ্মাণ কৰা হৈছে। ভগৱান ৰামৰ এজন ভক্ত জগতগুৰু মাধৱাচাৰ্য্য জীয়ে এটা শ্লোক লিখিছিল যাৰ অৰ্থ হৈছে ভগৱান শ্ৰীৰাম ছটা ঐশ্বৰিক গুণেৰে সজ্জিত। তেওঁ পৰম ভগৱান আৰু অপৰিসীম শক্তি তথা সাহসৰ সাগৰ। সেয়েহে তেওঁৰ নামেৰে ৰাম মন্দিৰ কমপ্লেক্সত এখন দ্বাৰ থকাটো কৰ্ণাটকৰ উড়ুপি আৰু সমগ্ৰ ৰাষ্ট্ৰৰ বাবে অতি গৌৰৱৰ বিষয়।

 

বন্ধুসকল,

জগতগুৰু শ্ৰী মাধৱাচাৰ্য্য হৈছে ভাৰতৰ দ্বৈত দৰ্শনৰ (Dvaita philosophy) পথ-প্ৰদৰ্শক আৰু বেদান্তৰ উজ্জ্বল পোহৰ। তেওঁ সৃষ্টি কৰা উড়ুপিৰ অষ্টমঠৰ ব্যৱস্থাটো প্ৰতিষ্ঠান নিৰ্মাণ আৰু নতুন পৰম্পৰাৰ সৃষ্টিৰ এক সজীৱ উদাহৰণ। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি, বেদান্তৰ জ্ঞান, হাজাৰ-হাজাৰ লোকক খাদ্য যোগানৰ সংকল্প আছে। এক প্ৰকাৰে এই ঠাইখন জ্ঞান, ভক্তি আৰু সেৱাৰ পবিত্ৰ ভূমি।

বন্ধুসকল,

জগতগুৰু মাধৱাচাৰ্য্যৰ জন্ম হোৱা সময়ছোৱাত ভাৰতত নানা অভ্যন্তৰীণ আৰু বাহ্যিক প্ৰত্যাহ্বানে বিৰাজ কৰিছিল। সেই সময়ত তেওঁ সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো বিশ্বাসক সংযোগ কৰিব পৰা ভক্তিৰ পথ দেখুৱাইছিল। এই পথ-প্ৰদৰ্শনৰ বাবেই শতিকাজুৰি তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মঠসমূহে প্ৰতিদিনে লাখ-লাখ লোকৰ সেৱা কৰি আহিছে। তেওঁৰ পৰা অনুপ্ৰাণিত হৈ দ্বৈত পৰম্পৰাত বহুতো মহান ব্যক্তিৰ উত্থান ঘটিছিল যিয়ে সদায় ধৰ্ম, সেৱা আৰু ৰাষ্ট্ৰ গঠনৰ কামক আগুৱাই আনিছিল। জনসেৱাৰ এই চিৰন্তন পৰম্পৰাই উড়ুপিৰ সৰ্বশ্ৰেষ্ঠ ঐতিহ্য।

বন্ধুসকল,

জগতগুৰু মাধৱাচাৰ্য্যৰ পৰম্পৰাই হৰিদাস পৰম্পৰাক শক্তি প্ৰদান কৰিছিল। পুৰন্দৰ দাস আৰু কনক দাসৰ দৰে মহান সাধুসকলে জনসাধাৰণৰ মাজলৈ সহজ, সুৰীয়া, সুলভ কানাড়া ভাষাত ভক্তিৰসৰ সঞ্চাৰ কৰিছিল। তেওঁলোকৰ ৰচনাসমূহে সকলোৰে হৃদয়, আনকি সমাজৰ দৰিদ্ৰ শ্ৰেণীকো ঢুকি পাইছিল আৰু ধৰ্ম তথা সনাতন মূল্যবোধৰ সৈতে সংযোগ কৰিছিল। এই ৰচনাসমূহ আজিৰ প্ৰজন্মৰ বাবেও সমানেই প্ৰাসংগিক হৈয়ে আছে। এতিয়াও যুৱক-যুৱতীসকলে ছ’চিয়েল মিডিয়াৰ ৰীলত পুৰন্দৰ দাসৰ ৰচনা “চন্দ্ৰচূড়া শিৱশংকৰ পাৰ্বতী” শুনি থাকে। এই কাৰ্য্যই তেওঁলোকৰ মনত এক পৃথক আধ্যাত্মিক আৱেগৰ সঞ্চাৰ কৰে। আজিও উড়ুপিত মোৰ দৰে ভক্তই যেতিয়া সৰু খিৰিকীৰে ভগৱান শ্ৰীকৃষ্ণক দৰ্শন কৰে, সেয়া কনক দাসৰ ভক্তিৰ সৈতে সংযোগ স্থাপনৰ এক সুযোগ হৈ পৰে। আজি আৰু ইয়াৰ আগতেও কনক দাসৰ ওচৰত প্ৰণাম কৰাৰ সৌভাগ্য লাভ কৰি মই নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰিছো।

বন্ধুসকল,

ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষা প্ৰতিটো যুগতে ব্যৱহাৰিক আৰু গীতাৰ শিক্ষাই কেৱল ব্যক্তিকে নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ নীতি-নিয়মকো পথ-প্ৰদৰ্শন কৰে। ভাগৱতত শ্ৰীকৃষ্ণই আমি সকলোৰে মংগলৰ বাবে কেনেদৰে কাম কৰিব লাগে সেই কথা কৈছিল। ওৰেটো জীৱন জগতগুৰু মাধৱাচাৰ্য্যই এই আৱেগ কঢ়িয়াই লৈ ফুৰিছিল আৰু ভাৰতৰ ঐক্য শক্তিশালী কৰিছিল।

 

বন্ধুসকল,

আজি আমাৰ সবকা সাথ, সবকা বিকাশ, সৰ্বজন হিতায়া, সৰ্বজন সুখায়াৰ নীতিৰ আঁৰত ভগৱান শ্ৰী কৃষ্ণৰ শ্লোকসমূহৰ প্ৰেৰণা নিহিত হৈ আছে। ভগৱান শ্ৰী কৃষ্ণই দৰিদ্ৰ লোকক সহায় কৰাৰ মন্ত্ৰ দিছে আৰু এই প্ৰেৰণাই আয়ুষ্মান ভাৰত তথা পিএম আৱাসৰ দৰে আঁচনিৰ আধাৰ গঠন কৰিছে। ভগৱান শ্ৰী কৃষ্ণই নাৰীৰ সুৰক্ষা আৰু সবলীকৰণৰ জ্ঞান প্ৰদান কৰে। এই প্ৰজ্ঞাই ৰাষ্ট্ৰক নাৰী শক্তি বন্দন অধিনিয়মৰ ঐতিহাসিক সিদ্ধান্ত ল’বলৈ প্ৰেৰণা যোগাইছিল। ভগৱান শ্ৰী কৃষ্ণই সকলোৰে কল্যাণৰ নীতি শিকায় আৰু এই নীতিয়েই হৈছে ভাৰতৰ ভেকচিন মৈত্ৰী, সৌৰ মিত্ৰতা, বসুধৈৱ কুটুম্বকম আদি নীতিৰ আধাৰ।

বন্ধুসকল,

ভগৱান শ্ৰীকৃষ্ণই যুদ্ধক্ষেত্ৰত গীতাৰ বাৰ্তা প্ৰদান কৰিছিল। শ্ৰীমদ্ভগৱতগীতাই আমাক কৈছে যে শান্তি আৰু সত্য ৰক্ষাৰ বাবে অন্যায়ৰ মুখামুখি তথা অন্ত পেলোৱাৰ প্ৰয়োজন হ’ব পাৰে আৰু এই নীতিয়েই ৰাষ্ট্ৰৰ নিৰাপত্তা দৃষ্টিভংগীৰ আধাৰ হৈ আছে। ভাৰতে বসুধৈৱ কুটুম্বকমৰ কথা কয় আৰু ‘ধৰ্মো ৰক্ষতি ৰক্ষিতঃ’ মন্ত্ৰটোও পুনৰাবৃত্তি কৰে। লালকিল্লাৰ পৰা শ্ৰীকৃষ্ণৰ কৰুণাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল আৰু একে প্ৰাচীৰৰ পৰাই মিছন সুদৰ্শন চক্ৰৰ ঘোষণাও কৰা হৈছিল। মিছন সুদৰ্শন চক্ৰৰ অৰ্থ হ’ল দেশৰ মূল স্থান, ইয়াৰ ঔদ্যোগিক আৰু ৰাজহুৱা খণ্ডৰ চাৰিওফালে সুৰক্ষামূলক প্ৰাচীৰ নিৰ্মাণ কৰা, যাক শত্ৰুৱে ভাঙিব নোৱাৰে আৰু যদি শত্ৰুৱে মৰসাহ কৰে, তেন্তে ভাৰতৰ সুদৰ্শন চক্ৰই সিহঁতক ধ্বংস কৰিব।

বন্ধুসকল,

অপাৰেচন সিন্দূৰৰ কাৰ্য্যত ৰাষ্ট্ৰই এই সংকল্প প্ৰত্যক্ষ কৰিছিল। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত কৰ্ণাটকৰ লোককে প্ৰমুখ্য কৰি কেইবাজনো দেশবাসীয়ে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পূৰ্বে যেতিয়া এনে সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল, তেতিয়া চৰকাৰসমূহ অচল হৈ বহি থাকিছিল। কিন্তু এয়া এনে এখন নতুন ভাৰত যিয়ে অপশক্তিৰ আগত শিৰনত নকৰে বা নাগৰিকক সুৰক্ষা দিয়াৰ কৰ্তব্যৰ পৰাও দোদুল্যমান নহয়। ভাৰতে শান্তি কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে আৰু লগতে শান্তি কেনেকৈ ৰক্ষা কৰিব লাগে, সেয়া জানে।

 

বন্ধুসকল,

ভাগৱতে আমাৰ কৰ্তব্য আৰু জীৱন প্ৰতিশ্ৰুতিৰ বিষয়ে সচেতন কৰি তোলে। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ মই সকলোকে কেইটামান সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনাব খুজিছো। এই আবেদনসমূহ হৈছে নটা সংকল্প। যিসমূহ আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবেও অতিশয় প্ৰয়োজনীয়। সাধু সমাজে এই আবেদনসমূহক এবাৰ আশীৰ্বাদ দিলে প্ৰতিজন নাগৰিকৰ ওচৰলৈ যোৱাৰ পৰা একোৱেই বাধা দিব নোৱাৰে।

বন্ধুসকল,

আমাৰ প্ৰথম সংকল্প হ’ব লাগে জল সংৰক্ষণ, পানী সুৰক্ষা আৰু নদী সুৰক্ষা। আমাৰ দ্বিতীয় সংকল্প হ’ব লাগে গছপুলি ৰোপণ। “এক পেড় মা কে নাম” শীৰ্ষক দেশজোৰা অভিযানে গতি লাভ কৰিছে আৰু যদি সকলো মঠৰ শক্তি এই অভিযানত যোগ হয়, তেন্তে ইয়াৰ প্ৰভাৱ অধিক বহল হ’ব। তৃতীয় সংকল্প হ’ব লাগে দেশৰ অন্ততঃ এজন দৰিদ্ৰ ব্যক্তিৰ জীৱনৰ অগ্ৰগতি সাধনৰ বাবে প্ৰচেষ্টা চলোৱা। আমাৰ চতুৰ্থ সংকল্প স্বদেশীৰ ধাৰণা হ’ব লাগে আৰু দায়িত্বশীল নাগৰিক হিচাপে আমি সকলোৱে স্বদেশী সা-সামগ্ৰীহে গ্ৰহণ কৰিব লাগে। আজি ভাৰত আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশীৰ মন্ত্ৰেৰে আগবাঢ়িছে। আমাৰ অৰ্থনীতি, আমাৰ উদ্যোগ আৰু আমাৰ প্ৰযুক্তিয়ে নিজৰ ভৰিৰ ওপৰত দৃঢ়তাৰে থিয় দিছে। সেয়েহে আমি সম্পূৰ্ণ শক্তিৰে ক’ব লাগিব—’ভকেল ফৰ লোকেল।’

বন্ধুসকল,

আমাৰ পঞ্চম সংকল্প হ’ব লাগে আমি প্ৰাকৃতিক কৃষি কাৰ্য্যক প্ৰসাৰিত কৰিব লাগিব। আমাৰ ষষ্ঠ সংকল্প হ’ব লাগে সুস্থ জীৱনশৈলী গ্ৰহণ কৰা, আমাৰ খাদ্য তালিকাত বাজৰাক অন্তৰ্ভুক্ত কৰা আৰু তেলৰ সেৱন হ্ৰাস কৰা। আমাৰ সপ্তম সংকল্প হ’ব লাগে যোগক আকোৱালি লোৱা আৰু ইয়াক জীৱনৰ অংশ কৰি তোলা। ভাৰতৰ বহু প্ৰাচীন জ্ঞান পাণ্ডুলিপিসমূহত লুকাই আছে। সেয়েহে আমাৰ অষ্টম সংকল্পটো পাণ্ডুলিপি সংৰক্ষণ কাৰ্য্যক সমৰ্থন কৰা। ভাৰত চৰকাৰে এই জ্ঞান সংৰক্ষণৰ বাবে জ্ঞান ভাৰতম অভিযান হাতত লৈছে আৰু জনসাধাৰণৰ সহযোগিতাই এই অমূল্য ঐতিহ্য ৰক্ষা কৰাত সহায় কৰিব।

 

বন্ধুসকল,

আমাৰ নৱম সংকল্প হ’ব লাগে যে আমাৰ ঐতিহ্যৰ সৈতে জড়িত দেশৰ কমেও ২৫ স্থান ভ্ৰমণ কৰিব লাগে। মাত্ৰ তিনি-চাৰি দিন পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত মহাভাৰত অভিজ্ঞতা কেন্দ্ৰ উদ্বোধন কৰা হৈছিল। মই ভগৱান শ্ৰীকৃষ্ণৰ জীৱন দৰ্শনৰ সাক্ষী হ’বলৈ এই কেন্দ্ৰলৈ যাবলৈ ৰাইজক আহ্বান জনাইছো। গুজৰাটত প্ৰতি বছৰে ভগৱান শ্ৰীকৃষ্ণ আৰু মাতা ৰুক্মিণীৰ বিবাহৰ বাবে উৎসৰ্গিত মাধৱপুৰ মেলাৰ আয়োজন কৰা হয়, যিয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক আকৰ্ষিত কৰি আহিছে। মই অহা বছৰ ইয়াত উপস্থিত থাকিবলৈ সকলোকে প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছো।

 

বন্ধুসকল,

ভগৱান শ্ৰীকৃষ্ণৰ সমগ্ৰ জীৱন আৰু গীতাৰ প্ৰতিটো অধ্যায়ত কৰ্ম, কৰ্তব্য, কল্যাণৰ বাৰ্তা আছে। ভাৰতীয়সকলৰ বাবে ২০৪৭-ৰ সময়ছোৱা কেৱল অমৃত কালেই নহয়, উন্নত ভাৰত গঢ়াৰ বাবেও এক কৰ্তব্য-নিৰ্ধাৰিত যুগ। প্ৰতিজন নাগৰিক, প্ৰতিজন ভাৰতীয়ৰ এটা দায়িত্ব আছে। প্ৰতিজন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ নিজস্ব কৰ্তব্য আছে। এই কৰ্তব্য পালনত কৰ্ণাটকৰ কঠোৰ পৰিশ্ৰমী জনসাধাৰণৰ অতি উল্লেখযোগ্য ভূমিকা আছে। সকলো প্ৰচেষ্টা ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত হ’ব লাগিব আৰু এই কৰ্তব্যৰ মনোভাৱ অনুসৰণ কৰিলে উন্নত কৰ্ণাটক আৰু উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব। মই উড়ুপিৰ ভূমিৰ পৰা নিৰ্গত শক্তি উন্নত ভাৰতৰ সংকল্পৰ পথ-প্ৰদৰ্শক হৈ থাকিব বুলি আশাবাদী। এই পবিত্ৰ অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন অংশগ্ৰহণকাৰীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। জয় শ্ৰী কৃষ্ণ! জয় শ্ৰী কৃষ্ণ! জয় শ্ৰী কৃষ্ণ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Rajasthan on 21st April
April 20, 2026
PM to dedicate India’s first greenfield integrated Refinery-cum-Petrochemical Complex at Pachpadra in Balotra
9 MMTPA Greenfield Refinery-cum-Petrochemical Complex has been established with an investment of over ₹79,450 crore
The state-of-the-art complex integrates refining and petrochemical production
Project to play a pivotal role in strengthening India’s energy security and enhancing petrochemical self-sufficiency

Prime Minister Shri Narendra Modi will visit Rajasthan on 21st April 2026. At around 11:30 AM, Prime Minister will dedicate to the nation India’s first greenfield integrated Refinery-cum-Petrochemical Complex at Pachpadra in Balotra. He will also address a public gathering on the occasion.

This landmark project represents a significant milestone in India’s energy and petrochemical sector. Developed as a joint venture between Hindustan Petroleum Corporation Limited (HPCL) and the Government of Rajasthan, the 9 Million Metric Tonnes Per Annum (MMTPA) Greenfield Refinery-cum-Petrochemical Complex has been established with an investment of over ₹79,450 crore.

The state-of-the-art complex integrates refining and petrochemical production, with a petrochemical capacity of 2.4 MMTPA. The refinery features a high Nelson Complexity Index of 17.0 and petrochemical yields exceeding 26%, aligning with global benchmarks for efficiency and sustainability.

The project is expected to play a pivotal role in strengthening India’s energy security, enhancing petrochemical self-sufficiency, and driving industrial growth. It will serve as an anchor industry for the development of a Petrochemical and Plastic Park in the region, promoting downstream industries and ancillary sectors. Additionally, the refinery is poised to generate significant employment opportunities, contributing to the socio-economic development of the region.