অসংখ্য প্ৰতিবন্ধকতাৰ মাজত শক্তিশালী ডেলিভাৰী আৰু আমাৰ গণতন্ত্ৰক শক্তিশালী কৰা প্ৰচেষ্টাৰ দ্বাৰা চিহ্নিত এই দশকটো ভাৰতৰ বাবে অভূতপূৰ্ব উন্নয়নৰ দশক : প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ এই দশকত ভাৰতে ৰিফৰ্ম এক্সপ্ৰেছত আৰোহণ কৰিছে : প্ৰধানমন্ত্ৰী
আমি বাজেটখন কেৱল ব্যয়কেন্দ্ৰিকেই নহয়, ফলাফলকেন্দ্ৰিকো কৰি তুলিছো : প্ৰধানমন্ত্ৰী
যোৱা দশকত আমি প্ৰযুক্তি আৰু উদ্ভাৱনক বিকাশৰ মূল চালক হিচাপে গণ্য কৰি আহিছো : প্ৰধানমন্ত্ৰী
আজি আমি বিশ্বৰ সৈতে বাণিজ্যিক চুক্তিত অৱতীৰ্ণ হৈছো, কাৰণ আজিৰ ভাৰত আত্মবিশ্বাসী আৰু গোলকীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এক নতুন বিশ্ব ব্যৱস্থাৰ উন্মেষ ঘটিছিল, কিন্তু সাত দশকৰ পাছত সেই ব্যৱস্থা ভাঙি গৈছে আৰু সংমগ্ৰ বিশ্ব নতুন ব্যৱস্থাৰ দিশে আগবাঢ়িছে। তেওঁ কিয় এনেকুৱা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি বুজাই দিয়ে যে পূৰ্বৰ ব্যৱস্থাটো ৱান চাইজ ফিটছ অল ​​পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে বিশ্ব অৰ্থনীতি মূলত থাকিব, যোগান শৃংখল শক্তিশালী আৰু নিৰ্ভৰযোগ্য হৈ থাকিব, আৰু ৰাষ্ট্ৰসমূহক কেৱল অৱদানকাৰী হিচাপেহে দেখা যাব বুলি ধাৰণা কৰা হৈছিল। তেওঁ আলোকপাত কৰে যে এই আৰ্হিটোক এতিয়া প্ৰত্যাহ্বান জনোৱা হৈছে আৰু ই প্ৰাসংগিকতা হেৰুৱাই পেলাইছে, প্ৰতিখন দেশেই উপলব্ধি কৰিছে যে ই নিজৰ স্থিতিস্থাপকতা গঢ়ি তুলিব লাগিব।

শ্ৰী মোদীয়ে গুৰুত্সহকাৰে কয় যে আজি বিশ্বই যি আলোচনা কৰিছে, ভাৰতে ইতিমধ্যে ২০১৫ চনত সেয়া নিজৰ নীতিৰ অংশ হিচাপে লৈছে। তেওঁ স্মৰণ কৰে যে এক দশক পূৰ্বে যেতিয়া নিটি আয়োগ প্ৰতিষ্ঠা হৈছিল, তেতিয়া ইয়াৰ প্ৰতিষ্ঠাপক নথিখনে ভাৰতৰ দৃষ্টিভংগী স্পষ্টভাৱে উল্লেখ কৰিছিল— দেশখনে বহিঃৰাজ্যৰ পৰা এটাও উন্নয়নৰ আৰ্হি আমদানি নকৰে, কিন্তু উন্নয়নৰ ক্ষেত্ৰত নিজস্ব দৃষ্টিভংগী গ্ৰহণ কৰিব। এই নীতিয়ে ভাৰতক নিজৰ আৱশ্যকতা আৰু স্বাৰ্থ অনুযায়ী সিদ্ধান্ত গ্ৰহণৰ আত্মবিশ্বাস প্ৰদান কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ আলোকপাত কৰে যে এইটোৱেই এটা ডাঙৰ কাৰণ হৈ আহিছে যে এক দশকৰ ব্যাঘাতৰ পাছতো ভাৰতৰ অৰ্থনীতি দুৰ্বল নহ’ল বৰঞ্চ শক্তিশালী হৈয়েই থাকিল।

 “একবিংশ শতিকাৰ এই দশকত ভাৰত ৰিফৰ্ম এক্সপ্ৰেছত উঠিছে”, প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰি কয় যে ইয়াৰ সৰ্বোচ্চ শক্তি এইটোৱেই যে সংস্কাৰ বাধ্যবাধকতাৰ দ্বাৰা নহয়, প্ৰত্যয় আৰু দায়বদ্ধতাৰ দ্বাৰা পৰিচালিত। তেওঁ আলোকপাত কৰে যে উপস্থিত বিশেষজ্ঞ আৰু অৰ্থনৈতিক নেতাসকলে ২০১৪ চনৰ পূৰ্বৰ সময়ছোৱা প্ৰত্যক্ষ কৰিছে মন্তব্য কৰিছিল যে সংস্কাৰ বা বাধ্যবাধকতাৰ অধীনতহে সংস্কাৰ সাধন হৈছিল। তেওঁ স্মৰণ কৰে যে ১৯৯১ চনৰ সংস্কাৰবোৰ তেতিয়া আহিছিল যেতিয়া দেশখনে দেউলীয়া হোৱাৰ সন্মুখীন হৈছিল আৰু সোণ বন্ধকত ৰাখিবলগীয়া হৈছিল। আৰু লক্ষ্য কৰিছিল যে পূৰ্বৰ চৰকাৰসমূহেও একে ধৰণৰ আৰ্হি অনুসৰণ কৰিছিল— বাধ্যতামূলক হ’লেহে সংস্কাৰ প্ৰৱৰ্তন কৰিছিল। শ্ৰী মোদীয়ে আৰু উদাহৰণ দাঙি ধৰি কয় যে ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এন আই এ গঠন, গ্ৰীড বিকল হোৱাৰ পিছতহে শক্তি খণ্ডত সংস্কাৰ আৰু জনজাতীয় অঞ্চলত মুদ্ৰাস্ফীতি আকাশলংঘী আৰু ক্ষুধা বিয়পি পৰাৰ সময়ত খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল, তথাপি তেতিয়াও ইয়াক কাৰ্যকৰী কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে বাধ্যবাধকতাৰ বাবে জন্ম হোৱা সংস্কাৰে কেতিয়াও ৰাষ্ট্ৰখনৰ বাবে উপযুক্ত ফলাফল নিদিয়ে। তেওঁ গৌৰৱ প্ৰকাশ কৰে যে যোৱা এঘাৰ বছৰত নীতি, প্ৰক্ৰিয়া, প্ৰদান, আনকি মানসিকতাৰ মাজেৰে সংস্কাৰসমূহ সুদৃঢ় কৰা হৈছে। তেওঁ কয় যে যদিও নীতি সলনি হয়, প্ৰক্ৰিয়া আৰু মানসিকতা যদি একেই থাকে, তেতিয়াও সংস্কাৰ কেৱল কাগজতহে আবদ্ধ থাকে, যাৰ বাবে তেওঁৰ চৰকাৰে সমগ্ৰ ব্যৱস্থাটোক ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিলে। শ্ৰী মোদীয়ে কেবিনেট অনুমোদনৰ উদাহৰণ দি প্ৰক্ৰিয়া সংস্কাৰৰ বিষয়ে বিশদভাৱে কয় যে  যিবোৰ প্ৰস্তুত কৰিবলৈ পূৰ্বতে কেইবাসপ্তাহ বা কেইবামাহ সময় লাগিছিল, যাৰ ফলত উন্নয়ন মন্থৰ হৈ পৰিছিল। তেওঁৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ সময়সীমাবদ্ধ আৰু প্ৰযুক্তি-চালিত কৰি লৈছিল, যাতে ফাইলসমূহ অনিৰ্দিষ্টকাললৈ আবদ্ধ হৈ থাকিব নোৱাৰে আৰু ইয়াৰ ফলাফল আজি দেখা গৈছে।

 

ৰেলৱে অভাৰ-ব্ৰিজ অনুমোদনৰ উদাহৰণ উল্লেখ কৰি, যিটো আগতে বছৰ বছৰ ধৰি চলিছিল আৰু একাধিক ক্লিয়াৰেন্সৰ প্ৰয়োজন হৈছিল, শ্ৰী মোদীয়ে কয় যে এতিয়া ইয়াক সুশৃংখলিত কৰা হৈছে, যাৰ ফলত আন্তঃগাঁথনিৰ দ্ৰুত বিকাশ হৈছে। তেওঁ সীমান্তৰ আন্তঃগাঁথনিৰ ওপৰতো আলোকপাত কৰি স্মৰণ কৰে যে পূৰ্বে সীমান্ত অঞ্চলৰ এটা সাধাৰণ পথৰ বাবেও দিল্লীৰ পৰা অনুমতিৰ প্ৰয়োজন হৈছিল, যাৰ ফলত স্থানীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল। ২০১৪ চনৰ পিছত তেওঁৰ চৰকাৰে স্থানীয় প্ৰশাসনক এই ক্ষমতা প্ৰদান কৰে, যাৰ ফলত সীমান্তৰ আন্তঃগাঁথনিৰ উন্নয়ন দ্ৰুতগতিত সম্পন্ন হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্বসহকাৰে কয় যে বিশ্বজুৰি প্ৰভাৱ পেলোৱা এটা সংস্কাৰ হৈছে ভাৰতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থা- ইউপিআই, যিটো কেৱল এটা এপ নহয়, এয়া নীতি, প্ৰক্ৰিয়া আৰু ডেলিভাৰীৰ অভিসৰণৰ প্ৰমাণ। তেওঁ উল্লেখ কৰে যে ইউ পি আয়ে এনে সেৱাৰ সুবিধা কেতিয়াও কল্পনা নকৰা নাগৰিকসকলৰ বাবে বেংকিং আৰু আৰ্থিক সুবিধা কঢ়িয়াই আনিছে। শ্ৰী মোদীয়ে লগতে কয় যে ডিজিটেল ইণ্ডিয়া, ডিজিটেল পেমেণ্ট ব্যৱস্থা আৰু জনধন-আধাৰ-ম’বাইল ত্ৰিত্ব বাধ্যবাধকতাৰ বাবে নহয় বৰঞ্চ প্ৰত্যয়ৰ বাবেই জন্ম হৈছিল, যিটো পূৰ্বতে বাদ দিয়া নাগৰিকসকলক অন্তৰ্ভুক্ত কৰাৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। তেওঁ দৃঢ়তাৰে কয় যে আজিও চৰকাৰে একে দৃঢ়তাৰে আগবাঢ়িছে।

ভাৰতৰ নতুন দৃষ্টিভংগী বাজেটতো প্ৰতিফলিত হৈছে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাজেটক কেন্দ্ৰ কৰি পূৰ্বৰ আলোচনাত কেৱল ব্যয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল— কিমান ধন আবণ্টন কৰা হৈছিল, কি সস্তা বা ব্যয়বহুল হ’ল, কিমানখন নতুন ৰে’ল ঘোষণা কৰা হৈছিল আদি। অথচ সেই ঘোষণাসমূহৰ ফলাফলক লৈ প্ৰশ্ন উত্থাপন কৰা নহৈছিল। তেওঁ কয় যে তেওঁৰ চৰকাৰে বাজেটখনক ব্যয়কেন্দ্ৰিক কৰাৰ লগতে ফলাফলকেন্দ্ৰিক কৰি তুলিছে। শ্ৰী মোদীয়ে বাজেটৰ আন এক বৃহৎ পৰিৱৰ্তন লক্ষ্য কৰি কয় যে ২০১৪ চনৰ আগতে বাজেটৰ বাহিৰত ঋণ লোৱাৰ আধিপত্য আছিল, আনহাতে এতিয়া বাজেটৰ বাহিৰৰ সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁ বাজেটৰ বাহিৰৰ সংস্কাৰ যেনে- পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি, পৰিকল্পনা আয়োগৰ ঠাইত নিটি আয়োগ গঠন, ৩৭০ অনুচ্ছেদ বাতিল, তিনি তালাকৰ বিৰুদ্ধে আইন, নাৰী শক্তি বন্দন অধিনিয়াম প্ৰণয়ন আদিৰ কথা স্মৰণ কৰে। বাজেটতে ঘোষণা হওক বা বাহিৰতে হওক, ৰিফৰ্ম এক্সপ্ৰেছৰ গতি অব্যাহত আছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। তেওঁ আঙুলিয়াই দিয়ে যে মাত্ৰ বিগত এবছৰত বন্দৰ আৰু সামুদ্ৰিক খণ্ডত সংস্কাৰ কৰা হৈছিল, জাহাজ নিৰ্মাণ উদ্যোগৰ বাবে উদ্যোগ লোৱা হৈছিল, জনবিশ্বাস আইনৰ অধীনত সংস্কাৰ আগবঢ়োৱা হৈছিল, শক্তি সুৰক্ষাৰ বাবে শান্তি আইন প্ৰৱৰ্তন কৰা হৈছিল, শ্ৰম আইন সংস্কাৰ ৰূপায়ণ কৰা হৈছিল, ভাৰতীয় ন্যায় সংহিতা অনা হৈছিল, ৱাকফ আইনত সংস্কাৰ কৰা হৈছিল, আৰু নতুন বিকশিত প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছিল গ্ৰাম্য কৰ্মসংস্থাপন সৃষ্টিৰ বাবে ভাৰতত জি ৰাম জি বিধেয়ক প্ৰণয়ন কৰা হৈছিল। তেওঁ লগতে কয় যে গোটেই বছৰটোত এনে অসংখ্য সংস্কাৰ ধাৰাবাহিকভাৱে গ্ৰহণ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এইবাৰৰ বাজেটে ৰিফৰ্ম এক্সপ্ৰেছক আৰু অধিক আগুৱাই লৈ গৈছে আৰু দুটা গুৰুত্বপূৰ্ণ কাৰকত গুৰুত্ব আৰোপ কৰিছে— মূলধনী ব্যয় আৰু প্ৰযুক্তি। তেওঁ আলোকপাত কৰে যে বিগত বছৰবোৰৰ দৰেই আন্তঃগাঁথনিৰ ব্যয় প্ৰায় ১৭ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে, একাধিক খণ্ডত ক্ষমতা, উৎপাদনশীলতা, আৰু চাকৰি সৃষ্টি বৃদ্ধিৰ ক্ষেত্ৰত কেপেক্সৰ উল্লেখযোগ্য বহুগুণক প্ৰভাৱৰ কথা উল্লেখ কৰি। তেওঁ পাঁচখন বিশ্ববিদ্যালয়ৰ টাউনশ্বিপ নিৰ্মাণ, টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ বাবে চহৰ অৰ্থনৈতিক অঞ্চলৰ উন্নয়ন, আৰু সাতটা নতুন দ্ৰুতবেগী ৰেল কৰিডৰ আদি ঘোষণাৰ কথা আঙুলিয়াই দি যুৱক-যুৱতী আৰু ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবে প্ৰকৃত বিনিয়োগ বুলি অভিহিত কৰে।

বিগত দশকত ষ্টাৰ্টআপ আৰু হেকাথন সংস্কৃতিৰ প্ৰসাৰৰ লগে লগে প্ৰযুক্তি আৰু উদ্ভাৱনক বিকাশৰ মূল চালক হিচাপে স্বীকৃতি দিয়া হৈছে বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতত এতিয়া বিভিন্ন খণ্ডত কাম কৰা দুই লাখতকৈও অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ আছে। তেওঁ লগতে কয় যে চৰকাৰে ৰিস্ক লোৱাক উৎসাহিত কৰিছে আৰু উদ্ভাৱনক পুৰস্কৃত কৰিছে, যাৰ দৃশ্যমান ফলাফল আছে। তেওঁ কয় যে এই বছৰৰ বাজেটে বিশেষকৈ বায়’ফাৰ্মা, অৰ্ধপৰিবাহী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে খণ্ডৰ বাবে উল্লেখযোগ্য ঘোষণাৰ জৰিয়তে এই অগ্ৰাধিকাৰসমূহক শক্তিশালী কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মন্তব্য কৰে যে ভাৰতৰ অৰ্থনৈতিক শক্তি বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰে ৰাজ্যসমূহকো ক্ষমতা প্ৰদান কৰিছে। তেওঁ পৰিসংখ্যাৰ উদ্ধৃতি দি দেখুৱাইছে যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৰাজ্যসমূহে কৰ বিভাজনৰ জৰিয়তে প্ৰায় ১৮ লাখ কোটি টকা লাভ কৰিছিল, আনহাতে ২০১৪ চনৰ পৰা ২০২৫ চনলৈকে ৰাজ্যসমূহে ইতিমধ্যে ৮৪ লাখ কোটি টকা লাভ কৰিছে। তেওঁ লগতে কয় যে এইবাৰৰ বাজেটত প্ৰস্তাৱিত প্ৰায় ১৪ লাখ কোটি টকাৰ সৈতে তেওঁৰ চৰকাৰৰ অধীনত থকা ৰাজ্যসমূহলৈ মুঠ কৰ বিভাজন প্ৰায় ১০০ লাখ কোটি টকা হ’ব, যাৰ ফলত ৰাজ্য চৰকাৰসমূহে সমগ্ৰ দেশতে উন্নয়নমূলক কাম-কাজ আগুৱাই নিব পাৰিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ বিষয়ে বিশ্বজুৰি ব্যাপক আলোচনা আৰু বিশ্লেষণ চলি আছে, কিন্তু ২০১৪ চনৰ আগতে এনে চুক্তি কিয় সম্ভৱ নহ’ল সেই সম্পৰ্কে তেওঁ এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়ায়। তেওঁ বুজাই দিয়ে যে চৰকাৰৰ দৃষ্টিভংগী, নীতি, উদ্দেশ্য আৰু ভাৰতৰ বৰ্ধিত শক্তিত পৰিৱৰ্তন নিহিত হৈ আছে। তেওঁ আলোকপাত কৰে যে যি সময়ছোৱাত ভাৰতক ভংগুৰ পাঁচটা অৰ্থনীতিৰ ভিতৰত গণ্য কৰা হৈছিল, নীতিগত পক্ষাঘাতত ভুগিছিল আৰু কেলেংকাৰীৰে আগুৰি আছিল, সেই সময়ছোৱাত কোনো দেশেই ভাৰতক বিশ্বাস কৰিবলৈ ইচ্ছুক নাছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ আগতে ভাৰতৰ উৎপাদন ভিত্তি দুৰ্বল আছিল, আৰু পূৰ্বৰ চৰকাৰসমূহে আশংকা কৰিছিল যে উন্নত দেশসমূহৰ সৈতে বাণিজ্যিক চুক্তিৰ ফলত বজাৰ দখল আৰু সামগ্ৰী জমা হ’ব। তেওঁ স্মৰণ কৰে যে সেই হতাশাৰ পৰিৱেশত পূৰ্বৰ চৰকাৰে মাত্ৰ চাৰিটা ব্যাপক বাণিজ্যিক চুক্তিহে পৰিচালনা কৰিছিল। ইয়াৰ বিপৰীতে তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে বিগত দশকত ভাৰতে বিভিন্ন অঞ্চলৰ ৩৮খন দেশক সামৰি বাণিজ্যিক চুক্তি সম্পাদন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে আজিৰ ভাৰত আত্মবিশ্বাসী, বিশ্বজুৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু আৰু বিগত এঘাৰ বছৰত এক শক্তিশালী উৎপাদন পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। তেওঁ দৃঢ়তাৰে কয় যে এই শক্তি আৰু সৱলীকৰণে বিশ্বৰ আস্থা অৰ্জন কৰিছে, ভাৰতৰ বাণিজ্য নীতিত এক পেৰাডাইম শ্বিফ্টৰ ভিত্তি গঠন কৰিছে, যিটো উন্নত ভাৰতৰ দিশত যাত্ৰাৰ এক অপৰিহাৰ্য স্তম্ভত পৰিণত হৈছে।

সংবেদনশীলতাৰে কাম কৰি আছে, পিছ পৰি ৰৈ যোৱাসকলক অগ্ৰাধিকাৰ দি কাম কৰি আছে বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে পূৰ্বৰ চৰকাৰসমূহে কেৱল দিব্যাংগ নাগৰিকৰ বাবেহে আঁচনি ঘোষণা কৰিছিল, কিন্তু তেওঁলোকৰ চৰকাৰে প্ৰকৃত সংবেদনশীলতাৰ উদাহৰণ হিচাপে ভাৰতীয় সাংকেতিক ভাষাক প্ৰতিষ্ঠানিকৰণ কৰিছিল। তেওঁ উল্লেখ কৰে যে তৃতীয় লিংগৰ সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি অধিকাৰৰ বাবে সংগ্ৰাম কৰি আহিছে, আৰু তেওঁলোকৰ চৰকাৰে তেওঁলোকক মৰ্যাদা আৰু সুৰক্ষা প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিছিল। তেওঁ কয় যে বিগত দশকত লাখ লাখ মহিলাক তিনি তালাকৰ প্ৰথাৰ পৰা মুক্ত কৰা হৈছে, আৰু লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে চৰকাৰী যন্ত্ৰপাতিৰ মানসিকতাও সলনি হৈছে, অধিক সংবেদনশীল হৈ পৰিছে, যিটো বিনামূলীয়া ৰেচন বিতৰণৰ দৰে আঁচনিত স্পষ্ট হৈ পৰিছে। তেওঁ এই আঁচনিখনক উপহাস কৰা বিৰোধীক সমালোচনা কৰি আঙুলিয়াই দিয়ে যে ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে যদিও বিনামূলীয়া ৰেচনে নিশ্চিত কৰে যে নব্য মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰাসকলে যাতে পুনৰ দৰিদ্ৰতাত নপৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰে এই আঁচনিৰ বাবে লাখ লাখ কোটি টকা ব্যয় কৰি দৰিদ্ৰ আৰু নব্য মধ্যবিত্ত শ্ৰেণীক অপৰিসীম সহায় আগবঢ়াইছে।

 

শ্ৰী মোদীয়ে দৃষ্টিশক্তিৰ পাৰ্থক্যৰ ওপৰত মন্তব্য কৰি উল্লেখ কৰে যে কিছুমানে ২০৪৭ চনৰ কথা কিয় কয় আৰু ভাৰতৰ কি উন্নতি কৰিছে বুলি প্ৰশ্ন কৰে, ইয়াক অনিশ্চিত বুলি তেওঁ উলাই কৰে। তেওঁ এনে প্ৰশ্ন প্ৰতিহত কৰি কয় যে স্বাধীনতা সংগ্ৰামীসকলেও যদি একেধৰণৰ চিন্তা কৰিলেহেঁতেন তেন্তে ভাৰতে কেতিয়াও স্বাধীনতা লাভ নকৰিলেহেঁতেন। তেওঁ কয় যে যেতিয়া ৰাষ্ট্ৰই প্ৰথম স্থান লাভ কৰে তেতিয়া প্ৰতিটো সিদ্ধান্ত আৰু নীতি দেশৰ বাবে হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে চৰকাৰৰ দৃষ্টিভংগী স্পষ্ট— ভাৰতক উন্নত কৰাৰ দিশত নিৰন্তৰ কাম কৰা। তেওঁ লগতে কয় যে আজিৰ প্ৰজন্ম ২০৪৭ চনলৈকে থাকক বা নাথাকক, ৰাষ্ট্ৰ আৰু ইয়াৰ ভৱিষ্যত প্ৰজন্ম থাকিব, আৰু সেয়েহে ভৱিষ্যত সুৰক্ষিত আৰু উজ্জ্বল হ’ব পৰাকৈ নিজকে উৎসৰ্গা কৰাটো বৰ্তমানৰ কৰ্তব্য।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এতিয়া বিশ্বই প্ৰতিবন্ধকতাৰ সৈতে জীয়াই থাকিবলৈ সাজু হ’ব লাগিব, ইয়াৰ স্বভাৱৰ বিকাশ অব্যাহত থাকিব যদিও ব্যৱস্থাসমূহ দ্ৰুতগতিত সলনি হ’ব বুলি উল্লেখ কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ইতিমধ্যে দেখা বিঘিনিসমূহৰ ওপৰত আলোকপাত কৰি কয় যে ভৱিষ্যতে এআয়ে আৰু অধিক বৈপ্লৱিক পৰিৱৰ্তন আনিব, যাৰ বাবে ভাৰত সাজু। শ্ৰী মোদীয়ে ঘোষণা কৰে যে কেইদিনমানৰ পিছত ভাৰতত গ্ল’বেল এ আই ইমপেক্ট ছামিট অনুষ্ঠিত হ’ব, য’ত সমগ্ৰ বিশ্বৰ অসংখ্য দেশ আৰু প্ৰযুক্তিবিদ্যাৰ নেতাসকলে অংশগ্ৰহণ কৰিব। তেওঁ সামৰণিত এই কথা দৃঢ়তাৰে কয় যে একেলগে, এখন উন্নত পৃথিৱী গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু এই আত্মবিশ্বাসেৰে শীৰ্ষ সন্মিলনৰ সফলতাৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Seychelles Honours PM Modi With 'Guardian Of The Blue Horizon' Title

Media Coverage

Seychelles Honours PM Modi With 'Guardian Of The Blue Horizon' Title
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on respecting the diverse cultures of the world
June 29, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam:

“देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥"

The Subhashitam emphasizes that respecting the diverse cultures of the world fosters a sense of trust and cooperation among people, and strengthens mutual understanding and brotherhood.

The Prime Minister wrote on X;

दुनिया की अलग-अलग संस्कृतियों का सम्मान करने से लोगों के बीच विश्वास और सहयोग की भावना बढ़ती है। इससे आपसी समझ और भाईचारा और मजबूत होता है।

देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥