শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠ প্ৰতিষ্ঠাৰ ৫৫০-বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। সঁচা অৰ্থত এয়া এক ঐতিহাসিক অনুষ্ঠান। বিগত ৫৫০ বছৰত এই প্ৰতিষ্ঠানে সময়ৰ অগণন ধুমুহা অতিক্ৰম কৰিছে। যুগ সলনি হ’ল, সময় সলনি হ’ল। ৰাষ্ট্ৰ আৰু সমাজখনৰ বহু পৰিৱৰ্তন হ’ল। তথাপিও পৰিৱৰ্তিত সময় আৰু প্ৰত্যাহ্বানৰ মাজতো এই মঠে কেতিয়াও নিজৰ দিশ নেহেৰুৱালে। ইয়াৰ বিপৰীতে ৰাইজক পথ দেখুৱাই এক পথ-প্ৰদৰ্শক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলেঃ প্ৰধানমন্ত্ৰী
এসময়ত গোৱাৰ মন্দিৰ আৰু স্থানীয় পৰম্পৰা গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ভাষিক আৰু সাংস্কৃতিক পৰিচয় বাধাগ্ৰস্ত হৈছিল। তথাপিও তেনে পৰিস্থিতিয়ে সমাজৰ আত্মাক দুৰ্বল কৰিব পৰা নাছিল; বৰঞ্চ অধিক শক্তিশালীহে কৰি তুলিছিলঃ প্ৰধানমন্ত্ৰী
গোৱাৰ অনন্য বৈশিষ্ট্য এয়ে যে ইয়াৰ সংস্কৃতিয়ে প্ৰতিটো পৰিৱৰ্তনৰ মাজেৰে স্বকীয় সত্তাক সংৰক্ষণ কৰি ৰাখিছে আৰু সময়ৰ লগে-লগে নিজকে সজীৱ কৰি তুলিছে। এই যাত্ৰাত পৰ্বগালি মঠৰ দৰে প্ৰতিষ্ঠানসমূহে মুখ্য ভূমিকা পালন কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে এক উল্লেখযোগ্য সাংস্কৃতিক নৱজাগৰণ, অযোধ্যাৰ ৰাম মন্দিৰৰ পুনৰুদ্ধাৰ, কাশী বিশ্বনাথ ধামৰ বিশাল সজীৱতা, উজ্জয়িনীৰ মহাকাল মহালোকৰ সম্প্ৰসাৰণ কাৰ্য্য প্ৰত্যক্ষ কৰিছে। এই সকলোবোৰে আমাৰ ৰাষ্ট্ৰৰ জাগৰণকে প্ৰতিফলিত কৰিছে, যিয়ে নিজৰ আধ্যাত্মিক ঐতিহ্যক নৱীকৃত শক্তিৰে মূৰ্ত কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
আজিৰ ভাৰতে নতুন সংকল্প আৰু নৱীকৃত আত্মবিশ্বাসেৰে নিজৰ সাংস্কৃতিক পৰিচয়ক আগবঢ়াই নিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।

“শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠ প্ৰতিষ্ঠাৰ ৫৫০-বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। সঁচা অৰ্থত এয়া এক ঐতিহাসিক অনুষ্ঠান। বিগত ৫৫০ বছৰত এই প্ৰতিষ্ঠানে সময়ৰ অগণন ধুমুহা অতিক্ৰম কৰিছে। যুগ সলনি হ’ল, সময় সলনি হ’ল। ৰাষ্ট্ৰ আৰু সমাজখনৰ বহু পৰিৱৰ্তন হ’ল। তথাপিও পৰিৱৰ্তিত সময় আৰু প্ৰত্যাহ্বানৰ মাজতো এই মঠে কেতিয়াও নিজৰ দিশ নেহেৰুৱালে। ইয়াৰ বিপৰীতে ৰাইজক পথ দেখুৱাই এক পথ-প্ৰদৰ্শক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে যি মনোভাৱেৰে মঠটো প্ৰতিষ্ঠা কৰা হৈছিল, সেই মনোভাৱ আজিও সমানে সজীৱ হৈ আছে। সেয়া আছিল সাধনাক সেৱাৰ সৈতে আৰু পৰম্পৰাক জনকল্যাণৰ সৈতে সংযোগ কৰা মনোভাৱ। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই মঠে এই বুজাবুজি প্ৰকাশ কৰিছে যে আধ্যাত্মিকতাৰ প্ৰকৃত উদ্দেশ্য হৈছে জীৱনক স্থিৰতা প্ৰদান, ভাৰসাম্য ৰক্ষা আৰু মূল্যবোধ প্ৰদান কৰা। তেওঁ কয় যে ইয়াৰ ৫৫০ বছৰীয়া যাত্ৰাই কঠিন সময়তো সমাজখনক বৰ্তাই ৰখাৰ শক্তিৰ সাক্ষ্য বহন কৰে। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ মঠাধিপতি শ্ৰীমদ্ বিদ্যাধীশ তীৰ্থ স্বামীজী, কমিটিৰ সকলো সদস্য, উদযাপনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে যেতিয়া কোনো প্ৰতিষ্ঠান সত্য আৰু সেৱাৰ ভেটিত থিয় হয়, তেতিয়া সময়ৰ পৰিৱৰ্তনৰ লগত ই দোদুল্যমান নহয়, বৰঞ্চ সমাজক সহ্য কৰিবলৈ শক্তি প্ৰদান কৰে। তেওঁ কয় যে আজি এই পৰম্পৰাক অব্যাহত ৰাখি মঠে এটা নতুন অধ্যায় ৰচনা কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়াত ভগৱান শ্ৰীৰামৰ এটি বিশাল ৭৭ ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে মাত্ৰ তিনিদিন পূৰ্বে তেওঁ অযোধ্যাৰ বিশাল শ্ৰীৰাম জনমভূমি মন্দিৰৰ ওপৰত ধৰ্ম ধ্বজা উত্তোলন কৰাৰ সৌভাগ্য লাভ কৰিছিল আৰু আজি তেওঁৰ ইয়াত ভগৱান শ্ৰীৰামৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য হৈছে। তেওঁ আৰু কয় যে এই উপলক্ষে ৰামায়ণৰ আধাৰত এখন উদ্যানো উদ্বোধন কৰা হৈছে।

এই মঠৰ সৈতে জড়িত নতুন মাত্ৰাসমূহ ভৱিষ্যৎ প্ৰজন্মৰ বাবে জ্ঞান, প্ৰেৰণা আৰু আধ্যাত্মিক অনুশীলনৰ স্থায়ী কেন্দ্ৰ হৈ উঠিব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত বিকশিত সংগ্ৰহালয় আৰু আধুনিক প্ৰযুক্তিৰে সজ্জিত থ্ৰীডি থিয়েটাৰে নতুন প্ৰজন্মক ইয়াৰ ঐতিহ্যৰ সৈতে সংযোগ কৰাৰ সমান্তৰালভাৱে মঠৰ পৰম্পৰা ৰক্ষা কৰি আছে। তেওঁ উল্লেখ কৰে যে একেদৰে সমগ্ৰ দেশৰ লক্ষ-লক্ষ ভক্তৰ অংশগ্ৰহণেৰে ৫৫০ দিনে অনুষ্ঠিত হোৱা শ্ৰীৰাম নাম জপ যজ্ঞ আৰু ৰাম ৰথ যাত্ৰা সমাজত ভক্তি আৰু অনুশাসনৰ সামূহিক শক্তিৰ প্ৰতীক হৈ পৰিছে। তেওঁ কয় যে এই সামূহিক শক্তিয়ে আজি ৰাষ্ট্ৰৰ প্ৰতিটো কোণত এক নতুন চেতনা বিয়পাইছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আধ্যাত্মিকতাক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰা ব্যৱস্থাই ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। এই নিৰ্মাণৰ বাবে তেওঁ সকলোকে অভিনন্দন জনায়। তেওঁ কয় যে এই বিশাল উদযাপনত শতিকাজুৰি সমাজখনক একত্ৰিত কৰা আধ্যাত্মিক শক্তিৰ প্ৰতি উৎসৰ্গিত এই বিশেষ অনুষ্ঠানৰ প্ৰতীক হিচাপে স্মাৰক মুদ্ৰা আৰু ডাক টিকটো মুকলি কৰা হৈছে।

দ্বৈত বেদান্তৰ ঐশ্বৰিক ভেটি প্ৰতিষ্ঠা কৰা মহান গুৰু পৰম্পৰাৰ পৰাই এই মঠৰ শক্তিৰ অবিৰত প্ৰবাহ সঞ্চাৰ হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ১৪৭৫-ত শ্ৰীমদ্ নাৰায়ণ তীৰ্থ স্বামীজীয়ে প্ৰতিষ্ঠা কৰা এই মঠ সেই জ্ঞান পৰম্পৰাৰ সম্প্ৰসাৰণ। যাৰ মূল উৎস হৈছে অনন্য আচাৰ্য্য, জগতগুৰু শ্ৰী মাধৱাচাৰ্য্য। এই আচাৰ্য্যসকলক তেওঁ শ্ৰদ্ধাৰে প্ৰণাম জনায়। তেওঁ কয় যে উড়ুপি আৰু পৰ্বগালি একেখন আধ্যাত্মিক নদীৰ জীৱন্ত ধাৰা হোৱাটোও অতিশয় তাৎপৰ্য্যপূৰ্ণ। ভাৰতৰ পশ্চিম উপকূলৰ সাংস্কৃতিক প্ৰবাহক পথ-প্ৰদৰ্শন কৰা গুৰু-শক্তি একে। তেওঁ কয় যে তেওঁৰ বাবে একেদিনাই এই পৰম্পৰাৰ সৈতে জড়িত দুটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সুবিধা পোৱাটো এক বিশেষ কাকতলীয়া ঘটনা।

 

এই পৰম্পৰাৰ সৈতে জড়িত পৰিয়ালসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুশাসন, জ্ঞান, কঠোৰ পৰিশ্ৰম আৰু উৎকৃষ্টতাক নিজৰ জীৱনৰ ভেটি হিচাপে গঢ়ি তোলাটো গৌৰৱৰ বিষয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বাণিজ্যৰ পৰা বিত্তলৈকে আৰু শিক্ষাৰ পৰা প্ৰযুক্তিলৈকে তেওঁলোকৰ মাজত দেখা পোৱা প্ৰতিভা, নেতৃত্ব আৰু নিষ্ঠাই এই জীৱন দৃষ্টিভংগীৰ গভীৰ ছাপ বহন কৰে। তেওঁ উল্লেখ কৰে যে এই পৰম্পৰাৰ সৈতে জড়িত পৰিয়াল আৰু ব্যক্তিৰ মাজত সফলতাৰ একাধিক প্ৰেৰণাদায়ক কাহিনী আছে আৰু এই সকলোবোৰ সফলতাৰ শিপা নম্ৰতা, মূল্যবোধ আৰু সেৱাত নিহিত হৈ আছে। এই প্ৰমূল্যবোধসমূহ সংৰক্ষণৰ ক্ষেত্ৰত এই মঠেই মূল স্তম্ভ হৈ আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যৎ প্ৰজন্মক শক্তি প্ৰদান কৰি যাব বুলি আস্থা প্ৰকাশ কৰে।

ঐতিহাসিক মঠৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য – যুগ-যুগ ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সহায় কৰি অহা সেৱাৰ মনোভাৱ বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে শতিকা পূৰ্বে যেতিয়া এই অঞ্চলত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ৰাইজে ঘৰ এৰি নতুন ঠাইত আশ্ৰয় ল’বলগীয়া হৈছিল, তেতিয়া এই মঠেই সমাজখনক সমৰ্থন জনাইছিল, সংগঠিত কৰিছিল আৰু নতুন স্থানত মন্দিৰ, মঠ, আশ্ৰয় শিবিৰ স্থাপন কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মঠে কেৱল ধৰ্মই নহয়, মানৱতা আৰু সংস্কৃতিকো সুৰক্ষা প্ৰদান কৰিছে আৰু সময়ৰ লগে-লগে ইয়াৰ সেৱাৰ ধাৰা অধিক সম্প্ৰসাৰিত হৈছে। তেওঁ উল্লেখ কৰে যে আজি শিক্ষাৰ পৰা আৰম্ভ কৰি হোষ্টেললৈকে, বৃদ্ধ লোকসকলৰ যত্নৰ পৰা আৰম্ভ কৰি আৰ্ত পৰিয়াললৈ সহায় কৰালৈকে এই মঠে সদায় নিজৰ সম্পদৰাজিক জনকল্যাণৰ বাবে উৎসৰ্গা কৰি আহিছে। তেওঁ উল্লেখ কৰে যে, সেয়া ভিন্ন ৰাজ্যত নিৰ্মিত হোষ্টেলেই হওক, আধুনিক বিদ্যালয়েই হওক অথবা কঠিন সময়ত সাহায্যৰ কামেই হওক, প্ৰতিটো পদক্ষেপেই প্ৰমাণ যে যেতিয়া আধ্যাত্মিকতা আৰু সেৱা একেলগে অব্যাহত থাকে তেতিয়া সমাজে সুস্থিৰতা আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা উভয়ে লাভ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এসময়ত গোৱাৰ মন্দিৰ আৰু স্থানীয় পৰম্পৰা গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ভাষিক আৰু সাংস্কৃতিক পৰিচয় বাধাগ্ৰস্ত হৈছিল। তথাপিও তেনে পৰিস্থিতিয়ে সমাজৰ আত্মাক দুৰ্বল কৰিব পৰা নাছিল; বৰঞ্চ অধিক শক্তিশালীহে কৰি তুলিছিল। তেওঁ কয় যে গোৱাৰ অনন্য বৈশিষ্ট্য এয়ে যে ইয়াৰ সংস্কৃতিয়ে প্ৰতিটো পৰিৱৰ্তনৰ মাজেৰে স্বকীয় সত্তাক সংৰক্ষণ কৰি ৰাখিছে আৰু সময়ৰ লগে-লগে নিজকে সজীৱ কৰি তুলিছে। এই যাত্ৰাত পৰ্বগালি মঠৰ দৰে প্ৰতিষ্ঠানসমূহে মুখ্য ভূমিকা পালন কৰিছে।

 

“আজি ভাৰতে এক উল্লেখযোগ্য সাংস্কৃতিক নৱজাগৰণ, অযোধ্যাৰ ৰাম মন্দিৰৰ পুনৰুদ্ধাৰ, কাশী বিশ্বনাথ ধামৰ বিশাল সজীৱতা, উজ্জয়িনীৰ মহাকাল মহালোকৰ সম্প্ৰসাৰণ কাৰ্য্য প্ৰত্যক্ষ কৰিছে। এই সকলোবোৰে আমাৰ ৰাষ্ট্ৰৰ জাগৰণকে প্ৰতিফলিত কৰিছে, যিয়ে নিজৰ আধ্যাত্মিক ঐতিহ্যক নৱীকৃত শক্তিৰে মূৰ্ত কৰি তুলিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে ৰামায়ণ চাৰ্কিট, কৃষ্ণ চাৰ্কিট, গয়াজীত উন্নয়নমূলক কাম-কাজ, কুম্ভমেলাৰ অভূতপূৰ্ব পৰিচালনা আদি পদক্ষেপসমূহ এনে উদাহৰণ যিয়ে দেখুৱাইছে যে আজিৰ ভাৰতে কেনেকৈ নতুন সংকল্প আৰু আত্মবিশ্বাসেৰে নিজৰ সাংস্কৃতিক পৰিচয়ক আগুৱাই নিছে। তেওঁ কয় যে এই জাগৰণে ভৱিষ্যৎ প্ৰজন্মক নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিছে।

গোৱাৰ পবিত্ৰ ভূমিৰ নিজস্ব সুকীয়া আধ্যাত্মিক পৰিচয় আছে, যুগ-যুগ ধৰি ভক্তি, সাধু পৰম্পৰা, সাংস্কৃতিক অনুশীলনৰ অবিৰত প্ৰবাহ বিদ্যমান বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে ‘দক্ষিণ কাশী’ৰ পৰিচয়ো আছে। ইয়াক এই মঠে অধিক গভীৰ কৰি তুলিছে। তেওঁ কয় যে মঠৰ সংযোগ কেৱল কংকন আৰু গোৱাত সীমাবদ্ধ নহয়। বৰঞ্চ ইয়াৰ পৰম্পৰা দেশৰ ভিন্ন প্ৰান্তৰ সৈতে আৰু লগতে পবিত্ৰ বাৰাণসীৰ সৈতেও জড়িত। বাৰাণসীৰ সাংসদ হিচাপে তেওঁ কয় যে প্ৰতিষ্ঠাপক আচাৰ্য্য শ্ৰী নাৰায়ণ তীৰ্থই উত্তৰ ভাৰত ভ্ৰমণৰ সময়ত বাৰাণসীত এটা কেন্দ্ৰ স্থাপন কৰিছিল, ইয়াৰ ফলশ্ৰুতিত মঠৰ আধ্যাত্মিক ধাৰা দক্ষিণৰ পৰা উত্তৰলৈ সম্প্ৰসাৰিত হৈছিল। তেওঁ কয় যে আজিও বাৰাণসীত প্ৰতিষ্ঠা কৰা কেন্দ্ৰটোৱে সমাজ সেৱা অব্যাহত ৰাখিছে।

এই পবিত্ৰ মঠে ৫৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগে-লগে শ্ৰী মোদীয়ে কয় যে আমি কেৱল ইতিহাস উদযাপন কৰাই নহয়, ভৱিষ্যতৰ দিশো নিৰ্ধাৰণ কৰি আছো। তেওঁ উল্লেখ কৰে যে উন্নত ভাৰতৰ পথ ঐক্যৰ ওপৰত নিৰ্ভৰশীল আৰু যেতিয়া সমাজখন একত্ৰিত হয়, যেতিয়া প্ৰতিটো অঞ্চল আৰু প্ৰতিটো শ্ৰেণী একত্ৰিত হৈ থিয় হয়, তেতিয়া ৰাষ্ট্ৰখনে বৃহৎ অগ্ৰগতি লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই মঠৰ প্ৰাথমিক লক্ষ্য হৈছে ৰাইজক সংযোগ কৰা, মনক সংযোগ কৰা, পৰম্পৰা আৰু আধুনিকতাৰ মাজত এখন সেতু নিৰ্মাণ কৰা। সেয়েহে উন্নত ভাৰতৰ যাত্ৰাত এই মঠে এক প্ৰধান প্ৰেৰণা কেন্দ্ৰৰ ভূমিকা পালন কৰিছে।

 

শ্ৰী মোদীয়ে কয় যে যি স্থানৰ প্ৰতি তেওঁৰ প্ৰীতি থাকে, সেই স্থানতেই তেওঁ সন্মানসহকাৰে কেতবোৰ বিশেষ অনুৰোধ কৰে। তেওঁ উল্লেখ কৰে যে আজি যিদৰে তেওঁ ৰাইজৰ মাজলৈ আহিছে, তেনেকৈয়ে তেওঁৰ মনত স্বাভাৱিকতে কেতবোৰ চিন্তা জাগি উঠিছে, যিসমূহ তেওঁ অৱগত কৰিব বিচাৰে। তেওঁ কয় যে তেওঁ তেওঁলোকৰ সন্মুখত ৯ টা আহ্বান জনাব বিচাৰে যিসমূহক তেওঁলোকৰ প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰতিজন নাগৰিকলৈ প্ৰেৰণ কৰিব পৰা যাব। তেওঁ কয় যে এই আবেদনসমূহ ৯ টা সংকল্পৰ দৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে উন্নত ভাৰতৰ সপোন তেতিয়াহে পূৰণ হ’ব যেতিয়া আমি পৰিবেশ সুৰক্ষাক আমাৰ কৰ্তব্য বুলি বিবেচনা কৰিম, কিয়নো পৃথিৱীখনেই আমাৰ মাতৃ আৰু মঠৰ শিক্ষাই আমাক প্ৰকৃতিক সন্মান কৰিবলৈ পথ-প্ৰদৰ্শন কৰে। তেওঁ কয় যে সেয়েহে প্ৰথম সংকল্প হ’ব লাগে জল সংৰক্ষণ, পানী ৰাহি কৰা আৰু নদী সুৰক্ষিত কৰা। তেওঁ কয় যে দ্বিতীয়টো সংকল্প হ’ব লাগে গছপুলি ৰোপণ, এই কথা উল্লেখ কৰি তেওঁ কয় যে “এক পেড় মা কে নাম” শীৰ্ষক দেশজোৰা অভিযানে গতি লাভ কৰিছে আৰু যদি এই প্ৰতিষ্ঠানৰ শক্তি ইয়াৰ লগত যোগ হয়, তেন্তে ইয়াৰ প্ৰভাৱ আৰু গভীৰ হ’ব। তেওঁ কয় যে তৃতীয় সংকল্পটো পৰিষ্কাৰ-পৰিচ্ছন্নতা হ’ব লাগে, প্ৰতিটো ৰাস্তা, চুবুৰী, প্ৰতিখন চহৰ যাতে পৰিষ্কাৰ হৈ থাকে, সেয়া নিশ্চিত কৰিব লাগে। চতুৰ্থ সংকল্প স্বদেশী গ্ৰহণ কৰা হ’ব লাগে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতে আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশীৰ মন্ত্ৰেৰে আগবাঢ়িছে। দেশে “ভকেল ফৰ লোকেল” বুলি কৈছে। এই সংকল্পক আমিও আগবঢ়াই নিব লাগিব।

পঞ্চমটো সংকল্প সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে সেয়া ‘স্বদেশ দৰ্শন’ হ’ব লাগে, দেশৰ ভিন্ন প্ৰান্তক জনা আৰু বুজিবলৈ সকলোকে প্ৰয়াস কৰিবলৈ উৎসাহিত কৰিব লাগে। তেওঁ কয় যে ষষ্ঠ সংকল্প হ’ব লাগে প্ৰাকৃতিক কৃষি কাৰ্য্যক জীৱনৰ অংশ হিচাপে গঢ়ি তোলা। তেওঁ কয় যে সপ্তমটো সংকল্প হ’ব লাগে সুস্থ জীৱনশৈলী গ্ৰহণ কৰা, ‘শ্ৰী অন্ন’–বাজৰাক আকোৱালি লোৱা আৰু খাদ্যত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰা। তেওঁ কয় যে অষ্টম সংকল্প হ’ব লাগে যোগ আৰু ক্ৰীড়াৰ অনুশীলন কৰা আৰু নৱম সংকল্প হ’ব লাগে দৰিদ্ৰ নাৰায়ণক কোনোবা নহয় কোনোবা ৰূপত সহায় কৰা।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই মঠে উক্ত সংকল্পসমূহক সামূহিক ৰাজহুৱা অংগীকাৰলৈ ৰূপান্তৰিত কৰিব পাৰে। তেওঁ কয় যে এই মঠৰ ৫৫০-বছৰীয়া অভিজ্ঞতাই আমাক শিকাইছে যে পৰম্পৰাই সমাজখনক আগুৱাই লৈ যায় তেতিয়াহে যেতিয়া ই সময়ৰ লগে-লগে নিজৰ দায়িত্বক সম্প্ৰসাৰিত কৰে। এই মঠে যুগ-যুগ ধৰি সমাজখনক যি শক্তি প্ৰদান কৰি আহিছে, সেই শক্তি এতিয়া ভৱিষ্যতৰ ভাৰত গঢ়াৰ দিশত সঞ্চাৰিত হ’ব লাগে।

গোৱাৰ আধ্যাত্মিক গৌৰৱ ইয়াৰ আধুনিক উন্নয়নৰ দৰেই স্বকীয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোৱা জনমূৰি আয় সৰ্বাধিক হোৱা ৰাজ্যসমূহৰ অন্যতম আৰু পৰ্যটন, ফাৰ্মা তথা সেৱা খণ্ডত যথেষ্ট অৰিহণা যোগায়। তেওঁ উল্লেখ কৰে যে শেহতীয়া বছৰ কেইটাত গোৱাই শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ কৰিছে। তেওঁ কয় যে ঘাইপথ, বিমানবন্দৰ আৰু ৰেল সংযোগৰ সম্প্ৰসাৰণে ভক্ত আৰু পৰ্যটক উভয়ৰে যাত্ৰাক সহজ কৰি তুলিছে। তেওঁ কয় যে ২০৪৭-ৰ ভিতৰত এখন উন্নত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীত পৰ্যটন এটা প্ৰধান উপাদান আৰু গোৱা ইয়াৰ উত্তম উদাহৰণ হিচাপে পৰিগণিত হৈছে।

 

“ভাৰত এক নিৰ্ণায়ক পৰ্য্যায়ৰ মাজেৰে অগ্ৰসৰ হৈছে। যুৱক-যুৱতীসকলৰ শক্তি, ৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস আৰু সাংস্কৃতিক শিপাৰ প্ৰতি ইয়াৰ ব্যাকুলতাই একেলগে নতুন ভাৰত গঢ়ি তুলিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে এখন উন্নত ভাৰতৰ সংকল্প পূৰণ হ’ব তেতিয়াহে যেতিয়া আধ্যাত্মিকতা, ৰাষ্ট্ৰীয় সেৱা আৰু উন্নয়ন একেলগে আগবাঢ়িব। ভাষণৰ সামৰণিত শ্ৰী মোদীয়ে কয় যে গোৱাৰ পবিত্ৰ ভূমি আৰু এই মঠে উক্ত দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। এই পবিত্ৰ অনুষ্ঠানত সমবেত হোৱা সকলোকে তেওঁ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

 

এই কাৰ্য্যসূচীত গোৱাৰ ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু, গোৱাৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ সাৱন্ত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শ্ৰীপদ নাইককে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইয়াত ব্ৰঞ্জৰে নিৰ্মিত ৭৭ ফুট উচ্চতাৰ প্ৰভু শ্ৰীৰামৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে মঠৰ ‘ৰামায়ণ উদ্যানো’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে বিশেষ ডাক টিকট আৰু স্মাৰক মুদ্ৰাও মুকলি কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Rajasthan on 21st April
April 20, 2026
PM to dedicate India’s first greenfield integrated Refinery-cum-Petrochemical Complex at Pachpadra in Balotra
9 MMTPA Greenfield Refinery-cum-Petrochemical Complex has been established with an investment of over ₹79,450 crore
The state-of-the-art complex integrates refining and petrochemical production
Project to play a pivotal role in strengthening India’s energy security and enhancing petrochemical self-sufficiency

Prime Minister Shri Narendra Modi will visit Rajasthan on 21st April 2026. At around 11:30 AM, Prime Minister will dedicate to the nation India’s first greenfield integrated Refinery-cum-Petrochemical Complex at Pachpadra in Balotra. He will also address a public gathering on the occasion.

This landmark project represents a significant milestone in India’s energy and petrochemical sector. Developed as a joint venture between Hindustan Petroleum Corporation Limited (HPCL) and the Government of Rajasthan, the 9 Million Metric Tonnes Per Annum (MMTPA) Greenfield Refinery-cum-Petrochemical Complex has been established with an investment of over ₹79,450 crore.

The state-of-the-art complex integrates refining and petrochemical production, with a petrochemical capacity of 2.4 MMTPA. The refinery features a high Nelson Complexity Index of 17.0 and petrochemical yields exceeding 26%, aligning with global benchmarks for efficiency and sustainability.

The project is expected to play a pivotal role in strengthening India’s energy security, enhancing petrochemical self-sufficiency, and driving industrial growth. It will serve as an anchor industry for the development of a Petrochemical and Plastic Park in the region, promoting downstream industries and ancillary sectors. Additionally, the refinery is poised to generate significant employment opportunities, contributing to the socio-economic development of the region.