কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জাৰ্মানী ফেডাৰেল ৰিপাব্লিকৰ চেন্সেলৰ মহামহিম ফ্ৰেড্ৰিখ মাৰ্জৰ সৈতে মিলিত হয়। ২০২৫-ৰ মে’-ত চেন্সেলৰ মাৰ্জে কাৰ্য্যভাৰ গ্ৰহণৰ পিছত এয়া আছিল দুয়োগৰাকী নেতাৰ প্ৰথম সাক্ষাৎ। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত জয়লাভ আৰু কাৰ্য্যভাৰ গ্ৰহণৰ বাবে চেন্সেলৰগৰাকীক অভিনন্দন জনায়। যোৱা সপ্তাহত আহমেদাবাদত সংঘটিত মৰ্মান্তিক বিমান দুৰ্ঘটনাটোক লৈ জাৰ্মান চৰকাৰে শোক প্ৰকাশৰ বাবেও তেখেতে গভীৰ শলাগ লয়।

 

নেতাদ্বয়ে দ্বিপাক্ষিক সম্পৰ্কৰ গতি বৃদ্ধিক লৈ সন্তোষ প্ৰকাশেৰে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সেউজ আৰু বহনক্ষম উন্নয়ন অংশীদাৰিত্ব, সেউজ শক্তি, প্ৰযুক্তি, উদ্ভাৱন, শিক্ষা আৰু ম’বিলিটিৰ মূল ক্ষেত্ৰসমূহত সহযোগিতাক অধিক সুদৃঢ়কৰণৰ অংগীকাৰৰ কথা দোহাৰে। ভাৰত-জাৰ্মানী কৌশলগত অংশীদাৰিত্বক অধিক গভীৰ আৰু বৈচিত্ৰ্যময় কৰাৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে, কিয়নো এই সম্পৰ্কই ২৫ বছৰ অতিক্ৰমেৰে মাইলৰ খুঁটি স্থাপন কৰিছে।

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদে বিশ্ব শান্তি আৰু সুস্থিৰতাৰ প্ৰতি এক বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে বুলি কয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাৰ্য্যকলাপৰ প্ৰতি জাৰ্মানীয়ে সংহতিৰ মনোভাৱ আৰু দৃঢ় সমৰ্থন প্ৰকাশৰ বাবে চেন্সেলৰ মাৰ্জক ধন্যবাদ জনায়।

নেতাসকলে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ পৰিঘটনাৰাজি সন্দৰ্ভতো মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পাৰস্পৰিকভাৱে সুবিধাজনক সময়ত ভাৰতলৈ চেন্সেলৰ মাৰ্জক আদৰণি জনাবলৈ পাব বুলি আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22

Media Coverage

82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ফেব্ৰুৱাৰী 2026
February 21, 2026

Citizens Agrees Modi Hai To Mumkin Hai: Human-Centric AI, Solar Surge & Manufacturing Boom – India’s Golden Rise