আজি কচ্ছ বাণিজ্য আৰু পৰ্যটনৰ এক প্ৰধান কেন্দ্ৰ, অনাগত সময়ত কচ্ছ ৰ এই ভূমিকা আৰু ডাঙৰ হ’বলৈ গৈ আছে: প্ৰধানমন্ত্ৰী
সাগৰীয় খাদ্যৰ পৰা আৰম্ভ কৰি পৰ্যটন আৰু বাণিজ্যলৈকে ভাৰতে উপকূলীয় অঞ্চলত এক নতুন পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিছে: প্ৰধানমন্ত্ৰী
সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নীতি শূন্য সহনশীলতাৰ: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰ হৈছে মানৱতা ৰক্ষা আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ এক অভিযান: প্ৰধানমন্ত্ৰী
ভাৰতৰ ৰাডাৰত সন্ত্ৰাসবাদৰ মুখ্য কাৰ্যালয় আছিল আৰু আমি সেইবোৰক নিখুঁতভাৱে আঘাত কৰিলোঁ, যিয়ে আমাৰ সশস্ত্ৰ বাহিনীৰ শক্তি আৰু অনুশাসন দেখুৱাইছে: প্ৰধানমন্ত্ৰী
ভাৰতৰ যুঁজ সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ কচ্ছবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশেষকৈ মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাসহ ক্ৰান্তিকাৰী আৰু শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানক স্বীকাৰ কৰি কচ্ছৰ পুত্ৰ-কন্যাসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে কচ্ছৰ পৱিত্ৰ ভূমিত আশাপূৰা মাতাৰ ঐশ্বৰিক উপস্থিতি স্বীকাৰ কৰি তেওঁৰ প্ৰতি ভক্তিভাব প্ৰকাশ কৰে। তেওঁ অঞ্চলটোৰ ওপৰত তেওঁৰ অবিৰত আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাইজৰ প্ৰতি নিজৰ সন্মান ব্যক্ত কৰে।

কচ্ছৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক প্ৰকট কৰি শ্ৰী মোদীয়ে সমগ্ৰ জিলাখনলৈ তেওঁৰ সঘন ভ্ৰমণৰ কথা স্মৰণ কৰি এই ভূমিয়ে তেওঁৰ জীৱনৰ দিশটো কেনেদৰে গঢ় দিছে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে জীৱন-যাপনৰ অৱস্থা বহুখিনি উন্নত হৈছে যদিও, অতীতে বহু প্ৰত্যাহ্বানো আনি দিছে। লগতে তেওঁ স্মৰণ কৰে যে নৰ্মদা নদীৰ পানী কচ্ছ অঞ্চলত আহিপোৱা দেখাটো তেওঁৰ সৌভাগ্যৰ কথা। মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ আগতেও তেওঁ সঘনাই কচ্ছ ভ্ৰমণ কৰিছিল আৰু জিলা কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীত অংশ লৈছিল। শ্ৰী মোদীয়ে কচ্ছৰ কৃষকসকলৰ অদম্য দৃঢ়তাৰ বিষয়েও কয় আৰু কয় যে তেওঁলোকৰ মনোভাব সদায় স্মৰণীয় হৈ আছে। তেওঁ কয় যে এই অঞ্চলত তেওঁৰ বছৰ বছৰ ধৰি থকা অভিজ্ঞতাই ইয়াৰ বিকাশৰ দিশত তেওঁৰ প্ৰচেষ্টাত যথেষ্ট অৰিহণা যোগাইছে।

 

কচ্ছে লাভ কৰা উল্লেখযোগ্য সফলতা লাভৰ ক্ষেত্ৰত প্ৰদৰ্শিত আশা আৰু অক্লান্ত প্ৰচেষ্টাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে সেই ভয়াৱহ ভূমিকম্পৰ কথা মনত পেলালে, যিটোৱে এসময়ত বহু লোকক অঞ্চলটোৰ ভৱিষ্যতক লৈ সন্দেহ কৰিবলৈ বাধ্য কৰিছিল। অৱশ্যে তেওঁৰ অটল বিশ্বাস আছিল যে কচ্ছ ধ্বংসৰ পৰা উঠিব – আৰু জনসাধাৰণে ইয়াক সম্ভৱ কৰি তুলিলে। প্ৰধানমন্ত্ৰীয়ে কয়, “আজি কচ্ছ বেপাৰ, বাণিজ্য, আৰু পৰ্যটনৰ বাবে এটা প্ৰধান কেন্দ্ৰ হিচাপে থিয় দিছে। লগতে তেওঁ কয় যে আগন্তুক বছৰবোৰত এই খণ্ডৰ ভূমিকা আৰু ডাঙৰ হ’ব। তেওঁ কচ্ছৰ দ্ৰুত বিকাশৰ সাক্ষী হৈ ইয়াৰ অগ্ৰগতিৰ সমৰ্থনত নিজৰ আনন্দ প্ৰকাশ কৰে। নিজৰ এই ভ্ৰমণৰ সময়ত আন্তঃগাঁথনি আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৫০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু শুভাৰম্ভ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপসমূহে ভাৰতক আগশাৰীৰ নীলা অৰ্থনীতি আৰু সেউজ শক্তিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব। তেওঁ এই পৰিৱৰ্তনশীল উন্নয়নৰ বাবে কচ্ছবাসীক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে সেউজ হাইড্ৰ’জেনৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক ভৱিষ্যতৰ ইন্ধন বুলি অভিহিত কৰি কয়, “কচ্ছ বিশ্বৰ সেউজ শক্তিৰ সৰ্ববৃহৎ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।” তেওঁ কয় যে অতি সোনকালে গাড়ী, বাছ আৰু ষ্ট্ৰীট লাইটসমূহ সেউজ হাইড্ৰ’জেনৰ দ্বাৰা চালিত হ’ব, যাৰ ফলত ভাৰতৰ শক্তিৰ পৰিস্থিতিত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব। শ্ৰী মোদীয়ে কয় যে কাণ্ডলা দেশৰ তিনিটা নিৰ্দিষ্ট সেউজ হাইড্ৰজেন হাবৰ ভিতৰত অন্যতম। তেওঁ কচ্ছত নতুন সেউজ হাইড্ৰজেন উদ্যোগৰ আধাৰশিলা স্থাপনৰ কথা ঘোষণা কৰি এই উদ্যোগত ব্যৱহৃত প্ৰযুক্তি সম্পূৰ্ণৰূপে "মেড ইন ইণ্ডিয়া" বুলি দৃঢ়তাৰে কয়। ইয়াৰ উপৰিও, শ্ৰী মোদীয়ে ভাৰতৰ সৌৰ বিপ্লৱত কচ্ছৰ কেন্দ্ৰীয় ভূমিকাক আলোকপাত কৰি উল্লেখ কৰে যে এই অঞ্চলত বিশ্বৰ অন্যতম বৃহৎ সৌৰশক্তি প্ৰকল্প গঢ়ি তোলা হৈছে। তেওঁ কয় যে খাৱড়া কমপ্লেক্স স্থাপনৰ লগে লগে কচ্ছে বিশ্ব শক্তিৰ মানচিত্ৰত নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।

নাগৰিকৰ বাবে বিদ্যুতৰ ব্যয় হ্ৰাস কৰাৰ সমান্তৰালকৈ পৰ্যাপ্ত বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ আৰম্ভণিৰ ওপৰত আলোকপাত কৰে, যিয়ে ইতিমধ্যে গুজৰাটৰ লাখ লাখ পৰিয়ালক উপকৃত কৰিছে। তেওঁ উপকূলীয় অঞ্চলৰ অৰ্থনৈতিক গুৰুত্বৰ ওপৰত জোৰ দিয়ে আৰু কয় যে সামুদ্ৰিক সমৃদ্ধি বহু দেশৰ উন্নয়নৰ মূল কাৰক হৈ আহিছে। ঐতিহাসিক বাণিজ্য আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ চহকী ঐতিহ্য আৰু ভূমিকাৰ প্ৰধান উদাহৰণ হিচাপে প্ৰাচীন বন্দৰ চহৰ ধোলা ৱিৰা আৰু লোথলৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “এই ঐতিহ্যৰ পৰা অনুপ্ৰাণিত হৈ চৰকাৰে বন্দৰৰ আশে-পাশে চহৰসমূহ উন্নয়ন কৰি বন্দৰ আধাৰিত উন্নয়নৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈছে।” তেওঁ কয় যে ভাৰতে সাগৰীয় খাদ্য, পৰ্যটন আৰু বাণিজ্যৰ সৈতে জড়িত এক নতুন উপকূলীয় পৰিৱেশ তন্ত্ৰক সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দৰসমূহ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ বাবে যথেষ্ট বিনিয়োগ কৰা হৈছে, যাৰ ফলত উল্লেখযোগ্য ফলাফল পোৱা গৈছে। প্ৰথমবাৰৰ বাবে বৃহৎ বন্দৰসমূহে সামূহিকভাৱে এবছৰত অভিলেখ সৃষ্টিকাৰী ১৫ কোটি টন সামগ্ৰী পৰিচালনা কৰিছে, য’ত কাণ্ডলা বন্দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে ভাৰতৰ সামুদ্ৰিক বাণিজ্যৰ প্ৰায় এক তৃতীয়াংশ কচ্ছৰ বন্দৰসমূহৰ দ্বাৰা পৰিচালিত হয়। আন্তঃগাঁথনিৰ গুৰুত্ব স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাণ্ডলা আৰু মুন্দ্ৰা বন্দৰত সামৰ্থ্য আৰু সংযোগ ধাৰাবাহিকভাৱে বৃদ্ধি কৰা হৈছে। এই উপলক্ষে নতুন জেটি আৰু সম্প্ৰসাৰিত কাৰ্গো ষ্ট’ৰেজ ফেচিলিটিকে ধৰি জাহাজ সম্পৰ্কীয় কেইবাটাও সুবিধা উদ্বোধন কৰি কাম-কাজ সুশৃংখলিত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক খণ্ডত চৰকাৰে অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি এইবাৰৰ বাজেটত ইয়াৰ উন্নয়নৰ বাবে এক বিশেষ পুঁজি সৃষ্টিৰ কথা ঘোষণা কৰে। তেওঁ জাহাজ নিৰ্মাণৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে আৰু কয় যে ভাৰতে কেৱল ঘৰুৱা প্ৰয়োজনৰ বাবেই নহয়, বৰং বিশ্বৰ চাহিদাৰ বাবেও বৃহৎ জাহাজ নিৰ্মাণ কৰিব। তেওঁ কয় যে এই পদক্ষেপসমূহে দেশৰ যুৱক-যুৱতীসকলৰ বাবে সামুদ্ৰিক খণ্ডত উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

 

কচ্ছৰ নিজৰ ঐতিহ্যৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে এই ঐতিহ্য এতিয়া কেনেকৈ অঞ্চলটোৰ উন্নয়নৰ চালিকা শক্তি হৈ পৰিছে। তেওঁ বস্ত্ৰ, খাদ্য প্ৰক্ৰিয়াকৰণ, চিৰামিক আৰু নিমখ উৎপাদনকে ধৰি বিভিন্ন উদ্যোগত বিগত দুটা দশকত ভূজত দেখা পোৱা উল্লেখযোগ্য বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে কচ্ছৰ পৰম্পৰাগত শিল্পকৰ্ম যেনে কচ্ছ এম্ব্ৰয়ডাৰী, ব্লক প্ৰিন্টিং, বান্ধনী কাপোৰ আৰু চামৰাৰ কামৰ ব্যাপক স্বীকৃতিৰ ওপৰত মন্তব্য কৰি ভূজোদী গাঁৱক হস্ততাঁত শিল্পৰ জীৱন্ত সংগ্ৰহালয় হিচাপে প্ৰশংসা কৰে। একে সময়তে তেওঁ আজৰাখ ছপাৰ অনন্য পৰম্পৰাক স্বীকাৰ কৰে, যিয়ে এতিয়া ভৌগোলিক সূচক (জিআই) টেগ লাভ কৰিছে, ইয়াৰ উৎপত্তি কচ্ছত আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। বিশেষকৈ জনজাতীয় পৰিয়াল আৰু শিপিনীসকলৰ বাবে এই স্বীকৃতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে কাৰণ ই তেওঁলোকৰ সাংস্কৃতিক পৰিচয় আৰু কাৰুকাৰ্য্যক শক্তিশালী কৰে। ইয়াৰ উপৰিও, শ্ৰী মোদীয়ে কেন্দ্ৰীয় বাজেটত চামৰা আৰু বস্ত্ৰ উদ্যোগক সমৰ্থন কৰা মূল বিধানসমূহৰ ওপৰত আলোকপাত কৰি এই খণ্ডসমূহক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষেত্ৰত কচ্ছৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ অধ্যৱসায়ক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই গুজৰাটৰ ভূগৰ্ভস্থ পানীৰ মাত্ৰা ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ সময়ছোৱাৰ কথা মনত পেলাই দিয়ে, যাৰ ফলত ভয়াৱহ অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু নৰ্মদা জীৰ আশীৰ্বাদ আৰু চৰকাৰৰ নিষ্ঠাবান প্ৰচেষ্টাত পৰিস্থিতি সলনি হৈছে। প্ৰধানমন্ত্ৰীয়ে কেৱড়িয়াৰ পৰা মডকুবালৈকে বিস্তৃত খালটোৱে কচ্ছৰ ভাগ্য গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। তেওঁ কয় যে আজি কচ্ছৰ পৰা অহা আম, খেজুৰ, ডালিম, জিৰা, ড্ৰেগন ফলৰ দৰে কৃষিজাত সামগ্ৰীয়ে বিশ্বৰ বজাৰত প্ৰৱেশ কৰিছে। অঞ্চলটোৰ অতীতক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সীমিত সুযোগৰ বাবে কচ্ছে এসময়ত বলপূৰ্বক প্ৰব্ৰজনৰ সন্মুখীন হৈছিল। কিন্তু উল্লেখযোগ্য অগ্ৰগতিৰ লগে লগে স্থানীয় যুৱক-যুৱতীসকলে এতিয়া কচ্ছতে কৰ্মসংস্থাপন লাভ কৰিছে, যিয়ে অঞ্চলটোৰ ক্ৰমবৰ্ধমান সমৃদ্ধিৰ প্ৰতিফলন ঘটাইছে।

মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰাটো তেওঁৰ চৰকাৰৰ এক মূল অগ্ৰাধিকাৰ হৈয়েই আছে। তেওঁ জোৰ দি কয় যে পৰ্যটন এনে এটা খণ্ড যিয়ে বৃহৎ পৰিসৰত কৰ্মসংস্থাপন সৃষ্টি কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ চহকী ইতিহাস, সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ সৈতে কচ্ছ এই খণ্ডত সম্প্ৰসাৰণৰ বাবে ভাল স্থানত আছে। কচ্ছৰ ৰণ মহোৎসৱৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক লৈ সন্তুষ্টি প্ৰকাশ কৰি শ্ৰী মোদীয়ে স্মৃতি বন স্মৃতিসৌধৰ ওপৰত আলোকপাত কৰি কয় যে ইউনেস্ক’ই ইয়াক বিশ্বৰ অন্যতম সুন্দৰ সংগ্ৰহালয় হিচাপে স্বীকৃতি দিছে। ধাৰাবাহিকভাৱে নতুন উচ্চতা স্পৰ্শ কৰি আছে ৰণ উৎসৱে। তেওঁ কয় যে অনাগত বছৰবোৰত কচ্ছৰ পৰ্যটন উদ্যোগ আৰু অধিক বৃদ্ধি পাব, আৰু তেওঁ কয় যে ধোৰদো গাঁওখনে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। তদুপৰি মাণ্ডৱীৰ বিলখন পৰ্যটকৰ বাবে এক প্ৰধান আকৰ্ষণ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই কথা মনত ৰাখি শ্ৰী মোদীয়ে পৰ্যটনৰ সম্ভাৱনা আৰু অধিক বৃদ্ধিৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰীক ৰণ উৎসৱৰ সময়ত মাণ্ডৱীত বিচ ফেষ্টিভেলৰ আয়োজন কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ কয় যে আহমেদাবাদ আৰু ভূজৰ মাজত নমো ভাৰত ৰেপিড ৰে’লেই অঞ্চলটোৰ পৰ্যটনক আৰু অধিক উন্নীত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ আজিৰ দিনটোতে তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ২৬ মে’ৰ বিশেষ তাৎপৰ্য আছে। তেওঁ কয় যে আজি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে, আনহাতে ২০১৪ চনত ভাৰত ১১ নং বৃহত্তম অৰ্থনীতি আছিল। তেওঁ মানুহক সংযোগ কৰাৰ মাধ্যম হিচাপে পৰ্যটনত ভাৰতৰ দৃঢ় বিশ্বাসৰ কথা ব্যক্ত কৰে আৰু ইয়াৰ তুলনা পাকিস্তানৰ দৰে দেশৰ সৈতে কৰে যি পৰ্যটনৰ সলনি সন্ত্ৰাসবাদক উদ্গনি যোগায়। তেওঁ পুনৰ কয়, “সন্ত্ৰাসবাদ এক গুৰুতৰ বিশ্বজনীন ভাবুকি আৰু ভাৰতে ইয়াৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ৰাখে।” অপাৰেচন সিন্দুৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতিৰ আলোকপাত কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতীয় নাগৰিকৰ ক্ষতি কৰাৰ যিকোনো প্ৰচেষ্টাক একে ভাষাতে কঠোৰ সঁহাৰি দিয়া হ’ব আৰু ভাৰতক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰাসকলে যিকোনো মূল্যৰ বিনিময়ত ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি জোৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেচন সিন্দুৰ হৈছে মানৱতাৰ সুৰক্ষা আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ এক অভিযান।” তেওঁ ২২ এপ্ৰিলৰ পিছত বিহাৰত অনুষ্ঠিত এক সমাৱেশত কোৱা নিজৰ কথা স্মৰণ কৰে, য’ত তেওঁ সন্ত্ৰাসবাদৰ সংগঠন আৰু আন্তঃগাঁথনি ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ লগতে উল্লেখ কৰে যে পহলগাম আক্ৰমণৰ এটা পষেকৰ পিছতো যেতিয়া পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল, তেতিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰত্যুত্তৰ দিবলৈ মুক্তভাৱে এৰি দিয়া হৈছিল।

 

তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয়ক সঠিকভাৱে লক্ষ্য কৰি লৈছিল, নিজৰ সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য আৰু অনুশাসন প্ৰদৰ্শন কৰিছিল। তেওঁ মন্তব্য কৰে যে ভাৰতে বিশ্বক দেখুৱাইছে যে ই সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ নিখুঁতভাৱে ধ্বংস কৰিব পাৰে। ভাৰতৰ নিৰ্ণায়ক পদক্ষেপৰ পিছত পাকিস্তানৰ অস্থিৰতাও লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানে ভাৰতীয় সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল যদিও ভাৰতে দুগুণ শক্তিৰে প্ৰতিশোধ লয়, যথেষ্ট নিখুঁতভাৱে তেওঁলোকৰ সামৰিক স্থাপনসমূহত আঘাত কৰে। তেওঁ কয়, “ভাৰতে পাকিস্তানৰ বিমান ঘাটি আৰু সামৰিক সংস্থাপন ধ্বংস কৰাত বিশ্ব স্তম্ভিত হৈ পৰিছিল।” তেওঁ লগতে অসাধাৰণ পেছাদাৰিত্ব, সাহস আৰু নিখুঁততাৰ বাবে সশস্ত্ৰ বাহিনীৰ প্ৰশংসা কৰে।

১৯৭১ চনৰ ঐতিহাসিক যুদ্ধৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে ভূজৰ মহিলাসকলৰ অসাধাৰণ বীৰত্বৰ প্ৰশংসা কৰে যি কঠিন পৰিস্থিতিত বিমান ঘাটিটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেই যুদ্ধৰ সময়ত পাকিস্তানী সেনাই ভূজ এয়াৰবেছত আক্ৰমণ কৰিছিল। তেওঁ বৰ্ণনা কৰে যে কেনেকৈ নিৰন্তৰ পাকিস্তানী বোমাবৰ্ষণৰ মাজতে ভূজৰ মহিলাসকলে ৭২ ঘণ্টাৰ ভিতৰতে বিমানঘাটিটো পুনৰ নিৰ্মাণ কৰিছিল, যাৰ ফলত ইয়াৰ কাৰ্যকৰী অৱস্থা দ্ৰুতভাৱে ঘূৰাই অনাটো সম্ভৱ হৈ উঠিছিল। তেওঁ কয় যে তেওঁ আগতেও এই সাহসী মহিলাসকলক লগ পোৱাৰ সুযোগ পাইছিল আৰু তেওঁ তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানৰ প্ৰশংসা কৰে।

 

ভাৰতৰ শত্ৰুতা কোনো দেশৰ জনসাধাৰণৰ সৈতে নহয়, সন্ত্ৰাসবাদক প্ৰসাৰিত কৰা শক্তিৰ সৈতে আছে বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ যুঁজখন সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদ আৰু ইয়াক পৃষ্ঠপোষকতা কৰাসকলৰ বিৰুদ্ধে।” কচ্ছৰ পৰা পাকিস্তানৰ নাগৰিকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ পৰিস্থিতিৰ বাস্তৱতাক স্বীকাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ সকীয়াই দিয়ে যে তেওঁলোকৰ চৰকাৰ আৰু সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদক সক্ৰিয়ভাৱে সমৰ্থন কৰে আৰু ইয়াক ৰাজহ আহৰণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। তেওঁ পাকিস্তানৰ জনসাধাৰণক এই পথ সঁচাকৈয়ে তেওঁলোকৰ স্বাৰ্থত আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনায়। তেওঁ আলোকপাত কৰে যে ক্ষমতাচালিত এজেণ্ডাই পাকিস্তানীসকলৰ জীৱন বিপন্ন কৰি তুলিছে আৰু তেওঁলোকৰ সন্তানৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে যদি পাকিস্তানে সন্ত্ৰাসবাদৰ মহামাৰীৰ পৰা নিজকে মুক্ত কৰিব লাগে তেন্তে ইয়াৰ জনসাধাৰণে স্থিতি ল’ব লাগিব আৰু ইয়াক নিৰ্মূল কৰাত অৰিহণা যোগাব লাগিব।

ভাৰতৰ স্পষ্ট দিশ পুনৰ দৃঢ় কৰি আৰু ৰাষ্ট্ৰৰ দ্বাৰা উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ পথ বাছি লৈছে বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে কচ্ছৰ আত্মাই ভাৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত প্ৰেৰণা হিচাপে কাম কৰিব। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী মোদীয়ে আগন্তুক আষাড়ী বীজৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনায়, যিটো কচ্ছৰ নৱবৰ্ষৰ প্ৰতীক। তেওঁ পুনৰ কচ্ছৰ জনসাধাৰণক তেওঁলোকৰ উল্লেখযোগ্য অগ্ৰগতি আৰু চলি থকা উন্নয়নমূলক সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰি নিজৰ ভাষণৰ সামৰণি মাৰি।

 

এই কাৰ্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় শক্তি আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লালকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰে। বিদ্যুৎ খণ্ডৰ প্ৰকল্পসমূহৰ ভিতৰত খাৱড়া অক্ষয় শক্তি উদ্যানত উৎপাদিত অক্ষয় শক্তিৰ স্থানান্তৰ কৰাৰ বাবে সংবহন প্ৰকল্প, সংবহন নেটৱৰ্ক সম্প্ৰসাৰণ, টাপিত আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লাণ্ট ইউনিট ইত্যাদি অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত কাণ্ডলা বন্দৰ প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ কেইবাটাও পথ, জল আৰু সৌৰ প্ৰকল্পও অন্তৰ্ভুক্ত।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event

Media Coverage

‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”