দেশৰ আত্ম-নিৰ্ভৰতাৰ বাবে, কৃষক ৰাইজৰ কল্যাণৰ বাবে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানঃ প্ৰধানমন্ত্ৰী
আমি বীজৰ পৰা বজাৰলৈকে কৃষকসকলৰ স্বাৰ্থত সংস্কাৰ সাধন কৰিছোঁঃ প্ৰধানমন্ত্ৰী
তিনিটা পৰিমাপৰ ভিত্তিত পিএম ধন ধান্য আঁচনিৰ বাবে ১০০ খন জিলা নিৰ্বাচন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
দলহন আত্মনিৰ্ভৰতা অভিযান কেৱল মাহৰ উৎপাদন বৃদ্ধিৰ অভিযানেই নহয় বৰঞ্চ আমাৰ ভৱিষ্যৎ প্ৰজন্মক সবলীকৰণৰ অভিযানোঃ প্ৰধানমন্ত্ৰী
বিগত ১১ বছৰে চৰকাৰে কৃষকসকলক সবলীকৰণ আৰু কৃষিক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
পশুপালন, মীন পালন আৰু মৌপালনে ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন পৰিয়ালসমূহক সবল কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি গাঁৱে-ভূঞে নমো ড্ৰোন দিদিসকলে সাৰ আৰু কীটনাশক ছটিওৱাৰ আধুনিক পদ্ধতিক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এক বিশেষ কৃষি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ সৈতে মত-বিনিময়ো কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এক বিশেষ কৃষি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজৰ সৈতে মত-বিনিময়ো কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩৫,৪৪০ কোটি টকা ব্যয় সাপেক্ষে কৃষি খণ্ডৰ দুই প্ৰধান আঁচনিৰ শুভাৰম্ভ কৰে। তেখেতে ২৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ শুভাৰম্ভ কৰে। তদুপৰি তেখেতে ১১,৪৪০ কোটি টকা ব্যয় সাপেক্ষে দলহন আত্মনিৰ্ভৰতা অভিযানৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডত ৫,৪৫০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহো উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গাৰ লগতে প্ৰায় ৮১৫ কোটি টকা মূল্যৰ অতিৰিক্ত প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন কৰে।

 

ৰাষ্ট্ৰক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি ভাৰতৰ গণতান্ত্ৰিক চেতনা আৰু গ্ৰামোন্নয়নক পুনৰ সংজ্ঞায়িত কৰা ভাৰত মাতাৰ দুগৰাকী সুপুত্ৰৰ জয়ন্তী উপলক্ষে এক ঐতিহাসিক দিন। জয়প্ৰকাশ নাৰায়ণ জী আৰু নানাজী দেশমুখ জীয়ে গ্ৰামীণ ভাৰতৰ কণ্ঠ হিচাপে কৃষক আৰু অনগ্ৰসৰ লোকসকলৰ সবলীকৰণৰ বাবে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল।"

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানক (Pulse Self-Reliance Mission) আত্মনিৰ্ভৰতা, গ্ৰাম্য সবলীকৰণ আৰু কৃষি উদ্ভাৱনৰ ক্ষেত্ৰত এটি নতুন যুগৰ সূচনাৰ বাবে ৰূপায়ণ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ ৰাষ্ট্ৰৰ কোটি-কোটি কৃষক প্ৰত্যক্ষভাৱে উপকৃত হ’ব। “ভাৰত চৰকাৰে এই পদক্ষেপসমূহত ৩৫,০০০ কোটিৰো অধিক টকা বিনিয়োগ কৰিব, যিয়ে কৃষক ৰাইজৰ আয় দুগুণ বৃদ্ধি আৰু দেশৰ বাবে খাদ্য তথা পুষ্টি সুৰক্ষা নিশ্চিতকৰণৰ অৰ্থে ইয়াৰ অটল অংগীকাৰকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উন্নয়ন যাত্ৰাত কৃষিয়ে সদায় পালন কৰি অহা কেন্দ্ৰীয় ভূমিকাত গুৰুত্ব আৰোপ কৰে। দেশবাসীক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ চৰকাৰসমূহৰ সময়ত কৃষি খণ্ড সন্মুখীন হোৱা দীৰ্ঘদিনীয়া অৱহেলাৰ কথা উল্লেখেৰে ভাৰতৰ কৃষকসকলক সবলীকৰণৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ ব্যক্ত কৰে। তেখেতে কয় যে দ্ৰুত-বৰ্ধমান একবিংশ শতিকাৰ ভাৰতৰ বাবে এক শক্তিশালী আৰু সংস্কাৰ সাধিত কৃষি ব্যৱস্থাৰ প্ৰয়োজন আছিল। এই পৰিৱৰ্তন ২০১৪-ৰ পিছত তেওঁলোকৰ চৰকাৰৰ অধীনত আৰম্ভ হৈছিল। শ্ৰী মোদীয়ে কয়, “আমি অতীতৰ উদাসীনতাৰ পৰা আঁতৰি আহিছিলোঁ। বীজৰ পৰা বজাৰলৈকে আমি আমাৰ কৃষক ৰাইজৰ স্বাৰ্থত ব্যাপক সংস্কাৰ সাধন কৰিছিলোঁ। এই সংস্কাৰসমূহ কেৱল নীতি পৰিৱৰ্তনতে সীমাবদ্ধ নাছিল। বৰঞ্চ এইসমূহ আছিল ভাৰতীয় কৃষিক আধুনিক, বহনক্ষম আৰু স্থিতিস্থাপক কৰি তোলাৰ লক্ষ্যৰে গাঁথনিগত হস্তক্ষেপ।“

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত এঘাৰ বছৰত ভাৰতৰ কৃষি ৰপ্তানি প্ৰায় দুগুণ বৃদ্ধি পাইছে। খাদ্যশস্যৰ উৎপাদন প্ৰায় ৯০ নিযুত মেট্ৰিক টন বৃদ্ধি পাইছে। ফল-মূল আৰু শাক-পাচলিৰ উৎপাদন ৬৪ নিযুত মেট্ৰিক টনৰো অধিক বৃদ্ধি পাইছে। ভাৰতে আজি গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে আৰু বিশ্বজুৰি দ্বিতীয় সৰ্বাধিক মাছ উৎপাদনকাৰী দেশ হৈ পৰিছে। ২০১৪-ৰ তুলনাত মৌৰ উৎপাদন দুগুণ হৈছে আৰু একে সময়ছোৱাতে কণীৰ উৎপাদনো দুগুণ হৈছে।

তেখেতে আৰু কয় যে এই সময়ছোৱাত দেশত ছটা বৃহৎ সাৰ প্ৰকল্প স্থাপন কৰা হৈছে। কৃষক ৰাইজৰ মাজত ২৫ কোটিৰো অধিক ছইল হেল্থ কাৰ্ড বিতৰণ কৰা হৈছে। ক্ষুদ্ৰ-জলসিঞ্চনৰ সুবিধা ১০০ লাখ হেক্টৰ কৃষিভূমিত উপনীত হৈছে। প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ অধীনত ২ লাখ কোটি টকা মূল্যৰ বীমা দাবী কৃষকসকলক প্ৰদান কৰা হৈছে।

বিগত এঘাৰ বছৰত কৃষকৰ সহযোগিতা আৰু বজাৰত প্ৰৱেশ বৃদ্ধিৰ বাবে ১০,০০০-ৰো অধিক কৃষক উৎপাদক সংস্থা (FPO) গঠন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতে কৃষক, মাছমৰীয়া আৰু কৃষি খণ্ডত কাম কৰা মহিলাসকলৰ সৈতে মত-বিনিময় কৰিছে। তেখেতে তেওঁলোকৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি শুনি অনুভৱ কৰে যে এনে মত-বিনিময় কাৰ্য্যই ভাৰতীয় কৃষিক্ষেত্ৰত অব্যাহত প্ৰকৃত ৰূপান্তৰকে প্ৰতিফলিত কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰখনৰ বৰ্তমানৰ মনোভাৱ এয়াই যে এতিয়া আৰু সীমিত কৃতিত্বতে সন্তুষ্ট হ’ব নোৱাৰি। তেখেতে কয় যে ভাৰত এখন উন্নত দেশ হ’বলৈ প্ৰতিটো খণ্ডতে নিৰন্তৰ উন্নতি আৰু অগ্ৰগতি অতিশয় প্ৰয়োজনীয়। এই দৃষ্টিভংগীৰেই প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আৰম্ভ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন কৃষি পদক্ষেপে আকাংক্ষী জিলা কাৰ্য্যসূচীৰ সফলতাৰ পৰা প্ৰেৰণা লাভ কৰিছে। তেখেতে কয় যে পূৰ্বৰ চৰকাৰসমূহে দেশৰ এশৰো অধিক জিলাক “পিছপৰা” বুলি ঘোষণা কৰিছিল আৰু তাৰ পিছত সেইসমূহক বহুলাংশে অৱহেলা কৰিছিল। ইয়াৰ বিপৰীতে তেখেতৰ চৰকাৰে এই জিলাসমূহক লক্ষ্য আৰু গতিশীল দৃষ্টিভংগীৰে মনোনিৱেশ কৰিবলৈ বাছি লৈছিল, ইয়াক “আকাংক্ষী জিলা” হিচাপে পুনৰ নিৰ্ধাৰণ কৰা হৈছিল।

তেখেতে এই জিলাসমূহত ৰূপান্তৰৰ বাবে অভিসৰণ, সহযোগিতা আৰু প্ৰতিযোগিতাৰ কৌশলৰ ৰূপৰেখা দাঙি ধৰে। “সকলো প্ৰচেষ্টা "সবকা প্ৰয়াস"ৰ মনোভাৱেৰে গ্ৰহণ কৰা হৈছিল আৰু দ্ৰুত উন্নয়নক আগুৱাই নিবলৈ জিলাসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাৰ আৰ্হিক উৎসাহিত কৰা হৈছিল”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ১০০+ জিলাত প্ৰায় ২০ শতাংশ গাঁৱে স্বাধীনতাৰ পিছত কেতিয়াও পথ দেখা নাছিল। “আজি আকাংক্ষী জিলা কাৰ্য্যসূচীৰ কেন্দ্ৰীভূত ৰূপায়ণৰ বাবেই এই গাঁওসমূহৰ অধিকাংশ সকলো বতৰতে উপযোগী পথৰ সৈতে সংযুক্ত হৈছে”, শ্ৰী মোদীয়ে লগতে কয়। তেখেতে স্বাস্থ্যসেৱা প্ৰদানৰ অগ্ৰগতিতো আলোকপাত কৰে। কাৰ্য্যসূচীৰ আৰম্ভণিতে এই জিলাসমূহৰ ১৭ শতাংশ শিশু মৌলিক প্ৰতিষেধকৰ আউটিৰ বাহিৰত আছিল। এতিয়া এই শিশুসকলৰ অধিকাংশকে সম্পূৰ্ণ প্ৰতিষেধক ক’ভাৰেজৰ অধীনলৈ অনা হৈছে। "এই জিলাসমূহৰ ১৫ শতাংশৰো অধিক বিদ্যালয়ত বিদ্যুতৰ অভাৱ আছিল। আজি এনে প্ৰায় প্ৰতিখন বিদ্যালয়তে বিদ্যুৎ সংযোগ স্থাপন কৰা হৈছে, ইয়াৰ ফলত শিশুসকলৰ বাবে অধিক অনুকূল শিক্ষণ পৰিবেশ নিশ্চিত হৈছে", শ্ৰী মোদীয়ে কয়।

তেখেতে কয় যে এই কৃতিত্বসমূহ হৈছে অভিসৰণ, সহযোগিতা আৰু প্ৰতিযোগিতা আধাৰিত উন্নয়নমূলক আৰ্হিৰ প্ৰত্যক্ষ ফলশ্ৰুতি। ইয়াৰ অধীনত বিভাগসমূহৰ মাজত সমন্বিত প্ৰচেষ্টা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণে স্পষ্ট ফলাফল প্ৰদান কৰিছে।

শ্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ আঁৰৰ প্ৰেৰণা পোনপটীয়াকৈ আকাংক্ষী জিলা আৰ্হিৰ সফলতাৰ পৰাই লাভ কৰা হৈছে। “এই ১০০ খন জিলাৰ বাছনি চিন্তাশীল বিবেচনাৰে আৰু তিনিটা মূল পৰিমাপৰ ভিত্তিত কৰা হৈছে, প্ৰথমতে, প্ৰতি একক মাটিত কৃষি উৎপাদনৰ মাত্ৰা। দ্বিতীয়তে, একেদৰা মাটিতে এবছৰৰ ভিতৰত কিমানবাৰ শস্যৰ খেতি কৰা হয়। তৃতীয়তে, কৃষকৰ বাবে প্ৰতিষ্ঠানিক ঋণ বা বিনিয়োগৰ সুবিধাৰ উপলব্ধতা আৰু পৰিসৰ”, শ্ৰী মোদীয়ে কয়।

 

“আমি প্ৰায়ে “৩৬ কা আংকৰা” বাক্যাংশটো শুনি আহিছোঁ। ইয়াৰ অৰ্থ দুটা দল পৰস্পৰে-পৰস্পৰৰ সম্পূৰ্ণ বিৰোধী হোৱা। কিন্তু চৰকাৰ হিচাপে আমি এনে ধাৰণাক প্ৰত্যাহ্বান জনাইছোঁ”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ অধীনত আমি ৩৬ খন ভিন্ন চৰকাৰী আঁচনিক একত্ৰিত কৰিছোঁ। সেয়া নেচনেল মিছন অন নেচাৰেল ফাৰ্মিঙেই হওঁক, দক্ষ জলসিঞ্চনৰ বাবে ‘পাৰ ড্ৰপ ম’ৰ ক্ৰপ’ অভিযানেই হওঁক বা তৈলবীজৰ উৎপাদন বৃদ্ধিৰ বাবে তৈলবীজ মিছনেই হওঁক। পশুধনৰ উন্নয়নৰ অৰ্থে বিশেষ মনোনিৱেশকে প্ৰমুখ্য কৰি এনে একাধিক পদক্ষেপক এটা ছাতিৰ অধীনত একত্ৰিত কৰা হৈছে। “পিএম ধন-ধান্য কৃষি যোজনাৰ অধীনত তৃণমূল পৰ্য্যায়ত অবিৰত যত্ন আৰু ৰোগ প্ৰতিৰোধক নিশ্চিত কৰিবলৈ স্থানীয়কৃত পশুধন স্বাস্থ্য অভিযানো আৰম্ভ কৰা হ’ব” , শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আকাংক্ষী জিলা কাৰ্য্যসূচীৰ দৰেই প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাই কেৱল কৃষক ৰাইজৰ ওপৰতেই নহয়, বৰঞ্চ স্থানীয় চৰকাৰী বিষয়াসকলৰ ওপৰতো, বিশেষকৈ প্ৰতিখন জিলাৰ জিলা দণ্ডাধীশ বা কালেক্টৰৰ ওপৰতো এক উল্লেখযোগ্য দায়িত্ব অৰ্পণ কৰিছে। এই আঁচনিৰ ডিজাইনে নমনীয়তা প্ৰশস্ত কৰিছে যাতে প্ৰতিখন জিলাৰ নিৰ্দিষ্ট প্ৰয়োজন অনুসৰি পৰিকল্পনা প্ৰস্তুত কৰিব পৰা যায়। “মই সেয়েহে স্থানীয় মাটি আৰু জলবায়ুৰ পৰিস্থিতিৰ লগত খাপ খোৱা জিলা পৰ্য্যায়ৰ কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৃষক আৰু জিলা নেতৃত্বক আন্তৰিকতাৰে আহ্বান জনাইছোঁ”, শ্ৰী মোদীয়ে কয়।

শ্ৰী মোদীয়ে কয় যে দলহন আত্মনিৰ্ভৰতা অভিযান কেৱল মাহৰ উৎপাদন বৃদ্ধিৰ অভিযানেই নহয় বৰঞ্চ আমাৰ ভৱিষ্যৎ প্ৰজন্মক সবলীকৰণৰ অভিযান। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ কৃষকসকলে শেহতীয়াকৈ ঘেঁহু আৰু ধানৰ দৰে খাদ্য শস্যৰ অভিলেখ সৃষ্টি কৰি ভাৰতক বিশ্বৰ শীৰ্ষ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত প্ৰতিষ্ঠা কৰিছে। "অৱশ্যে কেৱল আটা আৰু চাউলৰ বিকল্পই চোৱাৰ প্ৰয়োজন আছে। এই প্ৰধান খাদ্য সম্ভাৰে আমাৰ ভোক নিবাৰণ কৰিব পাৰে যদিও সঠিক পুষ্টিৰ বাবে অধিক বৈচিত্ৰ্যপূৰ্ণ খাদ্যৰ প্ৰয়োজন। বিশেষকৈ ভাৰতৰ বহুলাংশে নিৰামিষভোজী লোকসকলৰ বাবে প্ৰটিনে শাৰীৰিক আৰু মানসিক উভয় বিকাশৰ ক্ষেত্ৰতে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মাহ উদ্ভিদ ভিত্তিক প্ৰটিনৰ আটাইতকৈ উল্লেখযোগ্য উৎস হৈয়েই আছে" শ্ৰী মোদীয়ে কয়।

 

“দলহন আত্মনিৰ্ভৰ অভিযানে ঘৰুৱাভাৱে মাহৰ উৎপাদন বৃদ্ধিৰে এই প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিব বিচাৰিছে, ইয়াৰ ফলত পুষ্টিৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰতা বৃদ্ধি পাব। ১১,০০০ কোটিৰো অধিক টকা বিনিয়োগেৰে দলহন আত্মনিৰ্ভৰ অভিযানে কৃষকসকলক যথেষ্ট সহায় আগবঢ়াব”, তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ইয়াৰ লক্ষ্য হৈছে মাহ খেতিৰ অধীনত ৩৫ লাখ হেক্টৰ ভূমি বৃদ্ধি কৰা। এই অভিযানৰ অধীনত ৰহৰ, মাটিমাহ আৰু মচুৰ দাইলৰ উৎপাদন বৃদ্ধি পাব তথা দাইল ক্ৰয়ৰ বাবে সঠিক ব্যৱস্থা নিশ্চিত হ’ব। ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ প্ৰায় দুই কোটি মাহ খেতিয়ক প্ৰত্যক্ষভাৱে উপকৃত হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণৰ কথা দোহাৰি কয় যে এখনি উন্নত ভাৰতৰ বাবে চাৰিটা মূল স্তম্ভৰ অন্যতম হৈছে কৃষকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ মনোভাৱ। তেখেতে উল্লেখ কৰে যে বিগত এঘাৰ বছৰত চৰকাৰে কৃষকসকলক সবলীকৰণ আৰু কৃষিক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এই অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্য উক্ত সময়ছোৱাত কৃষি বাজেট প্ৰায় ছগুণ বৃদ্ধিত প্ৰতিফলিত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সম্প্ৰসাৰিত বাজেটে প্ৰধানকৈ ভাৰতীয় কৃষিৰ ভিত্তি গঠন কৰা ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক উপকৃত কৰিছে। এটা উদাহৰণ দাঙি ধৰি তেখেতে কয় যে ভাৰতে নিজৰ কৃষকসকলক সহায় কৰিবলৈ আৰু তেওঁলোকৰ ইনপুট ব্যয় হ্ৰাস কৰিবলৈ যথেষ্ট পৰিমাণৰ সাৰ ৰাজসাহায্য প্ৰদান কৰিছে। এই নীতি কৃষি যাতে সকলোৰে বাবে বহনক্ষম, উৎপাদনশীল আৰু লাভজনক হৈ থাকে, তাৰ বাবে গ্ৰহণ কৰা এক বহল প্ৰচেষ্টাৰ অংশ।

পৰম্পৰাগত কৃষিকাৰ্য্যৰ বাহিৰেও সুযোগৰ সম্প্ৰসাৰণেৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে চৰকাৰৰ দায়বদ্ধতাত গুৰুত্ব আৰোপেৰে শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশেষকৈ ক্ষুদ্ৰ আৰু ভূমিহীন কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎস প্ৰশস্ত কৰিবলৈ পশুপালন, মৎস্য পালন, মৌপালনৰ দৰে খণ্ডসমূহক সক্ৰিয়ভাৱে প্ৰসাৰিত কৰা হৈছে।

মৌ উৎপাদন খণ্ডক সফলতাৰ কাহিনী হিচাপে অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যোৱা এঘাৰ বছৰত ভাৰতৰ মৌ উৎপাদন প্ৰায় দুগুণ বৃদ্ধি পাইছে। তেখেতে আৰু কয় যে ছয়ৰ পৰা সাত বছৰ পূৰ্বে মৌৰ ৰপ্তানি মূল্য প্ৰায় ৪৫০ কোটি টকা আছিল যদিও এতিয়া এই পৰিমাণ ১,৫০০ কোটি টকাৰো অধিক বৃদ্ধি পাইছে। ৰপ্তানিৰ এনে নাটকীয় বৃদ্ধিয়ে কৃষকসকলৰ ওচৰলৈ পোনপটীয়াকৈ প্ৰবাহিত হোৱা তিনিগুণ অধিক আয়কে সূচিত কৰে। তেখেতে কয় যে এই কাৰ্য্যই কৃষি বৈচিত্ৰ্য আৰু মূল্য সংযোজনৰ স্পষ্ট সুবিধাকে প্ৰদৰ্শিত কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্ভাৱন, বিনিয়োগ আৰু বজাৰত প্ৰৱেশৰ জৰিয়তে কৃষকসকলক সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপৰ কথা পুনৰবাৰ উল্লেখ কৰে, ইয়াৰ জৰিয়তে তেওঁলোকক আত্মনিৰ্ভৰ আৰু উন্নত ভাৰতৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তোলা হৈছে।

শ্ৰী মোদীয়ে ভাৰতীয় কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ পৰিৱৰ্তনত মহিলাৰ ক্ৰমবৰ্ধমান ভূমিকা পালন কাৰ্য্যক প্ৰশংসা কৰে। তেখেতে কয় যে মাহৰ খেতিয়েই হওঁক, পশুপালনেই হওঁক বা প্ৰাকৃতিক কৃষিকাৰ্য্যই হওঁক, গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাপে মহিলাসকলে আত্মপ্ৰকাশ কৰিছে। তিনি কোটি ‘লাখপতি দিদি’ গঢ়িবলৈ চৰকাৰে অব্যাহত ৰখা অভিযানক এক শক্তিশালী পদক্ষেপ হিচাপে উল্লেখেৰে তেখেতে কয় যে এই পদক্ষেপে কৃষি খণ্ডকো প্ৰত্যক্ষভাৱে সহায় কৰি আছে। “এটা উল্লেখযোগ্য উদাহৰণ হ’ল সমগ্ৰ ভাৰতৰ গাঁওসমূহত নমো ড্ৰোন দিদিসকলৰ উত্থান, যিয়ে এতিয়া সাৰ আৰু কীটনাশক ছটিয়াবলৈ আধুনিক ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰিছে। এই উদ্ভাৱনে কেৱল কৃষি দক্ষতা বৃদ্ধি কৰাই নহয়, বৰঞ্চ গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে উল্লেখযোগ্য নতুন আয়ৰ মাধ্যমো প্ৰশস্ত কৰিছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ ক্ষেত্ৰতো মহিলাসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে। “এই বহনক্ষম পদ্ধতিক সমৰ্থন কৰিবলৈ ১৭ হাজাৰৰো অধিক সমৰ্পিত ক্লাষ্টাৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰায় ৭০ হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত ‘কৃষি সখী’-এ কৃষকসকলক প্ৰাকৃতিক আৰু পৰিবেশ অনুকূল কৃষি পদ্ধতিৰ অভিযোজনাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে পথ-প্ৰদৰ্শন কৰি আছে” শ্ৰী মোদীয়ে লগতে কয়।

তেখেতে পুনৰ কয় যে কৃষিক্ষেত্ৰত মহিলাসকলক সবলীকৰণ কাৰ্য্য কেৱল সামাজিক ন্যায়ৰ বিষয়েই নহয়, বৰঞ্চ এখনি আধুনিক, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী গ্ৰামীণ ভাৰতৰ দিশত এক কৌশলগত পদক্ষেপ।

শেহতীয়াকৈ জিএছটি সংস্কাৰ সাধন কাৰ্য্যই কৃষি সঁজুলি আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অধিক সুলভ কৰি ভাৰতৰ কৃষক আৰু গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক কেনেদৰে প্ৰত্যক্ষ অৰ্থনৈতিক সকাহ প্ৰদান কৰিছে, সেই সম্পৰ্কে আলোকপাতেৰে তেখেতে উল্লেখ কৰে যে নতুনকৈ সংস্কাৰ সাধিত জিএছটি ব্যৱস্থাৰ অধীনত ট্ৰেক্টৰৰ মূল্য এতিয়া ৪০,০০০ টকা হ্ৰাস পালে। এই উৎসৱৰ বতৰত কৃষকসকলক যথেষ্ট সঞ্চয়ৰ সুবিধা প্ৰদান কৰা হৈছে। তেখেতে লগতে কয় যে প্ৰাকৃতিক কৃষিত ব্যৱহৃত জৈৱিক সাৰ আৰু জৈৱ কীটনাশকৰ ব্যয় জিএছটিৰ হাৰ হ্ৰাস হোৱাৰ বাবে কমিছে, যিয়ে বহনক্ষম কৃষিকাৰ্য্যক উদ্দীপনা যোগাইছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনে সংস্কাৰ সাধনৰ ফলশ্ৰুতিত গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ দুগুণ সঞ্চয় হৈছে আৰু দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰী তথা কৃষিত ব্যৱহৃত সঁজুলি, উভয়ৰে ক্ষেত্ৰত ব্যয় হ্ৰাস পাইছে।

খাদ্য উৎপাদনৰ ক্ষেত্ৰত দেশখনক আত্মনিৰ্ভৰ কৰি তোলাত ভাৰতীয় কৃষকসকলৰ ঐতিহাসিক অৱদানৰ কথা পুনৰবাৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকক এতিয়া এখনি উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায়। ভাষণৰ সামৰণিত শ্ৰী মোদীয়ে কৃষকসকলক কেৱল আত্মনিৰ্ভৰতা অৰ্জনৰ দিশত কাম কৰাই নহয়, বৰঞ্চ আমদানি হ্ৰাসেৰে ভাৰতৰ কৃষি ৰপ্তানি বৃদ্ধি কৰিব পৰা ৰপ্তানিমুখী শস্যৰ খেতি কৰি বিশ্ব বজাৰখনকো লক্ষ্য কৰি ল’বলৈ আহ্বান জনায়। এই যাত্ৰাত প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আৰু দলহন আত্মনিৰ্ভৰতা অভিযানে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখেৰে তেখেতে সমগ্ৰ দেশৰ কৃষকসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

পটভূমি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ অক্টোবৰৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক বিশেষ কৃষি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে কৃষকসকলৰ সৈতে মত-বিনিময় কৰে আৰু তাৰ পিছত ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে সমবেতসকলক সম্বোধন কৰে।

এই কাৰ্য্যসূচীয়ে কৃষকৰ কল্যাণ সাধন, কৃষি আত্মনিৰ্ভৰতা আৰু গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিক সুদৃঢ়কৰণৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ অবিৰত দায়বদ্ধতাতে আলোকপাত কৰিছে। ইয়াত আধুনিক কৃষি পদ্ধতিৰ প্ৰসাৰ, কৃষকক সহায় কৰা আৰু কৃষককেন্দ্ৰিক পদক্ষেপত উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপনত গুৰুত্ব আৰোপ কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি খণ্ডত দুই প্ৰধান আঁচনিৰ শুভাৰম্ভ কৰে। ইয়াৰ মুঠ ব্যয় ৩৫,৪৪০ কোটি টকা। তেখেতে ২৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ শুভাৰম্ভ কৰে। ইয়াৰ উদ্দেশ্য হৈছে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা, শস্যৰ বৈচিত্ৰ্যতা আৰু বহনক্ষম কৃষি পদ্ধতিৰ অভিযোজনা বৃদ্ধি কৰা, পঞ্চায়ত আৰু ব্লক পৰ্য্যায়ত শস্য চপোৱাৰ পিছৰ মজুতকৰণ বৃদ্ধি কৰা, জলসিঞ্চনৰ সুবিধা উন্নত কৰা আৰু নিৰ্বাচিত ১০০ খন জিলাত দীৰ্ঘম্যাদী তথা হ্ৰস্বম্যাদী ঋণৰ উপলব্ধতা সহজ কৰি তোলা।

 

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ১১,৪৪০ কোটি টকা ব্যয় সাপেক্ষে দলহন আত্মনিৰ্ভৰতা মিছনৰ শুভাৰম্ভ কৰে। ইয়াৰ লক্ষ্য হৈছে মাহজাতীয় শস্যৰ উৎপাদনশীলতাৰ স্তৰ উন্নত কৰা, মাহ খেতিৰ অধীনস্থ অঞ্চলৰ সম্প্ৰসাৰণ, মূল্য শৃংখলক সবলীকৰণ – ক্ৰয়, সংৰক্ষণ, সংসাধন, লগতে লোকচান হ্ৰাস কৰাটো নিশ্চিত কৰা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডত ৫,৪৫০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহো উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰাৰ লগতে প্ৰায় ৮১৫ কোটি টকা মূল্যৰ অতিৰিক্ত প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছেঃ বেংগালুৰুত আৰু জম্মু-কাশ্মীৰত কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ কেন্দ্ৰ; আমৰেলী আৰু বানাছত চেন্টাৰ অৱ এক্সেলেন্স; ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত অসমত আইভিএফ লেব স্থাপন; মেহছানা, ইন্দোৰ আৰু ভিলৱাৰাত মিল্ক পাউডাৰ প্ৰকল্প; অসমৰ তেজপুৰত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ফিছ ফিড প্ৰকল্প; কৃষি-সংসাধন ক্লাষ্টাৰৰ বাবে আন্তঃগাঁথনি, সংহত শীতল শৃংখল আৰু মূল্য সংযোজন আন্তঃগাঁথনি আদি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহ হৈছেঃ অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণত সংহত শীতল শৃংখল আৰু মূল্য সংযোজন আন্তঃগাঁথনি (বিকিৰণ); উত্তৰাখণ্ডত ট্ৰাউট মীনপালন; নাগালেণ্ডত সংহত একুৱা পাৰ্ক; পুডুচেৰীৰ কাৰাইকালত স্মাৰ্ট এণ্ড ইন্টিগ্ৰেটেড ফিছিং হাৰ্বাৰ; ওড়িশাৰ হিৰাকুডত অত্যাধুনিক সংহত একুৱাপাৰ্ক আদি।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযানৰ অধীনত প্ৰমাণিত কৃষক, মৈত্ৰী টেকনিচিয়ান আৰু প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (PMKSK) আৰু সাধাৰণ সেৱা কেন্দ্ৰ (CSC)-লৈ ৰূপান্তৰিত প্ৰাথমিক কৃষি সমবায় ঋণ সমিতি (PACS)-সমূহক প্ৰমাণ পত্ৰ বিতৰণ কৰে।

 

এই কাৰ্য্যসূচীতে ১০,০০০ এফপিঅ’ত ৫০ লাখ কৃষক অন্তৰ্ভুক্ত হয়। ইয়াৰে ১,১০০ টা এফপিঅ’ই ২০২৪-২৫ ত ১ কোটিৰো অধিক টকাৰ বাৰ্ষিক লেনদেন কৰিছে। আন-আন সাফল্যসমূহৰ ভিতৰত আছে নেচনেল মিছন ফৰ নেচাৰেল ফাৰ্মিঙৰ অধীনত ৫০,০০০ কৃষকক প্ৰমাণপত্ৰ প্ৰদান; ৩৮,০০০ মৈত্ৰী (ভাৰতৰ গ্ৰামাঞ্চলৰ বহু-মুখী এআই টেকনিচিয়ান)-ৰ প্ৰমাণপত্ৰ; কম্পিউটাৰাইজেচনৰ বাবে ১০,০০০-ৰো অধিক বহু-মুখী আৰু ই-পেকছত অনুমোদন আৰু ইয়াৰ কাৰ্য্যকৰীকৰণ আৰু পেকছ, দুগ্ধ তথা মীন সমবায় সমিতি গঠন আৰু সুদৃঢ়কৰণ। ১০,০০০-ৰো অধিক পেকছে প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (PMKSK) আৰু সাধাৰণ সেৱা কেন্দ্ৰ (CSC) হিচাপে কাম কৰিবলৈ নিজৰ কাৰ্য্যকলাপৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছে।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মাহ খেতিত নিয়োজিত কৃষকসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁলোক কৃষি, পশুপালন আৰু মীন ক্ষেত্ৰত মূল্য শৃংখল-ভিত্তিক পদ্ধতি গ্ৰহণৰ লক্ষ্যৰে ভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে। কৃষক উৎপাদক সংস্থা (FPO)-ৰ সদস্যপদ আৰু কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত সহায়ৰ পৰাও এই কৃষকসকল উপকৃত হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 44,544 crore capex loans to states so far in FY27

Media Coverage

Centre releases Rs 44,544 crore capex loans to states so far in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"