মহামহিম প্ৰধানমন্ত্ৰী মেলোনি,

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ পৰা বন্ধুসকল,

নমস্কাৰ!

বনজোনো!

মোক আৰু মোৰ প্ৰতিনিধি দলটোক কৰা আদৰণিৰ বাবে মই প্ৰধানমন্ত্ৰী মেলোনিক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ৰোমক বিশ্বজুৰি ‘চিৰন্তন চহৰ’ বুলি জনা যায়। ভাৰতবৰ্ষত মোৰ লোকসভা সমষ্টি—কাশী—ইয়াকো কোনো প্ৰাচীন আৰু চিৰন্তন নগৰ হিচাপে গণ্য কৰা হয়। দুটা সভ্যতা লগ হ’লে সংলাপ কেৱল আঁচনিৰ  মাজতে সীমাবদ্ধ নাথাকে; বৰঞ্চ ই ঐতিহাসিক গভীৰতাৰ সংগম, ভৱিষ্যতৰ দৃষ্টিভংগী আৰু বন্ধুত্বৰ স্বাভাৱিক সহজতাক প্ৰতিফলিত কৰে।

 

বন্ধুসকল,

যোৱা চাৰে  তিনি বছৰমানৰ পৰা প্ৰধানমন্ত্ৰী মেলোনিক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছো। ইয়াৰ দ্বাৰা ভাৰত আৰু ইটালীৰ মাজত যি ঘনিষ্ঠ সহযোগিতা আৰু সম্প্ৰীতি আছে সেই কথা প্ৰতিফলিত হৈছে। তেওঁৰ  নেতৃত্বত আমাৰ সম্পৰ্কই নতুন গতি লাভ কৰিছে, নতুন দিশ লাভ কৰিছে আৰু আত্মবিশ্বাস নবীকৰণ কৰিছে। মই আনন্দিত যে, আমি আমাৰ সম্পৰ্ক উন্নীত কৰাৰ লগে লগে আমি ‘বিশেষ কৌশলগত অংশীদাৰিত্ব’ ঘোষণা কৰিছো।

বন্ধুসকল,

আজি আমাৰ বৈঠকৰ সময়ত আমি আমাৰ ভৱিষ্যতৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত বিতং আলোচনা কৰোঁ। ভাৰত-ইটালী যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা ২০২৫-২৯ আমাৰ অংশীদাৰিত্বৰ বাবে এক ব্যৱহাৰিক আৰু ভৱিষ্যতৰ কাঠামো প্ৰদান কৰে। আমি এই পথত সময় নিৰ্ধাৰিতভাৱে আগবাঢ়িছো। আমাৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ইউৰোৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে।

বৰ্তমান ভাৰতত থকা ৮০০ৰো অধিক ইটালীয় কোম্পানী ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ সক্ৰিয় অংশীদাৰ হৈ পৰিছে। আজি অনুষ্ঠিত হোৱা ব্যৱসায়িক মঞ্চই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলৰ মাজত নতুনকৈ পোৱা উৎসাহ, আত্মবিশ্বাস আৰু উচ্চাকাংক্ষা আছে। ইটালী নিজৰ ডিজাইন আৰু নিখুঁততাৰ বাবে বিশ্বজুৰি বিখ্যাত।

ভাৰতক পৰিসৰ, প্ৰতিভা, আৰু সুলভ মূল্যৰ উদ্ভাৱনৰ শক্তিশালী স্থান হিচাপে স্বীকৃতি দিয়া হৈছে। গতিকে আমি এই নীতিৰ ওপৰত ভিত্তি কৰি আগবাঢ়িম: "ভাৰত আৰু ইটালীত ডিজাইন আৰু বিকাশ, আৰু বিশ্বৰ বাবে ডেলিভাৰী কৰা।" ফেশ্বনৰ পৰা ফিনটেকলৈকে, চামৰাৰ পৰা লজিষ্টিকলৈকে, আৰু গতিশীলতাৰ পৰা উৎপাদনলৈকে—প্ৰতিটো খণ্ডতে—আমি নিজৰ নিজৰ শক্তিক একত্ৰিত কৰি সকলো মানৱতাৰ কল্যাণৰ বাবে কাম কৰিম।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফ টি এৰ সামৰণিৰ দিশত ইটালীয়ে আগবঢ়োৱা সহায়ৰ বাবে মই প্ৰধানমন্ত্ৰী মেলনীক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি একেলগে ইয়াৰ সম্ভৱপৰ আগতীয়া ৰূপায়ণৰ দিশত কাম কৰিম যাতে আমাৰ ব্যৱসায়িক সম্প্ৰদায়সমূহে ইয়াৰ পৰা সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰে।

বন্ধুসকল,

প্ৰযুক্তি আৰু উদ্ভাৱনে আমাৰ অংশীদাৰিত্বৰ ইঞ্জিন হিচাপে কাম কৰে। এআই, কোৱাণ্টাম কম্পিউটিং, মহাকাশ, আৰু অসামৰিক পাৰমাণৱিক শক্তিৰ দৰে খণ্ডত সহযোগিতাৰ অপৰিসীম সম্ভাৱনা আছে। আমি দুয়োখন দেশৰ ষ্টাৰ্টআপ, গৱেষণা কেন্দ্ৰ, আৰু উদ্যোগসমূহক সংযোগ কৰিবলৈ ভাৰত-ইটালী উদ্ভাৱন কেন্দ্ৰ স্থাপনৰ কাম কৰি আছো।

 

বন্ধুসকল,

 

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা আমাৰ গভীৰ পাৰস্পৰিক বিশ্বাসৰ প্ৰমাণ। কেৱল আমাৰ সশস্ত্ৰ বাহিনীৰ মাজতে নহয়, দুয়োটা জাতিৰ প্ৰতিৰক্ষা উদ্যোগৰ মাজতো সহযোগিতা বৃদ্ধি পাইছে। আমাৰ প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপে সহ-উন্নয়ন আৰু সহ-উৎপাদনৰ পথ প্ৰশস্ত কৰিছে।

 

সামুদ্ৰিক শক্তি হিচাপে সংযোগৰ ক্ষেত্ৰত ভাৰত আৰু ইটালীৰ মাজত ঘনিষ্ঠ সহযোগিতা স্বাভাৱিকভাৱে চলি আছে। আমি একেলগে জাহাজ চলোৱা, বন্দৰ আধুনিকীকৰণ, লজিষ্টিক, আৰু নীলা অৰ্থনীতিৰ বিষয়ত কাম কৰিম।

আমি আমাৰ উইন-উইন অংশীদাৰিত্ব তৃতীয় দেশলৈ সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰিলোঁ। এই দিশত আগবাঢ়ি আমি আফ্ৰিকাত কংক্ৰিট প্ৰকল্পত কাম কৰিবলৈ সন্মত হ’লোঁ।

 

বন্ধুসকল,

 

ভাৰত আৰু ইটালী এই মতত উপনীত হৈছে যে সন্ত্ৰাসবাদে মানৱতাৰ বাবে এক ভয়াৱহ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে আমাৰ যৌথ পদক্ষেপে সমগ্ৰ বিশ্বৰ বাবে এক উল্লেখযোগ্য আদৰ্শ দাঙি ধৰিছে। ভাৰত আৰু ইটালীয়ে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে দায়িত্বশীল গণতন্ত্ৰই কেৱল সন্ত্ৰাসবাদক নিন্দা নকৰে; ইয়াৰ বিত্তীয় নেটৱৰ্কসমূহ ভাঙি পেলোৱাৰ বাবেও তেওঁলোকে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰে। ইউক্ৰেইন, পশ্চিম এছিয়া আৰু অন্যান্য উত্তেজনাপূৰ্ণ অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভত আমি অহৰহ যোগাযোগত আছো। ভাৰতৰ স্থিতি স্পষ্ট: আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো সমস্যা সমাধান কৰিব লাগিব।

 

বন্ধুসকল,

 

আমাৰ ঐতিহাসিক সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কৰ আভাস দুয়োখন দেশতে প্ৰতিটো খোজতে দেখা যায়। ইটালীত ভাৰতীয় শিল্প, যোগ, আয়ুৰ্বেদ, খাদ্যৰ প্ৰতি আকৰ্ষণ বাঢ়িছে। সংস্কৃত আৰু লেটিন আদি প্ৰাচীন ভাষা একে ভাষিক পৰিয়ালৰ অন্তৰ্গত। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে আমাৰ সম্পৰ্ক কেৱল কূটনীতিৰ নহয়, বৰঞ্চ এক ভাগ-বাটোৱাৰা কৰা ঐতিহ্যৰ।

অহা বছৰ ভাৰত আৰু ইটালীৰ সম্পৰ্কৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে ‘সংস্কৃতিৰ বছৰ’ উদযাপন কৰা হ’ব। ইয়াৰ দ্বাৰা আমাৰ সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব। ইটালীত বাস কৰা ভাৰতীয় মূলৰ বৃহৎ সম্প্ৰদায়টোৱে আমাৰ সম্পৰ্কত এক সজীৱ যোগসূত্ৰ হিচাপে কাম কৰে। প্ৰধানমন্ত্ৰী মেলনী আৰু ইটালীৰ জনসাধাৰণক তেওঁলোকৰ প্ৰতি আগবঢ়োৱা যত্ন আৰু সমৰ্থনৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

 

তিনি বছৰ পূৰ্বে সম্পাদিত প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিয়ে আমাৰ দুয়োখন দেশৰ মাজত মানুহৰ চলাচল বৃদ্ধি কৰাত সহায় কৰিছে।

 

মহামহিম,

 

আজিৰ অতি সুন্দৰ  সাক্ষাতৰ বাবে আৰু আপোনাৰ বন্ধুত্বৰ বাবে আপোনালোকৰ প্ৰতি পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ আপোনালোকলৈ, আকৌ এবাৰ, ভাৰত ভ্ৰমণৰ বাবে এক উষ্ম আমন্ত্ৰণ জনাইছো।

আপোনালোকক অশেষ ধন্যবাদ।

 

গ্ৰেজিয়া মিলে!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 আগষ্ট 2026
August 18, 2026

PM Modi’s 12 Years of Structural Power: Manufacturing, FTAs, Airports & Uncompromising Security