১৮,১০০ কোটিৰো অধিক টকাৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
গংগা নদীত ছয় লেন দলঙৰ আধাৰশিলা স্থাপন
বিহাৰত তিনিটা ৰে'লৱে প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে বাবে
বিহাৰত নমামি গংগেৰ অধীনত প্ৰায় ২,১৯০ কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰা ১২টা প্ৰকল্প উদ্বোধন কৰে
পাটনাত ইউনিটি মলৰ আধাৰশিলা স্থাপন
"বিহাৰৰ গৌৰৱ শ্ৰী কাৰ্পুৰী ঠাকুৰে ভাৰত ৰত্ন পোৱাটো সমগ্ৰ বিহাৰৰ গৌৰৱ"
"আমাৰ চৰকাৰ দেশৰ প্ৰতিজন দৰিদ্ৰ, জনজাতীয়, দলিত আৰু বঞ্চিত ব্যক্তিৰ সামৰ্থ্য বৃদ্ধিৰ কামত নিয়োজিত হৈ আছে"
"বিহাৰৰ উন্নয়ন, শান্তি, বিহাৰত আইন-শৃংখলাৰ শাসন, বিহাৰৰ ভগ্নী-কন্যাৰ অধিকাৰ - এয়াই মোদীৰ গেৰাণ্টী"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, ৰে'লৱে আৰু নমামি গংগেৰ লগতে অন্যান্য খণ্ড। প্ৰধানমন্ত্ৰীয়ে ফটো গেলেৰীও পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে যি ঔৰংগাবাদে বহু স্বাধীনতা সংগ্ৰামী আৰু বিহাৰ বিভূতি শ্ৰীযুত অনুগ্ৰহ নাৰায়ণৰ দৰে মহান ব্যক্তিক জন্ম দিছে, আজি সেই ভূমিত বিহাৰৰ উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে। তেওঁ কয় যে আধুনিক বিহাৰৰ প্ৰতিফলন স্বৰূপ পথ আৰু ৰে’লকে ধৰি প্ৰায় ২১,৫০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে বা ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে। আমাছ-দৰভংগা চাৰিলেন কৰিডৰ, দনাপুৰ-বিহটা চাৰিলেন উচ্চ পথ আৰু পাটনা ৰিং ৰোডৰ শ্বেৰপুৰ-দিঘৱাৰা পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰি ৰাষ্ট্ৰক সমৰ্পিত কৰাও বৰ্তমান চৰকাৰৰ পৰিচিতি। নমামি গংগে কাৰ্যসূচীৰ অধীনত আৰা বাইপাছ ৰে'ল লাইন আৰু বাৰটা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “এয়া মোদীৰ গেৰাণ্টী”। প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ বিশেষকৈ ঔৰংগাবাদৰ জনসাধাৰণে বাৰাণসী-কলকাতা এক্সপ্ৰেছৱেৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে কাৰণ ইয়াৰ ফলত উত্তৰ প্ৰদেশ আৰু কলকাতালৈ যাতায়তৰ সময় হ্ৰাস পাব। প্ৰধানমন্ত্ৰীয়ে বৰ্তমান চৰকাৰৰ কৰ্মশৈলীৰ ওপৰত আলোকপাত কৰি আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে বিহাৰবাসীক অভিনন্দন জ্ঞাপন কৰে।

 

শেহতীয়াকৈ ভাৰতৰত্ন বঁটা লাভ কৰা জননায়ক কৰ্পুৰী ঠাকুৰক প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্পুৰী ঠাকুৰৰ এই সন্মান সমগ্ৰ বিহাৰৰ সন্মান। লগতে তেওঁ অযোধ্যা ধামৰ শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কথা উল্লেখ কৰি কয় যে এতিয়া মাতা সীতাৰ ভূমিলৈ অহাটো অতি সুখৰ বিষয়। প্ৰাণ প্ৰতিষ্ঠাত বিহাৰৰ জনসাধাৰণৰ বিপুল উৎসাহ আৰু আনন্দময় অংশগ্ৰহণৰ কথাও উল্লেখ কৰে।

ৰাজ্যত ডাবল ইঞ্জিন চৰকাৰ পুনৰুদ্ধাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিহাৰ উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰি পৰিছে। প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ বংশবাদী ৰাজনীতিক প্ৰান্তীয়কৰণৰ সন্দৰ্ভতো মন্তব্য কৰে।

উন্নয়নমূলক প্ৰকল্পসমূহৰ পৰিসৰলৈ আঙুলিয়াই প্ৰধানমন্ত্ৰীয়ে কয় যে ই ডাবল ইঞ্জিন চৰকাৰৰ অধীনত পৰিৱৰ্তনৰ গতিৰ ইংগিত দিয়ে। তেওঁ কয় যে এই পথ প্ৰকল্পই পাটনা, নালন্দা, জেহানাবাদ, গয়া, বৈশালী, সমস্তীপুৰ আৰু দৰভংগাৰ দৰে চহৰৰ ছবি সলনি কৰিব। একেদৰে বোধগয়া, বিষ্ণুপদ, ৰাজগীৰ, নালন্দা, বৈশালী আৰু পুৱাপুৰীও পৰ্যটনস্থলী। তেওঁ অৱগত কৰে যে আগন্তুক দৰভংগা বিমানবন্দৰ আৰু বিহটা বিমানবন্দৰকো এই পথ আন্তঃগাঁথনিৰ দ্বাৰা সংযোগ কৰা হ’ব।

 

বিহাৰৰ পৰ্যটন খণ্ডৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত আৰু অমৃত ভাৰতৰ দৰে আধুনিক ৰে’ল চলোৱাৰ লগতে অমৃত ভাৰত ষ্টেচনৰ উন্নয়নৰ কথা উল্লেখ কৰে। শ্ৰীযুত মোদীয়ে নাগৰিকৰ মাজত নিৰাপত্তাহীনতাৰ অনুভূতিৰ বাবে যুৱক-যুৱতীসকলৰ প্ৰবাসনৰ দিনবোৰৰ কথাও স্মৰণ কৰি আজিৰ যুগটোৰ ওপৰত আলোকপাত কৰে য’ত যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ হস্তশিল্পক প্ৰচাৰৰ বাবে প্ৰায় ২০০ কোটি টকাৰ ইউনিটি মলৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে আৰু কয় যে ই ৰাজ্যখনৰ বাবে এক নতুন দিশ আৰু ইতিবাচক চিন্তাৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিহাৰক পুৰণি সময়লৈ ঘূৰি যাবলৈ নিদিওঁ, এয়া এটা গেৰাণ্টী।

দৰিদ্ৰ, দলিত, পিছপৰা শ্ৰেণী, জনজাতীয় আৰু অভাৱগ্ৰস্ত লোকৰ ওপৰত চৰকাৰে বিশেষ গুৰুত্ব দিয়াৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ দৰিদ্ৰ লোকৰ বিকাশ হ’লেহে বিহাৰৰ বিকাশ হ’ব। তেওঁ কয় যে প্ৰায় ৯ কোটি হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ সুবিধা লৈছে। উজ্জ্বলা গেছ সংযোগৰ সুবিধা লাভ কৰিছে বিহাৰৰ ১ কোটি মহিলাই। ৯০ লাখ কৃষক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰী আৰু তেওঁলোকৰ একাউণ্টলৈ ২২ হাজাৰ কোটি টকা ট্ৰেন্সফাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৫ বছৰ আগলৈকে মাত্ৰ ২ শতাংশ ঘৰতহে টেপৰ পানী পোৱা গৈছিল যদিও এতিয়া ৯০ শতাংশতকৈ অধিক ঘৰত টেপৰ পানী পোৱা গৈছে। বিহাৰত ৮০ লাখ আয়ুষ্মান কাৰ্ডধাৰী। তেওঁ কয় যে উত্তৰ কোৱেল জলাশয় আঁচনি শীঘ্ৰে সম্পূৰ্ণ হ’ব, যাৰ ফলত বিহাৰ আৰু ঝাৰখণ্ডৰ ৪খন জিলাৰ ১ লাখ হেক্টৰ পামত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ উন্নয়ন, শান্তি, আইন-শৃংখলাৰ শাসন, আৰু বিহাৰৰ ভগ্নী-কন্যাৰ অধিকাৰ – এয়া মোদীৰ গেৰাণ্টী। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ চৰকাৰৰ তৃতীয় কাৰ্যকালত এই গেৰাণ্টীসমূহ পূৰণ কৰাৰ লগতে উন্নত বিহাৰ সৃষ্টিৰ দিশত কাম কৰাৰ আস্থা প্ৰকাশ কৰি ভাষণৰ সামৰণি মাৰে। প্ৰধানমন্ত্ৰীৰ অনুৰোধত তাত উপস্থিত লোকসকলে মোবাইলৰ ফ্লেছলাইট জ্বলাই এই উন্নয়নৰ উদযাপন কৰে।

এই উপলক্ষে বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ ভি আৰ্লেকাৰ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় কুমাৰ সিনহাকে ধৰি সংসদ সদস্য, বিধানসভাৰ সদস্য আৰু বিহাৰ চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত থাকে।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে ১৮,১০০ কোটিৰো অধিক টকাৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে ২২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৬৩.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ জয়নগৰ-নাৰহিয়া অংশ; ১৩১জি ৰাষ্ট্ৰীয় ঘাইপথত কানহাউলীৰ পৰা ৰামনগৰলৈকে পাটনা ৰিং ৰোডৰ ছয় লেনযুক্ত অংশ; কিষানগঞ্জ চহৰত বৰ্তমানৰ উৰণীয়া সেতুৰ সমান্তৰালকৈ ৩.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন উৰণীয়া সেতু; ইয়াৰ ভিতৰত ৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাখতিয়াৰপুৰ-ৰাজাউলীৰ চাৰিলেনিং আৰু ৩১৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰা-পৰিয়া অংশৰ চাৰিলেনিং অন্তৰ্ভুক্ত।

 

প্ৰধানমন্ত্ৰীয়ে আমাছৰ পৰা শিৱৰামপুৰ গাঁৱলৈ ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেন প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকে ধৰি ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে; শিৱৰামপুৰৰ পৰা ৰামনগৰলৈ ৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ৰাষ্ট্ৰীয় ঘাইপথ; কল্যাণপুৰ গাঁৱৰ পৰা বলভদৰপুৰ গাঁৱলৈকে ৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ৰাষ্ট্ৰীয় ঘাইপথ; বলভদৰপুৰৰ পৰা বেলা নৱাদালৈ ৪২ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ৰাষ্ট্ৰীয় ঘাইপথ; ইয়াৰ ভিতৰত দনাপুৰ-বিহটা অংশৰ পৰা ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেন উচ্চ কৰিড’ৰ আৰু বিহটা-কইলৱাৰ অংশ বৰ্তমানৰ দুই লেনৰ পৰা চাৰি লেনযুক্ত কেৰেজৱেলৈ উন্নীতকৰণ। এই পথ প্ৰকল্পসমূহে সংযোগৰ উন্নতি সাধন কৰিব, যাত্ৰাৰ সময় হ্ৰাস কৰিব, পৰ্যটন আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি কৰিব।

পাটনা ৰিং ৰোডৰ অংশ হিচাপে গঢ়ি তোলা গংগা নদীৰ ওপৰত ছয় লেনযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এই দলংখন দেশৰ অন্যতম দীঘলীয়া নদী দলং হ’ব। এই প্ৰকল্পৰ জৰিয়তে পাটনা চহৰত যান-জঁটৰ সমস্যা হ্ৰাস পোৱাৰ লগতে বিহাৰৰ উত্তৰ আৰু দক্ষিণ অংশৰ মাজত দ্ৰুত আৰু উন্নত সংযোগৰ ব্যৱস্থা কৰা হ’ব, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়ন হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে বিহাৰত নমামি গংগে আঁচনিৰ অধীনত প্ৰায় ২,১৯০ কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰা বাৰটা প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ছাইদপুৰ আৰু পাহাৰীত নলা পৰিশোধন প্লাণ্ট; ছাইদপুৰ, বেউৰ, পাহাৰী জ’ন আইভিএৰ বাবে নলা-নৰ্দমাৰ নেটৱৰ্ক; কৰ্মলীচাকত নলা নেটৱৰ্কৰ সৈতে নলা ব্যৱস্থা; পাহাৰীয়া মণ্ডল ভিত বড়, ছাপৰা, নৌগাছি, চুলতানগঞ্জ আৰু সোণপুৰ চহৰৰ নলা আঁচনি আৰু ইন্টাৰচেপচন, ডাইভাৰচন আৰু নলা পৰিশোধন প্লাণ্ট অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰকল্পসমূহে বহু ঠাইত বর্জ্য পানী গংগা নদীত এৰি দিয়াৰ আগতে পৰিশোধন কৰাটো নিশ্চিত কৰে, যাৰ ফলত নদীখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি পায় আৰু অঞ্চলটোৰ জনসাধাৰণ উপকৃত হয়৷

প্ৰধানমন্ত্ৰীয়ে পাটনাত ইউনিটি মলৰ আধাৰশিলা স্থাপন কৰে। ২০০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই মলটোক আন্তঃৰাষ্ট্ৰীয় ডিজাইন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰা অত্যাধুনিক সুবিধা হিচাপে কল্পনা কৰা হৈছে। এই মলটো আৰামদায়ক আৰু নান্দনিকভাৱে মনোমোহা কৰি তোলা হ’ব। এই মলটোত সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত প্ৰদেশ আৰু বিহাৰৰ জিলাসমূহৰ বাবে সমৰ্পিত স্থান প্ৰদান কৰা হ'ব, য'ত তেওঁলোকে নিজৰ অনন্য সামগ্ৰী আৰু কাৰুকাৰ্য্য প্ৰদৰ্শনৰ কৰিব পাৰিব। এই মলটোত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ৩৬টা ডাঙৰ ষ্টল আৰু বিহাৰৰ প্ৰতিখন জিলাৰ বাবে ৩৮টা সৰু ষ্টল থাকিব। এই ইউনিটি মলত বিহাৰকে ধৰি সমগ্ৰ ভাৰতৰ স্থানীয় উৎপাদন আৰু এক জিলা এক সামগ্ৰী, ভৌগোলিক সূচক (জিআই) সামগ্ৰী আৰু হস্তশিল্প সামগ্ৰীৰ প্ৰচাৰ কৰা হ’ব। এই প্ৰকল্পই নিয়োগ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন আৰু ৰাজ্যৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য আৰ্থ-সামাজিক সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ তিনিটা ৰে’ল প্ৰকল্পও ৰাষ্ট্ৰক সমৰ্পিত কৰে। ইয়াৰ ভিতৰত আছে পাটলিপুত্ৰৰ পৰা পহলেজালৈ ৰে'লপথ দুগুণ কৰা; বান্ধুৱা-পাইমাৰৰ মাজত ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে'লপথৰ উন্নয়ন আৰু গয়াত এটা মেমু (MEMU) ছেড নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে আৰা বাইপাছ ৰে'ল লাইনৰো আধাৰশিলাও স্থাপন কৰে। এই ৰে’ল প্ৰকল্পসমূহে ৰে’ল সংযোগ উন্নত কৰিব, ৰে’লৰ লাইন ক্ষমতা আৰু গতিশীলতা উন্নত কৰিব আৰু অঞ্চলটোৰ ঔদ্যোগিক উন্নয়নক প্ৰসাৰিত কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire mishap in Delhi’s Shahdara district
May 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to a fire mishap in Delhi’s Shahdara district.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"