প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ‘ফ্ৰেডী’ ঘূৰ্ণীবতাহৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
এক ‘টুইট’যোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ‘ফ্ৰেডী’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধ্বংসযজ্ঞত বাৰুকৈয়ে ব্যথিত। ৰাষ্ট্ৰপতি @LAZARUSCHAKWERA, ৰাষ্ট্ৰপতি ফিলিপ নিউচি আৰু ৰাষ্ট্ৰপতি @SE_Rajoelina, শোকসন্তপ্ত পৰিয়াল আৰু ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত লোকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। এই কঠিন সময়ত ভাৰত আপোনালোকৰ সমভাগী হৈছে।"
মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ‘ফ্ৰেডী’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধ্বংসযজ্ঞৰ বাবে দুখিত।
Distressed by the devastation due to Cyclone Freddy in Malawi, Mozambique and Madagascar. Condolences to President @LAZARUSCHAKWERA, President Filipe Nyusi and President @SE_Rajoelina, bereaved families and those affected by the cyclone. India stands with you in this tough time.
— Narendra Modi (@narendramodi) March 15, 2023


